দিগন্ত প্ৰসাৰিত মুক্তিৰ আলোকলৈ – কুমাৰ দীপক দাস

আজিৰ সময়ৰ বৃহৎ পুঁজি আৰু বৃহৎ ব্যৱসায় বাণিজ্যৰ পৃথিৱীখনৰ মানুহে নিজৰ ব্যক্তিত্ব আৰু ব্যক্তি স্বাধীনতা হেৰুৱাইছে। সকলো যেন নৈৰ্ব্যক্তিক যান্ত্ৰিক মানুহ।

মহাত্মা গান্ধীয়ে ভাৰতীয় আদৰ্শৰ ভিতৰত জাতিভেদ বা বৰ্ণ-ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ গৈ ব্যক্তিৰ ভূমিকা আৰু দায়িত্ব অৱহেলিত হৈ ভাৰতবৰ্ষৰ মূল সাধনাৰ বিকৃতি ঘটা লক্ষ্য কৰিয়েই ভাৰতবৰ্ষৰ সাধনা গ্ৰাম্য স্বৰাজৰ প্ৰসংগ উত্থাপন কৰিছিল। গাঁওবোৰ সৰু সৰু, ইখনে সিখনক চিনি পায়, যুঁজ-বাগৰ কৰিলেও ইজনে সিজনেৰে সম্পৰ্কিত। শত্ৰুতাৰ সম্পৰ্কটোও এটা সম্পৰ্ক, যি হয়তো নিকটতম সম্পৰ্ক! কিয়নো বন্ধুক হয়তো আমি পাহৰি যাব পাৰো কিন্তু শত্ৰুক কেতিয়াও পাহৰিব নোৱাৰি। কিন্তু ডাঙৰ ডাঙৰ নগৰীয়া সভ্যতাৰ ডাঙৰ ডাঙৰ চহৰ-নগৰবোৰত কেবামহলীয়া ঘৰবোৰত বাসকৰা পৰিয়ালবোৰৰ মাজত বন্ধু বা শত্ৰু এনেধৰণৰ কোনো সম্পৰ্কই নাথাকে। য’ত মানুহৰ সৈতে মানুহৰ কোনো সম্পৰ্ক নাথাকে তাত আকৌ কোনো সমাজো নাথাকে। আনহাতে, সামাজিক দায়বদ্ধতাক নেওচা দি ক্ৰমাগতভাৱে মানুহ কেৱল মাথো মানুহৰ প্ৰতিযোগী বা শত্ৰুলৈ পৰিৱৰ্তিত হয়, বন্ধু বিচাৰি পোৱা নাযায়। মানুহ, যিমানেই উন্নত আৰু শিক্ষিত হয় মানুহৰ সামাজিক দায়বদ্ধতা সিমানেই কমি যায়, যেন লাহে লাহে নিৰ্বান্ধৱ আৰু অকলশৰীয়া হৈ পৰে।

আমাৰ ভোগৰ সামগ্ৰীসমূহত বা সাজ-পোছাকত বৃহৎ শিল্প উদ্যোগপতি বা একচেতিয়া বজাৰপতিসকলৰ একচ্ছত্ৰী প্ৰভাৱ পৰিলক্ষিত হ’ব ধৰিছে। কুটিৰ শিল্পৰো পূৰ্বৰ সেই আদৰ আৰু দাম নাই। আমাৰ শিপিনীসকলেও নিজে বোৱা মেখেলা-চাদৰখনতকৈ আন্তৰ্জাতিক ব্যৱসায়ীসকলৰ ৰংচঙীয়া শাৰী বা সেই সকলৰে প্ৰেৰিত অন্য আধুনিক সাজপাৰ পিন্ধি বেছি সাদৰ অনুভৱ কৰা হ’ল। আজিৰ মানুহ জীৱনৰ আদব-কায়দা, পোছাক-পৰিচ্ছদ, টিফিন-ডিনাৰ সকলোবোৰ একেই যেন। ইয়াৰ নামেই বিশ্ব বজাৰৰ বিস্তাৰ। এই বিশ্ব বজাৰৰ ধামখুমিয়াতে মানুহে নিজৰ সাংস্কৃতিক পৰিচয় লাহে লাহে হেৰুৱাইছে।

এনে পটভূমিতে স্বাধীনতা, গণতন্ত্ৰ, সমাজতন্ত্ৰ, ৰামৰাজ, সাম্যবাদ, একনায়কত্ববাদৰ কঠিন শাসন ইত্যাদি কোনো মতবাদেই যেন মানুহৰ কোনো সমস্যাকেই দূৰ কৰিব পৰা নাই। সকলোতে ব্যৰ্থতা দেখি আজিৰ পৃথিৱীৰ মানুহে যেন এনে মতবাদৰ ওপৰত থকা শ্ৰদ্ধা বা বিশ্বাস হেৰুৱাইছে—আনকি আত্মবিশ্বাস পৰ্যন্ত হেৰুৱাই সৰ্বব্যাপক এক আত্মা বা ভগৱানৰ অস্তিত্বকো অস্বীকাৰ কৰিব বিচাৰিছে।

এনে এক শ্বাসৰুদ্ধ পৰিৱেশত কৰিবলগীয়া বা ক’বলগীয়াখিনিৰ বাবে অম্বিকাগিৰিৰ আহ্বান আৰু ভাব-আৱেগক নতুনকৈ উপলব্ধিৰ মাজলৈ আনিলে কিবা পথ বিচাৰি পোৱা যাব নেকি? উগ্ৰ জাতীয়তাবাদী আখ্যাৰে বিভূষিত কৰিবলৈ বহুতে চেষ্টা কৰিলেও, অসমৰ ভৌগোলিক চাৰিসীমাক সমুখত ৰাখি যিখিনি চিন্তা আৰু কৰ্মপদ্ধতিৰ অৱতাৰণা কৰি অম্বিকাগিৰিয়ে অসমীয়া জাতীয়ত্ব আৰু অসমৰ জাতীয় স্বার্থ সংৰক্ষণ, অসমৰ বাহিৰৰপৰা অহা ভাৰতীয়সকলক অসম তথা অসমীয়াৰ স্বার্থৰ লগত জড়িত কৰাৰ আহ্বান, ভাৰতীয় মহা জাতীয়তা আৰু অসমীয়া জাতীয়তাৰ স্বৰূপ বিশ্লেষণ, জাতীয় আত্মচেতনা, আত্মৰক্ষা আৰু আত্মপ্ৰস্তুতিৰ উদ্দেশ্য, আদৰ্শ আৰু আইহলাৰ বিশ্লেষণ, অসমীয়াৰ এলাহ, উদাসীনতা, চৈতন্যহীনতা আৰু জাতিগত অধঃপতনৰ কাৰণে কৰা আক্ষেপ আৰু ক্ষোভ আৰু অম্বিকাগিৰিৰ নিজৰ আত্মদৰ্শন আৰু অভিলাসৰ মাজত কিন্তু ভাৰতীয় মহাজাতি আৰু বিশ্ব মানৱতাবাদৰ বহু তত্ত্ব লুকাই আছে। যাৰ প্ৰয়োগ আৰু বিশ্লেষণে আমাৰ সমাজত ক্ৰমান্বয়ে জুমুৰি ধৰা আজিৰ নৈৰাশ্যক দূৰ কৰিব পাৰে। এনে চিন্তা আৰু প্ৰকাশৰ বাবে অম্বিকাগিৰিক এজন আধুনিক সমাজবিজ্ঞানী বুলি আখ্যা দিব পাৰি।

নতুন অসম গঢ়াৰ বাবে এইজন সমাজবিজ্ঞানী অম্বিকাগিৰিয়ে লিখা ‍‘ডেকা-ডেকেৰীৰ বেদ’ আজিৰ ভোগবাদৰ অনিৰ্বাণ সাধনাই কঢ়িয়াই অনা দুৰ্ভোগ আৰু অশান্তিৰ ক্ষেত্ৰখন বিস্তাৰিত হোৱাত এক বৃহৎ বাধা হ’ব পাৰে। যি পৃথিৱীৰ প্ৰতিখন সমাজ আৰু ব্যক্তিক সাঙুৰি এনে সংযম আৰু নিয়ন্ত্ৰণৰ বাবে প্ৰযোজ্য হ’ব পাৰে। অম্বিকাগিৰিৰ ‍‘ডেকা-ডেকেৰীৰ বেদ’ৰ প্ৰথম আৰু দ্বিতীয় খণ্ডত নতুন অসম গঢ়াত ডেকা-গাভৰুৰ চাৰিত্ৰিক গুণাৱলীৰ ওপৰত গুৰত্ব আৰোপ কৰি নিয়মানুবৰ্তিতা, একাগ্ৰভাৱে দেশসেৱাৰ কামত ব্ৰতী হোৱা, আত্মবিশ্বাস, কৰ্ম তৎপৰতা, সংকল্প, ত্যাগ, সমাজসেৱা বা খাদ্- বিচাৰ আদি গুণৰ অপৰিহাৰ্যতাৰ বিষয়ে নাইবা জাতি গঠনৰ কাৰ্য সম্পাদন কৰিবলৈ উল্লেখ কৰা স্বাধীন পঞ্চায়ত ৰাষ্ট্ৰ গঠনৰ সাতখলপীয়া আঁচনিৰ জৰিয়তে যি সমাজ ধাৰণৰ প্ৰস্তাৱ ৰাখিছে তাৰ মাজত শোষণহীন, সাম্যবাদী সমাজৰ ধাৰণাহে সোমাই আছে।

দেশ সেৱাত আন্তৰিকতাৰ চিন ব্যাখ্যা কৰিবলৈ গৈ তেওঁ ডেকা-ডেকেৰীসকলক আহ্বান কৰি কৈছিল, অৰ্থনীতিত, সমাজনীতিত, ভাষাত, সাহিত্যত, আনৰ সৰ্বপ্ৰকাৰ শোষণৰ আক্ৰমণ উৎপাটন কৰি, জন্মভূমিক আৰু জাতিটোক দিগন্ত প্ৰসাৰিত মুক্তিৰ আলোকলৈ উলিয়াই আনিবলৈকে হীনতা, নীচতা, আলস্য পৰায়ণতা, সৎসাহহীনতা, ভয়, বিহ্বলতা, মৃত্যুভয় আদিৰ বজ্ৰ কৰালবিলাক মনৰপৰা খহাই, সমাজক তাৰ জাতিটোক ধুই-পখালি সোণ এডুখৰি কৰি তুলিবলৈকে, আমাৰ ভিতৰত, দেশৰ সেৱাত হাজাৰ বিপদ-বিঘিনিৰ আঘাততো ভাঙি নপৰা তেজে ফুটো-ফুটো দুৰ্দমনীয় টলবল ডেকা-ডেকেৰীৰ আবিৰ্ভাৱ বিশেষভাৱে আমি বাঞ্ছা কৰো।…’’

এই টলবল ডেকা-ডেকেৰীহঁতক লৈ কৰা পৰিকল্পনাৰ মূল কথাটো আছিল, ‍‘‍‘সমগ্ৰ মানৱ জগতত সাম্যৰ শান্তি সংস্থাপনৰ আদৰ্শ আগত ৰাখি, সৰ্বপ্ৰথমে তাৰ নিজৰ সামূহিক স্থিতিটোক এই পৰিকল্পনাৰে প্ৰস্তুত কৰি লৈ অব্যৰ্থ নিশ্চিততাৰে’’ আগুৱাই যোৱা। অম্বিকাগিৰি ৰায়চোধুৰীয়ে এই ‍‘ডেকা শক্তি’ৰ বিশ্বাসৰ কথা উনুকিয়াই প্ৰথমতে কৈছে,

‍‘‍‘ডেকা অসমে বিশ্বাস কৰে, তেজ, মঙহ, হাড়, মজ্জা আদিৰ সম্বলেৰে মানুহৰ ব্যক্তিগত শাৰীৰিক সত্ত্বাটো গঠিত হোৱাৰ দৰে, ভাষা, সাহিত্য, সংস্কৃতি, চিন্তা প্ৰণালী, আচাৰ-নীতি, জীৱিকা নিৰ্বাহ, সমাজ আদৰ্শ আদিৰ সম্বলেৰে তাক সমূহীয়া দেশ বা জাতীয় শৰীৰটোও প্ৰাকৃতিক বিধান মতেই গঢ়ি উঠিছে; আৰু অব্যাহত স্বাধীনতাৰে তাৰ সম্পূৰ্ণকৈ পৰিপুষ্ট কৰি তোলা বিষয়ৰ বাহিৰে আন একো স্বৰ্ত নাই, আনন্দ নাই, অধিকাৰ নাই।’’

অম্বিকাগিৰিক উগ্ৰজাতীয়তাবাদৰ প্ৰবক্তা বুলি আখ্যা দিয়াসকলক সকীয়াই দি এনে চিন্তাৰ মুকলি প্ৰকাশৰ দুৱাৰদলিত ‍‘‍‘ফ্ৰী ইণ্ডিয়া পাব্লিছিং হাউছ’’ৰ বেনাৰত এখন ফলক লগাই ইদ বুলি লিখি দিছিল।

‍‘‍‘অসমৰ বাবে একাষাৰ ক’লেই প্ৰাদেশিক সংকীৰ্ণতাৰ দোষে ভাৰতীয় একতাৰ হানি কৰিব বুলি যিসকলে নাক কোচায় সেই সকলে এই ‍‘ডেকা-ডেকেৰীৰ বেদ’ পঢ়ি ভুলৰ সংশোধন কৰিবলৈ সুবিধা পাব। ডেকা অসমৰ ঠাইত ‍‘ডেকা পৃথিৱী’, ‍‘ডেকা ভাৰত’, ‍‘ডেকা মাদ্ৰাজ’, ‍‘ডেকা বন্ধু’, ‍‘ডেকা পাঞ্জাৱ’, আদি লগাই পঢ়িলেই পুথিখনত লেশমাত্ৰাও প্ৰাদেশিক সংকীৰ্ণতা তেওঁলোকে দেখা নাপাব। নিজে বান্ধোনত পৰি থাকি আনৰ মুক্তিৰ বাবে বীৰদৰ্পেৰে লৰ মাৰি যাব খোজাটো হাঁহি উঠা কথা।’’

এই ডেকা অসমৰ ৰাজনীতি, অৰ্থনীতি, সমাজনীতি, শিক্ষানীতিত সকলো শ্ৰেণীৰ সকলো বৰ্ণ আৰু ধৰ্মৰ মানুহক সমান অধিকাৰ আৰু সমান মতামতৰ ভিত্তিত প্ৰতিনিধিত্ব দিয়াৰ পোষকতা কৰা অম্বিকাগিৰিয়ে সংযম আৰু নিজৰ শক্তিক সংহত কৰি এক দুৰ্দান্ত প্ৰতিজ্ঞাৰে সমুখ লক্ষ্যত উপনীত হোৱাৰ কৌশলো এই ‍‘ডেকা-ডেকেৰীৰ বেদ’ত ব্যাখ্যা কৰিছিল।

এই ডেকা-শক্তিৰ সংজ্ঞা নিৰূপিত কৰি তেওঁ কৈছিল—

‍‘‍‘ডেকা শক্তিৰ সংজ্ঞা নিৰূপিত বয়সত নহয়, কৰ্মশক্তিত—ধুন-পেচত নহয়, ত্যাগত। ৰূপ-লাৱণ্যত নহয়, হৃদয়ৰ প্ৰশস্ততাত, অন্তৰৰ উদাৰতাত।…জাতীয় আত্ম-সন্মানত আঘাত পৰিলে যি ডেকা-ডেকেৰীৰ সৰ্বাংগজুৰি প্ৰলয়ৰ উল্কা জ্বলি উঠাৰ স্পষ্ট উমান পোৱা যায়—তেঁৱেই আচল ডেকা-ডেকেৰী…’’

এনে সামাজিক দায়বদ্ধতা আৰু সজাগতাৰে সমুখৰ আন্ধাৰ নাশিব লাগিব। এই ভোগবাদী চিন্তাৰ অৱসান ঘটাই আমাৰ সংস্কৃতিক সমৃদ্ধ কৰি, নানা জাতি উপজাতিৰ মাজত থকা সমন্বয় সুদৃঢ় কৰি জাতি, ধৰ্ম, ভাষাৰ উর্দ্ধত এখন মানুহৰ সমাজ প্ৰতিষ্ঠা কৰিব লাগিব। অম্বিকাগিৰিৰ চিন্তা আৰু কৰ্মসূচীৰ এই ক্ষেত্ৰত এক নতুন পথৰ সন্ধান কৰোহঁক। এয়াই আজিৰ সময়ৰ আহ্বান।

Related Articles

error: Content is copy right protected !!
Close