নাৰী আৰু প্ৰেম

কল্পনা লহকৰ

ঈশ্বৰৰ প্ৰতি থকা প্ৰেম– এগৰাকী নাৰীৰ প্ৰথম আৰু মহান প্ৰেম। ভক্তৰ ভগৱানৰ প্ৰতি থকা প্ৰেমেই স্বৰ্গীয় অনুভূতিৰ আৱেশেৰে এগৰাকী নাৰীক বান্ধি ৰাখে য’ত কোনো কামনা বাসনা জড়িত নাথাকে। কৃষ্ণৰ প্ৰতি মীৰা বাঈৰ প্ৰেমৰ কথা আমি উনুকিয়াব পাৰোঁ। এই ভক্তিৰ অৰ্থ মূলঃ সেৱা বা আনুগত্য। ভক্তিৰ ভেটি শ্ৰদ্ধা। যিজন দেৱতাৰ প্ৰতি নাৰী এগৰাকীৰ শ্ৰদ্ধা ওপজে, তেওঁ সেইজনক ভক্তিৰ অঞ্জলি আগবঢ়ায়। ঈশ্বৰৰ প্ৰতি  থকা তীব্ৰ প্ৰেমেই ভক্তি। শৰৎকালৰ ৰাস পূৰ্ণিমাৰ সেই প্ৰেম, ভক্তি ৰসৰ কথাও উনুকিয়া পাৰো। গোপিনীসকলৰ প্ৰেমে ভগৱান কৃষ্ণক আপ্লুত কৰি পেলাইছিল। তেওঁলোকে য’ৰে কাম তাতে পেলাই  থৈ কৃষ্ণৰ বাঁহীৰ মধুৰ সুৰত মতলীয়া হৈ বাউলী হৈ ৰাস-ক্ৰীড়া কৰিবলৈ  দৌৰি-ঢাপৰি গৈছিল–
‘শৰতৰ পূৰ্ণিমাৰ জোনাক ৰাতি
কৃষ্ণই বৃন্দাবনত বজাই বাঁহী
বাঁহীৰ মাতে শুনি অ’ ৰাধে মাই
কাষৰে কলচী মাটিত পেলায়….’
সুৰেৰে সজোৱা এই শাৰীকেইটিত ভক্ত আৰু ভগৱানৰ প্ৰেম-মিলনৰ আকাংক্ষা সুন্দৰ ৰূপত ফুটি উঠিছে। বৃন্দাবনত কৃষ্ণৰ মুৰুলীৰ সুৰত তেওঁৰ আজন্ম প্ৰেমিকা ৰাধাইয়ো কাষত লোৱা পানী কলহ মাটিত পেলাই থৌকি-বাথৌ হিয়াৰে কৃষ্ণক পাবলৈ উদ্বাউল হৈ পৰিছিল।  ইয়াতেই বুজা যায় ভক্তি প্ৰেমৰ কি যে অময়া অনুভৱ!

মহাপুৰষ শংকৰদেৱৰ বৈষ্ণৱবাদৰ অভ্যূত্থান আৰু বিকাশৰ লগত সংগতি ৰাখি ইছলাম ধৰ্মৰ আগমন আৰু সম্প্ৰসাৰণ বৰ্ণনা অসমৰ বিশিষ্ট সাহিতিক প্ৰয়াত আব্দুল মালিকে ‘হিন্দু আৰু ইছলাম ধৰ্মৰ মূল দৰ্শন একেই’ বুলি আভাষ দি ধৰ্মীয় সংহতি তথা ঐক্য সৃষ্টিৰ প্ৰতি দৃষ্টি পেলাইছে।

এগৰাকী নাৰীৰ হৃদয়ত এখন প্ৰেমৰ সাগৰে অনবৰতে দোলা দি থাকে। নাৰীৰ হৃদয় এখম থুনুকা কাঁচৰ দৰে। মন কৰিলে সেই কাঁচতে পুৰষে নিজৰ প্ৰতিবিম্ব চাব পাৰে। নাৰীয়ে যেতিয়াই যিকোনো মুহূৰ্তত প্ৰেমৰে ওপচাই দিব পাৰে কাৰোবাৰ আকুল হৃদয়। তাৰ বাবে কেৱল নাৰী গৰাকীক প্ৰয়োজন অকমান শ্ৰদ্ধা, অকৃত্ৰিম মৰম আৰু সন্মান। কিন্তু প্ৰশ্ন হয় এই সন্মান প্ৰতিগৰাকী নাৰীয়ে যথোচিতভাৱে পাইছেনে?

ইউৰোপীয় প্ৰেমিক চৰিত্ৰ হিচাপে আবেলাৰ্ডৰ তুলনাত হেলইছাৰ চৰিত্ৰ বহু উজ্জ্বল। আবেলাৰ্ডৰ প্ৰেমৰ প্ৰতি একাগ্ৰতা আৰু তেওঁৰ(আবেলাৰ্ডৰ) মংগলৰ বাবে নিজৰ সকলো স্বাৰ্থ হেলইছাই হেলাৰঙে ত্যাগ কৰিছিল।

নাৰী-পুৰুষৰ চিন্তা-ভাৱনা, আবেগ-অনুভূতিৰ তুলনাত  পুৰুষৰ আবেগ অনভূতি¸ কম যেন লাগে আৰু তেওঁলোকে কিছু কিছু ক্ষেত্ৰত নাৰীক মৰ্যদাসহকাৰে সন্মান দিব নাজানে। বৰ্তমান সমাজখনত ঘটি থকা বহুতো উদাহৰণেই ইয়াৰ প্ৰমাণ। এটা কথা ঠিক যে নাৰী এগৰাকীৰ চিন্তা আৰু প্ৰেম ভাৱনাই এগৰাকী পুৰুষৰ জীৱন ধন্য কৰে। উদাহৰণস্বৰূপে আমি বিশিষ্ট সাহিত্যিক বীণা বৰুৱাৰ বিখ্যাত উপন্যাস ‘জীৱনৰ বাট’ৰ তগৰৰ জীৱন কাহিনীকে আঙুলিয়াব পাৰো।  নিজহাতে ফুলাম টেবুল ক্লথ এখন কমলাকান্তক দি তগৰে অন্তৰৰ গভীৰ প্ৰেম প্ৰকাশ কৰিছে।

আকৌ বিশিষ্ট ঔপন্যাসিক ৰজনীকান্ত বৰদলৈদেৱৰ বিখ্যাত উপন্যাস ‘মিৰি জীয়ৰী’ৰ দুই মুখ্য চৰিত্ৰ ‘জংকি পানেই’ৰ প্ৰেম কাহিনীত এক স্বৰ্গীয় প্ৰেম অনুভুত হোৱা দেখা যায়। ইতিহাসৰ পাতত এনে প্ৰেম কাহিনী অনেক আছে যি অদ্বিতীয় আৰু তুলনাবিহীন।
এজন পুৰুষে এগৰাকী নাৰীক বহু ৰূপত পাব পাৰে। কেতিয়াবা স্ত্ৰীৰ ৰূপত, কেতিয়াবা মাতৃৰ ৰূপত, কেতিয়াবা ভগ্নীৰ ৰূপত, কেতিয়াবা বাইদেউৰ ৰূপত আকৌ কেতিয়াবা এগৰাকী প্ৰকৃত বান্ধৱীৰ ৰূপত।  সময়সাপেক্ষে এগৰাকী নাৰীয়ে এই আটাইবোৰ ৰূপেৰে আকুলতাৰে আৰু বিশুদ্ধতাৰে এজন পুৰুষৰ হৃদয়ত থিতাপি ল’বলৈ চেষ্টা কৰে। কিন্তু কিমানজন পুৰষে ইয়াক উপলব্ধি কৰিব পাৰে?

বগলাদেৱী, ক্যাত্যায়নী, মা কালী, জগধাত্ৰী, কামাখ্যা, মহালক্ষ্মী, চণ্ডী, ভূৱনেশ্বৰী, ৰাজেশ্বৰী মাতংগী  আদি নামেৰে বিভূষিতা দেৱী দুৰ্গাক বিভিন্ন ৰূপত পুৰষে যুগ যুগ ধৰি পূজা কৰি আহিছে; কিন্তু নিজৰ ঘৰতে দেৱীৰূপী স্ত্ৰী এগৰাকী আছে যদিও সেই কথা সম্পূৰ্ণৰূপে পাহৰি  সেই একেজন পুৰষেই নাৰীক সম-মৰ্যাদাৰ পৰা বৰ্তমানেও বঞ্চিত কৰি ৰখাতো পৰিতাপৰ কথা।
===============================

Related Articles

Close