নিয়ম ভঙাৰ, নিয়ম গঢ়াৰ —-হিমাক্ষী বৰা

মানুহবোৰ একেই.. । চেহেৰাবোৰত খাজ খাই থকা মুখবোৰতো চিনাকী ছবি । সৰু চকুৰ কণমাণি হঁতৰ একেই সলাজ চাৱনি । ‘তোলৈ লাজ কৰিছো মই’ বুলি দ্বিতীয় মানৰ ল’ৰাটোৰ কথাবোৰো সন্ধিয়া বাৰে বাৰে উজুতি খোৱা গাঁৱৰ ওখোৰা মোখোৰা বাটটোৰ দৰে চিনাকী । চিনাকী আইতা জনীৰ মটহা অথচ সাদৰী কাৰ্বি জনগোষ্ঠীয় সুৰতো ।
পঞ্চাশ চনৰ ৰং যোৱা স্কুলঘৰটোৰ ‘অ আ ক খ ৰ’ তালিকা দুখনৰ দৰে আপোন পিছফালৰ এফাল এৰুৱা প্ৰস্ৰাবঘৰ টোৰ তৰ্জাৰ বেৰ দুখন ।
ইমান বোৰ অনাকাংক্ষিত আত্মীয়তা, মৰম আৰু অবাঞ্চিত আতিথ্যৰ পিছত সামান্য কথোপকথন আৰু অলপমান সহানুভূতিৰে পুণৰ একেখন জটিলতা, কৃত্ৰিম আৰু অযথা দৌৰেৰে নিজে নিজৰ বাবে সঁজা ভাৰ্চুৱেল পৃথিৱী খনলৈ উভতি অহাৰ পথটো কিজানি আটাইতকৈ সহজ আছিল । সহজ আছিল স্বনিৰ্মিত, স্বনিৰ্বাচিত স্থূল দুখ সুখৰ ঘৰটোত উশাহ বন্ধ কৰি সোমাই থকা ।
চাহবাগিছাৰ সৰু বাটটোৰে আগুৱাই যাওঁতে  বাৰে বাৰে ভাবি আছো, কিয় গোলাপবোৰ কাঁইটেৰে ঘেৰি ৰাখে অহৰহ, কিয় টঙিঘৰ এটাত উলমি বয় আমাৰ আশাবোৰ একোটা হাতলেম হৈ, কিয় সভ্যতাৰ ফুলজাৰিৰে জহাই ফুৰাৰ পাছতো আমাৰ বাবে অৰণ্যবোৰত ৰৈ ওলোমাই ৰখা হয় ‘save birds’,  ‘save animals’ আদিৰ দৰে ফলকবোৰ ।

কিয় NSS ৰ সকলো লক্ষ্য উদ্দেশ্য বুজাৰ পিছতো, আনৰ বাবে কিবা কৰিম বুলি সংকল্প লোৱাৰ পিছতো অলপ মান কাম কৰিয়েই ভাগৰি পৰো আমিবোৰ?
তথাপি শৈশৱৰ ঘৰৰ সমূখৰ প্ৰাথমিক বিদ্যালয় খন, দেউতাই চাইকেলখনকে সাৰথি কৰি সময়ানুবৰ্তিতা আৰু সততাৰে কৰা শিক্ষকৰ চাকৰিটো আধাতে পঢ়া এৰি ঘৰতে বহি থকা গাৱৰ বেছি খিনি ল’ৰাৰ বিপৰীতে, ‘ইমান সৰু কাম কৰে নেকি’ বুলি হঁহাৰ পিছতো সমূখৰ ঘৰৰ ল’ৰাটোৱে চুবাটোৰ সমূখতে খোলা ঘুমটিৰ দোকান খন আৰু লাহে লাহে বাঢ়ি অহা দোকানৰ পৰিসৰ আৰু ঘৰখনলৈ অহা সকলো ছবি খন, ল’ৰা বুলি মানুহে ক্ৰমান্বয়ে হাঁহিবলৈ লোৱাৰ পিছতো বলিষ্ঠ প্ৰতিবাদেৰে মিনি ট্ৰাক এখন চলাই বইলাৰৰ ব্যৱসায় কৰা ছোৱালীজনীয়ে গাৱলৈ অনা নতুন ব্যৱসায়ৰ ধাৰণাবোৰ, আৰ্মিৰ ৰিটাৰ্মেন্টৰ পিছত পেঞ্চনৰ পইচাৰে আটোমটোকাৰিকৈ চলি থাকিব পৰাৰ পিছতো বাঁহৰ সৰু সৰু সজাব পৰা বস্তুৰে ঘৰখন ধুনীয়াকৈ সজাই ৰখা গাৱৰ মূৰৰ বৰদেউতা জনৰ পৰা আঢ্যৱন্ত চহৰৰ জেঠাইৰ আমেৰিকাৰ জোঁৱায়েক জনে গাৱঁলৈ আগবঢ়োৱা পুথিভঁৰালৰ কিতাপবোৰ কৰবাত প্ৰেৰণা হৈ, কৰবাত সাহস কৰবাত উদ্যম হৈ মনৰ এচুকত বহি আছিল ।
‌       সেইবাবেই সৰল গাঁৱখনৰ মানুহখিনিক  ৰাজনৈতিক নেতাৰ পৰা আৰম্ভ কৰি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক সকলকৈ কৰি থকা চলচাতুৰি, সপোন দেখিব নোৱাৰাকৈ খহটা বাটবোৰকে জীৱন বুলি ভাবিবলৈ বাধ্য কৰা মানুহখিনিক জীৱনটো যাপন নহয় উদযাপন কৰিবলৈ, দূৰৈৰ হাইস্কুলৰ বাটতো দুৰ্গম বাবেই সপ্তম, অষ্টম শ্ৰেণীত পঢ়া সামৰি বিয়াত বহাৰ ভনী কেইজনীৰ বাবে,স্নাতক লৈকে পঢ়ি ‘ঘৰতে বেকাৰ হৈ আছো দে’  বোলা ভাইকেইটাক সপোন দেখুৱাবলৈকে আমি ৰৈ গৈছিলো মৰিগাঁও জিলাৰ কাৰ্বি কুঠৰি গাৱৰ সৰল মানুহখিনিৰ কাষত ।
২৫ মাৰ্চ, ২০১৭ তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয়ৰ NSS ৰ উদ্যোগত মেঘালয় আৰু কাৰ্বি আংলং জিলাৰ সীমান্তত অৱস্থিত কুঠৰি গাৱত উপস্থিত হওঁগৈ ।
বিশ্ববিদ্যালয়ৰ উপাধক্ষ্য মৃদুল হাজৰিকা দেৱকে মূখ্য কৰি NSS কোষৰ আঁচনি সমন্বয়ক লগতে বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালকৰ পূৰ্ণ সহযোগিতাত “এডপ্ট ভিলেজ” হিচাপে বাঁচনি কৰা এই গাওঁখনৰ আৰ্থ সামাজিক শৈক্ষিক পৰিস্থিতিৰ বুজ ল’বলৈ তৈয়াৰ কৰা আমাৰ দলটোক নেতৃত্ব দিছিল স্নাতকোত্তৰ ছাত্ৰসন্থাৰ সভাপতি সঞ্জীৱ তালুকদাৰে ।
সামাজিক কামৰ জৰিয়তে ব্যক্তিত্ব বিকাশৰ সুযোগ দিয়া NSS ৰ এজন সদস্য হিচাপে গাওঁখনৰ বিকাশত আমাৰ যঠেষ্ট কৰণীয় আছে ।

অৱশ্যে গাওঁখনৰ উন্নয়নৰ বাবে বিশ্ববিদ্যালয়ে কিছু আঁচনি হাতত লৈছে । তাৰে বৰ্তমানে প্ৰয়োগ কৰা আঁচনি সমূহৰ ভিতৰত গাওঁখনৰ নিৰ্বাচিত কিছুসংখ্যক ছাত্ৰ ছাত্ৰীক উচ্চ শিক্ষাৰ বাবে জলপানি প্ৰদান, খোৱাপানীৰ গুণগত মান বৃদ্ধিৰ বাবে লোৱা আঁচনি, বছৰটোৰ বিভিন্ন সময়ত বিশ্ববিদ্যালয়ৰ দ্বাৰা গাওঁখনৰ উন্নয়ন আৰু সমস্যাৰ বুজ ল’বলৈ দল গঠন, শাৰীৰিক শিক্ষা বিকাশৰ বাবে গাওঁখনৰ শিক্ষানুষ্ঠানত খেলৰ সামগ্ৰী যোগান আদিৰ দৰে পদক্ষেপ হাতত লয় ।
কাৰ্বি, তিৱা আৰু ডিমাছা জনগোষ্ঠীৰ বসতিস্থল এই কুঠৰী গাওঁখনি পাহাৰীয়া জলবায়ু অঞ্চলত অৱস্থিত আৰু চহৰৰ প্ৰদূষিত পৰিৱেশৰ পৰা নিলগত বাবে ইয়াৰ পৰিৱেশ খুব সুন্দৰ আৰু স্বাস্থ্যসন্মত ।
গাওঁখনৰ উন্নয়নৰ বাবে আমি শিক্ষা, অৰ্থ আৰু সামাজিক পৰিৱেশ এই আটাইবোৰ দিশতে গুৰুত্ব দিব লাগিব । গাওঁৰ শিক্ষক, ছাত্ৰ আৰু অভিভাৱকক শিক্ষাৰ দায়িত্ব, কৰ্তব্য আৰু প্ৰয়োজনীয়তা উপলব্ধি কৰাবলৈ বিশ্ববিদ্যালয়ৰ পৰা বিভিন্ন সময়ত সাধু, নাচ গান, চিনেমা প্ৰদৰ্শন, পুতলা নাচ আদিৰ ব্যৱস্থা কৰিব পাৰি ।
ইয়াৰো পৰি মাধ্যমিক পৰ্য্যায়ৰ ছাত্ৰৰ শিক্ষা আৰু প্ৰমূল্যবোধ গঠনৰ বাবে মহৎলোকৰ জীৱনী আৰু অন্যান্য নিৰ্বাচিত গ্ৰন্থ সংগ্ৰহেৰে এক পুথিভঁৰালৰ ব্যৱস্থা কৰিব পাৰি । যাৰ জৰিয়তে ছাত্ৰ ছাত্ৰী সকল জীৱন আৰু সময়ৰ প্ৰতি দায়িত্বশীল হ’ব ।
সৰল গাওঁখনৰ বেছিখিনি মানুহেই মুক্ত চিন্তা আৰু দূৰ শিক্ষাৰ প্ৰতি অজ্ঞ । অশিক্ষিত অভিভাৱক সকলো শিক্ষা তথা স্বাৱলম্বীতাৰ প্ৰতি সচেতন নহয় । সেয়েহে বিশ্ববিদ্যালয়ৰ ফালৰ পৰা সময়ে সময়ে ৰাজহুৱা সভাৰ আয়োজন কৰি মানুহখিনিক সচেতন কৰিব পৰা যাব । ইয়াৰোপৰি পৰিস্কাৰ বাসস্থান আৰু পশুপালন, মীনপালনৰ জৰিয়তে গাওঁখনক এই ব্যৱসায়িক কেন্দ্ৰ হিচাপে গঢ়ি তুলিব পৰা যায় । ইয়াৰো পৰি বিশ্ববিদ্যালয়ৰ ফালৰ পৰা মাছৰোম, সাৰ ব্যৱসায়ৰ দৰে ব্যৱসায়ৰ প্ৰতিও যুৱচামক উদ্বুদ্ধ কৰিব পৰা যাব ।
বিশ্ববিদ্যালয়, বিগত সময়, সমস্যা তথা অভিজ্ঞতাই দিয়া জীৱনৰ পাঠবোৰ আওৰাই আমি গাওঁখনলৈ আমাৰ সাধ্যানুসাৰে আগবঢ়াই দিছিলো আমাৰ একোখনকৈ হাত । কাৰণ বিশ্বাস দিব পৰাকৈ আমাৰ হাত দুখনৰ আনফালে আছিল ‘Not me but you’  NSS য়ে বুকুত খাপ খোৱাই দিয়া পাইনৰ দৰে প্ৰতিশ্ৰুতিৰ স্তম্ভটো, নেতৃত্বত থকা সকলৰ শিকনি বোৰ, অতদিনে কঢ়িয়াই ফুৰা কাৰোবাৰ বাবে কিবা কৰাৰ হেপাহ টো  ।  সকলো মিলাই এদিনৰ বাবে হ’লেও লগ হলো তেওঁলোকৰ ডেকা চামটো, মুখামুখি হলো তেওঁলোকে উত্থাপন কৰা নিজৰ সমস্যাবোৰ, সমাধানৰ বাবে আমালৈ চাই থকা পোহৰ এন্ধাৰৰ মুখবোৰ । এই সকলোবোৰে দিয়া ছাঁ পোহৰৰ ধোৱাময় ছবিবোৰে দোমোজাত পেলালে ।
‌               আচলতে কিবা এটা কৰিব লাগিব, নিশ্চয়কৈ । বুজাব লাগিব, শিকাব লাগিব, সচেতন কৰিব লাগিব নিজৰ অধিকাৰ সম্পর্কে, কৰ্মমূখী, জীৱনমুখী কৰি গঢ়িব লাগিব । কিন্তু কিন্তু কেনেকৈ?
‌      একেসময়তে বাধা হৈ থিয় দিয়ে চোন ভাষা, অাৰ্থসামাজিক পৰিৱেশ, সময় আদি কাৰকবোৰ ।  অনুন্নত যোগাযোগ আৰু যাতায়ত ব্যৱস্থা, প্ৰাথমিক শিক্ষাত শিক্ষকৰ হেমাহি তথা অভিভাৱকসকলৰ অসচেতনতা, উচ্চ শিক্ষাৰ বাবে তথ্যৰ অভাৱ, অনাময় অসচেতনতা, উৎপাদিত কৃষি সামগ্ৰীত মধ্যভোগীৰ উপস্থিতি আৰু অৰ্থনৈতিক অসেচতনাই বেৰি আছে এই গাওঁখনক ।
‌   সমাধানৰ পথ ইমান সহজ নহয় বুজিলো সকলোৱে । সমান্তৰালকৈ সিদ্ধান্ত ললো আমি মাধ্যম হ’ম তেওঁলোকৰ সমস্যা আৰু সমাধানৰ ।
‌ শিশুবোৰক শিকাম শিক্ষাৰ মূল্য, অভিভাৱক বোৰক সচেতন কৰিব লাগিব, সন্ধিয়াৰ আদ্দাত সমস্যা বোৰৰ কথা লাজ লাজ কৈ কোৱা ডেকা ভাইভনী কেইটাৰ কন্ঠতো আমিয়েই বলিষ্ঠ কৰিব লাগিব । সেইজীয়া চাহগছ,  পাহাৰীয়া একাবেকা সৌন্দৰ্য্যই ঘেৰি ৰখা গাও খন আমাৰ আপোন । আমাৰে সহোদৰ ভাইহঁত থাকে তাতেই ।
তেওঁলোকক বুজাব লাগিব, কিদৰে গনতন্ত্ৰ আমাৰ, কলবাগানৰ উপাৰ্জনত কিয় থাকিব মধ্যভোগী, কেনেকৈ উচ্চ শিক্ষাৰ তথ্যবোৰ পোৱা যাব, কেনেকৈ পৰিস্কাৰ কৈ ৰাখিব লাগিব নিজৰ চৌপাশ । গাহৰি কুকুৰাৰ পালনেৰে কিদৰে হ’ব পৰা যাব স্বাৱলম্বী, কিদৰে ফুটবল খেলৰ দৰে খেলবোৰৰ জৰিয়তে ভাঙিব পাৰি চহৰ গাৱৰ প্ৰভেদ । গুৱাহাটী বিশ্ববিদ্যালয়ে আগবঢ়োৱা সহায়ৰ, বিশ্বাসৰ হাতখনত ধৰি কেনেকৈ আগুৱাব পৰা যাব সময়   ।
আমি কৰিম, কাৰণ গাওঁবোৰ আমাৰ, সেউজীয়া বোৰ আমাৰ, ভবিষ্যত বোৰ আমাৰ,
তেওঁলোকেও কৰিব কাৰণ গাওঁবোৰ তেওঁলোকৰো, আশাবোৰো, জীৱনবোৰো সপোনবোৰো ।
গাওঁবোৰ জীয়াই থাকিব লাগিব, মানুহবোৰ জীয়াই থাকিব লাগিব । জীয়াই থাকিব লাগিব আপুনি, মই আমিবোৰ । মানুহবোৰ জীয়াই থাকিবলৈ কৰ্মমূখী বিপ্লৱ এটা জানো আৰম্ভ কৰি নালাগিব ইয়াৰ পৰাই?

Show More

Related Articles

Back to top button
error: Content is copy right protected !!
Close
Close