দ’ পাৰফেক্ট প্লান-2 [ৰহস্যধৰ্মী উপন্যাসিকা]

পিনাকপানি বৰুৱা

 

কথা মতেই শইকীয়া পিছদিনাই ল’ৰা এজন লগত লৈ উপস্থিত হৈছিলহি গায়ত্ৰীৰ ঘৰত। হাতত তাৰ সৰু ঘাঁহ কটা যন্ত্ৰৰ সদৃশ চকা লগা এটা যন্ত্ৰ।

‘এইটো কি?’

‘জি পি আৰ ইউনিট (Ground Penetration Unit)। ইলেক্ট্ৰ’মেগনেটিক ৱেভৰ সহায়ত সুৰংগ-চুৰংগ বিচাৰি উলিয়াব পৰা যন্ত্ৰ। কিন্তু এটা কথা।’

‘কি?’-গায়ত্ৰীয়ে সুধিলে।

‘মোৰ বন্ধুজনে যন্ত্ৰটো আনাফিচিয়েলীহে আনিব দিছে। তেনেক্ষেত্ৰত আমি কিবা বিচাৰি পালেও ইয়াৰ সহায়ত পাইছো বুলি উল্লেখ কৰিব নোৱাৰো।’

‘অহ্‌,তেন্তে লাভ কি হ’ব।’

‘সেই ব্যবস্থাও মই ভাবি থৈছো। পিছে কিবা ওলালেহে।’

 

ল’ৰাটোয়ে ঘৰৰ প্ৰতিটো অংশলৈ যন্ত্ৰটো চলাই নিছিল। পিছে পিছে গায়ত্ৰী, শইকীয়া আৰু নিশিতা। শোৱনী কোঠা, পাকঘৰত কোনো আশাৰ সংকেত নাপাই ল’ৰাজন বাথৰুমত সোমাল।গোটেই বাথৰুমটোৰ মজিয়াৰ ওপৰেদি যন্ত্ৰটো পাৰ কৰি নিওতে তাতো নিৰাশাই হাত লাগিব বুলি ভাবিছিল আটাইয়ে, পিছে আইনাখনৰ কাষৰ পৰা যন্ত্ৰটো উঠাই আনিব খুজোতেই সি বাজি উঠিল।

‘এইখিনিত কিবা এটা আছে।’-ল’ৰাজনে উত্তেজিত হৈ কৈছিল।

সি উঠাই অনা যন্ত্ৰটো পূনৰ মাটিত ৰাখিলে, কিন্তু যন্ত্ৰটো পূনৰ নিমাত হৈ পৰিল।

‘কি হ’ল?’-বাকী সকলে সুধিলে।

‘মাটিৰ ঠিক তলত একো নাই, যন্ত্ৰটো অলপ বেকা কৰি দিলে’-বুলি কৈ ল’ৰাজনে যন্ত্ৰটো আইনাখন থকা ৱালখনত ৪৫ ডিগ্ৰীমান বেকা কৰি লগাইছিল, যন্ত্ৰটো পূনৰ বাজি উঠিছিল।

‘ইয়াৰ পাছফালে মাটিৰ তলত বহুত খালী স্থান আছে।’

‘সুৰংগ?’-শইকীয়াই সুধিলে।

‘হ’ব পাৰে।’

সকলো বাহিৰলৈ আহিলে। বাথৰুমৰ পাছফালে সি চলাই নিলে যন্ত্ৰটো, যিটো বাজি বাজি আগবাঢ়িল। তেঁওলোকৰ বাৰীৰ পিছফালেই খালী এটা প্লটৰ মাজত সেই ভঙা পৰিতক্ত ঘৰটো যাৰ ভিতৰতেই সমাপ্ত বা আৰম্ভ হৈছিল সুৰংগটো।

‘অহ মাই গড। এইটো কেতিয়াৰ পৰা আছে ইয়াত’-সুৰংগৰ ভিতৰেদি সোমাই আহি নিজৰ বাথৰুমটো দেখা পাই গায়ত্ৰীয়ে চিঞৰিলে।

‘গা ধুই থাকোতে কেতিয়াবা কিবা শব্দ শুনিছিলানেকি?’-নিশিতাই সুধিলে।

‘নাই, কেতিয়াও একো শুনা মনত নাই।’

‘ঘৰটোটো তোমালোকে নিজে সজিছিলা।’-শইকীয়াই সুধিলে।

‘অ, জয়ন্ত গোস্বামী নামৰ কন্ট্ৰেক্টৰ এজনৰ দ্বাৰা সাজিছিলো। কিন্তু আমি সেই সময়ত ইয়াত নাছিলো বাবে নিজে ভালদৰে কাম চাব পৰা নাছিলো।ডিজাইনটো চাই পিছৰ প্ৰায় সকলোখিনি কাম গোস্বামীৰ ওপৰতে এৰি দিয়া হৈছিল।’

‘কেতিয়াও তেনে কৰিব নালাগে, দেখিলানে কি হ’ল এতিয়া?’-শইকীয়াই হুমুনিয়াহ কাঢ়ি ক’লে, ‘আৰু কাৰ কাৰ ঘৰত সুৰংগ বনাই গ’ল সি ঠিক নাই।’

‘কিন্তু জয়দ্বীপৰ হত্যাৰ আঁৰত কোন? কোন আহিছিল এই সুৰংগটোৰে? গোস্বামীটো মৰিলেই চোন।’

‘হত্যাকাৰী জোনেই নহওক তাৰ কিবা নহয় কিবা সম্পৰ্ক কন্ট্ৰেক্টৰ গোস্বামীৰ লগত নিশ্চয় আছে।’

‘আমি পিছে সুৰংগটোৰ কথা পুলিচক সোনকালেই কোৱা উচিত।’

‘ৰ’বা ৰ’বা, মই আগতে কোৱা কথাটো পাহৰি নাযাবা’-শইকীয়াই আপত্তি জনাই ক’লে, ‘জি পি আৰ ইউনিটটোৰ বিষয়ে আমি পুলিচক জনাব নোৱাৰো।’

‘তেন্তে।’

‘চোৱা, আমি নিজে সুৰংগটো বিচাৰি পালো বুলি ক’লে কথাটোত ইমান দম নাথাকিব। সম্পূৰ্ণ ৰুপে তোমাক সন্দেহমুক্ত কৰিব পৰা নাযাব। কিন্তু সুৰংগটোৰ সন্ধান যদি অন্য কোনো ব্যক্তিয়ে দিয়ে তেন্তে আমাৰ লাভ বেছি।’-বুলি কৈ বংকিম শইকীয়াই উল্লেখ কৰিলে গপুৰ বিষয়ে।

 

‘৭’

ল’ৰাজনে টকা লৈয়ে মিছা কথা কৈছিল বুলি মনতে নিশ্চিত হৈছিল অৰ্জুন। লগে লগে তাৰ  চিন্তাৰ চকৰি ঘুৰিব ধৰিছিল। ফ’ন যোগেদিয়েই সি নাথৰ পৰা বিচাৰিছিল পূৰণি ফাইলৰ পৰা এক তথ্য। তথ্য সেই ছোৱালীজনীৰ যি কন্ট্ৰেক্টৰ গোস্বামীৰ ওপৰত অভিযোগ তুলিছিল আঢ়ৈ বছৰ পূৰ্বে। নাথে দিয়া তথ্য মতে ছোৱালীজনীক পূৰ্বে এবাৰ আৰক্ষীয়ে কৰায়ত কৰিছিল এখন হোটেলৰ পৰা। সেই কেচটোৰ বিষয়ে পঢ়াৰ লগে লগেই যেন বৰ্তমানৰ কেচটোও লাহে লাহে স্পষ্ট হৈ পৰিছিল অৰ্জুনৰ চক্ষুৰ আগত,

‘ইট কান্ট্‌ বি এ ক’ইন্সিডেন্স’- বৰ্ডত লাগি থকা সৰু সৰু ষ্টিক ন’টবোৰ চাই অৰ্জুনে নিজকে কৈছিল।

ব্যক্তিজন ওপৰত অৰ্জুনৰ সন্দেহ কন্ট্ৰেক্টৰ গোস্বামীৰ অনুসন্ধান কৰোতেই হৈছিল, পিছে কোনো উদ্দেশ্য দেখা নাপাই সেই থিয়ৰিটো নাকচ কৰিছিল। এতিয়া কিন্তু এক উদ্দেশ্য দেখা পাইছিল অৰ্জুনে, ভাবিলে ভয় লাগি যোৱা এক উদ্দেশ্য। নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে কোন ইমান তললৈকে যায়?-নিজকে সুধিছিল সি।

মনতে ভাবি থকা থিয়ৰিটো প্ৰমান কৰিবলৈকে অৰ্জুনে অনুসৰণ কৰিছিল গায়ত্ৰীৰ বান্ধৱী নিশিতাৰ। বজাৰৰ বেগ কেইটা হাতত লৈ খালী টেম্প’ৰ অপেক্ষা কৰি থকা নিশিতাক পিছফালৰ পৰা মাত লগাইছিল অৰ্জুনে।

‘নিশিতা।’

‘আপুনি?’-পিছ মূহুৰ্ততে নিশিতাৰ মনত পৰিছিল দুদিন আগত মানুহজনক লগ পোৱাৰ কথা, ‘অৰ্জুন জাহাংগীৰ বৰুৱা।’

‘হয়, তোমাৰ হাতত সময় আছে যদি মোৰ দুটামান প্ৰ্শ্নৰ উত্তৰ দিব পাৰিবানেকি?’

‘কওকচোন।’

‘কৰবাত বহি লও ব’লা, হাতত কফি একাপ লৈ কথা পাতি বেছি ভাল লাগিব।’

‘নিশ্চয়’-মিচিকিয়াই হাঁহিছিল নিশিতাই।

 

নিশিতাৰ পৰা অৰ্জুনে জানিব বিচাৰিছিল গায়ত্ৰীৰ অতীতৰ কথা। গায়ত্ৰীৰ পূৰ্বৰ প্ৰেমিক, জয়দ্বীপৰ সৈতে সম্পৰ্ক তথা কলেজীয়া জীৱনটোৰ বিষয়ে। কফি কাপত সৰু পেকেটটোৰ চেনীখিনি ঢালি নিশিতাই কৈ গৈছিল,

‘মই, বংকিম আৰু গায়ত্ৰী বহুত ভাল বন্ধু আছিলো কলেজত।’

‘বংকিম আৰু গায়ত্ৰী কলেজৰ দিনৰে ভাল বন্ধু বুলি মই জানিছিলো।তুমিও একেলগে পঢ়া বুলি সদ্যহতে গম পাইহে তোমাক লগ কৰিলো।’-অৰ্জুনে ক’লে, ‘ জয়দ্বীপ আৰু গায়ত্ৰীৰ সম্পৰ্ক গায়ত্ৰী আইন মহাবিদ্যালয়ত পঢ়িবলৈ অহাৰ আগৰ পৰাই আছিল, নহয় জানো?’

‘হয়, আমি চিনাকী হোৱাৰ আগৰ পৰাই সিহঁতৰ সম্পৰ্ক আছিল।’

‘সেই সময়ত গায়ত্ৰীৰ কোনো প্ৰেমিক নাছিল নে?’

‘আছিল, তিনিজন মান ল’ৰাই প্ৰপজ কৰিছিল কিন্তু তাই হাঁহি হাঁহি সকলোকে কৈছিল যে তাইৰ বয়ফ্ৰেণ্ড আছে বুলি।’

‘তাৰ মাজত এজন বংকিমো নেকি?’

নিশিতা অলপ আচৰিত হৈছিল।

‘নহয়টো, সি কোনোদিনে তাইক প্ৰপজ কৰা নাই।’-নিশিতাই কৈছিল, ‘কি জানিব বিচাৰিছে আপুনি?’

‘মই জানিব বিচাৰিছো যে তাৰ অলপ হ’লেও মন আছিল নেকি গায়ত্ৰীৰ প্ৰতি?’

নিশিতাই অলপ ভাবিছিল পূৰণি দিনৰ কথা।

‘মন আছিল যদিও বয়ফ্ৰেণ্ড আছে বুলি জনাৰ পিছত সি গায়ত্ৰীক তেনেদৰে কোনোদিনে চোৱা নাই। সেই কথা মই জানো, সি আমাৰ দুয়োজনীৰে বহুত ভাল বন্ধু। যিকোনো বিপদ আপদ হ’লেই তেতিয়াও আৰু এতিয়াও সি বন্ধু ৰূপতে আগুৱাই আহে আমাক সহায় কৰিবলৈ।’-নিশিতাই দৃঢ়ভাবে কৈছিল, ‘পিছে আপুনি কিয় বাৰে বাৰে বংকিমৰ কথা তেনেদৰে সুধিছে?কিবা সন্দেহ হৈছে নেকি?’

‘কন্ট্ৰেক্টৰ গোস্বামী এবাৰ চেক্সুৱেল হেৰেচমেন্টৰ কেচত ফচিছিল, জানানে তেঁওক সেই কেচৰ পৰা উদ্ধাৰ কৰা উকীলজন কোন?’

‘বংকিম?’

‘এক্‌জেকটলি’

‘কিন্তু’

‘ৰ’বা , মই আৰম্ভ কৰিছোহে।’-বুলি কফিৰ কাপত আৰু শুহা মাৰি অৰ্জুনে কৈ গৈছিল, ‘যিজনী ছোৱালীয়ে কেচটো দিছিল তাইকো এবাৰ পুলিচে দেহ ব্যবসায়ৰ লগত জড়িত থকাৰ বাবে ধৰিছিল। গেচ্‌ হু চেভদ হাৰ টু।’

‘বংকিম?’

‘য়েচ, আৰু কন্ট্ৰেক্টৰ গোস্বামীৰ মৃত্যুৰ দিনা ৰাতিপুৱা প্ৰায় দহ মিনিট কথাও পাতিছিল বংকিমে যি সময়ত উকীলৰ কোনো দৰকাৰ নাছিল গোস্বামীৰ।পিছত গম পাইছিলো যে বংকিম আৰু গোস্বামীৰ মাজত খুব গভীৰ বন্ধুত্বৰ সম্পৰ্ক গঢ়ি উঠিছিল কেচটোৰ পিছতে। সঘনাই দুয়ো লগ হৈছিল পাৰ্টী কৰিবলৈ। সন্দেহ মোৰ তেতিয়া অলপ অলপ হৈছিল কাৰণ বংকিম আৰু গোস্বামীৰ ব্যক্তিত্ব আছিল সম্পূৰ্ণ বিপৰীত। কোনো স্বাৰ্থ অবিহনে এনেধৰণৰ বন্ধুত্ব গঢ়ি উঠা দেখা নাযায়।’

‘তাৰমানে সেই বন্ধুত্বৰ বিনিময়ত বংকিমেই গোস্বামীৰ হতুৱাই সজাইছিল নেকি সুৰংগটো?’

‘আই থিংক চ’। গোস্বামীৰ ওপৰত হেৰেচমেন্টৰ অভিযোগ, গোস্বামীক ৰক্ষা কৰি গোস্বামীৰ বন্ধু হৈ লোৱাটো, গোস্বামীৰ দ্বাৰা সুৰংগৰ নিৰ্মান, তেঁওৰ হত্যা, অভিযোগ দিয়া সেই ছোৱালীজনীৰ অন্তৰ্ধ্যান ; এই সকলোখিনি বংকিমৰ দীঘলীয়া কুৎসিত পৰিকল্পনাৰে অন্তৰ্গত।’

‘উদ্দেশ্য?’-জানিবলৈ ব্যাকুল হৈ পৰিছিল নিশিতা।

‘গায়ত্ৰীক প্ৰথমে বিপদত পেলাই তাৰ পিছত তাইক সেই বিপদৰ পৰা উদ্ধাৰ কৰি তাইৰ চকুত হিৰ’ হোৱাটোয়ে উদ্দেশ্য তাৰ। ’

নিশিতা চিন্তাত পৰিছিল, অৰ্জুনৰ অনুমান সঁচা যদি? কিন্তু তাইটো ভালদৰেই চিনি পাই বংকিমক, সি এনেকুৱা…….এক মিনিট, তাইৰ মনত পৰিছিল আজি এক বছৰমান আগতে তাই লক্ষ্য কৰা এটা কথা। যিটো তাই আওকান কৰিছিল মনত ৰাখিবলগীয়া কথা নহয় বুলি।

‘কথা এটা মনত পৰিছে মোৰ।’-তাই অৰ্জুনলৈ নোচোৱাকৈয়ে লাহেকৈ কৈছিল।

‘কি?’

‘এক বছৰমান আগৰ কথা, এদিন আবেলি কিবা এটা কাম লৈ মই বংকিমৰ ঘৰত গৈছিলো। সি কিট্‌চেনত সোমাই আমাৰ দুয়োৰে বাবে চাহ বনাই থাকোতে মই তাৰ পঢ়া টেবুলখনৰ দিশত গৈছিলো।বহু কিতাপৰ মাজতে আছিল অমাৰ গ্ৰেজুৱেশ্বন ডে’ৰ ফটোখন। পূৰণি ফটোখন দেখা পাই ভালদৰে চাইছিলো আৰু তাত এযোৰ ওঁঠৰ চাপ দেখি আচৰিত হৈছিলো।

‘গায়ত্ৰীৰ চেহেৰাৰ ওপৰত?।’-অৰ্জুনৰ চকুহাল জিলিকি উঠিছিল।

‘অ, মই তেতিয়াই বংকিম সুধিছিলো সেই বিষয়ে। এইটো কি বুলি। সি কৈছিল যে আগদিনা তাৰ  কোনো সহকৰ্মী আহিছিল নিজৰ সন্তানক লৈ। ল’ৰাটো বহুত বদমাছ আছিল আৰু ফটোখনত সিয়েই চুমা আকি গৈছিল বুলি। মই তেতিয়া মানি লৈছিলো বংকিমৰ কথা কিন্তু মোৰ মনত আছে, সেইটো কোনো সৰু ল’ৰা-ছোৱালীৰ ওঁঠৰ চাপ নাছিল।’

 

‘৮’

প্ৰায় দুই বছৰ আগৰ এটা সন্ধিয়া, গোস্বামীৰ অট্টালিকাৰ পোহৰত জিলিকি উঠিছিল গাৰ্ডেনৰ টেবুলত সজাই থোৱা হুইস্কিৰ গিলাছ দুটা।পিছে হুইস্কিৰ গিলাছটো হাতত লৈয়ে গোস্বামী থৰ হৈ পৰিছিল বংকিমৰ প্ৰস্তাবটো শুনি।

‘সুৰংগ? কি কথা কোৱা হে? পাগল হৈছা?’- গোস্বামীয়ে সুধিছিল।

‘ইমান আচৰিত হ’লা যে? তোমাৰ বাবেনো কি জটিল কামটো?’-গহীনত সুধিছিল বংকিমে।

‘ডাঙৰ কাম নহয়, কিন্তু কিয় ইমানখিনি কষ্ট এজনী বিবাহিতা মানুহৰ বাবে? তোমাৰ দৰে এজন সফল উকীলৰ বাবে ছোৱালীৰ কি কমি হৈছে এই দুনিয়াত।’- কৈ গৈছিল গোস্বামীয়ে, ‘আৰু তাইক ওচৰৰ পৰা চাবলৈ মন গৈছে যদি কেমেৰা লগাই দিও সৰু সৰু। কোনেও গম নাপাব। সুৰংগ কিয়?’

গোস্বামীয়ে থেৰুগেৰু কৰা দেখি খঙ উঠিছিল বংকিমৰ, হাতত গিলাছটো লৈ ঠিয় হৈছিল-

‘সুৰংগটো মই কোৱাৰ দৰে সাজিব পৰা যাব নে নাই সেইটো কোৱা।’

‘পৰাটো পাৰি,একো ডাঙৰ কথা নহয়। সিহঁতৰ বাবে বনাই থকা ঘৰটোৰ পাছফালৰ মাটিটুকুৰাও মোৰে, বহু দিনৰ আগতেই ঘৰ এটা বনাব লৈ আধাতে থাকি গ’ল। ইচ্ছা কৰিলে সুৰংগ বনাই শেষ তাতে কৰিব পাৰি। কিন্তু বন্ধু হিচাপেহে কৈছো, বাদ দিয়া সেই এইচব।’

‘তোমাক যেতিয়া মই আজীৱন কাৰাদণ্ডৰ পৰা বচাইছিলো তেতিয়া তুমিয়ে কৈছিলা মোৰ দৰে বুধিয়ক মানুহ এই দুনিয়াত আৰু লগ পোৱা নাই বুলি। এতিয়ানো সেই বুধিয়ক মানুহজনক তোমাৰ উপদেশৰ প্ৰয়োজন বুলি কিয় ভাবিলা?’-কথাখিনি কওতে চকুত চকু থৈ বংকিম নিচেই কাষ চাপি আহিছিল গোস্বামীৰ।

কিছু পৰ নীৰৱ হৈ ৰৈছিল গোস্বামী, বুজিছিল তেঁওৰ কথাবোৰত অলপো গুৰুত্ব যে দিয়া নাই বংকিমে।

‘ইমান অহংকাৰ ভাল নহয় বন্ধু’-বুলি গোস্বামীয়ে খালী গিলাছটো পূনৰ ভৰাই তুলিছিল ৰঙা ৰঙেৰে।

 

বংকিম বহিছিল, হাত দুইখন মেলি চাইছিল আকাশৰ দিশত,

‘কাৰোবাক অন্তৰৰ পৰা কেতিয়াবা ভাল পাই পাইছা? কেতিয়াবা এনে লাগিছে নে যে সেই বিশেষ ব্যক্তিজনৰ অবিহনে জীৱন অনৰ্থক? তোমাৰ টকা পইচা, চাক্‌চেছ সকলো মিছা।’-সুৰ সলনি হৈছিল বংকিমৰ, ‘তাই মোৰ হৈ যোৱা হ’লে মই পৃথিৱীৰ আটাইতকৈ সুখী মানুহটো হ’লোহেতেন। আৰু এতিয়া যিহেতু তাই মোৰ নহয়, তেনেক্ষেত্ৰত সকলো মিছা।সকলো’-চিঞৰি উঠিছিল বংকিম, ‘বন্ধু হিচাপে কৈছো জয়ন্ত, অন্ত:ত ইচ্ছা কৰিলেই তাইক চাবলৈ যাব পৰাকৈ ব্যবস্থাটো কৰি দিয়া মোক।’

‘থিক আছে, সুৰংগটো তোমাৰ বাবে ইমান গুৰুত্বপূৰ্ণ যদি সেইটো বনি গ’ল বুলি ধৰি লোৱা। কিন্তু এই বিষয়ে আমাৰ বাহিৰে যাতে তৃতীয় কোনো ব্যক্তিয়ে গম নাপায়।’

‘মই কথা দিলো।’-বুলি বংকিমে নিজৰ গিলাছটোৰে পূনৰ এবাৰ চুমুক দিলে জয়ন্তৰ গিলাছত।

 

‘৯’

 

 

সুৰংগটো বন্ধ কৰা বনুৱা কেইজনক পইচা পাটি দি গায়ত্ৰী ভিতৰলৈ আহিল। কামটো ভালদৰে হওক বুলি সিহঁতৰ পিছে পিছে ঘুৰি থাকি তাইৰো ভাগৰ লাগিছিল। ভিতৰলৈ আহি চকীখনত বহোতেই কলিং বেলটো বাজি উঠিল। নিশ্চয় বংকিমেই হ’ব, অলপ আগতে ফ’ন কৰি তাইয়ে মাতিছিল।ভিতৰলৈ মাতি তাক বেডৰুমৰ বিচনাখনতে বহিব দিছিল।

‘সঁচা কথা ক’বলৈ গলে মোৰ আৰু মন নাই এইটো ঘৰত থাকিবলৈ।’-কিছু পৰ বহাৰ পিছতে দীঘল এক হুমুনিয়াহ কাঢ়ি তাই কৈছিল, চকু তাইৰ চলচলীয়া। প্ৰায় আঠ বছৰ পূৰণি সম্পৰ্কৰ অবসান ঘটাই জয়দ্বীপ আতৰি যোৱাত নিসংগতাৰ সৈতে জীৱনত প্ৰথমবাৰৰ বাবে পৰিচিত হৈছিল তাই।হঠাৎ জীৱনলৈ নামি অহা ইমান খিনি শূন্যতাৰ সৈতে যুঁজিবলৈ সাহস নাছিল, সেই কথা উপলব্ধি কৰিছিল নিজৰ মনৰ কথা ক’বলৈ সুযোগ বিচাৰি থকা বংকিমেও। সি ভাবিছিল দূৰ্বল হৈ থকা গায়ত্ৰীক বুকুত আশ্ৰয় দি চিৰদিনৰ বাবে নিজৰ কৰাৰ এয়ে সূবৰ্ণ সুযোগ।

‘তোমাৰ দুখ সহ্য কৰিবলৈ অসুবিধা হৈছে মোৰ, পৰা হ’লে জয়দ্বীপ পূনৰ জীৱিত কৰি তুলিলো হেতেন।’-বুলি কৈ প্ৰথমবাৰৰ বাবে বংকিমে গায়ত্ৰীৰ গালখন চুই চাইছিল। তাই পিছ হুহুকি গৈছিল, বংকিমৰ হাতৰ গভীৰ স্পৰ্শই তাইক আচৰিত কৰিছিল। সেই স্পৰ্শ বন্ধুত্বৰ নাছিল,

‘কি কৰিছা তুমি?’-নিজকে আতৰাই আনিছিল গায়ত্ৰীয়ে। থৰ হৈ পৰিছিল বংকিম, ইমানখিনি কৰাৰ পাছতো কিয় তাইৰ এই আচৰণ?-ভাবি ক্ষোভিত হৈ পৰিছিল তাৰ মন।

 

‘মই নোৱাৰো আৰু তোমাক এই ৰূপত চাই থাকিব গায়ত্ৰী।মই বুজি পোৱা নাই তোমাৰ ওপৰত ইমান অত্যাচাৰ কৰি থকা মানুহ এটাৰ সৈতে শেষ হোৱা সম্পৰ্ক এটা লৈ তুমি কিয় দুখ কৰি আছা ইমানকৈ? সকলো সম্পৰ্কৰ সমাপ্তিয়ে নতুন সম্পৰ্ক আৰম্ভ কৰাৰ সুযোগ দিয়ে আমাক গায়ত্ৰী।’-কৈ গৈছিল বংকিমে, ‘তোমাক প্ৰথম দেখাৰ পৰাই তোমাৰ কথা, তোমাৰ যুক্তি, তোমাৰ সৌন্দৰ্য্যই মোক আপ্লুত কৰি ৰাখিছিল।তুমিওটো জানা সেই কথা,কোনোদিনে কোৱা নাই যদিও নুবুজা জানো চকুৰ ভাষা।’

‘মই তোমাক সেই দৃষ্টিৰে কোনোদিনে চোৱা নাই বংকিম। যি টি কথা কৈ কিয় আমাৰ ইমান সুন্দৰ বন্ধুত্বৰ সম্পৰ্কটো বেয়া কৰিব বিচাৰিছা।’

‘বন্ধুত্ব, হা: হা: হা:’-পাগলৰ দৰে হাঁহিছিল বংকিমে, ‘এটা অভিশাপ যেন লাগে এই শব্দটো। মই কি কৰা নাই তোমাৰ বাবে গায়ত্ৰী। যি কোনো বিপদতে সহায় লাগিলে মোকে বিচাৰা, অথচ মই কি বিচাৰো সেইটো এবাৰো নাভাবা।’-হাঁহি থকা তাৰ চেহেৰাটো লাহে লাহে খঙে গ্ৰাস কৰি পেলাইছিল, ‘মই কি ইমানেই অযোগ্য যে এজনী বিধৱাইও এতিয়া মোক প্ৰত্যাখান কৰিব?’-ৰঙা হৈ পৰিছিল বংকিমৰ চকুহাল।

‘তোমাৰ হৈছে কি বংকিম? মোৰ ভয় লাগিছে।’

‘ইমানখিনি কৰাৰ পাছতো মই কি হাৰি যাম, নাই এনে হ’ব নিদিও মই।’-বুলি কৈয়ে সি হাত খন খামুচি ধৰিছিল গায়ত্ৰীৰ।

‘এৰি দিয়া মোক।’-চিৎকাৰ কৰি উঠিছিল গায়ত্ৰী।

‘নিদিও, তুমি যেতিয়ালৈকে নুবুজা তেতিয়ালৈকে নিদিও।’

‘কি বুজিব লাগে মই? তুমি কিয় হঠাৎ পাগলৰ দৰে অভিনয় কৰিছা?’

‘এয়া অভিনয় নহয়, এয়ে মোৰ আচল ৰূপ। তোমাক মনে প্ৰানে ভাল পাই আনৰ লগত দেখি দেখিও মূখত হাঁহি আকি ঘুৰি ফুৰাটোহে আছিল অভিনয়।’-বুলি কৈ সি টানি আনিছিল গায়ত্ৰীক নিজৰ কাষলৈ, ‘মোক প্ৰত্যাখান কৰি কি পাবা আৰু মোক আকোৱালি ল’লে কি পাবা?ভালকৈ ভাবি চোৱা এবাৰ।’

একেথৰে চাই ৰৈছিল বংকিমে গায়ত্ৰীৰ চকুলৈ।

‘জয়দ্বীপক তুমিয়েই মাৰিলা?’-চকু স্থিৰ ৰাখি গহীনত সুধিছিল গায়ত্ৰীয়ে।

‘কি বেয়া কৰিলোনো? নিজকে মুক্ত যেন অনুভব কৰা নাইনে এতিয়া?’-আৰু জোৰ পৰিছিল গায়ত্ৰীৰ হাতত, দুখ পাইছিল তাই।

 

হঠাৎ বেলেগ কিছুমান শব্দৰ সৃষ্টি হৈছিল কোঠাটোত, বিচনাখনৰ তলত অতপৰে লুকাই থকা অ চি নাথ আৰু কনষ্টেবল বৰা ওলাই আহিছিল গায়ত্ৰীক উদ্ধাৰ কৰাৰ উদ্দেশ্যেৰে।

‘বহুত হ’ল নাটক শইকীয়া, বলক এতিয়া।’

‘ইত ৱাজ এ ট্ৰেপ??’-বংকিমৰ মূখৰ ভাব দেখি সহজেই ধৰিব পৰা গৈছিল যে সি জীৱনৰ আটাইতকৈ ডাঙৰ ওচপ খাইছিল, ‘কিন্তু কেনেকৈ? কেনেকৈ গম পালে? ইট ৱাজ এ পাৰফেক্ট প্লান।’

‘তোৰ পাৰফেক্ট প্লানৰ ভুলটো আছিল যে ই বেছিয়েই পাৰফেক্ট আছিল।’-ইতিমধ্যে আহি উপস্থিত হোৱা অৰ্জুন সোমাই আহিছিল ভিতৰলৈ, পিছে পিছে নিশিতাও।

‘বেয়া মানুহ বহুত লগ পালো, তোৰ দৰে বিশ্বাসঘাটক মানুহ কিন্তু দ্বিতীয় এটা নাই পোৱা।’-অৰ্জুনে ক’লে।

সময় খৰচ নকৰি অ চি নাথে বংকিমৰ হাত অলংকৃত কৰিলে আৰু টানি লৈ গ’ল বাহিৰলৈ।

 

সমাপ্ত

Related Articles

Close