পোহৰ-অন্তিম খন্ড

পাপৰি বৰ্মন

 IIT ত Computer Science ৰ project ৰ বাবেই তমসাই ঘৰৰ চাৰিচকীয়া বাহনখনত গৈছিল । নিজৰ পেটত হাতখন থৈ তাই গাড়ীৰ পিছপিনৰ চিটটোত আউজি লৈ ভাবি আছে কি বা আছে পেটত লৰা নে ছোৱালী ?  Nokia মবাইলটোত মাকৰ ফোন আহি আছে । ফোন আহি থকাত তাই মবাইলটোৰ পিছপিনৰ ঢাকোনখন খুলি বেটাৰীটো উলিয়াই দিলে । অন্ততঃ পুনৰ ফোন ডায়েল কৰিলে মাকে তমসা থকা জেগাত নেটৱৰ্ক নাই বুলি  ভাৱিব । একোৱেই কাম দিয়া নাই জীয়াই থাকিবলৈ । খুৰাকৰ পৰামৰ্শ শুনাৰ পৰা অৰণ্যই থিকে তমসাক মাৰ পিট নকৰে । কিন্তু ডাক্তৰৰ পৰামৰ্শকো অৰণ্যই অৱজ্ঞা কৰাত প্ৰতি নিশাই তমসাই ভয়ত ভগৱানক মাতে । যিমানে অৰণ্যই তমসাৰ শৰীৰ পৰীক্ষা নিৰীক্ষা কৰে সিমানেই তাই ভয়ত কাপোৰখন টানি লয় । পুহমাহৰ কুৱলীৰ দিনটো তমসাই কম্বলখন বিচাৰি কপি উঠে , ” ঠাণ্ডা পাইছো । এতিয়া জ্বৰ হলে ঔষধ খোৱা অনুচিত । “
” ধুনীয়া । “
ধুনীয়া শব্দটোৱে তমসাক ভয় খুৱাই সাংঘাতিক ধৰণে । তেতিয়া তমসা ক্লাছ এইটত । স্কুলৰ ইংৰাজীৰ চাৰে তাই দেখুৱাব নিয়া অনুশীলনৰ বহীখন চাই পিঠিত ঠপৰিয়াই কৈছিল , ” ধুনীয়া হৈ গৈছা দিনক দিনে । “
সেই স্পৰ্শ অচিনাকি , অশালীন । তমসাৰ ইংৰাজী অনুশীলনৰ বহী সেইটো বছৰ বগা হৈ থাকিল সদায় । তাই পিছৰ বেন্ছত বহি উপন্যাস পঢ়ে ” How green was my vally.”
চুবুৰীৰ খুৰাজনে ফাকুৱা ঘহি দিয়াৰ চলে বুকুলৈ হাতখন নিলে । তমসাই পিছুৱাই গল । ঘৰখনে সেই চুবুৰীৰ খুৰাকহতৰ লগত সম্পৰ্ক শেষ কৰি দিলে চিৰদিনৰ বাবেই । ” তুমু , তই আৰু কেতিয়াও ফাকুৱা নেখেলিবি । “
হেৰাই গল ফাকুৱাৰ ৰং যি ৰংৰ পিছত তমসাই দৌৰিছিল ।
” মা , অৰণ্যই চোৱাচোন …….।”
“স্বামী হয় । ” মাকক মনত কৰি দিয়ে তমসাই সৰুৰ পৰাই মাকে কিমান সংৰক্ষণ কৰি ৰাখিছিল তাইক  ।
খুৰাকৰ ইমান বুজনিৰ পিছতো পৰাজয় হৈ আত্মহত্যা কৰিব এনেকুৱা এটা ভাৱ তমসাৰ মনত আহি থাকে সদায়  । হেৰাই যাব তাইও প্ৰীতি বায়েক নহলে হিৰুৰ দৰেই । ধনদাৰ গালিক তাই আওকাণ কৰিব , ” চা ধনদা , তই নুবুজ । তই সংসাৰ কৰা নাই । “
” যুঁজ ।”
” শৃংখল ও এক কলা । বিশৃংখল উশাহ টানি নিজৰ হাওঁফাওঁটোক প্ৰতাৰণা কৰা হয় অ ধনদা । “
          দৌৰে তমসাই IIT ওপৰ মহলালৈ যোৱা খটখটিবোৰেৰে । ASP.NET ত কৰা Project File হাতত লৈ বিশৃংখল উশাহ লৈ দৌৰে । IIT ৰ বেলেগ ছাত্ৰ ছাত্ৰীবোৰে তাইলৈ চাই । কোনোবাই ধৰি দিয়ে হাতখনত , পিছলি পৰি যাব খোজা ভৰিখন ৰৈ যায় । উহ , শান্তিত মৰিবও নিদিয়ে বাটৰুৱাই । পানবজাৰৰ কিতাপৰ দোকানলৈ , বিশৃংখল যান বাহন , বিশৃংখল উশাহ তাইৰ । চলন্ত গাড়ীখনে ব্লেক মাৰি দিয়ে । এইবাৰ ফাঁচী । ঠিক , ঘৰত গৈ মবাইলত বেটাৰীটো লগাই খুৰাকলৈ ফোন লগালে ।
” খোজবোৰ দিবলৈ বৰ কষ্ট হৈছে । ” তমসাই ফোনত কান্দিলে ।
” তুমি হয়টো নাজানা তুমু , মাজনী মোৰ । কষ্টৰ খোজত স্থায়ী চিহ্ন ৰৈ যায় । “
“নহয় খুৰা , বিশৃংখল চাৰিওপিনে । “
” কেন্ছাৰ বেমাৰী এজনে জীয়াই থাকিব কিমান কষ্ট কৰে । যুঁজ দিয়া । অৰণ্যক তোমাৰ জীৱনত কঢ়িয়াই নি যুঁজ দিয়া । তুমি মৰি গলে অৰণ্যই আৰু বিয়া পাতিব । ভাবা তাৰ জীৱনৰ পৰা তুমি আতৰি দি তাক সুখ উপহাৰ দিবানেকি ?তুমি পাৰিব লাগিব । এইখন যুদ্ধ তোমাৰ । তুমি জীয়াই থকাটো জয় । আত্মহত্যা কৰাটো পৰাজয় । “
         ফাঁচী নলগালে ডিঙিত । তাই পাৰিছিল যুজিব । প্ৰতি পদে পদে তমসাৰ মানসিক স্থিতিৰ বুজ লৈ থকা খুৰাকে তমসাক শৃংখল উশাহেৰে সৈতে দ্বিতীয় জীৱন দিলে ।  লাভলী , গাখীৰ চুপিবলৈ বুকুৰ মাজত সোমাল । অৰণ্যই বৈধ পিতৃ হব পাই ডাঙৰ উৎসৱৰ আয়োজন কৰিলে । তমসাই অৰণ্যৰ হাতত ধৰিলে ” দুখ পাইছো ” । নাৰ্চি হোমৰ চেলাইন দি থকা নাৰ্চজনীয়ে তমসাৰ মুৰত হাতখন বুলাই দিলে । তমসাই কৈ গল ,  ” অৰণ্য , লাভলীহে তোমাৰ বৈধ সন্তান । তাইৰ সন্তানক ইচ্ছা কৰিলেও তুমি পিতৃৰ নাম দিব নোৱাৰা । “
         সুন্দৰ নিশাবোৰত হেঁপাহৰ লাভলীৰ সতে তমসাই মাতৃগৃহত মাকৰ বুকুৰ মাজত কটালে । লাভলীৰ জন্মৰ এমাহৰ পিছত তমসাৰ মাকে তাইক চিঞৰি মাতিলে , ” তুমু , কোনোবাই ফোন কৰিছে । ধৰচোন । তই বোলে চাকৰিটোৰ বাবেই যোগ্য । “
         অৰণ্যই চিঞৰিছিল , ” প্ৰয়োজন কি চাকৰিৰ ? টকা কিমান আছে মোৰ ? “
         তমসাই দুগুণ উৎসাহেৰে চিঞৰি উঠিছিল , ” মোক লৈ কৰা তোমাৰ চিন্তাটোও মোৰ বৰ ভাল লাগে । অৱহেলা আৰু দুখবোৰ উপহাৰ দিয়াই বহুত ধন্যবাদ । নহলে উশাহৰ মূল্য নুবুজিলোহেতেন ।  যত মৰম আৰু যতন নাথাকে সকলো অজীৱ হয় , সেইয়া সম্পৰ্কয়ে কিয় নহওক । জীৱিত সম্পৰ্কহে মোৰ প্ৰিয় । “
কুকুৰা চৰাইৰ মাতত তমসাই খিৰিকী খনৰ ওচৰলৈ দৌৰ মাৰিলে । তাই এতিয়া আকাশ চাব । আন্ধাৰৰ ফাকে ফাকে পোহৰ আহিব । “ধনদা । “
” কি তুমু ? “
” নিজৰ সংসাৰ চম্ভালোতে , লাভলীক অকলে ঘৰৰপৰা দূৰত ৰাখি সময় আৰু পৰিস্থিতিৰ লগত যুঁজ দি সংসাৰ আৰু কৰ্মজীৱনত আগুৱাই যাওঁতে মই তোক …..। ” কান্দি দিয়ে তমসাই ।
” মোৰ যুঁজত কাৰোপৰা সহাঁৰি নাপালোঁ । বিশৃংখল উশাহক স্থিৰ কৰি দিলোঁ , তুমু । “
” হু , নিৰ্জীৱ । পানী কেচুৱাজনীৰ কথাও নাভাবিলি তই। ” অস্তিত্বহীন শৰীৰেৰে ধনদাৰ কায়া হেৰাই যায় আকাশৰ সৌ আন্ধাৰৰ ভাজত ।
        ” মা । ” লাভলীৰ ওচৰ চাপে তমসাই । উদং বুকুৰ বিষটো লাভলীয়ে কমাই । চিনাকি শৈশৱ শৈশৱ লগা গোন্ধৰে লাভলীয়ে তমসাৰ বুকুৰ মাজত সোমাই । আন্ধাৰৰ ফাকে ফাকে অহা পোহৰে দুয়োজনী মাক জীয়েকৰ মুখত জীৱনৰ ৰং চটিয়াই ।
             চাৱাৰৰ তলত থিয় দি তমসাই নিজৰ দেহটো চুই চায় , ” অৰণ্যই শৰীৰত আকি দিয়া দাগবোৰ গল । একোৱেই স্থাৱৰ নহয়চোন দুখ কি , সময় কি , পৰিস্থিতি কি , ৰূপ কি ; হু নমৰি ভালে কৰিলোঁ । ” মবাইলত অচিনাকী নম্বৰৰ মেচেজ । চিনাকি কবিতা । চকুহালত চন্ছল হাঁহি লৈ নম্বৰটোত হোৱাট আপাছত মেছেজ কৰিলে , ” সম্ভৱ নহয় জানিও আৱেদন কিয় ? “
ৰিপ্লাই আহিল , ” এতিয়াও সময় আছে শৃংখল হোৱা । “
” হৈছো ।” তমসাই টাইপ কৰে ।
” ৰাগিৱাল বস্তু সেৱন কৰি কোনোৱে শৃংখল নহয় । এৰি দিয়া চিগাৰেট , বিয়েৰ , ভদকা । “
“তুমি কেনেকৈ জানিলা ? ” তুমুৱে টাইপ কৰিলে ।
” এতিয়া সৈনিক স্কুলত পঢ়ি থকা সেই কেডেটটো হৈ থকা নাই । Indian Army ৰ officer মই । “
” ভয় কমিল মানে । ” তুমুৱে টাইপ কৰে ।
” চাওঁ , পোহৰ আহিব দিয়া । গছপুলি এটা ৰুইছো তোমাৰ নামত । “
” মই পোহৰক বাধা দিয়া নাই , বকুল । এৰিম বাৰু চিগাৰেট , বিয়েৰ , ভদকা তোমাৰ বাবেই । কিন্তু মোক প্ৰতিশ্ৰুতি দিয়া আমি বন্ধু হৈ থাকিম সদায় । কাৰণ মই অৰণ্যক মোৰ সফল জীৱন দেখুৱাব খুজো । “
আজিকালিৰ তমসাই ঘনাই কবিতা পাঠ কৰে । কিতাপেৰে পুঠিভৰালটো সজাই । সুন্দৰ গান শুনি লাভলীক বুকুৰ মাজত লৈ খুৰাকলৈ ফোন লগাই , ” খুৰা , কাৰ্গিল যুদ্ধত বিজয়ী হৈ Indian Army ৰ কিমান ফুৰ্তি লাগিছিল । “
“কিয় সুধিলা ? দেশ ৰক্ষাত আনন্দ আছে ।  “
” তুমি যে মোক মৰি যাব নিদিলা , সেই জীৱন যুদ্ধত জয় হৈ মোৰ সিমানেই বিশ্বাস বাঢ়িছে , আনন্দ লাগিছে । “
” নিজক নিশেষ কৰাত আনন্দ নাপায় , তুমু । কণ্টকময় পথতো কাইট গচকি পাৰ হব পৰাজনে জীৱনত কাইটৰ খোজ কেনেকুৱা অনুভৱ কৰিব পাৰে । “
           আন্ধাৰৰ আৰু বিশৃংখল যুগৰ পিছত অহা পোহৰত তমসাই ভাৱে পোহৰ চাবলৈ সকলোকে আগ্ৰহ জন্মাব পৰাহেতেন কোনেও আত্মহনন নকৰিলেহেতেন ।
@@@@@@
সমাপ্ত

Related Articles

Close