প্লাষ্টিকৰ বিনিময়ত বিনামূলীয়াকৈ খাদ্য!

টোকাবহীৰ পৰা:-মহাবাহু

ছত্তীছগড় : আৱৰ্জনাৰ স্তুপ চহৰাঞ্চলত বৃদ্ধি পোৱালৈ লক্ষ্য ৰাখি আৰু প্ৰদূষণৰ মাত্ৰা অত্যধিক হোৱালৈ দৃষ্টিপাত কৰি প্ৰশাসনে সময়ে সময়ে বিভিন্ন উদ্যোগ গ্ৰহণ কৰা দেখা যায় যদিও শেহতীয়াকৈ ছত্তিশগড় ৰাজ্যৰ চুৰাট জিলাৰ অম্বিকাপুৰ চহৰত এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে। এই পদক্ষেপৰ দ্বাৰা কেৱল পৰিৱেশ প্ৰদূষণমুক্ত হোৱাই নহয়, বৰং নিৰন্নজনেও খাদ্য লাভ কৰিব বিনামূলীয়াকৈ। সবাত’কৈ ক্ষতিকাৰক সামগ্ৰী প্লাষ্টিকক লৈ ইতিমধ্যে নানান বাতৰি পোৱা যায় যদিও অম্বিকাপুৰ চহৰৰ বাতৰিটো একেবাৰে সুকীয়া।
     অম্বিকাপুৰ চহৰত আৰম্ভ কৰা হৈছে “আৱৰ্জনা কাফে” ! সেই ‘কাফে’ত, যিসকলে আৱৰ্জনাৰ মাজৰ পৰা প্লাষ্টিকৰ সামগ্ৰী সংগ্ৰহ কৰি পৌৰবিভাগৰ জমা দিব, তেওঁলোকক বিনামূলীয়াকৈ খাদ্য যোগান ধৰা হ’ব। জানিব পৰা মতে ১ কিলোগ্ৰাম ওজনৰ প্লাষ্টিকৰ পৰিৱৰ্তে ভাত-ৰুটিৰ লগতে অন্যান্য ব্যঞ্জন পৰিৱেশন কৰা হ’ব। এই “আৱৰ্জনা কাফে”ৰ প্ৰকল্প মাথো মানুহৰ মাজত বিনামূলীয়া খাদ্য যোগানতেই সীমাৱদ্ধ হৈ নাথাকিব, বৰং যিসকল মানুহৰ বাসস্থান নাই- তেওঁলোকৰ বাবেও ব্যৱস্থা লোৱা হ’ব। এই প্ৰকল্পৰ প্ৰস্তাৱ দিছিল মেয়ৰ অজয় তিৰ্কে ডাঙৰীয়াই। তেওঁ বুজিব পাৰিছিল যে মানুহৰ মাজত সচেতনতা সৃষ্টি কৰাটো অতিশয় প্ৰয়োজন আৰু সমাজত এনে কিছুমান মানুহ আছে, যিসকলে খাবলৈ দুবেলা দুমুঠিও নাপায়। গতিকে প্লাষ্টিকৰ সামগ্ৰী আৱৰ্জনাৰ পৰা বিচাৰি আনি পৌৰসভাক জমা দিয়াসকলক বিনামূলীয়াকৈ খাদ্য যোগান ধৰাৰ চিন্তা তেওঁৰ মগজুলৈ আহে। তেওঁ বুজি পাইছিল যে এনে প্ৰস্তাৱত সহাৰি দি বহু মানুহ আগবাঢ়ি আহিব। এই প্ৰকল্পৰ বাবে আৰম্ভণিতে ৫.৫ লাখ টকা ধাৰ্য কৰা হৈছে। উল্লেখযোগ্য যে এই প্লাষ্টিকৰ ,সামগ্ৰীবোৰ পথ নিৰ্মাণ কৰিবলৈ ব্যৱহাৰ কৰা হ’ব। ইতিপূৰ্বে অম্বিকাপুৰৰ পথ নিৰ্মাণ কাৰ্যত প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰ কৰি সুফল পোৱা গৈছে। কিছুদিন আগতেও গোডপুৰ অঞ্চলত প্ৰায় ৮ লাখ প্লাষ্টিকৰ সামগ্ৰী পথ নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰা হৈছে। উল্লেখযোগ্য যে ভাৰতৰ ২ নং পৰিষ্কাৰ চহৰ হিচাপেও ইতিমধ্যে অম্বিকাপুৰ চহৰ জিলিকি উঠিছে।

Related Articles

error: Content is copy right protected !!
Close