নিজৰাৰ দৈৰ্ঘ কিমান?

অঞ্জন শৰ্মা

এসময়ৰ জঙ্গল-সভ্যতাৰ বাসিন্দা আমাৰ
বৃক্ষই আছিল একমাত্ৰ ঠিকনা
পৰম স্বস্তি আৰু আশ্ৰয়ৰ স্থান
আমাৰ নিৰাপত্তা
আদিপ্ৰাণ জঙ্গলৰ ৰাজহাঁড় বৃক্ষ জড়জগতৰ
একমাত্ৰ চৰিত্ৰ, যাৰ মাটিৰ সৈতে নাড়ীৰ
সম্পৰ্ক
আজিও অটুত হৈ আছে
শতিকাৰ পৰা শতিকালৈ, যুগৰ পৰা
যুগলৈ, সভ্যতাৰ পৰা সভ্যতালৈ
বৃক্ষ আমাৰ বাবে সফল উত্তৰাধিকাৰ
নিৰাপত্তা, সম্পত্তি
ফল-ফুল-পাত-ছাঁ-পখিলা-চৰাই-লতা-পোক
নানা সৰীসৃপ
জঙ্গল-সভ্যতাৰ ৰাজহাঁড় বৃক্ষৰেই সম্পত্তি
বৃক্ষ মানেই তাপ-নিয়ন্ত্ৰণ, বৰষুণ, ক্ষয়ৰোধ
বৃক্ষ মানেই নদী-নিজৰা-সাগৰ-মহাসাগৰ-মেঘ-পৰিৱেশ
বৃক্ষ মানেই হিমালয় -আল্পচ-সুমেৰু-কুমেৰু
বৃক্ষতেই আছে অগ্নি
চৌকাৰ বাবেও বৃক্ষ
শয়নৰ বাবেও বৃক্ষ
যজ্ঞৰ বাবেও বৃক্ষ
চিতাৰ বাবেও বৃক্ষ
জন্মৰ পৰা মৃত্যুলৈ বৃক্ষ, বৃক্ষতেই আছে
অগ্নি
আমাজন-অষ্ট্ৰেলিয়া-কেলিফ’ৰ্ণিয়াৰ দাবানল
বৃক্ষ
অগ্ৰজৰ দৰে, পিতৃৰ দৰে, পিতামহৰ দৰে
বৃক্ষৰ প্ৰৱীণতা
প্ৰাজ্ঞতা
সহবাস-সহিষ্ণুতা আৰু মাতৃতুল্য নিঃস্বাৰ্থ স্নেহ
মৰম- ভালপোৱা
যুগে যুগে বৃক্ষই আছিল আমাৰ শিক্ষক
আমাৰ গুৰুসকলৰ তপস্যাৰ সুৰক্ষিত স্থান
বুদ্ধৰ দিব্যজ্ঞানৰ স্থান
সাধকৰ তপস্যা-মহাসমাধিৰ স্থান
বৃক্ষৰ আশ্ৰয়তে চলিছিল বন্ধন আৰু মুক্তিৰ
দ্বৈতলীলা
ত্যাগৰ দ্বাৰা ভোগৰ দৃষ্টান্ত
এক হেক্টৰ সেউজ জঙ্গলৰ অৰ্থ প্ৰতিদিনে
প্ৰায় ছয়শ কিলো অক্সিজেন উৎপাদন
আৰু প্ৰায় নশ কিলো কাৰ্বন-ডাই-অক্সাইডৰ
বিলোপসাধন
সেই জঙ্গলৰ সৈতেই বিশ্বাসঘাতকতা !
সেই বৃক্ষৰ সৈতেই বিশ্বাসঘাতকতা !
নিৰ্বিচাৰ অৰণ্য-হনন?

বিপন্ন আজি বিশ্ব!
বিপন্ন পৰিৱেশ!
জঙ্গল থাকিলেহে মানুহ থাকিব
বৃক্ষ থাকিলেহে নিজৰা-নদী-সাগৰ থাকিব••

সেইবাবেই ‘বৃক্ষবন্ধু’ !

সেইবাবেই নৰিয়াপাটীত মাতৃক এৰি
চৰাইদেউৰ পৰা বৈ আহিল নিজৰা
নিজৰা নদী হ’ল•••••

দিহিং নৈ কিমান দীঘল?
তিনিশ আশী কিলোমিটাৰ।

মানাহ নৈ?
তিনিশ ছিয়াত্তৰ কিলোমিটাৰ।

তিস্তা নৈ?
তিনিশ পোন্ধৰ কিলোমিটাৰ।

গোদাৱৰী নৈ?
এহাজাৰ চাৰিশ পয়ষষ্টি কিলোমিটাৰ।

যমুনা?
এহাজাৰ তিনিশ ছিয়াত্তৰ কিলোমিটাৰ।

গঙ্গা?
দুহাজাৰ পাঁচশ পচিশ কিলোমিটাৰ।

তিনিমাহ সোতৰদিন ধৰি চৰাইদেউৰ পৰা
পৰিৱেশ সংৰক্ষণৰ বাবে পদব্ৰজে ওলোৱা
নিজৰা
নিজৰা নদী হৈ পৰিল!

নিজৰাৰ দৈৰ্ঘ কিমান?
নিজৰাৰ দৈৰ্ঘ দুহাজাৰ দুশ পঞ্চাছ কিলোমিটাৰ!!

নিজৰা
নিৰ্বাক বৃক্ষৰ মৰ্মবেদনা
কঢ়িয়াই নিয়া তুমি নিজৰা
ঢৌৱে ঢৌৱে মিলি
বিশ্ব-তৰঙ্গ হওক
তোমাৰ নি:স্বাৰ্থ প্ৰচেষ্টা

নিজৰা
তুমি থমকি নৰবা
তুমি সাগৰ হোৱা
তুমি মহাসাগৰ হোৱা
নিজৰা
তোমাক শব্দৰ বহিৰে দিবলৈ একো নাই

নিজৰা
তোমাক অলেখ অভিনন্দন•••

(১৫-০৩-২০২০)

######

[ বিভিন্ন ঘাত-প্ৰতিঘাত নেওচি অসম-কন্যা নিজৰা ফুকনে চৰাইদেউৰ পৰা নতুন দিল্লীলৈ ২২৫০ কিলোমিটাৰৰ সুদীৰ্ঘ পথ পৰিৱেশ সংৰক্ষণৰ সজাগতাৰ বাবে ৩ মাহ ১৭ দিন পদব্ৰজে যাত্ৰা কৰা উপলক্ষে ওপৰৰ লেখাটো তেখেতৰ নামত আগবঢ়ালো]

Show More

Related Articles

Back to top button
error: Content is copy right protected !!