দ্ৰৌপদীৰ শাৰী

মূল: শৰৎকুমাৰ মুখোপাধ্যায়---(অনুবাদ: অঞ্জন শৰ্মা)

ৰজস্বলা দ্ৰৌপদী ৰাজসভাত দন্ডায়মান।
তেওঁৰ শৰীৰৰ একমাত্ৰ বস্ত্ৰৰ আচলত
ধৰি টানি আছে দু:শাসনে।
যুধিস্থিৰে পাশাখেলত হাৰি
দ্ৰৌপদীকো পণ ৰাখিছিল, তাতেও হাৰিল
বাবেই এনে বিপত্তি।
ৰাজসভাত পান্ডৱ ভাতৃসকল নিৰ্বাক দৰ্শক।
অন্ত:পুৰৰ নাৰী প্ৰকাশ্যে সভালৈ টানি আনি
লাঞ্চনা কৰা উচিত হয় নে নহয়
সেই কথা পিছত। আপাতত:, দ্ৰৌপদীয়ে
কৰা নাই আৰ্তনাদ,
কৰা নাই বিলাপ, কান্দিও থকা নাই তেওঁ।
প্ৰায়
বিবস্ত্ৰ অৱস্হাৰ দ্ৰৌপদীয়ে
দন্ডায়মান হৈ কৌৰৱৰ সভাৰ বীৰপুৰুষবোৰক প্ৰশ্ন কৰিছে:
যি পত্নী একমাত্ৰ যুধিস্হিৰৰ নহয়, তেওঁক
যুধিস্হিৰে পণ ৰাখিব পাৰেনে, আৰু
নিজেই পৰাজিত হৈ পত্নীক পণ ৰখাৰ
অধিকাৰ
তেওঁৰ থাকেনে বাৰু?
কূট প্ৰশ্ন। ভীষ্ম দ্ৰোণ অশ্বত্থামা আদি বোবা।
কৰ্ণই ক’লে, যুধিস্থিৰকেই সোধা।
লজ্জিত পান্ডৱভাতৃসৱে উত্তৰীয় নিক্ষেপ কৰিলে দ্ৰৌপদীৰ পিনে।
এই দৃশ্যৰ বীভৎসতাক ঢাকোন দিবলৈ
শাৰীৰ থান হাতত লৈ
অলক্ষিতে কৃষ্ণৰ আৱিৰ্ভাৱ আৰু দ্ৰৌপদীৰ সন্মান ৰক্ষা।
এইটো গোকাট মিছা গল্প। আচলতে
কৃষ্ণ ইন্দ্ৰপ্ৰস্থলৈ অহাই নাছিল। তেওঁ তেতিয়া দ্বাৰকাত।
দ্ৰৌপদীৰ যে সন্মান ৰক্ষা হোৱা নাছিল
ইমানদিনৰ পিছতো সংবাদপত্ৰবোৰে
আমাক জনাই আছে, প্ৰতিদিনে।

Related Articles

error: Content is copy right protected !!
Close