পবা সংৰক্ষিত বনাঞ্চল

গৌতম শৰ্মা

উজনি অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত অৱস্থিত জৈৱ বৈচিত্ৰ্যতাৰ অনুপম নিদৰ্শন পবা হৈছে ধেমাজি জিলাৰ একমাত্র জীৱিত অৰণ্য। ২০,২২১ হেক্টৰ বনভূমিৰে আবৃত্ত পবা অৰণ্যখনৰ উত্তৰে অৰুণাচল প্ৰদেশ, পূব আৰু দক্ষিণ দিশত চিয়াং, দিবং, লোহিত নদীকে আদি কৰি কবুচাপৰি আৰু ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখনি আৰু পশ্চিমে ধেমাজি জিলাৰ জোনাই মহকুমা অৱস্থিত। অৰুণাচলৰ দি ইৰিং, লক্ষী ৰিজাৰ্ভ আৰু ৰুকচিন মহকুমাৰ অন্তৰ্গত সংৰক্ষিত বনাঞ্চলসমূহে পবাক সদায় সুন্দৰ আৰু সু-সংগঠিত কৰি ৰাখিছে।  অৰণ্যখনিৰ ইতিহাসলৈ মন কৰিলে আমি পাওঁ যে ব্ৰিটিছ ঔপনিবেশিক কালতেই ১৯২৪ চনত এই অৰণ্যখনক এখন সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল।
 প্ৰকৃতিগত দিশৰ পৰা পবা হৈছে এখনি উৎকৃষ্ট বৰ্ষাৰণ্য। পবাৰ কাষেদিয়েই বৈ যোৱা খৰস্ৰোতা চিয়াং নদীখনে অৰণ্যখনক অনন্য ৰূপ প্ৰদান কৰি ইয়াৰ নৈসৰ্গিকতাক যথেষ্ট চহকী কৰি গঢ়ি তুলিছে। পবাৰ নিচেই কাষতে পূবদিশত থকা কবুচাপৰিটো হৈছে ব্ৰহ্মপুত্ৰই সৃষ্টি কৰা ইয়াৰ দ্বিতীয় বৃহৎ নদীদ্বীপ। একালত এই দ্বীপটো বনৰীয়া মহৰ আবাসস্থল আছিল। বৰ্তমানেও এই কবুচাপৰিটো জৈৱ বৈচিত্ৰ্যতা সংৰক্ষণৰ এক অনুপম নিদৰ্শন হিচাপে চিহ্নিত হৈ আছে। কবুচাপৰিৰ পূবলৈ থকা ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানেখনেও যেন পবাক মোৰেই মানসপুত্ৰ বুলি তাহানিৰে পৰা কৈ আহিছে। পবাৰ উত্তৰ পাৰত থকা প্ৰকৃতি ৰাণী অৰুণাচল প্ৰদেশৰ অখণ্ড বনভূমিসমূহে, কবুচাপৰিয়ে, ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানে আৰু পবাই মিলি যেন এই বৃহত্তৰ অঞ্চলটোক এখন অন্তহীন প্ৰকৃতি ৰাজ্য ৰূপে গঢ়িছে। প্ৰকৃতিপ্ৰেমীসকলৰ দৃষ্টিৰে পবাক কেন্দ্ৰ কৰি এই অৰণ্য কেইখনে সমকোণী অৱস্থান গ্ৰহণ কৰিছে। এইখিনিতে আটাইতকৈ উল্লেখযোগ্য কথাটো হ’ল যে বন্যপ্ৰাণীসমূহে পবা আৰু কবুচাপৰিক সদায় কৰিড’ৰ হিচাপে ব্যৱহাৰ কৰি আহিছে। বিশেষকৈ কবুচাপৰিক প্ৰধান কৰিড’ৰ হিচাপে লৈ অৰুণাচলৰ বনভূমি সমূহৰ পৰা পবালৈকে এই অখণ্ড বনভূমিত সিহঁতে মুক্তমনে সদায় বিচৰণ কৰি আহিছে।
জৈৱ বৈচিত্ৰ্যতাৰ দিশৰপৰা পবাখন অত্যন্ত চহকী। বিশেষকৈ নল গাহৰিৰ বাবে জনাজাত এই অৰণ্যখনি অন্যান্য বহু বন্য জীৱ-জন্তুৰ আদৰ্শ বাসস্থান। পবাত পোৱা কেতবোৰ গুৰুত্বপূৰ্ণ বন্যপ্ৰাণী হৈছে- লাজুকী বান্দৰ, মলুৱা বান্দৰ, অসমীয়া বান্দৰ, বনৰৌ, শিয়াল, গেন্দেৰা, নেউল, জহামাল, বনবোন্দা, নাহৰফুটুকী বাঘ, হাতী, লতামেকুৰী, বনগৰু, কেটেলা পহু, ডাঙৰ কেৰ্কেটুৱা, শৰ পহু, হৰিণা, শহা পহু আদি। অন্যহাতেদি, উত্তৰ-পূবৰ প্ৰকৃতিপ্ৰেমী সংগঠন নেচাৰ্চ বেকন’ৰ লগতে অন্যান্য প্ৰকৃতিপ্ৰেমী সংগঠন আৰু ব্যক্তিসকলৰ সমীক্ষা আৰু চিনাক্তকৰণে উল্লেখ কৰা তথ্য মতে পবাত উপলব্ধ হোৱা কেতবোৰ বৃক্ষ প্ৰজাতি হৈছে- গহৰা, গমাৰি, ঘোঁৰানিম, চোম, চেৱা, চতিয়না, চেগুণ, ৰঙা চন্দন, জৰি, জামু, ডিমৰু, তিতাচপা, থেকেৰা, নাহৰ, পমা, পুৰুজা, বগৰী, বহঁত, বট, বকুল, বোৱাল, বনচোম, বেল, ভেলৌ, ভোমোৰা, মেকাই, মহুৱা, মজ, মদাৰ, শিঙৰি, শাল, শিমলু, শিলিখা, চিচু , সোঁৱালু, সাঁচি, সোণাৰু, হেলচ, হলখ, হোলোং আদি। অন্যহাতেদি, লতাজাতীয় উদ্ভিদসমূহেও পবাক সমৃদ্ধিশালী কৰি ৰাখিছে। যিসমূহৰ ভিতৰত টিকনি বৰুৱা, ভেদাইলতা, জেতুলিপকা, কাঠআলু, কণীবিহ, কাউৰীমণি, মাধৈমালতী, বেলিপকা, বনকেৰেলা, কপৌঢেকীয়া, প্ৰেমলতা, বনজালুক, আঙনি পান, আকাশীলতা, টেঙৰীলতা, নলটেঙা, গুলজলতা, ভীমৰাজ, আমৈলতা, বগুৱাচালি, কপালফুটা লতা, তুবুকীলতা ইত্যাদি। পূৰ্বে উল্লেখ কৰা ধৰণে পবাৰ জলাহভূমিত ঢেকীয়া, কচু, বেত, বনকল, দল আদি উদ্ভিদসমূহো প্ৰচুৰ পৰিমাণে পোৱা যায়।
পবা পক্ষীকূলৰো আদৰ্শ বাসস্থান হিচাপে জনাজাত হৈ আহিছে। শেহতীয়াকৈ ঢকুৱাখনাৰ মেগামিক্স নেচাৰ ক্লাবে পবা বনাঞ্চলত গ্ৰহণ কৰা চৰাই পৰ্যবেক্ষণ কাৰ্যসূচীত পবাত বহুবোৰ চিনাকি আৰু অচিনাকি চৰাইৰ অস্তিত্বৰ সম্ভেদ পোৱা গৈছে। যিবোৰ হৈছে- ৰাঙীমূৰী শেন, মৌখাপ, হয়কলি, ভুৰুং বটা, ভীমৰাজ, হুদু, কুৰুৱা, কণামুচৰী, ৱাক চৰাই, টেটেৰা বগ, গোবগ, মাজুবগ বা পেটীয়া বগ, ইটাগুৰিয়া, বৰটোকোলা, ক’লা চিলনী, ৰঙা চিলনী, মাছৰোকা, হনুমন্ত, কঁঠালগুটীয়া মাছৰোকা, পখৰা মাছৰোকা, ডাউক, ঢেকৰ, বৰ হেটুলুকা, নীলা হেটুলুকা, মৰ চৰাই, যমডাকিনী, বসন্ত পক্ষী, কোকলোঙা, কঁঠালগুটীয়া বাঢ়ৈটোকা, পখৰা বাঢ়ৈটোকা, বালিঘোঁৰা, বালিমাহী, পথৰুৱা বালিমাহী, কেঁচুখোৱা, ফেঁচু, ৰাজচৰাই, বাওনা ফেঁচু, দিনকণা, কাউচৰাই, পাতিশগুণ, ছেটচেটি, মৌপিয়া, কলডিলৰ মৌপিয়া, পাতমূগী, টিপচি, গোবৰ খোচৰা, কাকৈশিৰা, ৰূপহী চৰাই, বাৰীসুন্দৰী,পঘুৰ্মা, হাইঠা, পাতিকপৌ, ঢিলাকপৌ, মনিকপৌ, চুতীয়া শালিকা, মইনা, কানকুৰীয়া, দহিকতৰা, সাতভনী, বুলবুলি, কুকুহা, উলকুকুৰা, খাটাকুকুৰা, সৰুকুকুহা, নলচিটিকী, কুৰুলী ফেঁচা, ভৰত পক্ষী, বৰভাটৌ, টিয়া ভাটৌ, মদনা ভাটৌ, আলাসী চিলনী, মকৰাখাটী, নাচনী, কলাখাটী, চেকচেকী, পাহাৰী  চেকচেকী, পাতমাদৈ, সখিয়তী, কলীয়া চেকচেকী, বাওনা ফেঁচু, টেলটুপী, জংঘলী কেঁচুখোৱা, জীয়াঁখাটী, চন্দনা ভাটৌ, বতাহী (ডাঙৰ আৰু তীব্ৰবেগী), মাছুৱৈ চিলনী, সৰু কেতেকী, বিছাখাটী, গলমণিকা, নদীযোগ, কলীযোগ, টোকোৰা চৰাই, শ্যামা, সেউজ বুলবুলি, ভদৰকলী, ফেঁচুলুকা ইত্যাদি।
উল্লেখযোগ্য যে, প্ৰায় ১০,২২১ হেক্টৰ বনভূমিয়ে আগুৰি থকা পবা হৈছে জৈৱবৈচিত্ৰ্যতাৰ অনুপম ভঁৰাল। বহু দুষ্পাপ্য প্ৰাণী আৰু উদ্ভিদেৰে সমৃদ্ধ অৰণ্যখনি। এইসমূহৰ উৰ্ধত সমগ্ৰ জোনাইবাসীক ব্ৰহ্মপুত্ৰ আৰু চিয়াঙৰ প্ৰবল বান আৰু প্ৰচণ্ড খহনীয়াৰ পৰা সদায় নিৰাপত্তা দি আহিছে এই অৰণ্যখনে। ইমানবোৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা এই অৰণ্যখনিক আজি বান-খহনীয়াৰ লগতে চোৰাং চিকাৰৰ দপদপনী আৰু বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাই গভীৰ অস্তিত্বৰ সংকটত পেলাইছে। সেয়েহে, অৰণ্যখনক ৰক্ষা কৰাৰ বিশেষ প্ৰয়োজন আহি পৰিছে। ইয়াৰ বাবে পবাক তাৎক্ষণিকভাৱে সংৰক্ষিত বনাঞ্চলৰ পৰা অভয়াৰণ্যৰ শাৰীলৈ উন্নীত কৰাটো আজি খুবেই প্ৰয়োজন হৈছে। সেয়েহে, আজি আমি ক’ব খুজিছোঁ, মৃত্যুমুখী এই অৰণ্যখনৰ জীৱনটোক উজ্জীৱিত কৰিবলৈ কেতবোৰ যথোপযুক্ত ব্যৱস্থা জৰুৰীভাৱে গ্ৰহণ নকৰিলে অচিৰেই ধ্বংস হ’ব পবাৰ অস্তিত্ব। নেচাৰ্ছ বেক’নৰ লগতে ধেমাজি আৰু ধেমাজিৰ বাহিৰৰো বিভিন্ন প্রকৃতিপ্ৰেমী সংগঠন আৰু লোকসকলে, সংবাদ মাধ্যম আৰু আকাশবাণী কেন্দ্ৰসমূহেও এইক্ষেত্ৰত গ্ৰহণ কৰি অহা ইতিবাচক ভূমিকাসমূহক আমি বিশেষভাৱে শলাগ লৈছোঁ। বিশেষকৈ নেচাৰ্ছ বেক’নৰ কেন্দ্ৰীয় আৰু স্থানীয় সদস্য সকলেও অৰণ্যখনিৰ সুৰক্ষাৰ স্বাৰ্থত প্ৰবল জনমতসমূহ গঢ়ি তোলাত বহু অৱদান আগবঢ়াই আহিছে।
এনেবোৰ ভাল খবৰে পবাক সংৰক্ষিত বনাঞ্চলৰ শাৰীৰপৰা অভয়াৰণ্য শাৰীলৈ উন্নীত কৰি ইয়াৰ নিৰাপত্তাক সুনিশ্চিত কৰাত নিশ্চিতকৈ প্ৰভূত বৰঙণি যোগাব বুলি আমি অত্যন্ত আশাবাদী। পবাক কেন্দ্ৰ কৰি আজি ধেমাজি জিলাৰ পৰ্যটন উদ্যোগটোক আগবঢ়াই লৈ যাব পৰাও যথেষ্টখিনি থল আছে। সেয়েহে ইমানবোৰ সম্ভাৱনাৰে ভৰপূৰ পবা সুৰক্ষাৰ স্বাৰ্থত সকলোৱে আজি হাত উজান দিয়ক। প্ৰশাসনেও অস্তিত্বৰ গভীৰ সংকটত ভোগা এই  অৰণ্যখনৰ যথোপযুক্ত নিৰাপত্তা ব্যৱস্থাসমূহ গঢ়ি তোলক, অচিৰেই পবাক সংৰক্ষিত বনাঞ্চলৰ পৰা অভয়াৰণ্যৰ শাৰীলৈ উন্নীত কৰক। কিয়নো পবা থাকিলেহে জোনাই থাকিব লগতে জীয়াই থাকিব এখিনি মানুহৰ সপোন আৰু ভৱিষ্যত। পবা সুৰক্ষা আৰু সংৰক্ষণৰ বাবে যুঁজি থকা লোকসকলৰ সংগ্ৰামসমূহ সফল হওক। তেখেতসকললৈ আমাৰ আন্তৰিক শুভকামনা জনাইছোঁ।
(ঠিকনা: বুৰঞ্জী বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়।)
Show More

Related Articles

Back to top button
error: Content is copy right protected !!
Close
Close