নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীক হত্যাৰ ভাবুকি
মহাবাহু

ৱেলিংটন (২৩ মাৰ্চ) : নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডাৰ্নক ‘চোছিয়েল, মেডিয়া’ৰ জৰিয়তে হত্যাৰ ভাবুকি দিয়া হৈছে। ক্ৰাইস্টচাৰ্চ মছজিদত স্বেতাংগৰ সন্ত্ৰাসৰ বলি হোৱা ৫০ জন প্ৰার্থনাকাৰীৰ নিৰ্মম মৃত্যুৰ এসপ্তাহ অতিক্ৰম নৌ-হওঁতেই ২২ মাৰ্চ তাৰিখে প্ৰধানমন্ত্ৰীগৰাকীক টুইটাৰযোগে হত্যাৰ ভাবুকি দিয়া হৈছে। ‘ইউ আৰ নেক্সট্’ শিৰোনামৰ লগতে বন্দুকৰ ছতু প্ৰেৰণ কৰা হৈছে প্ৰধানমন্ত্ৰীগৰাকীক। এই ‘পোষ্ট’ কৰাজনৰ টুইটাৰ একাউণ্ট ইতিমধ্যে বন্ধ হৈ যোৱা বুলি নিউজিলেণ্ড হেৰাল্ড পত্ৰিকাই সদৰি কৰিছে। ‘নেক্সট্ ইটছ্ ইউ’ বুলি কৈ অইন এটা ‘পোষ্ট’ত প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰু নিউজিলেণ্ডৰ পুলিচক সন্দেহযুক্তসকলে ‘টেগ্’ কৰিছে। বন্ধ হৈ যোৱা টুইটাৰ একাউণ্টবোৰত মুছলমান- বিৰোধী বিভিন্ন বিষয় আছিল আৰু শ্বেতাংগ আধিপত্যৰ বিভিন্ন ঘৃণামূলক বিবৃতিও আছিল। এই সম্পৰ্কে ইতিমধ্যে পুলিচে তদন্ত আৰম্ভ কৰিছে। প্ৰকৃততে, মছজিদত আক্ৰমণ কৰাৰ পিছতেই মুছলমান সম্প্ৰদায়ৰ উদ্দেশ্যি সংহতিৰ বাৰ্তা প্ৰেৰণ কৰাৰ বাবেই প্ৰধানমন্ত্ৰীক শ্বেতাংগ আধিপত্যবাদীসকলে ভাবুকি দিয়া বুলি সন্দেহ কৰা হৈছে। ১৫ মাৰ্চৰ সেই বৰ্বৰ আক্ৰমণৰ এসপ্তাহ পিছত ২২ মাৰ্চ তাৰিখে দুপৰীয়া ১-৩০ বজাত আজান তথা জুম্মাৰ নামাজ দেশখনৰ ৰাষ্ট্ৰীয় টিভি আৰু ৰেডিঅ’যোগে প্ৰত্যক্ষভাৱে সম্প্ৰচাৰ কৰাৰ পিছতেই প্ৰধানমন্ত্ৰীক ভাবুকি প্ৰদান কৰা হয় দুপৰীয়া ১-৪৮ মিনিটত। বহুতে ক্ষোভ প্ৰকাশ কৰি কৈছে যে এনে ধৰণৰ বৰ্ণবাদী সহিংস বাৰ্তাৰ বিৰুদ্ধে কোনো ধৰণৰ পদক্ষেপ টুইটাৰে গ্ৰহণ কৰা নাই।
চাৰ্চৰ সেই নিৰ্মম হত্যালীলা ১৭ মিনিট ‘লাইভ’ কৰা হৈছিল। ‘লাইভ’ কৰিছিল ২৮ বছৰীয়া আক্ৰমণকাৰী শ্বেতাংগ যুৱক ব্ৰেণ্টন ট্যাৰেণ্টে। এই সম্পৰ্কে ফেচবুকৰ বিৰুদ্ধেও তীব্ৰ ক্ষোভ প্ৰকাশ কৰা হৈছে। কাৰণ বহু সময় অতিক্ৰম হোৱাৰ পিছতো ফেচবুকৰপৰা সেই ভিডিঅ’ আঁতৰোৱা নাছিল ফেচবুক কৰ্তৃপক্ষই আৰু তাৰ ফলতেই ভিডিঅ’টো ‘ভাইৰেল’ হৈ পৰে।
আনহাতে আকৌ দুটা ‘ৱেবছাইটে’ নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীক শান্তিৰ বাবে ন’বেল বঁটা দিব লাগে বুলি স্বাক্ষৰ অভিযান আৰম্ভ কৰিছে। কাৰণ আক্ৰমণৰ পিছত নিহতৰ পৰিয়ালৰ কাষলৈ গৈ প্ৰধানমন্ত্ৰীয়ে আন্তৰিকতা প্ৰদৰ্শন কৰাৰ উপৰি সন্ত্ৰাসবাদীজনৰ নামটোও উচ্চাৰণ নকৰো বুলি ঘোষণা কৰিছে। তদুপৰি নিউজিলেণ্ডৰ অস্ত্ৰ আইন সংশোধনৰ উদ্যোগো তেওঁ গ্ৰহণ কৰিছে।
# # #