দ-পৰ্বতীয়াৰ শৈল দুৱাৰখন

গৌতম শৰ্মা

অলেখ ঐতিহাসিক সম্পদেৰে ভৰা পুৰাতত্ববিদসকৰ ভাষাত ‘শিলৰ যাদুঘৰ’ হিচাপে বিবেচিত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে অৱস্থিত অসমৰ এখন অতি মনোৰম চহৰ হৈছে তেজপুৰ। প্ৰাচীন, মধ্য আৰু আধুনিক এই তিনিও কালৰ বহু ঐতিহাসিক সম্পদে এই ঠাইখনৰ প্ৰতি অনবৰতে ঐতিহাসিক, গৱেষক, পুৰাতত্ববিদসকক আকৰ্ষণ কৰি আহিছে। প্ৰাগ-ঐতিহাসিক অৰ্থাৎ ইতিহাসে ঢুকি নোপোৱা কালতেই এই তেজপুৰৰ কিছু কিছু অংশক লৈ প্ৰাচীন সভ্যতা আৰু সংস্কৃতি গঢ় লৈ উঠিছিল; যাৰ প্ৰভাৱ ইয়াত নিৰ্মিত প্ৰাচীন কেতবোৰ স্থাপত্যশৈলীতো পৰিছিল। বৰ্তমান তেজপুৰ চহৰৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ পশ্চিমে অৱস্থিত দ-পৰ্বতীয়া হৈছে তেনে এখনি ঠাই; য’ত প্ৰাচীন ভাৰতীয় অতি উন্নত স্থাপত্যকলাৰ  বিকাশৰ উমান পোৱা গৈছে। মূলতঃ এখন শিলৰ দুৱাৰৰ ফ্ৰেম অৰ্থাৎ এখন শৈল তোৰণক কেন্দ্ৰ কৰি এই ঠাইখন আজি সমগ্ৰ বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।
ঐতিহাসিকসকলৰ মতে, দ-পৰ্বতীয়াৰ এই শৈল তোৰণখন হৈছে এতিয়ালৈকে আৱিষ্কৃত হোৱা প্ৰাচীন ভগ্নাৱশেষবোৰৰ ভিতৰত অতি এক উচ্চ মানদণ্ডৰ শিল্পকলা। প্ৰাচীন ভাৰতীয় শিল্পকলাৰ প্ৰভাৱত নিৰ্মিত এই শৈল তোৰণখনৰ যোগেদি পুৰাতত্ববিদসকলে প্ৰাচীন ভাৰতৰ শিল্পকলাৰ পৰিপক্কতা, সম্প্ৰসাৰণৰ ক্ষেত্ৰতো যথেষ্ট জ্ঞান আহৰণ কৰিছে। প্ৰখ্যাত পুৰাতত্ববিদ ৰাখাল দাস বেনাৰ্জীয়ে ভাৰতবৰ্ষৰ পুৰাতাত্বিক জৰীপ বিভাগ (Archeological Survey of India) ক ১৯২৪-২৫ চনত দিয়া বাৰ্ষিক ৰিপৰ্টত দ-পৰ্বতীয়াৰ এই শৈল তোৰণখন প্ৰাচীন শৈৱ ধৰ্মীয় প্ৰভাৱত খ্ৰীষ্টীয় ষষ্ঠ শতিকামনত নিৰ্মিত বুলি মতপোষণ কৰিছে। লগতে তেওঁ ইয়াক প্ৰাচীন কামৰূপৰ স্থাপত্য আৰু ভাস্কৰ্য শিল্পৰ শ্ৰেষ্ঠ নিদৰ্শন বুলিও উল্লেখ কৰিছে। অন্যান্য কেতবোৰ পুৰাতত্ববিদে আকৌ দ-পৰ্বতীয়াৰ এই শৈল তোৰণখনক মধ্যযুগৰ অসমত ৰাজত্ব কৰা আহোম ৰজাসকলৰ দিনত নিৰ্মিত বুলি ক’ব খোজে। কিন্তু ইয়াৰ নিৰ্মাণৰ বৈশিষ্ট্যগত দিশসমূহে বিশেষকৈ ইয়াৰ নিৰ্মাণত ব্যৱহাৰ হোৱা ইটাৰ গাঁথনিয়ে এই তোৰণখন যে আহোম যুগৰ স্থাপত্যশৈলীৰ উদাহৰণ নহয় সেইকথা আমাক কয়। উল্লেখযোগ্য যে, পৰৱৰ্তী কালত সৰহসংখ্যক পণ্ডিতে দ-পৰ্বতীয়াৰ এই শৈল তোৰণখনৰ সম্পৰ্কত এটা বিশেষ মতত উপনীত হৈছে যে – সম্ভৱতঃ ভাৰতবৰ্ষৰ ইতিহাসৰ সোণালী যুগৰ দাবীদাৰ গুপ্ত ৰজাসকলৰ ৰাজত্বৰ সময়তেই তেওঁলোকৰ স্থাপত্যশৈলীৰ প্ৰভাৱত তাত এটা শিৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল। ১৮৯৭ চনৰ বৰ-ভূঁইকপত এই মন্দিৰটো ধ্বংসপ্ৰাপ্ত হোৱাত তাৰ ভগ্নাৱশেষবোৰ ওলাই পৰে; আৰু বৰ্তমানৰ দ-পৰ্বতীয়াত অক্ষত অৱস্থাত থকা এই শৈল তোৰণখন হৈছে সেই ভগ্নাৱশেষৰে এক অৱশিষ্ট অংশ।
বৈশিষ্ট্যগত দিশৰপৰা দ-পৰ্বতীয়াৰ এই শৈল তোৰণখন থিয় হৈ থকা শিলৰ স্তম্ভদুটা দীঘলে পাঁচফুট আৰু বহলে এফুট চাৰি ইঞ্চি। তোৰণখনৰ মাজত কুণ্ড থকা এচটা ডাঙৰ শিলৰ মুখত অৱস্থিত। এই শিলচটা মন্দিৰটোৰ বেদী আছিল বুলি অনুমান কৰিব পাৰি। পানী ওলাই যোৱা শিলৰ এটা নলাও কুণ্ডৰ সৈতে সংযোগে হৈ থকা দেখা যায়। উল্লেখ্য যে, এই স্তম্ভ দুটা আৰু ওপৰত থকা পথালি শিলটোত মূৰ্তি আৰু ফুল কটা আছে। সোঁফালৰ স্তম্ভটোত ত্ৰি-ভংগীমাত শিৰত মুকুট, ডিঙিত গলপতা, কঁকালত কৰধ্বনি, হাতত মালা লৈ অলংকাৰেৰে সুশোভিত হৈ থকা গংগাৰ মূৰ্তি আছে। এই মূৰ্তিটোৰ পাছফালে উৰন্ত ৰাজহাঁহসহ দুয়োপিনে দুটা নাৰী মূৰ্তি গংগা মূৰ্তিটোৰ ফালে মুখ কৰি আছে। অন্যহাতেদি, বাওঁফালে থকা মূৰ্তিটোত যমুনাৰ মূৰ্তি আছে বুলি অনুমান কৰা হৈছে। গংগা মূৰ্তিৰ দৰেই একেই ভংগীমাত থকা এই মূৰ্তিটোৰ সোঁহাতে তলত অন্য দুটা এটা থিয় হৈ থকা আৰু এটা আঁঠুকাঢ়ি থকা নাৰী মূৰ্তি আৰু ইয়াৰ ঠিক বাওঁফালে উৰন্ত হংসৰ মূৰ্তি খোদিত কৰা হৈছে। স্তম্ভদুটাৰ ওপৰৰ অংশটোত দীঘলকৈ চাৰিটা ভাগ কৰা আছে। ইয়াৰ প্ৰথম ভাগত বগোৱা লতাৰ সৈতে পাত, দ্বিতীয় ভাগত পদুম পাতৰ লগত অন্য ফুল, তৃতীয় ভাগত চাৰিটা নাৰী মূৰ্তি আৰু চতুৰ্থ ভাগত অকল ফুল কটা মূৰ্তি দেখিবলৈ পোৱা যায়।
পূৰ্বে উল্লেখ কৰি অহা হৈছে যে, স্তম্ভদুটাৰ ওপৰত এটা পথালি শিলত ফুল কটা আছে। শিলটোৰ দুয়োটা মূৰ স্তম্ভদুটাতকৈ অলপ বাহিৰলৈ ওলোৱা। ফুল কটা শিলৰ মাজত লাখুটি লোৱা শিৱ অৰ্থাৎ লাকলিশ্বৰৰ (পুৰাণসমূহৰ মতে শিৱৰ শেষ অৱতাৰ) মূৰ্তি আছে। শিৱ মূৰ্তিটোৰ হাতত সাপ আৰু অভয় মুদ্ৰাৰ চিহ্ন দেখিবলৈ পোৱা যায়। এই শিৱ মূৰ্তিৰ বাহিৰেও মধ্য অংশত বিষ্ণুৰ বাহন গৰুড়ৰ মূৰ্তি, মানুহৰ মূৰ্তি আৰু ফুল লৈ উৰি যোৱা চৰাই মূৰ্তি দেখিবলৈ পোৱা যায়। উল্লেখযোগ্য যে, স্তম্ভদুটাৰ ওপৰৰ অংশৰ দৰেই পথালি শিলটোৰো পাঁচটা ভাগত পাঁচটা মূৰ্তি দেখিবলৈ পোৱা যায়। প্ৰথম ভাগত চাৰিখন হাতযুক্ত বাওঁহাতত ডম্বৰু লৈ থকা এক নাৰীমূৰ্তি আছে। দ্বিতীয় ভাগত ঘোঁৰামুখীয়া আঁঠুকাঢ়ি থকা নাৰী মূৰ্তি, তৃতীয়ভাগত ভৰিত ৰছীয়ে বন্ধা অৱস্থাত বহি থকা লাকুলি শিৱ মূৰ্তি আছে; লগতে ইয়াত এটা নাৰী মূৰ্তিয়ে এটা পাত্ৰত কিবা আগবঢ়াই দিয়া আৰু ইয়াৰ সোঁফালে অন্য এটা থিয় হৈ থকা নাৰীমূৰ্তি আছে। চতুৰ্থ ভাগত বাঁহী বজাই থকা এক নাৰীমূৰ্তি আৰু একেবাৰে শেষৰ ভাগটোত দুহাতে পদুম ফুল লৈ থকা সূৰ্য মূৰ্তি আছে। অৱশ্যে শেষৰ ভাগত থকা সূৰ্য মূৰ্তিটো বাহিৰলৈ ওলাই থকা অখোদিত এক মূৰ্তি।
উল্লেখযোগ্য যে, এইখিনিয়ে হৈছে দ-পৰ্বতীয়াৰ শৈল তোৰণখনৰ মূল অলংকাৰ আৰু বিশেষত্ব। সম্প্ৰতি ভাৰতীয় পুৰাতত্ব বিভাগে সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা দ-পৰ্বতীয়াৰ এই শৈল তোৰণখনক কেন্দ্ৰ কৰি দ-পৰ্বতীয়াৰ সমগ্ৰ অঞ্চলটো বৰ্তমান ঐতিহাসিক দৃষ্টিকোণৰপৰা এক অতি গুৰুত্বপূৰ্ণ ঠাই হিচাপে বিবেচিত হৈছে। বহু শ বছৰীয়া সভ্যতা আৰু সংস্কৃতিৰ সাক্ষী তেজপুৰ দ-পৰ্বতীয়া এই শৈল তোৰণখনক কেন্দ্ৰ কৰি পৰ্যটন উদ্যোগটোৰ বিকাশৰ দিশটো বহুখিনি সম্ভাৱনা উজ্জ্বল হৈ আছে। দ-পৰ্বতীয়াৰ এই শৈল তোৰণখনৰ সম্পৰ্কত ভাৰতৰ প্ৰখ্যাত পুৰাতত্ববিদ ৰাখাল দাস বেনাৰ্জীৰ ভাষাৰে শেষত এটা কথা উল্লেখ কৰিব খুজিছোঁ – “The artist’s sense of proportion the beautiful symmetry of the figures and ornamental devices and the excellence of execution tend to prove that the door linter belongs to the same period as the great schools of sculpture which exists at Pataliputra and Benares in the 5th and 6th centuries A.D.”
Show More

Related Articles

Check Also

Close
Back to top button
error: Content is copy right protected !!
Close
Close