পঁইতাচোৰা আৰু কুমাৰণীৰ সম্পৰ্কটো

অৱতোষ ভূঞাৰ সৌজন্যত

বদহজম হওঁতে আইতাই দিয়া বিশেষ ঘৰুৱা দিহাবিধ বিচাৰি ফুৰোঁতে, নে ঘৰ চফা কৰোঁতে সেইকথা সঠিককৈ মনত নাই; এদিন কুমাৰণীৰ বাহ এটা ভাঙিছিলোঁ। তেনেই কণমানি আছিলোঁ তেতিয়া। বাহটো ভঙাৰ আগত একো বিশেষ ভবা নাছিলোঁ, কিন্তু ভাঙি উঠি মনটো মৰি গৈছিল; ক’ত বাৰু এতিয়া থাকিব কুমাৰণীজনী? ভিতৰত কেনেবাকৈ পোৱালিও আছিল নেকি বুলি উচপিচাই উঠিছিলোঁ আৰু লিৰিকি বিদাৰি চাইছিলোঁ বেৰৰপৰা হাতত তুলি অনা বাহটো।
কিন্তু মোক আচৰিত কৰি বাহটোৰ ভিতৰত পঁইতাচোৰা এজনীহে সোমাই আছিল।
“থাকে থাকে। কুমাৰণীৰ বাহৰ ভিতৰত পঁইতাচোৰা থাকেই কেতিয়াবা।” আইতাই কৈছিল।
তেওঁ মোক তাৰ কাৰণ বুজাব পৰা নাছিল। অৱশ্যে সেইবুলিয়েই মই কথাষাৰ উৰুৱাইয়ো দিয়া নাছিলোঁ। তেতিয়া, আৰু আজিও মই বিশ্বাস কৰোঁ, আমি কাৰণ নজনা বহুবোৰ কথাৰ আঁৰতো বিজ্ঞান থাকে।
নিজৰ মাজতে মই প্ৰশ্নটো পাগুলিয়াই আছিলোঁ কেইবাদিনো- কি সম্পৰ্ক থাকিব পাৰে বাৰু সিহঁতৰ মাজত? কুমাৰণীৰ বন্ধুত্বমূলক আতিথ্য প্ৰদান নে পঁইতাচোৰাৰ অবৈধ দখল? ভাবি ভাবি উত্তৰ নোলোৱাত সেইকথাক প্ৰকৃতিৰ এক ৰহস্য বুলি এৰি দি পাহৰিয়েই পেলাইছিলোঁ।
ভবা নাছিলোঁ সেই ৰহস্যৰ সমাধানে মোক নিবিচৰাকৈয়ে ধৰা দিবহি সেইদিনাৰ পৰা বহুবছৰৰ পাছত। কেইদিনমানৰ আগৰ কথা, এঠাইত কাম এটাৰ বাবে ৰৈ থাকোঁতে National Geographicৰ আলোচনী এখন হাতত তুলি লৈছিলোঁ। তাতেই হঠাৎ চকুত পৰিল কুমাৰণী আৰু পঁইতাচোৰাৰ মাজৰ জটিল সম্পৰ্কটোৰ ওপৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন বিশ্ববিদ্যালয়ে কৰা এক বিশেষ গৱেষণাৰ প্ৰতিবেদন। সেই প্ৰতিবেদনখনৰ আঁত ধৰি, ঘৰত আহি বেলেগ বেলেগ উৎস ঘাটিছিলোঁ, আৰু বিচাৰি পাইছিলোঁ প্ৰকৃতিৰ এক আচৰিত প্ৰক্ৰিয়াৰ কথা।
প্ৰক্ৰিয়াটো চমুকৈ ক’বলৈ গ’লে এনেধৰণৰ:
 কণী পাৰিবৰ বাবে সময় হ’লেই মাইকী কুমাৰণীবোৰ চিকাৰত ওলায়। সেই চিকাৰৰ উদ্দেশ্য এটাই আৰু সেইটো হৈছে কিবাকৈ এটা পঁইতাচোৰা বিচৰা। পঁইতাচোৰা দেখিলেই চিকাৰত যোৱা কুমাৰণীজনীয়ে বৰলে বিন্ধাৰ দৰে শুংডালেৰে বিন্ধি (বৰলৰ দৰে বিষ নাথাকে, বৰঞ্চ স্নায়ুতন্ত্ৰৰ ওপৰত কাম কৰা এবিধ পদাৰ্থ থাকে, যি আমি চিকিৎসকবোৰে ৰোগীক অপাৰেচনৰ সময়ত দিয়া চেতনা-নাশকৰ দৰে) পঁইতাচোৰাটোক আগঠেং দুখন বৰকৈ লৰাব নোৱাৰা কৰি লয়। তাৰপাছতে পঁইতাচোৰাৰ মগজুৰ ভিতৰৰ এক বিশেষ অংশত পুনৰ এবাৰ বিন্ধি পঁইতাচোৰাটোক নিজৰ ইচ্ছামতে একোৱেই কৰিব নোৱাৰা কৰি পেলায়। সকলো গম পাই থাকে, কিন্তু বাধা দিব নোৱাৰে; তেনেকুৱা অৱস্থাত বেচেৰা পঁইতাচোৰাটোক কুমাৰণীজনীয়ে টানি টানি নিজৰ বাহটোৰ ভিতৰলৈ চোঁচৰাই লৈ যায়।
বাহৰ ভিতৰত সুচল ঠাই এডোখৰত অৰ্ধচেতন পঁইতাচোৰাটোক তলমুৱাকৈ ৰাখি তাৰ বুকু আৰু পেটৰ মাজভাগতে ঠিক আগ ঠেঙৰ ভাঁজত কণী পাৰে কুমাৰণীজনীয়ে। কেইদিনমানৰ পাছত কুমাৰণীৰ কণীটো ফুটি পলু ওলায় আৰু সদ্যোজাত পলুটো পোনছাটেই  পঁইতাচোৰাটোৰ গাৰ ভিতৰলৈ সোমাই যায়। তাৰ পাছত প্ৰায় এমাহ সময় পলুটোৱে অৰ্ধচেতন পঁইতাচোৰাটোৰ দেহৰ ভিতৰৰ বিভিন্ন অংগবোৰ এক বিশেষ ক্ৰমত খাবলৈ ধৰে যাতে যিমান দিন সম্ভৱপৰ হয় সিমানদিন পঁইতাচোৰাটো জীৱিত অৱস্হাত থাকে। খোৱাৰ আগতে অৱশ্যে মুখৰপৰা বেক্টেৰিয়া-বিৰোধী এক বিশেষ দ্ৰব্য ওলিয়াই অংগবোৰ বিশুদ্ধ কৰি লয় (যি দ্ৰব্যক নিষ্কাষণ কৰি জটিল infectionবোৰত ঔষধ হিচাপে ব্যৱহাৰ কৰিবলৈ বিশ্বৰ বিভিন্ন দেশত চেষ্টা চলাই আছে এতিয়া বিজ্ঞানীসকলে)। এইখিনিতে এক নিৰ্মম সত্য হৈছে যে এই সমগ্ৰ পৰিঘটনাটোৰ প্ৰায় ৮০% সময় পঁইতাচোৰাটো জীৱিত অৱস্হাত থাকে।
এমাহৰ অন্তত পঁইতাচোৰাটোৰ দেহৰ ওপৰভাগৰ খোলাটো ভাঙি বাহিৰৰ পৃথিৱীখনলৈ আগমন ঘটে পূৰ্ণাংগ কুমাৰণী এটা বা এজনীৰ। এক নিৰ্দিষ্ট সময়ৰ পাছত পুনৰ অন্য এজনী পঁইতাচোৰাক নিজৰ বাহলৈ নি ভৱিষ্যত প্ৰজন্মৰ স্বাৰ্থত গোটেই প্ৰক্ৰিয়াটোৰ পুনৰাবৃতি ঘটায় তেনেকুৱা এজনী কুমাৰণীয়ে! তেনেকৈয়ে বেচেৰা পঁইতাচোৰাবোৰ তিলতিলকৈ মৰে কুমাৰণীৰ বাহৰ ভিতৰত! প্ৰকৃতিৰ এক বিচিত্ৰ নিয়ম। এটা জীৱনৰ বাবে আন এটা জীৱনৰ বলিদান, তাকো আকৌ দুটা বেলেগ প্ৰজাতিৰ!
References:
Show More

Related Articles

Back to top button
error: Content is copy right protected !!
Close
Close