পিতাই আৰু আই

কস্তুৰী চুতীয়া

তেতিয়া পিতায়ে চাইকেল লৈ ঢোল বজাবলৈ যায় । বাৰিষাৰ বৰষুণত ৰাস্তাৰ অৱস্থা নাইকিয়া হয়         ( ২০১৭ চন মানলৈকে গাঁৱৰ ৰাস্তাটো পকী হোৱা মাছিল ) । চাইকেলত তিনিটা ঢোল বান্ধি ঠেলি ঠেলি পিতাই ঢোল বজাবলৈ যায় । কেতিয়াবা পিচলি পৰে । এবাৰ পদূলিতে পৰিছিল । মই সেইদিনা খুব কান্দিছিলো । গোটেই ৰাতি বিয়াত পিতায়ে ঢোল বজায় । পুৱতি নিশা উভতি আহে । অলপ শুই মই স্কুললৈ ওলোৱাৰ সময়তে আকৌ সাৰ পায় আৰু দিনত খেতিৰ কামত লাগে । আনহাতে,  পুৱাৰ পৰা গধূলিলৈকে মা কামতে ব্যস্ত হৈ থাকে । মই মাজে মাজে অবুজন হৈ পৰোঁ । শিশু আছিলো । আব্দাৰ কৰিছিলো । পিতায়ে যেনে-তেনে হ’লেও সকলো আব্দাৰে পূৰণ কৰিছিল । চকুৰ আগত এপদ এপদকৈ বস্তুবোৰ গোটাইছিল । মই হাইস্কুল পোৱালৈকে পিতায়ে কাপোৰো ৰিডাকচনৰহে কিনিছিল । মই আপেল খাই ভাল পাইছিলো । পিতায়ে আনি দিছিল : মই খুৱাই দিব খুজিলে কৈছিল, “তুমিয়ে খোৱা ,মই বৰ ভাল নাপাওঁ ।” এতিয়া পিতায়ে কেতিয়াবা ঘৰলৈ আপেল আনে । আচলতে,  আপেল পিতাইৰ অপ্ৰিয় নাছিল । এতিয়া ভাবো,  কিমান কষ্টৰ আছিল পিতাৰ  সেই দিনবোৰ । তথাপি মোৰ হাঁহিতে হাঁহি থাকিছিল । কোনোবাই ঘৰখনত ল’ৰা এটাও লাগিছিল বুলি ক’লেই দপদপাই উঠিছিল,”মোৰ ছোৱালীয়ে হ’ব । তাই কৰিব । তাই পাৰিব ।” আই-পিতাইৰ হাজাৰ ত্যাগত এতিয়া ঘৰখন অলপ চিজিল লাগিছে । তথাপি পিতাইৰ অজস্ৰ জোৰা-টাপলি ,দৌৰা-দৌৰি । ইপিনে কাম কৰি কৰি আইৰ অসুখ । তথাপি বাৰীখন আইৰ মনৰ সন্তান । এতিয়াও কাম কৰিয়ে থাকে । হয়তো ৰৈ গ’লেই মোৰ কষ্ট হ’ব বুলি মনত ভয়!!!
আমাৰ সকলোৰে আই-পিতাই একেই অ’ । অজস্ৰ ত্যাগ : অজস্ৰ মৰম ।
মোৰ ওপজা গাঁও তিতাবৰৰ  “নামচুঙী ভগনীয়া”ৰ মানুহে কোৱা শুনিছিলো,  আইতা হেনো বৰ সাদৰী আছিল । এখন মহিলা বিদ্যালয় আমাৰ গাঁৱত পাতিছিল । পিতাইহঁতক ভাত দিওঁতে কেতিয়াবা নিজলৈও নৰৈছিল । গেষ্ট্ৰিক হৈয়ে হঠাতে এদিন আইতা ঢুকাইছিল ।  জীৱন এনেকুৱাই… আমি ৰৈ যাব নোৱাৰো ।
পুৱাই আইৰ ফোন ,  “পঢ়া-শুনা কৰিছানে সোণ ?” কমিছে…পঢ়াবোৰ কমিছে ।  টাকুৰি ঘূৰাদি ঘূৰি থকা হৈছে । সেইয়াও কৰ্তব্য , এইয়াও কৰ্তব্য ! কামবোৰ থাকি যাবলৈ দিব নোৱাৰি । স্বৰচিত কবিতাৰ কিতাপখনো শেষ কৰিব লাগিব! সোনকালেই…..।
আই-পিতাইৰ প্ৰিয় ছবিখনো ইয়াতেই দিলো…
Show More

Related Articles

Back to top button
error: Content is copy right protected !!