পাহৰণিৰ গৰ্ভত হেৰাই যোৱা এমুঠি মলিন ছবি – প্ৰণবেন্দ্ৰ শৰ্মা

দেৱাল খন বহুদিনৰ পৰাই উকা
ফটো বন্ধাই দেৱালত ওলোমাই থোৱাৰ
অভ্যাস নোহোৱা হল
আধুনিক যুগত নিমিষতে
সাত সাগৰ পাৰ হৈ
ফটো ভ্ৰাম্যভাসৰ ভিতৰত
কিন্তু স্মৃতি খন্তেকীয়া
আঙুলিৰ পৰশত মছি যায়
ক্ষণিকৰ অতিথি
এলবামৰ ভিতৰত মৰহি যোৱা
ফটো অস্পষ্ট
বয়সে আমনি কৰা চকুৱে
উকা বেৰত বিচাৰে
পাহৰণিৰ গৰ্ভত হেৰাই যোৱা
এমুঠি মলিন ছবি
মৃত্যুৰ হাতত পৰাজিত মানৱৰ
বৃথা সপোন চিৰন্জীৱী হোৱাৰ
অমৃতৰ সন্ধানত
অবিনাশী আত্মাৰ আবিস্কাৰ
অৱশ্যম্ভাৱীক মানি লোৱা কঠিন
দেৱালত ফটো ওলোমাই
স্মৃতি যুগমীয়া কৰাৰ
অলীক প্ৰচেষ্টা
মৃত্যুৰ শীতল হাতৰ পৰশত
চিৰনিদ্ৰা নহালৈকে
দেৱালখন উকা হৈ থকাই ভাল নেকি

©প্ৰণবেন্দ্ৰ শৰ্মা, ২০১৭
April,2017
San Jose, California, 95120
Ph. 408-839-1139

Related Articles

Close