দ্য অসম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানী লিমিটেডৰ কাহিনী (১৮৮১-১৯৫১) – অনুবাদঃ দিলীপ পাটগিৰী

প্ৰথম অধ্যায়ঃ

ভাৰতীয় গণৰাজ্যৰ অসম, পূৰ্বদিশৰ ৰাজ্য অসম, উত্তৰে বিশাল হিমালয়ৰ পূৰ্বাংশ, য’ত পশ্চিমৰ পৰা পূবলৈ সীমান্তবাসী জনগোষ্ঠী ডফলা, মিৰি, আবৰ আৰু মিচিমিৰ গৃহভূমি, পূবত ভিন্ন নগা জনগোষ্ঠীৰ বাসভূমি পাটকাই পাহাৰ আৰু ব্ৰহ্মদেশৰ সীমান্ত, দক্ষিণত চিন পাহাৰ আৰু পূৰ্ব পাকিস্তানৰ সীমান্ত আৰু পশ্চিমত পশ্চিম বংগৰ জলপাইগুড়ি জিলাৰে পৰিৱেষ্টিত হৈ আছে।

৪৫০ মাইল (৭২০ কি.মি.) দীঘল আৰু ৫০ মাইল (৮০ কি. মি.) বহল পলসুৱা সমভূমিৰে পূবৰ পৰা পশ্চিমলৈ জুৰি আছে সাৰুৱা ব্ৰহ্মপুত্ৰ উপত্যকা যাক আদবাটত ভাগ কৰিছে মিকিৰ পাহাৰ, গুৱাহাটীৰ কাষৰীয়া অঞ্চল আৰু গোৱালপাৰা নৈখনৰ দুয়ো পাৰৰ চাপৰ পাহাৰবোৰে। উপত্যকাৰ দক্ষিণত আছে গাৰো আৰু খাচিয়া পাহাৰ।

ভৈয়ামৰ ওখ অঞ্চলবোৰৰ অৱস্থিতি সাধাৰণতেই নৈবোৰৰ পাৰত, য’ৰ পৰা সামান্যভাৱে এঢলীয়া ভূমি খণ্ড ক্ৰমাৎ নিম্নৰ পিনে গতি কৰিছে।[1] প্ৰধান নৈৰপৰা উপ-জলস্ৰোতসমূহৰ মাজত প্ৰাকৃতিক সংযোগী প্ৰৱহনৰ অভাৱত, ব্ৰহ্মপুত্ৰৰ মোটামুটি সমান্তৰালকৈ এইবোৰ প্ৰৱাহিত হৈ অৱশেষত আগুৱাই গৈ মহানদৰ লগতে মিলিত হৈছে। বৰ্ষা ঋতুত, সময়ে সময়ে ব্ৰহ্মপুত্ৰৰ পাৰ বাগৰে আৰু কাষৰীয়া অঞ্চলত ই এৰি থৈ যায় বালি আৰু পলস। এনেদৰে প্ৰাকৃতিক উপায়েৰেই অসমৰ ঠেক ভৈয়াম অঞ্চলে নিজক অবিৰতভাৱে গঢ় দি গৈছে।

ব্ৰহ্মপুত্ৰ উপত্যকাৰ সীমামূৰীয়া পশ্চিম অঞ্চলত, হিমালয়ৰপৰা নামি অহা তিস্তা, তৰ্চা, মানাহ আৰু অন্যান্য তীব্ৰবেগী নদীবোৰে মহাবাহু ব্ৰহ্মপুত্ৰক, ইয়াৰ বংগোপ সাগৰ অভিমুখী যাত্ৰাত অধিক স্ফীত কৰি তুলিছে।

অসম উপত্যকাৰ প্ৰকৃতি অতি মনোমোহা। তিনিখন পৰ্বতে আৱৰি থকা পূব দিশত উন্মুক্ত হয় নয়নাভিৰাম চিত্ৰপট। উত্তৰৰ পাহাৰতলীৰ পশ্চাৎত বৰফাবৃত হিমালয়ৰ শৃংগ তিৰবিৰাই উঠে ধৱলৰূপত, য’ত অন্য দিশৰ পাটকাই পাহাৰৰ নীলাভ দৃশ্যৰ বিপৰীতে, বেলিমাৰে বিয়পাই দিয়ে গোলাপী আভা।

ইংলেণ্ডৰ ‍‘লেক ডিষ্ট্ৰিক্ট’ৰ সঘন পৰিৱৰ্তিত দৃশ্যাৱলীৰ দৰে, শীতৰ বতৰত গুৱাহাটীৰ ওচৰৰ এখন ভাপ নাওৰপৰা চকুত পৰা দৃশ্য সঁচাকৈয়ে অবিস্মৰণীয়। সেইদৰে হিমালয়ৰ পাদদেশক পৃষ্ঠভূমিত থৈ ডিব্ৰুগড়ৰ ৫ মাইল প্ৰশস্ত নদীও অতীৱ আকৰ্ষণীয়। বৰ্ষা কালত, আকাশত ডাৱৰৰ ধেমালিৰ দৃশ্যও মনপৰশা।

খাচি পাহাৰৰ সুউচ্চ শ্বিলং শৃংগৰ লগতে গভীৰ আৰু লাস্যময়ী উপত্যকা, তৰংগায়িত নিম্নভূমিৰ ইংলণ্ডৰ কিছু অঞ্চলৰ সৈতে সাদৃশ্য বিচাৰি পোৱা যায়। ৩ (তিনি) হাজাৰ ফুটৰ ওপৰত প্ৰধানকৈ থলুৱা পাইন গছৰ সৈতে, অ’ক্ (Oak), মেগনোলিয়া (Magnolia), বীচ্চ (Beech) আদি গছ প্ৰচুৰ সংখ্যক দেখা যায়। এজেইলিচ (Azaleas) আৰু ৰ’ডোডে’নড্ৰন্ (Rhododendron) ফুলৰ লগাতে অনেক প্ৰকাৰৰ অৰ্কিড ইয়াৰ বনভূমিত পোৱা যায়।

ভৈয়ামত, বিশেষকৈ উপত্যকাৰ পূৰ্ব প্ৰান্তৰৰ বৰ্ণনাৰ ৰূপ চিৰসেউজ। ভিন্ন প্ৰকাৰৰ গছৰ ভিতৰত উল্লেখনীয় হ’ল হলং (Dipterocarpus pilosus), হলখ (Terminalia myriocarpa), শিমলু (Bombax mala-baricum) আৰু মেকাই (Shorea Assamica)।

বনৰীয়া জন্তুৰ ভিতৰত হাতী, গঁড়, বাঘ, নাহৰফুটুকী, ভালুক, বনৰীয়া গাহৰি আৰু হৰিণা দেখা যায়। ১৯৪১ চনৰ মাৰ্চত অন্ত হোৱা পূৰ্ববৰ্তী চাৰিটা বছৰত কমেও ১৬৮ টা বনৰীয়া হাতী আৰু ৮৪ টা বাঘ অকল সংৰক্ষিত বনাঞ্চলতেই গুলীয়াই নিধন কৰা হয়। ভাৰতীয় গঁড় দুৰ্লভ হ’লেও যথেষ্ট সংখ্যক দেখা যায় নগাঁও জিলাৰ কাজিৰঙা অভয়াৰণ্যত, য’ত ইয়াক সংৰক্ষিত কৰা হৈছে। চৰাইৰ ভিতৰত উলু মৈৰা, কৈৰা, ভঁৰিক, বনকুকুৰা, ভুৰুং, ধনেশ পক্ষী, বালি খোঁচৰা, পাতি হাঁহ আৰু ৰাজ হাঁহ দেখা যায়। কিছুমান নৈ শিলঘঁৰিয়া মাছ মৰাৰ বাবে উত্তম ঠাই।

অসমৰ জলবায়ুৰ বৈশিষ্ট হৈছে ইয়াৰ আদ্ৰৰ্তা বা সেমেকা গুণ। বছৰটো ইয়াত মোটা-মোটিভাৱে দুটা ঋতুত ভাগ কৰিব পাৰি। শীত আৰু বৰ্ষা। মূল ভাৰতৰ গৰম আৰু শুকান ঋতু অসম উপত্যকাত, বিশেষকৈ পূব প্ৰান্তত প্ৰায় অনুভূত নহয়। আটাইতকৈ অস্বস্তিকৰ মাহ কেইটা হ’ল জুন, জুলাই আৰু আগষ্ট, যেতিয়া ৯৫ ডিগ্ৰী উষ্ণতাৰে সেমেকা বায়ুমণ্ডল অধিক উষ্ণ হৈ উঠে। অৱশ্যে সৌভাগ্যবশতঃ কদাচিৎহে তেনে অৱস্থা বেছিদিনলৈ চলি থাকে। ডিচেম্বৰ আৰু জানুৱাৰী গতানুগতিক ভাৱেই কুঁৱলীৰ সময়। ৰাতি জাৰ গুচাবৰ বাবে কেতিয়াবা মাৰ্চ মাহৰ শেষলৈকে জুইৰ প্ৰয়োজন হয়। অক্টোবৰৰ পৰা ফ্ৰেব্ৰুৱাৰি বা মাৰ্চলৈ উমাল ৰ’দঘাই দিনবোৰত কেতিয়াবা বৰষুণৰো অভিজ্ঞতা হয়। এপ্ৰিল হ’ল প্ৰচণ্ড শিলবৰষুণৰ মাহ।

অসম ভূমিকম্প প্ৰৱণ অঞ্চল। পূৰ্বৰ সকলো অভিলেখকে ম্লান কৰি ১৮৯৭ চনৰ ১২ জুনৰ ভূমিকম্পই শ্বিলং চহৰতো বিস্তীৰ্ণ এলেকাৰ ক্ষতি সাধন কৰে। বহুতো ঘৰ ভাঙি পৰে, ৰাস্তা আৰু দলং ধ্বংসপ্ৰাপ্ত হয়। ১৯৫০ চনৰ ১৫ আগষ্টৰ জোকাৰণিৰ প্ৰাৱল্য আছিল প্ৰৱল, যাৰ ফলত কিছু সময়ৰ মূৰে মূৰে হোৱা কম প্ৰাৱল্যৰ জোকাৰণিয়ে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত চলাইছিল ধ্বংসলীলা। সমগ্ৰ পাহাৰ অঞ্চল খহি নামনিৰ উপত্যকা অঞ্চল পুতি নদীপথ অৱৰুদ্ধ কৰিছিল। ফলত গাঁৱৰ পিছত গাঁও বানত আক্ৰান্ত হৈ পৰিবহণ ব্যৱস্থাত ব্যাঘাট জন্মিছিল। অৱশ্যে ৰেলপৰিবহণ কিছুদিনৰ ভিতৰতে কাৰ্যক্ষম হৈ উঠিছিল। ১৯৫০ চনৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ ব্ৰহ্মপুত্ৰ উপত্যকাত কি হ’ব সেয়া এতিয়াই নিৰ্ণয় কৰাটো আগতীয়া হ’ব।

বুৰঞ্জী অনুসৰি ১৫০ বছৰ পূৰ্বে আহোম ৰাজবংশৰদ্বাৰা শাসিত অসম এখন স্বাধীন ৰাজ্য আছিল। আহোমসকল হ’ল তেওঁলোকৰ পূৰ্বজ শ্বান বংশীয় চুকাফাৰ গৰ্বিত উত্তৰাধিকাৰী। চুকাফাই ত্ৰয়োদশ শতিকাত প্ৰায় এহেজাৰ স্বদেশীলোকক লৈ পাটকাই পৰ্বত পাৰ হৈ আহি ব্ৰহ্মপুত্ৰ উপত্যকাত থিতাপি লৈছিলহি। পোন্ধৰ শতিকাৰ শেষলৈ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে আহোমসকল উজনি অসমৰ প্ৰধান শক্তি হৈ উঠে। দুটা শতিকাৰ পিছলৈ তেওঁলোক গোৱালপাৰা চহৰৰ উত্তৰলৈ সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ অধিপতি হয়। তেওঁলোক ক্ষমতা আৰু উন্নতিৰ শীৰ্ষত উপনীত হয় মহাৰাজ ৰুদ্ৰসিংহৰ ৰাজত্বৰ কালছোৱাত (১৬৯৬-১৯১৪)।

সি যি নহওক, ওঠৰ শতিকাত, অন্তর্কলহে আহোম ৰাজ্যক যথেষ্ট দুৰ্বল কৰি তোলে। ১৭৬৮ লৈ ই অৰাজক অৱস্থালৈ গতি কৰে। হতাশাত ভূগি, গৌৰীনাথ সিংহই (১৭৮০-১৭৯৫) কলিকতাস্থ বৃটিছসকলৰ সাহায্য বিচাৰে। সঁহাৰিত লৰ্ড কৰ্ণাৱলিচে ১৭৯২ চনত কেপ্টইন ওৱেলছৰ নেতৃত্বত এটি সৰু সৈন্যদল প্ৰেৰণ কৰে। অৱশেষত বিদ্ৰোহী আৰু লুটপাটকাৰীসকলক পৰাভূত আৰু বহিষ্কাৰ কৰি কেপ্টেইন ওৱেলচে গৌৰীনাথ সিংহক পুনৰ সিংহাসনত প্ৰতিষ্ঠা কৰে। নিজৰ সামৰ্থৰ ওপৰত বিশ্বাস নথকা গৌৰীনাথৰ প্ৰতিবাদ সত্ত্বেও ওৱেলচ আৰু তেওঁৰ সৈন্যদলক দুবছৰৰ পিছত কলিকতালৈ ওভোটাই নিয়া হ’ল।

আভ্যন্তৰীণ বিবাদে অসমলৈ এটাৰ পিছত আনটোকৈ সংকট কঢ়িয়াই আনিবলৈ ধৰিলে। বিদ্ৰোহীসকলৰ আমন্ত্ৰণ মৰ্মে ১৮১৭ চনত ব্ৰহ্মদেশৰ মানসকলে অসমত প্ৰৱেশ কৰিলে। উদ্দেশ্য সাধন কৰি উভতি যোৱা মানসকল, কেইবছৰমান পিছত, বিদ্ৰোহীসকলৰ আহ্বানত পুনৰাই অসমত উপস্থিত হ’ল। এইবাৰ তেওঁলোকে ইয়াত স্থায়ীভাৱে থকাৰ উদ্দেশ্য লৈ আহিল। ৰজা চন্দ্ৰকান্ত সিংহই (১৮১১-১৮১৮ আৰু ১৮১৯-১৮২১) বেংগলত আশ্ৰয় ল’লে। মান ৰজা ব’ডাপ্যাৰ এগৰাকী অসমীয়া পত্নীৰ ভাতৃ যোগেশ্বৰ সিংহক (১৮২১-১৮২৫) তেওঁলোকৰ প্ৰতিনিধি পাতি শাসন কৰিবলৈ ল’লে। নিজৰ স্বার্থত আঘাত আৰু বিশেষ দূতক লঘূ কৰাৰ পৰিপ্ৰেক্ষিতত বৃটিছসকলে পুনৰাই অসমত হস্তক্ষেপ কৰিবলৈ বাধ্য হ’ল আৰু ১৮২৪-২৫ চনৰ ভিতৰত কেইবাখনো যুদ্ধত মানসকলক পৰাজিত কৰে। মানসকলে এই ভূখণ্ডৰ ওপৰত নিজৰ দাবী পৰিত্যাগ কৰি, সকলো ‍‘হস্তক্ষেপৰ’ পৰা বিৰত থাকিব বুলি ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে বৃটিছৰ সৈতে চুক্তিত আৱদ্ধ হয় আৰু লগে লগে সন্ত্ৰাসৰ ৰাজত্বৰ ওৰ পৰে।

কেইবা বছৰ জুৰি চলা অন্তৰ্কন্দল আৰু মানৰদ্বাৰা চলা লুণ্ঠন আৰু অত্যাচাৰে দুৰ্বল কৰি তোলা আহোম শক্তিয়ে পুনৰাই ঠন ধৰি উঠাৰ সামৰ্থ হেৰুৱাইছিল। বৃটিছে প্ৰথমতে যদিও অসম ৰাজ্যক অধিকাৰ কৰাৰ কথা চিন্তা কৰা নাছিল, তেওঁলোকৰ প্ৰস্থানে যে ৰাজ্যখনত পুনৰাই আভ্যন্তৰীণ বিবাদে যে মূৰ দাঙি উঠিব, সেই কথা উপলব্ধি কৰিলে। সেয়ে প্ৰথমতে ডেভিড স্কটক ৰাজ্যখনৰ একাংশৰ শাসন চলাবলৈ নিযুক্ত কৰিলে আৰু কেইবছৰমান পিছত পুৰন্দৰ সিংহক উজনি অসমৰ ৰজাৰূপে মনোনীত কৰিলে। অন্যান্য অংশসমূহ ইতিমধ্যেই স্থানীয় অধিপতিসকলৰ হাতত সমৰ্পণ কৰা হ’ল। এই ব্যৱস্থা দীৰ্ঘদিনীয়া নহ’ল কাৰণ ১৮৩৮ চনত পুৰন্দৰে ইয়াক বৰ্তাই ৰখাত ব্যৰ্থ হ’ল। ১৮৪২ চনলৈ সমগ্ৰ অসমখনেই বৃটিছ বিষয়াসকলৰ অধীনলৈ আহিল।

১৮৫৮ চনত “Act for the better Government of India”ৰ জৰিয়তে ভাৰতৰ সকলো অঞ্চলত (“heretofore administered in trust by the Honorable East India company”) বৃটিছ ৰাজসিংহাসনৰ কৰ্তৃত্ত প্ৰতিষ্ঠা হ’ল। বহু বছৰৰ বাবে বেংগলৰ দূৰৱৰ্তী জিলাৰূপে শাসিত অসমক ১৮৭৪ চনত এক প্ৰদেশ হিচাপে এজন মুখ্য আয়ুক্তৰ অধীনলৈ অনা হ’ল। ১৯০৪ চনত অসমক বেংগলৰ এটা অংশৰ লগত সংযুক্ত কৰি ‍‘পূর্ব বেংগল আৰু অসম’ নামেৰে এখন প্ৰদেশ গঠন কৰা হ’ল যদিও পুনৰাই ১৯১২ চনত অসম এক প্ৰশাসনীয় গোটৰূপে গঠিত হ’ল।

১৯২১ চনত মণ্টেগু-চেমছ ফৰ্ডৰ প্ৰতিবেদনৰ আধাৰত প্ৰাদেশিক পৰিষদ (provincial council) গঠন কৰা হয়।

১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনৰ (Government of India Act, 1935) অধীনত প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয় ১৯৩৭ চনত, নৱগিঠত প্ৰাদেশিক বিধায়িনী মণ্ডলৰ অসম বিধান সভা আৰু অসম বিধান পৰিষদৰ আসনসমূহ পূৰণৰ বাবে।

১৯৪৭ চনত ভাৰতে স্বাধীনতা অৰ্জন কৰি স্ব-শাসিত গণৰাজ্য লাভ কৰে। অসমে ইয়াৰ পাকিস্তানত অন্তৰ্ভুক্ত অঞ্চলসমূহ বাদ দি নতুনকৈ নিৰ্ধাৰিত সীমাৰে হয় পূৰ্ব প্ৰান্তীয় ৰাজ্যৰ ৰূপ লাভ কৰে।

*     *       *

বৃটিছৰ অধীনলৈ অহাৰ সময়ত অসম চাৰিবিধ সম্পদেৰে সমৃদ্ধ আছিল—মাটি, নদী, অৰণ্য আৰু খনিজ জাত দ্ৰব্য। তেতিয়াও এই সম্পদ উন্নয়নৰ অপেক্ষাত। মান সৈন্যৰ অত্যাচাৰ আৰু মহামাৰীৰ ফলত শ্ৰমিকৰ তীব্ৰ নাটনিৰ সমস্যা, ভাৰতৰ অন্যান্য অঞ্চলৰ পৰা মজদুৰৰ আগমন আৰু ৰোগ প্ৰতিৰোধৰ বাবে স্বাস্থ্য সেৱাৰ প্ৰৱৰ্তনে বহুদূৰ লাঘৱ কৰে। নানা প্ৰকাৰৰ দক্ষতা সম্পন্ন লোক আমদানি কৰা হ’ল। চাহ তৈয়াৰৰ বাবে চীনৰপৰা আৰু অন্যান্যৰ বাবে বৃটেইনৰ পৰা এনে লোকক অনা হয় ১৯ শতিকাৰ আৰম্ভণিত। অসমক উন্নয়নৰ বাটত আগুৱাই নিবলৈ এইবোৰেই তেতিয়া প্ৰধান উপাদান আছিল। বৃটিছ বিনিয়োগকাৰী সকলৰ বিদেশত পুঁজি বিনিয়োগৰ বাবে সদা প্ৰস্তুত মানসিকতা, বৃটিছ প্ৰশাসক আৰু কাৰিকৰী লোকসকলৰ নিৰ্বাসন সহন ক্ষমতাই এই প্ৰক্ৰিয়াত অনুঘটক অথবা নিৰৱচ্ছিন্ন সহযোগৰ কাম কৰিছিল।

১৮৩৪ চনত গৱৰ্ণৰ জেনেৰেলে ভাৰতবৰ্ষত চাহ উৎপাদনৰ সম্ভাৱনাৰ অনুসন্ধানৰ বাবে এখন কমিটি গঠন কৰি দিয়ে। অনুসন্ধানত চাহগছ স্থানীয়ভাৱে উৎপাদিত হয় বুলি আৱিষ্কৃত হোৱাত চীন দেশৰপৰা আমদানিকৃত কুশলী চাহ কৃষকৰ সহায়ত অৱশেষত অসমৰ বিখ্যাত চাহ শিল্পৰ উন্নয়নৰ আৰম্ভণি হয়। বৰ্তমানৰ চাহকোম্পানী সমূহৰ ভিতৰত প্ৰথম কোম্পানী হিচাপে ১৮৩৯ চনত আসাম কোম্পানী গঠিত হৈছিল। মহানদ ব্ৰহ্মপুত্ৰ সাগৰৰ পৰা ১০০০ মাইল জোৰা পৰিবহণৰ বাবে অনুকূল হোৱাৰ হেতুকে অসমত দীৰ্ঘদূৰত্বৰ ৰে’ল যোগাযোগ আৰম্ভ হোৱাৰ অৰ্ধশতিকাৰ পূৰ্বেই চাহ উদ্যোগ প্ৰতিষ্ঠা কৰাটো সম্ভৱ হৈছিল।

১৮৪৮ চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে দুখন ভাপ-জাহাজ কলিকতা আৰু গুৱাহাটীৰ মাজত চলাবলৈ সিদ্ধান্ত লৈছিল। ১৮৬০ চনত India General Steam Navigation Companyএ [2] কলিকতা আৰু অসমৰ মাজত ৬ সপ্তাহৰ বিৰতিত চলাবলৈ দুখন জাহাজৰ ব্যৱস্থা কৰাৰ বাবে সন্মত হয়। এই সাধাৰণ আৰম্ভণিয়েই পিছলৈ গৈ ভিন্ন ভাপ জাহাজ সেৱাৰ প্ৰসাৰ ঘটায় য’ত অন্তর্ভুক্ত হয় নিয়মীয়া ডাক নাও সেৱা।

কলিকতাৰ পৰা অসম অভিমুখী প্ৰথম এতিয়া ৰে’লপথ পোৰাদাহা লৈ নিৰ্মিত হয় ১৮৬২ চনত। ইয়াৰ সম্প্ৰসাৰণ ঘটোৱা হয় গোৱালুন্দুলৈ ১৮৬৪ চনত। ১৮৭৯ চনত কলিকতাৰ পৰা অসমৰ আটাইতকৈ ওচৰৰ সংযোজিত ঠাই আছিল তিস্তা নদীৰ পাৰৰ কাইনিয়া অথবা গোৱালুন্দু, য’লৈ ইষ্টাৰ্ণ বেংগল ৰে’লৱেৰ ৰে’ল চলিছিল। এই দুয়ো ঠাইৰপৰা ডিব্ৰুগড় পাবলৈ প্ৰয়োজন হৈছিল দুসপ্তাহ। ১৮৮৫ চনত অসম উপত্যকাত অসম ৰেলৱেজ ট্ৰেডিং কোম্পানীয়ে নিৰ্মাণ কৰা একমাত্ৰ ৰে’লপথটো আছিল ডিব্ৰু-শদিয়া ৰে’লপথ (মিটাৰ গজ) আৰু যোৰহাট প্ৰভিন্সিয়েল ৰে’লৱে (দুইফুট গজ্)। দুয়োটা ৰে’ল পথেই অসমৰ একেবাৰে পূৰ্ৱলৈ অৱস্থিত; যাৰ জৰিয়তে দূৰৱৰ্তী চাহবাগিছাসমূহ ব্ৰহ্মপুত্ৰৰ সৈতে সংযোজিত হৈছে। সেই সময়ত নদী পৰিৰ্ৱহণ সেৱাসমূহেই বৰ্হি বিশ্বৰ লগত সংযোগ সাধনৰ একমাত্ৰ উপায় আছিল।

অসম বেংগল ৰে’লৱেৰ কাম আৰম্ভ হৈছিল ১৮৯১-৯২ চনত। ১৮৯৩-৯৬ ত ক’লাজ্বৰে গোটেই জিলাবোৰত সংহাৰী ৰূপ লৈ নিৰ্মাণ কাৰ্যক বাধাগ্ৰস্ত কৰিছিল। ১৮৯৭ চনত গুৱাহাটী যমুনামুখ অংশ যাতায়তৰ বাবে মুকলি কৰি দিয়া হয় যদিও ভূমিকম্পৰ ফলত তৎক্ষণাত বন্ধ কৰি দিব লগীয়া হয়। লামডিং আৰু বদৰপুৰৰ মাজৰ পাহাৰীয়া অংশ নিৰ্মাণৰ বাবে ১১ বছৰ লাগিছিল। এইছোৱা পথত গড়ে ১৫,৫৬৯ দৈৰ্ঘৰ মুঠ ৩৭ টা সুৰংগ তৈয়াৰ কৰে কৰ্ণিচ (Cornish) খনি শ্ৰমিকসকলে।

১৯০৪ চনত চিটাগং আৰু ডিব্ৰুগড়ৰ মাজত পোনপটীয়া ৰে’ল সেৱা আৰম্ভ হয়। ১৮৯০ চনত কলিকতাৰপৰা ডিব্ৰুগড় পাবলৈ সময় লাগিছিল অন্ততঃ দুসপ্তাহ, ১৯০৪ চনত তিনিদিন আৰু ১৯৪০ চনত ৰেলেৰে মাত্ৰ ৩০ ঘণ্টা।

হৈ যোৱা সাম্প্ৰতিক বিশ্বযুদ্ধৰ সময়ত নিৰ্মিত বিমান ঘাটিসমূহৰ সুবাদত এতিয়া একেই পথ অতিক্ৰম কৰিবলৈ ৪ ঘণ্টাতকৈ অলপহে অধিক সময়ৰ প্ৰয়োজন হয়।

দৈৰ্ঘ দূৰত্বৰ যাতায়তৰ বাবে পথ নিৰ্মাণ হ’ল সাম্প্ৰতিক পৰিঘটনা। ইয়াৰ কাৰণ হ’ল ভাৰতৰ অন্য ৰাজ্যৰ তুলনাৰ অসমত নদীৰ সংখ্যা অধিক বাবে পথ পৰিবহণৰ ওপৰত নিৰ্ভৰতা কম। ফলত নৈৰ সীমামূৰীয়া অঞ্চলসমূহ চাহ উৎপাদনৰ ক্ষেত্ৰৰূপে ব্যৱহাৰ হ’বলৈ ধৰে। প্ৰকৃততে সৰহ সংখ্যক চাহ বাগিছাই উৎপাদিত চাহ ৰপ্তানিৰ বাবে বন্দৰলৈ নিবৰহেতু প্ৰাকৃতিক ৰাজপথ স্বৰূপ ব্ৰহ্মপুত্ৰৰ ওপৰতে নিৰ্ভৰ কৰিবলগা হয়। সেয়েহে বহু বছৰলৈ, কম দূৰত্বৰ যাতায়তৰ বাহিৰে তুলনামূলকভাৱে অসমত উদ্যোগৰ বিকাশৰ বাবে দীৰ্ঘ দূৰত্বৰ পথ নিৰ্মাণৰ প্ৰয়োজনীয়তা অনুভৱ কৰা নহৈছিল।

১৮৬৫ চনত ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে চৈখোৱা ঘাটৰ পৰা ধুবুৰীৰ বিপৰীত ঠাই এডোখৰলৈ এটা দীৰ্ঘ দূৰত্বৰ পথ নিৰ্মাণৰ পদক্ষেপ লোৱা হয়। দ্বিতীয় এটা প্ৰধান পথ সমান্তৰালকৈ নিৰ্মাণ হয় উত্তৰ পাৰত। তত্ৰাচ ২৫ বছৰৰ আগলৈকে, পাহাৰৰ বাহিৰে, অসমৰ পথসমূহ নোহোৱাকৈয়ে থাকিল। বাৰিষাৰ বতৰত, অযথা দীঘলিয়া নোহোৱাৰ শংকা নথকাকৈ ভ্ৰমণলৈ ওলোৱাটো কাচিৎহে সম্ভৱ হৈছিল। সেইদৰে শীত কালতো বাহনসমূহ ধূলিৰে পোত গৈছিল।

১৯৩০ চনৰ বছৰটোত কেইবাশ মাইল পথ সৰু সৰু শিলগুটিৰে পকী কৰা হয়। যাৰ ফলত গোটেই বছৰ জুৰি বাছ্ সেৱাৰ সম্প্ৰসাৰণ সমগ্ৰ অসম ব্যাপি ঘটাবলৈ সুবিধা হয়। ১৮৫০ চনৰ সৈতে এক বিৰাট প্ৰভেদ, যেতিয়া গৰুগাড়ী, ঘোঁৰা গাড়ী বা পৰিবহণ ব্যৱস্থাৰ বিষয়েই জনসাধাৰণ আছিল অবিদিত।

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত সামৰিক কৰ্তৃপক্ষই নতুন পথ নিৰ্মাণৰ লগে লগে পুৰণিসমূহ বহলোৱাৰ কাম সমাধা কৰে। পথৰ দৈৰ্ঘ আৰু প্ৰস্থ বৃদ্ধিৰ ফলত ইয়াৰ তত্ত্বাৱধানৰ বাবে ৰাজহুৱা আয়ৰ বৃদ্ধিৰ প্ৰয়োজন হয়, অন্যথা এই জাতীয় সম্পদ প্ৰয়োজনীয় মেৰামতিৰ অবিহনে ক্ষয়প্ৰাপ্ত হ’বলৈ এৰি দিয়াৰ দৰে হ’লহেঁতেন।

[1] উদাহৰণস্বৰূপে, দিখৌ নৈৰ পৰা এমাইল আঁতৰৰ শিৱসাগৰ, দিখৌৰ বানপানীৰ সীমাৰ ১৩ ফুট নিম্নত অৱস্থিত।

[2] The India General Steam Navigation Company স্থাপিত হৈছিল ১৮৪৪ চনত, ইয়াৰ প্ৰথম দুখন ভাপ জাহাজ, ‍‘অসম’ আৰু ‍‘নাগা’, ক্ৰয় কৰা হৈছিল সেই চনতে ‍অসম কোম্পানীৰ পৰা।

Related Articles

error: Content is copy right protected !!
Close