|| নাম বদনাম ||

প্ৰণব শৰ্মা

অলেখ প্ৰশ্ন উত্তৰ বিহীন;

যিজনে হয়তো পাৰে দিব

প্ৰশ্নৰ উত্তৰ,

তেওঁ দেখোন সকলোৰে অগোচৰ,

শুনা নাই কেতিয়াও তেওঁৰ বাণী,

শুনো মাথোঁ সঘনে দালাল বোৰৰ,

তেৰাৰ নামত কৰা

হুঙ্কাৰধ্বনি।

যদিহে সকলো দোষ গুণৰ

তেৰাই কৰিব বিচাৰ

শেষ বিচাৰৰ দিনা,

তেনেহলে তেৰাৰ নামত

কিয় অনুগামীৰ ইমান ভ্ৰষ্টাচাৰ?

 

তেৰাৰ নাম ইমান মহান,

সাধাৰন নৰ মনিষে

কিদৰে কৰিব পাৰে

বদনাম?

সকলোৰে দেখো আজি

পোন্ধৰ মিনিটৰ যশৰ প্ৰয়াস,

মুখত গাই তেৰাৰ জয়গান

নিজ কৃতকৰ্মেৰে কৰে

তেৰাৰ অপমান।

 

আৰু নিৰীহ ভেৰাৰ দলে

বলিৰ পাঠা হোৱাৰ ভয়ত

মূৰ তল কৰি

থাকে মনে মনে,

মৌনতাৰ জয়ধ্বনিৰে বলীয়ান

স্বেচ্ছাচাৰীৰ দলে

নিজ মতে ৰাইজৰ কৰে

স্বাধীনতা হৰণ।

 

ঠুনুকা কি?

সৰ্বশক্তিমান পৰমাত্মাৰ নাম,

নে তেৰাৰ নাম লৈ

ধৰ্মৰ দালালি কৰা ভণ্ড সৱৰ

মিছা অহংকাৰ?

 

সততে দলবাগৰা,

ধৰ্মৰ মুখা পিন্ধি,

ভোট বেঙ্কৰ গণনাৰে

সময়ৰ সুযোগ বুজি,

সমাজত বিভাজনৰ মন্ত্ৰ সিঁচি

ৰাজনীতিৰ খেল খেলা

শগুণ বোৰৰ,

হ’ব জানোঁ ক্ষুধা পূৰণ

নৰ মাংসৰ?

আৰু কত দিন

নিৰ্জীৱ জনতাই সহিব,

ৰাজনীতি তোষণৰ?

 

উত্তৰ দায়ী হ’ম আমি

অনাগত প্ৰজন্মৰ আগত,

যদিহে দেখিও অন্যায়

উট পক্ষীৰ দৰে

বালিত গুজি মূৰ,

মুক বধিৰ হৈ

ধৰো মৌন ব্ৰত,

এৰি দি সকলো

বিভূৰ হাতত।

 

কিদৰে কৰো মূল্যায়ন?

তেৰাৰ নামৰ গাওঁ জয়গান,

নে ধৰ্মান্ধ ধূৰন্ধৰৰ হাতত তুলি দিওঁ

নামৰ বদনামৰ বিচাৰৰ বিধান?

 

চিৰকালৰ দৰে নিমাত তেৰা,

বান্দৰৰ বংশধৰৰ বান্দৰামি চাই

নিদ্ৰাত মগ্ন;

চৌদিশে অশিক্ষিতৰ সম্প্ৰসাৰণ,

ক’ৰবাত শিক্ষাই নিৰৱে

টোকে চকুপানী।

#####

প্ৰণব শৰ্মা, চান হ’জে, কালিফোৰ্ণিয়া

 

################

**মহাবাহু**

Show More

Related Articles

Back to top button
error: Content is copy right protected !!