দ’ পাৰফেক্ট প্লান-[ৰহস্যধৰ্মী উপন্যাসিকা]

পিনাকপানি বৰুৱা

ফন ক’লটো পোৱাৰ লগে লগেই চাৰিজন কনিষ্টবলৰ লগত অ চি নাথ উপস্থিত হ’লহি ৰূপনগৰৰ হাউচ নং ৬-এ সন্মূখত। ঘৰটোৰ আগেপিছে থকা দুয়োখন দুৱাৰ ভিতৰৰ পৰা বন্ধ, নাথে বাৰম্বাৰ কলিং বেল বজোৱাৰ পাছতো দুৱাৰ খোল নোখোৱাত কনিষ্টবল বৰাক নিৰ্দেশ দিলে বল প্ৰয়োগ কৰিবলৈ। অৱশ্যে কনিষ্টবল বৰা আৰু কোঁৱৰ আগবাঢ়োতেই দুৱাৰখন খোল খালে। আনটো পাৰে ঠিয় হৈ থকা গায়ত্ৰীৰ কপালৰ ঘাম আৰু সেমেকা চকুয়ে এটা কথা স্পষ্ট  কৰিলে যে অলপ আগতে অহা ফ’ন কলটো ভুৱা নাছিল।

‘কি হৈছে ভিতৰত?’-নাথে গহীনত সুধিলে।

‘মই একো বুজি পোৱা নাই কি হ’ল।’-ভয়ে ভয়ে উত্তৰ দিলে গায়ত্ৰীয়ে।

‘মানে?’

গায়ত্ৰীয়ে ভিতৰলৈ আঙুলিয়াই দেখুৱালে।তিনিও সোমাই গ’ল আৰু প্ৰতক্ষ্য কৰিলে বিচনাত পৰি থকা অভিযন্তা জয়দ্বীপৰ নিথৰ দেহটো। ওপৰলৈ মূৰ কৰি পৰি থকা মৃতদেহটোৰ বুকুত গুলিৰ দাগ, তেজে ৰাঙলী কৰা বিচনা বা আশে পাশে কতো দেখা পোৱা নগ’ল গুলি নিৰ্গত কৰা বন্দুকটো।

‘বন্দুকটো ক’ত?’

‘মই নাজানো’-কপালত হাত থৈ গায়ত্ৰীয়ে ক’লে।

পিছ মুহুৰ্ততে নাথে ঘৰটোৰ আনকেইটা কোঠা চলাথ কৰিলে বন্দুকটোৰ সন্ধানত, সন্ধান কৰিছিল তৃতীয় কোনো ব্যক্তিৰো। পিছে নাথহঁত অহাৰ পূৰ্বে ঘৰটোত দুজনেই মানুহ আছিল, এজন জীৱিত আৰু আনজন…

‘চাৰ পালো বন্দুকটো’-কোঁৱৰে বাথৰুমৰ ইংলিছ টাইপ ক’মডটোৰ কাষৰ পৰা চিঞৰ লগালে। নাথ আৰু বৰা দৌৰি গ’ল, পিছে পিছে গায়ত্ৰী।

‘উঠাই আন।’

‘চাৰ?’-চকু ডাঙৰ কৰি কোঁৱৰে প্ৰতিক্ৰীয়া ব্যক্ত কৰিলে, ‘ক’বই নালাগিছিল পায়।’-বুলি কোঁৱৰে নাকত এখন হাত দিলে।

‘কিয় হত্যা কৰিলা তুমি নিজৰ স্বামীক?’- নাথে গায়ত্ৰীক সুধিবলগীয়া প্ৰশ্নটো সুধিবলৈ আৰু পলম নকৰিলে।

‘মই?’- চকু ডাঙৰ কৰি চিৎকাৰ কৰি উঠিল গায়ত্ৰী বৰুৱা, ‘আপুনি কি কথা সুধিছে?মই কিয় মাৰিম তেঁওক?’

‘দুয়োখন দুৱাৰ ভিতৰৰ পৰা বন্ধ। ঘৰটোত মানুহ আছিল দুটা। তেনে পৰিস্থিতিত কি সাহসত কৈছা যে তুমি হত্যা নাই কৰা।’- কঠোৰ হৈছিল নাথৰ সুৰ।

‘শুনক, শুনক।’-বুজাবলৈ আৰম্ভ কৰিছিল গায়ত্ৰীয়ে, ‘আমি বাহিৰৰ পৰা আহি সোমাইছিলোহিহে পোন্ধৰ মিনিটমান আগত। মই বাথৰুমত আছিলো। পানীৰ টেপ কেইটা খোল খাই আছিল বাবে বেডৰুমত কি হৈ আছিল একো শুনা পোৱা নাছিলো। গুলিৰ শব্দ শুনাৰ লগে লগে টাৱেলখন পিন্ধিয়ে মই দৌৰি ওলাই আহিলো কিন্তু তেতিয়ালৈ বহু পলম হৈছিল।’

‘কিয় বাৰে বাৰে মিছা কথা কৈছা? তুমি যদি বাথৰুমতে আছিলা তেন্তে বন্দুকটো কেনেকৈ তাত পালেগৈ।’

‘মই এইটো বাথৰুমত নাছিলো, কিট্‌চেনৰ ওচৰত আৰু এটা বাথৰুম আছে।’-গায়ত্ৰীয়ে ক’লে, ‘ পিছে আপোনালোকে খবৰ কেনেকৈ পালে?’

‘আমি এটা ফ’ন কল পাইছিলো তোমালোকৰ মাজত দূৰ্বাৰ কাজিয়া হৈ আছে বুলি।’-মৃতদেহটোৰ ডিঙিটো চুই নাথে কৈ গ’ল, ‘কাজিয়া হোৱাৰ কথাটোও মিছা বুলি ক’ব খোজা নেকি?’

‘হে ভগবান!’-বুলি কৈ তাই বহি দিছিল বিচনাখনত, ‘অ’ কাজিয়া হৈছিল আমাৰ মাজত, প্ৰায়ে হৈ থাকে। কিন্তু ইমানো বেয়া পৰ্য্যায় পোৱাগৈ নাছিল যে মই জয়দ্বীপক হত্যা কৰাৰ কথা ভাবিম।’-উচুপি উঠিছিল গায়ত্ৰী, ‘আমি কাজিয়া কৰি কৰিয়ে যে ঘৰৰ ভিতৰত প্ৰবেশ কৰিছিলো সেইটো সঁচা কথা, কিন্তু তাৰ পিছত মই তাৰ পৰা আতৰি বাথৰুমত সোমাইছিলো সেইটোও সঁচা।’

‘তোমালোকৰ ঘৰৰ দুৱাৰ খিৰিকীবোৰৰ ব্যবস্থা এনেকুৱা নহয় যে সেইবোৰ  কোনোবাই বাহিৰৰ পৰা লক কৰিব পাৰে। তেনেক্ষেত্ৰত তোমাৰ হাজবেণ্ডক হত্যা কৰি তথা দুৱাৰ ভিতৰৰ পৰাই বন্ধ কৰি কোনো তৃতীয় ব্যক্তি কি দৰে পলাই যাব পাৰে?’

‘মই নাজানো।’-অসহায় এক মূৰ্তিৰ ৰূপ ধাৰণ কৰি গায়ত্ৰীয়ে নাথলৈ চাইছিল। নাথে লগত অহা মহিলা কনিষ্টবলক চকুৰেই ইংগিত দিছিল গায়ত্ৰীৰ হাত হেণ্ডকাফেৰে অলংকৃত কৰিবলৈ।

‘২’

‘দুৱাৰ-খিৰিকী কি বাহিৰৰ পৰা লক কৰা একোয়ে উপাই নাই নেকি?’- অ চি নাথৰ বন্ধু তথা সাংবাদিক অৰ্জুনে চিগাৰেটৰ ধোৱাখিনি উলিয়াই নাথক সুধিলে।

‘ওহ্‌হো।’-নাথে কলে, ‘খিৰিকীবোৰৰ প্ৰত্যেকখনতে গ্ৰীল লগোৱা। তদুপৰি আমি গৈ পাওতে খিৰিকীবোৰো ভিতৰৰ পৰাই বন্ধ আছিল। বাকী দুৱাৰখনৰো হুক ভিতৰৰ পৰা লগোৱা আছিল যিখন বাহিৰৰ পৰা খোলাটো মোৰ মতে সম্ভব নহয়।’

‘চুম্বক-তুম্বক লগাই?’

‘এলোমিনিয়ামৰ হুক, দুৱাৰৰ থিকনেছ্‌ ১০ চেণ্টিমিটাৰমান।’

‘হমম’-চাদৰ ৱালখনত ভেজা দি অৰ্জুনে ক’লে, ‘তেন্তে তাই নাই কৰা বুলিনো কিয় সন্দেহ কৰিলে? সকলো দিশে হত্যাকাৰীটো তাই বুলিয়ে প্ৰমান কৰিছে।’

‘নাজানো কিয় তাইক বিশ্বাস কৰিবলৈ মন গ’ল। তাইৰ বেকগ্ৰাউণ্ডটো চেক্‌ কৰাৰ পাছতেই চাগে মূৰত বিকল্প চিন্তা সোমাল।গায়ত্ৰী কোনো সাধাৰণ ছোৱালী নহয়, সৰুৰে পৰাই চোকা সকলো ক্ষেত্ৰতে। কটনত হায়াৰ চেকেণ্ডেৰী তথা বি এ পঢ়ি পিছত ল’ কলেজত এল এল বি কৰে। বৰ্তমান তাই কোনো চাকৰি নকৰে যদিও নিজ ব্লগত লিখা মেলা কৰে আৰু তাৰ যোগেদি টকাও উপাৰ্জন কৰে। তাইৰ বহু কেইটা লেখা ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ আলোচনীটো প্ৰকাশ পাইছে যিবোৰ পঢ়িলে অনুমান কৰিব পৰা যাই তাইৰ বুদ্ধিমত্তাৰ পৰিমান। তেনে ছোৱালী এজনীয়ে হত্যা কৰিব জানো?’

‘একো ডাঙৰ কথা নহয়।’-অৰ্জুনে ক’লে, ‘খঙে যিকোনো মানুহক যিকোনো কাম কৰিবলৈ বাধ্য কৰে নাথ দা।’

‘সেইটোটো হয়ে। তথাপি তুমি এবাৰ চাবানেকি লগ কৰি।’

‘যোৱাটো মই যাম বাৰু, কিন্তু ঘটনাটো প্ৰায় স্পষ্ট হৈ আছে যেনেই লাগিছে।’

 শেষ হোৱা চিগাৰেটোৰ শেষাংশ চাদতে এৰি দুয়ো নামি আহিল অৰ্জুনৰ কাৰ্য্যালয়ৰ কোঠালৈ। দুই অন্তৰংগ বন্ধুৰ এই আড্ডা প্ৰায় নিয়মীয়া, কেতিয়াবা কোনো কেচৰ বিষয় লৈ; কেতিয়াবা বিষয় অবিহনেই।

 শুক্ৰবাৰৰ ৰাতিটো থানাতে কটোৱা গায়ত্ৰীক উকীল বংকিম শইকীয়াই জামিনত উলিয়াই আনিলে পিছদিনা ৰাতিপুৱাই। পোনে পোনেই আহি ঘৰত সোমোৱা গায়ত্ৰীৰ আদৰণি জনালে প্ৰত্যেকটো অসমীয়া নিউজ চেনেল তথা বাতৰিকাকতৰ সাংবাদিকে। প্ৰায় দহ বাৰটা কেমেৰা আৰু মাইকৰ আগৰ পৰা নিজক বচাই সোমাই গ’ল তাই ভিতৰলৈ। লগত প্ৰবেশ কৰিলে কেৱল উকীল শইকীয়াই।

‘তুমি চিন্তা নকৰিবা গায়ত্ৰী। মই তোমক শাস্তিৰ সন্মূখীন হ’বলৈ নিদিও।’-ফ্ৰীজৰ পৰা উলিওৱা ঠাণ্ডা পানী গিলাচ হাতত লৈ মূৰত হাত দি বহি থকা গায়ত্ৰীক ক’লে শইকীয়াই।

‘কিন্তু কেনেকৈ? সকলোয়েটো মইয়ে হত্যা কৰা বুলি ভাবি লৈছে। কি প্ৰমান আছে মোক নিৰ্দোষী প্ৰমান কৰিবলৈ।’

‘কিবা এটা টো প্ৰমান ওলাব, যদি নোলায় তেনেহ’লে সৃষ্টি কৰি দিম; তথাপি তোমাক শাস্তিৰ সন্মূখীন হ’ব নিদিও।’

‘সৃষ্টি কৰিব লাগে কিয়? মই নিৰ্দোষী যেতিয়া আচল অপৰাধীক ধৰিলেইচোন স্পষ্ট হৈ পৰিব ঘটনাটো’

‘কিন্তু আচল অপৰাধীক ধৰিব কোনে? পুলিচেটো ধৰিয়ে লৈছে তুমি হত্যাকাৰী বুলি।’

ঠিক তেনেতে বাজি উঠা কলিংবেলটোৰ শব্দই দুয়োৰে ধ্যান সেই দিশত কেন্দ্ৰীভূত কৰিলে।

‘ৰিপৰ্টাৰবোৰেই হ’ব। বাদ দিয়া।’-শইকীয়াই কলে

‘নাই, চাই আহো।’-উঠি আহিল গায়ত্ৰী।

দুৱাৰখন অলপ মান খুলি গায়ত্ৰী জানিব বিচাৰিলে দুৱাৰৰ সিপাৰে ৰখি থকা অচিনাকী মানুহজনৰ পৰিচয়,

‘অৰ্জুন, অৰ্জুন জাহাংগীৰ বৰুৱা।’

গায়ত্ৰীয়ে শুনিছে নামটো, দেখাহে প্ৰথম পাইছিল।

‘আহক।’- গায়ত্ৰীয়ে অৰ্জুনক ভিতৰলৈ মাতি দুৱাৰখন পূনৰ বন্ধ কৰিলে। অলপ সময়ৰ বাবে সজীৱ হৈ পৰা কেমেৰাকেইটাই পূনৰ নিদ্ৰাক সাৱটি ল’লে।

‘প্ৰখ্যাত সাংবাদিক তথা ডিটেক্টিভ অৰ্জুন জাহাংগীৰ বৰুৱা আৰু এখেত এডভ’কেট শইকীয়া’-ভিতৰলৈ আহি একেষাৰতে চিনাকী পৰ্বটো সমাপ্ত কৰিলে গায়ত্ৰীয়ে।

‘কি খবৰ বৰুৱা?’-বুলি কৰমৰ্দন কৰিলে শইকীয়াই।

‘ভাল, ইমান সোনকালেই পূনৰ লগ পাম বুলি ভবা নাছিলো।’-অৰ্জুনে ক’লে।

‘কি কৰিব আৰু, অপৰাধ য’ত আমাৰ দৰে মানুহো ত’ত।’

‘তোমালোকে চিনি পোৱা মানে ইজনে সিজনক?’-গায়ত্ৰীয়ে মাজতে মাত লগালে।

‘এখেতক কোনে চিনি নাপায়?’-শইকীয়াই ক’লে হাঁহি মাৰি।

তিনিও ভিতৰৰ কোঠালৈ আহি চকী তিনিখনত নিজকে বহুৱালে।

‘শইকীয়াই যদি বেয়া নাপাই মই গায়ত্ৰীৰ লগত অলপ সময় অকলশৰে কথা পাতিব বিচাৰো।’-অৰ্জুনে ক’লে।

‘মোৰ আগত সুধিব পাৰে যি কোনো কথা।মই গায়ত্ৰীৰ বন্ধু প্ৰথমতে, উকীল পিছত।

‘মই বুজিছো, তথাপি কিছুমান কথা অন্য যিকোনো ব্যক্তিৰ অনুপস্থিতিত গায়ত্ৰীৰ পৰা মই জানিব বিচাৰো। ইফ ইউ ডন্ট মাইণ্ড।’

‘থিক আছে বাৰু। আই আন্দাৰষ্টেণ্ড।’-অৰ্জুন আকোৰগোজ হৈ পৰা দেখি উপায়হীন হৈ পৰিছিল শইকীয়া। শইকীয়াক বিদায় দি পূনৰ দুৱাৰখন বন্ধ কৰিলে গায়ত্ৰীয়ে।

‘আপুনিও বেয়া নাপাব। কিন্তু কথা দুটা, প্ৰথমটো হ’ল যে আপুনি নিৰ্দোষী যদি আপোনাক মোৰ প্ৰয়োজন। দ্বিতীয়তে উকীলৰ আগত আপুনি সকলো কথা কব নিবিচাৰিবও পাৰে যিবোৰ মই জানিব বিচাৰিম।’

‘বুজিছো। কিন্তু লোকোৱাবলৈ মোৰো একো কথাই নাই, মই যিখিনি কৈছো ইতিমধ্যে সেইখিনি সম্পূৰ্ণ সঁচা ।’

‘হত্যাকাৰী তুমি নহয় তাৰমানে?’-গায়ত্ৰীৰ চকুলৈ থৰ লাগি চাই অৰ্জুনে সুধিলে।

‘নহয়, সেই সময়ত কোনো তৃতীয় ব্যক্তি আছিল ঘৰটোত। কিন্তু ভিতৰৰ পৰা দুৱাৰ বন্ধ কৰি সি কেনেকৈ ওলাই গ’ল সেই উত্তৰ মোৰ ওচৰত নাই।’

‘থিক আছে বাৰু, তুমি জনাখিনিয়ে কোৱা’-বুলি অৰ্জুনে প্ৰথম প্ৰশ্ন সুধিলে, ‘আপোনালোকৰ লভ মেৰেজ আছিল নে এৰেঞ্জড?’

‘লভ্‌ মেৰেজেই, কলেজত পঢ়ি থকাৰ পৰাই আমাৰ সম্পৰ্ক আছিল।’

‘একেখন কলেজতেটো পঢ়া নাছিলা?’

‘নাই, মই জে বি ল’ কলেজত আৰু সি অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত।’

‘অ কে, কাজিয়া কিয় হৈছিল তোমালোকৰ মাজত?’

‘ আমি বাহিৰত লাঞ্চ কৰিব গৈছিলো, লগত তাৰ সহকৰ্মী দুজনো আছিল। খাই থাকোতে সি তাৰ সহকৰ্মী দুজনৰ আগত মোক কিবা এটা কথাত ঠাট্টা কৰিছিল। মোৰ খঙ উঠিছিল আৰু সেই খঙৰ পৰিণতিতে সৃষ্টি হৈছিল কাজিয়াৰ। গাড়ীত আৰম্ভ হোৱা কাজিয়াখন ঘৰ পোৱালৈকে অব্যাহত আছিল। বেডৰুমতো কিছু পৰ চিঞৰ বাখৰ বোৰ চলাৰ পিছত অশান্তি লাগি মই নিজকে বাথৰুমত আবদ্ধ কৰিছিলোহি, কি তেনেতে…’

‘ঘৰলৈ সোমাই আহোতে দুৱাৰখন ভিতৰৰ পৰাই বন্ধ আছিলনে?’

‘অ, মই নিজে চাবিৰে লক খুলি ভিতৰত সোমাইছিলো।’

‘চাবি এটাইনে? মানে হত্যাৰ পিছত কোনোবাই ডুপ্লিকেট চাবি ব্যবহাৰ কৰি দুৱাৰ বন্ধ কৰি যোৱা নাইটো?’

‘সেইটো সম্ভবেই নহয়। কাৰণ চাবি এটাই আৰু দুৱাৰত ভিতৰৰ পৰা হুক লগোৱা আছিল যিটো মইয়ে লগাইছিলো।দোৱাৰ চাবিৰে বন্ধ কৰা হোৱা নাছিল।’

‘ইন্টাৰষ্টিং’-অৰ্জুনে ঠিয় হৈ কোঠাটো চাইছিল ভালদৰে, ‘তেতিয়া ভিতৰত কোনোবা আছিল নেকি যেন কিবা অনুভৱ হৈছিল নেকি?ভালকৈ ভাবি কোৱাচোন।’

‘নাই, অলপো লগা নাই। আমি যি দৰে এৰি থৈ গৈছিলো সেইদৰেই আছিল সম্পূৰ্ণ ঘৰটো।কোনোবা পূৰ্বৰ পৰা সোমাই থকা হ’লে নিশ্চয় গম পালোহেঁতেন।’

‘ঠিক আছে বাৰু, এতিয়া বন্দুকৰ কথাটো কোৱা।নাথ দাই মোক কোৱামতে সেইটো তোমাৰ হাজবেণ্ডৰে’।

‘জলসিঞ্চন বিভাগত চাকৰিটো পোৱাৰ আগতে এঁও কনষ্ট্ৰাক্চন কোম্পানী এটাৰ হৈ কাম কৰিছিল। পষ্টিং আছিল নাগালেণ্ডত। দুই মাহমান তাত থকাৰ পিছতে এদিন উগ্ৰপন্থী সংগঠন এটাৰ পৰা ফ’ন আহিছিল টকা দাবীৰ। তাত চাকৰি কৰা বাহিৰৰ মানুহ সকলোয়ে দিব লগীয়া হয় বুলি লগৰ কেইজনে এঁওক জনালে। গতিকে ইচ্ছা নাছিল যদিও প্ৰানৰ ভয়ত প্ৰায় পাঁচমাহ মান মাহে মাহে পাঁচ ছয় হাজাৰকৈ টকা দিবলগীয়া হৈছিল সংগঠনটোক।নিজ কষ্টৰে উপাৰ্জিত ধন এইদৰে দান দিব থাকিব লগীয়া হোৱাত পিছলৈ এঁও খঙত অতিষ্ঠ হৈ পৰিছিল আৰু মনতে আৰু টকা নিদিও বুলি থিৰাং কৰিছিল। সেই তেতিয়াই তেঁও এই বন্দুকটো কিনিছিল।’

‘তাৰ পিছত টকা নিদিয়া হোৱাত কি হৈছিল?’-কথাটোত গুৰুত্ব লৈছিল অৰ্জুনে।

‘একো হ’বলৈ নাপালে,কাৰণ তাৰ কিছু দিন পিছতেই জলসিঞ্চন বিভাগৰ অভিযন্তাৰ বাবে প্ৰায় এক বছৰ পূৰ্বে অনুস্থিত হোৱা ইন্টাৰভিউটোৰ ৰিজাল্ট দিলে য’ত এঁওৰ নামটোও আছিল।সোনকালেই এঁও গুচি আহিল সেই চাকৰি এৰি।’

‘আচ্ছা’

অৰ্জুন সন্মূখৰ দুৱাৰখনৰ কাষলৈ গ’ল। দুফালে দুখন চোফাৰ পিছত মাটিৰ দুই ইঞ্চিমান ওপৰলৈকে থকা পৰ্দাকেইখন অৰ্জুনে দাঙি চালে। ডাঙৰ তথা ভাজ থকা পৰ্দা খনৰ আঁৰত কোনোবা লুকাই থাকিলে সহজে চকুত নপৰাটো সম্ভব। গায়ত্ৰীয়ে যদি সঁচাকৈয়ে হত্যা কৰা নাই নিজৰ গিৰিয়েকৰ আৰু পুলিচ অহাৰ পিছত যদি মৃতদেহটোৰ লগত কেৱল গায়ত্ৰীকহে পাইছিলহি তেন্তে …. অৰ্জুনে চাপ দিলে নিজৰ মগজুত।

‘আচ্ছা, এটা কথা কোৱাচোন। পুলিচ সোমাই আহোতে গোটেইকেইজন একেলগে আহিছিল নে বেলেগে বেলেগে। অৰ্থাৎ তোমাৰ লগত কথা পাতি থাকোতে বাহিৰত কোনোবা ৰৈ আছিল নেকি ঘৰটোৰ?’

‘আটাইকেইজন একেলগেই সোমাই আহিছিল, বাহিৰত কোনো নাছিল। অৱশ্যে গাড়ীত কোনোবা আছিল যদি নাজানো।’

‘অ কে’-অৰ্জুনৰ জানিবলগীয়াখিনি প্ৰায় শেষ হৈছিল।

‘এতিয়ালৈ ইমান খিনিয়েই। আৰু তথ্যৰ প্ৰয়োজন হ’লে মই আহিম।’-বুলি অৰ্জুন যাবলৈ খুজোতেই গায়ত্ৰীয়ে তাৰ হাতত ধৰিছিল। চকু তাইৰ চলচলীয়া।

‘আই হেভ নট কিল্‌ড মাই হাচবেণ্ড।’-মিনতি কৰিছিল গায়ত্ৰীয়ে তাইক নিৰপৰাধী প্ৰমান কৰিবলৈ

‘ইফ চ’, আই ৱিল ট্ৰাই মাই বেষ্ট।’-এটা আশা ভৰা হাঁহি গায়ত্ৰীক দেখুৱাই অৰ্জুন ওলাই আহিল নিজৰ বাইকখনৰ কাষলৈ। এবাৰ ষ্টাৰ্ট দি কিবা এটা মনত পৰি পূনৰ ৰখি গ’ল অৰ্জুন। বাইকৰ এক্সেলেটৰৰ পৰা হাত গ’ল মবাইলটোলৈ।

‘হেল্ল’ নাথ দা।’

‘কোৱা।’-আনটো দিশৰ পৰা অ চি নাথে সুধিলে।

‘জয়দ্বীপ আৰু গায়ত্ৰীৰ কাজিয়াৰ কথা জনাই কৰা ফ’নটো কাৰ আছিল সন্ধান পালেনেকি?’

‘তেঁওলোকৰে কাষতে থাকে, অতনু বৰা নামটো মানুহজনৰ। বাঁওফালৰ সেউজীয়া ঘৰটো। ৰাতিপুৱা কথা পাতিলো, লুকচ ইন’চেন্ট।’

‘হমম, চাই আহো তথাপি।’

 কলিং বেলৰ শব্দ শুনি ওলাই অহা বয়সিয়াল মানুহজনে চছমাখন খুলিলে অৰ্জুনৰ ফালে তীক্ষ্ণ ভাবে চালে। বুঢ়া যে খিঙখিঙীয়া স্বভাব্ৰ, সেই কথা চেহেৰা দেখিয়েই অনুমান কৰিছিল অৰ্জুনে,

‘কাক লাগে?’

‘অতনু বৰা?’

‘অ ময়ে, তুমি?’

‘মই অৰ্জুন জাহাংগীৰ বৰুৱা, ‘আলোক’ কাকতৰ তদন্তকাৰী সাংবাদিক।’

‘অহ্‌,আহা’-ভিতৰলৈ মাতি চকীখন দেখুৱালে বৰাই, ‘ফ’নটো কৰি বিপদেই হ’ল যেন পাইছো মোৰ। ৰাতিপুৱা পুলিচ, আবেলি সাংবাদিক।’-বেকাকৈ হাঁহি এটা মাৰি বৰাই ক’লে।

‘সহায় হে হৈছে আপোনাৰ ইনফৰ্মেচনটোৰ পৰা।’-বুলি কৈ অৰ্জুন বহিল, ‘পুলিচ সাংবাদিকলৈ ভয় কৰে?’

‘কোনে নকৰে হে?’-বুঢ়াই ক’লে, ‘আচল অপৰাধীবোৰক নধৰি নিৰ্দোষী মানুহক হাৰাশাস্তি কৰাৰ উদাহৰণবোৰ পাই থাকো যে। পিছে মানুহজনীয়ে মাৰা নাই নেকি?’

‘এতিয়ালৈকেটো তেঁওয়ে মূল চাচপেক্ট, পিছে সকলো দিশ উনুকিয়াবলৈ এতিয়াও বাকী।’-অৰ্জুনে কৈ গ’ল, ‘আপুনি পিছে কওকচোন এঁওলোকৰ বিষয়ে। কাজিয়া সঘনাই হৈছিল নেকি?’

‘এদিন দুদিন এৰি হৈয়ে থাকে আৰু যি হুলস্থুলৰ সৃষ্টি কৰে গোটেই কলনীয়ে গম পাই যায়।’

‘তেন্তে সেইদিনাই কিয় ফ’ন কৰিবলৈ বাধ্য হ’ল আপুনি?’

‘চুলিত ধৰি মানুহজনীক টানি আনিছিল গাড়ীৰ পৰা। মই বুলো আজি কিবা এটা অঘটন ঘটিল। সেই ভাবিয়েই ফ’ন কৰিলো পুলিচলৈ। মই পিছে মানুহজনীয়ে মাৰিলে বুলিয়ে ভাবো। আৰু নো কোন হ’ব? গুলীটো ফুটা শুনাৰ পৰা পুলিচ যোৱালৈকে মই আৰু ওচৰ চুবুৰীয়া দুজনমান বাহিৰতে আছিলো। কোনো তৃতীয় ব্যক্তি ঘৰটোৰ ভিতৰত থকা হ’লে ওলাই যাওতে আমাৰ চকুত নিশ্চয় পৰিলেহেতেন।’

 শেষৰ কথাটো শুনি অৰ্জুন প্ৰায় নিশ্চিত হৈছিল যে হত্যাকাৰী আন কোনো নহয় বৰঞ্চ ঘৰৰ ভিতৰত থকা মানুহজনীয়ে বুলি,

‘মানুহজনীৰ অভিনয় ভাল।’

‘সেইটো হ’ব পাৰে।’-বুঢ়াই সহাৰি জনালে।

‘৪’

 চাৰিটা দিন পাৰ হ’ল, ঘটনাটোৰ উত্তেজনা লাহেকৈ সাম কাটিল। অৰ্জুন, অ চি নাথ তথা ঘটনাটো অনুসৰণ কৰি থকা সৰ্বসাধাৰণ ৰাইজেও গায়ত্ৰীকে দোষী বুলি নিৰ্ধাৰণ কৰি ল’লে।অৰ্জুনে সেই ঘটনা এৰি অন্য ফালে মনোনিবেশ কৰিলে।

 দুই সপ্তাহ মান আগতে চহৰৰ এজন আগশাৰীৰ কন্ট্ৰেক্টৰক কোনোবাই অতি চলেৰে হত্যা কৰিছিল যাৰ আঁৰৰ সত্য এতিয়াও পোহৰলৈ অহা নাছিল। পবিতৰাৰ ওচৰৰ এডোখৰ নিৰ্জন স্থানত টেন্ট তৰি এজনী বৈশ্যাৰ লগত নৈশ যাপন কৰিব গৈছিল কন্ট্ৰেক্টৰ গোস্বামী। সেই টেন্টৰ কাষতে পিছদিনা ৰাতপুৱা উদ্ধাৰ হ’ল দুয়োৰে মৃতদেহ। নুমাই যোৱা জুইকোৰাৰ কাষতে পৰি আছিল বিষ মিহলি দুটা মদৰ গিলাচ। সন্দেহ কৰা হৈছিল যে সেই নিশা কোনো তৃতীয় ব্যক্তিও আহিছিল তেঁওলোকৰ লগত। কিন্তু সেই ৰহস্যময়ী ব্যক্তিজন কোন আছিল সেই সাঁথৰ বৰ্তমানো সাঁথৰেই।

‘আপুনি কোৱা মতেই মই গোস্বামীৰ বেকগ্ৰাউণ্ড চেক কৰি ফাইল এটা বনাই ৰাখিছো।’-কাগজ এখন উলিয়াই সহযোগী গোপালে অৰ্জুনক দিলে।

‘কিবা দৰকাৰী তথ্য পাইছ’নে?’

‘তিনিবছৰ আগতে চেক্সুৱেল হেৰেছমেণ্টৰ কেচ এটাত ফচিছিল বেটা। পিছে পিছত ছোৱালীজনীক বহুতখিনি টকা দি কেচটো উঠাই ল’বলৈ সন্মত কৰিলে।’

‘কিমান টকা?’

‘দহ লাখ বুলি শুনিছো।’

‘কেচ দিয়া ছোৱালীজনীৰ বেকগ্ৰাউণ্ড?’

‘বাৰ ডেন্সাৰ আছিল। বাৰৰ পৰাই ওলাই আহোতে গোস্বামীয়ে গাড়ীত লিফট্‌ দিছিল আৰু গাড়ীৰ ভিতৰতে…’

‘গোস্বামীৰ হত্যাৰ লগত তাইৰ কিবা লিংক থকাৰ সম্ভাবনা?’

‘আচল কথাটো কোৱাই নাই ৰ’ব।’-গোপালে কৈ গ’ল, ‘গোস্বামীৰ হত্যাৰ দুদিন আগৰ পৰা তাইও সন্ধানহীন হৈ আছে। ক’ত গ’ল কোনেও নাজানে?’

চকু ডাঙৰ কৰি অৰ্জুনে ভাবিব ধৰিলে পৰবৰ্তী পদক্ষেপটোৰ কথা। ঠিক তেনেতে মবাইলটো বাজি উঠিল, অ চি নাথৰ ফ’ন।

‘কওক’

‘কেচ জমি গ’ল আকৌ।’

‘কি হ’ল?’-উত্তেজিত হৈ পৰিল অৰ্জুন।

‘গায়ত্ৰী হাজৰিকাৰ ঘৰটোৰ পাছফালে এশ মিটাৰ মান আতৰত ভগা চিঙা পৰিতক্ত ঘৰ এটা যে আছে দেখিছানে?’

‘হয়, দেখিছো।’

‘আহা তেন্তে, আমি ইয়াতে আছো।’

 অৰ্জুন গৈ পোৱালৈ সেই স্থানত বহু মানুহ গোট খাইছিল। গায়ত্ৰী, উকীল শইকীয়া আদিক সন্মূখত ঠিয় কৰি অ চি নাথে ব্যক্ত কৰিছিল নতুন তথ্যটোৰ পৰা ঘটনাটোলৈ আহিবলগীয়া পৰিবৰ্তনৰ কথা। অ চি নাথৰ কাষতে ঠিয় হৈ থকা ল’ৰাটোৰ ভূমিকা কি? অৰ্জুনে ভাবি ভাবি আগবাঢ়িলে।

‘ অ’ বৰা, অৰ্জুনক দেখোৱাচোন জিনিচটো।’-কনিষ্টবল বৰাক নিৰ্দেশ দিলে অ চি নাথে। অৰ্জুন আগবাঢ়িল বৰাৰ পিছে পিছে।

দুৱাৰ খিৰিকী নোহোৱা তথা গছ লতাৰে আৱৰা ধ্বংসস্তুপত পৰিণত এটি ঘৰ। চাদ বুলিবলৈ একো নাছিল যদিও ওপৰৰ লতাবোৰৰ বাবেই অন্ধকাৰময় হৈ আছিল ভিতৰখন। ভিতৰৰ কোঠাৰ মাজতে ৰৈ বৰাই মাটিৰ পৰা কাঠৰ দুৱাৰখন ওপৰলৈ উঠালে। দেখি অৰ্জুনৰ চকু ডাঙৰ হৈ পৰিল,

‘সুৰংগ?ক’লৈকে গৈছে?’

‘গেচ্‌ কৰাচোন’-পাছফালৰ পৰা কাষ চাপি অহা নাথে সুধিলে।

‘গায়ত্ৰীৰ ঘৰলৈ?’

‘য়েচ।’

‘ৱাও, কিন্তু আবিস্কাৰ কেনেকৈ হ’ল সুৰংগটো?’

উত্তৰ দিয়াৰ পৰিবৰ্তে নাথে কলা চাৰ্ট পিন্ধা ল’ৰাটোক কাষলৈ মাতিলে।

‘জয়দ্বীপৰ হত্যাৰ সময়ত ই এই ৰাষ্টাটোৰে চাইকেল চলাই গৈ আছিল কি তেনেতে তাৰ সৰু পানী চোৱাৰ প্ৰৱনতা আহিল। সি চাইকেল ৰখাই এই ঘৰটোৰ ফালে আহোতেই তাৰ সন্মূখত উপস্থিত হ’ল এজন মূখা পৰিহিত মানুহ।’

‘তাৰ পিছত?’-ল’ৰাজনৰ ফালে চাই অৰ্জুনে সুধিলে।

‘প্ৰথমে সি পলাব চেষ্টা কৰিছিল, কিন্তু ৰাষ্টাৰ পৰা আকৌ ঘুৰি আহিল। আহি প্ৰথমে মোক ধমকি দি কাকো নকবলৈ কৈছিল তাক দেখাৰ কথা। কিন্তু মই ভয় নোখোৱা যেন দেখি সি মোক টকাৰ লোভ দিছিল।’

‘কিমান দিম কৈছিল?’

‘সি তেতিয়াই পাৰ্চৰ পৰা পাঁচ হাজাৰ টকা উলিয়াই দিছিল’। পাছত আৰু দুই লাখ টকা দিম বুলি কৈছিল। প্ৰথমে টকা লৈ মনে মনে থাকিম বুলিয়ে ভাবিছিলো কিন্তু পিছত ওচৰতে হোৱা ইঞ্জিনিয়াৰ চাৰৰ হত্যাৰ কথাটো গম পাই তাৰ প্ৰস্তাবত সন্মত হ’বলৈ ভয় লাগিল।’

 অৰ্জুনে তাৰ কথাখিনি শুনাৰ পাছতে সুৰংগটোৰ ভিতৰলৈ সোমাই গ’ল। পিছে পিছে সংগ দিলে অ চি নাথে। মবাইলৰ টৰ্চৰ পোহৰ প্ৰক্ষেপ কৰি হাউলি হাউলি আগবাঢ়িল অৰ্জুন।

‘কেচ জেংচোন, আমি মিছাতে ইমান চিম্পল বুলি ভাবি আছিলো।’-অৰ্জুনে ক’লে।

‘তাকেটো, আৰু কি কি তথ্য ওলাব ঠিক নাই। কিন্তু এটা কথা ঠিক যে কোনোবাই বৰ দীঘলীয়া পৰিকল্পনাৰে গায়ত্ৰীক জালত পেলাইছে।’

‘ইমান কি শত্ৰুতা হ’ব পাৰে?’-অৰ্জুনে কৈ কৈ আগবাঢ়িল, ‘মোৰ মনলৈ আৰু এটা দৃশ্য আহিছে। ঘৰটো নিশ্চয় গায়ত্ৰীৰ হাজবেণ্ডেই বনোৱা আৰু তেনেক্ষেত্ৰত জয়দ্বীপে নিশ্চয় জানিছিল এই সুৰংগটোৰ কথা। যিটো সি লুকুৱাইছিল গায়ত্ৰীৰ পৰা।’

‘কি ক’ব বিচাৰিছা তুমি?’

‘জয়দ্বীপে গায়ত্ৰীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈকে সুৰংগটো সজা নাছিলটো। কাৰণ ভিতৰৰ পৰা বন্ধ ঘৰটোত কেৱল মৃতদেহ এটা থৈ দি আত্মহত্যাৰ ৰূপ দিয়াটো একেবাৰে সহজ। ’

‘ভেৰি আনলাইকলি, কাৰণ সিহঁতৰ কাজিয়াবোৰ আৰম্ভ হোৱা আজি এক বছৰমানহে হৈছে। ঘৰটো

নিৰ্মাণ কৰি থাকোতে অৰ্থাৎ দুই বছৰ মান পূৰ্বলৈকে সিহঁতৰ সম্পৰ্ক ভালেই হৈ আছিল।’

‘বিয়া হোৱাৰ কিমান দিন হ’ল?’

‘প্ৰায় চাৰিবছৰ।’

 সুৰংগটো শেষত আছিল অন্য এখন কাঠৰ দুৱাৰ, যি খন খুলি অৰ্জুন উঠি গৈছিল মাটিৰ ওপৰলৈ। ওপৰত অৰ্জুনে দেখা পাইছিল এখন গ্লাচ, যাৰ আশে পাশে থকা পকী ৱালেৰে আবৰা অন্ধকাৰ স্থানত এজন মানুহ কোনোমতে ঠিয় হ’ব পাৰে। গ্লাচখনৰ আনটো পাৰে আছিল এটা বাথৰুম য’ত উদ্ধাৰ হৈছিল জয়দ্বীপক মৃত্যুমূখলৈ ঠেলি দিয়া বন্দুকটো।

‘গ্লাচখনত লাগি থকা হেণ্ডেলদাল টানি দিয়া।’-তলৰ পৰা নাথে নিৰ্দেশ দিলে।

গ্লাচখন খোল খালে আৰু অৰ্জুন ঠিয় হ’লগৈ গায়ত্ৰীহঁতৰ বাথৰুমত।

‘এইফালৰ পৰা এইখন আইনা, আন ফালৰ পৰা ইপাৰ সিপাৰ চাব পৰা গ্লাচ!’-আচৰিত কৰিছিল অৰ্জুনক।

‘অ। ভিতৰৰ পৰা কোনে সন্দেহ কৰিব যে আইনাখনে দুৱাৰৰ কামো কৰে বুলি।’

‘ঘৰটো বনাইছিল কোনে?’

‘আকৌ গেচ কৰাচোন।’

‘নক’ব এতিয়া মৃত গোস্বামী বুলি?’

‘গেচ কৰিবলৈনো কিয় কম নোহোৱা হ’লে।’

অৰ্জুন হতভম্ব হৈ পৰিছিল।

‘গায়ত্ৰীয়ে সম্পূৰ্ণ নিশ্চিত্ভাবে কৈছে যে জয়দ্বীপেও নাজানিছিল এই সুৰংগটোৰ বিষয়ে। তাৰ মানে কেৱল কন্ট্ৰেক্টৰ গোস্বামীয়েহে জানিছিল সুৰংগটোৰ আঁৰৰ ৰহস্য।’-নাথে ক’লে।

‘গোস্বামীৰ হত্যা, জয়দ্বীপৰ হত্যা, গোস্বামীৰ ওপৰত হেৰেচমেন্টৰ কেচ দিয়া ছোৱালীজনীৰ নিৰুদ্দেশ; এই সকলোবোৰৰ আঁৰৰ মাষ্টাৰমাইণ্ড এটাই নহয়টো?’-আইনাখনত নিজকে চাই থাকি অৰ্জুনে সুধিছিল।

উত্তৰ নাছিল নাথৰ লগত।

‘কিন্তু ইমান ডাঙৰ কি উদ্দেশ্য থাকিব পাৰে ইমান জটিল পৰিকল্পনাৰ আঁৰত?’-গোটেইখিনি কথা সংলগ্ন বুলি ধৰিয়ে অৰ্জুনে চিন্তা কৰিলে।

‘৫’

  অফিচৰ বিশেষ বৰ্ডখনত অৰ্জুনে ঘটনাটোৰ মেপখন তৈয়াৰ কৰিলে। বিভিন্ন উৎসৰ পৰা গোটোৱা ফটোবোৰ এখন এখনকৈ ঘটনাৰ ক্ৰম অনুসৰি বৰ্ডত লাগিল। কেচ জটিল হ’লেহে অৰ্জুনে এই বৰ্ডখন ব্যবহাৰ কৰে যিখন আজি বহুদিন ব্যৱহাৰ নোহোৱাকৈয়ে পৰি আছিল।

বৰ্ডখন সজাই অৰ্জুনে তথ্যবোৰত তীক্ষ্ণ দৃষ্টি নিক্ষেপ কৰিলে।কেচটোৰ সমাধানৰ বাবে ঘটনাটোৰে জড়িত সকলো ব্যক্তিৰে বেকগ্ৰাউণ্ড জনাটো অতি জৰুৰী। সেই উদ্দেশ্যৰেই অৰ্জুনে গোপালক পঠাইছিল, সুৰংগটোৰ সন্ধান দিয়া ল’ৰাটোৰ ইতিবৃত্ত গোটাই অনাৰ উদ্দেশ্যেৰে।

‘ল’ৰাটোয়ে টকা লোৱা নাই বুলিয়েটো কৈছিল, নহয় জানো?’-গোপাল সোমাই আহিল নিজৰ দায়িত্ব সামৰি।

‘অ, কিয়?’

‘মই তাৰ ঘৰৰ ওচৰত থাকোতেই মাইকী মানুহ এজনীয়ে জাবৰ এদম আনি ৰাষ্টাৰ কাষত পেলাইছিলহি। লগতে পৰিছিল স্কট্‌চৰ খালী বটল।’

‘স্কট্‌চ?’

‘ব্লেক ডগ।’

‘কৰে কি বেটাই।’

‘একো নকৰে, দিনটো অনাই বনাই ঘুৰি ফুৰে। চৰিত্ৰও ভাল নহয়, জেলটো সোমাইছিল এবাৰ।’

‘কি দোষত?’

‘সন্ত্ৰাসবাদী বুলি ফ’ন কৰি ব্যবসায়ী এজনৰ পৰা ধন দাবী কৰিছিল।’

‘আচ্ছা?’-অৰ্জুনে হাঁহি মাৰি টেবুলৰ ওপৰতে বহিলে, ‘আৰু সি বেটাই দুই লাখ টকা নলও বুলি কৈ দিলে। তাৰ পিছত আকৌ ইমান দামী মদো খাই ফুৰিছে।’

‘খেলিমেলিটো ক’ত? টকা লৈছিল যদি সি আকৌ পুলিচক কথাখিনি ক’লেহি কিয়?’

‘আৰে, সেইখিনি ক’বলৈকেটো তাক টকা দিয়া হৈছে।’-অৰ্জুনে চকুহাল ডাঙৰ কৰি কৈছিল।

‘কিন্তু কিয়?’

‘গায়ত্ৰীক নিৰ্দোষী প্ৰমানিত কৰিবলৈ, খুব সম্ভব।’

‘পিছে কোনে দিছে টকা?’

‘সেই প্ৰশ্নৰ উত্তৰটো ল’ৰাটোয়েহে দিব পাৰিব। নাম কি তাৰ?’

‘গপু।’

অৰ্জুনে মবাইলটো হাতলৈ আনি নাথৰ নম্বৰটো ডায়েল কৰিলে। ফ’নটো ৰিচিভ কৰাৰ অপেক্ষাত থাকি অৰ্জুনে নতুন তথ্যটো ষ্টিক নট এখনত লিখি বৰ্ডত লগালে।

‘কোৱা’-নাথে উত্তৰ দিলে।

‘গপু বোলাটোয়ে মিছা মাতিছে টকা নাই লোৱা বুলি। আপোনালোকৰ কায়দাত ভালদৰে তাক সোধকচোন তাক কোনে টকা দিছে আৰু কিয় দিছে।’

‘প্ৰমান আছে নে কিবা।’

‘ঘৰটোত তালাচী চলালেই ওলাব লাগে।’

‘ঠিক আছে।’-নাথে সংযোগ বিচ্ছিন্ন কৰিলে।

‘৬’

   সুৰংগটোৰ সন্ধান ওলোৱাৰ পাছত গায়ত্ৰীয়ে ভগবানৰ ওপৰত হেৰুৱা আস্থাহে যেন ঘুৰাই পাইছিল। পিছে ইমান ডাঙৰ চক্ৰান্ত কোনে ৰচিছিল তাইৰ বিৰুদ্ধে? কোননো আছে ইমান বেয়া পোৱা মানুহ তাইক? –উত্তৰ বিচাৰি মনে হাবাথুৰি খাইছিল গায়ত্ৰীৰ।

‘আমি ল’ৰাটোক কথাখিনি ক’বলৈ দি বেয়া কৰিলো নেকি বাৰু?’-গায়ত্ৰী আৰু তাইৰ ভাল বান্ধবী নিশিতাৰ সন্মূখত বহি থকা উকীল শইকীয়াই সুধিলে।

‘নাই কৰা, ঠিকেই আছে তোমাৰ বুদ্ধিটো।নহ’লে পুলিচে সম্পূৰ্ণকৈ বিশ্বাস নকৰিলে হয় বুলিচোন নিজেই কৈছিলা।’-গায়ত্ৰীয়ে ক’লে, ‘পিছে ল’ৰাটোয়ে কথা সলাই নিদিয়েটো?’

‘সেই বিষয়ে টেনচনেই নল’বা। তাক মই বহুত দিনৰ পৰা চিনি পাও আৰু ভালদৰে চিনি পাও। এবাৰ জেলত সোমাওতে মইয়ে উলিয়াই আনিছিলো। সি কথা নহলায় দিয়া।’

দুদিন আগৰ কথা,

গায়ত্ৰী প্ৰায় নিশ্চিত আছিল যে ঘৰটোৰ পৰা বাহিৰলৈ ওলোৱা কোনো গোপন বাট আছিল। কেইদিন মান পূৰ্বে সেয়ে গায়ত্ৰীয়ে শইকীয়া আৰু সেইকেইদিন গায়ত্ৰীৰ লগতে থকা বান্ধবী নিশিতাৰ লগ হৈ গোটেই ঘৰটো ভালদৰে নিৰিক্ষণ কৰিছিল কোনো গোপন দুৱাৰ বা সুৰংগ বিচাৰি। সফল হোৱা নাছিল যদিও গায়ত্ৰীহঁতৰ বিশ্বাস ভাঙি যোৱা নাছিল।

‘পুৰাতত্ব বিভাগত কাম কৰা মোৰ বন্ধু এজন আছে, তেঁওৰ হাতত বা অফিচত নিশ্চয় এনেকুৱা কিবা যন্ত্ৰ ওলাব যিটো ব্যবহাৰ কৰি আমি উলিয়াব পাৰিম গোপন বাটৰ সম্ভেদ।’

‘আনা তেন্তে।’

কথা মতেই শইকীয়া পিছদিনাই ল’ৰা এজন লগত লৈ উপস্থিত হৈছিলহি গায়ত্ৰীৰ ঘৰত। হাতত তাৰ সৰু ঘাঁহ কটা যন্ত্ৰৰ সদৃশ চকা লগা এটা যন্ত্ৰ।

‘এইটো কি?’

‘জি পি আৰ ইউনিট (Ground Penetration Unit)। ইলেক্ট্ৰ’মেগনেটিক ৱেভৰ সহায়ত সুৰংগ-চুৰংগ বিচাৰি উলিয়াব পৰা যন্ত্ৰ। কিন্তু এটা কথা।’

Related Articles

Check Also

Close
error: Content is copy right protected !!
Close