পৃথিৱীক ৰক্ষা কৰিবলৈ আগন্তুক ১৮ মাহত পদক্ষেপ গ্ৰহণ কৰিবই লাগিব

মহাবাহু

লণ্ডন (২৫ জুলাই) পৃথিৱীক ৰক্ষা কৰিবলৈ মানুহৰ হাতত আছে মাথোঁ ১২ বছৰ সময়! পূৰ্বৰ এনে দাবীৰপৰা আঁতৰি আহি বিজ্ঞানীসকলে এতিয়া কৈছে যে ১২ বছৰ নহয়, মানুহৰ হাতত সময় আছে মাত্ৰ ১৮ মাহ। আগন্তুক ১৮ মাহৰ ভিতৰত পৃথিৱীক ৰক্ষা কৰিবলৈ প্ৰকৃততে যি কৰা প্ৰয়োজনীয়, সেয়া কৰিবই লাগিব। জলবায়ু পৰিৱৰ্তন বিষয়ক ৰাষ্ট্ৰসংঘৰ এক বিজ্ঞানীৰ দলে ‍‘ইণ্টাৰগৱৰ্ণমেণ্টেল পেনেল অন ক্লাইমেট চেঞ্জ’-ত যোৱাবছৰ কৈছিল যে যদিহে এই শতাব্দীৰ ভিতৰত আমি তাপমাত্ৰা বৃদ্ধি ১.৫ ডিগ্ৰী ছেলছিয়াছৰ মাজত আবদ্ধ কৰি ৰাখিব বিচাৰো, তেনেহ’লে ২০৩০ চনৰ ভিতৰত কাৰ্বন নিৰ্গমন ৪৫ শতাংশ হ্ৰাস কৰিব লাগিব। কিন্তু এতিয়া বহুত বিশেষজ্ঞই কৈছে যে ইমান সময় এতিয়া মানুহৰ হাতত নাই। কাৰ্বন নিৰ্গমন হ্ৰাস কৰিবলৈ কঠোৰ সুস্পষ্ট ৰাজনৈতিক পদক্ষেপ গ্ৰহণ কৰিবই লাগিব অহা ২০২০ চনৰ পূৰ্বেই। পৃথিৱীখনক ৰক্ষাৰ স্বাৰ্থত ২০২০ চনক শেষ সময়সীমা বুলি প্ৰথমবাৰৰ বাবে ২০১৭ চনত বিশ্বৰ কেইবাগৰাকী শীৰ্ষস্থানীয় জলবিজ্ঞানীয়ে ঘোষণা কৰিছিল। জলবায়ু বিজ্ঞানী আৰু ‍‘পটাচদাম ক্লাইমেট্ ইন্সটিটিউট’ৰ হেন্স জোৱাকিন শ্বেলন হুবাৰে কৈছে যে জলবায়ু সম্পৰ্কীয় অংকটো এতিয়া অত্যন্ত নিৰ্মমভাৱে সুস্পষ্ট। আগন্তুক কেইটামান বছৰৰ ভিতৰতেই পৃথিৱীৰ ক্ষত নিৰাময় কৰা হয়তো সম্ভৱ নহয়, কিন্তু ২০২০ চনৰ ভিতৰতেই আমি পৃথিৱীৰ অপূৰণীয় ক্ষতি কৰিব পাৰো আমাৰ অৱহেলাৰ জৰিয়তে।

২০২০ চনৰ ভিতৰতেই পৃথিৱীক জলবায়ু পৰিৱৰ্তনৰ কুফলৰপৰা ৰক্ষা কৰাৰ শেষ সুযোগ, সেয়া প্ৰতিক্ষণে অধিক স্পষ্ট হৈ পৰিছে। এতিয়া বিশ্বৰ ৰাজনৈতিক নেতাসকলে ঐক্যবদ্ধ হৈ সিদ্ধান্ত গ্ৰহণ কৰালৈ ৰৈ আছে শুভবুদ্ধিসম্পন্ন বিজ্ঞানীমহল।

Show More

Related Articles

Back to top button
error: Content is copy right protected !!
Close
Close