প্লেটফৰ্ম

ৰাজদ্বীপ বৰগোহাঁই

উজনিমুৱা জনশতাব্দী খন খন্তেক সময়ৰ পিছতেই ১নং প্লেটফৰ্ম আহি পাব।
‘দিলৱালে দুলহনিয়া’ত কোৱাৰ দৰে, পলট..পলট…পলট….!
নাই নুশুনে, আকৌ চিঞৰিব লাগিব!
 কিমান আৰু ‘ জান ঐ জান, জান ঐ জান, তোমাকটো বুজাই টান ‘ ধৰণৰ পেনপেনীয়া প্ৰেম গাঁথা বিলাক চাম। মনে নতুনত্ব সকলোৰে কাম্য, সেয়ে হয়তো কবিয়ে লিখিছে,
‘ অতীতক নাযাবা পাহৰি… ‘
‘ নতুনক লোৱা হে আদৰি…’
সেই নতুনক আদৰিবলৈ গৈ, হকে- বিহকে কিমান আৰু ‘ অংগ লগালে ৰে, মোহে অংগ লগালে ৰে…’ চায়ো ভাল নালাগে দিয়কচোন ( ? ) । অৱশ্যে সেয়া পৰিচালকৰ ৰুচিৰ ওপৰত বহু পৰিমানে নিৰ্ভৰশীল। যদি কোটিৰ ঘৰত খেলা, পইচা সৰ্বোচ্চ বুলি ভৱা ব্যৱসায়ীয়ে,  বৃহৎ পৰিমাণৰ অৰ্থ খটুৱায়, তেন্তে তেনেকুৱা বোলছবিৰ পৰা আৰু নো কি আশা কৰিব পাৰি?? কিন্তু তাৰ বিৰূপ প্ৰতিক্ৰিয়া দৰ্শক আৰু বোলছবিৰ ধাৰাটোৰ ওপৰত যে পৰে সেয়া নিশ্চিত।
শৰীৰৰ খেল নেদেখুৱালেও বৃহৎ সফলতা লাভ কৰিব পাৰি আৰু প্ৰকৃতাৰ্থত ডেকা – ডেকেৰী, বুঢ়া – বুঢ়ী সকলোৱে ভাল পোৱা বোলছবি এখন নিৰ্মান কৰিব পাৰি তাৰ প্ৰমাণৰ ফলশ্ৰুতি বুলি মোৰ মনে ধৰে, ইমটিয়াজ আলিৰ সেই বোলছবি খন…
সৰুতে পদ্য এটা পঢ়িছিলোঁ,
‘ ৰেল গাড়ী যায়…
লামডিং, ফৰকাটিং, গুৱাহাটী পায়।’
মুখত জুই দিলেও নোপোৰা বুলি সুনাম এটা থকা মই,   সকলোৰে লগত কাজিয়া কৰোঁ, প্ৰথমে লামডিং পায়, তাৰ পিছত হে ৰেলখন ফৰকাটিং পায়গৈ, নাই! ডাঙৰ বোৰে শুধৰাই দিলেও মানি নলও, পিছত যেনিবা গুৱাহাটীৰ পল্টন বজাৰ ষ্টেচনৰ পৰা প্ৰায় ডিফুলৈ ৰাতিপুৱা উজনিমুৱা জনশতাব্দীত আহিব লগা হোৱাত হে বুজি পালোঁ, যে লামডিং-অৰ পিছতো বহু কেইটা সৰু বৰ ষ্টেচন পাৰ হৈ হে ফৰকাটিং পায়গৈ।
জীৱনটো যেন ৰেলযাত্ৰাৰ দৰেই অন্তহীন যাত্ৰা,
‘গুৱাহাটী… চাপৰমুখ… লামডিং… ডিফু…
ইমটিয়াজ আলিৰ বোলছবিখন!
তেওঁ যায় পূবলৈ – তাই পশ্চিমলৈ!
ছবি খনত ইমটিয়াজ আলিৰ নিখুঁত বৰ্ণনা!, হোষ্টেলৰ পৰা ঘৰলৈ যোৱা ছোৱালীজনীয়ে দৌৰি দৌৰি ট্ৰেইন ধৰিছে, নাম  ‘ গীত ‘, তাই যাত্ৰা কৰিছে পঞ্জাৱৰ ভটিন্দা লৈ। অবিৰত কথা কৈ ভাল পোৱা ছোৱালী জনীয়ে নিমিষতে সকলোৰে মন মোহিত কৰি পেলাব পাৰে, পিছে  ‘ য়ে চব মোহ মায়া ‘ টাইপৰ  attitude এটা দি থকা frustrated নায়ক আদিত্যৰ, এই অচিনাকী ছোৱালীজনীৰ অবিৰত ভাৱে কৈ থকা কথাবোৰ শুনি শুনি, জীৱনৰ প্ৰতি খঙ – ৰাগবোৰ দুগুণে চৰে। বোলছবি খনৰ নায়ক – নায়িকাৰ চৰিত্ৰ সমূহ ঠিক তোমাৰ – আমাৰ মাজৰ পৰায়ে বুটলি লোৱা হয়, ন’হলেনো প্ৰয়ভাগ মানুহৰ ঘৰত দেখা গিৰিহঁত- গিৰীহঁতনী হালৰ দৰে সাইলাখ বিপৰীতমূখী হ’ব লাগেনে??  পিছে হাজাৰ বিপৰীতমূখী হ’লেও, ‘আনক দেখুৱাই কেটেৰাই মাতিবা, ভিতৰি নেৰিবা লেথা’ ৰ দৰে কথা।
‘ আকৰ্ষণ – বিকৰ্ষণৰ নামেই হ’ল জীৱন ‘!
জীৱনৰ প্ৰতি-নায়ক জনে ক’ব নোৱাৰাকৈয়ে নামি পৰে ৰতলামৰ এটা অন্ধকাৰ ষ্টেচনত, ইফালে নিজৰ লগতে কথা পাতি পাতি টোপনি যোৱা নায়িকাই হঠাৎ সাৰ পাই দেখে যে তেওঁৰ সহযাত্ৰী জন ট্ৰেইনৰ পৰা নামি গৈছে, সেয়ে তেওঁক চিঞৰি চিঞৰি, আপোনভোলা ছোৱালীজনী ট্ৰেইনখনৰ পৰা নামি দিয়ে। হঠাৎ ট্ৰেইনখনে সেই অন্ধকাৰ ষ্টেচনটোৰ পৰা উকিয়াই উকিয়াই চলিবলৈ ধৰে, আনক সহায় কৰিবলৈ যোৱা সেই চিৰ চঞ্চল ছোৱালী জনীক বিপদত পেলাই ট্ৰেইন খনে ঢাপলি মেলে…!
Life unpredictable…!
মানে সূক্ষ্ম ভাৱে চালে আমাৰ জীৱন বোৰতো সেই একেই ‘বেবেৰি- বাং’ খন হৈ থকা নাইনে??
মানে বিপদত পৰা কাৰোবাক দেখিলে খন্তেকলৈ হলেও নিজৰ পৰ্বত সম-সমস্যা বোৰ পাহৰি, আপোন পহৰা হৈ পৰো আনৰ সমস্যা সমূহ সমাধান কৰাত, বোধহয় তেনে এক মানসিকতা লৈয়ে ‘ গীত ‘ নামি গৈছিল, সেই অচিনাকি ল’ৰা জনক ট্ৰেইন খনলৈ ঘূৰাই আনিবলৈ। ঠিক যিদৰে, কোনোবা ভোকত থকা লোকৰ ভোকাতুৰ দৰিদ্ৰ ৰূপটো দেখি মন বোৰ ব্যাকুল হৈ উঠে আৰু সামৰ্থহীন হৈয়ো, কিবা অলপ দিবলৈ আগবাঢ়ি যাওঁ। আনক সহায় কৰিবলৈ ব্যাকুল হৈ উঠা মনবোৰেই বোধ হয়, মানৱতাৰ জয়গানৰ প্ৰকাশ।
মানৱতাৰ জয়গান অব্যাহত থাকক…
এটা জয়াল ট্ৰেইন ষ্টেচন, লাহে লাহে কমি অহা মানুহ বোৰ, অলপ দূৰত ৰৈ আছে অট’আস্থানটো আৰু লগতে দেহ বিক্ৰী কৰি জীয়াই থকা দেহোপজীৱিনী বোৰ। মেদ বহুল, মূৰত সুগন্ধি গজৰা পিন্ধি, পাণ চোবাই চোবাই , গ্ৰাহকৰ আশাত ৰৈ থকা দেহোপজীৱিনী বোৰ।
সেয়াও এক বিচিত্ৰ জীৱন….!
” পেটৰ ভোক নিবাৰণৰ কাৰণে শৰীৰৰ ভোক বিক্ৰীৰ অদ্ভুত খেলা। “
গীতে আন্ধাৰ গলিত লগ পায় জীৱনৰ ৰঙবোৰ হেৰাই যোৱা ‘Angry young man’ আদিত্যক। আদিত্যই নিজৰ দায়িত্ব বুজি গীতক লৈ ভটিন্দাত উপস্থিত হয়। কথাটো সিমান খিনিলৈকে ঠিকেই আছিল, কিন্তু গীতে পুনৰবাৰ ঘৰৰ পৰা তাইৰ প্ৰেমিকৰ ওচৰলৈ পলাই যোৱাৰ বুদ্ধি পাঙে আৰু শেষত সফলো হয় নিজৰ মিছনত, কিন্তু তাইৰ প্ৰেমিকে তাইক আঁকোৱালি নলয়। কাহিনীটো ঠিক এনেদৰেই আগবাঢ়ি শেষত গীতে অনুভৱ কৰে, আদিত্যৰ তাইৰ প্ৰতি থকা প্ৰকৃত প্ৰেম।
প্ৰথম কথা, ছবিখনত প্লেটফৰ্মবোৰৰ সাংঘাটিক সুন্দৰ দৃশ্যায়ন, ৰাতি নিজম পৰি থকা ষ্টেচন বোৰ, মাজে মাজে দুই এখন ট্ৰেইনৰ নিৰৱতা ভংগ কৰা চিঞৰ, আকৌ নিৰৱতা। সঁচাকৈ, ষ্টেচনৰ নিশা বোৰৰ কিবা মদকতা আছে।
ঠিক সেইদৰে সন্মুখ ভাগটো মিশ্ৰিত এটা ভিৰ দেখা যায়, পুৰি- তৰকাৰীৰ গোন্ধ এটা বিয়পাই, মাজৰাতি জীৱন – সংগ্ৰাম কৰি থাকে, সৰু সৰু দোকান বোৰৰ বেপাৰী সকলে, মাজে মাজে ৰেডিঅ’ত ভাঁহি আহে, ‘কজৰাৰে, কজৰাৰে, তেৰে কালে কালে নেইনা’। সেইদৰে সেই সৰু সৰু দোকান বোৰৰ পৰা অলপ দূৰত অৱস্থান কৰে, পাউদাৰ সানি, যিমান পাৰে সিমান বগা হ’বলৈ যত্ন কৰা, ফুলমতী বাই বোৰ । মুখত অশ্লীল গালি- গালাজ লৈ গ্ৰাহকৰ লগত দৰ- দাম কৰি নিজক বিক্ৰী কৰাৰ অঘোষিত যুদ্ধ কৰে। সেইদৰে ট্ৰেইনখন এটা ষ্টেছন এৰি আন এটা ষ্টেচনলৈ আগবাঢ়ি গৈ থাকে।
কেতিয়াবা ভাৱো, সদায় নতুন নতুন variety ৰ সন্ধানত থকা আমিবোৰে, ভাবিছোনে যে পেটৰ ভাত মুঠিৰ কাৰণে, দিন – ৰাতি একাকাৰ কৰি সৰু সৰু মানুহ বোৰে কৰা অবিৰত সংগ্ৰামৰ কথা? দেশৰ অৰ্থনীতিত এওঁলোকৰ কি অৱদান সেয়া নাজানো, কিন্তু সেয়া নিশ্চিত যে, ঘৰ এখনৰ প্ৰধান উপাৰ্জনকাৰী তেওঁলোকেই।
ছবিখনত দেখাৰ দৰেই, সমাজৰ সমস্ত ভাল – বেয়া বোৰ সামৰি আমাৰ জীৱনৰ ট্ৰেইন খনি আগবাহি যায়, মাজে মাজে দুই এটা ঝাত্কা দিয়ে, ঝাত্কা টো লাগিলে আগলৈ হাউলি পৰা যায়, হাউলি পৰিলে কিহবাৰ আশ্ৰয় লোৱা হয়, তাৰ পিছত পুনৰ ট্ৰেইন খন আগবাঢ়ি যায় নিজস্ব গতিত, সমস্ত পৃথিৱীৰ সেই একেই অৱস্থা, কি উন্নত দেশ! কি অনুন্নত দেশ !
তাৰপিছত আকৌ এটা এটাকৈ জীৱনৰ ষ্টেচন এৰি এৰি…
নিউ-কোচবিহাৰ..জলপাইগুৰি..কিষাণগঞ্জ… কাটিহাৰ…বাৰাউনি…পাটলিপুত্ৰ…
মানে আঁতৰৰ ৰৌ- বৰালি, ওচৰৰ পুঠি – খলিহনা!
আমি কৰি থকা সঁচৰাচৰ ভুলটোৱে, ছবিখনৰ নায়িকা জনীয়েও কৰিছিল, প্ৰতি  ক্ষেত্ৰত তাইক সহায় কৰি অহা ল’ৰা জনক দলিয়াই, নিৰ্দিষ্ট দূৰত্বত  অৱস্থান কৰা দূৰণিৰ প্ৰেমিকজনৰ পিছে পিছে দৌৰাদৌৰি কৰা সাংঘাটিক ভুলটো কৰি।
 সাংঘাটিক ভুল বুলি ক’লে মোক যে পক্ষপাতিত্ব (biased) ৰ দুখে চুব সেইয়া খাটাং। কিন্তু কিছুমান দেখি শুনি থকা, জীৱন্ত ঘটনাৰ আলম লৈয়ে এই কথা ক’লো….।
” আঁতৰৰ ৰৌ- বৰালি, ওচৰৰ পুঠি – খলিহনা “।
প্লেটফৰ্মত ৰৈ দূৰৈৰ পৰা তাইক চিঞৰি আছোঁ
” পলট… পলট… পলট….
নাই নুশুনে!!!
কেনেকৈ শুনিব???
কাণত Headphone ডাল লগাই থৈছে যে।
••••••••মহাবাহু•••••••
Show More

Related Articles

Back to top button
error: Content is copy right protected !!