নিৰৱধি হৃদয়মুখী তাড়না – জিণ্টুমণি বৰ্মন

‘‍‘মাইনা অ’, পঢ়া-শুনা কৰি চাকৰিও পালি, এতিয়াতো বিয়াখনৰ কথা ভাব…ভনীয়েৰৰ ল’ৰাই এতিয়া কাণসমনীয়া হ’ব… দেউতাৰাইটো তোৰ বিয়াখন নেদেখাকৈয়ে গ’লগৈ।’’

  • ঘৰলৈ আহিলে, ফোন কৰিলে মাকৰ সেই একেই কথা সি চাকৰিটো পোৱাৰ দিন ধৰি। বুজি পায় সি মাকৰ খেচখেচনিৰ আঁৰৰ হেঁপাহবোৰৰ কথা।

অৱশেষত মেট্ৰিমনিয়েল এড্ এটাকে দিম বুইলয়েই ঠিৰাং কৰি মেট্ৰিমনয়েল এজেন্সি এটালৈ বুলি ই-মেইল পেজখনত লিখি গৈছে প্ৰশান্তই –

নামঃ প্ৰশান্ত হাজৰিকা

বয়সঃ 34

শিক্ষাগত অৰ্হতাঃ MSc., M.phil, Phd.

পেছাঃ এচিছটেণ্ট প্ৰফেছাৰ…

…এহ্ থাকক এতিয়া। – পিছত চেণ্ট কিৰব মেইলটো।

একেই বুজনি-তাগিদা দিয়া পৰিৱেশটোৱে ঘৰখনক ঘেৰি থাকে পলাক্ষী ঘৰলৈ আহিলেই। ‍‘‍‘ছোৱালীৰ বয়স ৰৈ নাথাকে অ’ মাজনী, তোৰ লগৰবোৰ কেতিয়াবাই মাক হ’ল।’’ – তাইৰ পেটে পেটে খং উঠে, লগৰ ছোৱালী মাক হ’ল তাইৰ কি আহে যায়। ‍‘‍‘মা একেখিনি কথাকে কৈ নাথাকিবাচোন…সময়ত মই নিজেই পছন্দ কৰি ল’ম দিয়া কাৰোবাক, তুমি ইমান চিন্তা কৰিব নালাগে।… আৰু…আৰু মই নিজাকৈ চাকৰিটো আছে যেতিয়া বিয়া নহ’লেও চলিব পাৰিম।’’ বিয়া নোহোৱাৰ কথা ক’লেই মাকৰ খঙটো উজাই আহে। মাকৰ বুজনি আৰু পলাক্ষীৰ ‍‘হ’ব দিয়া’ জাতীয় প্ৰতিশ্ৰুতিৰে তাই Phd. কমপ্লিট কৰাৰ দিন ধৰি চলি অহা মুহূৰ্তটোৱে দুদিনমান নিতাল মাৰে।

দূৰৈৰ পৰা দেখাৰপৰাই কেৱল দুয়ো-দুয়োকে চাই চাই সন্মুখলৈ আহি আছে। লগত একোটা প্ৰাপ্তিৰ হাঁহি, উৎকণ্ঠাৰ আস্বাদনৰ সৈতে। প্ৰশান্তই পাহৰিছে বহুদিনৰ মূৰত ঘৰলৈ অহা বাবে গাঁওখনকে চাই আহো বুলি ওলাই অহাৰ কথা, পলাক্ষীয়েও। দুয়ো-দুয়োকে লগ পাবলৈহে যেন ওলাই আহিছে। থোক ধৰা ধানিনখনৰ গাৰে বৈ যোৱা জুৰিটিৰ ওপৰৰ দলংখনৰ ওচৰতে দুয়ো লগালগি হৈছে।

  • প্ৰশান্ত, বহুদিনৰ মূৰত…প্ৰায় একেই আছ।
  • তয়ো…
  • অ’ই কি ছাইছ…ইমানকে, আগতে দেখা নাছিলি…!
  • নাই, একো নাই…
  • আৰু চাকৰিও পালি, বিয়া নাপাত…?
  • পাতিম তই হ’বিনে মোৰ…?
  • তই মনৰ কথা কোৱাৰ দিনাৰে পৰা হৃদয়খন তোৰ কাৰণে ৰাখিছো…

পলাক্ষীক হাতত ধৰি ৬ বছৰীয়া ৰুণজুনে টানিছে—‍‘‍‘পেহী বলানা, গধূলি হ’ল ঘৰত বিচাৰিব নহয়।’’ ‍‘‍‘মামা, তুমি মোক পূজালৈ নিয়াৰ কথা আছিল নহয়।’’ — প্ৰশান্তক পূজাৰ বন্ধত ফুৰিবলৈ অহা ভাগিনীয়েকে টানিছে সিহঁত দুটাকো যে লগত আনিছিল পাহৰিয় পেলাইছিল প্ৰশান্ত-পলাক্ষীয়ে হেঙুল-হাইতালে ডোলা দিয়া শাৰদীয় আবেলিটোত চকুত চকু পেলাই প্ৰতীক্ষীত আলাপত ব্যস্ত থাকোতে।

ঘৰ পাইহে মনত পৰিছে ফোন নম্বৰ দুটাও দুয়োজনেই খুজিব পাহৰিলে। এহ্ হ’ব। ফেচবুকতে দুয়ো দুয়োৰে একাউণ্ট বিচাৰি পাব। পলাক্ষীয়ে জাষ্ট ফ্ৰেইণ্ড ৰিকুৱেষ্টটো পঠালে প্ৰশান্তলৈ।

হায়াৰ ছেকেণ্ডৰীৰ অংকৰ টিউচনৰপৰা একেবাৰে শেষৰ দিনা দুয়ো একেলগে ওভতোতে গাঁৱৰে সিমূৰৰ শিক্ষক বিপুলানন্দৰ জীয়েক পলীক্ষীক প্ৰশান্তই প্ৰপ’জ কিৰিছল। ‍‘দেউতালৈ ভয় লাগে, পিছত ভাবিম এইবোৰ’ — বুলি কৈ তাই তাই এই বিষয়ৰপৰা আঁতৰিছিল। দুয়োৰে ৰিজাল্ট বহুত ভাল হৈছিল। দুয়ো দুখন চহৰত বন্দী হৈছিল জীৱনৰ ৰেচত হৃদয়ৰ তাগিদাক পাহৰি হ’লেও। যোগাযোগটো নায়েই, আনকি মান-অভিমানৰ বাবে ফেচবুকত ফ্ৰেইণ্ড ৰিকুৱেষ্টো পঠোৱা নাছিল। শিক্ষা সমাপ্ত কৰি দুয়ো ভাল চাকৰিও ল’লে।

তাইৰো ভাল লাগে তাক কিবা এটা আগৰে পৰাই। তাৰ আপোচহীন স্বভাৱটো বুজিয়েই তাই বিশ্বাস ৰাখিছিল সি তাৰ তাইৰ সৈতে হোৱা প্ৰমতো আপোচ নকৰিব। সেয়াই হ’ল, ভালপোৱাৰ জোনাক-বোৱা জুৰি দুটি দুয়োৰে হৃদয় অভিমুখে বৈ থাকিল।

ফ্ৰেইণ্ড ৰিকুৱেষ্টটো এচেপ্ত কৰিয়েই প্ৰশান্তই পলাক্ষীক টেগ্ কৰি ষ্টেটাছ এটা দিছে—

…প্ৰথম কমেণ্টত পলাক্ষীয়ে লিখিছে—

          ‍‘‍‘আৰু…আৰু দুয়োৰে মৰম-ভালপোৱাৰ জোনাক ৰষুণত তিতিম’’

আজি জোৰোণ সিহঁতৰ। আহিব কাইলৈ শুভ-বিবাহৰ নঙলামুখলৈ শুভেচ্ছা-আশীৰ্বাদ একাঁজলী লৈ। দুয়ো ৰৈ থাকিব আপোনালৈ।

Related Articles

error: Content is copy right protected !!
Close