পাকিস্তান জিন্দাবাদ কোৱা কেইজনক উদ্দেশ্যি:

আবিদুল্লা আহমেদ

# এনেকুৱা সময়বোৰত যিকোনো কথাই লিখিবলৈ ভয় লাগে। কিজানিবা কোনোবা পক্ষৰ ৰোষত পৰো বা বিতৰ্কৰ মাজত সোমাই পৰো। একো নিলিখো বুলিয়েই আছিলো। কিন্তু সহ্য কৰিব নোৱাৰিলো-
          চাই আছো- দেশৰ সংকটৰ সময়ত যিকোনো মানুহৰ ধৈৰ্যৰ বান্ধ চিঙিব পৰা মন্তব্য কৰা মানুহৰ তালিকাখন দীঘলীয়া হৈ গৈ আছে। কোনোৱে যদি পাকিস্তান জিন্দাবাদ কৈছে, আন কোনোৱে কৈছে ভাৰতীয় সেনা জোৱানৰ ওপৰত হোৱা আক্রমনক Well Done।
১/ চাহানুৰ ইছলাম
২/ খাইৰুল আলম
৩/ মনোজ সিংহা
৪/ হাফিজুৰ ৰহমান
৫/ ৰাহুল তাঁতী
৬/ গৌৰৱ তাঁতী….আৰু অনেকজন
   (তালিকাখন যাতে আৰু দীঘলীয়া নহয়।)
    এই সময়ত এটা কথাই কওঁ, ইহঁতক ভালদৰে জেৰা কৰক, আৰু কাৰাগাৰত অলপ দিন সংৰক্ষণ কৰি থওক। যদিহে ভাৰত-পাকিস্তানৰ যুদ্ধ হয়, ইহঁতকেইটাক যুদ্ধ ক্ষেত্ৰত একেবাৰে আগফালে ৰাখি প্ৰমাণ চাব লাগিব পাকিস্তানৰ পৰা অহা গুলী আৰু বোমাই ইহঁতৰ প্ৰাণ কাঢ়ে নে নাকাঢ়ে।
# মুছলমান_সমাজৰ_প্ৰতি_আহ্বান:
       মই মহম্মদ আবিদুল্লা আহমেদ। মোৰ এই পৰিয়াল প্ৰদত্ত নামটোৰ পৃথিৱীৰ যিকোনো মুছলমান দেশৰ মুছলমানৰ নামৰ সৈতে সাদৃশ্য আছে হয়। কিন্তু মোৰ ভাষা, সভ্যতা-সংস্কৃতি, সাজপাৰ, মোৰ শিক্ষা, চিন্তাধাৰাৰ কোনো সাদৃশ্য কোনো  মুছলমান দেশৰ ব্যক্তিৰ সৈতে নাই। মোৰ জন্মভূমি অসম। মই অসমীয়া, ভাৰতীয়।
        মোৰ পৰিচয় এজন অসমীয়া, এজন ভাৰতীয়। ধৰ্মটো পৰিচয়ৰ ঘৰত নাৰাখি একেবাৰে ব্যক্তিগত গণ্ডীৰ ভিতৰত ৰাখো।
          আৰম্ভনিটো “মই” ৰে কৰিলো যদিও প্ৰতিজন অসমীয়া বা ভাৰতীয় মুছলমানৰ ক্ষেত্ৰতো একেই; বা একেই হোৱা উচিত। মোৰ দৰে ভৱা অসমীয়া বা ভাৰতীয় মুছলমানসকলে আজি লাজ পাইছো কলংকিত কেইটামানে বিৰূপ আচৰণ কৰাত।
            কেৱল একে ধৰ্মৰ হোৱাৰ বাবেই কোনো মুছলমান দেশৰ মানুহজন মোৰ আপোন হ’ব নোৱাৰে। মোৰ আপোন মোৰ চুবুৰীয়া, প্ৰতিজন অসমীয়া, প্ৰতিজন ভাৰতীয় (ধৰ্ম নিৰ্বিশেষে)।
              আমাৰ মুছলমান সমাজৰ প্ৰত্যেকলৈ আহ্বান জনাওঁ যে এজন ভাল মুছলমান হ’বলৈ স্বাধীন ভাৰতৰ প্ৰথম শিক্ষা মন্ত্ৰী মৌলানা আবুল কালাম আজাদৰ আদৰ্শ লওক, যি জনে জিন্নাৰ পাকিস্তানৰ দুৰ্ঘোৰ বিৰোধিতা কৰিছিল। এ পি জে আব্দুল কালামৰ আদৰ্শ লওঁক। বাঘ হাজৰিকা ওৰফে ইছমাইল চিদ্দীকীৰ আদৰ্শ লওঁক। ভাল মুছলমান হ’বলৈ পাকিস্তান বা কোনো মুছলমান দেশৰ মুছলমান প্ৰীতি দেখুৱাৰ প্ৰয়োজন নাই। চিন্তা কৰিব নালাগে, এনেও আমাৰ ভাৰতীয় মুছলমানৰ প্ৰতি পাকিস্তানৰ বা অন্য দেশৰ মুছলমানৰ প্ৰেম নাই। আৰু আমাকো তেওঁলোকৰ প্ৰেম বা সহায়ৰ প্ৰয়োজন নাই। মনত ৰখা উচিত, ভাৰতবৰ্ষই আমাক বহুত দিছে, ইমানেই দিছে আমাক যে পৃথিৱীৰ কোনো মুছলিম ৰাষ্ট্ৰই আমাৰ কথা ভৱাৰ প্ৰয়োজন নাই। তেওঁলোকৰ দেশৰ মুছলমানতকৈ আমি ভাৰতৰ মুছলমান বহুত সুখত আছো। এই কথা আমি অন্তৰেৰে অনুভৱ কৰা প্ৰয়োজন।
          এইখিনিতে উল্লেখ কৰিব খোজো ১৯৭১ চনৰ পূৱ আৰু পশ্চিম পাকিস্তানৰ যুদ্ধৰ কথা। পাকিস্তানী সেনাই লক্ষ লক্ষ পূৱ পাকিস্তানী (বাংলাদেশী) যুৱতী, কিশোৰী ধৰ্ষণ কৰিছিল। পাকিস্তানী ইমাম আৰু ধর্মীয় সংগঠনে এই মহিলা সকলক যুদ্ধৰ লুট সামগ্ৰী বুলি ৰাজহুৱা ঘোষণা কৰিছিল। তেতিয়া একেই মুছলমান বুলি পাকিস্তানী সেনাই বাংলাদেশীসকলক ৰেহাই দিয়া নাছিল, মানৱীয়তাকো ভূলুণ্ঠিত কৰি অবৰ্ণনীয় অত্যাচাৰহে কৰিছিল। অৰ্থাৎ, পূৱ পাকিস্তান আৰু পশ্চিম পাকিস্তানৰ ভিন্ন ভাষা-সংস্কৃতি মূল বিষয় হৈ পৰিছিল। এই উদাহৰণ এইবাবেই উপস্থাপন কৰিলো যে, আমাৰ ভাৰতীয় মুছলমানৰো ভাষা-সংস্কৃতি পৃথিৱীৰ অন্য মুছলমান দেশৰ লগত নিমিলে। হাড়ে-হিমজুৱে আমি অসমীয়া। কোনো মুছলমান ৰাষ্ট্ৰই আমাক সহায় নকৰে। মোৰ মাতৃভূমি অসমৰ ঋণ জীৱন দান দিওঁ আমি শুজিব নোৱাৰিম।
             মুছলমান আই-মাতৃ-পিতৃসকলে নিজৰ সন্তানক সু-শিক্ষা দিয়ক। কেৱল মাদ্ৰাছাৰ শিক্ষা, ইমাম হোৱাৰ বাবে ধর্মীয় শিক্ষা দিলেই উপযুক্ত শিক্ষা দিছো বুলি নাভাবিব। বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষা বাধ্যতামূলকভাৱে নিজৰ সন্তানক প্ৰদান কৰক। কেৱল দাড়ি-টুপীৰে মুচলমানী সাজ পৰিধান কৰাজনক ভৱিষ্যত প্ৰজন্মই আদৰ্শ বুলি গ্ৰহণ যে নকৰে মনত ৰাখিব।
এই কথাও মনত ৰাখিব আধুনিক শিক্ষাৰে সমাজলৈ অৱদান আগবঢ়োৱা এ পি জে আব্দুল কালাম, ফকৰুদ্দিন আলি আহমেদ, মৌলানা আবুল কালাম আজাদ, চৈয়দ আব্দুল মালিক, ইছমাইল হুছেইন, নোৱেল বঁটা প্ৰাপ্ত মালালা য়ুচুুফজাইক হে ভৱিষ্যত প্ৰজন্মই আদৰ্শ বুলি গ্ৰহণ কৰিব। ধৰ্মীয় পৰিচয় জহাই ফুৰা সাজ পৰিধান কৰাসকল আৰু বিশ্বৰ এজন মহা মনিষী মহম্মদৰ নামটো নিজৰ নামত ব্যৱহাৰ কৰা সকল সচেতন হোৱা উচিত যাতে কোনোবাৰ অপকৰ্মৰ বাবে গোটেই সমাজখনে নাক লুকুৱাব লগা অৱস্থাৰ পুনৰাবৃত্তি ঘটি নাথাকে। আধুনিক যুগৰ বৈজ্ঞানিক চিন্তাধাৰাৰ সমান্তৰালকৈ প্ৰত্যেকেই কথাবোৰ নিজা বিচাৰ-বুদ্ধিৰে চিন্তা কৰিব হ’ল। এই চিন্তা শক্তিৰ বাবেই প্ৰয়োজন আধুনিক শিক্ষা। এইক্ষেত্ৰত মুছলমান সমাজৰ পৰা আগবাঢ়ি যোৱা প্ৰতিজন শিক্ষিত ব্যক্তি, নেতা, সংগঠনৰ গুৰু দ্বায়িত্ব আছে।
# মোৰ মাতৃভূমিৰ সকলোলৈ আহ্বান:
            কোনো বিদেশী মুছলমানক আমাৰ দেশত বসতিস্থাপন কৰিবলৈ দিয়াৰ আমি তীব্ৰ বিৰোধী। সেয়া লাগিলে অবৈধ বাংলাদেশীয়েই হওক বা শেষতীয়াকৈ বাতৰিৰ শিৰোনামালৈ  অহা ৰুহিঙ্গীয়াই হওক। সমান্তৰালভাৱে বিৰোধী নাগৰিকত্ব সংশোধনী বিধেয়ক -১৬ ৰো। মোৰ মাতৃভূমিক আপোনালোকে যিমান ভাল পাই এজন খিলঞ্জীয়া মুছলমানেও সিমানেই ভাল পায়। আপোনালোক যিমান অসমীয়া, এজন খিলঞ্জীয়া মুছলমানো সিমানেই অসমীয়া। গতিকে শেহতীয়াকৈ নাম আৰু উপাধি দেখি মুছলমান বুলি গম পালেই দেশপ্ৰেমৰ প্ৰমাণ বিচাৰিব খোজা যি প্ৰৱণতা একাংশৰ মনত গঢ় লৈ উঠিছে তাৰো তীব্ৰ বিৰোধিতা কৰোঁ।(অৱশ্যে ব্যক্তিগতভাৱে মই কেতিয়াও এনে পৰিস্থিতিৰ মুখামুখী হোৱা নাই। আশা কৰোঁ আগলৈও নহয় )যিকোনো আন্দোলন বা প্ৰতিবাদত অসংখ্য জনৰ মাজত এজন মুছলমান থাকিলেও তেওঁক উদাহৰণ দি মুছলমানে আন্দোলন কৰিছে, বিদেশীয়ে আন্দোলন কৰিছে বুলি যি কু-ৰাজনীতিৰ আৰম্ভণি কৰিব খুজিছে তাৰো আমি তীব্ৰ বিৰোধী। গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে চৰকাৰৰ যিকোনো জনবিৰোধী নীতিৰ বিৰুদ্ধে মাত মতাৰ সকলোৰে সমান অধিকাৰ আছে। মনত ৰাখিব, চৰকাৰ আৰু ৰাষ্ট্ৰ একেই নহয়। চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰা মানে ৰাষ্ট্ৰৰ বিৰূদ্ধে প্ৰতিবাদ কৰা নুবুজায়, ৰাষ্ট্ৰদ্রোহী নুবুজায়।
           গতিকে মুছলমান ও যে খিলঞ্জীয়া এই কথাটোও সকলো পক্ষই গ্ৰহণ কৰিবলৈ আহ্বান( অসম চুক্তিৰ আধাৰত অবৈধ আৰু বিদেশীমূলীয় সকলক বাদ দি)। ১২০৬ খৃষ্টাব্দতেই অসমলৈ আগমন ঘটা মুছলমানসকল পৰৱৰ্ত্তী সময়ত অসমৰ অন্যান্য জনগোষ্ঠীৰ সৈতে বৈবাহিক সম্পৰ্কৰে বান্ধ খাই মুছলমানৰ একক DNA কেতিয়াবাই হেৰুৱালে। ইয়াৰোপৰি নিম্ন জাতিৰ বুলি অৱহেলিত হোৱাৰ বাবে বা বিভিন্ন কাৰণত বহু লোক ধৰ্মান্তৰিত হৈ মুছলমান হৈ পৰে। বুৰঞ্জীৰ কোনোবা এটা টোকাৰ কেইটামান কথাৰ পৰা আমাৰ পূৰ্বপুৰুষ (মোৰ) ধৰ্মান্তৰিত মুছলমান বুলিহে ভাৱ হয়। সেইবাবেই কওঁ, অসমৰ মুছলমানসকলৰ DNA আৰৱ বা পাকিস্তানৰ মুছলমানৰ DNA ৰ পৰা বহুত নিলগত। অসমৰ মুছলমানৰ DNA এই ৰাজ্যৰ জাতি-জনগোষ্ঠীৰ লগতহে মিল আছে বুলি মোৰ বিশ্বাস। (অৱশ্যে পৰীক্ষা কৰি চোৱা নাই, মোৰ ভুল হ’লে বিতৰ্ক নকৰি বিজ্ঞজনে ভুলখিনি শুধৰাই দিয়াৰ প্ৰাৰ্থনা জনালোঁ)। সেইবাবেই ভাৱো মোৰ চুবুৰীয়া, প্ৰতিজন অসমীয়া (অমুছলমান বা মুছলমান) মোৰ বুকুৰ আপোন।
           #শেহতীয়া সেনা জোৱানৰ ওপৰত হোৱা আক্ৰমণ সন্দৰ্ভত:
           সেনা জোৱানসকলৰ মৃত্যুত প্ৰতিজন ভাৰতীয়ৰ লগতে আমিও অতিশয় মৰ্মাহত। দিনে-নিশাই প্ৰহৰা দি ভাৰতক নিৰাপত্তা দিয়া সেই বীৰসবলৈ যাচিছোঁ গভীৰ শ্ৰদ্ধাঞ্জলী। যিকেইটা সন্ত্ৰাসবাদী এই ঘটনাত জড়িত, সিহঁতক পৃথিৱীৰ য’ত থাকিলেও বিচাৰি আনি মৃত্যদণ্ড দিলেহে আমি শান্তি পাম। ইহঁতক প্ৰশ্ৰয় দিয়াসকলৰ ওপৰতো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক। আমেৰিকাই যিদৰে পাকিস্তানৰ ভিতৰত আত্মগোপন কৰি থকা লাদেনক নিঃশেষ কৰিলে, তেনেকৈ এই ঘটনাৰ লগত জড়িত আটাইকেইটাক নিঃশেষ কৰক। আমেৰিকাৰ সেই “লাদেন নিধনৰ কৌশল” ভাৰতেও লোৱাটো দৰকাৰ।
   # চৰকাৰৰ প্ৰতি অনুৰোধ:
        শেষত, এটা অনুৰোধ, আমাৰ দেশৰ, আমাৰ ৰাজ্যৰ মুছলমানসকলক আধুনিক শিক্ষাৰে শিক্ষিত কৰাৰ ক্ষেত্ৰত চৰকাৰে দৃঢ় পদক্ষেপ গ্ৰহণ কৰক। বহু সমস্যাৰ সমাধানৰ একমাত্ৰ উপায় আধুনিক শিক্ষা হ’ব বুলি আমাৰ বিশ্বাস। মুছলমান সমাজৰ গালৈ সদায় আঙুলিু টোৱাই থকা জনবিস্ফোৰণৰ বিষয়টো ও আধুনিক শিক্ষাৰে শিক্ষিত কৰিব পাৰিলে পৰিয়াল পৰিকল্পনাৰ দ্বাৰা বহুখিনি নিয়ন্ত্ৰণ হ’ব বুলি আমাৰ দৃঢ় বিশ্বাস। ধন্যবাদ।
বি:দ্ৰ: কোনো ধৰণৰ বিতৰ্ক আমাৰ কাম্য নহয়। যদি আমাৰ দ্বাৰা লিখা কোনো কথা ভুল বুলি ভাৱে বা আমাৰ কোনো কথাই কাৰোবাক অনিচ্ছাকৃভাৱে আঘাত কৰে তেন্তে সেয়া আঙুলিয়াই দিবলৈ অনুৰোধ জনালোঁ। ভুলবোৰ শুধৰাবলৈ আপোনাৰ সুুপৰামৰ্শ আমাৰ কাম্য।

Related Articles

Close