দিল্লীৱালা’ সম্ৰাট ঔৰংজেৱৰ ফটোৱা!

অঞ্জন শৰ্মা

পানীপথৰ যুদ্ধত ইব্ৰাহিম লোডীক পৰাজিত কৰি হত্যা কৰাৰ পিছত তৈমুৰ লঙৰ বংশধৰ বাবৰে উত্তৰ ভাৰতত মোগল সাম্ৰাজ্য স্থাপন কৰিছিল। বাবৰ, বাবৰৰ পুত্ৰ হুমায়ুন, হুমায়ুনৰ পুত্ৰ আকবৰ, আকবৰৰ পুত্ৰ জাহাঙ্গীৰ আদিয়ে একাদিক্ৰমে মোগল সাম্ৰাজ্যৰ শাসক হৈছিল যদিও দিল্লীৰ সৈতে তেওঁলোকৰ বিশেষ সম্পৰ্ক নাছিল আৰু তেওলোকে দিল্লীক বিশেষ একো দিয়াও নাছিল। ইতিহাসৰ পৃষ্ঠাত পোৱা যায় যে জাহাঙ্গীৰৰ পুত্ৰ শ্বাহজাহানৰ প্ৰৌঢ় বয়সত দিল্লীত কৰা উল্লেখযোগ্য কৰ্ম আছিল লালকিল্লা। সেই লালকিল্লাৰ পৰাই প্ৰকৃত ‘দিল্লীৱালা’ সম্ৰাট তথা ‘দ‍্যা গ্ৰেট মোগল’ হিচাপে প্ৰায় ৫০ বছৰ (১৬৫৮ – ১৭০৭ খৃষ্টাব্দলৈ) কঠোৰ হাতেৰে ঔৰংজেৱে মোগল সাম্ৰাজ্য শাসন কৰিছিল, সাম্ৰাজ্য বিস্তাৰ কৰিছিল, ইছলাম ধৰ্মৰ নামত স্বৈৰাচ্ছাৰী শাসন আৰম্ভ কৰিছিল। কিন্তু ঔৰংজেৱেও সফল হ’ব পৰা নাছিল। প্ৰায় ৫০ বছৰ অবিসম্বাদী সম্ৰাট হৈ থকা ঔৰংজেৱেও বিফল হৈছিল।
আজিৰ পৰা প্ৰায় কুৰি বছৰৰ আগতে জনৈক লেখক(নামটো এইমূহুৰ্তত মনলৈ অহা নাই)ৰ ‘শ্বাহী দিল্লী’ নামৰ এটা প্ৰৱন্ধত পাইছিলো যে শ্বৰিয়তৰ নিয়ম অনুসৰি ঔৰংজেৱে ৪ আঙুলি দীঘল দাড়ি ৰাখিছিল। সেইসময়ত দিল্লীত মোগল-পাঠানসকলে দীঘল-দীঘল দাড়ি ৰখাৰ লগতে দাড়িৰ প্ৰচুৰ যত্ন কৰিছিল, যেনে- দাড়িত জেতুকা লগাইছিল, দাড়িত আতৰ লগাইছিল, দাড়িত সোণ-ৰূপৰ মণি গাঠিছিল, সুগন্ধি তেল লগাইছিল, আৰু কত কি! নিজে ৪ আঙুলি দীঘল দাড়ি ৰখা ঔৰংজেৱে ফটোৱা জাৰি কৰিলে যে তেওঁৰ সাম্ৰাজ্যত কোনেও ৪ আঙুলিতকৈ দীঘল দাড়ি ৰাখিব নোৱাৰিব। সম্ৰাটৰ হুকুম! দিল্লীৱালা সম্ৰাটৰ হুকুম! দিল্লীতেই আৰম্ভ কৰা হৈছিল চাফাই অভিযান। দলে দলে বিষয়া, দলে দলে সৈন্য, দলে দলে নাপিত হাতে হাতে কেচি লৈ নামিছিল দিল্লীৰ ৰাজপথত। বাটে-হাটে মানুহৰ দীঘল দাড়ি দেখিলেই টানি আনি বলপূৰ্বক কেচি চলাই হাজাৰ হাজাৰ মানুহৰ দাড়ি ৪ আঙুলি কৰা পৰ্ব আৰম্ভ হৈছিল। ইয়াকে কেন্দ্ৰ কৰি আৰম্ভ হৈছিল মাৰপিট, হুলস্থুল। কিন্তু সম্ৰাট অলৰ-অচৰ। সকলোৰে দাড়ি জুখিব লাগিব আৰু ৪ আঙুলিতকৈ বেছি হ’লেই কাটি পেলাই দিব লাগিব। ইয়াৰে লগতে আছিল ওঁঠৰ ওপৰৰ গোঁফ বিসৰ্জনৰো ফটোৱা! বাটে-পথে দাড়ি কাটি দিয়াৰ লগতে গোঁফ খুৰাই দিয়া হৈছিল, কাৰণ ঔৰংজেৱে বিশ্বাস কৰিছিল যে ‘আল্লা’ৰ নাম উচ্ছাৰণ কৰোতে ওঁঠৰ ওপৰৰ গোঁফৰ জংগলত শব্দবোৰ হেৰাই যায় বাবে লক্ষ‍্যস্থান পাবলৈ সক্ষম নহয়!
ঔৰংজেৱৰ বিষয়ে পঢ়িবলৈ পাইছিলো যে আকবৰ আৰু জাহাঙ্গীৰৰ আমোলত হিন্দু-মুছলমান দুয়োপক্ষৰে ‘খানদানি হিন্দুস্থানী সঙ্গীত’ৰ যিদাল বৃক্ষ ফলে-ফুলে জাতিষ্কাৰ হৈ পৰিছিল- সেই বৃক্ষদাল শিপাৰে সৈতে উঘালিবলৈ দিল্লীৱালা সম্ৰাট ঔৰংজেৱে সংকল্প গ্ৰহণ কৰিছিল। সঙ্গীতৰ প্ৰতি ঔৰংজেৱৰ আছিল প্ৰচন্ড বিদ্বেষ। সকলোধৰণৰ সঙ্গীত নিষিদ্ধ বুলি ঔৰংজেৱে কঠোৰতম আদেশ জাৰী কৰিছিল। কন্ঠসঙ্গীত, বাদ‍্যসঙ্গীত সকলো নিষিদ্ধ হৈ পৰিছিল। অগণন বাদ্যযন্ত্ৰ ধ্বংস কৰি পেলোৱা হৈছিল। গায়কৰ টেটুত চেপি ধৰা হৈছিল। ইয়াৰে পটভূমিত গায়ক-বাদ‍্যশিল্পীসকলে এক সমাৱেশৰ আয়োজন কৰি সেই সমাৱেশত লোৱা সিদ্ধান্ত অনুসৰি নিৰ্দিষ্ট দিনত এটা শোভাযাত্ৰা উলিয়াইছিল। সহস্ৰাধিক সঙ্গীতপ্ৰেমীৰ সেই সমদলটো আছিল বিশাল, জৌলুশময়, অথচ বেদনাদায়ক – যিহেতু সমদলটোৰ সন্মুখত আছিল বহুকেইটা শৱদেহ। অংশগ্ৰহণ কৰাসকলে কান্দি-কান্দি লাহে লাহে আগবাঢ়িছিল। শোভাযাত্ৰা এনেকুৱা সময়ত উলিওৱা হৈছিল, যি সময়ত ঔৰংজেৱে নামাজ পঢ়িবলৈ জুমা মছজিদলৈ যায়। ঔৰংজেৱ থমকি ৰৈছিল। একেলগে ইমানবোৰ মহৎ ব‍্যক্তিৰ মৃতদেহ!! সম্ৰাটে জানিবলৈ বিচাৰিলে, কোন কোন মহৎ ব‍্যক্তিৰ এনেদৰে হঠাৎ একেলগে মৃত্যু হ’ল? সম্ৰাটে অনুসন্ধান কৰা বুলি গম পায়েই শোভাযাত্ৰাৰ কান্দোনৰ মাত্ৰা অত‍্যাধিক হৈ পৰিল। কান্দি কান্দি সম্ৰাটক জনোৱা হ’ল যে সঙ্গীতৰ মৃত্যু হৈছে আৰু শেষকৃত‍্য সমাপন কৰিবলৈ শোভাযাত্ৰা আগবাঢ়িছে। ঔৰংজেৱে সকলোবোৰ বুজি পাই ৪ আঙুলিৰ দাড়িত হাত বুলাই বুলাই অতি শান্তভাৱে কৈছিল –
” আ:, সঙ্গীতৰ মৃত্যু হৈছে! কবৰ দিয়া কামটো যাতে ভালদৰে সম্পন্ন কৰা হয়। সঙ্গীতৰ আত্মাই যেন চিৰশান্তি লাভ কৰে – মই তাকেই কামনা কৰিলো।”

[ বিধিসন্মত সতৰ্কবাণী:                                 অসমৰ ‘প্ৰব্ৰজনৰ সমস্যা’, অশুদ্ধ ভোটাৰ তালিকাৰ সমস্যা, নাগৰিকপঞ্জীৰ সমস্যা, হিন্দু বিদেশীক অসমত জাপি দিবলৈ ওলোৱা হেতুকে উদ্ভৱ হোৱা সমস্যা, অশোক কাগজ কল-জাগীৰোড কাগজ কল বন্ধ হৈ যোৱা হেতুকে হোৱা সমস্যা- সকলোবোৰ সমস্যাৰ পটভূমিত অসমত হৈ থকা অসমৰ ৰাইজৰ বিভিন্ন প্ৰতিবাদী কাৰ্যকলাপৰ প্ৰতি সম্পূৰ্ণ উদাসীন হৈ থকা, তথা বছৰেকত ২ কোটি নিবনুৱা যুৱকক চাকৰি দিম বুলি কোৱা, প্ৰত‍্যেকৰে বেংকৰ একাউন্টত ১৫ লাখকৈ টকা ভৰাই দিম বুলি কোৱা, বিমুদ্ৰাকৰণ কৰি ক’লা ধন বিলুপ্তিৰ তোগলকী প্ৰচেষ্টাৰে সৰ্বসাধাৰণ মানুহক হাৰাশাস্তি কৰিও ১% সফল নোহোৱা হেতুকে ৯৯.৩% ধন ভাৰতীয় ৰিজাৰ্ভ বেংকলৈ উভতি অহা বুলি ২৯/০৮/১৮ তাৰিখে বেংকৰ প্ৰতিবেদনত প্ৰকাশ হোৱাৰ পিছত চকুমুদা কুলিৰ দৰে আচৰণ কৰা, সাম্প্ৰদায়িক পতাকাৰে অশ্বমেধ যজ্ঞ কৰিব বিচৰা,…. অথবা ১৯৭৫ চনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰি হাজাৰ হাজাৰ মানুহক পোতাশাললৈ নিক্ষেপ কৰা, হাজাৰ হাজাৰ মানুহক বলপূৰ্বক বন্ধ‍্যাকৰণ কৰোৱা, অসম আন্দোলনৰ সময়ত অসমত সৈন‍্যবাহিনী জাপি দিয়া, ইত‍্যাদি বিভিন্ন কুকৰ্ম কৰা দিল্লীৱালা উজীৰ-এ-আজমবোৰৰ সৈতে ওপৰত উল্লেখ কৰা দিল্লীৱালা সম্ৰাট ঔৰংজেৱৰ কোনো সম্পৰ্ক নাই। আমি মাথো, ঔৰংজেৱৰ ৫০ বছৰৰ কঠোৰতম শাসনতো সঙ্গীতৰ প্ৰতি, গোঁফৰ প্ৰতি, দাড়িৰ প্ৰতি প্ৰচন্ড বিদ্বেষ জাহিৰ কৰি ফটোৱা জাৰী কৰাৰ পিছতো সঙ্গীতৰ মৃত্যু নহ’ল, গোঁফ-দাড়ি দীঘল কৰাও বন্ধ নহ’ল – সেয়াহে ডাঙি ধৰিবলৈ সামান্য প্ৰয়াস কৰিছো। কোনোবাই যদি দিল্লীৱালা সম্ৰাটৰ সৈতে বৰ্তমান কালৰ দিল্লীৱালা উজীৰ-এ-আজমক ৰিজায় – তাৰবাবে লেখক দায়ী নহয়।]

Related Articles

error: Content is copy right protected !!
Close