পোহৰ

পাপৰি বৰ্মন

 “এটুকুৰা আকাশ তোমাৰ বাবেই, ছিঙি আনিব নোৱাৰো বাবে সযতনে একপি আকাশৰ ফটোৰ সৈতে তোমালৈ বুলি সুপ্ৰভাত।”

      আস্, কিহে পাইছে এই ল’ৰাজনক। চিগাৰেটটো টানি টানি তমসাই হোৱাটছ-আপৰ মেছেজবোৰ চাই আছে। পুনৰ এটা মেছেজ আহিল,”হিমালয় বগাই ছিঙি আনিব নোৱাৰো কাঞ্চনজংঘাৰ বৰফ এটুকুৰা। উৰি ফুৰা কুঁৱলীবোৰে শীতক সঁহাৰি জনাই বাধা হৈ পৰে মোৰ আকাংক্ষাত। কি দিম? সহজলভ্য কোনো বস্তুৱে প্ৰিয় নহয় মোৰ প্ৰিয়তমাক দিবলৈ।”

      তমসাই খঙত ফোনটো লগাই চিঞৰি চিঞৰি গালি পাৰিলে, “অপ্ৰয়োজনীয় মেছেজ মোক নিদিব। মোৰ ইচ্ছা নাই।”

     কি জানো হয় তমসাৰ আজিকালি। কোনো কথাতে তাই শান্ত হৈ থাকিব নোৱাৰে। অৰণ্যলৈ ফোনটো লগাই সুধিলে,”কালি আহিবানে?” অৰণ্যক তাই এটায়ে উত্তৰ দিব লাগে সদায়,”লাভলী ভালে আছে। খাইছে। পঢ়িছে। অ স্কুল গৈছে।” বাছ হৈ গ’ল এটা দিনৰ বাবেই সিহঁত স্বামী-স্ত্ৰী। সম্পৰ্কবোৰো বৰ আচৰিত ওচৰ হয়, অথচ নিজৰ নহয়।

     ভাত-পানী খাই তমসাই অফিচলৈ যাবলৈ ওলাল। পুনৰ ম’বাইলটোত মেছেজৰ ৰিংটোন।”এমুঠি সুখৰ বতাহ তোমাৰ বাবেই কঢ়িয়াই আনি তোমাৰ ম’বাইললৈ পঠিয়ালো। চোৱাচোন পাইছানে? যদি অনুভৱ কৰিব নোৱাৰা তুমি তোমাৰ হাতৰ মুঠিত লোৱা বতাহজাকক, তেন্তে মোৰ উশাহত লৈ নিশাহত এৰি দিম তোমাৰ ওচৰত … মোৰ একান্ত নিজৰ সময়, বতাহ, সূৰুযৰ পোহৰ আৰু এমুঠি নৈপৰীয়া বালিচৰ। তাত ঘৰ বান্ধিম আমি সুখৰ য’ত থাকিব আমাৰ কাহানিবা চিনাকি লগা তাহানিৰ সপোনবোৰ। তাত যে বতাহজাকে তোমাক চুই উঠি মোকো চুই যাব। তাতে শান্তি হ’ব আমাৰ।”

     কামকৰা দিদিজনীক লাভলী স্কুলৰপৰা আহিলে ভালকৈ খুৱাবলৈ আৰু চোৱাচিতা কৰিবলৈ কৈ তমসাই অফিচলৈ বুলি খোজ ল’লে। মুখত চিগাৰেটৰ গোন্ধটো নাথাকক বুলি অফিচৰ গে’টৰ সন্মুখত থকা পাণদোকানখনৰপৰা মিঠাপাণ এখন লৈ মুখত ভৰালে।

      পুনৰ এটা হোৱাটছ-আপ মেছেজ, “বহাগ আহিলে মনত নকৰাকৈয়ে মনত পৰি যায় তোমালৈ। এমুঠি ৰং, এবুকু সেউজীয়াৰ মাজতে সপোনবোৰে মোৰ মুক্ত, শান্ত-সৌম্য বতাহৰ সৈতে মিতিৰালি কৰে।” এইবাৰ তমসাই সেই বিশেষ হোৱাটছ-আপ মেছেজ অহা নম্বৰটো ব্লক কৰি থ’লে।

      অফিচৰ লেপটপটোত বিশেষ মেইলবোৰৰ ৰিপ্লাই কৰি তমসাই মাহটোৰ আৰম্ভণিতে পঠাবলগীয়া বিশেষ ৰিপ’ৰ্টবোৰ বিতংভাৱে চালি-জাৰি চাই ওপৰমহলালৈ পঠিয়ালে। মাজতে দুপৰীয়া আধা ঘণ্টাৰ বাবেই ফেচবুক গোটৰ বা কোনো অনলাইন মেগাজিনৰ কবিতা, গল্প, উপন্যাস পঢ়াটো তমসাৰ এক এৰাব নোৱৰা নিচা। তাতো শান্তি নাপালে গল্প বা উপন্যাস ( কিতাপ )এখনৰ পাট লুটিওৱাত তাই ব্যস্ত থাকে। “ফেচবুকটো ওলাই খুব ভাল হ’ল।” অফিচৰ সহকৰ্মী গোস্বামীদাই মুখত তামোলখন ভৰাই কাষৰ কেবিনৰপৰা মাত লগালে। তমসাই হাঁহিৰে জনালে, “এখন বেলেগ নেদেখা সমাজৰ লগত ব্যস্ত মই। দেখি থকা সমাজখনতকৈ সেইখন সমাজহে আপোন হ’ল মোৰ। গোস্বামীদায়ে ক’লে, “পিছে তমসা, মানুহে যে কয় আমাৰ যুৱপ্ৰজন্ম বেয়াৰ দিশে ধাৱমান, কথাটো মিছা নহয় আংশিকভাৱে, কিন্তু সম্পূৰ্ণকৈ চালি-জাৰি চালে কথাটো মিছা।” তমসাই শলাগিলে, “হয় গোস্বামীদা, ময়ো ভাবো পুৰণি কালত যেনেকৈ ভাল-বেয়া আছিল এতিয়াও আছে। তেতিয়া বেয়া শিকিব আৰু চাব, মন কৰা মানুহে ভিচিডিত বেয়া চিনেমা চাইছিল। সময়ৰ লগে লগে ভিচিডি গুচি চিডি হ’ল। চিডি গুচি কম্পিউটাৰৰ ইণ্টাৰনেটত কিছুমান লিংক নহ’লে পেনড্ৰাইভটো। এতিয়াতো ক’বই নালাগে হোৱাটছ-আপ। তেতিয়া ভাল শিকিব মন কৰা মানুহে ভাল কিতাপ এখন পঢ়িছিল, আজিও পঢ়ে। এনে বহুকেইখন ই-মেগাজিন আছে যি যুৱ-সমাজে আগুৱাই নিছে এক সুন্দৰ উজ্জ্বল ধাৰণাৰে। ভৱিষ্যতে আমাৰ জাতিটোৰ ভাষা, সংস্কৃতি নিঃশেষ নোহোৱাকৈ ৰাখিবলৈ এচামে আপ্ৰাণ চেষ্টা কৰিছে। এনেকৈ দিন গৈ থাকিলে অসমীয়া ভাষা কেতিয়াও দুখীয়া নহ’ব চাব। এদিন এই ভাষাই বঙালী সাহিত্যতকৈও উচ্চতাৰে বিশ্ব দৰবাৰত জিলিকি উঠিব।” গোস্বামীদায়ে শলাগিলে, “হয়, সমাজত হোৱাটছ-আপ, ফেচবুকে কেৱল অশালীনতা বা অসামাজিকতাক প্ৰচাৰ কৰা নাই, তাৰ লগতে ভালৰ বাবে ভাল দিশ দেখুৱাইছে। সময় নোহোৱা আধুনিক সমাজত যিখিনি মানুহে আজিও জাতিটোক জীয়াই ৰাখিবলৈ আপ্ৰাণ চেষ্টা কৰি কষ্ট কৰিছে, সেইখিনি সঁচাকৈয়ে শলাগনীয়।” তেনেতে অফিচৰ সহকৰ্মী কলিতাই লেপটপটোৰপৰা মূৰটো উঠাই মাত লগালে,”হয়নে তমসা, আজিকালি সকলোৱে লিখে ন?” তমসাই নিজৰ কেবিনটোৰপৰা কাষৰ কেবিনটোলৈ উঠি গৈ কলিতালৈ চাই চকু ঘোপা কৰি শুনালে, “পাঠ্যক্ৰমৰ শিক্ষা আহৰণ কৰি ভাল চাকৰি লৈ শকত পৰিমাণৰ দৰমহা এটা মাহেকৰ মূৰত বেংকত সোমোৱা ম’বাইলৰ মেছেজটো চাবলৈ যিমানে সহজ, গল্প, কবিতা, উপন্যাস লিখি বিখ্যাত হোৱাটো সিমানেই টান কাম।” তেনেতে তমসাৰ ফোনত কামকৰা দিদিজনীৰ ফোন, “লাভলীৰ বহুত জ্বৰ।” তমসাই অফিচৰ পিয়ন বাবুলক কথাটো কৈ তাৰ বাইকখনেৰে তাইক ঘৰত থৈ আহিবলৈ ক’লে। গোস্বামীদা আৰু কলিতাক চিঞৰি কৈ গ’ল, “লেপটপ থ’ব মোৰ আলমাৰিত। মেইল ছাইন আউট কৰিব। ছোৱালীজনীৰ জ্বৰ বোলে।” গোস্বামীদা আৰু কলিতাই তাইৰ লগত যাব লাগিবনে সুধিলে। তাই লাগিলে জনাম বুলি কৈ বাবুলৰ বাইকত উঠিল। অফিচৰপৰা তমসাৰ ভাৰাঘৰ পাঁচ মিনিটৰ বাট, পিছে অধৈৰ্য অৱস্থাত ভয় আৰু চিন্তাই এক ছেকেণ্ডকো এটা যুগত পৰিৱৰ্তন কৰে।

            অৰণ্যৰ ফোন ৰিচিভ কৰি তমসাই আনদিনাৰ দৰেই ছটফটাই উঠিল আজিও। তীব্ৰ বাসনা জাগিছে তাইৰ এটা চিগাৰেট বা এগিলাছ বিয়েৰ বা ভদকাৰ। পিছে তমসাই সমজুৱাকৈ নিচা নকৰে। কিছু অন্তৰংগ বন্ধু-বান্ধৱীৰ বাদে কোনেও নাজানে তমসাই নিচা কৰে বুলি। অৰণ্যৰ ফোনত অলপ আগতে কোৱা কথাবোৰে পাকঘূৰণি খাই থাকিল, “ছোৱালী জন্ম দি উদঙীয়া গৰুৰ দৰেই নিজৰ পথাৰত ঘূৰি ফুৰিবি। চাকৰি কৰাৰ প্ৰয়োজন কি আছে মই নুবুজো। মোৰ ছোৱালীৰ কিবা হয় যদি তোক কি কৰো চাই ল’বি।” পাৰে এনেকৈ ক’ব, কিনো ডাঙৰ কথা, তমসাৰ মাকে বুজায়। তমসাই পাৰে বুলি মানি নলয়। তাই মাথোঁ গুৰুত্ব নিদিয়ে। অপ্ৰয়োজনীয় বস্তুবোৰে সদায়  ঘৰ বা মনৰ বাহিৰত স্থান পায়। তেনেকৈ অপ্ৰয়োজনীয় সম্পৰ্ক এটাত অৱহেলাই স্থান পায়। গুৰুত্বহীন অৱহেলা। যিজন পুৰুষে বিয়াৰ প্ৰথম নিশাতে তমসাক ক’ব পাৰিছিল, “টকা থাকিলে সকলো কিনিব পাৰি। সুন্দৰ পত্নী মন গ’লেই কিনিব নোৱাৰি।ভাৰতৰ সমাজ ব্যৱস্থা আছে। আইন বুলিও কথা এটা আছে। সেয়ে মই সুন্দৰী যুৱতীয়ে বিয়া পাতিম বুলি ঠিক কৰিছিলো। চোৱাতোমাৰ গাৰ ৰংটো বহুত ধুনীয়া। চকুযুৰিডাঙৰ, উজ্জ্বল। চেলাউৰি ঘন। হাতৰ আঙুলিবোৰ ইমান লাহী। চুলিকোছা প্ৰতিমাৰ দৰেই। মাই আপত্তি কৰিছিল। পঢ়াত আৰু অলপ ভাল হোৱাহেঁতেন। মই মেনেজ কৰিলো।”আগবাঢ়িছিল অৰণ্য তাইৰ ওচৰলৈ এটা প্লেটিনামত হীৰা খটোৱা আঙঠিৰে সৈতে। মাকৰ ঘৰৰ মানুহে শিকাই দিয়াৰ দৰেই তাই শান্ত হৈ আছিল। স্বভাৱত তাই শান্ত নহয়। কিন্তু সিদিনা ভয়ত তাই শান্ত হৈছিল। তেইছ বছৰ বয়সত তাই কাপোৰ খুলিছিল। নিজে খোলা নাছিল। খুলি দিয়া হৈছিল আঙঠিটো বাঁওহাতৰ অনামিকা আঙুলিত পিন্ধাই দি। এসাজ মুগাৰ মেখেলা-চাদৰ য’ত তমসাৰ মাকে গোলাপ ফুল এপাহ তুলিছিল ৰঙা আৰু তাৰ ওচৰৰ পাত দুখিলা সেউজীয়া। কিমান পাহি গোলাপ ফুলৰ ভর্তি চিলাই মাকে নিজৰ হাতেৰে কৰিছিল তাক হিচাপ কৰিব তাইৰ তেতিয়া আহৰিয়ে নাছিল এদ’ম কিতাপৰ মাজত সোমাই। অৰণ্যৰ কথাত হা-না নকৰি তমসাই ফুল কেইপাহ আছে হিচাপত লাগি গ’ল। অৰণ্যই তাইক খুলি গৈছিল। এৰা তাইকেতো। বখলিয়াই নিছিল এখন এখন ছাল। উহ, বৰ কষ্ট হৈছিল সিদিনাখন তাইৰ। অচিনাকি এজনৰ ওচৰত নাঙঠ হোৱাৰ লজ্জাবোধত তাই বাৰে বাৰে যুঁজ দিছিল। বাৰে বাৰে তাইৰ ওঁঠযুগল ভয়ত পিছুৱাই গৈছিল। পৰীক্ষা-নিৰীক্ষা কৰি সতীত্বৰ অলংকাৰেৰে সজ্জিত তমসাৰ দেহৰ এপদ এপদ অলংকাৰ খুলি অৰণ্যই নিজে সজা ৰোমাণ্টিক চিতাত উঠাই দি দাউ দাউকৈ জুইকুৰা জ্বলাই দিছিল। সেই জুইত ছটফটাই থকা তমসালৈ চাই অৰণ্যই কৈছিল, “তুমি ভবাতকৈ বেছি ধুনীয়া, কিন্তু তোমাৰ স্তনযুগল আৰু নিতম্ব তাইৰ সমান ডাঙৰ নহয় কিয়?” বহুত কিয়ৰ উত্তৰ তমসাই নাপালে জীৱনত। কিয় পিতাইহঁতে সমাজত প্ৰতিষ্ঠিত ধনী মানুহ হৈও তমসালৈ অহা ল’ৰাৰ ভিতৰত সকলোতকৈ ধনী ল’ৰাৰ লগতে বিয়া দিলে। কিমাননো খাইছিল তাই? কিমানৰ পিন্ধিছিল? পিতায়ো, কিয় মোৰ তহঁতৰ ওপৰত থকা বিশ্বাসক মিথ্যা বুলি প্ৰমাণ কৰিলি ?

তমসাৰ মাকে ফোন কৰি লাভলীৰ খবৰ লোৱাৰ লগে লগে ক’লে, “মাতু, টিভিটো অন কৰ। অসমীয়া বাতৰি চা। ধনদা তালুকদাৰৰ মৃত্যু হ’ল। হত্যায়ে নে আত্মহত্যা বা?” মাকৰ কথাত তমসাই একেকোবে টিভি অন কৰিলে। লাভলীক পৰীক্ষা কৰি তাইৰ অফিচৰ ডাক্তৰ মুৰমুই কেইটামান ঔষধ লিখি দি চিন্তাৰ একো কাৰণ নাই বুলি জনালে। বতৰ আৰু পানীৰ সলনি হ’লে চৰ্দীজ্বৰ হয়ে বুলি ডাক্তৰ মুৰমুয়ে তমসাৰপৰাই বিদায় ল’লে।

 অসমীয়া নিউজ চেনেলকেইটাই ব্যাখ্যা বেছি কৰাৰ দৰেই ধনদাৰ মৃত্যুক লৈয়ে উৰাই-ঘূৰাই একে নিউজকে কৈ থাকিল। তমসাই হিচাপ কৰি চালে ধনদাৰ ছোৱালীজনী জন্মৰ আজি চৈধ্য দিন।

বেলেগ এটা হোৱাটছ-আপ নম্বৰৰপৰাই পুনৰ মেছেজ। তমসাই বুজিলে ল’ৰাজনে নতুন নম্বৰৰপৰা মেছেজ কৰিছে। “কিয় দুখ কৰা তুমি? প্ৰেম কৰা নিজক। জীয়াই থাকিবলৈ যুঁজিব নালাগে। প্ৰেমে মানুহৰ মানসিকতাক ধনাত্মক দিশত নিয়ে। প্ৰেম কৰিবলৈ প্ৰেমিক নালাগে। মনটো ৰোমাণ্টিক হ’লে হ’ল। প্ৰেমৰ বতাহ পৃথিৱীতে আছে। বিচাৰিব জনাজনে বিচাৰি লয়। এয়াই সুখ, এয়াই প্ৰেম। এবাৰ প্ৰেমত পৰি চোৱা আকাশখনৰ, পথাৰখনৰ। পথাৰৰ সেউজীয়াবোৰো বহুত ৰোমাণ্টিক হয়, য’ত থাকে এবুকু হেঁপাহৰ ৰং। কিয় কান্দিছা তুমি? মোৰ দৰেই ভাল পাই যোৱাচোন। এজাক সুন্দৰ বতাহ, নদী, পাহাৰ আৰু সেই আপোনজনক যাৰ চকুত চকু থৈ ক’ব পাৰি সুখ আৰু দুখৰ সময়তো আমাৰ বিশ্বাস থাকিব।” তমসাই মূৰটো উঠাই ইপিনে-সিপিনে চালে কোনোবাই দেখিলে নেকি তাই কান্দি থকা। নিজৰ ব্যক্তিগত দুখত লোকক সোমাব তমসাই নিদিয়ে। ধনদাজনীলৈ তমসাৰ মনত পৰিল। তাইৰ দুখবোৰ ব্যক্তিগত নাছিল। নিজে বোজা ল’ব নোৱাৰি সকলোকে ভগাই দিয়া দুখবোৰৰ সমাধান তাই নিজে উলিয়াইছিল। তমসাই জানে আত্মহত্যা কৰা মানুহৰ মানসিকতা। ধনদাই বিয়াৰ ঠিক পিছৰপৰাই অগতানুগতিক আচৰণ কিছুমান কৰিছিল, যিটো তমসাৰ চকুত ধৰা পৰিছিল, অথচ ই শেষ হৈ থাকিলচোন, উহ। যুঁজ-বাগৰ দি ভাগৰি পৰা ধনদাজনীৰ চৈধ্যদিনীয়া কেঁচুৱাজনীৰ কি হ’লবা তাকে ভাবিলে তমসাই। ধনদাৰ মৃত্যুৰ লগে লগে স্তনযুগলো যে নিৰ্জীৱ হৈ গ’ল। মাইনাজনী বঞ্চিত হ’ল মাতৃদুগ্ধৰপৰা। পিছদিনাৰপৰা তমসাহঁতৰ অফিচত স্তনপাণ দিৱস আৰম্ভ হ’ব। উহ্ এটা হুমুনিয়াহ আৰু যন্ত্ৰণাৰ মাজত এটা মৃত্যুৰশোকপালন হৈ গ’ল। ধনদা তমসাৰ অন্তৰংগ বান্ধৱী আছিল।

নিউজ লাইভত ব্ৰেকিং নিউজ। মানে ধনদাই আত্মহত্যা কৰিলে। জীয়াই ৰাখিব নোৱাৰিলে তাই। সাহস দিব নোৱাৰিলে তাই। দেখুৱাবলৈ সম্পৰ্কবোৰ হ’ল নেকি? নিজৰ ওপৰতে ঘৃণা উপজিল তমসাৰ।

লাভলীৰ টোপনি অহাৰ পিছত তমসাই দিদিৰ ওচৰৰপৰা আঁতৰি আহি ধনদালৈ মনত কৰি উচপিচাই উঠিলে। গাঁৱৰ হাইস্কুলৰপৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰি চহৰৰ কলেজত বিজ্ঞান শাখাত নাম লিখাৰপৰা লগ পোৱা বান্ধৱী ধনদা। কিমান কথা কৈছিল তাই। “স্বাৱলম্বী হৈ কিমান ভাল লাগে জান, তুমু। মই টিউছন কৰি পোৱা পইচাকেইটাৰে মাক কিবা নি দিলে কি আনন্দ পায় মাই। বায়ে যোৱা পৰহিও চেম্পু কৰিলে। কালিও, আজিও। মই কিনি দিয়া চেম্পু যে।” নিজৰ কথাতে ৰস পাই হাঁহি দিয়া ধনদাক তমসাই ধমক দি কৈছিল, “পঢ়া-শুনা নাই। কিহে পাইছে এইচএছত পঢ়ি থাকোতে টিউছন কৰিব? পঢ়। মেডিকেল বা ইঞ্জিনিয়াৰিঙতছিট লৈ দেখা নহ’লে মই ছিট পালে তোক এৰি গ’লে কান্দি মৰিবি।” দুয়ো সখী বিলীন হৈ গৈছিল নিজস্ব সপোনত। আন এখন জগতত। উন্নতিৰ পথলৈ আগবাঢ়ি যাবলৈ কষ্ট কৰা এহাল কিশোৰী। পোহৰে কেতিয়াবা সূৰুযক পাহৰিব পাৰে জানো? ভিন্ন লক্ষ্য কিন্তু সামঞ্জস্য উদ্দেশ্যত। সিহঁতৰ মনৰ ইচ্ছা আৰু আগ্ৰহক জানো কোনো পথে বাধা দিব পাৰে? কোনোৱে নভবাকৈয়ে ধনদাই টিউছন কৰি, ঘৰুৱা কাম-কাজত নিজকে ব্যস্ত ৰাখিও তমসাতকৈ বেছি নম্বৰেৰে অসংৰক্ষিত আসনত অসম ইঞ্জিনিয়াৰিং কলেজত ছিট পালে। “তুমু, চাবি দেই চাকৰি কৰি প্ৰথম দৰমহাৰে মাক এটা জার্ছী গৰু কিনি দিম আৰু পিতাইক এটা ছাগলী। জীৱিত বস্তুয়ে ঘৰ শুৱনি কৰেতো। জাননে তই?” তমসাৰ খং উঠিছিল,”দিবলৈ বস্তু নাই যে। খুৰা-খুৰীৰ কাম বঢ়াবি তই।”

হঠাৎ জাঁপ মাৰি উঠিল তমসা, লাভলীয়ে কান্দিছে… “মা…মা।” তাই লাভলীৰ ওচৰ চাপিল। এইজনী কলিজাৰ বাবেইতাই জীয়াই আছে।”সোণজনী মোৰ।”

মিশ্ৰিত বুকুৰ বিষ এটাই উঠিছিল তমসাৰ আজি নিশা। ৰসায়নবিজ্ঞানৰ ছাৰে সুধিছিল তাহানিতে– “তমসা মানে কি ?” মনত আছিল তাইৰ। হিৰণ্ময়ীয়ে কৈছিল এদিন, “আন্ধাৰ, তমসা মানে নিশা। অই তুমু, কি হ’ল মুখখন গোবৰৰ পাচি কৰিবলৈ? আন্ধাৰ বা নিশাৰো শক্তি আছে। পোহৰৰ বিপৰীত শব্দ ই বুজিলি। পোহৰ চা কিমান ধুনীয়া। চা তুমু, আকাশ, পথাৰ।” স্কুল ছুটীৰ পিছত দুয়ো সখীয়ে ঘৰলৈ ৰাস্তাত খোজ কাঢ়ি গৈ থাকোতে সদায় দেখা পথাৰখন দেখাই হিৰুয়ে কৈছিল। তমসাই ওন্দলা মুখেৰে গদগদ হয়, “আজি ঘৰ যায় মা পিতা …।’’ হাইস্কুলীয়া জীৱনৰ বান্ধৱী আৰু তমসাতকৈ এবছৰ ডাঙৰ হিৰণ্ময়ী, তুমুৰ মৰমৰ হিৰুও এদিন এনেকৈয়ে নিঃশেষ হৈছিল, নিজৰ দেহৰ কেঁচা মাংসত কেৰাচিন ঢালি জ্বলাই দি চিঞৰিছিল জীয়াই থাকিবলৈ, বাচিবলৈ। কোনে জীয়াই থাকিব বাৰু ? অগ্নিক হিন্দু ধৰ্মই এনেয়ে পূজা কৰে নেকি ? কাৰণ আছে পূজা কৰাৰ। কাৰণ; এটা অভিমানী কাৰণৰ বাবেই সুন্দৰী হিৰুয়ে এটুকুৰা পোৰা মাংসলৈ পৰিৱৰ্তন হৈ নিঃশেষ হৈ গৈছিল। এৰা, মৃত্যুও এক আচৰিত উপহাৰ। ছাৰপ্ৰাইজ গিফট। “শুন তুমু, পোহৰক আন্ধাৰত স্থান দিয়ে বাবেই পোহৰ উজ্জ্বল। ভাবএতিয়া তই, আন্ধাৰৰ গুৰুত্ব আছেনে নাই। পোহৰক উজ্জ্বল কৰিবলৈও আন্ধাৰৰ গুৰুত্ব আছে। নহ’লে প্ৰখৰ ৰ’দৰ দিনত টিউব লাইট জ্বলাই চাবিচোন কি হয়? কম শক্তিশালী পোহৰতকৈ অমাৱস্যা ৰাতিৰ গভীৰ আন্ধাৰে ভাল। য’ত আশা থাকে উজ্জ্বল পোহৰৰ, জোনবাইৰ আগমনৰ। মোৰ তুমুজনীৰ নামটো কি সুন্দৰ ন ভগৱান?” তমসাই তলমূৰ হৈ গপগপাই খোজ কঢ়াৰপৰা মূৰ উঠাই চায়। সঁচাকৈয়ে এয়া নামঘৰ। এদিন প্ৰৱেশিকা পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ হিৰুৱে কটন মহাবিদ্যালয়ৰ কলা শাখাত নামভর্তি কৰিলে। তমসা তেতিয়া দশম শ্ৰেণীত। সময়ে মানুহক ইমান খৰখেদাকৈ লৈ যায়যে হিৰুৱে ৰাজনীতিবিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিলে প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান পাই। দৈনিক বাতৰি-কাকত এখনত হিৰুৰ ৰিজাল্টটো ওলাইছিল সিদিনা। তমসাই দৌৰি গৈছিল মাক-দেউতাকক দেখুৱাবলৈ। সেই দিনৰ কিছুমাহ পিছত এদিন তমসাই সেই দৈনিক বাতৰি-কাকতখনৰ বিশেষ বাতৰিটো পঢ়ি কোঠাৰ চুকত সোমাই কুঁচিমুচি বহি লৈ পাগলৰ দৰেই চিঞৰিছিল। “হিৰু, তোৰ লাৰু হৈ যোৱা মাংসটুকুৰা দেখিও বিশ্বাস হোৱা নাছিল তই নাই বুলি। আজি কাকতখনত চাচোন তোৰ শ্ৰদ্ধাঞ্জলি দিছে এটা ছাত্ৰ সংগঠনে। তই মিচিকিয়াই হাঁহিয়ে থাকিলি পাছপোৰ্ট ফটোখনত।‍’’ আত্মহত্যাৰ আগদিনা তমসাৰ লগত একেলগে কথা পাতি সময় কটোৱা হিৰণ্ময়ীয়ে পিছদিনা নিজৰ গা-ধোৱা ঘৰত কেৰাচিন তেল ঢালি জ্বলি গৈছিল। কোনোবাক মাৰি পেলাই নির্যাতন দি। মৃত্যু শব্দৰেই নামকৰণ হয়। কোনোৱে নিজেই মৰে। আত্মহত্যা নাম পায়। ভিন্ন নাম; ধাৰণা এটায়ে নিঃশেষ বা ধ্বংসবা জড়। হিৰুও জড়হৈ গৈছিল জ্বলি-পুৰি ৰৈ যোৱা এটুকুৰা মাংসপিণ্ডৰ ৰূপত। সখী আছিল সিহঁত, কিন্তু মানসিকতা আছিল দুয়োজনীৰে ভিন্ন। লক্ষ্যপথত সপোন আছিল হিৰুৰো। সপোন দেখা মানুহে নিজক কেনেকৈ নিঃশেষ কৰিব পাৰে? হিৰণ্ময়ীয়ে মৃত্যুৰ আগদিনা তমসাক কৈছিল, “তুমু, মা-পিতাইৰ সদায় ভাল ছোৱালীয়ে হৈ থাকিলো। সকলোতে প্ৰথম বিভাগৰ প্ৰথম হওঁ। কলা শাখাতে পঢ়িলো দেচোন, ৰাজনীতিবিজ্ঞানত ভাল ৰিজাল্ট কৰোতে আমাৰো কষ্ট হয় তহঁতৰ দৰেই।”

“কিনো হ’ল পিছে?” ‍‘‍‘নহয় তুমু, তই চা মাহঁতে সৰুৰপৰাই ক’লে ল’ৰা-ছোৱালী সমান। পঢ়ি-শুনি নিজে নিজকে চলি যাব পৰা কৰ। এতিয়া গৱেষণা কৰাৰ বয়সত ক’ৰপৰা মামাহঁতে এটা ল’ৰা আনিলে বিয়া দিবলৈ।ইমান বুজালো।”

 কি সাংঘাতিক বিড়ম্বনা মানুহৰ। উহ, নুবুজা দেখি জ্বলি থাকিল নিজেই। সেই হিৰণ্ময়ীৰেস্কুলীয়া দিনত শুক্ৰবাৰে এক ঘণ্টাৰ পানীখোৱা ছুটীত কৰা নাটক এখন মনত পৰি তমসাৰ আজিও কান্দি থকা মুখখনত পোহৰ আহি গ’ল। বৰপেটাৰ প্ৰধান কীর্তন ঘৰত হিৰণ্ময়ীয়ে দশম শ্ৰেণীত থাকোতে সেৱা ল’ব যাওঁতে বোলে তাইক আৰু মাকক প্ৰধান কীর্তন ঘৰৰ ভিতৰত সোমাব নিদিলে। পিছে সিহঁতে সেই কথাটো জনা নাছিল। মাকৰ মতে, জনাহেঁতেন সোমাব নুখুজিলেহেঁতেন। হিৰণ্ময়ীৰ ভাষাত কাছ খেদন দিলে। তাই বোলে খেদা ব্যক্তিজনক ওভতাই প্ৰশ্ন কৰিলে, “মহাপুৰুষজনাই আপোনাক কৈছিল নে ক’ৰবাত লিখি থৈছে চাওঁ। পিতাই আৰু ভাইক সোমাব…” তেনেতে মাকৰপৰা এটা পূৰ্ণহতীয়া চৰ উপহাৰ পাই বোলে হিৰণ্ময়ীয়ে কীর্তন ঘৰৰ চৌহদৰপৰাই বাহিৰত ওলাই আহিছিল। সেয়ে শুক্ৰবাৰত এক ঘণ্টাৰ পানী খোৱা জিৰণি সময়ত হিৰণ্ময়ীৰ নেতৃত্বত কৰা নাটকৰ নাম আছিল ‍‘মহাপুৰুষজন’। খুব সুন্দৰকৈ হিৰণ্ময়ীয়ে ফুটাই তোলে চৰিত্ৰটো। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ হৈ হিৰণ্ময়ীয়ে মনৰ আশাটো পূৰণ কৰি লয়। হিৰণ্ময়ীয়ে সকলোকে কীর্তন ঘৰৰ ভিতৰত সোমাব দিয়ে। ভিন্ন জাতি-ধৰ্মৰ মানুহে মহাপুৰুষজনাৰ শিষ্য হয় আৰু লগতে তাই তাইৰ তুমুক ভাত ৰন্ধা অভিনয় কৰিব দিয়ে। হিৰণ্ময়ীয়ে ৰূপ দিয়া মতে আজিও মহাপুৰুষজনাই উদাৰ হৃদয়ৰ ধৰ্ম কৰে। সকলোৰে হাতৰপৰা অন্ন আৰু মাহ-প্ৰসাদ খায়। সময় সলনি হ’ব পাৰে, কিন্তু মহাপুৰুষজনা কেনেকৈ সলনি হ’ব ? পুৰণি কালত গুৰুজনাই প্ৰচাৰ কৰাৰ দৰেইসকলো সমান।একঘণ্টীয়া পানী খোৱা ছুটী প্ৰায় শেষ হয়। সিহঁতে তেঁতেলীৰ আচাৰ খায়। দহ পইচাত কিনেএপেকেট। পইচা নথকাটোকো এচিকুট দিয়ে তেঁতেলীৰ আচাৰ। তেঁতেলীৰ আচাৰ কিনা মালিকৰ তাত কেতিয়াবা ভগাওঁতে ভগাওঁতে অৱশেষত বগা পাতল কাঠৰ চামুচখন থাকে। দুবাৰ চুহি সেইখন দূৰলৈ দলিয়াই দিয়ে। দুজন বা ততোধিক তেঁতেলীৰ আচাৰ কিনা মালিক থাকিলে তেঁতেলীৰ আচাৰৰ চামুচ দলিওৱাৰ প্ৰতিযোগিতা এখনেই হয়। স্কুলৰ বেল বজা শব্দ পালে দমকলত ঠেলা-হেঁচা লাগে। এযোৰ হাতৰ ওপৰত আনযোৰ হাত। আৰু এজাক ছাত্ৰীৰ হাঁহিৰ খিলখিলনি। তমসাহঁতে ছোৱালী হাইস্কুলত পঢ়িছিল। ওচৰতে থকা ল’ৰা হাইস্কুলখনৰ ল’ৰাবোৰক দেখিলে সিহঁতৰ জোকোৱা নামবোৰ যিয়েই জানে সেই হিচাপে জোকাই লয়। ল’ৰাবোৰেও তাৰ প্ৰতিশোধ লয়। ফলস্বৰূপে কোনোবাজনী ছোৱালীয়ে নাম পায় ভেকুলী, কোনোৱে পাতিহাঁহ পেক পেক আৰু কোনোৱে মুৰ্গী। তমসাই নাম পাইছিল কের্কেটুৱা আৰু হিৰণ্ময়ীয়ে বগা ছাগলী।

গোটেই নিশা তমসাৰ প্ৰতিগৰাকীলৈ মনত পৰিল যিয়ে জীয়াই থকাটো কঠিন বুলি ভাবি নিজেই অজীৱলৈ ৰূপান্তৰিত হৈছিল। সদায় স্বাভাৱিকভাৱে জীৱন যাপন কৰা মানুহ যেতিয়া অস্বাভাৱিক হৈ পৰে তেতিয়া কিয় আপোন সম্পৰ্কবোৰে বুজিব চেষ্টা নকৰে; কাৰণ থাকিব পাৰে মৃত্যুৰ প্ৰেমত পৰা মানুহৰো। সৌ তাহানিতে  তমসাৰো তেনে এটা হেঁপাহ জাগিছিল। মৃত্যুৰ উপত্যকাত নায়িকা হোৱাৰ হেঁপাহ । সমাজ ব্যৱস্থাতপত্নীৰূপ লৈ অৰণ্যৰ লগত তাই যিমানখিনি সময় কটাইছিল সেই প্ৰতিখিনি সময়তে সৌ তাহানিতে যন্ত্ৰণাত কাতৰ হৈ পৰিছিল। কাকূতি কৰিছিল ভগৱানক, “হে ভগৱান, জীয়াই থাকিব দিয়া মোক। ইহঁতে মোক মাৰি পেলালে বা ইহঁতৰ ঘৰখনত মই চিপজৰী ল’ব লাগিলে দেশৰ আইনে ইহঁতক শেষ কৰিব। ইহঁতৰ বুদ্ধি ভ্ৰষ্ট হৈছে। নুবুজে, মোক হত্যা কৰিলে ইহঁতৰ কি হ’ব পাৰে। মোৰ প্ৰতিপত্তিশীল ঘৰখনে ইহঁতক ধ্বংস কৰি দিব। মই কেনেকৈ ধ্বংস হ’ব দিম, মোৰ যে হ’বলগীয়া সন্তানৰ বংশ এয়া। সন্তানটোক এটা যুগৰ পিছত যদি কোনোবাই হাঁহে তোৰ বাপেৰৰ ঘৰখনেচোন তোৰ মাৰক শেষ কৰিলে। মোৰ সন্তানটোৱে বাৰু কমখন অশান্তি পাবনে ? সি বা তাই জীয়াই থকালৈ সি বা তাইৰ সেই যুগটোৱে সিহঁতৰ বাবেই কলংকিত হৈ ৰ’ব পদে পদে।” কোনোদিনে মাকৰ ঘৰৰ মানুহৰ ধমকি খাই নোপোৱা তমসাই চুপ-চাপ সকলো সহি গৈছিল। এৰা, তাইৰ অভিমান হৈছিল। মাকহঁতৰ ঘৰখনে ইমানখিনি মৰম দি কিয় তাইক এনে ল’ৰাৰ লগত বিয়া দিলে যিয়ে বিয়াৰ পিছতো সেই বিশেষ তাইজনীক লৈ ব্যস্ত থাকে। অৰণ্যৰ মাকে কয়, “তোমাৰো কাম নাই তমসা। সি বেয়া পোৱা কথাত মাত মাতা কিয়? সি আৰু তাই শৈশৱৰ বন্ধু-বান্ধৱী। সদায় সিহঁতৰ একেলগে শোৱা অভ্যাস। সেয়ে তাই সংসাৰী হ’লেও সম্বন্ধত তাৰ ভাই-বোৱাৰী হ’লেও মৰমতে একেলগে শোৱে।’’ কথাখিনি কৈয়ে শাহুৱেকে অৰণ্যক চিঞৰে, “ৰ অৰু, তহঁতক কম্বল এখন দিওঁ ৰহ। ঠাণ্ডা লাগিব। আঘোণ মাহ শেষ হ’বৰ হ’ল।”

       তমসাৰ সিদিনাখন এমচিএৰ ৰিজাল্ট দিয়া বাবেই ধনদাই ফোন কৰিছিল। কম্পিউটাৰ ছায়েন্সত দুয়োজনীয়ে প্ৰথম বিভাগ পাই অসম অভিযান্ত্ৰিক মহাবিদ্যালয়তে এমচিএত এডমিছন লৈছিল। ধনদাৰ তেতিয়া বিয়া হোৱা নাই। একেলগে দুয়ো আগবাঢ়ি যায় সপোন খেদি খেদি। তাই ধনদাক ফোনত ক’লে, “জীয়াই থাকিবলৈ বৰ কষ্ট হৈছে মোৰ।”

ধনদাই খং কৰে, “মুখ নাই নেকি উত্তৰ দিবি ?”

“মুখেৰে নোৱাৰো। মাৰে মোক। চুলিখিনি ভাল পাইছিলি নহয় তহঁতবোৰে আৰু তেৱোঁ । আধা সৰিল জান ধনদা। চুলিত ধৰি চোঁচৰাই লৈ যায়।”

ধনদাই ফোনটো থৈছিল। সেই মুহূৰ্ততে জালুকবাৰীত বাছ ধৰি তমসাৰ মাকৰ ঘৰত গৈ তাই সিহঁতক থিকচে গালি পাৰিছিল।” কি প্ৰয়োজন আছিল ছোৱালীক জন্ম দি অত কষ্ট কৰি পঢ়াই-শুনাই শিক্ষিত কৰি সমাজত বদনাম নোহোৱাকৈ ডাঙৰ কৰিবলৈ; যদিহে তাৰ উচিত মূল্য এটা ধাৰণাৰ পিছত শেষ হৈ যায় ? কিমান কষ্ট কৰিব লাগে এজনী ছোৱালীৰ মাক-দেউতাক বা ঘৰখনে লালন-পালন কৰোতে সেই কথা আপোনালোকে মোতকৈ  ভালকৈ উপলব্ধি কৰিব।”

“কি হৈছে তুমুৰ ?আমাৰ সোণজনীৰ ?” যৌথ পৰিয়ালটোৰ সকলোৱে সমস্বৰে চিঞৰি উঠিছিল।

“ধাৰণাতে জীয়াই থাকক। সোণজনী, দেহাজনী শব্দ উচ্চাৰণ কৰি লৈ ধনী চাকৰিয়াল জোঁৱাইক লৈ এগাল ধনেৰে তুমু সুখী বুলি ভবা সেই ধাৰণাতে জীয়াই থাকক।”

ধনদাৰ কথা শুনি মাকহঁতৰ পৰিয়ালৰ কেইজনমানে দৌৰা-দৌৰিকৈ নিজৰ নিজৰ গাড়ী লৈ অৰণ্যহঁতৰ ঘৰ পাইছিল। তমসাৰ বুজাত একো কষ্ট নহ’ল যে ইয়াৰ মূল ধনদা। বিশ্বাস কৰি কোৱা কথাত সখীয়ে আহুকাল মাতি অনা দেখি ভিতৰি ভিতৰি তমসাই খঙত ছটফটাই আছিল। খুৰাকে সুধিছিল, “তুমু, ওঁঠটো ফাটিল যে।”

তমসাই তলমূৰ হৈ কৈছিল, “পৰিলো।”

অৰণ্যই সুখত হাঁহিছিল। যেন সি হাত চাপৰি বজাই ক’ব খুজিছিল, “সম্পূৰ্ণ শুদ্ধ উত্তৰ। আউট ষ্টেণ্ডিং।”

“তই ঠিকে আছতো তুমু? কিবা লাগে যদি ক আনি দিওঁ।” পিতাকে সুধিছিল।

মনত পৰিল তুমুৰ পুৰণি কথা এটা, “এজন ভাল ল’ৰা আহিছে তোলৈ।”

“মই এমচিএ কৰি আছোহে; কোৰ্চ কমপ্লিট হওক দে। ইমান সোনকালে কিয় পিতাই?অলপ বেছিকৈ জানি লওঁ দেচোন পিতাই। তোৰে ভাল লাগিব।”

“হ’ব।”

“কি হ’ব পিতাই।”

“পঢ়াটো হ’ব আৰু। ইমান উচ্চপদস্থ বিষয়া। তাকো ভাৰত চৰকাৰৰ।”

পিতৃৰ কথাত তমসাই বিস্ময় মানিছিল। মানি লৈছিল আজি সূৰ্য পশ্চিমে উদয় হ’ল। যিজন পিতৃৰ বাবেই তাই কষ্ট কৰি আগবাঢ়ি যায়। তাইৰ সুগুণেৰে পিতৃক গৰ্বিত হোৱা তাই চাব খোজে। তমসাৰ ভাতৃসম সকলো কাম কৰি জীয়াই থাকিবলৈ উৎসাহ দিয়ে তমসাক। সেই সময়ত তাই মনত পেলাইছিল পিতৃয়ে কেনেকৈ সমঅধিকাৰৰ পাঠ পঢ়াইছিল ।

“পিতাই চহৰত যাম।”

“সৰু পোনাৰ দৰেই গাড়ী চলাব শিক। দুয়োকে ল’ৰা-ছোৱালী বুলি কেতিয়াও ভিন্ন কৰা নাই মই। আজিৰ পিছত মই দেখিব লাগিব তই গাড়ী শিকা।

“পিতাই বেংকৰ কাম এটা …।”

“নিজে কৰ।”

সকলো কথাতে ভায়েকৰ সমগতিত আগবাঢ়ি যোৱা তমসাৰ পিতৃয়ে অনা বিয়াৰ প্ৰস্তাৱত তমসাই অকলশৰীয়া হৈ মহাকাশত এটি গ্ৰহৰ দৰেই নিজস্ব উপবৃত্তাকাৰ পথত গতি কৰিছিল।

আজিও সেয়ে তমসাই পিতৃৰ প্ৰশ্নৰ উত্তৰ এটাই দিলে, “হ’ব।”

হিৰুৱে কৈছিল, “কোনেও নুবুজা সাঁথৰ মোৰ প্ৰিয় নহয়। কিয় নুবুজিলে মই স্বাৱলম্বী হ’ব খোজো বুলি ?”

ধনদাই কৈছিল, “সম্পৰ্কত মোক আংশিক স্থান নালাগে। মোৰ স্থান আপোনাৰ জীৱনত পূৰ্ণাংগ হ’ব লাগে।”

আৰু প্ৰীতি বায়ে কৈছিল, “মৃত্যুতো শান্তি আছে কিজানি। তেওঁৰ লগত মোৰ পৰকীয়া প্ৰেম। দুটা সন্তানৰ পিতৃ তেওঁ। তেওঁ কৈছিল কাকো নক’বা। সঁচাকৈয়ে মই কাকো কোৱা নাছিলো। পিছে নিজকে নোকোৱাকৈ থাকো কেনেকৈ ?”

নিশাটোও আজি তমসাৰ বাবেই এযুগ হ’ল, য’ত সময়ে সহযোগিতা নকৰে সেই সময়খিনিকলৈ যদি মানুহৰ মৰম নাথাকে, সেই সময়েও শুই পৰে যুগলৈ।

“উহ, কষ্ট হৈছে মোৰ। নাকামুৰিবাচোন।”

ইমান জোৰকৈ এটা চৰ মাৰিব বুলি কোনেও ভাবিব নোৱাৰিব, অথচ এইখিনি সময়তে তমসাৰ গালত চৰ এটা পৰিছিল।

“চুপ, মই সকলো কাম নিজৰ মতে কৰি ভাল পাওঁ।”

তমসাই ভাবিছিল ইমান লাজ লগা অত্যাচাৰৰ মৰমবোৰ কাক ক’ম বাৰু মই। ভাৰতীয় আমি। একমাত্র ভাইক ক’ব নোৱাৰো। পিতাই আৰু খুৰাহঁতক, উহুঁ। পাৰিম মা আৰু খুৰীমাহঁতক ক’ব।

“তই চলিবয়ে নাজানা তুমু। এই সম্পৰ্কৰ বাবেই তহঁতবোৰ পৃথিৱীলৈ আহিছ। অশান্তি নকৰিবি। বুজ তুমু, এয়া এক পৱিত্ৰ সম্পৰ্ক। আমাৰ ভাৰতীয় সংস্কাৰৰ আধাৰত ই ৰচনা হোৱা সম্পৰ্ক যিয়ে আৰম্ভ হয় মন্দিৰত বা অগ্নিৰ সন্মুখত বা মাল্যদান কৰি। এই সম্পৰ্কতে কোনোবাই কবুল কৰে। কোনোবাই গীৰ্জাঘৰত প্ৰতিশ্ৰুতি লয়। বুজি চা, এই সম্পৰ্কটোৰ ধাৰণায়ে পৱিত্র। পৌৰাণিক কালৰপৰাই ঈশ্বৰ, আল্লা আৰু গডৰ আশীৰ্বাদত বিবাহৰ স্থানত প্ৰতিষ্ঠিত হৈছে এই সম্পৰ্ক। ভগৱানক বিশ্বাস কৰ যদি এই সম্পৰ্ককো সন্মান কৰিবি।”

সদায় ঘৰৰ ডাঙৰৰ কথা শুনি অহা তমসাই কৈছিল, “আজি তুমি ভুল শিকালা নেকি ? কষ্ট পাওঁ মই। ৱালত আঁৰি থোৱা ঘড়ীটোত সময় হিচাপ কৰো। এৰা, মোৰ শৰীৰৰ ছাল বখলিয়া কৰ্ম কেতিয়া শেষ হ’বনো। ভগৱানক চিঞৰো আৰু মা শুনা, প্ৰেমৰ শাৰীৰিক মিলন আৰু ধৰ্ষণৰ মাজত বিভেদ আছে। শাৰীৰিক প্ৰেমে মানসিক তৃপ্তি  দিয়ে আৰু ধৰ্ষণে ধ্বংস কৰে পাবলগীয়া তৃপ্তিক, দেহটোক আৰু সমসাময়িকভাৱে মানসিকতাকো।”

সিপিনে মাকহঁতৰ উপদেশ তমসালৈ দিন গ’লে সকলো ঠিক হ’ব। সন্তান এটা পৃথিৱীলৈ আহিলে সন্তানৰ মৰমত তোক বহুত বুজিব অৰণ্যই। সময় লাগিবতো বুজাবুজিত।

তমসাই কৈছিল, “মা অ, তোমাৰ লগতেচোন বুজাবুজি নহ’ল মোৰ আৰু অৰণ্যক এতিয়াহে লগ পাইছো। হ’ব দিয়া।”

ধনদাই তমসাৰ মাহঁতৰ ঘৰত কৈ দিয়া কথাৰ অভিমানত তাই বহুদিন ধনদাকো ফোন কৰা নাছিল। সিদিনা হঠাৎ তাইৰ বিয়াৰ মেখেলা-চাদৰৰ দ’মটো আলমিৰাৰপৰা উলিয়াই ঠিক কৰোতে কলেজীয়া দিনৰ অটোগ্ৰাফ বহীটো ওলাই পৰিল। আঠমঙলাৰ দিনা কান্দি কান্দি মাকৰ ঘৰ এৰি অহাৰ সময়ত তাই এটা বেগত কেইপদমান বস্তু ভৰাই আনিছিল। বোধহয় অৰণ্য বা শাহু মাকে খুলি চাই বেগত থ’ব পাহৰিলে। তমসাহঁতৰ কলেজীয়া দিনত ম’বাইল ফোন সহজলভ্য নাছিল। তাই মনেৰে ভালে পালে, ভালে আছিল ম’বাইল নাছিল। এতিয়া অটোগ্ৰাফ বহীটো মেলি লৈ প্ৰিয় মানুহৰ আখৰবোৰ চুই চাম। হাতৰ আখৰবোৰতো স্পৰ্শ আছে আপোন মানুহৰ; যি বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যন্ত্ৰবোৰত নাই। এই ভাবি অটোগ্ৰাফৰ পাট লুটিয়াই গ’ল। দুজনমান বন্ধুৰ মৰমভৰা শুভেচ্ছাৰ পিছত তমসাই এটা পেজত ৰৈ গ’ল। “ও প্ৰীতিবাৰ হাতৰ আখৰ দেখোন।” দুৰ্গাপূজাৰ আগতে প্ৰীতি বায়েকে এবাৰ জেঠীয়েকৰ লগত কলিকতাৰপৰা তমসাহঁতৰ ঘৰলৈ আহিছিল। প্ৰীতিবাৰ দেউতাকে কলিকতাত চাকৰি কৰে বাবেই ঘনাই সম্পৰ্কবোৰ ৰক্ষা কৰিবলৈ আহ-যাহ কৰিব পৰা নাছিল। সেই অভিমানতে তমসাই প্ৰীতিবাক সাবটি ধৰিকৈছিল, “অটোগ্ৰাফ দেনা বা’। ডেৰ-দুই বছৰৰ মূৰত দেখা পাওঁ যে তোক।”

প্ৰীতিবাই হাঁহিছিল, “আৰু নাহো ৰহ।”

“কিয়?”

“কাৰণ আছে, তুমু।”

প্ৰীতিবাই তাইক হাতৰ আঙুলিৰে ওঁঠত ইংগিত দি মনে মনে থাকিব কৈ দেখাই দিলে। তমসাই শুনিলে মাকহঁতৰ কথাবোৰ।

“প্ৰীতিয়ে বি.কম পাছ কৰিছে। বিয়াৰ সময় হৈছে। ইমান ধুনীয়া তাই। ঢেৰ ল’ৰা পাব।”

জেঠীমাকে কৈছিল, “ৰূপ থাকিলে কিডাল হ’ব ? প্ৰথম বিভাগ নাপালে তাই।”

মাক আৰু খুৰীমাকহঁতে সমস্বৰে চিঞৰি উঠিছিল, “মিছা কথা।”

তমসাহঁতৰ নতুনকৈ বিয়া হৈ ঘৰত থকা সৰুজনী খুৰীয়েকক দেখুৱাই আন এজনী খুৰীয়েকে কৈছিল, “কেনে দেখিলে বাইদেউ ?”

“ধুনীয়া।”

“কি ধুনীয়া ৰূপ নে গুণ?”

জেঠীয়েকে কৈছিল, “গুণ ক’ত দেখিম এক মিনিটত কইনাজনী চাই। গুণ চিনিবলৈ সময় লাগিব। ৰূপ দেখিলো। বহুত ধুনীয়া।”

তমসাৰ মাকে ক’লে, “সেই বাবেই কৈছো। বয়স নাযাওঁতে ছোৱালী সুন্দৰী থাকোতে বিয়া দি আজৰি হ’ব লাগে। জীৱন গঢ়িবলৈ হ’লে বিয়াৰ পিছতো পাৰিব।”

প্ৰীতি বায়েকে চকুহাল চলচলীয়া কৰি তমসাহঁতৰ পদূলিলৈ ওলাই গৈছিল। তমসাৰ মাকহঁতৰ ঘৰৰ সেই দিনৰ তাহানিৰপদূলিটো তাইৰ বহুত ভাল লাগিছিল। প্ৰীতি বায়েকৰো প্ৰিয় আছিল সেই পদূলি। এতিয়াৰ লোহাৰ বিশাল গে’টখনতকৈ সৌ তাহানিৰ পদূলিৰ বাঁহৰ তিনিডাল নঙলা তমসাৰ বাৰুকৈয়ে প্ৰিয় আছিল। বাঁহৰ নঙলাত উঠি শৈশৱত তমসাহঁতে বাছগাড়ী খেলিছিল। বাঁহৰনঙলাৰ বাঁওফালে বহুত ধুনীয়াকৈ ৰঙা কাগজ ফুলবোৰ (বাগানভেলি) ভর্তি হৈ ফুলি আছিল। প্ৰীতিবায়ে কৈছিল, “ৰঙা কাগজ ফুলজোপা চা তুমু, ই বাগিচাৰ আন ফুলৰ লগত যেন এখন শীতল যুদ্ধহে কৰিছিল এইবুলি যে আমাৰ গোন্ধ নাথাকিব পাৰে, সুৱাস নাথাকিব পাৰে, পুণ্য কামত নালাগিব পাৰে, শোকতো কিন্তু আমি আছো, আমাৰ স্হিতি আছে বাবেই সকলোৰে দৃষ্টিত পৰাকৈ আমি বিশালভাৱে বিয়পি পৰিছো। বিশালতা আৰু দৃষ্টিগোচৰ ভিন্ন শব্দ হ’লেও সামঞ্জস্য আছে অৰ্থত। ৰঙা কাগজ ফুলজোপা (বাগানভেলি) বিশাল নোহোৱাহেঁতেন দৃষ্টিগোচৰ নহ’লহেঁতেন সমাজৰ। বুজিলি, আজি যে মাই তহঁতৰ ঘৰত আহি কথাবোৰ শুনিলে বহলভাৱে তাকে তেওঁ দৃষ্টিগোচৰ কৰিলে এই মুহূর্তৰপৰাই। বুজিবি আৰু। মোক বিয়া দিবলৈ মাৰ নতুন চিন্তা এটায়ে হ’ল। বিশাল জনমতে মানুহৰ বৈধ্য ধাৰণাকো অস্থিৰ আৰু অবৈধ্য কৰে। এশজনে চিঞৰি কওক এই ধাৰণাটো ভুল। শুদ্ধ বুলি ভাবি লোৱা কমেও দহজন মানুহো বিচলিত হ’বলৈ সময় নালাগে। দুজনে ক’ব ভুল নেকি, চাৰিজনে ক’ব ভুল হয় আৰু বাকী ৰোৱা দুজনে ক’ব সঁচাকৈয়ে ভুল হয়। অন্তিমৰ দুজনে যদি কয় দৃঢ়তাৰে কৈছো এয়ায়ে ভুল। হ’ল আৰু এশ শতাংশ শুদ্ধটোও এশ শতাংশ ভুলে হ’ব। কলিকতাত মোৰ এজন মেনেজমেণ্টৰ বন্ধু আছে, বঙালী তেওঁ। তেওঁৰ লগত মোৰ বন্ধুত্বতাত মোৰ স্হিৰতা আহিছে। তেওঁৰপৰাই মই দৰ্শন শিকিছিলো জীৱনৰ। তেৱেঁ এদিন মোক কৈছিল মিছা কথা এটাও যদি দৃঢ়তাৰে সত্যতা সানি ক’ব পাৰা সি সত্য হৈ যায়।”

প্ৰীতি বায়েকক বুজিব পৰা বয়স হোৱা নাছিল তেতিয়া তমসাৰ আৰু এতিয়া বুজিবলৈ প্ৰীতি বায়েক জীয়াই নাছিল। তমসাহঁতৰ ঘৰৰপৰাই যোৱাৰ ছয় মাহৰ পিছত নিজৰ শোৱা কোঠাৰ ভেণ্টিলেটৰৰ লোহাডালত নিজৰ পিন্ধি থকা চেলোৱাৰৰ দোপাট্টাখনেৰে চিপজৰী লৈ ধ্বংস হৈ গৈছিল। ঠিক প্ৰীতি বায়েকে কোৱাৰ দৰেই বিশালতা, দৃঢ়তা আদি শব্দই তেওঁৰ জীৱনৰ এটা অকাৰণে আত্মহত্যাৰ বাবে কাৰণ হৈ উঠিছিল।

প্ৰীতি বায়েক অসন্তুষ্ট হৈ তমসাহঁতৰ ঘৰৰপৰাই গৈছিল। যোৱাৰ আগতে তমসাক অটোগ্ৰাফ দি গৈছিল। সেই আখৰকেইটাকে বুকুৰ মাজত লৈ প্ৰীতি বায়েকৰপৰা অলপ হ’লেও স্পৰ্শ পাবলৈ তমসা ছটফটাই উঠিল বৰফাবৃত্ত সুমেৰু নে কুমেৰুত অলপ উত্তাপ বিচাৰি। জীয়াই থাকিবলৈ অলপ উত্তাপো যথেষ্ট। কাৰোবাৰ অলপ সঁহাৰিও কণ্টকময় পথৰ বাবেই শক্তিশালী হৈ যায় কেৱল অলপ সময়ৰ বাবেই উশাহ ল’বলৈ, অ জীয়াই থাকিবলৈ। প্ৰীতিবায়ে অটোগ্ৰাফ বহীটোত লিখিছিল, “তলসৰা শেৱালি, বেলুন, পেঁপা আৰু মহিলাৰ কপালৰ উজ্জ্বল ৰঙা সূৰুযে মনত পেলাই দিলে সেন্দূৰীয়া পথত ৰঙা ৰং সিঁচি আমি শাৰদীয় শেৱালি চুই আগবাঢ়ি যাম দেৱীক আৰাধনা কৰিবলৈ। দেৱীক প্ৰাৰ্থনা জনাই ক’ম যুগ-যুগান্তৰলৈ যেন নাৰীৰ সন্মান ৰক্ষা হয়।”

দিন যোৱাৰ পিছত এদিন তমসাই প্ৰীতি বায়েকক খবৰ সুধি লিখা ডাকঘৰৰ পোষ্টকাৰ্ডখনৰ উত্তৰত প্ৰীতি বায়েকে লিখিছিল, “কিছুমান ধৰ্ম-মন্দিৰত আমি নাৰী বাবেই ওচৰত গৈ প্ৰাৰ্থনা কৰাৰ অধিকাৰো নাই। সেয়ে ভাৰতত নাৰীৰ দুখ বেছি, কাৰণ নাৰী বদনামী হয়। নাৰী কলংকিত হয় অমাৱস্যাৰ দৰেই আৰু নাৰীৰে সমাজত অবৈধ বসতি থাকে সাগৰৰ পাৰৰ নীড়ৰ দৰেই। ঢৌ আহিলে উটি যায় নিজ হাতেৰে সাজি লোৱা বালিচৰত নীড়।”

তমসাৰ মাকে তৎক্ষণাৎ ডাকঘৰৰ পোষ্টকাৰ্ডখন টানি নি ক’লে, “প্ৰীতিৰ লগত সম্পৰ্ক নাৰাখিবি। নষ্ট হ’ল তাই।”

ক’ত হেৰাল সেই পোষ্টকাৰ্ডখন? ক’ত হেৰাল মাকৰ ঘৰৰ পদূলিৰ সেই বাঁহৰ নঙলা ? ক’ত উটি গ’ল সেই সময়? ভিন্ন মনোমোহা দৃশ্য থকা আৰচিচ গেলাৰীৰ অটোগ্ৰাফ বহীবোৰ। প্ৰীতি বায়েক হেৰাই যাব বুলি জনাহেঁতেন আৰু এটা অটোগ্ৰাফ বহীত তেওঁক লিখিব দিলেহেঁতেন।

কোনে জানে, কোনে ক’ব পাৰে ডাকঘৰৰ পোষ্টকাৰ্ডত কাৰোপৰা নাপাব খবৰ। কোনো অটোগ্ৰাফ বহীত কোনেও নিলিখিব শুভেচ্ছাবাণী। সেই পদূলিৰ বাঁহৰ নঙলা তিনিডালত তমসাহঁতে শৈশৱত কৰাৰ দৰেই নানা খেল- ধেমালি কৰিব নোৱাৰিব ভৱিষ্যতৰ যুগে।

প্ৰীতি বায়েক হেৰাই গৈছিল ৰঙা কাগজ ফুলজোপাৰ (বাগানভেলি) দৰেই  বিয়পি পৰা বদনামৰ কোবত। বদনামবোৰ সঁচা আছিল নে পিছৰ কথা, কিন্তু সেই বদনাম বিশালভাৱে বৈ গৈছিল আৰু দৃষ্টিগোচৰ সকলোৰে হৈছিল। নিজৰ পৰিয়ালৰ ওচৰত নিজৰ স্হিতি হেৰুওৱা প্ৰীতিবায়ে লিখি গৈছিল মৃত্যুৰ আগমুহূৰ্তত, “সময়ে মানুহক বুজি পাব শিকায়। বুজিলো। ভালপাব শিকায়। ভালপালো। ঘৃণা কৰিব শিকায়। নোৱাৰিলো। মোৰ মনটোৱে স্হিৰতা আৰু বৈধতা পোৱাজনৰ থাকি যোৱা সংসাৰৰ স্বাৰ্থত মই ৰং সলালো নিজৰ। জীৱিত আছো সতেজ ৰঙেৰে। মৰি যাম, ক’লা পৰিম আৰু ফুলি যাম। পোষ্ট মর্টেন কৰিব, কটা যাম। চিতাত জ্বলাই দিব, ছাই হৈ যাম। এৰা দুখ নাই। মোৰ জীৱনে এনেকৈয়ে ৰং সলালে নিজৰ। শৰীৰৰ সলনি হোৱা ৰং সকলোৱে দেখিব, পিছে মনৰ ৰংহে একা।

তমসাৰ হঠাৎ মনত পৰিল বেগটোৰ ভিতৰত থকা ধনদা আৰু সিহঁতৰে লগৰ কেইজনীমানৰ প্ৰথম কলেজীয়া দিনৰ নৱাগত আদৰণী সভাত কল্পনা ষ্টুডিঅ’ত উঠা গ্ৰুপ ফটোখনলৈ। বেগটো আলমিৰাৰ তলৰ খোটালিৰপৰা টানি আনি খুলি চালে। বেগত তাই ভালপোৱা দুখনমান প্ৰিয়কিতাপৰ মাজৰপৰা ‍‘নহন্যতে’ কিতাপখনৰপৰা ফটোখন ওলাই পৰিল। কিতাপখনৰ মাজত য’ত ফটোখন সোমাই থৈছিল তাতে মৰহি যোৱা বকুল ফুল কেইপাহমানো আছে। তাহানি তমসাহঁতে স্কুলত পঢ়োতে ইজনী সখীয়ে সিজনীক ফুল এপাহ, কলম এটা, কিতাপ বা ৰুমাল এখন বা চুলিত মাৰিবলৈ ৰঙা ফিতা, কিলিপ আদি উপহাৰ দিছিল। আজিৰ দিনৰ দৰেই তেতিয়া উপহাৰৰ নামত ফেছন বা অভিভাৱকৰ চিন্তাও নাছিল। তমসাই এদিন হাঁহি মাৰি হিৰুক কৈছিল, “বকুল ফুলৰ প্ৰেমত পৰিলো।”

“কিবা কথা? ক, ক।” হিৰুৱে সুধিছিল।

“ল’ৰাজনে ভাল ফুটবল খেলে। তেতিয়াৰপৰাই মোৰ ফুটবল খেল প্ৰিয়।”

“কত দেখিলি?কেনেকৈ? কি?” ক’বিনেতুমু।

তমসাই স্কুলীয়া ইউনিফৰ্ম, মেখেলা-চাদৰযোৰত জোঁট-পোট খোৱাকৈ হিৰুৰ ওচৰৰপৰা নিজৰ শ্ৰেণীকোঠালৈ দৌৰিছিল । যাওঁতে চিঞৰি কৈ গৈছিল, “বঙাইগাঁৱত ঘৰ তাৰ। সৈনিক স্কুলত পঢ়ে, মোৰ সৰু জেঠীমাৰ ল’ৰাৰ বন্ধু। ভাল ফুটবল খেলে। অসমীয়া শিকি কবিতা লিখে।”

“ৰচোন। ক আৰু?”

“সৈনিক স্কুলৰ পেৰেণ্টছ বডি মিটত যাওঁতে দাদাই চিনাকি কৰি দিছিল, বকুল ৰাজবংশী, উদয়গিৰি হাউছ।” তমসাই হাঁহিটো মাৰি কৈছিল, “বছ সিমানেই জানো। সৈনিক স্কুলৰ ডাইনিং হলত ভাত খাইছিলো। দাদাই ক’লে, ‍‘ডাইনিং হলটো চা। হলটো ইমান বৃহৎ অথচ মাজত এটাও খুঁটা নাই।’ মই ক’ত ডাইনিং হল চাম? মই কেৱল বকুলক চাইছিলো। দাদাই ক’লে, ‍‘ফলকখন চা। সৈনিক স্কুলত পঢ়া কেডেটসকলৰ নাম থাকে যিয়েই সামাৰিক বাহিনীত ছিট পায়।’(গোৱালপাৰাৰ সৈনিক স্কুলৰ ছাত্ৰবোৰক ‍‘কেডেট’ বুলি কয়। সৈনিক স্কুলত পঢ়ি থকা সময়তসিহঁতৰ নামৰ আগত কেডেট বহাই দিয়ে।)মই ফলকখন মনোযোগেৰে পঢ়া দেখালো। একো মনত নৰ’ল। বকুলৰ আগত যেন দেশ ৰক্ষাৰ সেনানীসকলো পিছ পৰি গ’ল। কেডেটসকলৰ পেৰেট, বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান সকলো দেখিলো।একো নেদেখিলো। জান হিৰু, সেই দৃশ্যাৱলীহে প্ৰিয় য’ত হৃদয়ৰ টান থাকে। য’ত হৃদয়ৰ আগ্ৰহৰ বাবেই মনোযোগে স্থান পায়। আপোন হয়। বকুলৰ আগত সকলো অসাৰ হ’ল। মোৰ গোৱালপাৰা সৈনিক স্কুল দৰ্শন আৰু বকুল…. বকুল হ’ল। বকুল ফুলৰ সুগন্ধিৰ দৰেই তাক মনত ৰাখি ঘৰলৈ আহিলো সৰু জেঠীমাৰ লগত। প্ৰেমিক যেন লাগেচোন নিজকে। তাৰ চাৱনিটো মনত পৰিলে গোটেই শৰীৰৰে তেজবোৰ মগজুৰ দিশে গতি কৰে। বুজিলো বিজ্ঞানে কিয় কয় অণু-পৰমাণুৰও গতি আছে বুলি।”

“এতিয়া পিছে?”

“মনৰ মাজত আছে। ফুটবল প্ৰিয়, কবিতা প্ৰিয়, সৈনিক স্কুল প্ৰিয়, উদয়গিৰি হাউছ আৰু সেই ডাইনিং হলটো। আচলতে বকুল আৰু তাৰ প্ৰিয় সৈনিক স্কুলখনে মোৰ আপোন হ’ল এতিয়া।”

“মই নহয়, মানে।” চলচলীয়া চকুৰে হিৰুৱে কৈছিল।

আজি ভাবে তমসাই, এৰা প্ৰয়োজনাধিক আৱেগিক আছিল বাবেই হিৰু হেৰাই থাকিল নেকি ? সিদিনা শ্ৰেণীকোঠাত দুয়ো সখীয়ে কথা পাতি পলমকৈ সোমোৱাৰ অপৰাধত দশম শ্ৰেণীৰ সমাজ অধ্যয়নৰ ছাৰে হিৰণ্ময়ীক বাঁহৰ স্কেলেৰে পাঁচকোব আৰু তমসাক নৱম শ্ৰেণীৰ উচ্চ গণিতৰ ছাৰে বাঁহৰ স্কেলেৰে চাৰিকোব মাৰিলে। দুয়োজনীৰ ঘৰতো পিছে মাকহঁতে গম পাই দুছাটমান দিলে। হিৰুৱে দশম শ্ৰেণীৰ টেষ্ট পৰীক্ষা দি ঘৰত আছিল। সেই দিনতে এদিন তমসাই হিৰুহঁতৰ ঘৰলৈ গৈ, সিহঁতৰ বাৰীৰ পিছপিনে থকা জলফাইজোপাৰ তললৈ গৈ তলসৰা জলফাই বুটলি কৈ গ’ল, “বকুলে ডাকঘৰত চিঠি পঠালে। প্ৰায়ে আমাক চিঠি-পত্ৰ দি থকা ডাকঘৰৰ পিয়ন অবনী খুৰাই সিদিনাও চিঠিখন দিবলৈ ঘৰৰ পদূলিত চাইকেলৰ বেল বজালে। মোৰ মনটো এনেই অধৈর্য হৈ আছিল। কিবা আপোন ভাবত বিভোৰ। মই দৌৰি গৈ চিঠিখন লৈ ঢেঁকীঘৰলৈ দৌৰ দিলো। দুপৰীয়া ভাগত ঘৰৰ সকলো পাকঘৰত ব্যস্ত। সেয়ে ঢেঁকীটোত বহি লৈ চিঠিখন খুলি অলপ পঢ়িছিলো মাত্ৰ। তেনেতে কোন পাকত ভাইটি আহি তাৰ নতুন জ্যামিতি বাকচটো মই মনে মনে স্কুললৈ নিয়াৰ অপৰাধত মোৰ বেণীদুডালত ইমান জোৰকৈ টানিলে যে মই ক’ব নোৱৰাকৈ চিঞৰি দিলো আৰু ঢেঁকীঘৰৰ ওচৰতে থকা শাকনিবাৰীৰপৰাই পটাত বটি চাটনি এখন বনাবলৈ বুলি পদিনা তুলি থকা আমাৰ ঘৰৰ যে কামকৰা তিৰোতা কুচুম পেহী তেওঁ দেখি চিঠিখন মোৰপৰা টানি নি মাক দিলে। চিঠি মোৰ পঢ়া নহ’ল। চিঠিখন লিখিছিল আৰচিচ গেলালীৰ লেটাৰ বুকৰ পেজত আৰু তাতে দুটা সৰু বিদেশী শিশুৱে তলসৰা বিদেশী ফুলএবিধ বুটলি আছিল। চিঠিখন ফালি-ছিৰি লাৰু কৰি মায়ে পাকঘৰৰ বাহিৰত গৰম পানী কৰা জুহালত দলিয়াই দিলে। পৰি থকা টুকুৰা এটা বুটলি আনি চকুৰ পানী মচি লুকাই ভয় ভয়কৈ পঢ়ি চালো। তাত লিখা আছিল, “মৰুভূমিত মৰীচিকা দেখাৰ দৰেই দেখিলো তোমাক। মোৰ জীৱন মৰুভূমি য’ত তুমি হেন মৰীচিকা মোৰ কাঁইটীয়া পথত এক সঁহাৰি।”

“হে প্ৰভু তুমু, খুৰীয়ে তোক বহুত মাৰিলে চাগে’ ন?”

“মোৰ কথা বাদ দে। মায়ে সৰু জেঠীমাহঁতৰ ঘৰত লগে লগে ফোন কৰি সৈনিক স্কুলৰ হাউছ মাষ্টাৰৰ ফোননম্বৰটো ল’লে। দাদাক বহুত বেয়াকৈ ক’লে বোলে দ্বাদশ শ্ৰেণীত পঢ়া ইমান সৰু ল’ৰা এটায়ো চিঠি লিখে। দাদাই সিপিনৰপৰা কি ক’লে গম নাপাওঁ। মাত্র মায়ে ৰঙা নতুন লেণ্ডফোনটোৰ ৰিচিভাৰটো জোৰেৰে থেকেচা মাৰি থ’লে। আমি লাহেকৈ থ’লেও গালি পাৰে কিন্তু নষ্ট কৰিম নেকি বুলি।” থোকা-থুকি মাতেৰে কথাখিনি কৈ তমসাই সিদিনাখন জলফাই গছজোপাৰ তলতে মাটিত বহি উচুপিলে।

হিৰুৱে তাইক হাতত ধৰি টানিলে। “ব’ল, নামঘৰত।”

নামঘৰৰ চৌহদৰ পুখুৰীৰ পাৰৰ খটখটিত বহি তুমুৱে পাৰৰ ভেকুলী এটালৈ চাই থাকিল। “হিৰু, ভেকুলী পানীৰো নহয় মাটিৰো নহয়। উভচৰ।” হিৰুৱে সিহঁতৰ ঘৰৰপৰা তুমুৱে বুটলি অনা জলফাইকেইটা খটখটিৰে নামি গৈ পুখুৰীত অলপ হাউলি দুখন হাত দুবাৰ জুবুৰিয়াই উঠাই আনিলে। তাৰ পিছত ভৰি দুখনেৰে পুখুৰীৰ পানী চুই একান্ত মনে কৈ গৈ থাকিল, “ভেকুলী আৰু ছোৱালী জাতিটো একে দেই, তুমু। মাকৰ ঘৰৰো নহয় শহুৰৰ ঘৰৰো নহয়। আমাৰ যে বৰমাহঁতৰ বুলীবা’ বিয়া হ’ল। তেওঁ প্ৰায়ে কয় জান, লগৰ সখীহঁতৰ লগত এটা জলফাই ভগাই খাইছিলো।”নিজেও হিৰুৱে জলফাই এটাত একামোৰ মাৰি মুখখন বিকৃত কৰি তুমুলৈ আগুৱাই দিলে, “হু ল, খা, বৰ টেঙা, বুলীবায়ে বিয়াৰ আগতে সখীহঁতৰ লগত কত মেল মাৰিছিল। এতিয়া সখীহঁতক মাকৰ ঘৰত তেওঁ আহিলে সিহঁতক মাতিলে বৌয়েকে বিৰক্তিত কয়, ‍‘সতিনী পাতি ল বুলী। সদায় লগতে পাবি।’ সিপিনে শহুৰেকৰ ঘৰত সখীহঁত গ’লে শাহুৱেকে কয় বোলে, ‍‘ইমান চেনেহ, মায়েৰৰ ঘৰতে থাকিব লাগিছিল। আমাৰ ঘৰত চাহৰ খৰচ কমিল হয়।’ এতিয়া বুজিলি তুমু, আমিবোৰ উভচৰ সমাজখনৰ বাবেই। ভেকুলীৰতো জঁপিওৱাত স্বাধীনতা আছে এই মাটি সেই পানী। আমাৰ নাৰী জাতিৰ সেইকণো স্বাধীনতা নাই।”

তমসাৰ চকুৰপৰা তেতিয়া দুধাৰি লোতক বাগৰি আহিছিল। হিৰুৱে নামঘৰৰ চৌহদত থকা বকুল গছজোপাৰ তলৰপৰাই তলসৰা বকুল বুটলি তুমুৰ হাতত একাঁজলি বকুল ফুল দি কৈছিল, “হেৰাই যাব নিদিবি এই অনুভূতিক। বৈ যাব দে বকুল ফুলৰ সুৱাসৰ দৰেই। প্ৰেমত সোঁৱৰণী আছে। বৃদ্ধ হৈও এদিন স্মৰণ কৰিবি হৃদয় তোলপাৰ লগোৱা অনুভূতিৰো শক্তি আছে। যি অনুভূতিত শক্তি আছে তাত মনোযোগ আৰু একাগ্ৰতা আছে। য’ত মনোযোগ আৰু একাগ্ৰতা আছে, সেয়া সদায় সতেজ আৰু নিভাঁজ। পঢ়িছ দেখো মৈত্ৰেয়ী দেৱীৰ ‍‘নহন্যতে’।

হিৰুৰ মৰমৰ বুজনিত সিদিনা তুমুৱে নিজে মাটিৰ ৰঙালাওত খুচুৰা পইচা জমা কৰি অষ্টম শ্ৰেণীত কিনা ‍‘নহন্যতে’ কিতাপখনৰ মাজত বকুল ফুলখিনি থৈ দিছিল।

তেতিয়াৰ জীপাল, সুগন্ধি বকুল ফুলকেইপাহ এতিয়া শুকান, গোন্ধহীন হৈ পৰিল। তমসাই হিৰুলৈ মনত কৰি সেই মৰহি শুকাই যোৱা বকুলকেইপাহ হাতৰ মুঠিত উঠাই আনি হাতখন মেলি চালে। ফুলকেইপাহ বহু বছৰৰ প্ৰিয় সখীৰ মৰমৰ সাক্ষী হৈ শুকান গুড়ি এমুঠিত পৰিৱৰ্তন হৈ গ’ল। তমসাই বকুল ফুলৰ গুড়িখিনি নিজৰ মুখ আৰু গলধনত সানি ল’লে। এচিকুট গুড়ি তমসাৰ অন্তর্বাসৰ মাজত ছিটিকি পৰিছিল। তমসাই হুকহুকাই কান্দি দিলে, “হিৰু, আমি নাৰী, আমি উভচৰ, আমি ভেকুলী। পিছে তই কেৰাচিন ঢালি আত্মহনন কৰাতকৈ ভেকুলী হৈয়ে জীয়াই থাকিব লাগিছিল। শুকান বকুল ফুলৰ গুড়িবোৰচোন গলে-মুখে সানিও তোক সম্পূৰ্ণ ৰূপত অনুভৱ কৰিব নোৱাৰিলো।”

“কাম-বন নাই তোমাৰ? মাৰ্কচিটবোৰ নিজৰনে?” অৰণ্যৰ প্ৰশ্নত তমসাই মূৰ তুলি চাইছিল। তেতিয়া তাইৰ হাতখনত আখৰ শিকাবলৈ চেষ্টা কৰা সিহঁতৰ ঘৰৰ কাম কৰা ছোৱালী সাধনাৰ কিছুমান বিশৃংখল হাতৰ আখৰ। অবুজ অথচ দৃঢ় চাৱনিৰে তাই অৰণ্যলৈ চালে, “ভুল ক’ত কৰিলো?”

“সেয়াইতো, তুমি একো ভুলেই নকৰা তমসা। তাইক কিয় বেয়াকৈ কৈছিলা? তুমি জানিব লাগে তাই মোৰ আপোন আৰু প্ৰিয় বন্ধু।”

“সময়ে পৰিস্থিতিকো মিলায় অৰণ্য। বিশৃংখলতাও সদায় বিশৃংখল হৈ নাথাকে। সময়ে সুন্দৰকৈ কঢ়িয়াই নিয়ে শৃংখললৈ। তুমি পাৰিবা অৰণ্য, সময়ে তোমাৰ আৰু মোৰ সম্পৰ্কক স্হিৰ আৰু শৃংখল কৰিব এদিন চাবা। তাইক এৰি দিয়া। শৈশৱত এৰি অহা সোণালী যুগৰ দৰেই। শৈশৱ আছে জানো, ধৰি ৰাখিব পাৰিছানে তুমি তাক? ইমান মধুৰ শৈশৱক তুমি যাপন কৰি এৰি দিয়া বাবেই ই তোমাৰ বাবেই সুন্দৰ। সেই সময় বা যুগৰ যাপনত সুন্দৰতা আছে য’ত সোঁৱৰণী আছে। তাই তোমাৰ তেতিয়াৰ মৰমৰ বান্ধৱী আছিল সত্য, কিন্তু সময়ে সম্পৰ্কটোৰ নাম কি দিলে চোৱা, এতিয়া তাই তোমাৰ ভাই-বোৱাৰী হয় অৰণ্য। সময়ে নিজৰ তেজ-মঙহৰ সম্পৰ্ককো অচিনাকি কৰে। মনত আছেনে অৰণ্য তোমাৰ, তুমি যে মোক কৈছিলা যৌথ পৰিয়ালত তোমালোকৰ ভাই-ভনীবোৰৰ কিমান আনন্দ আছিল। এখন বিচনীৰে বা পোৱা নোপোৱাকৈ সেই জোনাকৰ পোহৰত তোমাৰ আইতাই কোৱা সাধু আৰু খুন্দনাত খুন্দা তামোলৰ সেই মলমলীয়া গোন্ধ তোমাৰ প্ৰিয় আছিল। ক’ত তুমি ধৰি ৰাখিছা আইতাক। মই একো নকওঁ অৰণ্য, তুমি তাইক সোঁৱৰণী পাঠত প্ৰথম স্থান দিয়া। কিন্তু মোক দেখুৱাই তুমি তাইৰ সৈতে এখন বিছনাত এখন কম্বলৰ তলত নুশুবা, অনুৰোধ কৰিছো। কিছুমান মুহূৰ্তই আত্মাক বিন্ধে, জীৱিত দেহতো কিছুমান দৃশ্যই কাঁড়পাটৰ দৰেই বিন্ধে। এই আত্মাতো যে আছে মোৰ শৰীৰত যাক মোৰ ঘৰখনে মোৰ স’তে বঢ়ালে। সত্য ক’বলৈ গ’লে এই আত্মাই তোমাক ঘৃণা কৰে বহুত। কিন্তু তুমি নুবুজা তোমাক কৰা ঘৃণাতো মোৰে কষ্ট হয় বহুত। সমাজক দেখুৱাই সম্পৰ্ক ৰক্ষা কৰোতে সেন্দূৰকণ শিৰত ঢালি দিওঁতে কষ্ট হয় বহুত। কেনেকৈ পিন্ধো চোৱা এই সেন্দূৰ মই; যি সেন্দূৰত শ্ৰদ্ধা নাথাকে। শ্ৰদ্ধা কৰিবলৈ সুযোগ দিয়া অৰণ্য, নহ’লে ধৰ্মই হাঁহিব তোমাক।”

অৰণ্য নিৰ্বিকাৰ আছিল। গভীৰ হাবিত জুমি চাব খোজা তেওঁৰ চাৱনি। ভয় খাইছে হাবিখনত সোমাবলৈ। যদি হাবিখনত একছত্ৰী বনৰ ৰজা হৈ বৈধ এজনী হৰিণীৰ মাংসই তৃপ্তি দিব নোৱাৰে তেওঁক। তাতোকৈচোন বনৰ ৰজা নোহোৱাকৈ গভীৰ হাবিৰ বাহিৰতে তেওঁৰ বহুত সুখ। পুৰণি মাংসৰ তৃপ্তিৰ লোভ এৰিবলৈ কোৱা পত্নীক সজোৰে এক চৰ মাৰি দিলে, “মনে মনে থাক।”

হঠাৎ তমসাৰ খুৰাকলৈ মনত পৰিল, “পুৰুষে পত্নীক প্ৰহাৰ নকৰে। পুৰুষে বুজায় মৰমেৰে। কাপুৰুষে কৰে পত্নীক প্ৰহাৰ। আৰু প্ৰকৃত নাৰীয়েও স্বামীক মানসিক কষ্ট নিদিয়ে। দিক্ দেখাই দিয়ে নিজৰ অভিজ্ঞতা আৰু জ্ঞানেৰে। সেয়ে নাৰী মহিয়সী। তোমাক বিনা দোষত মাৰিছে। কষ্ট পাইছা তুমি। সজোতে নিজৰ ৰুমত আহি তোমাক প্ৰহাৰ কৰাৰ দুগুণে জোৰত তেওঁক মাৰি দিয়া। তুমু, মোৰ মাজনী, এয়া মনোবিজ্ঞানহয়। কোনো কাপুৰুষে কেতিয়াও নক’ব যে তেওঁৰ পত্নীক দিয়া নিৰ্যাতনৰ ফল তেওঁ পাই গ’ল।” তমসাৰ খুৰাক এজন উচ্চ পর্যায়ৰ সামৰিক বিষয়া। তেওঁৰ পাঠ্যক্ৰমৰ শিকা সৰহভাগ মনোবিজ্ঞান তমসাক শিকাইছিল। তেওঁ হয়তো বুজি উঠিছিল চম্ভালি নল’লে এই নাৰীয়েও জীৱনৰ হাবিয়াস এৰি নিজকে হনন কৰিব। এৰা আত্মহনন। অ’ আত্মহত্যা।

সিদিনা খুৰাকৰ কথা মনত পেলাই তমসাই অৰণ্যক পূৰ্ণহতীয়া চৰ এটা মাৰি দিছিল। অৰণ্য আচৰিত হৈছিল। চকুত আগ্নেয়গিৰি ফুটি ওলোৱা লাভা। তাতোকৈ আচৰিত হৈছিল তমসা, কৰিব পাৰিলেচোনতাই। খুৰাকৰ সামৰিক বিভাগৰ মনোবিজ্ঞানৰ প্ৰেক্টিকেলত তাই এশ শতাংশ মাৰ্ক পালে। বিস্ময় মানিবলগীয়া এইখিনিতে খুৰাকে কোৱাৰ দৰেই অৰণ্যই কাকোৱে নক’লে চৰ খোৱা কথা। আনকি তমসাকো। তমসাই সিদিনা বহুত কান্দিলে এই ভাবি, জীয়াই থাকিবলৈও বহুত কষ্ট কৰিব লাগে হায়। খুৰাকে গধূলি ফোনত কয়, “নিশেষ নকৰিবা নিজক। যোগ্যজনেহে পৃথিৱীত জীয়াই থাকিব পাৰে। যুগে কয়। তুমি যোগ্য হোৱা মাজনী। মই বিচাৰো আমাৰ ভুলক তুমি জয় কৰা। ভুল হৈছিল আমাৰ তোমাক তাৰ লগত বিয়া দি। তুমি পাৰিবা মাজনী। এৰা-এৰি হোৱাটো সহজ। সহজ কাম তুমি কৰিবা জানো ? দিন-ৰাতি উদযাপন কৰা অৰণ্যৰ সৈতে। দেখাই দিয়া অৰণ্যক; অৰণ্য আছে অথচ নাই তোমাৰ জীৱনত। তুমি তেওঁৰ শুশ্ৰূষা কৰিবা, দায়িত্ব পালন কৰিবা। ভাবি ল’বা এয়া ধৰ্ম। প্ৰেম নহয়।”

নিজক আৰু সম্পৰ্কক বিশ্বাস কৰা তমসাৰ সিদিনাপৱিত্ৰ অগ্নিৰ সাক্ষী লৈ হোৱা বিবাহৰ সম্পৰ্কটোৰ বাবেই নিজক নিঃশেষ কৰি দিবলৈ দৌৰিছিল। হাহাকাৰ কৰি উঠিছিল তাই পথ বিচাৰি।কেনেকৈ মৃত্যু হোৱাটো তমসাই নিজে বিচাৰে? ফাঁচি লৈ। হাতৰ সিৰ কাটি। জ্বলি। নাই নোৱাৰি, ভয় লাগে তেজ চাব। উহ জ্বলিব নোৱাৰি, এবাৰ বৰালি মাছ ভাজোতে তেল ছিটিকি জোলা ফুটিছিল। কি কষ্ট? ফাঁচি, অ’ ভাবিব পাৰি। অত্যধিক শাৰীৰিক তৃপ্তিৰ বাবেই কৰা নিৰ্যাতনৰ নিশাটোত তাই ভগৱানক চিঞৰিছিল, “জীয়াই নাথাকো আৰু মই। আশা বহুত আছিল জীৱনৰ। পৰাজয় হোৱা নাই মই। বিশ্বাস হেৰাইছো নিজৰ আৰু সম্পৰ্কৰ।”

সিদিনা ৰাতি যি অলপ চিলমিল টোপনি আহিছিল তমসাৰ; তাই সপোন দেখিছিল।… তাই”Combine Defence Services” (CDS)-ৰ পৰীক্ষাত সুকলমে পাছ কৰি চেন্নাইৰ “Officers Training Academy”(OTA) Indian Army-ৰ বিষয়া হ’ব…

Related Articles

Close