|| নষ্ট ৰাতিৰ অস্পষ্ট কবিতা ||

অবিনাশ সন্দিকৈ

 নষ্ট ৰাতিৰ অস্পষ্ট কবিতা
দুৱাৰ বোৰ বন্ধ শিকলিৰ গাঠি,
কবি মগ্ন এপিয়লা ৰাগীত
খিড়ীকিৰে ধোঁৱা চৌদিশ
এঙামুৰি বিষ যৌৱনৰ
হৃদয়ৰ ঘোলা তেজ
মৌখিক আহ্লাদন জীৱন জিনাৰ l
কপি উঠা মাত
উঠা বহা বুকু কত কি যন্ত্ৰণা,
ধৰ্ষিতা সমাজ, নেতাৰ হেতালি
মস্তিষ্কৰ বিকৃতি সম্ভাৱনা প্ৰজন্মৰ,
উদং জেপত সমাজৰ ছবি সাজি
আন্ধাৰ কোঠাত ৰছীৰে পুতলা টানি বগা পোছাকত অমানুহৰ প্ৰস্তুতি l
ষ্ট্ৰীট লাইটৰ ধিপ্ ধিপ্ পোহৰ
ৰঙা পানীত বিসৰ্জ্জন অধিকাৰ,
মথাউৰি ছিঙি নাওঁৰা বুৰিল
জাউৰিয়ে জাউৰিয়ে চাপৰি
সকলো পাহৰি অকৌ প্ৰতিশ্ৰুতি,
কাগজৰ দম,বগা টুপি ৰঙা লাইট
আৰু এখন নতুন কলা গাড়ী ll
©অবিনাশ সন্দিকৈ,ব্ৰহ্মাজান, গহপুৰ
Show More

Related Articles

Back to top button
error: Content is copy right protected !!