পাকিস্তানৰ লৌহ-মহিলা ‘#মুনিবা_মাজাৰী

প্লাৱিতা বৰুৱা

জীৱনে দিয়া তিক্ততাবোৰৰ বিৰুদ্ধে অপৰিসীম ধৈৰ্য্য আৰু সাহসেৰে যুঁজি বিজয়ী হোৱা এগৰাকী নাৰী- পাকিস্তানৰ লৌহ-মহিলা ‘#মুনিবা_মাজাৰীৰ’ অফুৰন্ত উদ্দ্যম আৰু মনোবলৰ আশ্চৰ্য্যপূৰ্ণ কাহিনী……..
ছোৱালীজনীৰ জন্ম ৩ মাৰ্চ, ১৯৮৭ চনত পাকিস্তানৰ ৰহিময়াৰ খান নামৰ ঠাইত। এক দূৰ্ভাগ্যজনক দূৰ্ঘটনাত শৰীৰৰ তলৰ অংশ সম্পূৰ্ণৰূপে বিকল হোৱাত হুইলছে্যাৰত জীৱনৰ বাবে আৱদ্ধ হোৱাৰ স্বত্তেও নিজৰ ভৰিত নিজে ঠিয় দিয়া, প্ৰেৰণামূলক কথা আৰু ভাষণেৰে মানুহক আপ্লুত কৰা, এগৰাকী বিখ্যাত বক্তা হিচাপে বিশ্বযোৰী পৰিচিত এইগৰাকী বিস্ময়কৰ নাৰীৰ বিস্ময়কৰ যাত্ৰা তেওঁৰ ভাষাৰে….
“সকলোৱে মোক অক্ষম বুলি কয়, মই কিন্তু নিজকে বিশেষভাৱে সক্ষম বুলিহে কওঁ। আমাৰ জীৱনত কিছুমান এনেকুৱা ঘটনা ঘটে যিবোৰে আমাৰ জীৱনটোৱেই সলনি কৰি দিয়ে। সেই ঘটনাবোৰে আমাক ভাঙি দিয়ে, দূৰ্বল কৰি দিয়ে আৰু বিকৃত কৰি দিয়ে। এনে ঘটনাবোৰেই কিন্তু লগতে আমাক নিজৰ শ্ৰেষ্ঠতম অৱতাৰলৈ অৱনিত কৰাৰ সুযোগো দিয়ে আৰু ঠিক তেনেকুৱাই হৈছিল মোৰ লগত। মোৰ বিয়াৰ সময়ত মোৰ বয়স আছিল ১৮ বছৰ। ইমান কম বয়সতে বিয়া হ’বলৈ মন নাছিল যদিও কেৱল মাত্ৰ দেউতাই কোৱাৰ বাবেই তেওঁক সুখী কৰিবলৈ বিয়াত বহিছিলো। স্বামীৰ লগত সম্পৰ্ক আৰু বিয়াৰ পিছৰ জীৱন একেবাৰেই সুখৰ নাছিল। বিয়াৰ দুবছৰ পিছত মোৰ জীৱন সলনি কৰি দিয়া সেই মৰাত্মক দুৰ্ঘটনাটো ঘটিছিল। মই স্বামীৰ লগত গাড়ীত এফালে গৈ থাকোতে গাড়ী চলাই থাকোতেই তেওঁৰ টোপনি ধৰিল আৰু কোন তলকত গাড়ীখন এটা খালত গৈ সোমাল ধৰিবই নোৱাৰিলো। তেওঁ কোনো প্ৰকাৰে গাড়ীৰ পৰা জাপ মাৰি বেছি দুখ নোপোৱাকৈ ওলাই যাবলৈ সক্ষম হয় যদিও মই আৱদ্ধ হৈ থাকি গ’লো গাড়ীৰ ভিতৰতে। সৌভাগ্যক্ৰ্মে মই চিকিৎসালয় পালোগৈ যদিও বহুত আঘাত পাইছিলো আৰু শৰীৰৰ ক্ষত-বিক্ষতৰ তালিকাখন অলপ ভয় লগা ধৰণৰেই আছিল। মোৰ হাতৰ হাড় বেয়াকৈ ভাঙিছিল, বাউসীৰ হাড়ৰ লগতে গোটেই কামিহাড় ভাঙিছিল। কামিহাড়ত দুখ পোৱাৰ বাবে লিভাৰ আৰু হাওফাওঁও প্ৰায় বিকল হৈ গৈছিল ।মই নিজে উশাহ ল’ব নোৱাৰা হৈ গ’লো, প্ৰসাব-পাইখানাৰ ওপৰত নিজৰ নিয়ন্ত্ৰন হেৰুৱাই পেলালো, যাৰ বাবে এতিয়াইও লগত অনবৰতে টইলেট বেগটো কঢ়িয়াই ফুৰিব লাগে। ৰাজহাড়ৰ তিনিডাল হাড় সম্পূৰ্ণৰূপে ভাঙি চুৰমাৰ হৈ গ’ল যাৰ বাবে শৰীৰৰ তলৰ অংশ স্থায়ীভাবে পেৰেলাইচিচ হৈ গ’ল। মই  চিকিৎসালয়ত আঢ়ৈ মাহ থাকিব লগা হ’ল যি সময়ত মোৰ শৰীৰটোৱে অসংখ্য অপাৰেচনৰ কষ্ট ভূগিব লগা হ’ল। এদিন ডাক্তৰ আহি মোক ক’লে যে মোৰ বাবে এটা বেয়া খবৰ আছে- মোৰ শিল্পী হোৱাৰ সপোনটো আৰু কেতিয়াও পুৰণ নহ’ব কাৰণ মোৰ হাতখন ইমান আঘাতপ্ৰাপ্ত হৈছিল যে কলমটো পোনকৈ ধৰাতোও মোৰপক্ষে সম্ভৱ নহয়। পিছদিনা ডাক্তৰ আকৌ আহি মোক ক’লে যে মই ৰাজহাড়ত ইমান দুখ পাইছা যে মই আৰু কেতিয়াও খোজ কাঢ়িব নোৱাৰিম আৰু ৰাজহাড়ত লগোৱা যোৰাবোৰৰ বাবে কেতিয়াও সন্তান জন্ম দিবও নোৱাৰিম। সেইদিনা মই সম্পূৰ্ণৰূপে ভাগি পৰিছিলো। মই মোৰ মাক প্ৰশ্ন কৰিছিলো, মোৰ লগতে কিয় হ’ল? মই মোৰ গোটেই অস্তিত্বৰ অৰ্থ বিচাৰি প্ৰশ্ন কৰিছিলো, মই নিজকে সুধিছিলো ইমানখিনিৰ পিছতো মই জীয়াই কিয় আছো? অন্ধকাৰে আৱৰা সেই নিৰাশ মূহুৰ্তত মোৰ মায়ে কোৱা কথাকেইটা মোৰ বাবে অমৃতসম আছিল আৰু তেতিয়াই মই উপলব্ধি কৰিছিলো যে মানুহৰ কথাত, শব্দত কিমান শক্তি থাকিব পাৰে। তেওঁ কৈছিল, ‘বেয়া সময়বোৰ সদায় নাথাকে, এই নিৰাশ মূহুৰ্তবোৰো এদিন পাৰ হৈ যাব, ভগৱানে তোমাৰ কাৰনে কিবা ডাঙৰ পৰিকল্পনা কৰি থৈছে। মই কি নাজানো, কিন্তু কিবা যে নিশ্চয় আছে সেইটো জানো।’ আৰু সেই অসহ্য দুখৰ সময়চোৱাত মাৰ সেই কথাকেইটা মোৰ বাবে যাদুকৰী আছিল, সেই কথাকেইটাই মোক জীয়াই থাকিবলৈ সাহস দিছিল, ভৱিষ্যতৰ আশা জগাইছিল মনত । মই মোৰ দাদাহতঁক কৈছিলো, ‘মই জানো মোৰ হাতখন অকৰ্মণ্য হৈ গৈছে কিন্তু মই চিকিৎসালয়ৰ এই বগা পোচাকবোৰ আৰু বগা বেৰকেইখন চাই চাই ভাগৰি গৈছো। কিবা এটা কৰিব বিছাৰো মই, মোক অলপ ৰং আনি দিয়া, মোক এখন কেন্ভাচ আনি দিয়া ,মই আকিব বিচাৰো, জীৱনত অলপ হেলেও ৰং বিচাৰো।’ আৰু মই মোৰ প্ৰ্থম চিত্ৰখন আকিছিলো চিকিৎসালয়ৰ সেই মৃত্যুশয্যাত। সেইখন মোৰ বাবে মাথো এখন পেইনটিং নাছিল, আছিল এক সঞ্জীৱনী স্বৰূপ।
তাৰ পাছত যেতিয়া হস্পিতালৰ পৰা মোক ঘৰলৈ যাবলৈ অনুমতি দিয়া হ’ল দীৰ্ঘদিন পৰি থকাৰ বাবে মোৰ গাত বহুত ঘাঁ লাগিছিল আৰু মই বহিবও পৰা নাছিলো। মোৰ শৰীৰটো ইতিমধ্যে বহুত বীজাণু, এলাৰ্জীৰ বাহ হৈ গৈছিল আৰু তাৰ পৰা আৰোগ্য লাভ কৰিবলৈ ডাক্তৰে মোক বিছনাত চিধাকৈ পৰি থকাৰ পৰামৰ্শ দিছিল- ছমাহ অথবা এবছৰলৈ নহয়, সম্পূৰ্ণ দুবছৰলৈ। মই সূদীৰ্ঘ দুবছৰ শয্যাশয়ী হৈ আছিলো, অকল খিৰিকীৰ বাহিৰলৈ চাই চাই আৰু চৰাই-চিৰিকতিৰ মাতবোৰ শুনি শুনি- এটাই আশাত, এটাই অপেক্ষাত যে কেতিয়াবা মইও নিজৰ ঘৰৰ মানুহৰ লগত প্ৰকৃতিৰ মাজত ওলাই গৈ হাঁহি ধেমালি কৰিব পাৰিম। তেতিয়া মই উপলব্ধি কৰিছিলো যে কিছুমান মানুহ কিমান ভাগ্যৱান। মই সিদ্ধান্ত লৈছিলো যিদিনাই মই বহিব পাৰিম সেইদিনাই মই মোৰ কাহিনীটো পৃথিৱীৰ সকলোকে শুনাম, তেওঁলোকক উপলব্ধি কৰিবলৈ শিকাম যে তেওঁলোক প্ৰকৃততে কিমান সৌভাগ্যৰ অধিকাৰি কিন্তু নিজকে অভাগী বুলি ভাবি থাকে। তাৰওপৰি মই নিজৰ জীৱনটো অথলে যাব নিদিও বুলিও সিদ্ধান্ত লৈছিলো, মই ঠিক কৰিছিলো যে মই মোৰ ভয়বোৰৰ বিৰুদ্ধে যুঁজিম। আমাৰ সকলোৰে বিভিন্ন ধৰণৰ ভয় থাকে, অজান কিহবাৰ ভয়, নিজৰ আপোন কাৰোবাক হেৰুৱা ভয়, নিজৰ ধন, সম্পত্তি আদি হেৰুৱাৰ ভয়। আমি নিজৰ কেৰিয়াৰত সফল হ’ব বিচাৰো, জনপ্ৰিয় হ’ব বিচাৰো, পৰ্য্যাপ্ত ধন আৰ্জিব বিচাৰো, আৰু সেইবোৰ মনে বিচৰা ধৰণে কৰিব পাৰিম নে নোৱাৰিম অনবৰতে ভয় খাই থাকো। মই মোৰ জীৱনৰ সকলো ভয় এটা এটাকৈ লিখিলো আৰু ঠিৰাং কৰিলো যে এটা এটাকৈ প্ৰত্যেকটো ভয় মই অতিক্ৰম কৰিম। সেই সময়ত মোৰ সকলোতকৈ ডাঙৰ ভয়টো আছিল- বিবাহ বিচ্ছেদৰ। মই এনে এজন মানুহক হেৰুৱাবলৈ ভয় কৰিছিলো যিজনৰ জীৱনত মোৰ বাবে কোনো ঠায়ে নাছিল আৰু মই আমাৰ সম্পৰ্কটো যেনেতেনে বচাই ৰাখিবলৈ বিফল যত্ন কৰি আছিলো। কিন্তু যিদিনা মই বুজিলো যে তেওঁক ধৰি ৰাখিব খোজাটো মাথো মোৰ মনৰ ভয় হে, সেইদিনা মই এটা ডাঙৰ বোজাৰ পৰা মুক্ত হ’লো। মই তেওঁকো তেওঁ নিবিচৰা সম্বন্ধ এটাৰ পৰা মুকলি কৰি দিলো। আৰু নিজকে মানসিকভাৱে ইমান শক্তিশালী কৰি তুলিলো যে তেওঁৰ দ্বিতীয় বিবাহৰ দিনা মই দুখ বা খং কৰাৰ সলনি তেওঁলৈ এটা মেছেজ পঠালো, ‘মই তোমাৰ বাবে বহুত সুখী আৰু মোৰ অশেষ শুভকামনা সদায় তোমাৰ লগত থাকিব।’ আৰু তেওঁও জানে যে মোৰ এতিয়াও তেওঁলৈ শুভেচ্ছা সদায়ে থাকিব। মোৰ দ্বিতীয় ভয়টো আছিল হস্পিতালত ডাক্তৰে কোৱা কথাষাৰ যে মই লৰা-ছোৱালী জন্ম দিব পৰা ক্ষমতা হেৰুৱাই পেলাইছো। সেইটো মোৰ কাৰনে এটা বহু দুখৰ কথা আছিল কিন্তু মই ভাবিলো যে পৃথিৱীখনত কিমান এনেকুৱা অনাথ শিশু আছে যাক অলপ মৰম আৰু আশ্ৰয়ৰ নিতান্তই প্ৰয়োজন। গতিকে নিজৰ অসহায় অৱস্থাক লৈ বেজাৰ কৰি থকাতকৈ তেনে কাৰোবাক তুলি লৈ এটা নতুন জীৱন দিব পাৰি দেখোন। আৰু মই ঠিক সেইটোৱেই কৰিলো।
আমাৰ নিচিনা বিশেষভাৱে সক্ষমলোকসকলে ভয় কৰে যে পৃথিৱীখনে আমাক আদৰি নল’ব কাৰণ এই ধুনীয়া পৃথিৱীখনত আমাক ঘূনীয়া বুলি ধৰি লোৱা হয়। মই উপলব্ধি কৰিছিলো যে বিশেষভাৱে সক্ষমসকলৰ বাবে বেচৰকাৰী কোনো প্ৰতিষ্ঠান খোলাতকৈ বেছি জৰুৰী সমাজে আমাক বেলেগ দৃষ্টিৰে নাচাই সমাজৰ অংশৰূপে সহজভাৱে আদৰি লোৱাতোহে। মই মোৰ পৰিস্থিতি, অক্ষমতাবোৰ নেওচি সমাজৰ মাজত নিজেই ওলাই যোৱা আৰম্ভ কৰিলো। হুৱীলছেয়াৰখনে মোক মোৰ শাৰিৰীক অসহায়তাৰ কথা প্ৰতি মুহুৰ্ততে উপলব্ধি কৰাইছিল যদিও মোৰ মনটোক বান্ধি ৰাখিব পৰা নাছিল। মই পেইণ্টিং কৰা আৰম্ভ কৰিলো, মই পাকিস্তানৰ ৰাষ্ট্ৰীয় টি.ভি. ত এণকৰ হিচাপে যোগদান কৰি বহুত অনুষ্ঠান কৰিলো, বহুকেইটা মডেলিংৰ কামো কৰিলো। যোৱা তিনিবছৰ ধৰি মই ৰাষ্ট্ৰসংঘৰ নাৰী অধিকাৰ আৰু সুৰক্ষাৰ ৰাষ্ট্ৰদূত হিচাপে পাকিস্তানক প্ৰতিনিধিত্ব কৰি আহিছো (National Ambassador for United nations, Women from Pakistan)। মই ২০১৫ চনৰ  BBC ৰ ১০০ গৰাকী মহিলাৰ ভিতৰত স্থান পাইছিলো আৰু FORBESৰ ৩০ গৰাকী ৩০ৰ অনুৰ্দ্ধৰ মহিলাৰ তালিকাখনত আছিলোআমাৰ সকলোৰে বিভিন্ন খুট থাকে কিন্তু আমি যেতিয়া নিজকে আমি যেনেকুৱা তেনেকেই আকোৱালি লওঁ পৃথিৱীখনেও আমাক তেনেকেই স্বীকৃতি দিয়ে। আমাৰ সকলোৰে নিজৰ জীৱনটোক লৈ এটা সপোন থাকে, পৰিকল্পনা থাকে, কিন্তু দুখৰ বিষয় যে আমি ভবা ধৰণে সদায় সকলো নহয়। মই কেতিয়াও সপোনতো ভবা নাছিলো যে মই এদিন হুৱীলছেয়াৰত আৱদ্ধ হৈ যাম, কিন্তু জীৱনৰ তিক্ততাবোৰ পৰীক্ষা হিচাপে লৈ মই সাহসেৰে সন্মুখীন হ’লো। এনে পৰিস্থিতিবোৰত আমি হতাশ হোৱাটো স্বাভাৱিক, কান্দোনত ভাগি পৰাতোও স্বাভাৱিক কিন্তু আশা এৰি হাৰ মানি লোৱাটো কেতিয়াও বিকল্প হ’ব নোৱাৰে। আজিকালি যেতিয়াই মই মানুহৰ মাজলৈ যাওঁ মোৰ মুখত হাঁহিতো সদায়ে থাকে। মানুহে মোক প্ৰশ্ন কৰে, যে মোৰ অনবৰতে হাঁহি থাকি ভাগৰ নালাগে নে? ইমান হাঁহি থাকিব পৰাৰ ৰহস্য কি সুধে আৰু মই তেওঁলোকক তেতিয়া উত্তৰ দিওঁ, যে মই জীৱনটোত হেৰুৱা বস্তুবোৰ, মানুহবোৰৰ কথা চিন্তা কৰি থকা একেবাৰেই বাদ দিছো। যিবোৰ বস্তু, যিসকল মানুহ মোৰ লগত থাকিব লগা আছিল, তেওঁলোক এতিয়াও মোৰ লগতে আছে, আগলৈও থাকিব। আৰু কেতিয়াবা কাৰোবাৰ অনুপস্থিতি আমাৰ জীৱনত আশীৰ্বাদ হিচাপে কাম কৰি আমাৰ জীৱনটোক এটা নতুন উদ্দেশ্য দিয়ে, এজন ভাল মানুহ হোৱাৰ সুযোগ দিয়ে। আমি আমাৰ জীৱনটো হাঁহিৰে উদ্‌যাপন কৰিব লাগে, জীৱনৰ সৰু সৰু আনন্দবোৰ উপভোগ কৰি জীয়াই থকা প্ৰতিটো মূহুৰ্ত্ত সজীৱ কৰি তুলিব লাগে।আমাৰ সকলোৰে জীৱনৰ মূল্য আছে, মৃত্যুৰ আগতেই যেন কোনো মৰাশ হৈ জীয়াই নাথাকে।’
এয়া আছিল এগৰাকী সাহসী যুদ্ধাৰ জীৱন কাহিনী, যাৰ কাহিনীটো উদাহৰণ হওঁক সকলোৰে বাবে, প্ৰেৰণাৰ উৎস হওঁক সেই প্ৰতিজন যোদ্ধাৰ বাবে যি জীৱনযুঁজত যুঁজি যুঁজি হতাশ হৈ পৰিছে।

Related Articles

Check Also

Close
error: Content is copy right protected !!
Close