নিৰ্যাতনৰ নীতিক সমৰ্থন চৌদি যুৱৰাজৰ

মহাবাহু

ৰিয়াধ : চীনত উইঘুৰসহ অন্যান্য মুছলমান সংখ্যালঘুসকলক বন্দীশিবিৰত আটক কৰি থৈ নিৰ্যাতন চলোৱা নীতিক সমৰ্থন জনালে চৌদি যুৱৰাজ মহম্মদ বিন চালমনে। তেওঁ মুকলিকৈ কৈছে যে সেয়া বেইজিঙৰ নিজস্ব অধিকাৰ। জাতীয় নিৰাপত্তাৰ স্বাৰ্থত সন্ত্ৰাসবাদ আৰু উগ্ৰপন্থী উৎখাত কৰাৰ পদক্ষেপ গ্ৰহণৰ অধিকাৰ চীনৰ আছে। চীনৰ ৰাষ্ট্ৰীয় দূৰদৰ্শনৰ উদ্ধৃতি দি ব্ৰিটিছ সংবাদপত্ৰ ‍‘টেলিগ্ৰাফ’-এ এই বাতৰি পৰিৱেশন কৰিছে। ইস্তাম্বুলৰ চৌদি কনচুলেটৰ সাংবাদিক জামাল খাছোগিক নিৰ্মমভাৱে হত্যা কৰাৰ পিছত পশ্চিমীয়া দেশবোৰে প্ৰৱল অসন্তোষ প্ৰকাশ কৰাৰ পিছতো চীনৰ সৈতে শ শ কোটি ডলাৰৰ বাণিজ্যচুক্তি চৌদি আৰবে স্বাক্ষৰ কৰিছে। চৌদি যুৱৰাজক চীনৰ ৰাষ্ট্ৰপতি জিনপিঙে কৈছে যে উগ্ৰ মতাদর্শ প্ৰচাৰ বাধা দিবলৈ দুয়োখন দেশৰ মাজত সহযোগিতা বৃদ্ধি কৰিব লাগিব। বন্দীশিবিৰত ১০ লাখৰো অধিক উইঘুৰ মুছলমানক চীনে বন্দী কৰি ৰাখিছে। নৃতাত্ত্বিক তুৰ্কী জাতিগোষ্ঠীৰ সদস্য উইঘুৰসকলে ব্যক্তিগত জীৱন যাপনৰ ক্ষেত্ৰত ইছলাম ধৰ্ম পালন কৰে। তেওঁলোক চীনৰ পশ্চিমাঞ্চলত আৰু মধ্য এছিয়াৰ বিভিন্ন অংশত বসবাস কৰে। সন্ত্ৰাসবাদক সমৰ্থন কৰাৰ অভিযোগত পশ্চিম জিনজিয়াং অঞ্চলৰ সংখ্যালঘুসকলক দোষাৰোপ কৰিছে চীনে আৰু সেইবাবেই তেওঁলোকৰ ওপৰত অহৰহ দৃষ্টি ৰাখিছে। উইঘুৰসকলে তেওঁলোকক দুৰ্দশাৰপৰা উদ্ধাৰ কৰিবলৈ চৌদি যুৱৰাজক আৱেদন কৰিলেও চৌদি যুৱৰাজে চীনৰ কঠোৰ কৰ্মকাণ্ডক সমালোচনা নকৰি সমৰ্থনহে জনাইছে, কাৰণ মধ্যপ্ৰাচ্যৰ অন্যতম ব্যৱসায়িক অংশীদাৰ দেশখনেই হ’ল চীন দেশ।

Related Articles

Close