পাটনা ডায়েৰীঃ পপুলাৰ নাৰ্চিংহোমৰ আন এক কুকীৰ্তিঃ

ডাঃ শ্বাহিদুল প্ৰীতম

যোৱা এপ্ৰিল মাহৰে কথা।বন্ধুবৰ চিকিৎসক এজনে ফোন কৰি কলে দাদা মোৰ আত্মীয় ৰোগী এজনৰ ৰাজহাড়ৰ অস্ত্ৰোপচাৰৰ বাবে পাটনা গৈ আছে,আপোনাৰ নং দি দিছো।আপুনি সিহঁতক সহযোগ কৰিব বুলি আশা ৰাখিলো। কথামতেই দুদিনমান পিছত কাঁহিলীপুৱাতে ৰোগীজন পাটনা পালেহি। ৰোগীজনৰ লগত অহা আত্মীয়ই ৰোগীজনৰ অৱস্থা সংকটজনক বুলি কোৱাত মই নিজেই সেই কাঁহিলীপুৱাতে ষ্টেচন পালোগৈ। পিছত ৰোগীজনক পাটনাত মুজাফ্ফৰপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অস্থি বিশেষজ্ঞ অধ্যাপক ডাঃকুমাৰ গৌৰৱ ছাৰৰ হতুৱাই দেখুৱাই এমআৰআই,এক্সৰে আদিকে ধৰি অন্যান্য পৰীক্ষা সমূহ কৰিব দিয়া হয়। ৰোগীজন মোৰ চিনাকি চিকিৎসক এজনৰ আত্মীয় বুলি গৌৰৱ ছাৰক অৱগত কৰোৱাই লগত অহা আত্মীয় বোৰকো চিনাকি কৰাই দিলো।ৰোগীজন যিহেতু এজন চিকিৎসকৰ আত্মীয় তাৰোপৰি মই নিজেই ছাৰক অনুৰোধ কৰাৰ পিছত সকলো ৰিপোৰ্ট চাই স্পাইনৰ অস্ত্ৰোপচাৰটোৰ বাবে ঔষধ,থকামেলা আদিকে ধৰি সকলো মিলাই নব্বৈ হাজাৰৰ পৰা একলাখমান টকা খৰচ হব বুলি ৰোগীৰ আত্মীয়ক জনাই দিলে। খৰচৰ পৰিমাণ জানি মোৰ নিজৰো ভাল লাগিল যিহেতু সেয়া একেবাৰে জেনুইন নিম্নতম খৰচ। ৰোগীৰ আত্মীয়ক কথাখিনি জনোৱাই মই নিজেই কলো আপোনালোকক ছাৰে যি খৰচৰ কথা কলে সেই খৰচ বেলেগ নাৰ্চিংহোমত কৰিলে ডেৰলাখৰ পৰা দুইলাখৰো বেছি হব।
পিছৰদিনাখন আবেলি ৰোগীৰ আত্মীয়ই মোলৈ ফোন কৰি কলে ছাৰ আমি অপাৰেচন ইয়াত নকৰাও,ইয়াত খৰচ বহুত বেছি কৈছে!! আমি বেলেগ নাৰ্চিংহোমত খবৰ কৰিছো,তাত মাত্ৰ পঞ্চাশ হাজাৰত কৰি দিম বুলি কৈছে….!! মই কথাষাৰ শুনি কোনখন নাৰ্চিংহোম,ক’ত কি এইবোৰ একো নুসুধি ৰোগীজনক তাতেই লৈ যাব কলো…।মই তেখেত সকলৰ কথাবোৰ শুনিয়ে ধৰিব পাৰিছিলো তেখেত সকলে ভুল কৰি আছে, কিন্তু কি কম…?বেছি জোৰ কৰিলে হয়টো ভাবিব মোৰ কি স্বাৰ্থ আছে?কথাখিনি মোৰ চিকিৎসক বন্ধুজনক অৱগত কৰোৱাই তেখেতসকলক পাটনাত কোনো অসুবিধাৰ সন্মুখীন হলে সহায় কৰিম বুলি প্ৰতিশ্ৰুতিও দিলো। দুদিনমানৰ পিছতে ৰোগীজনৰ লগত অহা আত্মীয়ই মোলৈ ফোন কৰি ৰক্তৰ অভাৱত ৰোগীজনক অস্ত্ৰোপচাৰ কৰিব পৰা নাই বুলি মোক অৱগত কৰালে। ৰোগীজনক কোনখন নাৰ্চিংহোমত ভৰ্তি কৰোৱাৰ কথা সোধাত পপুলাৰ নাৰ্চিংহোম বুলি কলে।মই তেতিয়াই গোটেইখিনি কথা অনুধাৱন কৰিলো। পপুলাৰ(নামতহে পপুলাৰ এইখন)নাৰ্চিংহোমৰ নানা কুকৰ্মৰ কথা মই ইতিমধ্যে বিভিন্ন সময়ত ফেচবুকত লিখি আহিছোঁ।(কিছুমাহ আগত কাৰ্বি আংলংৰ ৰোগী এজনকো মাথো ত্ৰিছ হাজাৰ টকাত নি ৰিপলেচমেন্ট অপাৰেচন কৰোৱাব বুলি মিছা কথা কৈ ৰোগীজনক ভৰ্তি কৰোৱাইছিল।) ৰোগীজনৰ যিহেতু অস্ত্ৰোপচাৰৰ বাবে ৰক্তৰ প্ৰয়োজন সেয়ে বিহাৰৰে ল’ৰা এজনৰ হতুৱাই ৰক্ত যোগান ধৰিলো। বিনা অজুহাতত প্ৰায় ২০ দিনৰো ৰখোৱাই ডকাইতৰূপী পপুলাৰ নাৰ্চিংহোমখনে একলাখ আশী হাজাৰ টকাত ৰোগীজনক ডিচাৰ্জ কৰি দিয়ে।ৰোগীজনীৰ আত্মীয়ই নিজৰ ভুল স্বীকাৰ কৰি ৰোগীজনক তাতে ভৰ্তি কৰিব নালাগিছিল বুলি কৈ ৰোগীজনক ৰক্তৰ যোগান ধৰাৰ বাবে মোক ধন্যবাদ জ্ঞাপন কৰে।
#এয়াই_পাটনা।। ইয়াত ৰোগীক নানা প্ৰলোভন মিছা আশ্বাস দি প্ৰথমতে ৰোগীক এডমিট কৰাই তাৰ পিছত হকেবিহকে নানা বিল দেখুৱাই ৰোগীৰ পৰা টকা আদায় লোৱাৰ প্ৰতিযোগিতাত নামি পৰে!!
#এক_বিশেষ_আহ্বান সদায় কোৱাৰ দৰে আজিও কও সৰুসুৰা অস্ত্ৰোপচাৰৰ বাবে পাটনা অহাৰ পৰিবৰ্তে অসমতে কৰোৱাওক।
ডাঃ শ্বাহিদুল প্ৰীতম
পাটনা,বিহাৰ
৯৭০৭৭৩৮১৯৭

Related Articles

Close