দন্দুৱা দ্ৰোহ

ৰজনীকান্ত বৰদলৈ

[কামৰূপৰ হৰদত্ত আৰু বীৰদত্তৰ বিষয়ে বুৰঞ্জীমূলক উপন্যাস]

 

শ্ৰীৰজনীকান্ত বৰদলৈ ৰচিত

(ৰিহাবাৰি, ডিব্ৰুগড়,১৯২৮)

                                                             #######

                                    ৺২য় পুত্ৰ পূৰ্ণকান্ত বৰদলৈৰ উদ্দেশ্যে

বাবুল,

 আজি কুৰি বছৰ হ’ল তই তোৰ মৰমৰ দেউতাৰক এৰি বৈকুণ্ঠি হলি। তই জীয়াই থকা কাললৈকে তোৰ হতভগীয়া পিতৃৰ সৰ্ব্বপ্ৰকাৰ উন্নতি হৈছিল। তই বৈকুণ্ঠি হবৰে পৰা এই হতভগীয়াই আৰু সুখ সন্তোষৰ মুখ দেখা নাই। তই যোৱাৰ দুবছৰৰ পিছতে তোৰ বৰ ককায়েৰ ৺গোলোক কান্তও গল। কান্দোতে কান্দোতে দুৰ্ভগীয়াৰ চকু কণা হব লগীয়া হৈছিল। তোৰ মাৰে এদিন শপোন দেখিছিল তই হেনো জীয়াই থকা কালত যেনেকুৱা ১৫ বছৰীয়া লৰা আছিলি সিপুৰিত হেনো তই তাতোকৈ ধুনীয়া হৈ, কপালত বগা চন্দনৰ ফোট পিন্ধি তই যেন জগন্নাথৰ পাণ্ডা হৈ জগন্নাথলৈ যাত্ৰী লৈ লৈ যাৱ। তই নিশ্চয় সেই জগন্নাথ, অনাথৰ নাথ, প্ৰাণবন্ধু, দীনদয়াল কৃষ্ণৰ পাৰিষদ হৈছগৈ। আৰু কৃষ্ণক ভাল পোৱা জীৱ সকলক কৃষ্ণৰ ওচৰলৈ আগবয়াই নিয়! তোৰ এই হতভগীয়া দেউতাৰকো এই নশ্বৰ দেহা এৰিলে কৃষ্ণৰ ওচৰলৈ লই যাবিনে?

                                                              ######

                                                            দন্দুৱা দ্ৰোহ

                                                            প্ৰথম অধ্যায়

                                                            পাতনি

আমি সৰু কালত স্কুলত পঢ়োঁতে মাজে সময়ে কামৰূপীয়া মানুহৰ মুখে উত্তৰ কামৰূপৰ ৺হৰদত্ত আৰু ৺বীৰদত্তৰ বিষয়ে কেতখিনি গীত শুনিছিলোঁ। এই গীতবিলাকত শোক আৰু ব্যঙ্গৰ ভাব মিহলি। কামৰূপীয়া দুই চাৰিজন বুঢ়াৰ মুখে সাধুকথা শুনাদি শুনিছিলো হৰদত্ত আৰু বীৰদত্ত নামে কামৰূপ জিকেৰি গাঁৱত দুজন কলিতা ভাতৃ বৰ পৰাক্ৰমী হৈ বৰফুকনৰ অত্যাচাৰ সহিব নোৱাৰি তেওঁৰ শাসন উত্তৰ কামৰূপত এক প্ৰকাৰে উঠাই দি প্ৰায় সাত বছৰ কাল নিজে ৰাজত্ব কৰিছিল। পিচত হেনো নিজৰ জ্ঞাতি বৈৰীতাত বৰফুকনৰ লগত ১৭৯৫ সনৰ যুজত হাৰে। বীৰদত্ত সেই যুঁজতে চেচামুখৰ ৰণত মৰে। হৰদত্তক ধৰাই নি বৰফুকনে শগুণঠুটিৰ বালিত বধ কৰে। পিতৃ মাতৃ হীনা হৈ হৰদত্তৰ পৰম ৰূপ লাবণ্যবতী দুহিতা পদ্মকুমাৰীয়েও এক প্ৰকাৰ আত্মহত্যা কৰে।

কলিকতাৰ পৰা পঢ়ি শুনি আহি চৰকাৰী কামত যাওঁ। ভাগ্যগুণে কামৰূপত বৰপেটা আৰু সদৰ ঠাইতেই আমি চাৰি পাঁচ বছৰ কাল চবডিপুটী কলেকটৰি কাম কৰিবলৈ পাওঁ। এদিন আমি ৰঙ্গিয়াত মাটি পৰ্ত্তাল কৰি ফুৰোঁতে পূবপাৰ মৌজাৰ পুঠীমাৰি নামেৰে নৈৰ পাৰত, বৰ্ত্তমান বাইহাটা ৰেল ষ্টেছনৰ উত্তৰে প্ৰায় ছমাইল আঁতৰত, ৰঙ্গিয়া আৰু পূবপাৰ মৌজাৰ সীমাত এডোখৰ বৰ মনোৰম ঠাই পাই তাতে দুপৰীয়া অলপ পৰ জিৰাইছিলোঁ৷

 ঠাই ডোখৰ নৈৰ দাতিৰ পৰা প্ৰায় পঞ্চাচ-টাৰ বহল আধামাইল দীঘল৷ ই এখন মুকলি পথাৰ৷ এই পথাৰৰ পশ্চিমে প্ৰায় ইমান আয়তনৰে আৰু এডোখৰ ঠাই আছিল ৷ ইয়াত মাজে মাজে দুই এডাল শিমলু গছ আৰু তল উলুৱনি হাবিৰে ভৰা আছিল৷ ইয়াৰ পশ্চিমে এখন ঝাৰণি হাবি৷

 ফাগুন মাহ ৷ সুন্দৰ ফট্‌ফটীয়া পানীৰে পুঠীমাৰি নৈ বৈছিল৷ দুপৰীয়া আকাশো নিৰ্ম্মল আছিল৷ সিফালে দুৰত হিমালয়ৰ ভুটিয়া পাহাড় শ্ৰেণীও দেখা গৈছিল৷ মনত কি যে এটা নিস্তদ্ধতা আৰু অনুপম সৌন্দৰ্য্যৰ ভাব খেলাইছিল তাক কই অটাব নোৱাৰোঁ ৷ কলেজত থাকোঁতে চাৰ ওয়াল্টাৰ স্কটৰ নভেল শ্ৰেণী, ৺বঙ্কিম চাটুৰ্জিৰ উপন্যাস শ্ৰেণী পঢ়িছিলো৷ এই ঠাইৰ, সিফালে পাহাড় দেখি আৰু আমাৰ অসমৰ সকলো ঠাইতে নদী নলা, নিজৰা, বিল, পুখুৰী পাহাৰ ঝাৰণি এই বিলাকলৈ মনত পৰি চাৰ ওয়াল্‌টাৰ স্কটৰ সেই High Land, (ওখ ঠাই, ) Lowland (নামনি ঠাই) ইত্যাদি বিলাকলৈ মনত পৰিছিল৷ ভাব হৈছিল:—“হায়! মোৰ জননী! তুমি কেনে প্ৰকৃতিৰ কাম্য-কানন! তোমাৰ কোলাত স্কটলেণ্ডৰ দৰে Highland, Lowland, Hills Dales, Lakes. সকলোবিলাক আছে৷ তোমাৰ অতীত কালৰ বুৰঞ্জী নানা ঘটনাৰে পৰিপূৰ্ণ; কিন্তু তোমাৰ এই সমস্ত স্বাভাৱিক সৌন্দৰ্য্য বৰ্ণাবলৈ, অতীতৰ বুৰঞ্জীৰে উপন্যাস লেখিবলৈ, চাৰ ওয়াল্টাৰ স্কটৰ নিচিনা বা ৺বঙ্কিম চাটুৰ্জিৰ দৰে উপন্যাস কাৰক প্ৰতিভাশালী সাহিত্যিক ক’ত? ”

ইত্যাদি ভাবি চিন্তি দুপৰীয়া ৰদত জিৰাই সতাই লগ যোৱা মণ্ডল, গাওঁবুঢ়া আৰু গাঁৱৰ দুজন নে তিনি জনমান ভদ্ৰ লোকক সেই ঠাই ডোখৰ, নাম কি, কথা কি, বতৰা কি ইত্যাদি সোধোঁতে আমাক বুঢ়াভগীয়া ভাল মানুহ এজনে কলে :—“বাপ! সেই যে ঝাৰণিখান দেখিছে, সেইখানেই আগৰ জিকেৰীয়া বৰুৱা হৰদত বীৰদতৰ গাঁও আছিল৷ নৈৰ সিপাৰে যে সোঁ আলিৰ দৰে সেইটো দেখিছে সেইটোৱেই জিকেৰীয়া বৰুৱাৰ আলি৷ ইয়াৰে পৰা বাইহাটাৰ মাজেদি এই আলি গৈ চিলাৰ চকিত ওলাইছে৷ ”

বৃদ্ধ জনৰ এই কথাত আমি লগত মানুহ-দুনুহ লই ঝাৰণিখানত সোমালোঁ গৈ৷ তাত সোমাই ঠায়ে ঠায়ে ঘৰৰ ভেটি, ধাপ, আলি, খাৱৈ ইতাদিৰ চিন পালোঁ৷ মাজতে মজলীয়া বিধৰ পুখুৰী এযোৰো পালোঁ৷ সেই পুখুৰীত নল আৰু পিতনি৷ এই বিলাক চাই চিন্তি লই জিৰাই সতাই সেই বুঢ়া লোকজন, মণ্ডল, গাঁওবুঢ়া, এই সকলে সৈতে কেম্পলৈ উলটিলোঁ৷ কেম্পত ছৰকাৰী কাম এফেৰা কৰি উঠি বুঢ়াৰ মুখে হৰদত, বীৰদত, পদ্মকুমাৰী, কুমেদান সিং শিখ, বৰফুকন, এই সকলৰ ইতিবৃত্ত সাধুকথা শুনাদি শুনিলোঁ৷ শুনি শুনি দীঘলকৈ হুমুনিয়াহ এটাও কাঢ়িলোঁ; আৰু বুঢ়াৰ মুখে শুনা প্ৰধান প্ৰধান ঘটনাবিলাক টুকি থলোঁ৷ এতিয়া কৰ্ম্মৰ পৰা অৱসৰ পোৱাত আৰু অসমীয়া ৰাইজে আমাৰ পৰা আৰু উপন্যাস পাব খোজাত এই হৰদত আৰু বীৰদতৰ কাহিনী আমি বুৰঞ্জীমতে “দন্দুৱা দ্ৰোহ” নাম দি ৰাইজৰ আগলৈ উলিয়ালোঁ৷

বুৰঞ্জীমতে হৰদত্তৰ বিদ্ৰোহ আৰম্ভ হয় ইংৰাজী ১৭৮৮ সনত আৰু দমন হয় ১৭৯৬ সনত৷ এই আঠ বছৰ কাল হৰদত্ত বৰফুকনক যুঁজত ঘটুৱাই ব্যতিব্যস্ত কৰি তুলিছিল; আৰু উত্তৰ কামৰূপত নিজেই এক প্ৰকাৰ ৰজা হৈ ৰাজত্ব কৰিছিল৷ আমাৰ বন্ধুবৰ শ্ৰীযুত লক্ষ্মীনাথ বেজবৰুৰা ডাঙ্গৰীয়াই আগেয়ে পদ্মকুমাৰী নাম দি এই বিষয়ৰ এখান উপন্যাস ছপাই থৈছে৷ সেই উপন্যাস শুৱলাও হৈছে৷ কিন্তু তাত আমি হৰদত বীৰদতৰ বিষয়ে বুৰঞ্জী মতে যি জানো আৰু কামৰূপীয়া মানুহৰ মুখে মুখে যেনেকৈ শুনিছো সেই উপন্যাসত সেইদৰে নাই৷ সেই দেখি আমিও হৰদত বীৰদতৰ দ্ৰোহটো উপন্যাস আকাৰে লেখি ৰাইজৰ আগত আগবঢ়াই দিলো।

                                                  ####

                                                প্ৰথম অধ্যায়

 ১৭১০ শক—খৃষ্টীয় ১৭৮৮ চন৷ অসমৰ ৰাজসিংহাসনত ৺গৌৰীনাথ সিংহ ৰজা৷ বুঢ়াগোঁহাই মহামতি ৺ঘনশ্যাম৷ বৰবৰুৱা বা চকটীয়া লাহন৷ বৰগোঁহাই গঙ্গাৰাম৷ বৰপাত্ৰ গোঁহাই অনি৷ গুৱাহাটীৰ বৰফুকন বদনচন্দ্ৰ৷ কামৰূপৰ চাঁদকুচিত বুজৰ বৰুৱা বক্তমল, বৰনগৰত বুজৰ বৰুৱা চণ্ডী৷ এই উপন্যাসৰ প্ৰধান পুৰুষ হৰদত্ত জিকেৰিৰ চৌধাৰী৷ বীৰদত্ত তেওঁৰ একমাত্ৰ সহােদৰ৷ উত্তৰ কামৰূপত এই কেইজন বিষয়াত বাজেও কমাৰকুচীয়া, চমাৰকুচীয়া, বতাহগিলীয়া, নামবৰভগীয়া, বাঁহঝনীয়া, বৰিগােগীয়া, পাণ্ডুৰীয়া, বজলীয়া, ক্ষেত্ৰীয়া, ভৱানীপুৰীয়া, সৰ্থেবাৰীয়া, চেঙ্গৈয়া ইত্যাদি কেৱে বৰুৱা কেৱে চৌধাৰী আছিল৷ দক্ষিণ কামৰূপত বেলতলীয়া, ৰাণীয়া, ছয়গঞা, বগাইয়া, লুকীয়া, পানতনীয়া, ডুমৰীয়া, ইত্যাদি ৰজা আছিল৷  আহােম ৰজাসকলে কছাৰী, চুতীয়া, ভুঞা এই সকলক জয় কৰি অসম ৰাজ্য লােৱাৰ পিছত দূৰৰ সকলাে ঠাইতে ৰজাৰ প্ৰতিনিধি স্বৰূপে একোজন আহােম বিষয়া ৰাখিছিল৷ শদিয়াত শদিয়াখােৱা গোঁহাই নাম দি এজনক, গােলাঘাটৰ মৰঙ্গিত মৰঙ্গিখােৱা গোঁহাই নাম দি এজনক ৰাখিছিল৷ সেইদৰে অসমৰ ভাটী অঞ্চল চলাবলৈ গুৱাহাটীত বৰফুকন নামেৰে এজন বিষয়া থৈছিল৷ এই বৰফুকনেই কামৰূপ ৰাজ্য শাসন কৰিছিল৷

বৰফুকনৰ তলত উত্তৰ পাৰে নলবাৰীৰ চাঁদকুচিত, চাঁদকুচীয়া বুজৰ বৰুৱা আৰু বৰপেটাৰ বৰনগৰত চণ্ডী বুজৰ বৰুৱা ( মানে কটা বৰুৱা) আছিল৷ এই দুয়ােজনাই কামৰূপীয়া মানুহ৷ চণ্ডী বুজৰ বৰুৱা কায়স্থ আৰু চাঁদকুচীয়া বুজৰ বৰুৱা কলিতা আছিল৷ যদিও ৰাজ-কাৰ্যত বৰফুকনৰ অধীন, তথাপি তেওঁলােকক ৰজাইহে ভঙা-পতা কৰিব পাৰিছিল৷ এই দুজনাৰ তলত ঠায়ে ঠায়ে বৰুৱা সকল আছিল৷ এই বৰুৱা সকলক বৰফুকনেই ভাঙ্গিব পাতিব পাৰিছিল৷ বৰুৱা সকলৰ তলত আঠ দহজনকৈ চৌধাৰী আছিল৷ এই চৌধাৰী সকলক বুজৰ বৰুৱায়ে ভাঙ্গিব পাতিব পাৰিছিল৷

দক্ষিণ পাৰে যি সকল দাতিঅলীয়া ৰজা আছিল, এওঁলোকে বৰফুকনক মানিব লগা থাকিলেও এওঁলোকৰ ওপৰত বৰফুকনৰ বিশেষ একতিয়াৰ একো নাছিল৷ তেওঁলোকে আহােম ৰজালৈ নিজে নিজে অলপ অচৰপ কৰ-কাটল পঠাইছিল৷ যুজ-বিগ্ৰহত আহোম ৰজা আৰু বৰফুকনক সহায় কৰিবলৈ বাধ্য আছিল৷

দ্বিতীয় অধ্যায়

পুৰণি গুৱাহাটী

আমি যি সময়ৰ কথা লেখিবলৈ ওলাইছো সেই সময়ত গুৱাহাটী নগৰ আজি কালিৰ দৰে নাছিল৷ ব্ৰহ্মপুত্ৰৰ পাৰটো প্ৰায় হাবিৰেই পৰিপূৰ্ণ আছিল৷ নৈৰ পাৰত ঠায়ে ঠায়ে কেবল নদীয়াল সকলৰহে বাস আছিল৷ বৰ্ত্তমান কালত নইৰ পাৰত ইউৰোপীয়ান সকলৰ সুন্দৰ সুন্দৰ বঙলা বিলাক জিলিকিছে৷ নইৰ পাৰত গুদাম, কাৰখানা, ৰেলৰ ষ্টেছন হৈছে৷

বৰফুকনৰ টোল বৰ্ত্তমানৰ পানবজাৰত আছিল৷ তেওৰ লগত অহা আহোম আৰু হিন্দু বিষয়া সকলৰ ঘৰ, পান বজাৰ, উজান বজাৰ, ভৰলুমুখ, টকৌবাৰি ইত্যাদি ঠাইত আছিল৷ তেতিয়া আজি কালিৰ দৰে পকি দালান নাছিল৷ গুৱাহাটীৰ ভিতৰত থকা মঠ মন্দিৰ বিলাকত বাজে সকলোৰে ঘৰ বিলাক খেৰৰ আছিল৷ আলি পদুলিও ইমান নাছিল৷ বৰ্ত্তমান উজান বজাৰৰ পথাৰৰে পৰা ভৰলুমুখলৈকে এই ঠাই ডোখৰ, যত আজি কালি বৰকছাৰি, গিৰ্জ্জা, স্কুলঘৰ আছে এই সমস্ত মুকলি আছিল৷ গুৱাহাটী নগৰৰ উত্তৰে ব্ৰহ্মপুত্ৰ৷ এই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে তিনি খেল অহমীয়া হিন্দু বিষয়াৰ বসতি আছিল৷ ৰুদ্ৰেশ্বৰ আৰু ৰংমহলতো আহোম আৰু অহমীয়া হিন্দুৰ বসতি আছিল৷ গুৱাহাটী নগৰৰ চাৰি দিশে চাৰিখান চকি আছিল৷ পুবে জয়দুৱাৰৰ চকি – বৰ্ত্তমানে মাটিত থকা সেই ৰাইফল ৰেঞ্জৰ গড়েই চকিৰ গড়৷ পশ্চিমে পাঁডুৰ চকি—যত আজিকালি কামাখ্যা ষ্টেছন হৈছে৷ উত্তৰে চিলাৰ চকি অৰ্থাৎ মোমাই-কটা গড় আৰু চিলা পাহাড়ৰ সঙ্গমস্থল৷ দক্ষিণে বেলতলাৰ চকি৷ এই চকি বিলাকত অলপ সৈন্য সামন্তেৰে সৈতে একোজন আহোম চকীয়াল আছিল৷ এই চাৰি চকি ৰখাৰ উদ্দেশ্য আছিল যাতে গুৱাহাটী নগৰ হঠাতে বাহিৰৰ কোনো শত্ৰুৱে আক্ৰমণ কৰিব নোৱাৰে৷ ৺বদনচন্দ্ৰ বৰফুকন হবৰ দিনৰে পৰা নিয়ম কৰিছিল যে গধূলি হলেই কোনো কামৰূপীয়া বা বিদেশী মানুহ নগৰৰ ভিতৰত থাকিব নোৱাৰে৷ ৰাজকাৰ্য্যত নগৰলৈ আহিলেও গধূলি হোৱাৰ আগেয়ে চাৰি চকিৰ বাহিৰ হৈ যাব লাগিব৷ ইয়াৰ কাৰণ আছিল এয়ে, যে বৰফুকনে নিজৰ আহোম আৰু অহমীয়া বিষয়া কেইজনত বাজে কামৰূপীয়া বা আন কোনো মানুহক বিশ্বাস নকৰিছিল৷ তেওঁ কামৰূপীয়া মানুহক ঘিণ কৰিছিল; আৰু সদায় লঘু-লাঞ্ছনা কৰাতো ত্ৰুটি নকৰিছিল৷ ইয়াৰ কাৰণ, তেওঁ নিজে দোষী আছিল৷ কামৰূপীয়া মানুহক তেওঁ সদায় লুটি-পুটি খাইছিল৷ কামৰূপীয়া মানুহেও যে মাজে সময়ে গুপুততে মানুহ পঠাই ৰজাঘৰত তেওঁৰ অন্যায় অত্যাচাৰৰ সংবাদ দিছিল, এই কথা তেওঁ জানিছিল৷ এই বিলাক কাৰণতে বিশেষকৈ বক্তমল বুজৰ বৰুৱা হবৰ দিনৰে পৰা তেওঁ কামৰূপীয়া মানুহৰ ওপৰত বেছিকৈ অন্যায় উৎপীড়ন কৰিছিল৷

  • ••••••••

তৃতীয় অধ্যায়

গুৱাহাটী নগৰত

আজি বহাগৰ ছয়বিহু৷ কামৰূপৰ দুয়োজন বুজৰ বৰুৱা, আৰু চৌধুৰী সকল ভাৰে ভেটীয়ে আহি বৰফুকনত কৰ সোধাইছে৷ একো একোজন বুজৰ বৰুৱাৰ তলত, আঠ দহ জনকৈ বৰুৱা৷ প্ৰত্যেকজন বৰুৱায়ে প্ৰায় এশ ছকুৰি খানকৈ ভাৰ অনাইছে৷ বৰুৱা সকলৰ লগত চৌধুৰী সকল, আৰু তেওঁলোকৰ লগত পিচদিনা সাতবিহুৰ ৰং ধেমালি চাবলৈ অনেক লৰা তিৰোতা আৰু ছোৱালীও আহিছে৷ বৰুৱা সকলে বৰফুকনৰ আগত ভাৰ থলে, ৰূপ-বান থলে৷ বুজৰ বৰুৱা দুজনে সাচিপাতৰ হিচাপ্‌ উলিয়াই বৰফুকনক কৰ-কাটল বুজাই দিলে৷ বৰফুকনে মাজে সময়ে সেই হিচাপত খুত ধৰি বৰুৱা সকলক “কটা ঢেকেৰি” বুলি আপ্যায়িত কৰিলে৷ দুই এজনক চকু পকাই তাতোকৈ প্ৰীতিসূচক বাক্যেৰ সম্ভাষণ কৰিলে৷ হৃদয়ত যাতনা অনুভব হলেও বৰুৱা সকলে কোনো উত্তৰ দিব নোৱাৰিলে৷ সমস্ত হিচাপ-কিতাপ দাখিল কৰি বৰুৱা সকল, বুজৰ বৰুৱা দুজনে সৈতে গধুলি হলত বৰফুকনত বিদায় মাগিলে৷ বৰফুকনে কলেঃ— হেৰ ঢেকেৰিহঁত! কাইলৈ তহঁত এটাইবিলাকেই মোৰ সাতবিহুৰ উৎসৱ চাবলৈ আহিবি৷ যেয়ে গপ কৰি নাহে তাৰে দণ্ড হ’ব ধুৰুপ জানিবি”৷ বৰুৱা সকলে “ভাল দেউতা ঈশ্বৰ! অহা হব” বুলি শলাগি গল৷ নিশা সকলোটা গই পাডুৰ বাহৰত ৰল৷

আজি বহাগৰ সাত বিহু৷ বতৰ সুন্দৰ ফৰকাল! কতো এফেৰাও মেঘৰ চিন নাই৷ বসন্তকাল এতিয়াও সম্পূৰ্ণে আছে৷ সংসাৰ জুৰি আজি আনন্দ৷ সমস্ত তৰু লতা ফুলিছে৷ ফুলৰ গোন্ধত বতাহ আনন্দিত হৈছে৷ পশু পক্ষীসকলে নানা ৰাৱ কাঢ়িছে৷ বিৰহী কুলিয়ে ৰই ৰই গছৰ আগত পৰি কু-উ, কু-উ কৰিছে৷ দুটা এটা লৰাই সেই কুলিক যেতেক চিঞাঁৰিছে কুলিটোৰ মাতো সেই অনুক্ৰমে বেছিহে হৈছে৷

উজনি আহোম ৰজাৰ আৰ্হিৰেই আজি আমাৰ নামনিৰ বৰফুকনেও সাতবিহুৰ উৎসৱ পাতিছে৷ এটা মুকলি ঘৰৰ তলত এখান ওখ চালপিৰাত, বনাত কেপ্‌ কৰা কিংখাপৰ গালিচা পাৰি তাৰ ওপৰত বৰফুকনে সোণোৱালী গাৰু এটাত আওজি দীঘল সোণাৰ নলৰে সৈতে গুৰগুৰি, ৰুপৰ শৰাইত তামোল পান, পিক পেলাবলৈ পিক দান লই বহিছে৷ তেওঁৰ দুয়ো কাষে আহোম আৰু অসমীয়া বিষয়াসকলক বহুৱাইছে৷ কামৰূপীয়া বুজৰবৰুৱা দুজনকো তেওঁৰ অহমীয়া বিষয়াসকলৰ লগত বহুৱাইছে৷ কিন্তু কামৰূপীয়া বৰুৱা চৌধাৰী সকলক বেলেগে হীনভাবে বহুৱাইছে৷ চাৰিওফালে অসংখ্য মানুহ৷ আহোমনী আৰু অহমিয়ানী তিৰোতাসকলকো সুন্দৰকৈ ভাৰ-বেৰ দি বহুৱাইছে৷ কিন্তু কামৰূপীয়া লৰা তিৰোতা ছোৱালী আৰু আন ইতৰ মানুহৰ নিমিত্তে কোনো বন্দোৱস্ত নাই৷ সেই সকলে পচিমফালে বাঁহৰ বাহিৰত থিয় দি দি আছে৷ নহা হলেও বৰুৱা চৌধাৰীসকলৰ ওপৰত জগৰ লাগিহেতেন আৰু এতিয়া অহাতো এই লাঞ্ছনা৷ আমোদ প্ৰমোদৰ ভিতৰত বিহু নাচ, শেন মেলি ৰং চোৱা, মহযুঁজ, মুৰগীৰ যুঁজ, ঘোড়া দৌড়, হাতী দোঁড় ইত্যাদি৷ কামৰূপত কামৰূপীয়াৰো ঢেৰ অপৰ বিধৰ আমোদ প্ৰমোদ আছিল, যেনে ঢুলিয়াৰ নাচ, ওজা পালিৰ পদ গোৱা, কচাৰীহঁতৰ মাদোল নাচ ইত্যাদি৷ আগেয়ে সাতবিহুত আগৰ বৰফুকনসকলে এইবিলাক আমোদো কৰাইছিল; কিন্তু বদন বৰফুকন হবৰে পৰা কামৰূপীয়াৰ আমোদ প্ৰমোদ সমস্তকে উঠাই দি কেবল নিজৰ উজনিৰ যি আমোদ প্ৰমোদ তাকেহে কৰাইছিল৷

বৰফুকণৰ আগত প্ৰথমেই বিহু নাচ হল৷ নাচনী আহোমনী ছোৱালী আৰু দুই এযোৰা নদীয়ালনী৷ বৰফুকন আৰু অহমীয়া সকলে বৰ আমোদ লভিলে৷ কামৰূপীয়াসকলে লাজত তললৈ মূৰ কৰিলে৷ বৰফুকন আৰু অহমীয়া বিষয়াসকলে নাচনীসকলক শলাগি বটা দিলে৷ ইয়াৰ৷ পিছত শেনমেলি ৰং চোৱা হল৷ যি কেজন শেনচোৱাৰ শেনে কনোৱা মাৰিব পাৰিলে সেই কেজনে বটা পালে৷ যাৰ শেনে কনোৱা মাৰিব নোৱাৰিলে সেই সকলক পাঁচোটা পাঁচোটা চমটাৰ কোব মৰালে৷ মহযুজো হল৷ দুটা গলধন ধৰা মহে লেল্‌পেল্‌কৈ যুজি এটা মৰিল; এটা ঘুণীয়া হল৷ ঘোড়াৰ দৌড়ো সুকলমে হল৷

সৰ্বশেহত হাতী দৌড়ৰ পাল পৰিল৷ তিনটা হাতী আনিলে৷ এটা হাতীৰ ওপৰত মাউত বাজেও বৰফুকনৰ প্ৰথম পুত্ৰজন উঠিছিল৷ আনটোৰ ওপৰত তেওঁৰ দ্বিতীয় পুত্ৰ উঠিছিল৷ তৃতীয়টোত আন এজনা আহোম বিষয়া উঠিছিল৷ তিনিওটা হাতীকে ভাঙ খুৱাই বলীয়া কৰিলেই উঠানি কৰাই মেলাই দিলে৷ হাতী পূব পিনৰ পৰা পঁচিম ফাললৈ অৰ্থাৎ যি পিনে কামৰূপীয়া প্ৰজা আছিল সেই ফাললৈ মেলালে৷ বাঁহৰ গড় পাওঁ পাওঁ হওঁতেই বিষয়াজন উঠা হাতীটো থমোৱালে; কিন্তু বৰফুকনৰ পুত্ৰদ্বয়ে বাঁহৰ হেঙাৰ ভঙাই হাতী চলোৱালে৷ কামৰূপীয়া লৰা তিৰোতাৰ মাজত গৈ হাতী সোমাল৷ কামৰূপীয়া প্ৰজা ফৰিং ওফৰাদি যি সকলে পাৰিলে পলাল; যি সকলে নোৱাৰিলে হাতীৰ খুন্দাত কেৱে আহত, কেৱে মৃত হল৷ প্ৰায় দহ বাৰটা লৰা ছোৱালী মৰিল৷ দহ বাৰজনীমান তিৰোতা ঘাইল হল৷ বৰফুকনৰ পুত্ৰদ্বয়ে অনুতাপ কৰক চাৰি খেল খেলকৈ হাঁহিব ধৰিলে৷ কামৰূপীয়া সকলৰ মুৰত বজ্ৰ পৰাদি পৰিল৷ সকলোৱে হাঁয় হাঁয় কৰিব ধৰিলে৷ বৰুৱা চৌধাৰী সকলে হাতী থমোৱাবলৈ বৰফুকনক বৰকৈ কাবৌ-কোঁকালি কৰি চিঞৰিৱ ধৰিলে৷ বৰফুকনে যদিও দহ বাৰজন চাওদাঙ দৌড়াই পঠালে তথাপি তেওঁৰ পুত্ৰদ্বয়ে পৈশাচিক কাণ্ডটো কৰি এটাইহে হাতী ওলটাই আনিলে৷ কামৰূপীয়া প্ৰজাৰ ভিতৰত আৰ্ত্তৰাৱ উঠিল৷ আহত হৈ মৰা লৰা ছোৱালী বিলাকৰ ইষ্ট কুটুম্বে বৰফুকনৰ আগত প্ৰতিকাৰৰ অৰ্থে আঠু লই জনালে যে ইয়াৰ যি হয় বিহিত কৰিব লাগে৷ আন হলেও, যি সকলৰ লৰাছোৱালী হত হৈছে সেই সকলৰ কৰ কাটলকে মাফ দিব লাগে৷ বৰফুকনে প্ৰজা সকলৰ কোনো কথালৈকে কাণ নাপাতি হুকুম দিলে যে মৰা শ কেইটা অঁতৰাই নিব লাগে৷ কামৰূপীয়া মানুহক তেওঁ কোনো প্ৰতিকাৰ দিব নোৱাঁৰে, কিয়নো দোষ সিহঁতৰেই৷ সিহঁত কেলেই মেলোৱা হাতীৰ আগত আছিল৷ বৰফুকনৰ এনেখন বিচাৰত কামৰূপীয়া অনেক বৰুৱা চৌধাৰীৰ খঙত চকু ৰঙা হৈ উঠিল৷ হৰদত চৌধাৰীয়ে একো একোবাৰ মৰোঁ জীওঁ সোঁ আধিকৈ গৰ্জ্জি উঠিব বিচাৰিছিল; কিন্তু কাষৰ বুঢ়া ভগীয়া দুজনমানে তেওঁক কোনোমতে থমাই ৰাখিছিল৷ এনেতে মাউতে হাতী দুটা বৰফুকন আগলৈ আনিলে৷ বৰফুকনে দেখিলে হাতী দুয়োটাৰ শুঁড় ঘা লাগি তেজেৰে ৰাঙ্গলী হৈছে৷ ঘাৰ পৰা বৰফুকনে অনুমান কৰিলে যে বাঁহৰ হেঙাৰ ভাঙোতে খোচ খালে৷ মাউত কলেঃ– দেউতা ঈশ্বৰ, এটা কামৰূপীয়া বৰ বাহুবলী ঢেকেৰিয়ে দীঘল বাঁহ এডাল টানি লৈ হাতী দুয়োটাকে কপালত খোচাত হে হাতী থামিছে; নহলে হাতীয়ে আজি আৰু মানুহ মাৰিলেহেতেন”৷ বৰফুকনে এই কথা শুনি খঙেৰে কলে:—কি! কামৰূপীয়া ঢেকেৰিৰ ইমান সাহ! সেইটো কোন ঢেকেৰিয়ে মোৰ হাতীৰ কপালত খুঁচিবলৈ সাহ কৰিলে৷ তাক ধৰি মোৰ আগলৈ আনিব লাগে৷ আহোম চাওডাঙ বিলাকে পিনাপিনি দি সেইজনক বিচাৰিলে; কিন্তু নাপালে, শৱ কঢ়িওৱা মানুহৰ লগতে এই অচিনাকি বীৰ জনে নগৰ এৰি পাঁড়ুৰ চাকি পাৰ হৈ গইছিল৷

বৰফুকনৰ সভা ভাঙিল৷ কামৰূপীয়া বৰুৱা চৌধাৰী সকলে এনেকুৱা মহৎ অন্যায়ৰো সুবিচাৰ নোহোৱা দেখি মনৰ দুখে, খঙে বেজাৰে পাড়ুঁৰ বাহৰলৈ আহিল৷

চতুৰ্থ অধ্যায়

পাঁড়ুৰ বাহৰ

এই অসম যে অকল সুসভ্য আছিল এনে নহয়, অসম স্বৰ্গ পুৰীও আছিল৷ আৰ্য্যৰ এটা শাখা অসমৰ পূব উত্তৰ কোণেদি মধ্য আচিয়াৰ পৰা আহিছিল৷ অসমৰ অন্তৰ্গত কাছাৰ হিড়িম্বৰ দেশ আছিল, —যি হিড়িম্বৰ ৰাজ কন্যাক ভীমে বিবাহ কৰাইছিল৷ এতিয়াও অসমৰ আৰু কাছাড় দেশৰ কছাৰী সকলে নিজক ভীমৰ বংশ বুলি কয়৷ মনিপুৰীয়া সকলে নিজক অৰ্জ্জুনৰ বংশ বুলি কয়৷ পাণ্ডবসকলে মহাপ্ৰস্থান এই অসম স্বৰ্গপুৰীয়ে দিয়েই কৰা অনুমান হয়৷ কামাখ্যা মাতৃৰ পাহাড়ৰ পচিমৰ নামনি ঠাইতে পাণ্ডুনাথ মহাদেৱৰ মন্দিৰ৷ প্ৰবাদ আছে যে পাণ্ডব সকলে মহাপ্ৰস্থানৰ সময়ত এই স্বৰ্গপুৰলৈ আহি পাণ্ডুনাথ বোলা ঠাই ডোখৰত জিৰাই সতাই ব্ৰহ্মপুত্ৰ পাৰ হৈ উত্তৰ কামৰূপেদি ভোটান পাহাড়ৰ মাজেদি হিমালয়লৈ যাত্ৰা কৰিছিল৷ পাণ্ডুনাথৰ মন্দিৰ থকা ঠাই ডোখৰ অতি মনোৰম৷ সমুখত গাতে ব্ৰহ্মপুত্ৰ৷ পূবে কামাখ্যাৰ পাহাড়, পশ্চিমে দক্ষিণে মুকলি৷ নইৰ পাৰত শিলৰ ওপৰত বহি একমনে একধানে ব্ৰহ্মপুত্ৰলৈ চাই থাকা— কত যে ভাব খেলিব৷

পাঠক! আপোনাসকলৰ অনেকেই ৰেলেৰে কামাখ্য মাতৃৰ পাহাড়ৰ কাষেদি অহা যোৱা কৰিছে, কিন্তু হয়তো আপোনাসকলৰ অনেকেই নাজানে পাণ্ডুৰ চকিনো ক’ত আছিল; পাঠক! মনত কৰক, এতিয়াও পশ্চিমৰ ফাললৈ গলে সোঁহাতে ভুবনেশ্বৰী আৰু কামাক্ষ্যালৈ যোৱা খটখটি৷ ৰেল আলিৰ বাওঁহাতে সেই খিনিতেই এডোখৰ গড়ৰ দৰে ওখ ঠাই আছে৷ ইফালে পাহাড় আৰু সিফালে গড় এই দুই ঠাইৰ মাজ ডোখৰেই আহোম সকলৰ পাণ্ডুৰ চকি আছিল৷ এই ওখ ঠাই ডোখৰতেই আহোম চকীয়ালৰ ঘৰ-দুৱাৰ আছিল৷ গড়ৰ দুয়ো পাৰদ পিতনি৷

এই গড় পাৰ হৈ নীলাচল বা কামাখ্যা পাহাড়ৰ দাতিয়ে দাতিয়ে উত্তৰ মুখে প্ৰায় এমাইলমান গই থাকিলেই সন্মুখে ব্ৰহ্মপুত্ৰৰ পাৰত সোঁহাতে কামাখ্যা পাহাড়ৰ নামনিতে পাণ্ডুনাথৰ মন্দিৰ পাব৷ কামৰূপীয়াসকলে সেই কালত এই মন্দিৰৰ কাষতেই নইৰ পাৰত নিজ নিজ বাহৰ একোডোখৰ সাজি ৰাখিছিল৷ আৰু এই পাণ্ডুনাথৰ ঘটেদিয়েই পাৰ হৈ কেৱে চিলাৰ চকিৰে, কেৱে চেচামুখেৰে নিজ নিজ ঠাইৰ পৰা গুৱাহাটীলৈ অহা-যোৱা কৰিছিল৷ কামৰূপৰ বৰুৱা চোধাৰী সকলে এই বাহৰৰ কাষতে নিজ নিজ নাও ৰাখিছিল৷

দিনত গুৱাহাটী নগৰত এই ঘটনা হোৱাৰ পিছত গধূলি নৌ হওঁতেই কামৰূপীয়া চৌধাৰী বৰুৱা সকলোটিয়েই বুজৰ বৰুৱা দুজনক আগত লই এই পাণ্ডুৰ বাহৰলৈকে আহিল৷ সেই বাহৰলৈকে আহত হোৱা সকলোকে নিছিল৷ মৃত দেহ বাৰটা চকি পাৰ হৈ কামাখ্যাৰ দাতিৰ নামনিত আগেয়ে পুতি ছিল৷ গধূলি কামৰূপীয়া সকলো জনেই ভাত-পানী একো নাখাই চকুলো টুকি টুকি হা হুমুনিয়াহ কাঢ়ি পৰি থাকিল৷ পিছদিনা সকলোৱে ঘৰাঘৰি যোৱাৰ আগেয়ে খাই বই উঠি আলচ যুকুতি কৰিছিল।

#######

                                                পঞ্চম অধ্যায়

কামৰূপীয়া বৰুৱা চৌধাৰী সকলৰ আলচ যুকুতিৰ বিষয়ে উল্লেখ কৰাৰ আগেয়ে কামৰূপীয়া মানুহেনো কি বাবে নিশা গুৱাহাটী নগৰৰ ভিতৰত থাকিব নােৱাৰিছিল তাৰ বিষয় কওঁ। আমি সাজি নকওঁ। তাহানিখন চব্‌ডিপুটি কালেকটৰি কাম কৰোঁতে ৰঙ্গিয়া চাৰকলৰ মণ্ডল এজনৰ হাতত এখন সাচিপাতত লেখি থোৱা বুৰঞ্জী পাইছিলো। সেই বুৰঞ্জীখানত আছিল যে কামৰূপীয়া প্ৰজাক বৰফুকনে বৰ উপদ্ৰব কৰি পাৰেমানে ধন-সোণ খাইছিল। বৰফুকনে যে খাইছিলেই, বৰফুকনৰ তলতীয়া বিষয়া সকলেও, অহমীয়া সকলেও, কামৰূপীয়া প্ৰজাক পাৰেমানে লুটি-পুটি খাইছিল। আন কি, কামৰূপীয়া মানুহে এঠাইৰ পৰা আন ঠাইলৈ কোনো বস্তু এটা ভাৰ, বা টোপোলা নিলেও বাটত বৰফুকনৰ টেকেলাই পালে সেই বস্তু কাঢ়ি নিছিল। বৰফুকনৰ ভাৰভেটী খোৱাৰ কোব ইমান চৰিছিল, যে প্ৰজাই বেঙেনা, কেৰালা,লাও কোমোৰা, কচু, ঢেকীয়া পৰ্যন্ত আনি দিলেও বৰফুকনে গ্ৰহন কৰিছিল। ধন-সোনৰ তো কথাই নাই। কামৰূপীয়া গৰখীয়া লৰাৰ মুখত এনেকুৱা গীত আছিল।

লৰাহঁত ! লৰাহঁত !

বাপেৰ শয়েকীয়া হল ;

বেঙেনা এযুকি, কেৰেলা এজুকি

ফুকন  ভেটিবলৈ গল।

     বৰফুকনে এই দৰে ভেটী খোয়া দেখিয়েই কামৰূপীয়া চৌধাৰী সকলে পাটোৱাৰী পাতোঁতে, বৰুৱা সকলে চৌধাৰী পাতোঁতে ধন-সোণ ভাৰ ভেটী খাই হে সেই বাব বিলাকত মানুহ নিযুক্ত কৰিছিল। সেই ধন-সোণৰ এভাগ বৰফুকন আৰু তেওঁৰ বিষয়া সকলেও পাইছিল। ৰজাঘৰীয়া কৰ অতি সামান্য আছিল। কিন্তু ভাৰ-ভেটীৰ কোব ইমান প্ৰৱল আছিল যে ৰাইজে কৰৰ দহগুণ বেচি ভাৰ-ভেটী দিব লগাত পৰি সদাই বিৰক্ত আৰু অসন্তুষ্ট হৈ উঠিছিল।

       বৰফুকনৰ কামৰূপীয়া প্ৰজাৰ ওপৰত বিশেষ অত্যাচাৰৰ কাৰণ হৈছিল যে তেওঁ কৰা উপদ্ৰব বিলাকৰ বাতৰি কামৰূপীয়া মানুহে তলে তলে ৰজা ঘৰলৈ মানুহ পঠিয়াই জনাই আছিল। বৰফুকনক বুঢ়াগোঁহায়ে প্ৰজাক পীড়ন নকৰিবলৈ মাজে মাজে উপদেশ দিছিল। কিন্তু এনেকুৱা উপদেশে হিতে বিপৰীতহে কৰিছিল।

৺বক্তমল বুজৰ বৰুৱাৰ পিতৃ বুজৰ বৰুৱাৰ মৃত্যুৰ বছেৰেকমান আগৰে পৰা শৰীৰ অসুস্থ আছিল। তেওঁ জানিছিল যে তেওঁৰ অভাল-ভালে বৰফুকনে সৰহকৈ ধনবিত খাই আনকহে বুজৰ বৰুৱা পতাব। এই কথা জানি তেওঁ দিনমণি পাটোৱাৰী নামে এজন বুদ্ধিমান, আৰু চাৰতীয়াল মানুহ লগত দি বক্তমলক ৰংপুৰলৈ পঠাই দিছিল। বক্তমলে দীনমণি পাটোৱাৰীয়ে সৈতে ৰংপুৰলৈ আহি ৰজা, বুঢ়াগোঁহাই, বৰপাত্ৰগোঁহাই, বৰবৰুৱা ইত্যাদি সকলক মাজে মাজে সেৱা শুশ্ৰূষা কৰি ছমাহ কাল কটাইছিল। এনেতে খবৰ পালে যে তেওঁৰ পিতৃ বৈকুণ্ঠি হল। বাতৰি পাই ডেকা বৰুৱাই ৰংপুৰতে পিতৃৰ মাহেকীয়া অশৌচ খাটি ক্ৰিয়া কৰ্ম্ম কৰি উঠিল মাথোন, এনেতে আকৌ খবৰ পালে যে বৰফুকন ডাঙৰীয়াই তেওঁৰ পিতৃৰ বিষয়খান আন এঘৰ বৰুৱাৰ লৰাকহে সৰহকৈ ধন-সোণ খাই দিবলৈ লেখিচে। এই বাতৰি পাই ডেকা বৰুৱা ম্ৰিয়মান হল। মনটো আমন্‌জিমন্‌ কৰি ভাত পানী একোকে নোখোৱা হল। দিনমণি পটোৱাৰীয়ে কাৰণ সুধিলে। তেওঁ নকয়। শেহত এৰাব নোৱাৰি কলে “কাকা ! কলে কি হব, চিৰকলীয়া বিষয়খান গ’ল। বৰফুকনে ধন-সোণ খাই অমুক বৰুৱাক বুজৰ বৰুৱালী বিষয়খান দিবলৈ লেখিছে।”

দিনমণি—“ৰজাই কিবা আদেশ কৰিলে নে?”

বক্তমল—“এতিয়াও ৰজাই কোনো আজ্ঞা কৰা নাই। আৰু ছয় সাত দিনৰ ভিতৰতে হেনো কৰিব।”

দিনমণি—“বাপা ! তই এই কথাৰ নিমিত্তেহে ভাত পানী নোখোৱা হৈছ? একো ভয় নাই। মই দিনমণি জীয়াই থাকোঁতে তোৰ বিষয়খান কোনে নিয়ে মই চাম। তই উঠ, ভাত খাই মহাসুখে শুই থাক গৈ !”

দিনমণিৰ এই আশ্বাসত ডেকা বৰুৱাই ভাত-পানী খাই শুলে। দিনমণিয়ে ভাবিব ধৰিলে ৰজাৰনো বেচি লগা ভগা কোন! তেওঁ দকৈ ভাবি-চিন্তি পালে যে বৰুবৰুৱা বা বৰবৰুৱানীয়েহে ৰজাক ভিতৰি কোনো কথা শুনাব পাৰে কিয়নো বৰ-বৰুৱানী ৰজাৰ নিজা ভণীয়েক। দিনমণিয়ে নিশাৰ ভিতৰতে তেওঁৰ কিংকৰ্ত্তব্য স্থিৰ কৰি ললে।

       পুৱা শুই উঠি ডেকা বৰুৱাই পূৰ্ব্বাপৰ নিয়ম মতে স্নান অহাৰ কৰিলে। বেলি অলপ ভাটী দিয়াত দিনমণিয়ে ডেকা বৰুৱাক কলে—“বাপা ! মোক ৰূপ দুশ পচিশ টকা দে।”

ডেকা বৰুৱাই শুধিলে:—“কাকা তই নো ইমান ৰূপেদি কি কৰিবি ?

দিনমণি —“বাপা তই মোক এতিয়া একো নুসুধিবি। মই এই ৰূপেৰে তোক তোৰ পিতৃলীয়া বিষয়খান ইয়াতে কিনি দিম। বৰফুকনে হাজাৰ বাৰ শৰ কমে নকৰে। মই কিন্তু দিনমণিয়ে এই দুশ পচিশ টাকাৰে সেই কাম সাধিম।”

ডেকা বৰুৱাই দিনমণিৰ কথা শুনি তৎক্ষণাৎ পেৰাৰ পৰা দুশ পচিশটা চিকা ৰূপ উলিয়াই দিলে। দিনমণিয়ে সেই ৰূপ লই বিদায় হল। ডেকা বৰুৱাই সেই দিনৰ দিনটোৱে উৎকণ্ঠীত হৈ ৰল।

দিনমনিয়ে ৰূপ লই পোনেই বৰবৰুৱাৰ হাউলি পালেগৈ। হাউলিৰ দুৱাৰ মুখতে এটা চকিদাৰ থিয়। সি মাত লগালে :—“কোন তই, কলৈ আহিছ।”

দিনমুণিয়ে হাতযোৰ কৰি কলে :—“দেউতা ! মই কামৰূপৰ ঢেকেৰি মানুহ। মই দেউতাৰ ওচৰলৈকে আহিছো।”

 চকিদাৰ :— “কেলেই মোৰ ওচৰলৈ আহিছ।”

চকিদাৰে এই কথা সোধাত দিনমণিয়ে তেওঁৰ জোলোঙাৰ পৰা ৰূপ পাঁচ টকা উলিয়াই চকিদাৰৰ আগত থই কলে:—“দেউতা ! মই আই মাতৃৰ ঘাই লিগিৰী জনীক লগ পাব খোজো। মোক যদি লগ ধৰাই দিয়ে তেন্তে উলটিবৰ পৰত মই আৰু আৰু পাঁচ টকা দি দেউতাক সেৱা জনাম।”

চকিদাৰজনে চিকা ৰূপ পাঁচ টকা পাই আৰু তাকোঁ পাঁচ টকা পাবৰ আশা দেখি দিন মণিক আস্ত-আদৰ কৰি বাটঘৰতে বহুৱাই থই লৰি ভিতৰলৈ গল আৰু ততালিকে বৰ-বৰুৱানীৰ ঘাই লিগিৰী ৰংদৈক মাতি আনি দিনমণিক ভেট কৰালে।

 ৰংদৈয়ে শুধিলে :—“হেৰ ! তই কৰ মানুহ ? তোক কি লাগে। দিনিমণিয়ে জোলোঙাৰ পৰা ৰূপ দহ টকা উলিয়াই ৰংদৈৰ আগত থই কলে:—”আই ! মোক বৰবৰুৱাণী মাতৃক ভেট কৰাই দিব লাগে। যদি মোক ভেট কৰাই দিব পাৰে, তেন্তে যাবৰ পৰত আই তোমাক আৰু পাঁচ টকা ৰূপ দিম।”

ৰংদৈয়েও ৰূপ দহ টকা পাই দিনমণিক আস্ত-আদৰ কৰি হাউলিৰ ভিতৰলৈ নিলে, আৰু চৰাত বহুৱাই থৈ ভিতৰলৈ গল। সেই সময়ত বৰবৰুৱা ঘৰত নাছিল। বৰবৰুৱাণীয়ে খাই বই উঠি শৰাইত তামোল লৈ বৰপীৰাত বহি তামোল পান, খাই আছিল।

এনেতে ৰংদৈ লিগিৰীয়ে গৈ আঠু লৈ জনালে :—“দেউতা ঈশ্বৰী ! এজন কামৰূপ কামাখ্যাৰ কিবা বোলে অধিকাৰী মানুহ আহিছে। মানুহটো বৰ ভাল। দেউতা ঈশ্বৰীয়ে সেই অধিকাৰী মানুহটো চাব জানো ?”

ৰংদৈৰ এই কথাত বৰ-বৰুৱাণীৰ কৌতুক জন্মিল। কামৰূপ কামাখ্যাৰ অধিকাৰী মানুহ বা আকৌ কেনেকুৱা ! এই ভাবি বৰবৰুৱাণী চৰা ঘৰৰ বুলনীলৈ আহি আৰু তাত সজাই থোৱা বৰ-পীৰাত বহিল। আগত তামোলৰ শৰাই আৰু পিকদান ললে। ৰংদৈক অধিকাৰী (ঢেকেৰী) মানুহটোক আনিবলৈ কলে। ৰংদৈয়ে তৎক্ষণাৎ গৈ দিনমণি পটোৱাৰীক বৰবৰুৱাণীৰ আগলৈ বুলনী ঘৰলৈ আনিলে। দিনমণিয়ে পোনেই আঠু লৈ বৰ-বৰুৱানীক সেৱা কৰিলে আৰু সমুখৰ ঠাইখান হাতেৰে অলপ আটাই-পিতাই গামোছা খান পাতি চিকা ৰূপ দুশ আগ বঢ়ালে। বৰ-বৰুৱানীয়ে অতবিলাক ৰূপ দেখি আনন্দিত হল আৰু ৰংদৈৰ হতুৱাই সেই ৰূপ তোলাই শৰাইত লৈ সুধিলে :—“হেৰা ! কামৰূপীয়া অধিকাৰী ! তোমাক কি লাগে কোৱা।”

দিনমণিয়ে হাতযুৰি কলে—”স্বৰ্গদেৱী ! ঈশ্বৰী ! মাতৃ। আপোনাসকলৰ কামৰূপ কামাখ্যা ৰাজ্যত বৰ অন্যায় অবিধি হৈছে। কামৰূপৰ বুজৰবৰুৱা বোলা ঘাই বিষয়াজন স্বৰ্গদেৱ ৰজাৰ সেৱাতে বৈকুণ্ঠী হল। তেওঁৰ পুত্ৰ বক্তমল ডেকা বৰুৱাই দেউতা ঈশ্বৰসকলৰ পূৰ্ব্বাপৰ ৰীতি মতে সেই বিষয়খান পাব লাগে ; কিন্তু গুৱাহাটীৰ বৰফুকনে সেই বিষয়খান তেওঁক নিদি আন এজনক দিবলৈহে স্বৰ্গদেৱ ঈশ্বৰলৈ লেখিছে। ডেকা বৰুৱা সদ্যহতে ৰংপুৰতে আছে। সেই দেখি দেউতা ঈশ্বৰীয়ে অধৰ্ম্মক ঠাই নিদি এফেৰা ধৰ্ম্ম কৰিব লাগে। স্বৰ্গদেৱ ঈশ্বৰ ৰজাক জনাই ধৰ্ম্ম বিচাৰ কৰোৱাব লাগে।”

দিনমণিৰ আচাৰ-ব্যৱহাৰ আৰু তুতি-বাক্যত বৰ-বৰুৱানী সন্তুষ্ট হৈ দিনমণিক তামোল-চালি দিয়াই “বাৰু, মই ৰজাক জনাই বিষয় ৰাখি দিম, তুমি এতিয়া যোৱাগৈ; বিষয় পালে আকৌ আমাক বুজৰবৰুৱাৰে সৈতে দেখা কৰিবাহি”; এই কথা কৈ বিদায় দিলে। বৰ-বৰুৱানীৰ এই আশ্বাস বাক্যত আনন্দিত হৈ দিনমণি বহালৈ উলটি ডেকা বৰুৱাক সমস্ত কথা কলে। ডেকা বৰুৱা নিশ্চিন্ত হল। কোৱা বাহুল্য —উলটিবৰ পৰত দিনমণিয়ে ৰংদৈ আৰু চকিদাৰক প্ৰতিশ্ৰুত বাকী ৰূপ দি আগলৈকো সন্তুষ্ট কৰি আহিছিল।

ইফালে বৰ-বৰুৱানীয়ে বৰ-বৰুৱা ৰাজ-মেলৰ পৰা উলটি অহাত ৰোহ ঘৰত পৰিল। বৰ-বৰুৱাই অনুনয় বিনয় কৰি কাৰণ সোধাত কলে যে তেওঁ (বৰবৰুৱা) সেই মুহুৰ্ত্তেই ৰজাৰ ওচৰলৈ গৈ বুজৰ-বৰুৱালী বিষয়খন বুজৰবৰুৱাৰ পুত্ৰ বক্তমলক দিয়াব লাগে। তেওঁ যদি নাযায়, তেন্তে তেওঁ নিজে পাল্কি লৈ ৰজাৰ ওচৰলৈ যাব। বৰবৰুৱানীৰ আক্ৰোশ এৰাব নোৱাৰি, দুশ ৰূপ দেখি আৰু কথাটোও ধৰ্ম্ম-সঙ্গত, ন্যায়-সঙ্গত দেখি বৰবৰুৱা তৎক্ষণাৎ ৰজাৰ ওচৰলৈ গল। ৰজাই আস্ত-ব্যস্তকৈ তেনে অসময়ত যোৱাৰ কাৰণ সোধাত বৰ-বৰুৱাই কথাটো ভাঙি পাতি কলে।

ৰজাই কলে :–“বৰফুকনে এনেবিলাক অন্যায় কৰিব ধৰিছেনে ? বাৰু, যেতিয়া সময় হব, কাকত যেতিয়া পাম, তেতিয়া মই বুজৰ বৰুৱাৰ পুতেককে বুজৰ বৰুৱা পাতিম।” এই বুলি কৈ ৰজাই বৰবৰুৱাক বিদায় দিলে।

 ইফালে বৰফুকনে তেওঁ লেখি পঠোৱা কাকতৰ হুকুম অহাত পলম হোৱা দেখি নিজে সেই বৰুৱাৰ লৰাটো লগত লৈ ৰংপুৰলৈ আহিল ; আৰু যথাসময়ত বাহিৰ চৰাত তিনিউজনা ডাঙৰীয়াৰ লগত বহি অলপ পৰ আন আন কথা পাতি ৰজালৈ জনাই পঠালে যে আগৰ বুজৰ-বৰুৱাজন ধুকুৱাত আৰু তেওঁৰ ঠাইত আন এজন নোহোৱা বাবে তেওঁ কাম চলোৱাত টান পাইছে। তেওঁ যিটো লৰাৰ নিমিত্তে লেখিছে সেই লৰাটোকো লগতে আনিছে। লৰাটো সৎ চৰিত্ৰৰ, আৰু ৰাজভক্ত ; কামৰূপীয়া ৰাইজৰ ওপৰতো যথেষ্ট প্ৰতিপত্তি আছে। এতেকে স্বৰ্গদেৱে এই লৰাটোকে বুজৰ-বৰুৱা পাতি চাবেক বুজৰ-বৰুৱাৰ অযোগ্য পুত্ৰ বক্তমলক বৰুৱা পাতি থব পাৰে। চোলাধৰা কাকতিয়ে গৈ ৰজাক বৰফুকনৰ গোহাৰি জনালে। ৰজাই পূৰ্ব্বপ্ৰতিজ্ঞা অনুসৰি আদেশ কৰি পঠালে যে পূৰ্ব্বাবৰ ৰীতিমতে বুজৰ বৰুৱাৰ পুত্ৰ হে বুজৰ বৰুৱা হব। তেওঁ ইটো লৰাক বৰুৱা পাতি লব পাৰে। ৰজাৰ এই আদেশ, চোলাধৰা কাকতিয়ে আহি আঠুলৈ চৰাঘৰত বৰফুকন, বৰৱৰুৱা, বুঢ়া গোহাই, বৰ গোঁহাই এই সকলক জনালে। এই সকলেও আঠুলৈ আজ্ঞা গ্ৰহণ কৰিলে। বৰফুকন লাজতে কলা-মলা পৰিল। বক্তমল আনন্দিত হল ; কিন্তু তাৰ লগে লগে বৰফুকনৰ ৰঙা চকুযোৰ তেওঁৰ চকুৱে চকুৱে পৰিল।

 চৰাৰ পৰা উঠি গৈ বৰফুকনে দিনমণিক নিৰলে মাতি নি কলে :—“তহঁতে ইয়াত থাকি আন কাৰোবাৰ হতুৱাই খাটনি লগাই মোক লাজত পেলালি। বাৰু মইও চাম, তোৰ বুজৰ-বৰুৱাইনো মোৰ তলত কেনেকৈ বঞ্চে।

দিনমণিয়ে হাতযুৰি কলে :– “দেউতা ঈশ্বৰ ! আমাৰ বুজৰ বৰুৱাক বৰবৰুৱা ঈশ্বৰে পুত্ৰ সদৃশ মৰম কৰে— দেউতা ঈশ্বৰেও সেই দৰে পুত্ৰ সদৃশ মৰম কৰক।”

দিনমণিৰ কথাৰ ধাৰণৰ পৰা বৰফুকনে বুজিলে যে বক্তমল বুজৰ বৰুৱাই ক’ত আওজিছে। তেওঁ মনে মনে থাকিল। কিন্তু ইয়াৰ পিছতে বুজৰ বৰুৱা আৰু দিনমণি উভয়ে আলচ মুকুতি হৈ বৰবৰুৱাৰ ঘৰলৈ গৈ আকৌ ৰূপ ২২৫ টাকা দি এই কথা জনালে।  বৰ বৰুৱাই নিৰ্ভয় দি কলে যে তেওঁ থাকে মানে বৰ ফুকনে বুজৰ বৰুৱাৰ লোমকে লৰাৰ নোৱাৰিব। বুজৰ বৰুৱাই বৰ ৰবৰুৱাৰ এনেকুৱা আশ্বাস পাইও ভবিষ্যতলৈ বৰফুকনৰ পৰা লাঞ্চনা বৈৰিতা পাব বুলি ভাবি বৰফুকনকো ৰংপুৰতে ৰূপ দুশ দি সেৱা জনাইহে বৰফুকনৰ ক্ৰোধৰ লাঘৱ কৰি গুৱাহাটীলৈ উলটী আহি বুজৰ বৰুৱালী বিষয়খান খাব পৰিলে। বুজৰ বৰুৱাক একো কৰিব নোৱাৰি বৰফুকন সেই দিনৰ পৰা কামৰূপীয়া মানুহক অতিপাৎ ঘৃণাৰ চকুৰে চাব ধৰিলে ; আৰু সেইদিন ধৰি কামৰূপীয়া মানুহক গধূলি হলেই নগৰ এৰি চাৰি চকিৰ বাহিৰে নিশা থাকিবলৈ আদেশ কৰি কামৰূপীয়াক আগতকৈও লাজ আৰু অপমান দিব ধৰিলে। উপদ্ৰব অত্যাচাৰো আগতকৈ বেচিকৈ কৰিব ধৰিলে।

ষষ্ঠ অধ্যায়

পাঁড়ুৰ বাহৰত মন্ত্ৰণা

পিছদিনা ৰাতিপুৱাই পাঁড়ুৰ বাহৰ কামৰূপীয়া চৌধাৰী বৰুৱা সকলে গা-পা তিয়াই ভাত-পানী খাই দিহা-দিহি নাও মেলি ঘৰলৈ যোৱাৰ আগেয়ে সকলোজনেই বৰনগৰীয়া বুজৰ বৰুৱাৰ বাহৰত গোট খাই আগদিনাৰ কথাটো উলিয়ালে। পোনেই বৰুৱাৰ বাহৰত গোট খাই আগদিনাৰ কথাটো উলিয়ালে। পোনেই হৰদত্তে ক’লে :- “বাপসকল! চাওক, আহোমৰ বৰফুকনৰ অত্যাচাৰ। আজি ইমানদিনে আমাক লাজ অপমান দি, আমাৰ ওপৰত অসহনীয় অত্যাচাৰ আৰু উৎপীড়ণ কৰিও হেপাহ নপলাই আজি আমাৰ ল’ৰা-ছোৱালী পৰ্য্যন্ত হাতী মেলাই গছকাই মাৰিলে। আমি সুবিচাৰ প্ৰাৰ্থনা কৰাত তাৰেহে আকৌ খং উঠি আমাৰ কটা ঘাত কলাখাৰ দিলে। আমাৰ কামৰূপীয়াৰ জীৱনত থিক। বাপসকলে কওক এতিয়া কি কৰা উচিত। এই নিৰপৰাধী ল’ৰা-ছোৱালী কেইটা যে মৰিল সেই সকলৰ পিতৃ-মাতৃকনো আমি কি বুলি সান্ত্বনা দিম?’’ বৰনগৰীয়া বুজৰবৰুৱা :-“বাপা হৰদত্ত! আমিনো কি কৰিম, কি কৰিব পাৰোঁ। সকলো আমাৰ কপালেই কৰিছে। কপালকে ধিয়াই বহি থকাই ভাল।‘’

বীৰদত্ত—“কপালকে ধিয়াই মনে মনে কথাটো কাপুৰুষৰ হে কাম! কামৰূপত আমি অতবিলাক ৰাইজ আছোঁ। আপোনালোকৰ ক্ষমতাশালী শক্তিসম্পন্ন লোকো আছে। আমাৰো কায়স্থ আৰু কলিতাসকলৰ গাত আগৰ ক্ষত্ৰিয়ৰ তেজ এফেৰাও নোহোৱা হ’লনে যে আমি ইমান অত্যাচাৰী বৰফুকনৰ এনেকুৱা পৈশাচিক কাণ্ড আৰু অত্যাচাৰ সহি থাকিম? আমাৰ কামৰূপীয়া মানুহ এনেকুৱা নিৰ্জীৱ হলোনে যে ইয়াৰ প্ৰতিকাৰ কৰিব নোৱাৰো? সি আহোমে পাহৰিলে যে কামৰূপীয়া মানুহৰ বল, বুদ্ধি, ধৈৰ্য্য আৰু বীৰত্বৰ সহায়তে তাৰ উপৰিজনা বৰফুকনে মোগলকো জয় কৰিছিল। আন একো নহ’লেও, মই বীৰদত্তে এই পাষণ্ড বৰফুকনটোৱে সৈতে হতাহতি বা তৰোৱালে তৰোৱালে ৰণ কৰিব পোৱা হ’লে সি বুজিলেহেঁতেন কামৰূপীয়াৰ গাত বল আছে নে নাই। কামৰূপীয়াৰ তৰোৱালৰ কোব কিমান চোকা। বাপসকল! মোৰ বিবেচনাৰে হ’লে আমি এটাইবিলাকে গোট-পিট খাই বৰফুকনৰ বিৰুদ্ধে উঠা উচিত।’’ বক্তমল বুজৰবৰুৱা—“বাপা বীৰদত্ত। তয়ে বৰফুকনৰ হাতীটো খুচিছিলি নে?’’

বীৰদত্ত—“হয়! ময়ে খুচিছিলো; কিন্তু হাতী খোচাৰ লগে লগে যদি তাৰ পাষণ্ড পুতেক দুটাকো খুচিবলৈ পালোহেঁতেন, তেন্তে মোৰ হেপাহ মিলিলহেঁতেন। বৰফুকনৰ তেজেৰে এই মৃত ল’ৰা-ছোৱালী কেইটাৰ তৰ্পণ কৰিব নেপাওঁ মানে মোৰ জীৱনত আৰু শান্তি নাই।’’

বক্তমল বুজৰবৰুৱা :—“বাপা বীৰদত্ত। অস্থিৰ নহবিচোন। মই তাহানিখন ডেকা কালতে উজনীলৈ গৈ আহোমৰ বল বিক্ৰম সমস্ত দেখি আহিছোঁ। আমাৰ কা সাধ্য যে আহোমৰ লগত ৰণ কৰোঁ?’’

হৰদত্ত—“বাপ! আপুনি যি সময়ত দেখিছিল, সেই সময়ত আহোম শক্তিশালী আছিল। কিন্তু বৰ্তমানে আহোমৰ বল ক’ত? বল থকা হ’লে উজনীত সেই চাইটা মোৱামৰীয়াৰ বিদ্ৰোহতে ৰাধাৰুক্মিণী বোলা সেই তিৰোতা দুজনীৰ প্ৰতাপত ৰজানো সিংহাসন এৰি পলালহেঁতেন নে? যি কি নহওঁক আমিতো ৰজাৰ বিৰুদ্ধে নুঠোঁ। আমাৰ ইচ্ছা এই স্বেচ্ছাচাৰী বৰফুকনটোক এসেকা দিওঁ। আমি যদি সকলোবিলাক কামৰূপীয়া, লগ লাগোঁ তেন্তে একে তিলিকতে পাষণ্ড বৰফুনকৰ শৰাধ কৰিব পাৰোঁ।’’

বক্তমল বুজৰবৰুৱাঃ “বাপা! লগ লাগি কাম কৰিব পৰা হ’লেনো আমাৰ এনে দুৰ্দশা হয়নে? আমাৰ হিন্দুৰ মত একেটা কেতিয়াবা হ’বনে? কেতিয়াও নহয়। সেই দেখি আমাৰ আহোমৰ বৰফুনৰ লগত ৰণ কৰিবলৈ ওলোৱা মানে জুইত জাপ দি মৰা কথাহে।’’

বীৰদত্তঃ “তেন্তে এনেটো পাশৱিক অত্যাচাৰৰ কোনো প্ৰতিকাৰেই নহ’বনে?’’

বৰনগৰীয়া বুজৰবৰুৱাঃ “বাপা! মোৰ বিবেচনাৰে হ’লে আমি ভিতৰি বুঢ়াগোঁহাই আৰু ৰজালৈ বৰফুকনৰ এই অত্যাচাৰবিলাক জনাই পঠাওঁ আৰু ইয়াৰ যি বিহিত প্ৰতিকাৰ হ’ব পাৰে তাৰো প্ৰাৰ্থনা জনাওঁ।’’

বীৰদত্তঃ “চিৰকালেই আপোনাসকলে প্ৰাৰ্থনা জনায়ে আছে। তাৰ জানো কিবা ফল হৈছে? তাহানিখনেই আমাৰ চাঁদকুচীয়াই ৰংপুৰতে থাকি কোনো ৰকমে বৰফুকনে ভেটী খাই আনক দিব খোজা কৌটকলীয়া বিষয়খন ৰক্ষা কৰিলে, কিন্তু তাৰ ফলত এয়ে হৈছে যে সেই কালৰেপৰা আমাৰ কামৰূপীয়াৰ ওপৰত বৰফুকনৰ অন্যায় অত্যাচাৰ বৰ বেছিকৈ হৈছে। ৰজাঘৰলৈ বাতৰি পঠিয়াই প্ৰাৰ্থনা কৰি পঠালে ফল হয়, যে ৰজাঘৰে আগেয়ে বৰফুকনকে সুধি পঠায়; বৰফুকনে আমাক অবিশ্বাসী, মিছলীয়া ইত্যাদিৰূপে গালি পাৰি এহাতে কৈফিয়ৎ পঠায় আনহাতে আকৌ উলটি আমাকেই শাস্তি কৰে—অন্যায় উৎপীড়ণ আৰু দুগুণ বঢ়াকৈ কৰে। এনেস্থলত মিছাই খৰচ ভগন কৰি ৰংপুৰলৈ মানুহ পঠাই প্ৰতিকাৰ বিচৰাতকৈ বৰফুকনকে উঠাই দি আমি কৰ-কাটল বন্ধ কৰোঁ; আৰু এই কাৰণে বৰফুকনে যদি ৰণ কৰে আমিও ৰণ দিবলৈ সাজু হওঁ।

বৰনগৰীয়া বৰুৱাঃ “বাপা বীৰদত্ত! তুমি যিটো কৈছা সেইটো সঁচা; কিন্তু আমাৰ মানুহক সহজে গোট খুৱাই একেডাল ডোলতে বন্ধা টান। গোট খুৱাব পাৰিলেও সেই গোট-পিট আৰু বান্ধ সৰহ দিনলৈ নাথাকে; ইত্যাদি কাৰণে আৰু ধৰ্মক ধিয়াই মোৰ মনেৰে হ’লে ৰংপুৰৰ বুঢ়াগোঁহাই আৰু ৰজালৈ মানুহ পঠাই আগেয়ে খবৰ দিব লাগে। তাৰপৰা যদি সুবিচাৰ হয় ভাল। কিন্তু তেতিয়াও যদি সুবিচাৰ নহয় তেন্তে পিছত গোটপিট খাই যি হয় কৰা যাব। আমাৰ হৰদত্ত বাপায়ে মনে মনে উত্তৰ পাৰেদি মানুহ এযোৰ পঠাওক। সেই মানুহ আহি পালে হৰদত্ত বাপাই আমাক জনাব। আমি এইবাৰ অহা দুৰ্গোৎসৱত হৰদত্ত বাপাৰ ঘৰতে আটাইবিলাক গোট-পিট খাই যি উচিত হয় কৰিম।’’ বৰনগৰীয়া বৰুৱাৰ এই সুপৰামৰ্শ সকলোৰে মনোনীত হ’ল। আটাইবিলাক বৰুৱা চৌধাৰীয়েই এই পৰামৰ্শৰ পিছত সৰু সৰু নাৱেৰে ব্ৰহ্মপুত্ৰ পাৰ হৈ দিহা-দিহি নিজ ঘৰলৈ গ’ল।

#######

সপ্তম অধ্যায়

হৰদত্ত বীৰদত্ত

আমি এইখিনিতে হৰদত্ত, বীৰদত্তৰ সম্বন্ধে তেওঁলোকৰ কথা ঠাই আৰু ইতিবৃত্তৰ বিষয়ে, অলপ চমুকৈ হ’লেও ক’ব লগাত পৰিলোঁ। হৰদত্ত বীৰদত্ত কলিতা কুলোদ্ভৱ দুজনা কামৰূপীয়া ডাঙৰ মানুহ আছিল। হৰদত্ত বীৰদত্ত কলিতা কুল্লোদ্ভৱ দুজনা কামৰূপীয়া ডাঙৰ মানুহ আছিল। সেই সময়ত হৰদত্ত পূবপাৰ মৌজাৰ চৌধাৰী আছিল। হৰদত্ত চৌধাৰী নিয়মিত ওখ আৰু বগা বৰণৰ আছিল। তেওঁৰ মূৰত পাহ কটা চুলি। চলনে ফুৰণে, দেখোনে শুৱনি আৰু তৰকিয়াল বিধৰ মানুহ আছিল। তেওঁৰ ভায়েক বীৰদত্ত দৰাচলতে বীৰদত্তই আছিল। তেওঁ বৰ ওখ, হটঙা, ডাঙৰ-দীঘল, বাহুবলী দৈত্য সদৃশ পুৰুষ আছিল। আহোম ৰজাসকলৰ ভিতৰত ৺গদাধৰ সিংহ যেনেকুৱা বীৰ আৰু দৈত্য পুৰুষ আছিল, প্ৰবাদ আছে কামৰূপীয়া হিন্দুসকলৰ ভিতৰতো হেনো বীৰদত্ত সেই লেখিয়া পুৰুষ আছিল। তেওঁৰ গাত হেনো ইমান বল আছিল যে তেওঁ বনৰীয়া গলধন ধৰা মতা ম’হ এটাকো শিঙত ধৰি হেঁচুকি বহুৱাব পাৰিছিল। বলী হ’বৰে কথা। অসমৰ কায়স্থ কলিতা আগৰ ক্ষত্ৰিয়হে। প্ৰভু  ৺ শংকৰদেৱৰ চৰিত্ৰতে আছে প্ৰভুৰ গাত কিমান বল আছিল। প্ৰভুৱে দুৰ্দান্ত ষাঁড়কো মৰ্দন কৰিছিল। আমি ডেকা কালত কামৰূপত কাম কৰোঁতে যিসকল কায়স্থ কলিতা বন্ধু আৰু মানুহ পাইছিলোঁ; সেইসকলৰ ভিতৰতো অনেকৰ গাৰ গঠন আৰু চেহেৰা বলী দেখিছিলোঁ। আমাৰ বয়সৰ সকলে মনত কৰি চাওকচোন ৺ গোবিন্দ ৰাম চৌধাৰী, ৺ ললিত ৰাম চৌধাৰী, ৺ চানাৰাম পেস্কাৰ, ৺ পৃথুৰাম চৌধাৰী, ৺ হৰদত্ত চৌধাৰী, ৺ ভবানন্দ চৌধাৰী আৰু বৰ্তমান কালতো পেঞ্চন ভোক্তা চিৰস্তাদাৰ শ্ৰীযুত গোপালচন্দ্ৰ চৌধাৰী, শ্ৰীযুত মাধৱ ৰাম চৌধাৰী, এইসকল কেনে ওখ, ডাঙৰ দীঘল, হটঙা আৰু সভা শুৱনি মানুহ। এই সকলৰ পূৰ্বপুৰুষসকল যে আৰু ডাঙৰ দীঘল বলী আছিল তাত অকণো সন্দেহ নাই। হৰদত্ত চৌধাৰীৰ ঘৰ আমি পাতনিত উনুকিওৱা সেই জিকেৰিত আছিল।

জিকেৰিৰ অৰণ্যত আমি যি চিন চাব দেখিছিলোঁ তাৰপৰা অনুমান কৰোঁ—হৰদত্ত চৌধাৰীৰ হাউলি এই লেখিয়া আছিল :- তেওঁৰ হাউলিৰ পূবে আৰু দক্ষিণে পুঠিমাৰি নৈ অৰ্থাৎ নৈখন প্ৰথমতে দুইমাইলমান ওপৰৰে পৰা উত্তৰ দক্ষিণাকৈ বৈ তেওঁৰ হাউলিৰ কাষৰেপৰা ভাজ খাই পশ্চিম মুখে ঘূৰিছে আৰু এই নৈয়েই হাজোৰ ওচৰত চেঁচা নাম পাইছে।

তেওঁৰ হাউলিৰ বেৰ প্ৰায় দহ পুৰা মাটি। চাৰিওফালে ওখ ঢাপ মৰা। পূবৰ তেওঁৰ হাউলিৰ ঢাপ নৈৰ পৰা ৪০ টাঁৰমান আঁতৰ আৰু দক্ষিণৰপৰাও প্ৰায় সিমানেই আঁতৰ। হাউলিৰ ঘাই মুখ পূবফালে। নৈৰপৰা তেওঁৰ ঢাপলৈকে এটা ওখ আলি। আলিৰ দুইকাষে দুশাৰী নাৰিকলৰ গছ। আলিটো নৈৰ পূব পাৰেদিও পাঁচটাৰ মান পূবমুখলৈ গৈ দক্ষিণ মুখলৈ ঘূৰি চিলাৰ চকিত ওলাইছেগৈ। আলিৰে গৈয়েই পোনেই তেওঁৰ চ’ৰাঘৰটো পোৱা যায়। চ’ৰাঘৰৰ উত্তৰ ফালে এখন ফুলনি আৰু একেবাৰে পূব উত্তৰ কোণত এটা মজলীয়া বিধৰ পুখুৰী। সেই পুখুৰীৰ পাৰতে এটা মন্দিৰ মন্দিৰৰ কাষতে এটা আলহী থকা ডাঙৰ ঘৰ। চ’ৰাঘৰৰ দক্ষিণেও এখন ফুলনি। সেই ফুলনিৰ দক্ষিণে চৌধাৰীৰ নিজা গোসাঁই ঘৰ। সেও গোসাঁই ঘৰলৈ বাহিৰ ফালৰ পৰাও যাব পাৰি আৰু ভিতৰ চোতালৰ পৰাও চকোৱাৰ আগেদি সোমাব পাৰি। তেওঁৰ শোৱা ঘৰটো পূবা-পশ্চিমা। ভায়েক বীৰদত্তৰটোও সেই লেখিয়া। তেওঁৰটো উত্তৰ ফালে। দুয়ো ঘৰতে যোৰা লগাকৈ এটা মাৰল ঘৰ। পশ্চিমৰ ফালে ৰান্ধনি ঘৰ; এইবিলাক ঘৰৰ মাজতে এখন চোতাল। ৰানধনি ঘৰৰ উত্তৰে আকৌ নিজা জ্ঞাতিবৰ্গ থাকিব পৰা এটা ঘৰ। বীৰদত্তৰ শোৱনি ঘৰৰ উত্তৰফালে সাতোটা ভঁৰাল ঘৰ। হৰদত্তৰ শোৱনি ঘৰৰ দক্ষিণে বৰ দীঘল এটা গোহালি ঘৰ আৰু গোসাঁই ঘৰৰ পোনে পোনে দীঘলকৈ সাত ঘৰ বেটী বন্দী থকা ঘৰবিলাক। গোহালি ঘৰলৈ বাহিৰৰ ফালৰপৰাও যাব পাৰি আৰু ভিতৰৰ পৰাও যাব পাৰি। ৰান্ধনি ঘৰৰ পশ্চিমে বৰ ডাঙৰ তামোল পাণৰ বাৰী। সেই বাৰীৰ মাজেদি এটা বহল বাট। এই বাটেদি অলপ গ’লেই ভিতৰ বাৰীত এটা ডাঙৰ চাৰিচুকীয়া পুখুৰী। সেই পুখুৰীৰ পাৰবিলাকত নানা তৰহৰ সুগন্ধি ফুলৰ গছ। পুখুৰীটোত ৰাজহাঁহ, পাতিহাঁহ চৰে। ঘাটটো পকা ইটাৰে বন্ধোৱা। পুখুৰীৰ পাৰত বহিবলৈ বৰ চিকুণ দুৰ্বা ঘাঁহ। ফুলনিৰ সুগন্ধে পুখুৰীৰ দৃশ্যে দৰাচলতে মন মোহিত কৰে। তেওঁৰ ওখ চাৰি ঢাপৰ বাহিৰে পূবে দক্ষিণে পশ্চিমে মুকলি পথাৰ। তাত তেওঁৰ বেটী বন্দীসকলে আহু, সৰিয়হ, মাহ, মুগ, শাক পাচলি, ধঁপাত, কুঁহিয়াৰ ইত্যাদি খেতি কৰিছিল। তেওঁৰ ঢাপৰ উত্তৰ ফালে আন আন গঞা মানুহৰ বসতি আছিল। সেই সময়ত এই জিকেৰি গাওঁখন শস্যে, মৎস্যে, অনুপম আছিল। তেওঁ ঢাপৰ বাহিৰে পশ্চিমে দ মাটি। তাত তেওঁ শালি খেতি কৰাইছিল।

অষ্টম অধ্যায়

হৰদত্তৰ উদ্যোগ

পাঁড়ুৰ বাহৰৰপৰা ঘৰলৈ উলটি অহাৰ দুদিনৰ পিছতে হৰদত্তই মানুহ এযোৰা দৰঙৰ ৰজা কৃষ্ণনাৰায়ণলৈ, আৰু আন এযোৰা উজনিৰ ৰংপুৰলৈ উত্তৰ পাৰেদি পঠালে। মৌজাৰ দুমনি চকিত আহোমৰ চকীয়াল থকা বাবে তেওঁ মানুহ দুয়ো যোৰাকে দুমনি চকিৰ উত্তৰ পাৰেদি আঁতৰে আঁতৰে পাৰ কৰাই দিছিল। দৰঙলৈ যোৱা যোৰাই দৰঙী ৰজাক গৈ বৰফুকনৰ অত্যাচাৰবিলাক জনালে। দৰঙৰ ৰজাও ভালেমান দিনৰেপৰা গুৱাহাটীৰ বৰফুকনৰ অসদ্ব্যৱহাৰ পাই বিৰক্ত হই আছিল। এতিয়া কামৰূপীয়াসকলে দৰঙৰ ৰজাত দুখ জনাই ৰণ লাগিলে সহায় কৰিব নে নকৰিব এই কথা জনোৱাত দৰঙী ৰজাই “সহায় কৰিম’’ বুলি প্ৰতিশ্ৰুত হ’ল। উজনীলৈ যোৱা যোৰাই দেৰ মাহে খোজ কাঢ়ি ৰংপুৰ পালেগৈ। তাত বুঢ়াগোঁহাইত বৰফুকনৰ পৈশাচিক অত্যাচাৰ জনাই বিচাৰ প্ৰাৰ্থনা কৰাত বুঢ়াগোঁহায়ে “মই এতিয়া মোৱামৰীয়াৰ বিদ্ৰোহ দমনত আছোঁ, দস্যহতে একো কৰিব নোৱাৰো—পিছে পৰে যি হয় কৰিম’’ বুলি কৈ মানুহ যোৰা ওলোটাই পঠালে। তিনি চাৰি মাহমানৰ মূৰত এই মানুহ যোৰা শাওণত উলটি আহি হৰদত্তক এই কথা জনোৱাত হৰদত্ত বীৰদত্তে “আহোমৰপৰা সুবিচাৰ নাপাওঁ’’ বুলি মনতে থিৰ কৰি আন উপায় কৰিবলৈ কাৰবাৰ লগালে; অৰ্থাৎ ৰাইজে গোটেই কামৰূপত বৰফুকনৰ শাসন উঠাই দিবলৈ স্থিৰ কৰিলে।

আমি এইখিনিতে জনাওঁ যে হৰদত্ত বীৰদত্ত যদিও উচ্চ কলিতা বংশৰে আছিল আৰু তেওঁলোকে বৈষ্ণৱ ধৰ্মকো মানিছিল; তথাপি তেওঁলোক আচলত শাক্ত ধৰ্মত হে দীক্ষিত আছিল। হৰদত্ত বীৰদত্তে বছৰি পঠা ছাগলী বলি দি দুৰ্গোৎসৱ কৰিছিল।

বুৰঞ্জীৰ আগৰেপৰা আমাৰ এই অসম দেশখন দুটা প্ৰধান তীৰ্থৰ বাবে গোটেই ভাৰতবৰ্ষতে বিখ্যাত। এখন তীৰ্থ কামৰূপৰ কামাখ্যাধাম : আনখন শদিয়াৰ পূবে মিচমি ৰাজ্যৰ মাজত থকা পৰশুৰাম কুণ্ড। এই তীৰ্থলৈ ভাৰতবৰ্ষৰ সকলো ঠাইৰে সাধু, সন্ত, মহন্ত, শৈৱ, শাক্ত, বৈষ্ণৱ সকলো শ্ৰেণীৰে সন্ন্যাসী, বৰাগী সেই কালতো বাটে বাটে খোজ কাঢ়ি, খুজি মাগি খাইও আহিছিল। কামৰূপ জিলাৰ তিনিকুৰি পাঁচখন মৌজাৰ প্ৰায় প্ৰত্যেক মৌজাতেই তীৰ্থস্থান; সত্ৰ, মঠ, মন্দিৰ আছে। গুৱাহাটী নগৰৰ ভিতৰত আৰু দাঁতিয়ে কাষৰে এইবিলাক তীৰ্থ ঠাই : কামাখ্যা, ভুৱনেশ্বৰী, শুক্ৰেশ্বৰ, উগ্ৰতাৰা, ছত্ৰকাৰ, নৱগ্ৰহ, বশিষ্ঠ। ব্ৰহ্মপুত্ৰৰ মাজত উমানন্দ। উত্তৰ পাৰে অশ্বক্ৰান্ত, মণিকৰ্ণেশ্বৰ, ৰূদ্ৰেশ্বৰ, দীৰ্ঘেশ্বৰী। হাজোত কেদাৰ, মাধৱ। বংশৰ মৌজাত মদন কামদেৱ। বৰপেটাত মহাপুৰুষীয়া, দামোদৰীয়া, হৰিদেৱী অনেক থান আৰু সত্ৰ। এই দেৱালয়, থান সত্ৰবিলাকত ব্ৰাহ্মণ, বৈষ্ণৱ, আঠপৰীয়া ইত্যাদিত বাজেও মাজে মাজে পশ্চিমৰপৰা তীৰ্থ কৰিবলৈ অহা-যোৱা কৰা হিন্দুস্থানী বঙালী সন্ন্যাসী বৰাগীও থাকে। কামৰূপীয়া ভাল মানুহৰ ঘৰে-দুৱাৰেও মাজে সময়ে ঠায়ে ঠায়ে দুই চাৰিজন বৰাগী, সন্ন্যাসী থাকে। আমি যি সময়ৰ কথা লিখিছোঁ সেই সময়তো কামৰূপীয়া ভাল মানুহ চাৰি ঘৰৰ গোঁসাই ঘৰ, মন্দিৰ ইত্যাদিত সাধু-সন্ন্যাসী, বৰাগীয়ে জিৰণি লৈছিল।

হৰদত্তৰ মানুহ যোৰা উজনীৰপৰা উলটি অহাৰ সময়ত অৰ্থাৎ সেই শাওণ মাহত তেওঁৰ বাহিৰা মন্দিৰত তীৰ্থৰপৰা ওলটা দুজন বৰাগী, এজন নগাসন্ন্যাসী, এজন বামাচাৰী তান্ত্ৰিক আৰু তিনি চাৰিজনমান ভাটীৰ ফালৰ তীৰ্থলৈ যাবলৈ ওলাই অহা আমাৰ অসমীয়া কেৱলীয়া ভকতো আছিল। হৰদত্তে সাধু-সন্তক, ফকিৰ ফক্কৰক তেওঁৰ এই মন্দিৰতে ৰাখি দুই চাৰিদিন সেৱা-শুশ্ৰূষা কৰিবলৈ আৰু সেই সকলৰ লগত ধৰ্ম আলাপ, বিদেশৰ আলাপাদি কৰিবলৈ ভাল পাইছিল।

উজনীৰপৰা মানুহ যোৰা উলটি আহি পোৱাৰ পিছদিনাৰ গধূলি আমাৰ হৰদত্ত চোধাৰী তেওঁৰ সেই বাহিৰা মন্দিৰলৈ আহি পোন প্ৰথমে আৰতি চালে, তাৰ পিছত গৈ আলহী ঘৰত সাধু-সন্ত কেইজনক মূৰ দোঁৱাই সেৱা কৰি সুধিলেঃ “বাবাসকল! আপোনাসকলৰ সেৱা-সৎকাৰৰ কোনো ত্ৰুটি হোৱা নাইতো?’’

 সন্ত-সাধুসকলে ক’লেঃ “নাই হোৱা বাবা। আপোনাৰ কৃপাত আমি বৰ আনন্দত আছোঁ।’’

হৰদত্তঃ “বাবাসকল! মোৰ মনত কথা এটা খেলাইছে। কথাটো এই যে আমাৰ হিন্দুৰ আৰু আগলৈ উঠাৰ স্বাধীনতা লভাৰ কোনো উপায় নাই নে? আমি হিন্দু জাতিটো চিৰকালেই পৰৰ গোলাম হৈয়ে থাকিম নে?’’

চৌধাৰীৰ এই কথাত সাধুসকলে অলপ পৰ তম্ভি পোনেই বৰাগীজনে ক’লেঃ “বাবা! ঘোৰ কলিকাল পৰিছে। বংগ, অসম ইত্যাদি দেশত যে আকৌ হিন্দু জাতি উঠিব, স্বাধীন হ’ব, এনেকুৱা আশা নাই। আমি এতিয়া একলেখীয়া বুঢ়া জাতি। এতিয়া আমাৰ ৰাজনতি চৰ্চা কৰা বা স্বাধীন হওঁ এনেকুৱা ভাব কৰা দিন নাই। আমাৰ এতিয়া ঈশ্বৰসেৱা কৰিহে কাল কটাব লাগে।’’

বৰাগীজনৰ এই কথাত নগা সাধুজনে চকু পকাই বৰাগীক ধমক দি ক’লেঃ “থৈদে তোৰ কথা। তহঁত বৰাগীবিলাক যেনেকুৱা ভয়াতুৰ, ইফালে খোৱাটো নিৰহ নিপানী, আনকো তেনেকুৱা হ’বলৈকে বুধি দিয়। আমি হীন, আমি বুঢ়া, আমি কীট, আমি ধূলি, আমি বালি, আমি পদৰেণু, আমি দাসৰ দাস এনেকুৱাবিলাক নিঃকিন ভাবৰ কথা কৈ কৈ, আনকো তাকে শিকাই তহঁতে আমাৰ হিন্দুক ভীৰু আৰু কাপুৰুষ কিৰ দেশ যেন তললৈ নিয়ালি। আমি জানো জীৱ মাত্ৰেই নিজৰ সামৰ্থ্য উপলব্ধি কৰি “শিৱোহং শিৱোহং’’ ক’লেহে, ভাবিলেহে, হিন্দুৰ উন্নতি হ’ব। হিন্দুৰ কাপুৰুষতা দূৰ হ’ব।”

 আধা মেলা, আধা জাপ কোৱা ধুলু ধুলু চকুৰে নমতা নোবোলা হৈ থকা বামাচাৰী তান্ত্ৰিকজনে চকু ৰঙা কৰি জোৰেৰে ক’লেঃ “থৈ দে তহঁতৰ কথা। শক্তি নভজিলে বেটাহঁত কেনেকৈ শক্ত হবি। মই কওঁ হিন্দু মাত্ৰেই “মা কালী! জয় মা দুৰ্গা’’ ক’ব লাগে তেহে শক্তিয়ে শক্তি দিব। শক্তি পালেহে বীৰ হ’ব পাৰি, মানুহ বোলাব পাৰি। শক্তিয়ে শক্তি নিদিলে তোৰ ৰাম বা কৃষ্ণে হিন্দুক বলী, বীৰ কৰিব নোৱাৰে। জহা চাউল, দুধ, ফুল-ফল পানী খাই বলবান বা শক্ত কোন হ’ব পাৰে? হাতীটো ইমান ডাঙৰ, কিন্তু সি ঘাঁহ খোৱাৰ বাবে ভীৰু—তাৰ সাহ নাই। সিংহই মঙহ খায়। সেই দেখি সৰু আকাৰৰ সিংহ একোটায়ে সেই লেখিয়া ভীমকায় হাতীকো বধ কৰে। মই কওঁ, বোল “মা কালী, কাৰণ, খা পঠাৰ জোল। তেহে হ’ব তোৰ গাত বল। গাত বল হ’লে শক্তি হ’ব। শক্তি হ’লে সাহ হ’ব। সাহ হ’লে বীৰ হ’ব পাৰি। প্ৰত্যেকটো হিন্দুৱেই এইদৰে বীৰ হ’লে দেশ আপোনা-আপুনি উদ্ধাৰ হ’ব।’’ বিদেশী এই তিনি পন্থৰ তিনিজন সাধুৱে এইদৰে কোৱা শুনি আমাৰ কেৱলীয়াসকলে মনে মনে থাকিব নোৱাৰি, সৱাতকৈ বয়সীয়ালজনে ক’লেঃ চৌধাৰী বাপ! আপুনি কি ভাবিছে ক’ব নোৱাৰোঁ। আমি জনাত হ’ল আপুনি এইবিলাক বিদেশী পশ্চিমীয়া হিন্দুস্থানীৰ কথা মতে নচলিব। আমাৰ মহাপুৰুষ গুৰুৱে লিখা মতে কৃষ্ণইহে আমাৰ সকলো দুখ দুৰ্গতি দূৰ কৰিব পাৰে। কীৰ্তনত কাছে :-কৃষ্ণ এক দেৱ দুঃখহাৰী’’—এতেকে আমাৰ খাৰ-খোৱা অসমীয়াই বিদেশী মানুহৰ কথাত ভোল নগৈ, ইবিলাক সিবিলাক সকলো এৰি, বিষয়ৰ ধান্দাকো মনৰপৰা দূৰ কৰি একান্ত মনে কৃষ্ণত হে ভজিব লাগে।’’

কেৱলীয়াজনে অসমীয়াতে কোৱা কথাকো বামাচাৰী আৰু নগা উভয়ে বুজি গৰ্জি ক’লেঃ  “থৈ দে তোৰ কিছন কিছুনক। সি একো কৰিব নোৱাৰে। তোৰ কিছন এটা লম্পট দগাবাজ। তাৰ আশ্ৰয় লোৱাটো উচিত নহয়। কালীক ভজ, শিৱক ভজ, তেহে হিন্দুৰ জয় জয়কাৰ হ’ব।’’

কেৱলীয়াজনে ক’লেঃ  “বাবাজী! তোমালোকে নাজানা কৃষ্ণহে সবাতোকৈ ডাঙৰ। তোমাৰ কালী আৰু সদাশিৱ কৃষ্ণৰ আজ্ঞাকাৰী।’’

বামাচাৰী আৰু নগাজনে ক’লেঃ “হেৰ কেৱলীয়া ! কেতিয়া আমাৰ কালী আৰু সদাশিৱ তোৰ কৃষ্ণৰ আজ্ঞাকাৰী হৈছিল? দেখ ! তহঁতৰ ৰামচন্দ্ৰেও ভগৱতীক আৰাধনা নকৰাকৈ ৰাৱনক মাৰিব নোৱাৰিলে। তহঁতৰ গোপীবিলাকেও কাত্যায়নী ব্ৰত কৰি কাত্যায়নী দেৱীক পুজিহে লম্পট চুড়ামণি কৃষ্ণক পাইছিল। এতিয়া তহঁতে দেখোন উলটাকৈহে বুজাব।’’

কেৱলীয়াঃ “বাবা! তোমাৰ কালী বা দুৰ্গাই বলীও খায়, ছলিও মাৰে। শিৱ ঠাকুৰতো গাঞ্জা খায়েই বেহুছ। নাৰী মূৰ্তি মোহিনীক দেখিও হৈছিল পাগল। আমাৰ হিচাবে কৃষ্ণইহে ডাঙৰ। তোমালোকেনো আমাৰ আগত কি ফুটনি কৰা?’’

বামাচাৰী আৰু নগা (উভয়ে)ঃ “তই দেখোন বৰ শকত শকত কথা কৱ। তই নাজাননে তোৰ নিচিনা কেৱলীয়াক আমি গোটে গোটে মদৰ লগত গিলিব পাৰোঁ।’’

কেৱলীয়াঃ “বাবাহঁত! মোক কি গিলিবা, গিলিব গ’লেও গলত পথালি হেঙাৰ দিও ধৰিব পাৰোঁ। বিশেষ, আমিও কেৱলীয়া, তোমালোকো সেয়েহে। আমাৰ ঘৰ-দুৱাৰ ল’ৰা-তিৰোতা নাই, তোমালোকৰো (যদি আচল সাধু হোৱা, কৰবাৰ ঠগ নোহোৱা) সেয়ে। তোমালোকৰে আমাৰে প্ৰভেদ এই যে তোমালোকে লেংটি মাৰা, পালে গুপুততে মদে মঙহেও বজাই দিয়া—আমি আমাৰ দেশৰ সাধাৰণ মানুহৰ দৰেই পিন্ধো উৰোঁ। আমি জহা চাউল, মগুমাহ, ঘিঁউ, চেনি ইত্যাদি সু-আহাৰেৰে পেট পুৰাওঁ।’’

এইদৰে দুয়ো দলৰ তৰ্কাতৰ্কি হৈ দুয়ো দলৰ হতাহতি হবৰ উপক্ৰম হ’ল। কেৱলীয়া হ’ল তিনিজন। তেওঁলোকৰ লগতে বৰাগী দুজনো মিল হ’ল! সিফালে অকল বামাচাৰী আৰু নগা দুজন।

হৰদত্তে অনুনয় বিনয় কৰাতহে উভয় পক্ষৰে ভাগ্যে মৰা-মৰি নহ’ল। হৰদত্তে কেৱলীয়া তিনিজনক নিজৰা চ’ৰাঘৰলৈ আনি তাতে ঠাই দিলে। তাৰ পিছত চৌধাৰীয়ে নিশা খাই বৈ উঠি আকৌ এবাৰ বামাচাৰী তান্ত্ৰিকজনৰ ওচৰলৈ আহি এইদৰে কথা-বতৰা হ’লঃ

হৰদত্তঃ “বাবা! তেন্তে আমাৰ হিন্দুৰ উঠিবৰ আৰু কোনো উপায় নাইনে? আহোমৰ এই বৰফুকনটোৰ অন্যায় উৎপীড়ন অধৰম আৰু সহিব নোৱাৰাত পৰিলো। ৰজালৈ জনাই পঠালে ৰজাইও কাণ নকৰে।’’

বামাচাৰী—“বাবা! উপায় আছে। মই দিব্য চকুৰে দেখিছো। তহঁতৰ আহোমৰ পতন অনিবাৰ্য্য। কি জানি মা কালীয়ে তোৰ হতুৱাই কামৰূপত হিন্দু ৰাজত্ব স্থাপন কৰাব পাৰে।’’

হৰদত্তঃ “বাবা! আপুনি এইটো সঠিক কৈছেনে?’’

বামাচাৰী—“বাবা! মই কেতিয়াও মিছা নকওঁ। মই ধ্যানত পাইছোঁ। মোক মা কামাখ্যাই কৈছে।’’

হৰদত্তঃ “বাবা! মইনো এতিয়া তেন্তে কি কৰা উচিত?’’

বামাচাৰীঃ “বাবা! এক কাম কৰ। তই প্ৰথমে এমাহমান নিজান ঠাইত গৈ পূৰঃসৰণ কৰ। তাৰ পিছত তহঁতৰ দেশৰ আটাইবিলাক বৰুৱা-চৌধাৰীক এইবাৰ দুৰ্গোৎসৱকে উপলক্ষে কৰি গোট খুৱাই মেল পাতি বৰফুকনক কৰ-কাটল নিদিবলৈ—তাৰ পিছত লাগে যদি—তাৰে সৈতে ৰণ কৰিবলৈ স্থিৰ কৰ। পাৰিলে দৰঙ্গ, বিজনী, কোচবিহাৰ এই তিনি ৰজাৰো সহায় লয় তেতিয়া আহোম খেদা খাব। কামৰূপত হিন্দু ৰাজ্য স্থাপিত হ’ব।’’

হৰদত্তঃ “বাবা! তেন্তে মই পৰহি মানেই মদন কামদেৱলৈ গৈ তাতে এমাহ পুৰঃসৰণ কৰিম। সেই ঠাই নিজান অথচ মনোৰম। বাবা! আপুনিও মোৰ লগত যাব লাগিব, আৰু মোৰ কৰ্ম দ্ৰষ্টা হ’ব।

বামাচাৰীঃ “কোনো কথা নাই, বাৰু মই যাম। তাতে তোক পুৰঃসৰণ কৰাম। তই এমাহৰ খাব-বৰৰ যোগাৰ লবি, পূজাৰ নিমিত্তে কেইকলহমান কাৰণো লবি।’’

হৰদত্তঃ “ভাল বাবা! সেইদৰে কৰিম।’’ এইদৰে কথা-বতৰা হৈ স্থিৰ কৰি হৰদত্ত চৌধাৰী ঘৰলৈ উলটি আহি নিশাটো শুলে।

########

নৱম অধ্যায়

এইদৰে পৰামৰ্শ হোৱাৰ পিছদিনা ৰাতিপুৱাই কেৱলীয়া আতৈ কেইজনে খাই বৈ উঠি হৰদত্ত চৌধাৰীৰপৰা বিদায় ল’লে। যাবৰ পৰত ক’লেঃ “বাপ! আপুনি কলিতাকুলৰ গৌৰৱ; আপোনাৰ উচিত যে এনেকুৱা ব্যভিচাৰী তান্ত্ৰিক বিদেশী গুণ্ডা সাধুক পোহপাল দিবলৈ এৰি আমাৰ মহাপুৰুষৰ ধৰ্মত আস্থা ৰাখি চলাটো। আমাৰ হিন্দুৰ যে শক্তি-পূজা কৰিবলৈ বল বাঢ়িব আমাৰ হিন্দুৱে যে আহোমক খেদি ৰাজত্ব কৰিব এইটো আমাৰ মনে নধৰে। এতেকে বাপ! ঈশ্বৰ কৃষ্ণই আমাক যাক য’ত যি অৱস্থাত ৰাখিছে তাত সন্তুষ্ট হৈ থকাই ভাল। বাপ! আমি বিদায় মাগিলোঁ।’’

এই কথা কৈ কেৱলীয়া আতৈ কেইজন গুচি গ’ল। হৰদত্ত চৌধাৰীয়ে তেওঁবিলাকৰ কথাত উত্তম অধম একো নকৈ ভায়েক বীৰদত্তক মতাই আনি ক’লেঃ “বাপা বীৰদত্ত! মই কালি পুৱাই এমাহমানলৈ ঘৰ এৰি মদন কামদেৱ দেৱালয়ত গৈ থাকিম। তাত মই দেশৰ ভালৰ অৰ্থে পুৰঃসৰণ কৰিম। আজিয়েই ভাৰীহঁতৰ হাতত এমাহৰ জোখাৰে তিনি চাৰিজন মানুহে খাব পৰাকৈ সম্ভাৰ পঠাই দিবা। চাৰি পাঁচ কলহমান কাৰণো দিহা কৰি পঠাবা। তুমি এই মাহটো ঘৰ-দুৱাৰ চাবা। আহোমৰ টেকেলা বেঙেনাই কৰবাত উৎপাত কৰিলেও সহি থাকিবা। মই পুৰঃসৰণ কৰি নেটাও মানে যেন কোনো গণ্ডগোল নহয়।’’ ককায়েকৰ এইবিলাক কথা শুনি বীৰদত্তে সেইদৰে চাউল-পাত, লোণ-তেল, দালি, ঘিঁউ, উপহাৰ, প্ৰায় কুৰিজনমান ভাৰীৰ কান্ধত দি মদন কামদেৱলৈ পঠালে। হৰদত্ত চৌধাৰীয়ে দুপৰীয়া খাই বৈ উঠি চ’ৰাঘৰত জিৰাইছে, এনেতে গন্ধিয়াৰ ফালৰপৰা দুজন দৈৱজ্ঞ ব্ৰাহ্মণ আহি “চৌধাৰীৰ জয় হওক’’ বুলি উপস্থিত হ’ল। চৌধাৰীয়ে হাতযুৰি নমস্কাৰ কৰি সুধিলে, “দেউসকল! কলৈনো আহিল?’’

দৈৱজ্ঞ দুজনে ক’ল, “ভাদ মাহ পুন্যৰ মাহ—আমি তীৰ্থ ভ্ৰমণ কৰিবলৈ ওলাই আহিছোঁ। ব্ৰহ্মপুত্ৰ পাৰ হৈ প্ৰথমেই পঞ্চ তীৰ্থ কৰিম, তাৰ পিছত পাৰিলে শ্ৰীক্ষেত্ৰ, গংগা, গয়ালৈকো যাম। এই অৰ্থে ঘৰৰপৰা ওলাই আহিছোঁ, আৰু আপোনাৰ নিচিনা ডাঙৰ মানুহ দুই চাৰিজনৰপৰা পালে অলপ অৰ্থ ভিক্ষাও কৰোঁ।’’

দৈৱজ্ঞ দুজনৰ এই কথাত তেওঁবিলাকক বহিবলৈ দি হৰদত্ত চৌধাৰী ভিতৰলৈ গ’ল। নিজৰ আৰু জীয়েকৰ সোঁৱৰণী লৈ আহিল। জীয়েকক মাত দি ক’লে—“বাছা পদুম! বটাত তামোল লৈ আহাচোন।’’

বাপেকৰ আদেশ পাই সৰলপ্ৰাণা অপৰূপ ৰূপলাৱণ্যৱতী পদ্মকুমাৰী আইদেৱে বটাত তামোল-পাণ আনি দেউসকলৰ আগত থলে। চৌধাৰীয়ে মহীৰাম বোলা তেওঁৰ তোলনীয়া ডেকা এজনক মাতি ফলি আৰু ফলিগুটি এযোৰ অনালে। দৈৱজ্ঞ ব্ৰাহ্মণ দুজনে গুৱা কাটি চৌধাৰীৰ আগত থলে। চৌধাৰীয়ে বটাৰপৰা গুৱা লৈ তেওঁবিলাকক বঁটা ওলটাই দিলে; তেতিয়া দৈৱজ্ঞ ব্ৰাহ্মণ দুজনে তামোল চালি খালে। ইয়াৰ পিছতে চৌধাৰীয়ে সোঁৱৰণী দুখন আগবঢ়াই দি ক’লেঃ “দেউসকল! মোৰ সোঁৱৰণীখন আৰু আইদেউৰখনো চাওকচোন।’’

দৈৱজ্ঞ দুজনে প্ৰথমে চৌধাৰীৰ সোঁৱৰণীৰ ৰাশি-চক্ৰ ফলিত পাতিলৈ টোপোলাৰপৰা পাজি উলিয়াই ভালেমান পৰ গণি-পিটি চাই ক’লেঃ “বাপ! আপোনাৰ সোঁৱৰণী বৰ বলী। চতুৰ সিংহাসনি, পঞ্চাননি ইত্যাদি ডাঙৰ ডাঙৰ যোগ আছে। বৰ্তমানে বাপৰ একাদশত বৃহস্পতি। অহা বহাগৰপৰা গুৰু দ্বাদশলৈ যাব। ছবছৰৰ পিছত বাপৰ ৰাশিত শনি প্ৰবেশ কৰিব। এই ছবছৰলৈ বাপৰ দিন বৰ ভাল। শনি প্ৰবেশ কৰাৰপৰা অলপ বেয়া হ’ব।’’

হৰদত্তঃ “দেউসকল! মোৰ যে চতুৰ সিংহাসনি যোগ আছে বুলি কৈছে তেন্তে মই দেখোন ৰজা হ’ব লাগিছিল। ক’তা, দেখোন ৰজা নহওঁ। আপোনালোক গণক বাপুসকলে আমাক ভাল লগাবলৈ হ’বলা যিহকে পায় তাকে লেখি কয়।’’

১ম দৈৱজ্ঞঃ “বাপ! জন্মোতে ৰাশি-চক্ৰ যিদৰে বহে, শাস্ত্ৰে তাৰ ফলাফল যিদৰে কয় আমিও সেইদৰেহে লোখোঁ আৰু কওঁ। বাপৰ চৰ্তুসিংহাসনি যোগ সঁচা; কিন্তু অলপ খুতো আছে। বাপৰ এই চৰ্তুসিংহাসনি যোগৰ লগত শনি আছে। সেই দেখি ৰজা হ’বলগীয়া থকাতো শনিয়ে হ’ব দিয়া নাই। আৰু বাপে এইটোও বুজি নলয় কিয় যে বাপ যি চৌধাৰীপদত আছে ইও ৰাজপদেইহে। অতবিলাক ৰাইজৰ ওপৰত বাপ চৌধাৰী। ৰাইজৰ এক প্ৰকাৰ হৰ্তা-কৰ্তা বিধাতা! কাজে কাজেই বাপ দেখোন আমাৰ মতে ৰজাই। জ্যোতিষৰ কথাতো মিছা হোৱা নাই।’’

হৰদত্তঃ “বাৰু দেউ কওকচোন—এই ছয় বছৰে আৰু তাৰ পিছত মোৰ দশাৰ ফল কি হ’ব?’’

১ম দৈৱজ্ঞঃ “বাপ! এই ছয় বছৰে বাপৰ যেনেহ’লেও জয় জয়। একাদশত বৃহস্পতি। কথাতে কয়—যাৰ ফালে বৃহস্পতি পোন, তাৰ পথাৰত নবয় কোন। ছয় বছৰ পিছত যেতিয়া শনিৰ প্ৰবেশ হ’ব, সেই সময়ত অলপ বিঘিনি হ’ব পাৰে। কিন্তু বাপে যদি আমাৰ মহাপুৰুষ গুৰুৰ চৰণত ভক্তি ৰাখে সেই বিঘিনিও কাটি যাব পাৰে।’’

ইয়াৰ পিছতেই হৰদত্তই জীয়েকৰ সোঁৱৰণীখন চাবলৈ ক’লে। জীয়েকৰ সোঁৱৰণীখন দুয়োজনে বৰকৈ গণি-পিটি ক’লেঃ  “বাপ! মাইছানাক মাতি আনক।’’ আমি মাইছানাৰ হাতখন আৰু কপালৰ ৰেখা চাইহে সঠিককৈ ক’ব পাৰিম। দৈৱজ্ঞ দুজনৰ এই কথাত হৰদত্তে পদ্মকুমাৰী আইদেউক মাতি আনিলে।

 দৈৱজ্ঞ দুজনে হাত আৰু কপাল চাই আইদেউক ভিতৰলৈ যাবলৈ অনুমতি দি ক’লেঃ  “বাপ! মাইছানাৰ কৰ, কোষ্ঠী, কপাল মিলাই চাই পালো যে মাইছানা ৰজাৰ ঘৰত জন্মিব লাগিছিল। কৰ আৰু কালত ৰাজ-ৰাজেশ্বৰীৰ চিহ্ন অঁকা আছে; কিন্তু কোষ্ঠীৰ চতুৰসাগৰী যোগ থকা সত্ত্বেও জন্মত কেতুগ্ৰহ আছে। যদি গুৰু সবল থাকিলহেঁতেন তেন্তে এই কেতুৱেও একো কৰিব নোৱাৰিলেহেঁতেন। কিন্তু জন্মকালীন গুৰু দুৰ্বল। তথাপি মাইছানাৰ কোষ্ঠী বৰ বলী। এওঁ ৰাজপুত্ৰ সদৃশ দৰা পাব লাগে; ধনে-বস্তুৰে বৈ যোৱা হ’ব লাগে।’’ দৈৱজ্ঞসকলে এইদৰে কোৱাত চৌধাৰীয়ে ভাল পাই ভিতৰৰপৰা দৈৱজ্ঞ দুজনক দুটকি কেঁচা ৰূপ দিলে। দৈৱজ্ঞ দুজনে চৌধাৰীক আশীৰ্বাদ দিলেঃ

গবহা বাহনো যেযাং

ত্ৰিকচা কৰভূষণাং

লপসা পত্নয়োৰ্যেসাং

তে দেবাঃ পান্ত বঃ সদা

এই আশীৰ্বাদ দি দৈৱজ্ঞ দুজন গুচি গ’ল। হৰদত্ত চৌধাৰীও ভিতৰলৈ গ’ল।

গধূলি হলত আকৌ চৌধাৰীয়ে মন্দিৰলৈ আহি বামাচাৰীজন সৈতে কথা বতৰা হ’ল। চৌধাৰীয়ে বামাচাৰীজনৰ আগত দৈৱজ্ঞ দুজনে কোৱা কথা ক’ল। বামাচাৰীয়ে ক’ল, “মই আগেয়ে কৈছোঁ তোৰ কপাল বৰ বলী। পুৰঃসৰণটো কৰি ল’লে তই দুৰ্জয় হৰি। এটা বৰফুকন নালাগে দহোটা বৰফুকনেও তোৰ একো কৰিব নোৱাৰিব।’’

দশম অধ্যায়

ফুলনিত

এইদৰে কথা-বতৰা হোৱাৰ পিছদিনা বামাচাৰী তান্ত্ৰিকজনক লগত লৈ হৰদত্ত চৌধাৰী মদন কামদেৱ দেৱালয়লৈ গ’ল। মদন কামদেৱত চৌধাৰীয়ে কি কৰিলে সেই বিষয় পিছত পাব। সদ্যহতে আমি এবাৰ চৌধাৰীৰ ভিতৰ ফুলনিত আজি গধূলি কি হৈছে তাক চাওঁগৈ!

পূব আকাশত পূৰ্ণিমাৰ জোনটি ফট-ফটীয়াকৈ উঠি গধূলিটোক পুলকিত কৰিছে। এই গধূলিতে হৰদত্ত চৌধাৰীৰ জীয়েক অনুপম ৰূপ-লাৱণ্যৱতী পদ্মকুমাৰী আইদেৱে লগত হাত ধৰা লিগিৰী এজনীক লৈ পাছফালৰ পুখুৰীলৈ আহিছিল।

বেটীজনীয়ে ডাঙৰ কলহ এটাত পুখুৰীৰ পানী আনি দিব ধৰিলে। আইদেৱে সৰু লোটা এটাত সেই পানী লৈ ইজুপি সিজুপিকৈ ফুলবিলাকত দিব ধৰিলে। পানী দিয়াৰ লগে লগে গুণ গুণকৈ গালে :–

সইতে কৃষ্ণদেৱ গোপিনীক নেৰিবা।

অক্ৰুৰে লৈয়া গল ৰথতে তুলি

গোপিনী কান্দে মোৰ হা কৃষ্ণ বুলি।

সইতে কৃষ্ণদেৱ… …

কৃষ্ণদেৱ অক্ৰুৰৰ লগে গল চলি

গোপিনী কান্দে মোৰ হা কৃষ্ণ বুলি।

জকমক কৰি ফুলি থকা, গোন্ধে আমোল-মোল ফুলৰ মাজত, পূৰ্ণমাৰ জোনৰ পোহৰত এইদৰে আইদেৱে পানী দি ফুৰিছে। স্বৰ্গৰপৰা নামি অহা দেৱবালাৰ দৰে গুণগুণকৈ গীত গাই ফুৰিছে। ফুলনিৰ আন এপাৰে এজন ওঠৰ বছৰীয়া ডেকাই ভাটিবেলাৰেপৰা বৰশীত মাছ ধৰিছিল; কিন্তু এতিয়া গধূলি হ’লত বৰশী সামৰি পুখুৰীৰ পাৰত বহি অলপ জুৰ বতাহ লৈছিল। মাজে মাজে ওপৰৰ নিৰ্মল আকাশখনলৈ আৰু জোনবাইটিলৈ চাই তেৱোঁ, গুণ গুণ কাৰ গাইছিলঃ

শুৱনি ফুলনিত              ফুলি আছে ফুল

গোন্ধতে মল মলাই।

ফুলি আছে জাতি                টগৰ মালতী

আৰু যে খৰিকাজাঁই।

শেৱালী নেৱালী            পলাশ পাৰলি

সৌৰভৰ নাৰ্হিকে ঠাই।

কলীয়া ভোমোৰা           ফুলৰ মাজে মাজে

চুপি চুপি উৰি ফুৰে।

ৰই ৰই ৰই            কুলিয়ে মাতিছে

মলয়া বলিছে ধীৰে।

নিৰ্মল গগনে              উদিছে চন্দ্ৰমা

শীতল কিৰণ ঢালি।

মোৰ মন প্ৰাণ        কিয় উত্ৰাৱল

নেজানো মই সমূলি।

    এইদৰে গীত গোৱা শেষ হলত ডেকাজনে লাহেকৈ খালৈটো আৰু বৰশীটো লৈ উঠি ঘৰমুৱা হ’ল! বাটতে তেওঁ পদুম আইদেউক সেইদৰে ফুলত পানী দি ফুৰা দেখি মাত লগালেঃ পদুম কি কৰিছা?’’

    পদুমঃ “এই ফুল কেইজুপিত পানী দিছোঁ। তুমিনো আজি মাছ কিমান পালা চাওঁ।’’ এইবুলি পদুমী কাষলৈ গ’ল। ডেকাজনে খালৈটো দেখুৱাই লাহেকৈ ক’লে—“পদুম! আজিকালি দেখোন তুমি মোক দেখিলেই সাউত কৰে পলোৱা, আগৰ দৰে দেখোন ওলাই সোমাই কথা নোকোৱা! কাৰণটো কি? কিবা দায়-জগৰ লগালো নেকি?’’

    পদুমঃ “একো দায় জগৰ লগোৱা নাই’’ এইষাৰ কৈয়েই পদুম সাউতকৈ গুচি গৈ আকৌ ফুলত পানী দিব ধৰিলে। ডেকাজনে ঘৰলৈ আহি খালৈটো চৌধাৰিণীৰ হাতত দি ভৰি-হাত ধুই নিজৰ খোটালি সোমাল।

#######

একাদশ অধ্যায়

মদন কামদেৱৰ মন্দিৰ

আমাৰ অসমৰ কামৰূপ জিলাখন বুৰঞ্জীৰ আদিৰেপৰা অতি প্ৰসিদ্ধ ঠাই। কামৰূপ জিলাৰ তিনিকুৰি পাঁচখন মৌজাৰ ভিতৰত প্ৰায় প্ৰত্যেকখনতেই এখন নহয় এখন মঠ বা থান আচে। গুৱাহাটী চহৰৰ মাজেদি বৈ যোৱা ব্ৰহ্মপুত্ৰৰ দুয়োপাৰ যেনে প্ৰাকৃতিক সৌন্দৰ্য্যেৰে শোভনীয়, তেনেকৈ আকৌ প্ৰায় প্ৰত্যেকটো পাহাৰৰ ওপৰতে মঠ দূৰৰপৰা জিলিকি থাকে। বিদেশীসকলে যে কয় “অন্যত্ৰ বিৰলা দেৱী কামৰূপে গৃহে গৃহে’ এই কথাফাকি তেনেই সঁচা। আমি কামৰূপবাসীয়ে সদায় কামৰূপত থাকি কামৰূপৰ বিশেষ কৰি গুৱাহাটীৰ সৌন্দৰ্য্য উপলব্ধি কৰিব নোৱাৰো, কিন্তু বিদেশৰ মানুহে আহি কামৰূপ দেখিলেই আনন্দত আপ্লুত হয়। হবৰে কথা! এনেকুৱা প্ৰাকৃতিক সৌন্দৰ্য্য, এনেকুৱা বিশাল ব্ৰহ্মপুত্ৰ নদ, এনেকুৱা পাহাৰ, টিলা, হ্ৰদ, নিজৰা, সমতল একেলগে ক’ত?

ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে প্ৰায় দহ বাৰ মাইল আঁতৰত কমলপুৰ ছুটীয়াপাৰা আলিৰ সংগমৰ দক্ষিণ ফালে জিকেৰিৰপৰা প্ৰায় আঠ মাইল আঁতৰত ছুটীয়াপাৰা পাহাৰৰ মাজত কামদেৱৰ মন্দিৰ। এই ঠাইতে হেনো হৰ কোপানলত ভস্ম হোৱা কামদেৱে পুনৰ জীৱন লভিছিল। দৰাচলতে ঠাই ডোখৰৰ যেনে সৌন্দৰ্য্য আৰু ওচৰৰ হাৱা পানী যেনে চিকুণ, এইবিলাকলৈ চালে বোধ হয় ইয়াত যেন বসন্ত ঋতু সদায় বৰ্তমান। ইয়াত ভস্মীভূত হোৱা কামদেৱে পুনৰ জীৱন পোৱা যেনেই লাগে। উত্তৰ গুৱাহাটীৰপৰা ছিলা সিন্দুৰি ঘোপাৰ আলিয়েদি পোনে পোনে উত্তৰ মুখলৈ গৈ থাকিলে প্ৰায় এঘাৰ মাইলৰ মূৰত সিফালে কমলপুৰৰপৰা অহা দুমনী চকিৰ আলি পোৱা যায়। সেই আলিয়েদি কেইটাৰমান গলেই দক্ষিণ ফালে দমন কামদেৱলৈ যোৱা বাটটো পোৱা যায়। এই বাটৰ আৰম্ভৰেপৰা সোঁহাতে পাহাৰ, বাঁওহাতে এখন সৰু পথাৰ। পথাৰৰ সিপাৰে আকৌ এটা পাহাৰ। এই বাটেদি আধা মাইল মান গ’লেই মদন কামদেৱৰ মঠ-মন্দিৰ পোৱা যায়। বাটৰ কোনো কাষতেই ঘৰ-দুৱাৰ নাই। বাটৰ দুয়ো কাষ নিবিড় অৰণ্য। আমি যি কালত এই বাটেদি গৈ এই মঠ আৰু মন্দিৰ দৰ্শন কৰিছিলোঁ, সেই কালত এই বাটেদি অকলশৰীয়াকৈ এটি বা দুটি মানুহ যাব নোৱাৰিছিল—বাটত বাঘৰ ভয়, বাটটো নিৰ্জন; কিন্তু দৃশ্য হ’লে মনোৰম। আমাৰ হৰদত্ত চৌধাৰীয়ে লগত সেই বামাচাৰী তান্ত্ৰিকজনক লৈ এই বাটেদিয়েই এই মন্দিৰলৈ আহিছিল আৰু আগৰেপৰা নিৰ্দিষ্ট কৰি থোৱা ঘৰটিত আশ্ৰয় লৈছিল। আশ্ৰয় লোৱাৰ পূৰ্বেই অৱশ্যে তেওঁ মন্দিৰৰ ভিতৰত থকা শিৱমূৰ্তিক মদন কামদেৱৰ মূৰ্তিক সেৱা সৎকাৰ কৰিছিল।

দ্বাদশ অধ্যায়

জিকেৰিত

ইফালে সেই নিশা পদুমকুমাৰীয়ে মহীৰামক তেওঁৰ প্ৰশ্নৰ কোনো উত্তৰ নিদি সাউত কৰে গুচি যাবৰেপৰা মহীৰামৰ মনত নানাভাৱে তোলপাৰ লগাব ধৰিলে। নিশা কোনোমতে ভাত চাৰি গৰাহমান খাই মহীৰামে শোৱা পাটীত পৰি ভাবিব ধৰিলে।

পাঠক!

মহীৰামৰ ভাবনা-চিন্তাৰ বিষয়ে বৰ্ণনা কৰাৰ আগেয়ে মহীৰামনো কোন, ক’ৰ ল’ৰা, এই বিষয়ে অলপ কলেহে বোধ কৰোঁ কথাটো বিশদ হ’ব। মহীৰামৰ আগৰ ঘৰ ৰঙিয়াৰ ধনৰা গাঁৱত আছিল। তেওঁ এজন সদ্বংশজাত কলিতাৰ ল’ৰা। বাপেক একালত সেই মৌজাৰে চৌধাৰী আছিল। কুলে, শীলে, মানে-মৰ্যাদাই, বয়ে-বস্তুয়ে, মাটিয়ে-বৃত্তিয়ে, বেটীয়ে-বন্দীয়ে মহীৰামৰ বাপেক হৰদত্ত চৌধাৰীতকৈ কোনো অংশে হীন নাছিল। কিন্তু মহীৰাম বাপেকৰ মহীৰামত বাজে আন কোনো ল’ৰা-ছোৱালী নাছিল। কালৰ কুটিল গতিত মহীৰামৰ মাক-বাপেক উভয়ে বছৰেকৰ আগ-পিছ কৰি মহীৰামক দুবছৰীয়া কেঁচুৱা অৱস্থাতে মাউৰা কৰি পৰলোকলৈ গৈছিল। গাঁৱৰ মানুহে আন কি মহীৰামৰ নিজা বৰবাপেকেও মহীৰামৰ প্ৰতিপালনৰ ভাৰ গাত ল’বলৈ আগ বাঢ়িব নোৱাৰিলে। সেই কালত জিকেৰিৰ হৰদত্ত চৌধাৰীয়েই প্ৰতাপী আছিল। কিন্তু প্ৰতাপী হ’লেও হৰদত্তৰ মহৎ গুণ এটা আছিল এই যে তেওঁ স্বজাতি আৰু স্বদেশৰ নিমিত্তে পৰি মৰা বিধৰ মানুহ আছিল। সেই দেখি মহীৰামক মাউৰা পাই হৰদত্তে নিজ জাতৰ আন আন সকলোৰে সন্মতিক্ৰমে নিজৰ ঘৰলৈ আনিছিল আৰু সেই অকালন অৱস্থাৰেপৰা তুলি-তালি ডাঙৰ-দীঘল কৰিছিল। অৱশ্যে হৰদত্ত চৌধাৰীয়ে মহীৰামৰ লগতে মহীৰামৰ বেটী বন্দী চাৰি ঘৰকো তুলি আনিছিল আৰু মহীৰামৰ মাটি-বৃত্তিবিলাকো চলাইছিল! সেই দুবছৰীয়া বয়সৰেপৰা মহীৰামক হৰদত্তই পুত্ৰৰ দৰে মৰম কৰিছিল। নিজৰ সন্তানাদি তেওঁৰ ভালেমান বছৰ বয়সলৈকে নোপজা দেখি চৌধাৰীয়ে একো একো সময়ত মনতে মহীৰামক পোষ্য পুত্ৰ কৰিবলৈকো ভাব কৰিছিল, কিন্তু পিছত কন্যা এফেৰা জন্মিবৰেপৰা সেই ভাব এৰি মহীৰামক নিজৰ এজন যেন ভাবিয়েই মৰম কৰিছিল। পদ্মকুমাৰী উপজি খোজ কাঢ়ি লৰি ফুৰিব পৰা হ’বৰে পৰা মহীৰাম পদ্মকুমাৰীৰ খেলৰ লগৰীয়া হৈছিল। পদ্মকুমাৰীতকৈ মহীৰাম পাঁচ বছৰ বয়সৰ ডাঙৰ আছিল। সৰুৰেপৰা মহীৰামে পদুমে একেলগে খেলিছিল; একেলগে ফুৰিছিল, একেলগে ফুলনিলৈ গৈ ফুল ছিঙিছিল আৰু পখিলা খেদি ফুৰিছিল। পদ্মকুমাৰীয়ে মহীৰামক মহী-দা বুলি মাতিছিল। ল’ৰাছোৱালী হালেই যেন একে ঠাৰিতে লগা এযুৰি ফুলহে। মহীৰামৰ বয়স হলত নিজৰ বেটী-বান্দী কেইজনীৰপৰা জানিছিল যে তেওঁ মাউৰা; চৌধাৰীৰ তোলনীয়া ল’ৰাহে। তেওঁৰ আচল ঘৰ মাটি বৃত্তি ধৰোতাহে। মহীৰামে এইবিলাক কথা জনা হলতো হৰদত্ত চৌধাৰীক পিতৃৰূপে আৰু তেওঁৰ পত্নীক মাতৃৰূপে মানিছিল।

সেই নিশা খাই উঠি পাটীত পৰি মহীৰামে ভাবিছিল—“মোৰ দেখোন ইহ সংসাৰত আই, ভাই, বোপাই কেৱে নাই। সৰুৰেপৰা মোক চৌধাৰীয়েই মৰম কৰি ভাত কাপোৰ দি পুত্ৰ সদৃশে লালন-পালন কৰি ডাঙৰ দীঘল কৰিছে। সৰুৰেপৰা মই পদুমক খেলাৰ লগৰী পাইছো। আগেয়ে দেখোন পদুমে মোৰ আগত কোনো লাজ কোনো ভয় কৰা নাছিল। এতিয়া আজি বছৰেকৰ পৰানো পদুমৰ কি হ’ল? তেওঁ দেখোন আজিকালি সমুখলৈ নোলায়ো আৰু নামাতেও। চৌধাৰী চৌধাৰিণীয়ে কিবা হকা-বধা কৰিছে নেকি? হকা-বধা কৰিবৰো দেখোন একো কাৰণ নেদেখোঁ। আগেয়ে দেখোন তেওঁবিলাকে কোনো হকা-বধা কৰা নাছিল। এতিয়ানো কিয় কৰিব? বাৰু মোৰ মনে নো কি কয়। কচোন মন ! তইনো পদুমক নেদেখিলে, পদুমে সৈতে কথা-বতৰা পাতিব নাপালে, কিয় বেয়া পাৱ? পদুমনো তোৰ কোন? কিয় ! সৰুৰেপৰা তেওঁ দেখোন খেলাৰ লগৰী। ফুলনিত ফুল ছিঙি ফুৰাৰ জিঞা আৰু পখিলা ধৰাৰ লগৰী বাটত ধূলি-বালিৰে ওমোলাৰো লগৰী পদুম দেখোন মোৰ আপোন ! পদুমক মই ভাল পাওঁ—নাপাইও নোৱাৰো। বাৰু ! পদুমেনো মোক ভাল পায়নে? কিয়নো ভাল নাপাব ! তাহানিখন দেখোন উমলি জামলি ফুৰোঁতে কেতিয়াবা মই ধেমালি কৰি সোধাত পদুমে দেখোন কৈছিল, “মহী দা ! মই তোমাক ভাল পাওঁ।’’ পদুমেনো এইবোৰ মিছাকৈয়ে কৈছিল নে? মিছা কবৰ তো কোনো কাৰণ নাই। তেনেহলেনো পদুম আজিকালি মোৰ ওচৰ নাচাপে কিয়? মই কেতিয়াবা টান মুখে কিবা কৈছিলো নেকি? কতা, দেখোন মনত নপৰে ! লৰালি কালত তেওঁ মোক কিমান দিগ কৰিছিল তথাপি মইতো এদিনলৈকো টান মুখে কোনো কথা কোৱা নাই। তেন্তেনো কিয়, পদুমে এনেকুৱা কৰে? পদুমে আজিকালি মোক ভাল নাপায় নেকি? কিয়নো নাপায়? কিজানি পদুমে জানিছে—মই চপনীয়া, মাক বাপেকৰ তোলনীয়া ল’ৰাহে; তেওঁলোকৰ আপোন ল’ৰা নহয়—সেই বাবেই পদুমে এতিয়া জনা বুজা হোৱাত মোলৈ এইদৰে অৱহেলা ভাব দেখুৱাব ধৰিছে হ’বলা। অৱশ্যে মই পৰৰ ল’ৰা। কিন্তু পদুমৰ দেখোন এতিয়ালৈকে আপোন-পৰ এনেকুৱা ভাব নাই। তেন্তেনো কিয় পদুমে আজি মোৰ লগত এইদৰে ব্যৱহাৰ কৰিলে। ইওতো হ’ব পাৰে যে পদুম জীয়ৰী ছোৱালী, এজনলৈ বিয়া দিবই লাগিব। সেই দেখিয়েই হ’বলা লাজ কৰাত পৰিছে। ক’তা? সেই বিষয়েও দেখোন ক’তো সম্বন্ধ স্থিৰ কৰা নাই। মন স্থিৰ হ। হৃদয়, ধৈৰ্য্য ধৰ। বাৰু ! মোৰ মননো পদুমীলৈ কেনেকুৱা ! সদায়নো মোৰ মনটোৱে পদুমীক চাই থাকিবলৈ, তেওঁৰ লগত কথা-বতৰা হ’বলৈ কিয় ইচ্ছা কৰে? মই দেখোন মাউৰা। পদুমীৰ মাক বাপেক দদায়েক সকলো আছে। তেওঁ ডাঙৰ ঘৰৰ জীয়ৰী। মোৰ যোৰৰ নহয় চাগৈ—সেইবাবেই কি জানি পদুমীয়ে আজিকালি মোক হেয় কৰে। ইত্যাদি নানা কথা ভাবি ভাবনাৰ একো ওৰ পেলাব নোৱাৰি মহীৰামে দীঘলকৈ এটা হুমুনিয়াহ কাঢ়ি পাটীত শুই পৰিল। নিদ্ৰা দেৱীয়ে বোধ কৰো মহীৰামৰ সকলো দুখ-ভাগৰ-চিন্তাৰ সেই নিশালৈ ওৰ পেলালে।

ত্ৰয়োদশ অধ্যায়

মদন কামদেৱত

মদন কামদেৱত উপস্থিত হ’বৰ পিছদিনা হৰদত্তে বামাচাৰী তান্ত্ৰিকজনক ক’ল, “বাবা ! আজিৰেপৰা পুৰঃসৰণ আৰম্ভ কৰিম নে?’’

বামাচাৰীঃ “বাবা ! আজি তিথি, বাৰ, নক্ষত্ৰ ভাল নহয়। বিশেষ, মন্দিৰত বহি পুৰঃসৰণ কৰাৰ আগেয়ে তুমি শৱ-সাধন কৰিব লাগিব।’’

হৰদত্তঃ ‘‍‘বাবা! শৱ-সাধন তো বৰ কঠিন কাম। প্ৰথমতঃ মোৰ উত্তৰ সাধকনো কোন হ’ব; দ্বিতীয়তঃ শৱ ক’ত পাম? আৰু শেহত এই শৱ-সাধনৰ ফলেই বা কি হ’ব?’’

বামাচাৰীঃ ‘‍‘বাবা! বীৰ হ’বলৈ গ’লে এনেকুৱা কঠিন কাম কৰি তাৰ পিছত পুৰঃসৰণ কৰিহে সিদ্ধি লভিব লাগিব। ইন্দ্ৰিয় অৰ্থাৎ কামৰিপু দমন কৰিবলৈ হ’লে শাক্তই লতা-সাধন কৰিব লাগে। বীৰ হ’বলৈ ইচ্ছা কৰিলে শাক্তই শৱ-সাধন কৰিব লাগে। তুমি শাক্ত, শক্তি উপাসক। সাধাৰণ ভাবে থাকিব খোজা হ’লে তুমি অকল শুদ্ধাচাৰত থাকিয়েই পুৰঃসৰণ কৰিব পাৰিলাহেঁতেন। কিন্তু তোমাৰ উদ্দেশ্য হৈছে নিজে বীৰত্ব লভি তোমাৰ কামৰূপ ৰাজ্যক আহোমৰ হাতৰপৰা উদ্ধাৰ কৰাটো। সেই দেখি তুমি দৈব্য বলে বলীয়ান হৈ, বামাচাৰী হৈহে বৰফুকনৰ নিচিনা জনৰ লগত যুজিব পাৰিবা।’’

হৰদত্তঃ ‘‍‘বাৰু বাবা ! আপুনি যি কৈছে মই তাকে কৰিম। কিন্তু উত্তৰ সাধক আৰু শৱৰ কি দিহা হ’ব?’’

বামাচাৰীঃ ‘‍‘ভয় নাই। মই তোমাৰ উত্তৰ সাধক হ’ম। শৱৰ বিষয়েও চিন্তা নকৰিবা। অহা শনিবাৰে দুপৰীয়া কাটনি গাঁৱৰ আদহীয়া বয়সৰ মানুহ এজন জ্বৰ বিকাৰ বেমাৰত মৰিল। গোটজ্ঞাতিসকলে মদন কামদেৱৰপৰা প্ৰায় আধা মাইল মাথোন আঁতৰতে পথাৰত শৱটো পুতি থলে। সেই শনিবাৰে গধূলি হলতে বামাচাৰী আৰু হৰদত্ত উভয়ে দুটেকেলি কাৰণ, কিছু ৰঙা জবা ফুল, কিছু সৰিয়হ লৈ মৰিশালি পালেহি। বাঘ, ঘোঙ, গাহৰি, হাতী—একোলৈকে ভয় নকৰি উভয়ে কোৰ এখনেৰে খানি খানি শৱটো তুলিলে। তাৰ পিছত ওচৰৰ নিজৰাৰ পৰা পানী আনি শৱটো স্নান কৰাই চিত কৰি ল’লে। তাৰ পিছত বামাচাৰী তান্ত্ৰিকজনে শৱটোৰ চাৰিওফালে মন্ত্ৰ মাতি সৰিয়হ গালৈ ছটিয়াই দিলে। উদ্দেশ্য যে সেই সৰিয়হেৰে বেড়া ঠাই ডোখৰৰ ভিতৰলৈ যেন কোনো ভূত, প্ৰেত, পিশাচ, তাল, বেতাল, বাঘ, ঘোঙ, সাপ একো সোমাব নোৱাৰে। ইয়াৰ পিছত দুয়ো টেকেলিত নিয়া মদ মন্ত্ৰপুত কৰি খালে। ইয়াৰ পিছত বামাচাৰীজনে সেই ঠাইৰপৰা আঁতৰি গৈ পঁছিশ নলমান আঁতৰত এজোপা গছৰ তলত বহিলগৈ। হৰদত্তে শৱটোৰ ওপৰত সিদ্ধাসন কৰি বহি সেই শৰীৰৰ অংগাদি শুদ্ধি কৰি লৈ পূৰক কৰিবলৈ নাকত হাত দিলে, সেই মুহূৰ্তেই যেন দুয়ো ফালৰ দুয়োখন পাহাৰতে ভয়ংকৰ শব্দ উঠিল—যেন গছ বিৰিখা বিনা বতাহতে ভাঙি পৰে, যেন পাহাৰটো উলটি পৰে। হৰদত্তৰ বুকু কঁপিল; কিন্তু ঠিক সেইখিনি সময়তে সিফালে উত্তৰ সাধক বামাচাৰীজনে চিঞৰ মাৰিলে—‍‘‍‘মাভৈঃ’’। উত্তৰ সাধকজনে এই শব্দ কৰা মাত্ৰেই হৰদত্তে দেখিলে যে সমস্ত উৎপাত থামি গ’ল। হৰদত্তে তেতিয়া নিয়মমতে পূৰক, কুম্ভক, ৰেচক কৰি প্ৰণায়াম কৰিলে। প্ৰাণায়াম কৰি হৰদত্তে আকৌ যি মুহূৰ্ততে জপত ধৰিলে সেই মুহূৰ্ততে আকৌ ভয়ংকৰ উৎপাত হ’ল—যেন চাৰিওফালৰপৰা মৃত শৱবিলাক উঠি পিশাচ আকৃতি ধৰি হৰদত্তক খেদি আহিছে। আকৌ হৰদত্তৰ বুকু কঁপিল; কিন্তু ঠিক আকৌ সেইখিনি সময়তে সেই উত্তৰ সাধকে ‍‘‍‘মাভৈঃ’’ বুলি চিঞৰ লগালে, আকৌ সমস্ত উৎপাত থামি গ’ল। হৰদত্তে ইষ্ট জপত লাগিল। ওৰেও নিশাটো হৰদত্তে জপ কৰিলে। এই জপৰ সময়ত কত যে বাঘ, ভালুক, সাপ, ভূত, প্ৰেত, দৈত্য দানৱৰ বিভীষিকা হৰদত্তে দেখিলে তাৰ সীমা সংখ্যা নাই। ৰাতি পুৱাওঁ পুৱাওঁ হ’ল; তেওঁৰ জপ শেষ হওঁ হওঁ হ’ল, এনেতে মৃত শৱটোৱে (যাৰ ওপৰত হৰদত্তে সিদ্ধাসন কৰি বহিছিল) ফেট্ খাই উঠি হৰদত্তৰ গলৰ ৰুদ্ৰাক্ষৰ মালাধাৰত কামোৰ মাৰি ধৰিলে। হৰদত্তে এইবাৰ কোনো ভয় নকৰি তেওঁৰ ইষ্ট গুৰুক স্মৰণ কৰিলে। এনেতে ঠিক সেই সময়তে সিফালে উত্তৰ সাধকেও ‍‘‍‘মাভৈঃ’’ এই শেহ চিঞৰটো মাৰিলে। উৎপাত থামিল। হৰদত্তৰ চকু তন্দ্ৰাত পৰাৰ দৰে মুদ খালে। হৰদত্তে দেখিলে যেন দুৰ্গতি নাশিনী, ভব-ভয়হাৰিণী, তাৰিণী মা দুৰ্গাই এটি দিপ্ লিপ্ সুন্দৰী ছোৱালীৰ বেশেৰে আহি সুধিলেঃ ‘‍‘বাছা হৰদত্ত ! তোক কি বৰ লাগে ল’’।

হৰদত্তে ক’লেঃ ‘‍‘মা ! মোক এই বৰ লাগে যেন মই কামৰূপখনক আহোমৰ হাতৰপৰা উদ্ধাৰ কৰিব পাৰোঁ।’’

   দেৱীয়ে হেনো ক’লেঃ ‘‍‘বাছা ! অকল কামৰূপ কিয় গোটেইখন আসামেই আহোমৰ হাতৰপৰা উদ্ধাৰ হ’ব, কিন্তু তাৰ আগেয়ে মানুহৰ বহুত ক্লেশ আৰু দুৰ্গতি হ’ব’’—এইবুলি কৈ দেৱী অন্তৰ্ধান হ’ল। হৰদত্ত মাটিত চেতনাবিহীন হৈ মুচ্ কচ্ গৈ পৰিল। উত্তৰ সাধকে তৎক্ষণাৎ লৰি আহি হৰদত্তৰ কাণত জপ ধৰিলে। তাৰ পিছত টেকেলিত থকা বাকীখিনি কাৰণ হৰদত্তৰ মুখত ঢালি দিলে। হৰদত্তে চেতনা লভি দুৰ্গা দুৰ্গা বুলি উঠিল। তেতিয়া বামাচাৰী আৰু হৰদত্ত উভয়ে তাৰ পৰা আহি স্নান কৰি কানি কাপোৰ সলাই মদন কামদেৱৰ মন্দিৰত সোমাল; আৰু সেইদিনাৰেপৰা হৰদত্তে পুৰা এমাহলৈকে পুৰঃসৰণ কৰি অটাই, বামাচাৰীজনক দান-দক্ষিণা দি বিদায় দি ঘৰলৈ উলটিল। হৰদত্তৰ বিশ্বাস হ’ল যে তেওঁ কামৰূপৰপৰা বৰফুকনৰ শাসন উঠাব পাৰিব।

চতুৰ্দশ অধ্যায়

জিকেৰিত

নিজ ঘৰ পাই হৰদত্ত চৌধাৰীয়ে পাঁচ-ছয় দিনমান জিৰণি ল’লে। তাৰ পিছত ভায়েক বীৰদত্তে সৈতে সহযুক্তি কৰি স্থিৰ কৰিলে যে এইবাৰ তেওঁবিলাকে দুৰ্গোৎসৱ বৰ ডাঙৰকৈ পাতিব আৰু তালৈকে ইফালে বক্তমল বুজৰবৰুৱা, আৰু সিফালে বৰনগৰীয়া বুজৰবৰুৱাকে প্ৰমুখ্য কৰি কামৰূপৰ ডাঙৰ ডাঙৰ বিষয়া সকলোকে নিমন্ত্ৰণ কৰি আনিব—উদ্দেশ্য সকলোকে গোটাই-পিটাই যাতে আহোমৰ হাতৰপৰা কামৰূপ উদ্ধাৰ হয় তাৰ চেষ্টা কৰিব।

    পৰামৰ্শ অনুসৰি কাম আৰম্ভ হল। হৰদত্তই চাৰিওফালৰপৰা খোৱা বয়বস্তু গোটাব ধৰিলে। পূব-বাস্কা, উত্তৰ বাস্কা, পাণ্ডুৰি বৰিগোগী ইত্যাদি পৰগণাৰ চৌধাৰীসকলৰ ঘৰে ঘৰে নিজে গৈ ভাৰসা জনালে। সকলোৰেপৰা ধান, চাউল, মাহ, মুগ, তেল, ঘিঁউ, গুড় গোটালে। উত্তৰ পাৰৰ সমস্ত ব্ৰাহ্মণ পণ্ডিতসকলক নিমন্ত্ৰণ কৰিলে। নিমন্ত্ৰিতসকলৰ থকা-মেলাৰ অৰ্থে প্ৰায় আধামাইল জুৰি অলেখ বাহৰ সজালে। বয়-বস্তু জমা ৰাখিবৰ নিমিত্তে নতুনকৈ কেইটামান ভৰাল সজালে। বাৰে বাৰে মানুহ নিযুক্ত কৰিলে। পূবপাৰ, হাজো, মদাৰতলা, বাইহাটা, দক্ষিণ বৰক্ষেত্ৰি, নলবাৰী ইত্যাদি সকলো ঠাইৰে নিজৰ কলিতা জাতিবৰ্গক নিমন্ত্ৰণ কৰি নি কাৰবাৰি পাতিলে। সমস্ত আয়োজন অতি সুন্দৰকৈ কৰিলে।

    হৰদত্তৰ এই উদ্যোগৰ বিষয়ে গুৱাহাটীৰ বৰফুকনে তলে তলে চোৰাংচোৱাৰ মুখে সকলো বাতৰি পাই আছিল। কিন্তু হৰদত্তে কি উদ্দেশ্যে নো এইবাৰ দুৰ্গোৎসৱটো ডাঙৰকৈ পাতিছিল, তাৰ সঠিক নাজানিলেও বৰফুকনে নিজৰ মনৰ গোন্ধেৰেই বুজিছিল যে এই আড়ম্বৰৰ ভিতৰত নিশ্চয় কিবা এটা বেয়া উদ্দেশ্য আছিল। সেই দেখি তেওঁ নলবাৰীৰ বুজৰবৰুৱাক দুৰ্গোৎসৱলৈ পোন্ধৰ দিনমান থকাৰ আগেয়ে মাতি আনি এহাতে প্ৰলোভন আৰু আনহাতে ভয় দেখুৱাই আদেশ কৰিছিল তেওঁ যেন ৰজাৰ ফলীয়া অৰ্থাৎ তেওঁৰে ফলীয়া থাকে। আৰু যদি হৰদত্তে কিবা বেয়া মতলব খেলে তেন্তে সেই কথা যেন তেওঁক দাঁড়কদাঁড়ে জনায় আৰু লাগিলে সময় পৰত যেন সহায়ো কৰে। বুজৰবৰুৱাই বৰফুকনৰ এই ভিতৰ টিপনিও এৰিব নোৱাৰিলে, অথচ ইফালে হৰদত্তৰ নিমন্ত্ৰণো ৰক্ষা নকৰি নোৱাৰি মহা সংকটত পৰিল। তেওঁ শেহত ভাবি-চিন্তি চাই নিজে হৰদত্তৰ দুৰ্গোৎসৱলৈ নগৈ ভায়েকক অলপ বয়েবস্তুৰে সৈতে পঠালে। ভায়েক কিদৰে চলিব তাৰো এফেৰা টিপনি দিলে।

    নিয়ন্ত্ৰণ অনুসৰি বুজৰবৰুৱা দুজনত বাজে কামৰূপৰ আন সকলোবিলাক বিষয়াৰে হৰদত্তৰ ঘৰত পঞ্চমীৰ দিনৰেপৰা গোট খাব ধৰিলে। চণ্ডী বুজৰবৰুৱাৰো নহাৰ কাৰণৰ মূলত বৰফুকনৰ টিপনি আৰু ধমক। তেৱোঁ সেইদৰে নিজে নাহি বয়ে-বস্তুৱে সম্পৰ্কীয় কায়স্থ এজনক পঠাইছিল।

    চাওঁতে চাওঁতে হৰদত্তৰ হাউলিত আনকি গোটেইখন জিকেৰি গাঁৱতে লোকে লোকাৰণ্য হৈ পৰিল। হৰদত্ত চৌধাৰীৰ ঘৰত ৰাজসূয় যজ্ঞ হোৱাদি হ’ল। বয়-বস্তুৰ সীমা সংখ্যা নাই। কৰোঁতাই কৰিছে, দিওঁতাই দিছে, লওঁতাই লৈছে, খাওঁতাই খাইছে। উৎসৱৰ নিমিত্তে কামৰূপৰ প্ৰসিদ্ধ তিনি যোৰ ঢুলীয়া (যথা বৰ্নেবাৰীয়া শলমৰীয়া, মাধপুৰীয়া) আনিছে। নটুৱাই সৈতে চাৰি পাঁচ যোৰা গায়ন-বায়ন আনিছে। পুববাস্কা, উত্তৰবাস্কা, এইবিলাক ঠাইৰপৰা মাদোল বজোৱা কছাৰী দলো আনিছে।

    ষষ্ঠীৰ বেল-বোধন গধূলিতে আৰম্ভ হ’ল। প্ৰসিদ্ধ ঢুলীয়া তিনিযোৰে ঢোল বজালে। আঠ দহজন কালীয়াই কালী বজালে, কছাৰীসকলে মাদোল বজালে। ব্ৰাহ্মণসকলে শংখ ফুৱালে, বৰকাঁহ, শিঙা, ঘণ্টা, দবা বজালে। তিৰোতাসকলে উৰুলি দিলে। এই গোটেইবিলাকৰ শব্দ মিলি কি যে এটা মহাশব্দ হৈছিল এই বিষয়ে আমাৰ পাঠক-পাঠিকাসকলেই অনুমান কৰক।

    সপ্তমীৰ দিনা পুৱাৰেপৰা পূজা আৰম্ভ হ’ল। বেলি আঠ নটা মান বজাত আকৌ ঢুলীয়া-খুলীয়া, গায়ন-বায়ন, কালীয়া, মাদল-কোবোৱাসকলে আৰতিৰ শংখ, ঘণ্টা, কাঁহ বজোৱাৰ লগে লগে নিজ নিজ বাজনাবিলাক বজালে। ন-দহোটা বজাৰ সময়ত কুৰি পঁচিশটামান পঠা বলি পৰিল। বৈষ্ণৱ পন্থৰ বৰুৱা-চৌধাৰীসকলে সেই বলি নাচালে। শাক্ত পন্থৰ সকলে মহা উলাহেৰে সেই বলি দৰ্শন কৰিলে। হৰদত্ত চৌধাৰীয়ে গদগদভাৱে মাতৃক সেৱা কৰিলে। বীৰদত্তকে প্ৰমুখ্য কৰি আন আন মুখিয়ালসকলে আলহীসকলৰ সেৱা শুশ্ৰূষাত ৰল। দুপৰীয়া খাই বই উঠি দেৱীঘৰৰ প্ৰকাণ্ড সভাৰ তলত সকলোবিলাক বৰুৱা চৌধাৰী বহিলহি। হৰদত্ত, বীৰদত্ত উভয়ে প্ৰত্যেকজন আলহীৰ আগত হাতযুৰি অভ্যৰ্থনা জনালে। তাৰ পিছত হৰদত্তে ক’লে ‍‘‍‘বাপসকল! আজি এইবেলা ওঝা পালীৰ পদকে গোৱাম নে কছাৰীসকলৰ মাদোল নাচকে কৰা?’’ সকলোটি বৰুৱা আৰু চৌধাৰীয়ে ক’লে—‍‘‍‘আজি এইবেলা ওঝাপালীৰ পদকে গোৱা হওক। ভাটীবেলালৈকে পদ শুনিম; তাৰ পিছত বহালৈ গৈ অলপ জিৰাই শঁতাই আহি গধূলিলৈকে মাদোলৰ গীত চাম। নিশা আজি মাধপুৰীয়া ঢুলীয়াৰ ভাও-নৃত্য চাম।’’

    এই আদেশ অনুসৰি কাৰ্য্য আৰম্ভ হ’ল। কামৰূপৰ অতি প্ৰসিদ্ধ ওঝা-পালী এযোৰ আহি উপস্থিত হ’ল। ওঝাই কালিকা পুৰাণৰ হৰ-গৌৰীৰ বিবাহ বৰ্ণাই পদ গালে। ওঝাৰ পদৰ লালিত্য, হাতৰ মুদ্ৰা আৰু নৃত্যত মানুহ মোহিত হ’ল। ডাইনা-পালীৰ, সেই পদবিলাকৰ এখনকে চাৰিখন কৰি কৰা ব্যাখ্যাই মানুহক হঁহুৱাই পেটৰ নাড়ী ছিগালে। এইদৰে প্ৰায় ওৰে দিনটো ওঝা গোৱা হ’ল। বেলি চাৰিটামান বজাত পদ গোৱা শেষ হলত বৰুৱা-চৌধাৰীসকলে উঠি নিজ নিজ বহালৈ গৈ হাত-মুখ ধুই অলপ জা-জলপান কৰি ভাগৰ জিৰাই আকৌ পাঁচোটামান বজাত ৰভালৈ আহিল। তেতিয়া মাদোল বজোৱা আৰম্ভ হ’ল। প্ৰায় পোন্ধৰটামান মাদোল লৈ তিনিকুৰি কছাৰী মতা মাইকী ৰাইজৰ আগত থিয় হলহি। পোনেই কছাৰিয়ণীসকলে গালে—

    ‍‘‍‘জহা জহা জহা ঐ ধান ৰুলুঙ জহা

    চৌধাৰীৰ ঘৰতে পূজা পাতিছে

    চৌধাৰীৰ ঘৰতে পূজা পাতিছে

        আমিও চাওঁগৈ আহা ঐ

        আমিও চাওঁগৈ আহা।’’

    গীত গোৱা হলতে গিৰ্ গিৰ্ কৰে মাদোল বাজি উঠিল। মাদোলৰ চেৱে চেৱে কছাৰিয়ণীসকলে ঘূৰি ঘূৰি নাচিলে। এইদৰে সামান্য সামান্য ভাবৰ অথচ নিজৰ ঘৰুৱা জীৱনবিলাকৰে প্ৰাকৃতিক আৰ্হিৰ গীত কছাৰী, কছাৰিয়ণীসকলে গাই বজাই নাচি আৰতিৰ পৰলৈকে সময় নিয়ালে। গধূলি মহা ধুমধামেৰে আৰতি হ’ল। সেই আৰতি চাই সকলোবিলাক মানুহ ঘৰাঘৰি গ’ল; আৰু খোৱা-লোৱাৰ আয়োজন কৰিলেগৈ।

    নিশা ন-টামান বজাত বিষয়াসকলে খাই-বই উঠি ৰভাত বহিলগৈ। ৰভাঘৰ লোকাৰণ্য হ’ল। ঠায়ে নধৰা হ’ল। মাধপুৰীয়া ঢুলীয়া যোৰ আহি উপস্থিত হ’ল। সিহঁতৰ দলটোত প্ৰায় চাৰি কুৰি কি এশ মানুহ; ঢোল পঞ্চাশটা; সেই অনুসৰি তাল আৰু নানা সৰঞ্জাম। নটামান বজাৰেপৰা ঢুলীয়াহঁতে ঘূৰীয়াজমা পিন্ধি ঢোল বজাব ধৰিলে। সেই ঢোলৰ শব্দ ভালেমান দূৰলৈকে ভেদিলে। ঢোলো একোটা বৰ প্ৰকাণ্ড। ঢোলৰ চেও যে কত ৰকমৰ বজালে তাক বৰ্ণোৱা টান। যেতেকে নিশা গহীন হ’ল তেতেকে ঢোলৰ চেও আৰু গহীন হ’ল। ঢোলৰ চেৱে চেৱে ঢুলীয়াহঁতে যে কিমান প্ৰকাৰে ঘূৰিলে আৰু নাচিলে তাকো কৈ এটাব নোৱাৰি। ঢুলীয়াহঁতৰ প্ৰত্যেকটো মানুহেই সুস্থ-বলিষ্ঠ। ঢোল বজোৱা হলত ঢুলীয়াহঁতে প্ৰায়বিলাক ঢোল থলে। কেৱল এটা তালীয়াই তাল এযোৰ লৈ অগাপিছা কৰি দৌৰি দৌৰি বজাব ধৰিলে। ঢোলৰ চেও থমা মাত্ৰকে প্ৰায় ত্ৰিশটামান ল’ৰা আৰু ডেকা আহি প্ৰথমেই ৰাইজক সেৱা জনাই পিছত ঢোলৰ চেৱে চেৱে খঁৰ দিব ধৰিলে। কত প্ৰকাৰ যে খঁৰ দিলে তাক বৰ্ণাব নোৱাৰি। পোন খঁৰ, ওলটা খঁৰ, আলাগতে দিয়া খঁৰ, তঙাল-মোচৰা খঁৰ, চান্দনি সৰকা খঁৰ ইত্যাদি অলেখ খঁৰ দিলে। তাৰ পিছত মানুহৰ কান্ধত উঠি থিয় হৈ তাৰপৰা খঁৰ দিব ধৰিলে। শেহত কেইটামান ঢুলীয়াই দুয়ো কাষতলিৰ তলত দুটা ঢোল লৈ প্ৰথমে এটা থিয়কৈ পতা ঢোলৰ ওপৰত উঠিল। আৰু ইফালে খৰকৈ বজোৱা ঢোলৰ চেৱে-চেৱে উলাহ লৈ সেই ঢোলৰ ওপৰি পৰা আলগা খঁৰ মাৰি দুয়ো কাষে দুটা ঢোলেৰে সৈতে মাটিত থিয় হৈ পৰিলহি। তাৰ পিছত দুটা ঢোল থিয়ই যোৰালে। সেই দুটাৰ ওপৰত উঠিও তাৰপৰা খঁৰ দিলে। পিছত ক্ৰমান্বয়ে ঢোলৰ ওপৰত ঢোল বহুৱাই আঠ দহোটা পৰ্যান্ত ঢোল যোৰা দি ওখ এটা স্তম্ভৰ দৰে কৰিলে। সেই স্তম্ভটোক দুযোৰা মানুহে এটাৰ কান্ধৰ ওপৰত আন এটা উঠি ভালকৈ ধৰিলে যাতে ঢোল বাগৰি নপৰে। পিছত এটা ঢুলীয়াই ঢোল ধৰা মানুহৰ ককালেদি আৰু কান্ধেদি বগাই সেই আঠোদা দহোটা (= ২০ হাত হ’ব) ঢোলৰ ওপৰত গৈ উঠিল। তলৰপৰা আন দুজন ঢুলীয়াই দুটা ঢোল তুলি দিলে। ওপৰত উঠা জনে সেই ঢোল দুটা দুয়ো কাষতলিৰ তলৰ সাবট মাৰি লৈ তলত বজোৱা ঢোলৰ চেৱে চেৱে উলাহ লৈ আলগা খঁৰ মাৰি মাটিত থিয়ই থিয়ই পৰিলহি।

    পিছত আকৌ দুটা মানুহে শকত বাঁহ এডাল কান্ধত ল’লে। সেই বাঁহডালৰ ওপৰতে ঢুলীয়া এটা উঠি তাতে যে কত প্ৰকাৰ কুস্তি কৰিব ধৰিলে তাক কিমান বৰ্ণাম। কাৰূপীয়া ঢুলীয়াৰ আজি-কালিৰ কুস্তিয়েও আনকি বৰ্তমানৰ চাৰ্কাচকো ঠায়ে ঠায়ে চেৰহে পেলাব। সেই কালত কামৰূপীয়া ঢুলীয়াৰ গাত যে কিমান কুস্তিৰ অভ্যাস আছিল তাক কোনে জানে। আমি এনেকুৱা কথাও শুনিছো যে সেই কালত একোটা ঢুলীয়াই একোডাল বাঁহ লৈ জাঁপ মাৰি ঘৰৰ চালৰ মুধত উঠিছিল আৰু তাৰে পৰাও আলগা খঁৰ মাৰি মাটিত পৰিছিল।

    এইদৰে খঁৰ মৰা, কুস্তি কৰা শেষ হলত ছয়টা ঢুলীয়াই সুন্দৰকৈ ঘুৰীয়া জামা পিন্ধি উৰি যাত্ৰাৰ দলৰ দৰে সমস্বৰে পদ গাবলৈ ধৰিলে। পদতেই ভাৱনাৰ সুত্ৰধাৰৰ দৰে কি ভাও হ’ব গাই দিয়ে। পদ গাই থাকোঁতে থাকোঁতেই এজনে মুখত মুখা পিন্ধি আহি ওলায়। এটা ঢুলীয়াই এটা জুইৰ জোৰ লৈ মুখৰ আগে আগে ধৰে। মুখা লোৱা জনে যুৰিসকলৰ পদৰ চেৱে চেৱে নাচে। কোনো কোনো মুখাত কেৱল নৃত্যহে হয়। কোনো কোনো মুখাত আকৌ নানা খুহুতীয়া ভাৱৰো অভিনয় হয়। হয়তো দুটা ঢুলীয়াৰ এটাই মাইকীৰ দৰে কাপোৰ পিন্ধি মুখত বুঢ়া মানুহৰ মুখা এখন লয়—আন এটাই মাইকীৰ দৰে কাপোৰ পিন্ধি মুখত এজনী বুঢ়ী মানুহৰ মুখা পিন্ধি ওলায়হি! দুয়ো প্ৰথমতে নৃত্যকে কৰিলে। তাৰ পিছত ঢুলীয়াৰ ভিতৰৰ এজনে হয়তো বুঢ়াক কথা সুধিলে। বুঢ়াই পাৰেমানে বুঢ়ীক নিন্দা কৰিব ধৰিলে। বুঢ়াক আকৌ কথা সোধোঁতে বুঢ়ীয়ে সেইদৰে বুঢ়াক নিদিলে—পিছত লাহেকৈ সমাজৰ মাজত দুয়ো বুঢ়া-বুঢ়ীৰ দন্দেই লাগিল। চুৰ্চুৰীয়া বিধৰ মৰা-পিটা লগাই ৰাইজক হুঁহুৱাই পেটৰ নাড়ি ছিগায়। হয়তো উভয়ে বৰ জ্ঞানগৰ্ভ কথাকে কয়। পদ গোৱা ছয়জনে আৱশ্যক মতে মাজে মাজে বুঢ়া-বুঢ়ীক যোৰায়ে পদ গায়। কেতিয়াবা হয়তো এযোৰে দুটা বান্দৰৰ পুতলাকে সমাজত উলিয়ালে। যুৰিয়ে গাব ধৰিলে—

    উঁ উঁ কৰে মোৰ

        হায়ৰে মলুৱা

    গছে গছে         জঁপিয়াই

        হায়ৰে মলুৱা

——————-

    মোৰ মলুৱাক       কোনে মাৰিলে

        হাঁয়ৰে মলুৱা ৰে।

    এইদৰে গীতে-পদে-নৃত্যে ৰাতি প্ৰায় তিনটামান বাজিল। এইখিনি সময়তে অনেকৰে চকুত টোপনিয়েও ধৰিলে, এনেতে এই মাধপুৰীয়া ঢুলীয়াৰ প্ৰসিদ্ধ ভাৱৰীয়া ভেলা-ভাই আহি দলে বলে উপস্থিত হ’ল। ভেলা ভাই সভাৰ ভিতৰলৈ সোমোৱা মাত্ৰেই ৰাইজৰ ভিতৰত এটা গগন ভেদী হাঁহিৰ শব্দ উঠিল। ভেলা ভায়ে নানা ৰকম, নানা বৃত্তিৰ মানুহৰ চলন ফুৰণ কথা কোৱাৰ ধৰণ দেখুৱাই হঁহুৱাব ধৰিলে। কেতিয়াবা হয়তো চৰাই চিৰিকতিৰ মাতকে হুবহু মাতিব ধৰিলে। কেতিয়াবা হয়তো পোনেই পহুৰ দৰে মাতিলে। তাৰ পিছত সেই পহু চিকাৰলৈ যোৱা ভাও ধৰিলে। পদ গোৱাহঁতে গাব ধৰিলে—

    ‍‘‍‘ভেলা ভাই পহু খেদিবলৈ যায়া’’ ভেলা ভাইৰ হাতৰ মুদ্ৰাই, মুখৰ ভংগীয়ে, খুহুতীয়া কথাই মানুহক হঁহুৱাই আধামৰা কৰিলে। ভেলা ভায়ে মাজে মাজে এনেকুৱা গাঁৱলীয়া সংস্কৃতো জাৰিব ধৰিলে যে বাপে-বেটাই, ভায়ে-ককায়ে, একেলগে বহি থকাই টান হ’ল। ভেলা ভাইৰ খুহুতালিৰ আৰু ভাওৰ সীমা সংখ্যা নাই। ৰাইজে হাঁহিৰ প্ৰতাপত বৰ নোৱাৰি ভেলা ভাইক পাই-পইচা দি কাবৌ কোকালি কৰিহে ৰক্ষা পালে। পুৱা ছয়টামান বজাত ভেলা ভাই থামিল।

    অষ্টমী আৰু নৱমীৰ দিনা নিশাও এইদৰেই আমোদ প্ৰমোদ হৈছিল। কোৱা অনাৱশ্যক যে শালমৰীয়া ঢুলীয়া যোৰাৰ খঁৰ আৰু কুস্তি এটাইতকৈ বেছি হৈছিল—বৰ্ণিবৰীয়াৰ পদৰাগ গীত-নৃত্য অতুলনীয় হৈছিল মুঠতে কামৰূপৰ ঢুলীয়াৰ ভাওৰ সম্পৰ্কে আজিকালিও ডাঠি ক’ব পাৰোঁ যে কামৰূপীয়া ঢুলীয়াৰ ভাৱতে চাৰ্কাচ, ভাৱনা, বহুৱালী, নৃত্য, গীত সমস্ত একেধাৰে বৰ্তমান আছে।

পঞ্চদশ অধ্যায়

জিকেৰিত

আজি দেৱী বিসৰ্জনৰ দিন। ৰাতিপুৱাৰেপৰা বিসৰ্জনৰ আয়োজন হ’ল। কামৰূপীয়া বৰুৱা চৌধাৰীসকলে সোনকালে খাই-বই উঠি ৰভাৰ তলত বহিলহি। হৰদত্ত বীৰদত্ত উভয়ে আহি অভ্যৰ্থনা জনালে। তাৰ পিছত হৰদত্ত চৌধাৰীয়ে থিয় হৈ হাত যুৰি ক’লে—

    ‍‘‍‘বাপসকল ! ৰাইজসকল ! এইবাৰ আপোনাসকলে এই দুৰ্গোৎসৱলৈ আহি এই নিঃকিনক কৃপা কৰিলে। কিজানি আমাৰ সোধ পোচত কৰবাত কিবা ত্ৰুটী হ’ব পাৰে। সেইটো নিজগুণে সকলোৱে যেন ক্ষমা কৰে। আপোনাসকলক নিমন্ত্ৰণ কৰাৰ এটা ডাঙৰ উদ্দেশ্য আছে। আপোনাসকলৰ মনত আছে এইবাৰ বহাগৰ বিহুত বৰফুকনে কিদৰে আমাক মাতি নি লঘু-লাঞ্ছনা কৰিলে—আনকি, বিনা দোষে বিনা কাৰণে হাতীৰে গছকাই আমাৰ ল’ৰা-ছোৱালী মাৰিলে। আপোনাসকলে এই নিঃকিনক পাঁড়ুৰ বাহৰতে উজনিৰ ৰংপুৰৰ ৰজা আৰু মন্ত্ৰীৰ ওচৰলৈ বিচাৰ প্ৰাৰ্থনা কৰি মানুহ পঠাব দিছিল। সেই অনুসৰি মই বুঢ়াগোহাঁইৰ ওচৰলৈ মানুহ এযোৰ পঠাইছিলো। বুঢ়াগোহাঁয়ে ইয়াকে ক’লে যে এতিয়া তেওঁ কোনো বিচাৰ কৰিব নোৱাৰে। তেওঁ মোৱামৰীয়াহঁতৰ বিদ্ৰোহ দমনত ব্যস্ত। আমাৰ মানুহ ৰজাৰ ওচৰকে চাপিব নোৱাৰিলে। সেই দেখি আমি আহোম ৰজা আৰু মন্ত্ৰীৰপৰা যে কিবা সুবিচাৰ পাম তাৰ আশা নাই। আপোনাসকলে ভাবি চাওক, গুৱাহাটীৰ বৰফুকনসকলে আমাক আজি অত দিনৰেপৰা কিদৰে ব্যৱহাৰ কৰি আহিছে। কেৱল লাচিত বৰফুকনত বাজে আমি আজি কেবা পুৰষৰেপৰা তেনেকুৱা ন্যায়পৰায়ণতা আৰু সুবিচাৰ পোৱা নাই। তেওঁ আমাৰ পূৰ্বপুৰুষসকলক মৰম কৰি, বিশ্বাস কৰি চলোৱাৰ বাবে আমাৰ পূৰ্বপুৰুষসকলক মৰম কৰি, বিশ্বাস কৰি চলোৱাৰ বাবে আমাৰ পূৰ্বপুৰুষসকলেও সেইজনা বৰফুকনক মোগলৰ যুজত প্ৰাণপণে সহায় কৰিছিল, আৰু তেনেকুৱা সহায়ৰ ফলতেই সেইজনা বৰফুকনে অতি প্ৰতাপী মোগলকো ঘটুৱাই ওফৰাই পঠিয়াইছিল। কিন্তু তেওঁৰ পাছৰেপৰা হোৱা দুৰ্বলী স্বাৰ্থপৰ বৰফুকনসকলৰ অত্যাচাৰলৈ মন কৰক। আমাক উঠোতে ঢেকেৰী, বহোঁতে ঢেকেৰী এনেকুৱা অপমানসূচক সম্বোধন কৰাৰতো লেখ-জোখেই নাই, তদুপৰি আহোমৰ সামান্য টেকেলা এটাৰে পৰা বৰফুকনলৈকে আমাৰপৰা ভেটী খোৱাৰো সীমা সংখ্যা নাই। আনকি, আমাৰ কেৱে হাতত কেৰেলা-বেঙেনা এঠুকি লৈ মিতিৰ খাব গ’লেও বাটত আহোমৰ চাওডাঙ টেকেলাই পালে তাকো কাঢ়ি নিয়ে। চাঁদকুচীয়া বুজৰবৰুৱা ঢুকাওঁতে বৰফুকনে সোপাসোপে ভেটী খাই সেই বিষয়খন আন এজনক দিব খুজিছিল; কিন্তু বক্তমল বৰুৱাই জানিবা দিনমণি পাটোৱাৰীৰ সহায়ত সেইটো হ’ব নিদিলে; নিজৰ পিতৃকলীয়া বিষয় বৰফুকনে সৈতে যুজিও ৰাখিলে। তাৰ ফল হ’ল যে বুজৰবৰুৱাক বলে নোৱাৰি সেইদিন ধৰি বৰফুকনে নিজৰ খঙ আমাৰ কামৰূপীয়াৰ ওপৰত জাৰি কৰিছে। সেই দিন ধৰি আমাৰ ওপৰত অত্যাচাৰ দহগুণে বাঢ়িছে। আমি কামৰূপী বৰফুকন আৰু তেওঁৰ আহোম আৰু অসমীয়া মানুহৰ মনত ইমান অবিশ্বাসী হ’লো যে আনকি নিশা আমি গুৱাহাটীত থাকিব নোৱাৰোঁ, চাৰি চকিৰ বাজ হৈহে থাকিব লাগে। বাপসকল! ৰাইজসকল! ইয়াতকৈ আৰু আমাক অপমান লাগে নে? এইবিলাক কৰিও হেপাহ নপলাল। এইবাৰ ৰং চাবলৈ আমাক মাতি নি আমাৰ নিৰপৰাধী ল’ৰা-ছোৱালী কেতকিলাকক পুতেক দুটাৰ হতুৱাই হাতী মেলাই গছকাই মাৰিলে। বিচাৰ প্ৰাৰ্থনা কৰাত উলটি ঢেকেৰী সম্বোধন আৰু নানা গালি গালাজ হে কৰিলে। হায় ! আমাৰ কামৰূপীয়াৰ এনেকুৱাহে কপাল নে? ৰজা আৰু মন্ত্ৰীৰ ওচৰলৈ বিচাৰ প্ৰাৰ্থনা কৰি পঠালোঁ—তাতো আমাৰ নিষ্ফল হ’ল। মোৰ বিবেচনাৰে হ’লে এই অন্যায়ৰ বিচাৰ আমাৰ নিজৰ হাতত লোৱাই ভাল! মোৰ বিবেচনাৰে হ’লে আহোমৰ দিন উকলিল। এওঁলোকৰ ৰাজ্য আৰু নাথাকে। এওঁলোকৰ ভিতৰ ফোপোলা হৈছে! এতিয়া আমাৰ কি কৰা উচিত, আপোনালোকেই থিৰ কৰক।’’ তেওঁৰ এই কথাত কমাৰকুচীয়া বৰুৱাই উঠি ক’লে—

    ‍‘‍‘বাপসকল ! ৰাইজসকল! আমাৰ হৰদত্ত চৌধাৰীয়ে যি ক’লে তাক আপোনাসকলে শুনিলে। আমাৰ কামৰূপীয়াৰ গাত এনেকুৱা তেজ নোহোৱা হ’ল নে যে আমি এইদৰে স্ত্ৰী-বধ, শিশুবধৰো কোনো প্ৰতিকাৰ নকৰি মনে মনে বহি থাকিব লগীয়াত পৰিলো? দুখৰ বিষয়! যি বক্তমল বুজৰবৰুৱাৰ নিমিত্তেই কামৰূপত অত্যাচাৰ এইদৰে বাঢ়িছে, আজি সেই বক্তমল বৰুৱায়ে এই সমাজত নাই। তেওঁ বৰফুকনলৈ ভয় কৰি নাহিল। যি কি নহওক, মোৰ মনেৰে হ’লে আমাৰ বৰফুকনক উঠাই দিয়াই ভাল। আমি আৰু তেওঁক আজিৰেপৰা কোনো কৰ-কটাল নিদিওঁ। ৰণ কৰে যদি ৰণ কৰিম। আমাৰ প্ৰত্যেকজনা চৌধাৰী আৰু বৰুৱাই এতিয়াৰেপৰা বয়-বস্তু গোটাওক; সৈন্য সামান্ত শিকাওক। আমাৰ কামৰূপৰ ইমান প্ৰজা। আহোম আৰু অসমীয়ানো কেইটা? আমি ৰণ ধৰিলে এই সময়ত উজনীৰপৰা আহোম ৰণুৱা আহিব নোৱাৰে—যিহেতু সিফালে তলি উদং। আহোমে সেই চাৰিটা মোৱামৰীয়াকে বলে পৰা নাই। আমাৰ মানুহ এক হৈ গোটপিট খালে বৰফুকননো কেই পানীৰ মাছ?’’

    কমাৰকুচীয়াৰ কথা শেষ হ’লত ধৰ্মপুৰীয়া চৌধাৰীয়ে উঠি ক’লে—‍‘‍‘বাপসকল ! মইও এটা কথা কওঁ। আমাৰ হিন্দুৰ হঠাতে একেলগ হৈ কাম কৰা টান। আহোমেৰে সৈতে ৰণ কৰি আমি জিকিব পাৰিম নে? আমাৰ কিজানি শেহত আৰু দুৰ্গতিহে হয়।’’

    তেওঁৰ এই কথাত বীৰদত্ত উঠি বীৰ দৰ্পেৰে ক’লে—

    ‍‘‍‘ধৰ্মপুৰীয়া চৌধাৰী ! আপুনি কিয় এনেকুৱা নিৰাশাৰ কথা কয়? আপুনি নাজানে নে আমাৰ কামৰূপত কিমান মানুহ! তদুপৰি আমাক দৰঙৰ ৰজা কৃষ্ণনাৰায়ণেও সহায় কৰিব। বাস্কাৰ চৌধাৰীসকলে আমাক কছাৰী ৰণুৱা দিব। আমি কাইথ কলিতা আগৰ ক্ষত্ৰিয় নহওঁনে? আমি ইমান কাপুৰুষ হ’লো নে যে আহোমৰ ভয়ত কুচি মুচি থাকিম? ভাবি চাওকচোন, অন্যায়ৰূপে হাতীৰ গচকত মৰা এই অন্যায়ৰ প্ৰতিশোধ ল’বলৈ আমাক ৰাইজেও কোৱা নাইনে? সেই দেখি আমাৰ ভয় কৰাৰ কোনো কাৰণ নাই। আপোনাসকলে মোক মাথো বছৰি কেতখিনি মানুহ আৰু ৰণুৱাহঁতৰ নিমিত্তে খোৱা লোৱা বস্তু, কাপোৰ কানিৰ যোগাৰ দিয়ক; দেখিব, মই বীৰদত্তে সেই ৰণুৱা লৈ আপোনাসকলৰ সহায় আৰু আজ্ঞা অনুসৰি বাৰ বছৰলৈকে আহোমে সৈতে লেল্ পেল্ যুদ্ধ কৰি আহোমক খেদিম। আহোমে দেখিব—কামৰূপীয়াৰ গাত তেজ শক্তি বল আছেনে নাই। আহোমে দেখিব বীৰদত্তৰ তৰোৱালৰ কোব কিমান চোকা—বীৰদত্তৰ এই তীব্ৰ তেজাল বাক্যত সকলোৱে ধইন ধইন কৰি ক’লে :— ‍‘‍‘আমি আৰু আহোমক নামানো। কৰ-কাটল নিদিওঁ। আমি হৰদত্ত-বীৰদত্তক মানুহ, কানি-কাপোৰ, খোৱা বস্তু বছৰি দিম। আমি আজিয়েই বীৰদত্ত বাপাক আমাৰ সেনাপতি পাতিলোঁ। আমি সকলোৱে আজিৰেপৰা হৰদত্ত চৌধাৰীক বৰুৱা খিতাপ দিলোঁ। কমাৰকুচীয়া বৰুৱাক আমি এজন সেনাপতি পাতিলোঁ। যুজ চলাবলৈ সমস্ত ভাৰ আমি হৰদত্ত বৰুৱাক দিলোঁ—‍‘‍‘জয় ৰাম বোলা। জয় হৰি বোলা।’’ এইবুলি হৰি ধ্বনি দি দেৱীৰ ওচৰৰপৰা তিনিধাৰি মালা আনি ৰাইজে তিনিউজনকে পিন্ধাই আকৌ হৰি-ধ্বনি কৰিলে। তিনিও আঁঠুলৈ সেই মালা গ্ৰহণ কৰিলে; তাৰ পিছত হৰদত্তে—‍‘‍‘দুৰ্গে দুৰ্গতিনাশিনী, ভব ভয়হাৰিণী’’ বুলি দেৱীক সেৱা কৰি জনালে—‍‘‍‘বাপসকল আপোনালোকৰ আদেশ-অনুমতি মতে এই দাসে এই ডাঙৰ ভাৰটো গ্ৰহণ কৰিলোঁ। আপোনাসকলৰ বলেই মোৰ বল। আপোনালোকৰ উৎসাহেই মোৰ উৎসাহ। আপোনাসকলৰ শক্তিয়েই মোৰ শক্তি। আপোনাসকলে অকাতৰে যদি সহায় কৰে, তেন্তে নিশ্চয় আমি আহোমক খেদিব পাৰিম।’’ এই কথাৰ পিছত সভাভংগ হ’ল।

    দুই-তিনটামান বজাত সকলোৱে মিলি পুঠীমাৰী নৈত দেৱী বিসৰ্জন দিলে। গধূলি সকলোৱে বৰনাম ধৰি পিছদিনা সকলো বৰুৱা আৰু চৌধাৰীয়ে খাই-বই উঠি ঘৰাঘৰি গ’ল।

ষোড়শ অধ্যায়

প্ৰণয়

ফুলনিত সেইদিনা পদুমীয়ে সৈতে কথা হ’বৰেপৰা মহীৰাম সদায় বিৰস মনেৰে আছিল। অনেক ভাবি চিন্তি মহীৰামে স্থিৰ কৰিলে যে তেওঁ চেগ চাই, সুবিধা চাই পদুমক লগ ধৰি নিজৰ মনৰ ভাবটো খোলা-খুলিকৈ কব আৰু পদুমৰো আচল ভাবটো কি জানিব। যদি পদুমে দৰাচলতে তেওঁক ভাল নাপায়, তেন্তে তেওঁৰ পক্ষে পৰদত্তৰ গৃহ এৰি নিজ গাঁৱলৈকে যোৱাটোৱে উচিত হ’ব। পৰৰ তোলনীয়া চপনীয়া হৈ থকাটো উচিত নহ’ব। ইয়াকে মনত সাৰোগত কৰি লৈ মহীৰামে পদুমীক আকৌ এবাৰ অকলে লগ ধৰিবলৈ সুযোগ বিচাৰি আছিল। হৰদত্ত চৌধাৰী মদন কামদেৱত থকাৰ সময়তে আৰু ইফালে এদিন বীৰদত্ত গধূলিতে গাঁৱলৈ কিবা সকাম উপলক্ষে যোৱা চেগ চাই মহীৰামে পিছফালে ফুলনিত সোমাই ফুৰাৰ ছলেৰে পদুমক লগ ধৰি ক’লে—‍‘‍‘পদুম! মই তোমাক কথা কেইটামান সুধিব খোঁজো—তুমি মোক তাৰ উত্তৰ অকপট চিত্তে দিবানে?

    পদুমী—(তললৈ মূৰ কৰি) কি সুধিব খুজিছা সোধা। মই অকপট চিত্তেৰে উত্তৰ দিম।

    মহীৰাম—পদুম! তুমি অৱশ্যে জানা। মই সৰুতে মোৰ নিজা আই-বোপাই ঢুকুৱাত তোমালোকৰ ঘৰতে ডাঙৰ হৈছোঁ। মই ধনীৰাম চৌধাৰীৰ ঘৰৰ ল’ৰা।

পদুমী—এৰা ! এদিন মায়ে আৰু পিতিয়ে তোমাৰ বিষয়ে কোৱা মেলা কৰাত মই টোপনিৰ ভাও জুৰি তোমাৰ আতি-গুৰি সকলো শুনিছিলোঁ। পিছত এতিয়া তুমিনো মোক কি ক’ব খুজিছা কোৱা।

    মহীৰাম—বাৰু পদুমী! তুমিয়েই কোৱাচোঁ মোৰনো তোমালোকৰ ঘৰত সদায় নিষ্কৰ্মা হৈ পেট পুহি থকাটো জানো উচিত?

    পদুমী—কিয়! আমাৰ ঘৰতনো তুমি নিষ্কৰ্মা হৈহে আছা নে? তুমি দেখোন খুড়াৰ লগত, পিতিৰ লগত খেতি-খামাৰৰ কামত, ঘৰ-দুৱাৰৰ কামত সহায় কৰা। আমাৰ ঘৰেই জানো তোমাৰ ঘৰ নহয়?

    মহীৰাম—অৱশ্যে পদুম! তুমি সঁচাকৈ কৈছা; কিন্তু তথাপি মোৰ মনে দেখোন কয় যে মই এতিয়া ডাঙৰ হৈছো। এতিয়া মোৰ পক্ষে নিজে এখন সংসাৰ পাতি ঘৰ গিৰস্থি কৰা উচিত; নহয় জানো?

    পদুমী—অৱশ্যে উচিত হয়। কিন্তু সেই বুলিয়েই জানো তুমি আমাৰ ঘৰ এৰি যাব লাগে? আমাৰ মায়ে দেখোন পিতিক মাজে মাজে কৈ থাকে—আমাৰ যেতিয়া নিজৰ ল’ৰা নাই তেতিয়া আমি এটা মেল পাতি যজ্ঞ পাতি মহীৰামকে পো বুলি লোৱা উচিত।

    মহীৰাম—তোমাৰ পিতিয়ে কি কয়?

    পদুম—পিতিয়ে ‍‘‍‘সদ্যহতে মই একো থিৰ কৰা নাই’’ এইষাৰ কৈ মনে মনে থাকে। মহীৰাম—বাৰু পদুম! মই কথা এটা শুনিছোঁ; সেইটো সঁচানে?

    পদুম—কি কথা?

    মহীৰাম—মই শুনিছোঁ এইবেলি বহাগৰ বিহুত হেনো দুজন দৈবজ্ঞই আহি তোমাৰ হাত কঁপাল আৰু সোঁৱৰণী চাই কৈছিল তুমি হেনো ৰাজৰাণী হ’বা।

    পদুম—হয়! সিহঁতে তেনেকৈ কৈছিল।

    মহীৰাম—তেন্তে পদুম! মই তোমাৰ পিতিৰ পোষ্য হোৱাটো বা ল’ৰাৰ চামিল হোৱাটো দূৰৰ কথা হ’ল। তোমাৰ পিতিৰ যত্ন হৈছে গুৱাহাটীৰ বৰফুকনে সৈতে ৰণ কৰি আহোমক আমাৰ কামৰূপৰপৰা একেবাৰে উচ্ছেদ কৰা। তেওঁ হয়তো এই ৰণত সহায় পাবৰ কাৰণে হ’লেও তোমাক কোনোবা ৰজাৰ লগত বিয়া দিব। ৰজাৰ ল’ৰাত বিয়া দিলে পিতাৰাৰ সমস্ত বিষয় সম্পত্তি মাটি-বাৰ সেই ৰজাৰ ল’ৰায়ে পাব। এনেস্থলত মইনো তোমালোকৰ ইয়াত থকাৰ সকাম কি?

    পদুম—অৱশ্যে তুমি যি কৈছা সঁচা। পিছত, আগলৈ কিটো হ’ব সেইটোকে ভাবি তুমি ল’ৰালৰিকৈ আমাৰ ঘৰ এৰি পলাব খুজিছা হ’বলা। ধৈৰ্য্য ধৰা, পিতিয়ে এটা নকৰে মানে বা তোমাক যাবলৈ নকয় মানে আমাৰ ঘৰ এৰি নাযাবা। তুমি গ’লে মোৰ মনটো সুদা সুদা লাগিব।

    মহীৰাম—বাৰু পদুম! কোৱাচোন কেলেইনো তোমাৰ মন সুদা সুদা লাগিব?

    পদুমী—মই তাকে আকৌ ক’ব লাগে নেকি?

    মহীৰাম—এৰা ক’ব লাগে।

    পদুমী—তুমি দেখোন সৰুৰেপৰা মোৰ খেলৰ লগৰীয়া। খেলৰ লগৰীয়া এজনে এৰি গ’লে জানো বেয়া নালাগে?

    মহীৰাম—পদুম! মই যদি তোমাৰ খেলৰে লগৰীয়া, তেনেহ’লেনো তুমি আজিকালি মোৰ লগত কেলেই নেখেলা? মোৰ আগত দেখোন আজিকালি ভালকৈ নোলোৱাই, কথাও নোকোৱা।

    পদুমী—তাৰ কাৰণ আছে।

    মহীৰাম—কি কাৰণ মই জানিব পাৰো নে?

    পদুমী—(তললৈ মূৰ কৰে)

    মহীৰাম—কোৱা পদুম মোৰে শপত, তুমি মোক কোৱা। নকলে মই বেয়া পাম।

    পদুমী—(তললৈ মূৰ কৰি) মায়ে কৈছে মই হেনো দিনক দিনে ডাঙৰ হৈছো। মোক হেনো বিয়া দিবৰ সময় হ’ল। সেই দেখি মই হেনো আবুৰত থাকিব লাগে।

    মহীৰাম—অ! সেইটোহে কাৰণ। বাৰু তোমাৰ নিজৰ মনেনো কিদৰে থাকিবলৈ কয়?

    পদুমী—মোৰ নিজৰ মনে কয়—মই যেন সদায় আগৰ দৰেই মুকলি হৈয়ে ফুৰিম। কিন্তু মনে ক’লেও মাৰ হাক-বচনতো পেলাব নোৱাৰো।

    মহীৰাম—তুমি যথাৰ্থ কৈছা পদুম। মই তোমাক ধইন দিছো। তেনেহ’লে মোক বেয়া পাই ঘিণ কৰি এইদৰে আচৰণ কৰা নাই?

    পদুমী—তোমাকনো কেলেই বেয়া পাম বা ঘিণ কৰিম। সৰুৰেপৰা একলগে উমলিছোঁ। একলগে ডাঙৰ হৈছোঁ, এতিয়ানো কেলেই বেয়া পাম।

    মহীৰাম—তেন্তে পদুম! তুমি মোক ভাল পোৱা। নিচলা বুলি নিঘিণোৱা?

    পদুমী—ভাল পাওঁ তো।

    মহীৰাম—কিন্তু পদুম! তোমাক আনলৈ বিয়া দিলে তেতিয়াতো মোক ভাল নাপাবা।

    (পদুমী নিৰুত্তৰ) কোৱা পদুম! কোৱা, তেতিয়াও মোক ভাল পাবা নে? (পদুমী নিৰুত্তৰ) বাৰু পদুম! মই আৰু এটা কথা সোধো। তুমি যে মোক লগৰ লগৰীয়া বুলি ভাল পোৱা তাত বাজে আৰু মোক দোছোৰা প্ৰকাৰৰ কিবা ভাল পোৱা নে?

    মহীৰামৰ এই কথাত পদুমীয়ে মহীৰামৰ মুখলৈ একেথৰে কিছু বেলি চাই তাৰ পিছত ক’লে—তুমি কি কৈছা মই একো বুজিব পৰা নাই।

মহীৰাম—বাৰু পদুম; তেন্তে তোমাক খুলি কওঁ, তুমি বেয়া নাপাবা। মই যদি তোমাক বিয়া কৰাই চিৰকাললৈ লগৰীয়া থাকিব কোজো তেন্তে তাত তুমি সন্মত হ’বা নে? মহীৰামৰ এই কথাত পদুমীৰ গাল দুখন টুকটুকীয়াকৈ ৰঙা পৰিল। পদুমী নিৰুত্তৰ হৈ যাবলৈ ওলাল—এনেতে মহীৰামে থাপ্ মাৰি পদুমীৰ কোমল হাতখনত ধৰি আকৌ ক’ল—‍‘‍‘কোৱা পদুম ! তোমাৰ কথাৰ ওপৰত মোৰ ভৱিষ্যত নিৰ্ভৰ কৰিছে।’’ পদুমীয়ে খঙ নেদেখুৱাই হাতখন টানি নিনি লাহেকৈ ক’লে—‍‘‍‘মায়ে আৰু পিতিয়ে দিলে মই অমান্তি নহওঁ।’’ এই কথা কৈয়েই পদুমী সাউত কৰি গুচি গ’লগৈ। মহীৰামে আশাৰ অতীত উত্তৰ পাই তেতিয়াই মাটিতে আঁঠু লৈ হাতযুৰি ভগৱন্ত পুৰুষক প্ৰাণ-ভৰি জনালে—‍‘‍‘প্ৰভু! তুমি যেন এই দুৰ্ভগীয়াক কৃপা কৰা। যেন দুৰ্ভগীয়াৰ আশা পূৰ্ণ কৰি এই পদুম পাহি দুৰ্ভগীয়াক দান কৰা।’’ এইদৰে ঈশ্বৰত প্ৰাৰ্থনা জনাই নতুন আনন্দেৰে, নতুন উলাহেৰে ঘৰলৈ গ’ল।

সপ্তদশ অধ্যায়

হৰদত্তৰ উদ্যোগ

দুৰ্গোৎসৱৰ বিজয়া দশমীৰ দিনা মেল হ’বৰেপৰা কামৰূপীয়া বৰুৱা চৌধাৰীসকলে ঠায়ে ঠায়ে ৰছদ গোটাবলৈ আৰু ঝাকে ঝাকে ৰণুৱা শিকাবলৈ ধৰিলে। কমাৰকুচীয়া বৰুৱাৰ ঘৰৰ ডেকা এজনে আৰু ইফালে বীৰদত্তে ৰণুৱাবিলাকক ঠায়ে ঠায়ে কাঁড় ধনু মৰা তৰোৱাল খেলা ইত্যাদি যুদ্ধ-বিদ্যা শিকাব ধৰিলে। হৰদত্ত বৰুৱাই সহায় খুজি দৰঙৰ ৰজাঘৰলৈ মানুহ এযোৰ পঠালে। এযোৰ মানুহ বিজনী আৰু কোচবিহাৰলৈকো পঠালে।

    ইফালে বৰফুকনে সেইবাৰ তেওঁ পতা দুৰ্গোৎসৱলৈ কামৰূপীয়া বৰুৱা চৌধাৰী সকলক নহা দেখি আৰু চান্দকুচিৰ ফালৰপৰা গুৱাহাটীলৈ অহা দুই চাৰিজন মানুহৰ মুখে শুনি বুজিলে যে হৰদত্ত বীৰদত্তে উত্তৰ কামৰূপত তেওঁৰ বিৰুদ্ধে বিদ্ৰোহ আচৰিবলৈ কাৰবাৰ লগাইছে। কথাটো সঁচা নে মিছা সঠিক কৰিবলৈ বৰফুকনে জিকেৰিলৈ চাইটা, চান্দকুচিলৈ দুটা চাওদাঙ পঠাই চান্দকুচীয়া বুজৰবৰুৱাক আৰু হৰদত্ত চৌধাৰীক মাতি পঠালে। চান্দকুচীয়া বুজৰবৰুৱা আহিল, কিন্তু হৰদত্ত বীৰদত্ত নাহিল। টেকেলা চাইটাই হৰদত্তক বৰফুকনৰ চিঠি দি ক’লে যে তেওঁ সিহঁতৰ লগতে যাব লাগে। নগ’লে তেওঁক ধৰি নিবলৈকো হুকুম দিছে। পত্ৰ পঢ়ি আৰু টেকেলা চাইটাৰ এনেকুৱা টান কথা শুনি বীৰদত্তে টেকেলাহঁতক ক’লে—‍‘‍‘তহণতে আৰু বেছি টান কথা নকবি, বৰ বেয়া হ’ব। বৰফুকনক কগৈ আমি আৰু তেওঁক নামানো। উঠোতে ঢেকেৰী বহোঁতে ঢেকেৰী বুলি চাৰি গড়ৰ বাহিৰে যে ৰাখেই, তদুপৰি এইবাৰ আমাৰ নিৰ্দোষী ল’ৰা-তিৰোতাকো হাতীৰে গচকাই মাৰিলে—এনেকুৱা অত্যাচাৰনো আৰু কিমান সহিম। আমি আৰু নোৱাৰা হৈ থিৰ কৰিছো যে এইজন বৰফুকনক আৰু নামানো। তেওঁ যি কৰে কৰক। আমি নাযাওঁ।’’

    প্ৰথম টেকেলা। —চৌধাৰী ! অলপ দকৈ গমি চাই কবা। সাৱধানে কাম কৰিবা। জানানে বৰফুকনৰ দ্ৰোহ আচৰিলে সমূলে নিপাত হ’বা? তোমালোকৰ পুলি-পোখা পৰ্য্যন্ত নৰব।

বীৰদত্ত। —তহঁত টেকেলা হ’লেও এক প্ৰকাৰ দূত, সেই দেখিহে এনেকুৱা কথা কৈ আজি সাৰিলি। ভালে ভালে গুচি যা গৈ; তহঁতৰ বৰফুকন বাপেৰক পঠাই দে গৈ। চিলাৰ চকিতে তেওঁৰে মোৰে দেখাদেখি হ’ব পাৰে। তাতে তেওঁ ইচ্ছা কৰিলে নিজেই বুজিব পাৰিব কামৰূপীয়া ঢেকেৰীৰ তৰোৱালৰ কোব কিমান চোকা। বীৰদত্তে এইদৰে কলত আৰু গঢ় গতি বিষম দেখি টেকেলা চাইটা মনে মনে গুচি গ’ল, আৰু বৰফুকনক গৈ এই সমস্ত কথা ক’লে। কামৰূপৰ আন আন ঠাইৰপৰাও কামৰূপীয়া বৰুৱা চৌধাৰীসকলে আহোমৰ টেকেলা সমস্তকে খেদি দিলে। বীৰদত্তে পোনে একে কোবেই গৈ দুমুনিচকিৰ চকিখন অধিকাৰ কৰি তাত কামৰূপীয়া চকীয়াল থলে।

    আহোমৰ টেকেলাৰ এনেকুৱা দুৰ্গতিৰ বাতৰি শুনি, আৰু চাঁদকুচীয়া বৰুৱাৰ পৰাও আন আন সকলো খবৰ পাই বৰফুকন ক্ৰোধত অধীৰ হ’ল। চাঁদকুচীয়াক দঢ়াই দঢ়াই ক’লে তেওঁ যেন বিদ্ৰোহীৰ দললৈ নাযায়। তেওঁ যেন বিদ্ৰোহ দমনত সহায় কৰে চাঁদকুচীয়াই জনালে যে তেওঁ বিদ্ৰোহীসকলৰ লগ নালাগে, কিন্তু চাৰিওফালে বিদ্ৰোহীৰ মাজত থাকি তেওঁ সদ্যহতে তেওঁকো (বৰফুকনকো) দেখা দেখিকৈ সহায় কৰিব নোৱাৰে। তেওঁ সদ্যহতে কোনো পক্ষত নহয়—অৱশ্যে সুবিধা পালে তেওঁকে (বৰফুকনকে) সহায় কৰিব। চাঁদকুচীয়াক বিদায় দি বৰফুকনে নিজৰ তিনিশ আহোম ৰণুৱাক তিনিজন সেনাপতিৰ সৈতে, চেঁচামুখলৈ যোৱা আমিনগাঁৱৰ, চিলাৰ চকিলৈ যোৱা উত্তৰ গুৱাহাটীৰ আৰু পুষ্পভদ্ৰা বা দীৰ্ঘেশ্বৰলৈ যোৱা ৰজা দুৱাৰৰ বাটলৈ পঠালে। তেওঁ ভাবিলে যে কামৰূপীয়া ঢেকেৰীক দমন কৰিবলৈ এই তিনি ঠাইত এশ এশকৈ তিনিশ ৰণুৱায়ে যথেষ্ট হ’ব।

    ইফালে আহোমৰ টেকেলাক খেদি হৰদত্তে বীৰদত্তক চেঁচামুখৰ বাটলৈ ৬০০ ৰণুৱা দি কমাৰকুচীয়া বৰুৱাক ৬০০ সৈন্যেৰে সৈতে পুষ্পভদ্ৰাৰ বাটলৈ, মহীৰামক ৬০০ ৰণুৱা দি চিলাৰ-চকিৰ ফাললৈ পঠালে। তেওঁবিলাকে যুদ্ধ-যাত্ৰা কৰাৰ আগেয়ে তেওঁলোকৰ পৰিয়ালসকলে, বঙহ-কুটুমৰ স্ত্ৰীসকলে উৰুলি জোকাৰ দি শংখ-ঘণ্টা বজাই মাংগলিক আচৰণ কৰিছিল।

____________

অষ্টাদশ অধ্যায়

১৭৮৮ শকৰ ৰণ

আহোম আৰু কামৰূপীয়াৰ ৰণৰ বিৱৰণ দিয়াৰ আগেয়ে আমাৰ বোধেৰে পাঠকসকলে উত্তৰ গুৱাহাটী, আমিনগাঁও, ৰংমহল দীৰ্ঘেশ্বৰীৰ পাহাৰ পুষ্পভদ্ৰা ইত্যাদিৰ বিষয়ে জনা উচিত।

    কোনো পাঠকে যদি কেতিয়াবা দক্ষিণ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ পাৰত থিয় হৈ ব্ৰহ্মপুত্ৰ নৈৰ সিপাৰে কি কি আছে চাই পঠায় তেন্তে পশ্চিমৰ আমিনগাঁৱৰেপৰা ইফালে পূবে বৰনৈলৈকে দেখিবলৈ পাব যে আমিনগাঁও বোলা ঠাইডোখৰ মুকলি সমতল। ইয়াত আগেয়ে কিছুমান মানুহৰ বসতি আছিল। আজিকালি ইয়াত ৰেলৰ ষ্টেছন হৈছে। এই ঠাইৰেপৰা পূবে সৰু সৰু পাহাৰ অশ্বক্লান্তলৈকে নৈৰ পাৰে পাৰে আছে। অশ্বক্লান্তৰপৰা আকৌ প্ৰায় দুমাইল ঠাই মুকলি সমতল। এই ঠাইডোখৰকে উত্তৰ গুৱাহাটীৰ চহৰ বোলে। এই চহৰৰ পূবে আকৌ নৈৰ পাৰে পাৰে সৰু সৰু পাহাৰ বৰনৈৰ মুখলৈকে আছে। আমিনগাঁৱৰপৰা উত্তৰ ফাললৈকে এশাৰী পাহাৰ। এই পাহাৰবিলাক গৈ চিলাৰ ওখ পাহাৰত লগ লাগিছে। এই শাৰী পাহাৰক আজ্ঞাঠুৰীৰ পাহাৰ বোলে। চিলাৰ ওখ পাহাৰটো উত্তৰ গুৱাহাটী চহৰৰ উত্তৰ-পশ্চিম কোণে প্ৰায় তিনি মাইল আঁতৰত অশ্বক্লান্ত পাহাৰৰ ওপৰত এটি সুন্দৰ মন্দিৰ দূৰৰে পৰা দেখি। অশ্বক্লান্তৰ নিচেই ওচৰতে পানীৰ মাজত আঁৰ পৰ্বত ইফালে ৰজাদ্বাৰৰ পূবেও মণিকৰ্ণেশ্বৰৰ ওপৰত এটি মন্দিৰ। নৈৰ মাজত কছাৰি ঘাটৰ পোনে পানে উমানন্দৰ পাহাৰ আৰু তাৰ ওপৰত মন্দিৰ আৰু উমানন্দৰ দক্ষিণে নৈৰ মাজত উৰ্বশী। উৰ্বশীৰ দক্ষিণ পশ্চিমত কৰ্মনাশাৰ পাহাৰ। কৰ্মনাশাৰ উত্তৰ-পশ্চিমে আকৌ বৰ-দমৰা, সৰু-দমৰা নামে দুটা শিলো পানীৰ মাজত আছে। মণিকৰ্ণেশ্বৰৰ পূবে বৰনদী—উত্তৰ ফালৰপৰা আহি ব্ৰহ্মপুত্ৰত পৰিছে। মণিকৰ্ণেশ্বৰৰ গাৰে পৰা উত্তৰৰ দীৰ্ঘেশ্বৰী পাহাৰলৈকে এটা ৰজাদিনীয়া বৰ ওখ গড় আছে। এই গড়টোক ৰংমহল গড় বোলে। দীঘে প্ৰায় তিনি মাইল। গড় আৰু দীৰ্ঘেশ্বৰী পাহাৰৰ সংগমস্থলত এচটা বৰ ডাঙৰ শিল আছে। এই শিল চটাকে পুষ্পভদ্ৰা বোলে। পুষ্পভদ্ৰাৰেপৰা সিফালে চিলাৰ পাহাৰলৈকে আৰু এটা ওখ গড় আছে। ইও প্ৰায় তিনি মাইল দীঘল। এই গড়টোক মোমাইকটা গড় বোলে। গড়ৰ আৰু পাহাৰৰ জোৰাৰ থল ডোখৰক চিলাৰ চকি বোলে। ইয়াতে আহোমৰ চকীয়াল আছিল আৰু কামৰূপীয়া মানুহে এই চকিৰ সিফালেহে নিশা থাকিব পাৰিছিল।

    পশ্চিমে আমিনগাঁওৰেপৰা আজ্ঞাঠুৰি পাহাৰৰ কাষে কাষে যিটো আলি দলিবাৰি পছৰীয়া গাঁৱৰ মাজেদি গৈছে সেইটোক চেঁচামুখৰ আলি বোলে। এই আলিয়েদি গৈ থাকিলেই চেঁচামুখ নামেৰে নৈৰ ঘাট এটা পোৱা যায়। চেঁচা নামৰ নৈখন বেলেগ এখন নৈ নহয় পুঠীমাৰী নৈয়ে এই ডোখৰত চেঁচা নাম পাইছে।

    কোনোবাই যদি কেতিয়াবা উত্তৰ গুৱাহাটীৰপৰা দক্ষিণ গুৱাহাটীলৈ পশ্চিমৰপৰা পূবলৈকে চাইছে তেন্তে দেখিব দক্ষিণ গুৱাহাটীৰ নৈৰ গাতে পশ্চিমে ভুবনেশ্বৰীৰ ওখ পাহাৰটো আৰু সেই পাহাৰৰ ওপৰত ভুবনেশ্বৰী দেৱীৰ শুভ্ৰ মঠটো ধুকধুককৈ জিলিকিছে। ভুবনেশ্বৰীৰ পূবৰেপৰা নৈৰ কাষৰ প্ৰায় দুমাইল ঠাই সমথল। ইয়াৰ মূৰত আকৌ নৈৰ কাষে কাষে বৰ্তমান কছাৰী গাটলৈকে এশাৰী সৰু টিলা আছে। এই টিলাৰ ওপৰত শুক্ৰেশ্বৰ জনাৰ্দনৰ মন্দিৰ। কছাৰি ঘাটৰেপৰা প্ৰায় দেড় মাইল নৈৰ পাৰৰ ঠাই আকৌ সমথল। এই সমথলৰ পূব মূৰৰ পৰা নৈৰ পাৰে পাৰে আকৌ পাহাৰ নগাওঁ জিলাৰপৰা বৈ অহা কলং নৈৰ মুখলৈকে।

    পাঠক! গুৱাহাটী চহৰৰ এই প্ৰসিদ্ধ ঠাইবিলাকৰ বৰ্ণনা, বিৱৰণ আৰু পুৰণি ইতিবৃত্ত লেখিবলৈ গ’লে এখন বৃহৎ পুথি হয়। সেই সমস্ত বৰ্ণাবলৈ গ’লে আমি আমাৰ মূল উদ্দেশ্যৰ পৰাও ভালেমান আঁতৰত পৰোঁ! সেই দেখি আমাৰ এই উপন্যাসৰ নিমিত্তে যি কেইডোখৰ ঠাইৰ বৰ্ণনা লাগে তাক দিবলৈ বাধ্য হ’লোঁ।

    উত্তৰ গুৱাহাটীৰ মণিকৰ্ণেশ্বৰ পাহাৰৰপৰা যি ৰংমহলৰ গড় দীৰ্ঘেশ্বৰীৰ পাহাৰলৈকে গৈছে এই গড়টো বৰ ওখ। গড়ৰ পূব ডোখৰত খৰালি দ নলনি আৰু ইকৰানি হাবি প্ৰায় কুৰি পঁচিশ নলমানলৈকে। তাৰ পূবেই বৰ নদী আৰু ব্ৰহ্মপুত্ৰৰ সংগম। বাৰিষা হ’লে দুয়ো নৈৰ পানী এই গড়ৰ তলত লাগে। গড়ৰ পশ্চিম পাৰত দ ৰূপিত পথাৰ আৰু ৰংমহল গাঁও। এই গড়টোৱে ব্ৰহ্মপুত্ৰ নৈক উত্তৰ গুৱাহাটী চহৰখনৰ উত্তৰ পিনেদি বাগৰি উত্তৰ গুৱাহাটী চহৰ ৰংমহল ইত্যাদি ঠাই উটাই নি নৈৰ গৰ্ভত পেলোৱাৰপৰা ৰক্ষা কৰি আছে। আহোম ৰজাসকলৰ কীৰ্তি এনেকুৱা গড়ে, জয়সাগৰৰ নিচিনা পুখুৰীয়ে, কাৰেং ঘৰে, শিৱসাগৰৰ দৌলে আৰু আন মঠ-মন্দিৰ আদিয়েও জগতক আজিলৈকে দেখুৱাব লাগিছে। পুষ্পভদ্ৰা বোলা শিলচটায়ে গড়ৰ সিটো মূৰ নৈৰ হেঁচাৰপৰা ৰক্ষা কৰি আছে। কামৰূপীয়া মানুহৰ এটা বিশ্বাস আছে যে কলিৰ শেহত হেনো হাজোৰ উত্তৰত থকা সংসপ্তক দ’ল নামৰ ঠাইখনতে সপ্ত ম্লেচ্ছৰ মহা ৰণ হ’ব। সেই সময়তে হেনো পুষ্পভদ্ৰা মুক্ত হ’ব। ব্ৰহ্মপুত্ৰই উত্তৰ গুৱাহাটীৰ উত্তৰেদি বৈ হাজোক দক্ষিণ পাৰ কৰিব—উমানন্দ ভুবনেশ্বৰী কামাখ্যাই সৈতে একে পৰীয়া হ’ব। এই বিশ্বাসৰ মূলত দৰাচলতে বৈজ্ঞানিক বা ধ্ৰুব সত্য এটা নিহিত আছে। যদি কেনেবাকৈ ৰংমহলৰ গড়টো খহে আৰু পুষ্পভদ্ৰা বোলা শিলচটা হুহকি পৰে তেন্তে নিশ্চয় ব্ৰহ্মপুত্ৰই ৰংমহলেদি বাট লৈ একেবাৰে ৰংমহল, দলবাৰি পছৰীয়া ইত্যাদি গাঁও উটাই নিব আৰু হাজোৰ কেদাৰ মাধৱ আদি পাহাৰৰ উত্তৰেদি বাট লোৱাটো সম্ভৱ।

    দীৰ্ঘেশ্বৰী পাহাৰৰ এই পুষ্পভদ্ৰা বোলা শিল চটাৰেপৰা সিফালে চিলাৰ চকিলৈকে মোমাইকটা। এই গড়ৰ ইতিহাসৰ বিষয়ে যেয়ে অসম বুৰঞ্জী বা ৺লক্ষ্মীনাথ বেজবৰুৱাৰ ‍‘‍‘লাচিত বৰফুকন’’ পঢ়িছে সেয়ে জানে। সিফালে চেঁচামুখলৈ যোৱা বাটটোও কিছুমান দূৰলৈকে আজ্ঞাঠুৰি পাহাৰৰ প্ৰায় কাষে কাষে। এইবিলাক বিৱৰণৰেপৰা পাঠকসকলে বুজি লওক উত্তৰ গুৱাহাটী চহৰো কেনে সুৰক্ষিত। দক্ষিণ গুৱাহাটীৰপৰা উত্তৰ কামৰূপলৈ পোনে পোনে সোমাব খুজিলেই এইবিলাক বাটৰ এটা নহয় এটাই দিয়ে যাব লাগিব। বিশেষ পূবপাৰ, চুতীয়াপাৰা, মদাৰ তলা, ৰঙিয়া ইত্যাদি ঠাইলৈ যাবলৈ হ’লে এই তিনিটা বাটৰ এটাইদি যাব লাগিব। হৰদত্ত বৰুৱাৰ ঘৰ পূবপাৰ মৌজাত থকা বাবে আহোম ৰণুৱাসকলে এই তিনি বাটেদিয়াই আগ বাঢ়িব লগাত পৰিছিল। হৰদত্ত বৰুৱাইও এই কথাকে জানি চেঁচামুখলৈ, শিলাৰ চকিলৈ আৰু পুষ্পভদ্ৰাৰ ওচৰলৈ সৈন্য পঠাইছিল।

    ১৭৮৮ শকৰ মাঘ মাহতে এই তিনিউ ঠাইতে আহোম আৰু ৰামৰূপীয়াৰ সংঘৰ্ষ হ’ল। আহোম ৰণুৱাসকলৰ হাতত তৰোৱাল, কাড়ধেনু। কামৰূপীয়াসকলৰ হাততো সেই অস্ত্ৰ। উভয় দলৰ প্ৰথমে কাড়ে কাড়ে যুদ্ধ হ’ল। দুয়োফালে ৰণবাদ্য বাজিল। শেহত কামৰূপী বীৰসকলে আহোমৰ সৈন্য তাকৰ দেখি কিৰিলি মাৰি খেদি আহি তৰোৱালে কটা-কটি লগালে। বীৰদত্তে নিজ হাতেৰে কুৰি পঁচিশটা আহোম ৰণুৱা কাটিলে। চাওঁতে চাওঁতে এপৰৰ ভিতৰতেই ৰণৰ ওৰ পৰিল। তিনিউ ঠাইতে আহোম ঘাটিল। আহোম ৰণুৱা যি কুৰি পঁচিশজনমান বাচিল সেই কেইজন পিছ হুহঁকি আহি নাৱত উঠি নাও মেলি দিলে। কামৰূপীয়া সৈন্যই পিছে পিছে খেদি আহি নাৱলৈকো কাড়মাৰি আৰু চাৰি পাঁচজনমান আহোম ৰণুৱা বধিলে। বাকীকেইজনে গৈ বৰফুকনক পৰাজয়ৰ বাতৰি দিলে। বৰফুকনে প্ৰমাদ গণিলে। কামৰূপীয়াসকলে আমিনগাঁও, উত্তৰ গুৱাহাটী আৰু ৰজাদ্বাৰত কোঠ মাৰি বহিল। উত্তৰ গুৱাহাটী আৰু ৰংমহলৰ অসমীয়া ভদ্ৰলোকসকলক তেওঁলোকৰ (কামৰূপীয়াৰ) তলতীয়া হল বুলি ঢোলপিটি শুনাই দি কৰ-কাটল, ৰছদ-পাতি ল’বৰ ব্যৱস্থা কৰিলে। উপযুক্ত অধিপতিৰ তলত সৈন্যবিলাকক থৈ কামৰূপীয়া তিনিউজন সেনাপতি ঘৰলৈ উলটিল। তিনিউজনকে ঘৰৰ ওচৰত কামৰূপীয়া ৰাইজে সাদৰি আগবঢ়াই নিলে। কামৰূপীয়া মহিলাসকলেও আল্পত হৈ উৰুলি জোকাৰ দি বীৰসকলক অভ্যৰ্থনা কৰিলে।

উনবিংশ অধ্যায়

বৰফুকন

    বদন বৰফুকনে সপোনতো ভবা নাছিল যে কামৰূপীয়া ঢেকেৰীৰ হাতত তেওঁৰ সুশিক্ষিত আহোমৰ ৰণুৱা ঘাটিব। এতিয়া আমিনগাঁৱত, চিলাৰ চকিত, দীৰ্ঘেশ্বৰী পাহাৰৰ দাঁতিত তেওঁৰ প্ৰায় তিনিশ ৰণুৱা হত হোৱা শুনি লাজতে খঙতে বিমোৰ হৈ উজনিৰ বুঢ়াগোহাঁইলৈ কামৰূপীয়া বিদ্ৰোহৰ কথা জনাই সৈন্য সামন্ত খুজি পঠালে। ইফালে ছয়গাঁও, পানতান ৰাণী, লুকী, বেলতলা, ডুমৰীয়া ইত্যাদি ৰজা সকললৈকো সহায় খুজি কটকী পঠালে। এই ৰণ হৈ যোৱাৰ পিছত লাহে লাহে পচোৱা বতাহ বলে। ব্ৰহ্মপুত্ৰত বৰ ঢৌ হ’ব ধৰিলে। তাৰ পিছত লাহে লাহে বাৰিষা আহিল। ইফালে বুঢ়াগোহাঁইৰপৰাও চিঠিৰ উত্তৰ আহোঁতে পলম হ’ল। দক্ষিণপাৰৰ ৰজাসকলৰপৰাও শীঘ্ৰে সৈন্য সামন্ত সংগ্ৰহ কৰিব নোৱাৰিলে; ইত্যাদি কাৰণে বৰফুকনে এই শকত আকৌ কামৰূপীয়াৰ বিৰুদ্ধে যুদ্ধ যাত্ৰা স্থগিত ৰাখিলে।

    ইফালে কামৰূপীয়াসকলেও উত্তৰ গুৱাহাটী, আমিনগাওঁ, ৰজাদুৱাৰ এই তিনিও ঠাইতে আনি থোৱা ৰণুৱাসকলক মাহে চাউল পাত যোগাবলৈ মানুহ নিযুক্ত কৰিলে। ৰণুৱাসকলৰ ঘৰতো খেতি-বাতি চলাবলৈ গাঁৱৰ আন আন মানুহক নিযুক্ত কৰিলে। গাঁৱে গাঁৱে যাতে কামৰূপীয়া প্ৰজাই এখন্তকো বহি নাথাকি খেতি বাতি ভালকৈ কৰে তাৰো দিহা মেলা লগালে। ঠায়ে ঠায়ে আখৰা পতাই সেই আখৰাবিলাকত কামৰূপীয়া সকলো জাতৰে ডেকাসকলক যুদ্ধবিদ্যা শিকোৱাৰ বন্দবস্ত কৰিলে। কামৰূপীয়াসকলে বঢ়িয়াকৈ জানিছিল যে বৰফুকনে যেনেহ’লেও সিবছৰৰ খৰালিত আকৌ ৰণ লগাব।

    বদন বৰফুকনৰ দূতে চিঠি লৈ গৈ বুঢ়াগোহাঁইৰ ওচৰ পালে। সেই সময়ত পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে পিতৃ বুঢ়াগোহাঁয়ে সৈতে লগলাগি মোৱামৰীয়া দমন কৰি পিতৃ বিয়োগ হোৱাত বুঢ়াগোহাঁইৰ পদত বহিছিল মাতোন। মোৱামৰীয়া বিদ্ৰোহতে বুঢ়াগোহাঁইৰ শক্তি ক্ষয় হৈ আহিল। আহোমৰ কাঁড়ী ৰণুৱাসকলো জেৰবাৰ হৈ আছিল। এইবিলাক কাৰণত বুঢ়াগোহাঁয়ে ৰণুৱা পঠাব নোৱাৰি চিঠিৰে বদন বৰফুকনক আদেশ কৰিছিল যে তেওঁ দক্ষিণ পাৰৰ ৰাণী, লুকী, ছয়গাঁও, পানতান, বেলতলা, ডুমৰীয়া এই ৰজাসকলৰপৰা গাৰো, কোচ, মিকিৰ ইত্যাদি ৰণুৱা লৈ যিমান শীঘ্ৰে পাৰে বিদ্ৰোহটো দমন কৰক। তেওঁ এই ৰজা সকলোলৈকে দূতৰ হাততে পত্ৰ দিলে। অহাই যোৱাই প্ৰায় চাৰিমাহৰ মূৰত বৰফুকনৰ কটকী উলটিল। বৰফুকনে উজনিৰপৰা কোনো সহায় নাপাই বিষণ্ণ হ’ল। কিন্তু আগৰ লাচিত ফুকনৰ ধৈৰ্য্য আৰু বীৰত্ব স্মৰণ কৰি, আৰু নিজৰো দিগ্বিজয়ী আহোম তেজকে সুঁৱৰি একেবাৰে নিৰাশ নহৈ আকো ১৭৮৯ শকৰ বিজয়া দশমীৰ দিনৰেপৰা চাৰিওফালৰ দাঁতি-কাষৰীয়া ৰজাসকলৰপৰা সৈন্য-সামন্ত আৰু ৰছদ-পত্ৰ গোটাব ধৰিলে। ইফালে হৰদত্ত বীৰদত্তয়ো গত বছৰৰ দৰে বৰ সমাৰোহেৰে দুৰ্গোৎসৱ পাতি তালৈ কামৰূপৰ সমস্ত বৰুৱা চৌধাৰীক নিমন্ত্ৰণ কৰি আনি আকৌ যুক্ত পৰামৰ্শ হ’ল। কামৰূপীয়া বৰুৱা চৌধাৰীসকলে গত বছৰৰ যুদ্ধত জিকি দুগুণ উৎসাহিত হৈ হৰদত্ত আৰু বীৰদত্তক সহায় কিৰবলৈ গাত ল’লে আৰু সেইদৰেই সৈন্য সামন্ত আৰু ৰছদ-পাতি গোট খুৱালে। কেৱল চাঁদ কুচীয়া বুজৰবৰুৱা আৰু সিফালে চণ্ডী বুজৰবৰুৱাই কোনো পক্ষকে সমৰ্থন নকৰি ঘৰে ঘৰে গৈ নিজৰ কেতি বাতিত মন দি থাকিল। বৰফুকনকো কৰ কাটল দিবলৈ যাব নোৱাৰিলে। কৰ-কাটল দিবই বা কৰপৰা? কামৰূপীয়াসকলে বৰফুকনক দিবলগীয়া কৰ-কাটল বন্ধ কৰি যুজৰ আয়োজনত দুয়োদলে যুজলৈ যথা সময়ত সাজু হ’ল।

বিংশ অধ্যায়

১৭৮৯ শকৰ ৰণ

    গত বছৰৰ দৰে এই বছৰো মাঘ মাহতে উভয় দলৰ ৰণৰ আয়োজন হ’ল। ৰণ আৰম্ভ কৰাৰ আগেয়ে বদন বৰফুকনে কটকীৰ হতুৱাই হৰদত্তলৈ এই চিঠি দিয়ালে—

হৰদত্ত চৌধাৰী,

    ‍‘‍‘উঁই পৰুৱাই মৰিবৰ সময়ত পাখি গজি উৰিবলৈ ধৰাৰ দৰে তইও মোৰ আৰু আমাৰ ৰজাৰ বিদ্ৰোহ আচৰণ কৰি, নাশ পাবলৈ ওলাইছ। তই বুজা নাই নে মই তহঁতক, তোৰ নাতিপুতি বঙহ পৰিয়াল সকলোকে ধ্বংস কৰিম। যদি ৰক্ষা পাব খোজ এতিয়াও সময় আছে। যুজ এৰি তই আত্মসমৰ্পণ কৰি শৰণাগত হহি, তেতিয়া তোক মই ক্ষমা কৰিলেও কৰিব পাৰো। কিন্তু তোৰ ভায়েৰ বীৰদত্তক ক্ষমা সহজে নকৰিম।’’ ইতি—

    এই পত্ৰ পাই হৰদত্ত বীৰদত্তে কামৰূপীয়া আন আন বৰুৱা চৌধাৰীসকলে সৈতে পৰামৰ্শ কৰি এইদৰে উত্তৰ দিলে : —

বদন বৰফুকন,

    তোমাৰ পত্ৰ পালোঁ। গল বেলি যুজত হাৰিও তোমাৰ লাজ নহ’ল। তোমালোক আহোমে আমাৰ কামৰূপীয়াক মানুহৰ ভিতৰতে গণ্য নকৰা। চিৰকালেই আমাক ঢেকেৰি ঢেকেৰি বুলি অপমান কৰি আহিছা। আমাক এনেকুৱা অবিশ্বাস কৰা যে ৰাতি হ’লে আমাক গুৱাহাটী চহৰৰ ভিতৰত থাকিব নিদিয়া আৰু তেউজ বেলি তোমাৰ উন্নত্ত পুতেৰহঁতে উন্মত্ত হাতীৰ হতুৱাই কৈ পৈশাচিকৰূপে আমাৰ কামৰূপীয়া ল’ৰা-ছোৱালীকেইটা বধিলে আৰু আন আন অনেককে আহত কৰিলে সেই কথালৈ মনত পৰিলে আমাৰ কামৰূপীয়াৰ ধৈৰ্য্য ধৰিবৰে ঠাই নাই। আমি শিশু সন্তান কেইটিৰ হত্যাৰ বিচাৰ মাগিছিলোঁ। তুমি কেনেখন বিচাৰ কৰিলা মনত কৰাচোন। এই নিৰপৰাধী কামৰূপীয়া শিশু-সন্তান কেইটিৰ আত্মাই আমাক তোমাৰ বিৰুদ্ধে অস্ত্ৰ ধৰি এই হত্যাৰ শোধ ল’বলৈ উদ্গাব লাগিছে। এই পাপৰ ফলত গ’ল বেলি যুজত হাৰিলা। যুজত হাৰিও তোমাৰ অহংকাৰ নগ’ল যেন দেখিছোঁ। তাৰ প্ৰমাণ তোমাৰ এই অপমানমূলক পত্ৰই। বাৰু। যদি আমি কামৰূপীয়াই যুজৰপৰা ক্ষান্ত হ’ব লাগে তেন্তে জয় জয়তে তোমাৰ পুত্ৰ দুটিক অন্ততঃ এবছৰলৈ বন্দীশালত ৰাখা আৰু কামৰূপীয়াক আগলৈকো কোনো অত্যাচাৰ নকৰোঁ বুলি তোমাৰ দেওত অথবা তুমি যদি প্ৰকৃত শাক্ত হোৱা তেন্তে তোমাৰ ইষ্টা দেৱীৰ ওচৰত আমাক আগত ৰাখি শপথ কাঢ়া। ইয়াকে যদি নকৰা তেন্তে আমি দেশৰ অৰ্থে, আত্মসন্মানৰ অৰ্থে তোমাৰ বিৰুদ্ধে যি অস্ত্ৰ ধৰিছোঁ তাক নাসামৰোঁ। তোমাৰ গাতো ভূঞাৰ তেজ, ক্ষত্ৰিয়ৰ তেজ অলপ-অচৰপ আছে। এইটো নিশ্চয় জানিবা আমি আহোম ৰজাৰ বিৰুদ্ধে অস্ত্ৰ ধৰা নাই। তোমাৰ বিৰুদ্ধে ধৰিছোঁ আৰু ধৰিমো। যদি আমাক যুজত ঘটুৱাব পাৰা তেনেহ’লেহে আমাৰ বংগৰ পৰিয়ালক নাতি-পুতি সমন্বিতে ধ্বংস কৰিব পাৰিবা। এনেয়ে ধমক দিলে কি হ’ব? আমাৰ কামৰূপীয়া মানুহৰ সহায়ত লাচিত বৰফুকনে মোমাই কটা গড় বান্ধি মোগলকো পৰাস্ত কৰিছিল। কিন্তু সেই কামৰূপীয়াৰ বংশধৰসকলক আজি-কালি তুমি কিদৰে ব্যৱহাৰ কৰিছা ভাবি চোৱা। তুমি বৰফুকনালি বিষয়খন এৰি গ’লে, আৰু তোমাৰ থলত ৰজাই লাচিত বৰফুকনালি বিষয়খন এৰি গ’লে, আৰু তোমাৰ থলত ৰজাই লাচিত বৰফুকনৰ দৰে এজন ভাল ফুকন দিলে আমি শান্ত হম। সেইটো নহয় মানে যুজিম আৰু তোমাক—কামৰূপ ৰাজ্যৰপৰা উচ্ছেদ কৰিম। এই কথা ধুৰুপ বুজিবা। ইতি—

    শ্ৰীহৰদত্ত প্ৰমুখ্যে সমূহ

কামৰূপীয়া ৰাইজ

    হৰদত্ত বীৰদত্তৰ এই যুক্তিপূৰ্ণ, বীৰত্বব্যঞ্জক চিঠি পাইও বৰফুকনৰ মন নগলিল। বৰফুকনে ক্ৰোধান্বিত হৈ অসংখ্য নাও-বঠা গোটাই এইবাৰ কোচ, গাৰো, আহোম এনেকুৱা ছহেজাৰ ৰণুৱা ব্ৰহ্মপুত্ৰ পাৰ কৰালে। উত্তৰ গুৱাহাটীত আৰু আমিনগাঁও ৰজাদুৱাৰত থকা সৈন্যয়ো নাৱলৈ যিমান পাৰিলে কাড় মাৰি মাৰি দুই-তিনিশ ৰণুৱা যদিও নাশ কৰিলে তথাপি বৰফুকনৰ ইমানবিলাক নাও আৰু সৈন্য দেখি বলে নোৱাৰিব জানি কিছু হুহঁকি হুহঁকি তিনিউজাকে তিনি বাটেৰে গৈ দীৰ্ঘেশ্বৰীৰ তলত চিলাৰ চকিত দলবাৰি গাঁৱৰ বাটৰ পাহাৰৰ কাষত সিফালৰপৰা অহা কামৰূপীয়া আঠ হাজাৰ সৈন্যৰ লগ লাগিল। চিলাৰ চকিত দলত বীৰদত্ত, দীৰ্ঘেশ্বৰীৰ দলত হৰদত্ত আৰু সিফালে দলবাৰিৰ দলত মহীৰাম, কমাৰকুচীয়া বৰুৱা আৰু মদাৰতলীয়া চৌধাৰী আছিল।

    যথাসময়ত তিনিও ঠাইতে আহোমৰে আৰু কামৰূপীয়াৰে ৰণ লাগিল। আহোম সৈন্যৰ মাজত ধনঞ্জয় ঢোল-পেঁপা বাজিল। কামৰূপীয়াৰ মাজত শংখ, ঘণ্টা, ভেৰী বাজিল। শৰে শৰে তৰোৱালে তৰোৱালে ষাঠিয়ে ষাঠিয়ে তয়াময়া ৰণ হ’ল। দুদিন দুৰাতি  দুয়োদলে ভয়ানক ৰণ কৰিলে। আহোমৰ প্ৰায় সৈন্য মৰিল। যি এশ নে দুশ তিনিও ঠাইতে বাচিছিল সেইসকল পিছ হুহঁকি গৈ নৈত নাৱত উঠি খেৱা মেলিলে। কামৰূপীয়া সৈন্যে আকৌ হেচুকি আগবাঢ়ি আহি ৰজাদুৱাৰ, উত্তৰ গুৱাহাটী, আমিনগাঁও অধিকাৰ কৰিলে। কামৰূপীয়া ছয়-সাত হাজাৰ সৈন্য মৰিল। হৰদত্ত বীৰদত্তে আকৌ এই তিনি ঠাইতে সৈন্য ৰাখি ঘৰলৈ উলটিল। এইবাৰৰ ৰণতো কামৰূপীয়াই জিকি বৰ আনন্দ পালে। আকৌ দ্বিতীয়বাৰ ঢেকেৰিৰ হাতত পৰাজিত হৈ বৰফুকন বৰ ম্ৰিয়মান হ’ল। কিন্তু ম্ৰিয়মান হ’লেও বৰফুকনে আকৌ সি বছৰলৈ যুজিবৰ আয়োজনত ৰল। কামৰূপীয়াৰ ঘৰে ঘৰে আনন্দ-উলাহৰ সোঁত বলে।

উনবিংশ অধ্যায়

বৰফুকন

    বদন বৰফুকনে সপোনতো ভবা নাছিল যে কামৰূপীয়া ঢেকেৰীৰ হাতত তেওঁৰ সুশিক্ষিত আহোমৰ ৰণুৱা ঘাটিব। এতিয়া আমিনগাঁৱত, চিলাৰ চকিত, দীৰ্ঘেশ্বৰী পাহাৰৰ দাঁতিত তেওঁৰ প্ৰায় তিনিশ ৰণুৱা হত হোৱা শুনি লাজতে খঙতে বিমোৰ হৈ উজনিৰ বুঢ়াগোহাঁইলৈ কামৰূপীয়া বিদ্ৰোহৰ কথা জনাই সৈন্য সামন্ত খুজি পঠালে। ইফালে ছয়গাঁও, পানতান ৰাণী, লুকী, বেলতলা, ডুমৰীয়া ইত্যাদি ৰজা সকললৈকো সহায় খুজি কটকী পঠালে। এই ৰণ হৈ যোৱাৰ পিছত লাহে লাহে পচোৱা বতাহ বলে। ব্ৰহ্মপুত্ৰত বৰ ঢৌ হ’ব ধৰিলে। তাৰ পিছত লাহে লাহে বাৰিষা আহিল। ইফালে বুঢ়াগোহাঁইৰপৰাও চিঠিৰ উত্তৰ আহোঁতে পলম হ’ল। দক্ষিণপাৰৰ ৰজাসকলৰপৰাও শীঘ্ৰে সৈন্য সামন্ত সংগ্ৰহ কৰিব নোৱাৰিলে; ইত্যাদি কাৰণে বৰফুকনে এই শকত আকৌ কামৰূপীয়াৰ বিৰুদ্ধে যুদ্ধ যাত্ৰা স্থগিত ৰাখিলে।

    ইফালে কামৰূপীয়াসকলেও উত্তৰ গুৱাহাটী, আমিনগাওঁ, ৰজাদুৱাৰ এই তিনিও ঠাইতে আনি থোৱা ৰণুৱাসকলক মাহে চাউল পাত যোগাবলৈ মানুহ নিযুক্ত কৰিলে। ৰণুৱাসকলৰ ঘৰতো খেতি-বাতি চলাবলৈ গাঁৱৰ আন আন মানুহক নিযুক্ত কৰিলে। গাঁৱে গাঁৱে যাতে কামৰূপীয়া প্ৰজাই এখন্তকো বহি নাথাকি খেতি বাতি ভালকৈ কৰে তাৰো দিহা মেলা লগালে। ঠায়ে ঠায়ে আখৰা পতাই সেই আখৰাবিলাকত কামৰূপীয়া সকলো জাতৰে ডেকাসকলক যুদ্ধবিদ্যা শিকোৱাৰ বন্দবস্ত কৰিলে। কামৰূপীয়াসকলে বঢ়িয়াকৈ জানিছিল যে বৰফুকনে যেনেহ’লেও সিবছৰৰ খৰালিত আকৌ ৰণ লগাব।

    বদন বৰফুকনৰ দূতে চিঠি লৈ গৈ বুঢ়াগোহাঁইৰ ওচৰ পালে। সেই সময়ত পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে পিতৃ বুঢ়াগোহাঁয়ে সৈতে লগলাগি মোৱামৰীয়া দমন কৰি পিতৃ বিয়োগ হোৱাত বুঢ়াগোহাঁইৰ পদত বহিছিল মাতোন। মোৱামৰীয়া বিদ্ৰোহতে বুঢ়াগোহাঁইৰ শক্তি ক্ষয় হৈ আহিল। আহোমৰ কাঁড়ী ৰণুৱাসকলো জেৰবাৰ হৈ আছিল। এইবিলাক কাৰণত বুঢ়াগোহাঁয়ে ৰণুৱা পঠাব নোৱাৰি চিঠিৰে বদন বৰফুকনক আদেশ কৰিছিল যে তেওঁ দক্ষিণ পাৰৰ ৰাণী, লুকী, ছয়গাঁও, পানতান, বেলতলা, ডুমৰীয়া এই ৰজাসকলৰপৰা গাৰো, কোচ, মিকিৰ ইত্যাদি ৰণুৱা লৈ যিমান শীঘ্ৰে পাৰে বিদ্ৰোহটো দমন কৰক। তেওঁ এই ৰজা সকলোলৈকে দূতৰ হাততে পত্ৰ দিলে। অহাই যোৱাই প্ৰায় চাৰিমাহৰ মূৰত বৰফুকনৰ কটকী উলটিল। বৰফুকনে উজনিৰপৰা কোনো সহায় নাপাই বিষণ্ণ হ’ল। কিন্তু আগৰ লাচিত ফুকনৰ ধৈৰ্য্য আৰু বীৰত্ব স্মৰণ কৰি, আৰু নিজৰো দিগ্বিজয়ী আহোম তেজকে সুঁৱৰি একেবাৰে নিৰাশ নহৈ আকো ১৭৮৯ শকৰ বিজয়া দশমীৰ দিনৰেপৰা চাৰিওফালৰ দাঁতি-কাষৰীয়া ৰজাসকলৰপৰা সৈন্য-সামন্ত আৰু ৰছদ-পত্ৰ গোটাব ধৰিলে। ইফালে হৰদত্ত বীৰদত্তয়ো গত বছৰৰ দৰে বৰ সমাৰোহেৰে দুৰ্গোৎসৱ পাতি তালৈ কামৰূপৰ সমস্ত বৰুৱা চৌধাৰীক নিমন্ত্ৰণ কৰি আনি আকৌ যুক্ত পৰামৰ্শ হ’ল। কামৰূপীয়া বৰুৱা চৌধাৰীসকলে গত বছৰৰ যুদ্ধত জিকি দুগুণ উৎসাহিত হৈ হৰদত্ত আৰু বীৰদত্তক সহায় কিৰবলৈ গাত ল’লে আৰু সেইদৰেই সৈন্য সামন্ত আৰু ৰছদ-পাতি গোট খুৱালে। কেৱল চাঁদ কুচীয়া বুজৰবৰুৱা আৰু সিফালে চণ্ডী বুজৰবৰুৱাই কোনো পক্ষকে সমৰ্থন নকৰি ঘৰে ঘৰে গৈ নিজৰ কেতি বাতিত মন দি থাকিল। বৰফুকনকো কৰ কাটল দিবলৈ যাব নোৱাৰিলে। কৰ-কাটল দিবই বা কৰপৰা? কামৰূপীয়াসকলে বৰফুকনক দিবলগীয়া কৰ-কাটল বন্ধ কৰি যুজৰ আয়োজনত দুয়োদলে যুজলৈ যথা সময়ত সাজু হ’ল।

# ### #

বিংশ অধ্যায়

১৭৮৯ শকৰ ৰণ

    গত বছৰৰ দৰে এই বছৰো মাঘ মাহতে উভয় দলৰ ৰণৰ আয়োজন হ’ল। ৰণ আৰম্ভ কৰাৰ আগেয়ে বদন বৰফুকনে কটকীৰ হতুৱাই হৰদত্তলৈ এই চিঠি দিয়ালে—

হৰদত্ত চৌধাৰী,

    ‍‘‍‘উঁই পৰুৱাই মৰিবৰ সময়ত পাখি গজি উৰিবলৈ ধৰাৰ দৰে তইও মোৰ আৰু আমাৰ ৰজাৰ বিদ্ৰোহ আচৰণ কৰি, নাশ পাবলৈ ওলাইছ। তই বুজা নাই নে মই তহঁতক, তোৰ নাতিপুতি বঙহ পৰিয়াল সকলোকে ধ্বংস কৰিম। যদি ৰক্ষা পাব খোজ এতিয়াও সময় আছে। যুজ এৰি তই আত্মসমৰ্পণ কৰি শৰণাগত হহি, তেতিয়া তোক মই ক্ষমা কৰিলেও কৰিব পাৰো। কিন্তু তোৰ ভায়েৰ বীৰদত্তক ক্ষমা সহজে নকৰিম।’’ ইতি—

    এই পত্ৰ পাই হৰদত্ত বীৰদত্তে কামৰূপীয়া আন আন বৰুৱা চৌধাৰীসকলে সৈতে পৰামৰ্শ কৰি এইদৰে উত্তৰ দিলে : —

বদন বৰফুকন,

    তোমাৰ পত্ৰ পালোঁ। গল বেলি যুজত হাৰিও তোমাৰ লাজ নহ’ল। তোমালোক আহোমে আমাৰ কামৰূপীয়াক মানুহৰ ভিতৰতে গণ্য নকৰা। চিৰকালেই আমাক ঢেকেৰি ঢেকেৰি বুলি অপমান কৰি আহিছা। আমাক এনেকুৱা অবিশ্বাস কৰা যে ৰাতি হ’লে আমাক গুৱাহাটী চহৰৰ ভিতৰত থাকিব নিদিয়া আৰু তেউজ বেলি তোমাৰ উন্নত্ত পুতেৰহঁতে উন্মত্ত হাতীৰ হতুৱাই কৈ পৈশাচিকৰূপে আমাৰ কামৰূপীয়া ল’ৰা-ছোৱালীকেইটা বধিলে আৰু আন আন অনেককে আহত কৰিলে সেই কথালৈ মনত পৰিলে আমাৰ কামৰূপীয়াৰ ধৈৰ্য্য ধৰিবৰে ঠাই নাই। আমি শিশু সন্তান কেইটিৰ হত্যাৰ বিচাৰ মাগিছিলোঁ। তুমি কেনেখন বিচাৰ কৰিলা মনত কৰাচোন। এই নিৰপৰাধী কামৰূপীয়া শিশু-সন্তান কেইটিৰ আত্মাই আমাক তোমাৰ বিৰুদ্ধে অস্ত্ৰ ধৰি এই হত্যাৰ শোধ ল’বলৈ উদ্গাব লাগিছে। এই পাপৰ ফলত গ’ল বেলি যুজত হাৰিলা। যুজত হাৰিও তোমাৰ অহংকাৰ নগ’ল যেন দেখিছোঁ। তাৰ প্ৰমাণ তোমাৰ এই অপমানমূলক পত্ৰই। বাৰু। যদি আমি কামৰূপীয়াই যুজৰপৰা ক্ষান্ত হ’ব লাগে তেন্তে জয় জয়তে তোমাৰ পুত্ৰ দুটিক অন্ততঃ এবছৰলৈ বন্দীশালত ৰাখা আৰু কামৰূপীয়াক আগলৈকো কোনো অত্যাচাৰ নকৰোঁ বুলি তোমাৰ দেওত অথবা তুমি যদি প্ৰকৃত শাক্ত হোৱা তেন্তে তোমাৰ ইষ্টা দেৱীৰ ওচৰত আমাক আগত ৰাখি শপথ কাঢ়া। ইয়াকে যদি নকৰা তেন্তে আমি দেশৰ অৰ্থে, আত্মসন্মানৰ অৰ্থে তোমাৰ বিৰুদ্ধে যি অস্ত্ৰ ধৰিছোঁ তাক নাসামৰোঁ। তোমাৰ গাতো ভূঞাৰ তেজ, ক্ষত্ৰিয়ৰ তেজ অলপ-অচৰপ আছে। এইটো নিশ্চয় জানিবা আমি আহোম ৰজাৰ বিৰুদ্ধে অস্ত্ৰ ধৰা নাই। তোমাৰ বিৰুদ্ধে ধৰিছোঁ আৰু ধৰিমো। যদি আমাক যুজত ঘটুৱাব পাৰা তেনেহ’লেহে আমাৰ বংগৰ পৰিয়ালক নাতি-পুতি সমন্বিতে ধ্বংস কৰিব পাৰিবা। এনেয়ে ধমক দিলে কি হ’ব? আমাৰ কামৰূপীয়া মানুহৰ সহায়ত লাচিত বৰফুকনে মোমাই কটা গড় বান্ধি মোগলকো পৰাস্ত কৰিছিল। কিন্তু সেই কামৰূপীয়াৰ বংশধৰসকলক আজি-কালি তুমি কিদৰে ব্যৱহাৰ কৰিছা ভাবি চোৱা। তুমি বৰফুকনালি বিষয়খন এৰি গ’লে, আৰু তোমাৰ থলত ৰজাই লাচিত বৰফুকনালি বিষয়খন এৰি গ’লে, আৰু তোমাৰ থলত ৰজাই লাচিত বৰফুকনৰ দৰে এজন ভাল ফুকন দিলে আমি শান্ত হম। সেইটো নহয় মানে যুজিম আৰু তোমাক—কামৰূপ ৰাজ্যৰপৰা উচ্ছেদ কৰিম। এই কথা ধুৰুপ বুজিবা। ইতি—

    শ্ৰীহৰদত্ত প্ৰমুখ্যে সমূহ

কামৰূপীয়া ৰাইজ

    হৰদত্ত বীৰদত্তৰ এই যুক্তিপূৰ্ণ, বীৰত্বব্যঞ্জক চিঠি পাইও বৰফুকনৰ মন নগলিল। বৰফুকনে ক্ৰোধান্বিত হৈ অসংখ্য নাও-বঠা গোটাই এইবাৰ কোচ, গাৰো, আহোম এনেকুৱা ছহেজাৰ ৰণুৱা ব্ৰহ্মপুত্ৰ পাৰ কৰালে। উত্তৰ গুৱাহাটীত আৰু আমিনগাঁও ৰজাদুৱাৰত থকা সৈন্যয়ো নাৱলৈ যিমান পাৰিলে কাড় মাৰি মাৰি দুই-তিনিশ ৰণুৱা যদিও নাশ কৰিলে তথাপি বৰফুকনৰ ইমানবিলাক নাও আৰু সৈন্য দেখি বলে নোৱাৰিব জানি কিছু হুহঁকি হুহঁকি তিনিউজাকে তিনি বাটেৰে গৈ দীৰ্ঘেশ্বৰীৰ তলত চিলাৰ চকিত দলবাৰি গাঁৱৰ বাটৰ পাহাৰৰ কাষত সিফালৰপৰা অহা কামৰূপীয়া আঠ হাজাৰ সৈন্যৰ লগ লাগিল। চিলাৰ চকিত দলত বীৰদত্ত, দীৰ্ঘেশ্বৰীৰ দলত হৰদত্ত আৰু সিফালে দলবাৰিৰ দলত মহীৰাম, কমাৰকুচীয়া বৰুৱা আৰু মদাৰতলীয়া চৌধাৰী আছিল।

    যথাসময়ত তিনিও ঠাইতে আহোমৰে আৰু কামৰূপীয়াৰে ৰণ লাগিল। আহোম সৈন্যৰ মাজত ধনঞ্জয় ঢোল-পেঁপা বাজিল। কামৰূপীয়াৰ মাজত শংখ, ঘণ্টা, ভেৰী বাজিল। শৰে শৰে তৰোৱালে তৰোৱালে ষাঠিয়ে ষাঠিয়ে তয়াময়া ৰণ হ’ল। দুদিন দুৰাতি  দুয়োদলে ভয়ানক ৰণ কৰিলে। আহোমৰ প্ৰায় সৈন্য মৰিল। যি এশ নে দুশ তিনিও ঠাইতে বাচিছিল সেইসকল পিছ হুহঁকি গৈ নৈত নাৱত উঠি খেৱা মেলিলে। কামৰূপীয়া সৈন্যে আকৌ হেচুকি আগবাঢ়ি আহি ৰজাদুৱাৰ, উত্তৰ গুৱাহাটী, আমিনগাঁও অধিকাৰ কৰিলে। কামৰূপীয়া ছয়-সাত হাজাৰ সৈন্য মৰিল। হৰদত্ত বীৰদত্তে আকৌ এই তিনি ঠাইতে সৈন্য ৰাখি ঘৰলৈ উলটিল। এইবাৰৰ ৰণতো কামৰূপীয়াই জিকি বৰ আনন্দ পালে। আকৌ দ্বিতীয়বাৰ ঢেকেৰিৰ হাতত পৰাজিত হৈ বৰফুকন বৰ ম্ৰিয়মান হ’ল। কিন্তু ম্ৰিয়মান হ’লেও বৰফুকনে আকৌ সি বছৰলৈ যুজিবৰ আয়োজনত ৰল। কামৰূপীয়াৰ ঘৰে ঘৰে আনন্দ-উলাহৰ সোঁত বলে।

একবিংশ অধ্যায়

হৰদত্তৰ গৃহিণী

    এইবাৰৰ ৰণত যদিও কামৰূপীয়া জিকিল তথাপি প্ৰায় ছয়-সাত হাজাৰ মানুহ যুজত মৰাত কামৰূপীয়াৰ ঘৰে ঘৰে কান্দোনৰ ৰোলও উঠিল। বৰফুকনে কামৰূপীয়াৰ বীৰত্বত তধা মানিব লগাত পৰিল। কামৰূপীয়া মানুহে হৰদত্ত বীৰদত্তৰ বীৰত্ব বখানি ঠায়ে ঠায়ে গীত পদো গাব ধৰিলে।

    যুদ্ধ-বিগ্ৰহত লাগি থকাৰ বাবে আমি পদুম আৰু মহীৰামৰ প্ৰণয় কাহিনীৰ বিষয়ে ক’ব পৰা নাই। সেইবাবে আমাক ডেকা-গাভৰুসকলে যেন ক্ষমা কৰে। পদুমৰ উঠি অহা যৌৱনৰ ৰূপত মহীৰাম যেনেকৈ দিনক দিনে মোহিত হৈছিল। পদুমেও সেইদৰে মহীৰামৰ বীৰত্বক মনে মনে শলাগিছিল। উভয়ৰে উভয়লৈ প্ৰণয় দিনক দিনে ডাঠ হৈ উঠিছিল।

    ইফালে হৰদত্ত বৰুৱাৰ গৃহিণী পদ্ম কুমাৰীৰ মাকে পদ্ম কুমাৰীক দিনক দিনে দ্বিতীয়াৰ জোনটিৰ দৰে বাঢ়ি অহা দেখি চিন্তিত আৰু শোকাকুলো হৈছিল। শোকাকুল হোৱাৰ কাৰণ, তেওঁনো কোনটো সতে তেওঁৰ একেজনী জীয়ৰীক আনলৈ বিয়া দি উলিয়াই দিব। চিন্তিত হৈছিল যে গিৰিয়েকে জীয়ৰী পূৰ্ণ-যৌৱনা হোৱা সত্ত্বেও তাইৰ বিয়াৰ বিষয়ে মনকাণকে কৰা নাছিল। হৰদত্ত বৰুৱা ৰণ-বিগ্ৰহত, সৈন্য সামন্ত গোটোৱাত আৰু সেইসকলৰ ৰছদ-পাতি যোগোৱাতে ব্যস্ত আছিল। জীয়ৰীৰ বিয়াৰ নিমিত্তে কোনো কথাকে ভাবিবৰ তেওঁৰ আহৰিয়ে নাছিল।

    বৰুৱানীয়ে মনে মনে স্থিৰ কৰিছিল তেওঁ পদ্মকুমাৰীক যালৈ বিয়া দিব সেইজনক নিজ ঘৰতে চপনীয়া কৰি ৰাখিব। তেওঁ তেওঁৰ সেই একেটি মাত্ৰ সন্তানক আনৰ ঘৰলৈ যাবলৈ এৰি নিদিব। পদুমক এৰি দি তেওঁ এখন্তেকো জীয়াই থাকিব নোৱাৰিব। পদ্মকুমাৰীৰ হাত-ধৰি লিগিৰীৰপৰা বৰুৱানীয়ে এইটোও জানিছিল যে মহীৰামে পদুমীক আৰু পদুমীয়েও মহীৰামক ভাল পায়। পদুমী যেনেকুৱা ধুনীয়া মহীৰামো সেই লেখীয়া এজন ৰূপবান ডেকা আৰু বীৰ। তদুপৰি মহীৰাম সৰুৰেপৰা তেওঁলোকৰ ঘৰতে পদুমে সৈতে একেলগে ডাঙৰ-দীঘল হৈছে। মহীৰাম জাতে-কুলে বংশ-গৌৰৱেও হীন নহয়। মহীৰামৰ ভাই, ককাই, আই, বোপাই নাই যেতিয়াই পদুমক মহীৰামলৈকে বিয়া দি সদায় জী-জোঁৱাই উভয়কে নিজৰ ঘৰতে ৰাখিব পাৰিব। এইদৰে ভাবি-চিন্তি তৃতীয় বছৰৰ মাঘমহীয়া ৰণৰ আগতে অৰ্থাৎ পুহমহীয়া এনিশা বৰুৱানীয়ে পদ্মকুমাৰীক টোপনি যোৱা যেন দেখি শুবৰ সময়ত গিৰিয়েকক ক’লে—‍‘‍‘চাওকচোন আপুনি আজি দুবছৰে কেৱল ৰণতে মত্ত। ঘৰৰ ফালে কি হৈছে কি নহৈছে আপুনি একেবাৰে বুজ নহয়।’’

    হৰদত্ত—কি বুজ ল’ব লাগে মাইছানাৰ মাক। তোমাৰ নিচিনা চাবতিয়াল ঘৈণী থাকোঁতে মোৰ ঘৰৰ চিন্তা কি হ’ব? তাৰ উপৰিও দৰাচলতে মোৰ মগজুত এতিয়া ৰণ-বিগ্ৰহৰ চিন্তাত বাজে আন কোনো চিন্তাই ঠাই নাপায়।

    বৰুৱানী—ৰণ দেখোন আপুনি জিকিছেই। আপুনিয়েই দেখোন আজিকালি আমাৰ উত্তৰ কামৰূপৰ একছত্ৰী ৰজা। এনেস্থলতনো আপোনাৰ চিন্তা কিহৰ?

    হৰদত্ত—নহয় তুমি নাজানা। যদিও এই গল দুবছৰে আহোমৰ বৰফুকনটোক যথেষ্ট সেকা দিছোঁ তথাপি যে নিশ্চিন্ত হ’লো সেইটো নহয়। লেকেটা আহোমে যে এই দুই বেলি ঘাটিয়েই ৰণ এৰি পলাব সেইটো নহয়; সি আকৌ এমাহমানৰ পিছতে তয়া-ময়া ৰণ লগাবলৈ যো-যা কৰিছে। সেই দেখি মই ইফালে ৰণৰ উদ্যোগত থাকিব লগা হৈছোঁ।

    বৰুৱানী—‍‘‍‘বাৰু আকৌ যদি ৰণ লাগে ৰণ কৰিব। যেতিয়ালৈকে মা ভগৱতী—আপোনালৈ প্ৰসন্না থাকে তেতিয়ালৈকে আপোনাক বৰফুকনে বলে নোৱাৰে। বাৰু মোৰ কথাটো, এফেৰা মন দিওকচোন।’’

    হৰদত্ত—বাৰু কি কথা কোৱাচোঁ।

    বৰুৱানী—আপুনি আমাৰ মাইছানালৈ মন কৰিছেনে?

    হৰদত্ত—বাছাকতো সদায় দেখিয়ে আছোঁ; সেইয়া তাই দেখোন শুয়ে আছে।

    বৰুৱানী—তাই পূৰ্ণযৌৱনা হ’ল। তাইক পাত্ৰস্থ কৰা বিষয়ে কিবা ভাবিছেনে?

    হৰদত্ত—বিয়া দিবৰ সময় হৈছে বুলি ময়ো জানিছো। আৰু তেজ বেলি দৈবজ্ঞ দুজনে কৈছিল তাই হেনো ৰাজৰাণী হ’ব লাগে। মই দেখোন সদ্যহতে তাইলৈ ক’তো নিজ কলিতা জাতৰ ৰজাৰ ল’ৰা নেদেখোঁ। এই কাৰণেই আৰু সদ্যহতে ৰণ-বিগ্ৰহত লাগি থকা বাবেও মই তাইৰ বিষয়ে ভবা নাই।

    বৰুৱানী—আপুনি তেন্তে সেই গণকৰ কথাকে বিশ্বাস কৰি তাইৰ বিয়াৰ বিষয়ে মন কাণ কৰা নাই। মই এটা কথা কওঁ।

    হৰদত্ত—কোৱা।

    বৰুৱানী—চাওকচোন আমাৰ আগলৈকো নাই, পাছলৈকো নাই, এই একেটি মাথোন সন্তান; তাইক বিয়া দি উলিয়াই দিলে মইনো বাচি থাকিমনে?

    হৰদত্ত—তেনেহ’লেনো কি কৰিবা? কোন ৰজাৰ ল’ৰা আমাৰ ঘৰত চপনীয়া হৈ থাকিব?

    বৰুৱানী—মই হ’লে সেই দৈবজ্ঞ দুজনৰ কথাত এক প্ৰকাৰে বিশ্বাস নকৰো যদিও আন প্ৰকাৰে কৰিব পাৰোঁ। কোনো ৰজাৰ ল’ৰা যে আমাৰ ঘৰত চাপি নাথাকে সেইটো সঁচা। আৰু আমাৰ কলিতা জাতিৰ ৰজাৰ ল’ৰাও ক’তো নাই যে ইওটো সঁচা। অথচ মই মোৰ এই একেজনী জীয়ৰীক বিয়া দি উলিয়াই দিবও নোৱাৰো। তাইক আঁতৰলৈ পঠাই মই এক দত্তও জীয়াই থাকিব নোৱাৰো। বাৰু, কথা এটা কওঁ আপুনি যদি বেজাৰ নাপায়।

    হৰদত্ত—মই তোমাৰ কথাত কোনো বেজাৰ নাপাওঁ।

    বৰুৱানী—শুনক তেন্তে মই ভাবিছো আমাৰ মাইছানাক মহীৰামতে বিয়া দি তাকে ঘৰ-জোঁৱাই কৰি ৰাখোঁ। তাৰে সৈতে আমাৰ তেজ-মঙহৰতো কোনো সম্বন্ধ তাই। সি মাথোন স্বজাতি। সি আমাৰ ঘৰতে ডাঙৰ-দীঘল হৈছে। ল’ৰাটোও ভাল, নিৰোগী, দেখিবলৈকো শুৱনি লগতে আপোনাৰে দৰে সি বাহুবলী বীৰো। যুজ লাগিবৰে পৰা সিও এই কুমলীয়া বয়সতে আপোনাৰ এজন সেনাপতি হৈ যুজতো সহায় কৰিছে।

    হৰদত্ত—ঘৈণী! মই হ’লে তাত আমাৰ মাইছানাক বিয়া দিবলৈ সন্মত নহওঁ। যদিও সি বীৰ আৰু স্বজাতি সিতো কোনো ৰজাৰ ল’ৰা নহয়। মোৰ ঘৰতে সৰুৰেপৰা তোলনীয়া। সি মাউৰা আৰু দেখোন টোকোনা।

    বৰুৱানী—আপুনি কেলেই সেইদৰে কয়। সি যে মাউৰা এইটো সঁচা; কিন্তু সি তো টোকোনা নহয়। তাৰ দেখোন মাটি বৃত্তি, বেটী বান্দী সমস্ত আমাৰ হাততে আছে। তাকে দেখোন আমাৰ মাইছানাক বিয়াদি এই ঘৰে-দুৱাৰে ৰাখি আমাৰ এই সমস্ত বিষয় সম্পত্তি ৰাজ্য তাকে সমৰ্পণ কৰিব পাৰিম। আমাৰ যেতিয়া নিজৰ ল’ৰা নাই, তেতিয়া তাকে দেখোন পো বুলিলেও পো, জোঁৱাই বুলিলেও জোঁৱাই ৰাখিব পাৰো। তেতিয়াহ’লে আমাৰ ভালে বেয়াই সিয়েই দেখোন এই কামৰূপ ৰাজ্যৰ ৰজা হৈ থাকিব। এইদৰে হ’লেও দেখোন আপোনাৰ দৈবজ্ঞৰ কথা মিলে।

    হৰদত্ত—মাইছানাৰ মাক! তুমি যি ক’লা একপ্ৰকাৰে সেইটো সঁচা। কিন্তু মোৰ আপত্তি হৈছে যে প্ৰথমতে সি ৰজাৰ ল’ৰা নহয়। দ্বিতীয়তঃ যদিও সি মাউৰা হৈ শৈশৱ কালৰেপৰা আমাৰ ঘৰতে ডাঙৰ হৈছে তথাপি সি যেতিয়াই এজন ডেকা বীৰপুৰুষ হৈ উঠিছে, তেতিয়াই তাৰ এই সময়ত বৰ বাপেক, ভাই ভাগী সকলো ওলাব। সেইসকলে জানো তাক আমাৰ ঘৰত চিৰকাললৈ ঘৰ্জীয়া ৰব দিব? যিকি নহোক বাৰু তোমাৰ কথাটোও শুনিলো। সদ্যহতে তুমি মোক তাইৰ বিয়াৰ বিষয়ে দিক নকৰিবা। মই এইবাৰৰ ৰণখনৰ পিছত যি হয় এটা কৰিম।

    গিৰিয়েকৰ এই কথাত বৰুৱানী মনে মনে ৰ’ল। পাঠক! যদিও পদ্মকুমাৰীক টোপনিত থকা বুলি মাক-বাপেকে ভাবিছিল; তথাপি তেওঁ হ’লে দৰাচলতে টোপনি যোৱা নাছিল। মাক-বাপেকৰ সমস্ত মেল আৰু আলোচনা টোপনিৰ ভাও জুৰি শুনি আছিল।

দ্বাবিং অধ্যায়

১৭৯০ শকৰ ৰণ

    পুহ গ’ল। মাঘ পৰিল। আকৌ বৰফুকন আৰু কামৰূপীয়া উভয় পক্ষৰে ৰণৰ আয়োজন হ’ল। এইবাৰ হৰদত্তই দৰঙৰ ৰজা কৃষ্ণনাৰায়ণৰপৰা তিনি হেজাৰ কোচ আৰু কছাৰী সৈন্য পালে। দৰঙৰ ৰজাৰপৰা পত্ৰও পালে যে দৰঙতো ৰজা কৃষ্ণনাৰায়ণে আহোমৰ বিৰুদ্ধে বিদ্ৰোহ তুলি যুদ্ধ ঘোষণা কৰিছে আৰু দৰঙৰ পৰাও আহোমক খেদি নিষ্কণ্টক হ’বলৈ সংকল্প কৰিছে। নিজৰ সাত হেজাৰ আৰু দৰঙৰ তিনি হেজাৰ সৈন্য পাই হৰদত্ত বীৰদত্তে আকৌ মহাসমাৰোহেৰে ৰণলৈ ওলাল। ইফালে বৰফুকনেও তিনি হেজাৰ সৈন্য গোটাই লই এইবাৰ নিজেই লগত তিনি ঠাইলৈ তিনিটা বৰ হিলৈ পাৰ কৰি লই আমিনগাঁৱলৈ এটা হিলৈ আৰু আহোম সেনাপতি এজনক এহেজাৰ ৰণুৱাই সৈতে পঠালে। সেইদৰে ৰজা-দুৱাৰলৈকো এজন সেনাপতি, এহেজাৰ ৰণুৱা আৰু এটা হিলৈ পঠালে আৰু নিজে উত্তৰ গুৱাহাটী চহৰত বাকী হিলৈটো আৰু এহেজাৰ আহোম ৰণুৱা লৈ নামিল। তিনিও ঠাইতে আহোম আৰু কামৰূপীয়াৰ আকৌ তয়া-ময়া ৰণ লাগিল। আহোমৰ বৰ-হিলৈ কেইটাই এইবাৰ অনেক কামৰূপীয়া বীৰৰ প্ৰাণ ল’লে। কামৰূপীয়া আৰু দৰঙী বীৰসকলেও কাঁড়, ধেনু, বৰ্শা ইত্যাদিৰে যি পাৰিলে কৰিলে। পিছত কামৰূপীয়া দৰঙী সৈন্যসকলে তিনিও ঠাইতে মুকলিত বৰহিলৈৰ বিৰুদ্ধে যুজাটো শ্ৰেয়ঃ যেন নেদেখি পিছ হুঁহকি গই গই তিনিও ঠাইতে তিনিখন পাহাৰত (যথা দীৰ্ঘেশ্বৰী, চিলাৰ পাহাৰ, আজ্ঞাঠুৰি পাহাৰ) আশ্ৰয় লৈ তাৰপৰা কাঁড়, ধেনু, বৰ্শাৰে আহোমৰ গতিৰোধ কৰিলে; এইবেলি প্ৰায় এমাহ যুজ হ’ল। আহোম ৰণুৱা প্ৰায় দুহেজাৰ মৰিল, কিন্তু কামৰূপীয়াৰ অতি কমেও ছহেজাৰ ৰণুৱা মৰিল। ঠেক ঠাই কেডোখৰ পাৰ হ’ব নোৱাৰাত ৰজাদুৱাৰ, উত্তৰ গুৱাহাটী, আমিনগাঁও এৰি দীৰ্ঘেশ্বৰীৰ পাহাৰত চিলাৰ চকি আৰু পাহাৰত, সিফালে আজ্ঞাঠুৰি পাহাৰত খোপনি পিতি ৰল। বৰফুকনে ৰজাদুৱাৰ, উত্তৰ গুৱাহাটী আৰু আমিনগাঁও এই তিনিও ঠাইতে হিলৈ তিনিটা পাতি থৈ দুশ দুশ ৰণুৱা সেই হিলৈ ৰক্ষা কৰি থাকিবলৈ আৰু কামৰূপীয়াৰ গতিৰোধ কৰি থাকিবলৈ এৰি বাকী চাৰি পাঁচশ ৰণুৱাৰে সৈতে ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীলৈ উলটিল।

                         #####

ত্ৰয়োবিংশ অধ্যায়

১৭৯১ শক

    কামৰূপীয়া মানুহে এই গত তিনি বছৰে যদিও ৰণত বাৰে বাৰে জিকিছিল তথাপি এইবেলিৰ ৰণত ভালেমান মানুহ মৰা দেখি মনত বিষাদো লভিলে আৰু নিৰুৎসাহো হ’ব ধৰিলে। আহোমৰ বৰহিলৈ দেখি কামৰূপীয়া। বৰুৱা চৌধাৰীসকলে অলপ-অচৰপ ইতস্ততঃ লগাব ধৰিলে। হৰদত্তেও বুজিলে যে এইদৰে বছৰি কামৰূপীয়া প্ৰজা লৈ ৰণ কৰি থকাটো বৰ সহজ কাম নহয়। মানুহ-দুনুহো মৰে আৰু খেতি খামাৰো লোকচান হয়। সেই দেখি এইবাৰ বহাগত সাত বিহুৰ দিনাই কামৰূপীয়া বৰুৱা চৌধাৰীসকলক নিমন্ত্ৰণ কমি জিকেৰিলৈ আনি বুদ্ধি পৰামৰ্শ হ’ল। তেওঁবিলাকে ক’লে যে গত তিনি বছৰে ৰণত ঢেৰ মানুহ মৰিল; খেতি খামাৰো বছৰি লোকচান হৈছে। আহোমৰ বৰ হিলৈৰে  সৈতে কেৱল ধেনু কাঁড় লই যুজা টান। সেইদেখি বৰুৱাই দৰং, কোচবিহাৰ আনকি পঞ্জাবৰপৰাও সৈন্য অনাওক। তেওঁবিলাক সকলোৱে মিলিজুলি এই সৈন্যক খৰচ পাতি ৰছদ-পত্ৰ যোগাৰ দিব। সেইবিলাক ঠাইৰপৰা সৈন্য আহি নাপায় মানে কামৰূপীয়া প্ৰজা সৈন্যেৰেই কোনো ৰকমে দুৱাৰ তিনিখন ৰক্ষা কৰি থকা হওক। তেওঁবিলাকৰ এই দিহা পৰামৰ্শত হৰদত্ত যদিও সন্মত হ’ল; তথাপি উভয়ে তেওঁবিলাকক দঢ়াই দঢ়াই ক’লে যে তেওঁবিলাক যেন নিৰুৎসাহ নহয়; আৰু বিদেশী সৈন্য আহি পালে সেই সৈন্যৰ খৰচ ৰছদ পাতি দিয়াত যেন এফেৰাও ত্ৰুটি নকৰে। বৰুৱা চৌধাৰীসকলে ক’লে—‍‘‍‘বাৰু! আমাৰ দিহা মতে কাম কৰা, আমি সহায় কৰাত পিছ নোহোঁহকো’’ ইত্যাদি ৰূপে কৈ ঘৰা-ঘৰি গ’ল। হৰদত্ত বৰুৱাই দৰং আৰু বিজনীলৈ কটকী পঠালে। মহীৰামক লগত দি কটকী এযোৰ কোচবিহাৰলৈ পঠালে। এযোৰ মানুহক পাঁচশ শিখ চিপাহী আনিবলৈ পঞ্জাবলৈকো পঠালে। কোচবিহাৰলৈ দিয়া চিঠিত এইটোও ইংগিত কৰিলে যে কামৰূপ দেখোন আগৰ তেওঁবিলাকৰে ৰাজ্য সেইদেখি আহোমক খেদি তেওঁবিলাকেই আহি এই ৰাজ্য লওক। কামৰূপীয়া মানুহে তেওঁবিলাকক যিমান দূৰ পাৰে ধনে জনে সহায় কৰিব।

    ইফালে ঘৰত হৰদত্তক তেওঁৰ গৃহিণীয়ে পদ্মকুমাৰীৰ বিয়াৰ বিষয়ে খেচখেচাব ধৰিলে। হৰদত্তে ঘৈণীয়েকক বুজালে যে এনেকুৱা সংকটৰ সময়ত তেওঁ জীয়ৰীৰ বিয়াৰ বিষয়ে একো কৰিব নোৱাৰে। তাতে মহীৰামক কোচবিহাৰলৈ পঠোৱা হৈছে। সি উলটি আহিল দিন কালৰ সুবিধা চাই পিছে পৰেও যি হয় কৰা যাব।

চতুৰ্বিশ অধ্যায়

১৭৯১ শকৰ ৰণ

    বহাগ গ’ল। জেঠ গ’ল। ঘোৰ বাৰিষা পৰিল। আহোম আৰু কামৰূপীয়াই এফালে খেতি-খোলাত, আনফালে আকৌ মাঘমহীয়া ৰণলৈ উদ্যোগ লগালে। এইবাৰ পুহ মাহত দৰঙলৈ পঠোৱা কটকী যোৰাই দৰঙৰপৰা মুঠেই দুহেজাৰ সৈন্য লৈ পালেহি। কটকীৰ হাতত দৰঙৰ ৰজাই হৰদত্তলৈ বাতৰি দিলে যে এইবাৰ তেওঁ সৰহ সৈন্য দিব নোৱাৰিলে যিহেতু উজনীৰপৰা আহোম ৰজা গৌৰীনাথ সিংহই পাঁচশ শিক্ষিত আহোম ৰণুৱা লৈ নিজেই তেওঁৰ লগত যুজিবলৈ আহিব লাগিছে, এইবাৰ দৰঙত তয়া-ময়া ৰণ লাগিব। বিজনীৰ কটকী যোৰাই বিজনীৰপৰা এহেজাৰ ৰণুৱা লৈ আহিল। ইফালে কোচবিহাৰৰপৰা মহীৰামে এজন কোচ কুমাৰে সৈতে মুঠেই পাঁচশ কোচ ৰণুৱা আনিলে। পঞ্জাবলৈ যোৱা কটকী যোৰাই দুশ তৰোৱালধাৰী, এশ বন্দুকধাৰী শিখ ৰণুৱা লৈ পালেহি। কামৰূপৰ ছয়-সাত হেজাৰ ৰণুৱাৰে সৈতে এইবাৰো হৰদত্তৰ প্ৰায় দহ হেজাৰ ৰণুৱা হ’ল।

    ইফালে গুৱাহাটীত বৰফুকনেও দক্ষিণপাৰৰ দাঁতি-কাষৰীয়া ৰজাসকলৰপৰা প্ৰায় ছয় হেজাৰ ৰণুৱা পালে। এনেতে উজনীৰপৰা গৌৰীনাথ সিংহ ৰজাও পাঁচশ আহোম ৰণুৱাৰে সৈতে গুৱাহাটী পালে।

    গুৱাহাটী পাই ৺ গৌৰীনাথ সিংহ স্বৰ্গদেৱে বৰফুকনে সৈতে পৰামৰ্শ কৰি এইটো বঢ়িয়াকৈ বুজিলে যে আহোম ৰাজ্যক চাৰিওফালে শত্ৰুৱে বেঢ়ি ধৰিছে। উজনীত মোৱামৰীয়াহঁতে বিদ্ৰোহ তুলিছে। মাজ অসমত দৰঙৰ ৰজা কৃষ্ণনাৰায়ণে যুজ ধৰিছে। আৰু কামৰূপত কামৰূপীয়াইও দ্ৰোহ আচৰণ কৰিছে। এনেকুৱা অৱস্থাত তেওঁবিলাকে ওচৰৰ ৰংপুৰত থকা প্ৰচণ্ড প্ৰতাপী ইংৰাজৰ সহায় নল’লে শত্ৰু দমন কৰি আহোম ৰাজ্য ৰক্ষা কৰা টান হ’ব। ইয়াকে ঠাৱৰ কৰি উভয়ে পৰামৰ্শ কৰি কলিকতাৰ লাট চাহাবলৈ অসম ৰাজ্যৰ বিদ্ৰোহ আৰু হুলস্থূলবিলাক থমাই শান্তি স্থাপন কৰিবলৈ সহায় খুজি কটকী এযোৰ পঠালে। পুহ মাহতে কটকী নাৱেৰে গৈ ৪ মাহে কলিকতা পালেগৈ। লাটৰ ওচৰ চাপোঁতে  চাপোঁতে এমাহ গ’ল। লাটে অনেক বিবেচনাৰ ওপৰত ৰংপুৰত থকা কাপ্তান ওৱেলছক গৌৰীনাথ সিংহক সহায় কৰিবলৈ আদেশ দিলে। সেই আদেশ পাওঁতে পাওঁতে জেঠ পৰিল। কাপ্তান ওৱেলছে ‍‘‍‘বাৰিষাৰ অন্তে খৰালিত হে সহায় কৰিবলৈ যাব পাৰিম’’ বুলি ৺ গৌৰীনাথ সিংহ স্বৰ্গদেৱলৈ জনাই পঠালে।

    ইফালে মাঘ মাহৰেপৰা দৰঙৰ ৰজা আৰু কামৰূপীয়াৰে সৈতে আকৌ আহোমৰ ৰণ লাগিল। দৰঙৰ ৰজাই আহোমক একেবাৰে দৰং আৰু খাগৰিজান জিলাৰপৰা উলিয়াই পঠালে। কামৰূপৰ তিনিও দুৱাৰতে তয়া-ময়া ৰণ হ’ল। পঞ্জাৱৰ শিখ, আৰু বিজনী দৰং, কোচবিহাৰৰ কোচ, আৰু কামৰূপীয়াৰ প্ৰজা সৈন্যৰ আগত আহোম তিষ্ঠিব নোৱাৰি আকৌ গুৱাহাটীলৈ উলটি আহিল। আকৌ হৰদত্ত বীৰদত্তৰে জয় হ’ল।

                     #######

পঞ্চবিংশ অধ্যায়

গৃহ কন্দল

এই ৰণৰ পিছত হৰদত্তৰ গৃহিণীয়ে হৰদত্তক পদ্মকুমাৰীৰ মহীৰামে সৈতে বিবাহৰ নিমিত্তে খেচখেচাব ধৰিলে। হৰদত্তে ‍‘‍‘বাৰু চাওঁ, দুদিন বাট চোৱা’’ ইত্যাদি বুজনি দি ঘৈণীয়েকৰ খেচ-খেচনিত তত নাপাই এদিন ঘৈণীয়েকক খোলা-খুলি কৰি ক’লে যে তেওঁ শ্ৰীমতীক মহীৰামলৈ নিদিয়ে, শ্ৰীমতীক কোচ কুমাৰতহে বিয়া দিব। এই কথাত হৰদত্তৰ গৃহিণীয়েও ক্ৰোধান্বিত হৈ ক’লে যে কোচ ৰাজকুমাৰে যদি সদায় তেওঁলোকৰ ঘৰত চপনীয়া হৈ থাকিবলৈ সন্মত হয়, তেন্তে বাৰু তেওঁ নীহলীয়া কোচলৈকো জীয়েকক জাতি এৰি বিয়া দিব। কিন্তু যদিহে কোচকুমাৰ এই প্ৰস্তাৱত মান্তি নহয়, তেন্তে তেওঁ হ’লে কেতিয়াও জাতকুল এৰি জীয়েকক কোচ কুমাৰলৈ নিদিয়ে। এই কথন মথনৰ পিছত হৰদত্তে মহীৰামক আঁতৰাবৰ মনেৰেই মহীৰামক মাতি আনি, কোচ কুমাৰৰ হতুৱাই কোচবিহাৰলৈ আৰু সৈন্য খুজি চিঠি এখন লেখাই মহীৰামক কটকী এযোৰাৰে সৈতে আকৌ কোচবিহাৰলৈ যাবলৈ অনুমতি কৰিলে। পেটত ইচ্ছা নাথাকিলেও মহীৰাম যাবলৈ সন্মত হ’ল।

    ইফালে হৰদত্তে ইচল সিচল কৰি কোচ কুমাৰৰ মন ল’লে। কোচ কুমাৰে পদ্মকুমাৰীক বিয়া কৰাবলৈ সন্মত হ’ল; কিন্তু হৰদত্তৰ ঘৰত চিৰকাললৈকে চপনীয়া থাকিবলৈ সন্মত নহ’ল। কোচ কুমাৰে ক’লে যে তেওঁ কোচৰজাৰ ল’ৰা হৈ এজন সাধাৰণ মানুহৰ চপনীয়া জোঁৱাই হ’ব নোৱাৰে। বৰং তেওঁ পদ্মকুমাৰীক বিয়া কৰাই লৈ শহুৰ-শাহুকো নিজ দেশলৈ লৈ গৈ তাতে ৰাখি মাহে মাহে খাব পিন্ধিবলৈ খৰচ দি থাকিব।

ষড়বিংশ অধ্যায়

বিদায়

    হৰদত্তে মহীৰামক কোচবিহাৰলৈ যাবলৈ আদেশ কৰাৰ নিশাই মহীৰামে পদ্মকুমাৰীৰ হাত ধৰি লিগিৰীজনীৰ সহায়ত পদ্মকুমাৰীক ফুলনিতে লগ ধৰি ক’লে—

    ‍‘‍‘পদুম! মই কাইলৈ আকৌ কোচবিহাৰলৈ সিবছৰৰ ৰণৰ নিমিত্তে সৈন্য আনিবলৈ যাব লগাত পৰিলোঁ। পিতিয়ে আজ্ঞা কৰিছে আৰু কোচ ৰাজকুমাত্তে পত্ৰ দিছে। মই কিমান দিনত উলটিম তাৰ ঠিকনা নাই। মই এইটোও জানিছো যে পিতিয়ে তোমাক কোচ ৰাজকুমাৰলৈ বিয়া দিবৰ স্থিৰ কৰিছে। সম্ভৱতঃ মই সিফালে থাকোতেই ইফালে তোমাৰ বিয়া হৈয়ে যাব। যদি মই উলটি আহি নৌপাওঁতেই তোমাৰ বিবাহ হৈ যায় তেন্তে তোমাৰ পৰা—মই আজিয়েই বিদায় ল’লোঁ। মোৰ নিচিনা নিচলা দুখীয়াৰ ক’তো সুখ নাই। সৰুতেই পিতৃ-মাতৃ হীন হ’লোঁ—এতিয়া যৌৱনত ভাবিছিলো—তোমাক বিয়া কৰাই সুখী হ’ম। মই জানো, আইৰ ইচ্ছা তোমাক মোত দিবলৈ; কিন্তু পিতিৰ মতি গতি অন্য ৰকম। পিতিয়ে তোমাক মোত নিদি তোমাক ৰজাৰ লৰালৈ ৰাণী কৰি দিবৰ হেপাহ। যিকি নহওঁক মই দেশৰ হকে সৈন্যও আনিম আৰু যদি তুমি কোচ কুমাৰৰহে অংক-শোভিতা হোৱা তেন্তে অহা বেলিৰ ৰণত আহোমে সৈতে যুজি ইচ্ছাপূৰ্বক সেই ৰণতে প্ৰাণত্যাগ কৰিম। মোৰ এইটো ধ্ৰুব সংকল্প বুলি জানিবা। তোমাক মই এই শেষবাৰ চাই ল’লো। তোমাৰ লগত এই শেষবাৰ কথা-বতৰা হ’লো।’’

    পদ্মকুমাৰী—প্ৰিয়তম। তুমি নিৰাশ নহ’বা। আয়ে মোক কেতিয়াও আমাতকৈ নী কুলীয়া কোচলৈ বিয়া দিবলৈ নিদিয়ে। আনকি খুড়াও কেতিয়াও এই কথাত সন্মত নহ’ব। মই জানো খুড়াৰ আত্মগৌৰৱ কিমান। আই আৰু খুড়াক উবাৰি যদি পিতিয়ে মোক বল কৰি কোচ কুমাৰত দিব ওলায় তেন্তে মই বিয়াৰ আগ নিশাই অৰ্থাৎ তেলৰ ভাৰৰ দিনাই বিষ খাই প্ৰাণত্যাগ কৰিম। তুমি এইটো ধুৰুপ বুজিবা।

    মহীৰাম—তেন্তে পদুম মই চিন্তা নকৰো। শত বাধা-বিঘিনি অতিক্ৰম কৰিও মই পামহি। ঈশ্বৰ আমাৰ সহায় হ’ব। তুমি নিশ্চয় জানিবা ইপুৰীয়ে সিপুৰীয়ে তুমি মোৰ—মই তোমাৰ। এতিয়া যাওঁগৈ দেই সোণ! চুমা এটা জানো দিবা?

    পদ্মকুমাৰী—(আগবাঢ়ি গই চুমা এটা দি) যোৱাগৈ প্ৰিয়তম ! ঈশ্বৰে তোমাক নিৰ্বিঘ্নে ওলোটাই আনিবলৈ আৰু পিতিৰ মতি গতি ফিৰাবলৈ মই ঈশ্বৰক দিনে নিশাই খাটিম। এইদৰে নিশা সম্ভাষণ হোৱাৰ পিছদিনাই মহীৰামে খাই বই কোচবিহাৰলৈ যাত্ৰা কৰিলে।

    ইফালে কোচকুমাৰে হৰদত্তৰ ঘৰত থাকি দিনত হ’লে নিতৌ হাবিত চিকাৰ খেলি, নিশা হ’লে সৰহ সৰহকৈ ওচৰৰ কছাৰীহঁতৰপৰা গোটাই অনা মদ আৰু হৰদত্তৰ চর্ব-চুষ্য লেহ্য পেয় খাই, হৰদত্তৰ গোটোৱা ৰছদৰ পৰালি পাৰি নিজৰ কোচ সৈন্যেৰে সৈতে কাল নিয়াব ধৰিলে। মাজে মাজে হৰদত্তক ‍‘‍‘কেতিয়া তেওঁলৈ পদ্মকুমাৰীক বিয়া দিব’’ এই বিষয়ে খেচ-খেচাবও ধৰিলে। হৰদত্তই ‍‘‍‘বাৰু চাওঁ; সময় আছে।’’ ইত্যাদি ৰূপে বুজন দি কোচ কুমাৰৰ আও-ভাও দেখি বিমৰ্ষভাৱে দিন নিয়াব ধৰিলে।

#######

সপ্তবিংশ অধ্যায়

বৰুৱা-বৰুৱানী

মহীৰাম যোৱাৰ সাতদিনমানৰ পিছত এনিশা আকৌ পদ্মকুমাৰীৰ টোপনি অহা যেন অনুমান কৰি হৰদত্ত বৰুৱাই ঘৈণীয়েকক ক’লে—

    ‍‘‍‘মাইছানাৰ মাক ! কোচ কুমাৰে মাইছানাক বিয়া কৰাবলৈ উত্ৰাৱল হোৱাদি হৈছে।’’

    গৃহিণী—বাৰু আমাৰ ইয়াত তেওঁ চপনীয়া হ’বলৈ গাত লৈছে নে?

    হৰদত্ত—সেইটোত তেওঁ কোনো প্ৰকাৰে সন্মত নহয়। তেওঁ কয় যে বাহুবলী আৰু বীৰৰ ৰজাৰ ঘৰৰ ল’ৰাই কোনোকালে ক’তো চপনীয়া থকা নাই। তেওঁনো কেনেকৈ আত্ম-সন্মান নষ্ট কৰি সেইটো কৰিব। তেওঁ ইয়াকো কয় যে তেওঁ মাইছানাৰ লগতে আমাকো তুলি লৈ গই কোচবিহাৰত থাপিব আৰু মাহে মাহে আমাক ৰোজ দি ৰাখিব। মোৰ মনেৰে হ’লে তেওঁতে আমাৰ মাইছানাক বিয়া দি আমাৰ পক্ষে কামৰূপ এৰি যোৱাই ভাল। সদায় বছৰি বছৰি আহোমৰ লগত যুজি যে আমি জিকি থাকিম এনেকুৱা আশা নাই। আহোমেও যে সতকাই ৰণ এৰি পলাই যাব তাৰো আশা নেদেখোঁ। তাতে আকৌ আমাৰ হিন্দুৰ ধৈৰ্য্য বোলা বস্তু এটা আৰু একতা বোলা বস্তু এটা নাই। দহোটাৰ দহোটা মত। এই চাৰি বছৰৰ ভিতৰতে আমি যুজ জিকি থকা সত্ত্বেও আমাৰ কামৰূপীয়া বৰুৱা চৌধাৰীসকলে নিজস্ব কঁকালৰ বল পাহৰি উচ্ পিচ্ লগাই কোচবিহাৰ আৰু পঞ্জাবৰ পৰাও সৈন্য অনালে। সেই সৈন্যক ৰছদ দি ৰাখোঁতে আৰু পঞ্জাবী তিনিশ শিখক—ৰছদৰ উপৰিও মাহে মাহে গায়পতি তিনি-চাৰি টকাকৈ দৰমহা দিওঁতে মোৰ ধনৰ পৰালি পৰি আহিছে। দেশ ভাতৃসকলৰ ভিতৰত বুজৰবৰুৱা দুজনৰ পেট আহোমৰ ফালেই; ই সকলেও আগেয়ে যেনেকৈ বয়ে বস্তুৱে, সৈন্য সামন্তে সহায় কৰোঁ বুলিছিল, এতিয়া দিনক দিনে সেই সহায় দিয়াত টান পাই আহিছে; সেইদেখি আৰু দুই তিনি বছৰ এইদৰে ৰণ চলাই থাকিবলৈ হ’লে শেহত মোক দেশী বৰুৱা চৌধাৰীসকলেও এৰা দি নিঠঙুয়াত পেলাব। তেতিয়া আমাৰ সবংশে নাশ হ’ব হে লাগিব। সেই দেখি মোৰ বিবেচনাৰে আমাৰ কোচ ৰাজকুমাৰতে ছোৱালীজনী বিয়া দি কোচবিহাৰলৈকে উঠি যোৱাটোৱে ভাল হ’ব।

    গৃহীণী—আপুনি একজন বীৰ পুৰুষ হৈয়ো কেনেবোৰ কথা কয়। আপুনি আৰু সৰু ডাঙৰীয়ায়ে এই যুজখন লগাইছে; এতিয়া যদি আপুনি কামৰূপ এৰি কোচবিহাৰলৈ যায় তেন্ত কামৰূপীয়া ল’ৰা-তিৰোতাসকলোৱে আপোনাক ভাল বুলিব নে? আপুনি কোচবিহাৰলৈ গ’লেও তাত আপোনাৰ এই ব্যৱহাৰ জানি আপোনাক সন্মানত ৰাখিব নে? নিজৰ দেশ এৰি পৰৰ অন্নে প্ৰতিপালিত হ’বলৈ যোৱাটো কাপুৰুষৰ কাম নহ’বনে? আপুনি ধৈৰ্য্য ধৰি যুজি থাওক। যুজ দেখোন জিকিয়েই আছে। এইদৰে জিকি জিকি শেহত কামৰূপৰ পৰা আহোমক নিৰ্মূল কৰিব পাৰিব। ক্ষত্ৰিয় তেজৰ কলিতাই নিজৰ জীয়ৰীক কোচলৈ বিয়া দি আৰু তেনেকুৱা (আচল ৰজাৰ দূৰ সম্পৰ্কীয়) কোচ কুমাৰৰ লগত বিদেশ আশ্ৰয় কৰিবলৈ যোৱাটো গৌৰৱৰ বিষয় নহ’ব। বাৰু! আপুনি জানো সৰু ডাঙৰীয়াৰে সৈতে এই বিষয়ে আলোচনা কৰিছে?

    হৰদত্ত—(দীঘলকৈ হুমুনিয়া কাঢ়ি) বীৰদত্ত বোপাকো মোৰ মনৰ ভাব কৈছিলো। সিও কোচ কুমাৰত মাইছানাক বিয়া দিয়া কতাত ছুই কায়েই নাখায়। সিও কয় যে কলিতাৰ কন্যা কোচক দিবলৈ হ’লে সি আত্মহত্যাকে কৰিব।

    গৃহিণী—তেন্তে মোৰ মতে আৰু সৰু ডাঙৰীয়াৰ মত সম্পূৰ্ণ মিল হৈছে। আপুনি কোচ কুমাৰক বিদায় দিয়ক আৰু মহীৰাম উলটি আহিলে তাতে মাইছানাক বিয়া দি ঘৰতে ৰাখক।

    হৰদত্ত—মাইছানাৰ মাক! তুমি কথাটো যিমান সহজ দেখিছা মই হ’লে সিমান সহজ দেখা নাই। কোচ-ৰাজকুমাৰক এতিয়াই বিদায় দিলে কোচ সৈন্য-সামস্ত গুচি যাব; আনকি দৰং আৰু বিজনীৰ বিলাকো যাব। তেতিয়া অকল কামৰূপীয়া আৰু শিখ তিনিশ লৈ আহোমক বলে পৰাটো টান হৈ উঠিব। ইয়াৰ উপৰি মহীৰামো যে চিৰকালে মোৰ ঘৰত চপনীয়া থাকিব সেইটোও মই আশা কৰিব নোৱাৰোঁ। যদিও সৰুতে তাৰ বুজ বিচাৰ লওঁতা কোনো নাছিল তথাপি এতিয়া যে তাৰ বৰবাপেক আৰু ভাই ভাগীবিলাক নোলাব এনেটোও নাভাবিবা। সিহঁতে তাক জানো চপনীয়া থাকিব দিব?

    গৃহিণী—আপুনি বাৰু অহাবাৰৰ ৰণলৈকে কোচ কুমাৰক ৰাখক। মহীৰামক চপনীয়া ৰখা বিষয়ে মই জগৰীয়া ৰলোঁ। আপুনি মোৰ কথা ৰাখক। মহীবামলৈকে পদুমক বিয়া দিয়ক।

    হৰদত্ত—বাৰু মই ভাবিচিন্তি চাওঁ। মহীৰামো উলটি আহক।

অষ্টবিংশ অধ্যায়

১৭৯২ শক

এই শকটোক অসম বুৰঞ্জীৰ এটা যুগ পৰিৱৰ্তনৰ সময় বুলিব পাৰি। এই শকৰ কাতি মাহতে ৰংপুৰৰপৰা এশ চিপাহী লৈ কাপ্তান ওৱেলছ্ চাহাব গুৱাহাটী পাই গৌৰীনাথ সিংহৰ লগ লাগিল। কাপ্তান ওৱেলছৰ লগত মুঠেই এশ বন্দুকধাৰী ৰঙা পোছাক পিন্ধা চিপাহী দেখি গৌৰীনাথ সিংহ ৰজাই হতাশ হৈ কাপ্তান চাহাবক জনালে যে এই এশ চিপাহীৰে লাখ লাখ মোৱামৰীয়াক দৰঙী আৰু কামৰূপীয়া হাজাৰ হাজাৰ সৈন্যক নো কেনেকৈ জিকিব? ৰজাৰ কথাত কাপ্তান চাহাবে হাঁহি ক’লে—‍‘‍‘ৰজা, যেতিয়া যুজ লাগিব তেতিয়াহে দেখিব। সদ্যহতে মোক তোমাৰ দৰঙলৈ লৈ বলা। তাত মই কৃষ্ণনাৰায়ণক দমন কৰি উজনীলৈ সেইপিনে যাম। কাপ্তান চাহাবৰ এই কথাত গৌৰীনাথ সিংহে নিজে চাহাব আৰু চিপাহীক ডাঙৰ ডাঙৰ নাৱেৰে লৈ গ’ল। চাহাবে ৰঙামাটিৰ ঘাটৰ ওচৰত কোঠ মাৰি কৃষ্মনাৰায়ণ ৰজালৈ আত্মসমৰ্পণ কৰিবলৈ আদেশ দি চিঠি লেখি পঠালে। কৃষ্ণনাৰায়ণে ইয়াৰ উত্তৰস্বৰূপে তিনি হেজাৰ কাড় ধেনু ধৰা, যাঠি-জোং চলোৱা কোচ সৈন্যক চাহাবৰ লগত যুজিবলৈ পঠাই দিলে। সেই ৰণুৱাবিলাক আহি পোৱাত কাপ্তান চাহাবে নিজৰ চিপাহীবিলাকক ৰীতিমতে থিয় কৰাই কোচৰ কাড়ে আহি ঢুকি নোপোৱা ঠাইত ৰাখি তাৰেপৰা বন্দুক মৰাব ধৰিলে। চিপাহীৰ বন্দুকৰ গুলিত কোচ সৈন্য ধাচ ধাচ কৰে মৰিল। বন্দুকৰ গুলিত তত নাপাই কোচ সৈন্যবিলাক যেয়ে যিপিনে পালে সেইপিনে পলাল। কাপ্তান চাহাবে সসৈন্যে দৰঙৰ ৰজাক ধৰিবলৈ আগবাঢ়িল। কিন্তু ভাগি যোৱা সৈন্যৰ মুখে ইংৰাজৰ প্ৰতাপ শুনিয়েই কৃষ্ণনাৰায়ণ ৰজা আগবাঢ়ি ভাৰে-ভেটীয়ে সৈতে আহি কাপ্তান চাহাবৰ শৰণাপন্ন হোৱাত কাপ্তান চাহাবে তেওঁক আগলৈ আকৌ আহোম ৰজাৰ বিৰুদ্ধে নুঠোঁ বুলি শপত খুৱাই এৰি দিলে। তাৰ পাছত চাহাব ৰজাৰে সৈতে নাৱেৰে উজাই গৈ বহাগত ৰংপুৰ পালে।

ৰংপুৰ মুকলি পথাৰখনত আহোম আৰু ইংৰাজৰ চিপাহীয়ে সৈতে যুজ কৰিবলৈ প্ৰায় কুৰি হেজাৰ মোৱামৰীয়াই ধেনু, কাঁড়, যাঠি, জোং, কাঠ-বাঁহৰ চুণ খুউৱা তৰোৱাল লৈ লগত পানী পিঠাগুৰিৰে সৈতে আহি প্ৰায় আধা মাইল আঁতৰৰপৰা কাপ্তান চাহাবক ৰজা আৰু চিপাহী শৰে সৈতে চাৰিউপিনে বেঢ়ি ধৰি বহিলহি। ইংৰাজ কাপ্তানৰ মুঠেই এশ ৰঙা কাপোৰ পিন্ধা চিপাহী দেখি সিহঁতে হাঁহি হাঁহি পৰস্পৰে কোৱাকুই কৰিলে, ‍‘‍‘ভাইহঁত, চা অ’। এই এশটা টুনি চৰায়ে আমাৰে সৈতে যুজিবলৈ আহিছে। ভাইহঁত আমাৰ সকলোৱে পানী পিঠাগুৰি খাই ল। আৰু পিছত আমি তিলিকতে গৈ সেই ৰঙা টুনি শ জীয়াই জীয়াই ধৰি আনিম গৈ’’ —এই কথা কৈ মোৱামৰীয়াসকলে লাহে ধীৰে আয়মেৰে গা-পা তিয়াব ধৰিলে।

ইফালে কাপ্তান চাহাবে তেওঁৰ দূৰবীনেৰে চাৰিওপিনে ঘূৰি ঘূৰি চাই স্থিৰ কৰি ল’লে মোৱামৰীয়াৰ সৈন্য কিমান আৰু তেওঁ বিলাকৰ হাতত কি অস্ত্ৰ-শস্ত্ৰ। ইয়াৰ পিছত তেওঁ চিপাহী বিলাকক পেৰেড কৰাই একুৰি পাঁচোটাকৈ চিপাহীৰে চাৰিটা লাইন কৰি এটা বৰ্গাকাৰ বেহু পাতিলে। সেই বেহুৰ মাজত চাহাব, ৰজা আৰু এজন হাবিলদাৰ ৰ’ল। হাবিলদাৰজনে এবাৰ নে দুবাৰ—‍‘‍‘গুলি চলাম নে?’’ বুলি চাহাবক সুধিলে। চাহাবে ক’লে, ‍‘‍‘অভিমত চালাও। উনলোককো খানা পিনা কৰকে ইছ্ তৰফ আনে দেও।’’ চাহাবৰ এই কথা শুনি হাবিলদাৰ মনে মনে থাকিল। ইফালে মোৱামৰীয়াসকলে পানী পিঠাগুৰি খাই বৈ তামোল চালি খাই কঁকালত টঙালি আঁতি কেউফালৰপৰা জয়ধ্বনি কৰি আগ বাঢ়ি বাঢ়ি আহি যেতিয়া গুলিৰ সীমাৰ ভিতৰত সোমাল আৰু সিহঁতে তাৰেপৰা কাঁড় মাৰিব ধৰিলে। তেতিয়া চাহাবে ‍‘‍‘ফায়াৰ’’ বুলি হুকুম দিলে। সেই এশ চিপাহীয়ে পূবে পশ্চিমে, উত্তৰে দক্ষিণে চাৰিওফালে গিৰ্ গিৰ্ কৰি বন্দুক মাৰিব ধৰিলে। সেই বন্দুকৰ প্ৰত্যেকটো গুলিতেই একোটা একোটা মোৱামৰীয়া ধাচ্ ধাচ্ কৈ পৰিব ধৰিলে। গুলিৰ কোবত মোৱামৰীয়া আগ বাঢ়িব নোৱাৰি আৰু নিজৰ মানুহ দুই-তিনি মিনিটে মিনিটে শই শই মৰা দেখি ‍‘‍‘আই ঔ! এইবিলাক টুনি নহয় ইন্দ্ৰৰ বজ্ৰৰহে ফিৰিঙতি বুলি যেয়ে যিপিনে পালে পলাব ধৰিলে। চিপাহীহঁতে সংগিন লগাই পিছে পিছে খেদি নি কিছুমানক খুচি খুচি মাৰিলে। মোৱামৰীয়া সম্পূৰ্ণ পৰাজিত হ’ল। ৰজাই মুখীয়াল মুখীয়াল মোৱামৰীয়া কিছুমানক ধৰি ধৰি অনাই শূলত দিয়ালে। মোৱামৰীয়াই বিদ্ৰোহ এৰি গৌৰীনাথ সিংহৰ শৰণাপন্ন হ’ল।

ৰজাৰ অনুৰোধত কাপ্তান চাহাব এমাহ ৰংপুৰত থাকি আমোদ প্ৰমোদ কৰি, হাবি বননিত চিকাৰ খেলি আৰু বুঢ়াগোঁহাইৰ অনুৰোধ মতে তেওঁ গঠন কৰা ৫০০ আহোম ৰণুৱাক ইউৰোপীয় ধৰণে কাৱাজ পেৰেড শিকাই ৰূপৱান, নগৰ, ভাৰ ভেটী লৈ ৰংপুৰলৈ উলটিল। ৰজাই নিজেই দন্দুৱা দ্ৰোহ নিবাৰণ কৰি ৰাখিম বুলি কোৱাত কামৰূপৰ দন্দুৱা দ্ৰোহ নিৱাৰণ কৰিবলৈ নৰল। কিন্তু বিজনি, কোচবিহাৰ আৰু দৰঙলৈ চিঠি লেখি দিলে তেওঁলোকে যেন কামৰূপীয়াক সহায় নকৰে। যদি সহায় কৰে তেন্তে আগলৈ ইংৰাজে সৈতে তেওঁলোকৰ ৰণ হ’ব।

                      #######

ঊনত্ৰিংশ অধ্যায়

১৭৯৩ শক

এই ১৭৯৩ শকত যদিও হৰদত্তে—শিখ, কোচ কামৰূপীয়া ৰণুৱা গোট খুৱাইছিল, তথাপি এই বছৰ যুজ নহ’ল। বৰফুকনেকাপ্তান ওৱেলছ্ চাহাবৰ ৰছদ যোগোৱাত আৰু ৰজাক সহায় কৰাতে ব্যস্ত আছিল।

    কাপ্তান ওৱেলছ চাহাবে গুৱাহাটী এৰি ৰংপুৰলৈ ভটিয়াই যোৱাৰ প্ৰায় এমাহৰ ভিতৰতে অৰ্থাৎ আহিন মাহত পূজাৰ আগখিনিতে কোচ ৰাজকুমাৰে কোচবিহাৰৰপৰা আদেশ পালে তেওঁ যেন আহোমৰ লগত নুযুজি ঘৰলৈ ওলটে। দৰঙৰ ৰজাইও তেওঁৰ কোচ সৈন্য জাকক ওলোটাই পঠাবলৈ হৰদত্তলৈ লেখিলে। কোচ ৰাজকুমাৰে এই আদেশ পাই আৰু পদ্মকুমাৰীক বিয়া কৰাবলৈকো কোনো আদেশ নেদেখি হৰদত্তক জনাই নিজৰ কোচ সৈন্য-সামস্ত লৈ গুচি গ’ল। দৰঙৰ কোচবিলাক দৰঙলৈ গ’ল। কোচবিলাক গুচি যোৱাত পদ্মকুমাৰী আইদেউ আৰু তেওঁৰ মাতৃ বৰুৱানীৰ হ’লে মূৰৰ ওপৰেদি এচলু পানী যোৱা যেন পালে।

                  #########

ত্ৰিংশ অধ্যায়

১৭৯৪ শক

এই বছৰতো আহোমৰ আৰু কামৰূপীয়াৰে যদিও কোনো ৰণ-বিগ্ৰহ নহ’ল, তথাপি হৰদত্ত বৰুৱা কিন্তু বৰ চিন্তাত ৰ’ল। তেওঁৰ হাতৰপৰা তেওঁৰ বলী স্বদেশী কোচ ৰণুৱাবিলাক যোৱাত তেওঁ এফেৰা বিমৰ্ষ হ’ল। কিন্তু কৰিব কি, উপায়তো নাই। তেওঁ এই বছৰত ৰণ-বিগ্ৰহ নোহোৱা দেখি নিজৰ বিষয় আসয় চলোৱাত ৰ’ল।

ইফালে কালি আঘোণ মাহ হৈ পুহ মাহ পৰাতো মহীৰামক কোচবিহাৰৰপৰা নোলটা দেখি বৰুৱানী আৰু পদ্মকুমাৰী উভয়ে চিন্তিত আৰু বিষণ্ণ হ’ল। পদ্মকুমাৰীৰ আহাৰ বিহাৰ একোতে ইচ্ছা নোহোৱা হ’ব ধৰিলে। তেওঁ দিনক দিনে শুকাই ক্ষীণাই যাব ধৰিলে। ঈশ্বৰক খাটোতে খাটোতে মাঘ মাহত মহীৰাম কটকীকেজনে সৈতে সুদা মুখে আৰুসুদা হাতে উলটি আহিল। কাপ্তান ওৱেলছৰ চিঠি পাই বিজনি আৰু কোচবিহাৰে সৈন্য পঠোৱা বন্ধ কৰিলে।

মহীৰাম উলটি আহিবৰেপৰা পদুমৰ মুখলৈ আকৌ অলপ অলপকৈ তেজ আহিব ধৰিলে। পদুমৰ মাকে—ছোৱালীৰো মন বুজি গিৰিয়েকক বিয়াখন পাতিবলৈ খেচখেচাব ধৰিলে। এই বেলে মাঘ মাহতো ৰণ নোহোৱা দেখি হৰদত্তে ঘৈণীয়েক আৰু ভায়েক বীৰদত্তৰ অনুৰোধ মতে ফাগুনতে মহীৰাম আৰু পদুমৰ বিবাহ স্থিৰ কৰিলে।

একত্ৰিংশ অধ্যায়

বিবাহ

পদ্মকুমাৰীৰ মহীৰামে সৈতে বিবাহ হ’ব, এই বাতৰি শুনি আজি ইমান দিনে মহীৰামৰ বুজ-বাতৰি নোলোৱা বৰ বাপেক ধনৰীয়া চৌধাৰী হৰদত্তৰ ঘৰলৈ আহি হৰদত্তক জনালে যে মহীৰাম যদিও মাউৰা, তথাপি তাৰ বঙহে পৰিয়ালে জুৰি আছে। তদুপৰি সি এঘৰৰ এটা ল’ৰা। এনেস্থলত মহীৰামক তেওঁলোকে ধনৰালৈ নি তাতে তাৰ হতুৱাই নও পুৰুষৰ শ্ৰাদ্ধাদি কৰাই নোৱাব ধুৱাব আৰু তাৰেপৰা সাজি-কাচি আহি মহীৰামে বিবাহ কৰাব। যদিও হৰদত্তৰ গৃহিণী ভিতৰি এই প্ৰস্তাৱত মান্তি নহ’ল, তথাপি ৰাইজে বেয়া বুলিব, এই ভয় দেখুৱাই হৰদত্ত আৰু তেওঁৰ ভায়েক বীৰদত্তই বুজোৱাত বৰুৱানী মান্তি হ’ল। কিন্তু বৰুৱানীয়ে জিদ কৰি বহিল যে তেওঁ ছোৱালী ধনৰালৈ নপঠিয়ায়। ঘৰ গছকাবলৈ মহীৰামৰতো নিজৰ ঘৰেই নাই। এনেস্থলত পৰৰ ঘৰ গছকাবলৈ তেওঁ জীয়েকক এৰি নিদিয়ে। হৰদত্তে ‍‘‍‘বাৰু, তেতিয়া যি হয় কৰিবা; এতিয়া মহীৰামক যাবলৈ দিয়া।’’ এই কথা কোৱাত বৰুৱানীয়ে মহীৰামক ওচৰলৈ মাতি নি ক’লে—‍‘‍‘বাপা মহীৰাম ! মোৰ প্ৰাণৰ পুতলা এই একেজনী মোৰ জীয়ৰী, তাকে তোলৈ বিয়া দিম; কিন্তু বাপা, তই মোক শপত কাঢ়ি ক’ব লাগে যে বিয়া কৰাই উঠি তই সদায় আমাৰ লগতে থাকিবি। আমাৰ ঘৰ দুৱাৰেই তোৰ ঘৰ-দুৱাৰ হ’ব। আমাৰ ভালে বেয়াই তয়ে আমাৰ পিণ্ড দিবি। ইয়াকে যদি কৰিম বুলি কৱ, তেন্তে তই সদ্যহতে ধনৰালৈ যা। তাৰেপৰা আহি বিয়া কৰাবি; কিন্তু বিয়া কৰায়ে আমাৰ ঘৰতে ৰৈ যাব লাগিব। ছোৱালীক ঘৰ গছকাবলৈ বুলি হ’লে নিব নোৱাৰ।’’ বৰুৱানীৰ এই কথাত মহীৰামে সেৱা কৰি ক’লে—‍‘‍‘আই! আপুনিয়েই এই হতভগীয়াক সৰুৰেপৰা খুৱাই-ধুৱাই ডাঙৰ কৰিছে, আৰু এতিয়াই মই যাক ভাল পাওঁ, তেওঁক দেউতাই সৈতে মোৰ হকে, হাই কাজিয়া কৰিও মোকে দিব খুজিছে; এনেস্থলত মই আপোনাৰ কথাৰ বিৰুদ্ধ কাম ইটো জনমত নকৰোঁ বুলি শপত কৰিলোঁ—আপুনি যিহকে ভাল পায় তাকে কৰিম।’’ মহীৰামৰ এই কথাত বৰুৱানীয়ে মহীৰামৰ মূৰত ধৰি আশীৰ্বাদ কৰি শিৰ চুম্বন কৰি বিদায় দিলে। মহীৰামে বৰ বাপেকৰ লগত ধনৰালৈ গ’ল। তাত লঘোন ভোক খাটি বৰ বাপেকৰ ঘৰত ন পুৰুষৰ শ্ৰাদ্ধ কৰিলে। বৰমাক, জেঠায়েক, মাহীয়েক, গাওঁ কুচুলীয়া গাভৰুসকলৰ নোৱন-ধোৱন খাই, পিন্ধি উৰি বৰ সাজি লগত অসংখ্য মতা-মাইকী ৰাইজ আৰু কামৰূপৰ সেই কালতো প্ৰসিদ্ধ বৰ্ণিবৰীয়া ঢুলীয়া আৰু দুই তিনিযোৰ গায়ন-বায়নৰ সৈতে উপযুক্ত সময়ত জিকেৰি পালেহি। অৱশ্যে এই বিবাহত যি খৰচ হৈছিল, সমস্ত তেওঁৰ বৰ বাপেক আৰু ধনৰীয়া ৰাইজে অকাতৰে দিছিল।

দেশ দস্তুৰ মতে জিকেৰীয়া ডেকাসকলে ধনৰীয়া বৰযাত্ৰীসকলক বাটতে হেঙাৰ ধৰিলে। উত্তৰ কামৰূপীয়া প্ৰজাৰ একপ্ৰকাৰ ৰজা হৰদত্তৰ জীয়াৰী পদুম কুমাৰীক বিয়া কৰাবলৈ অহা দেখি জিকেৰীয়াসকলে সেই হেঙাৰত উচিত মতে তামোল-পাণ, গুড় গাখীৰ আৰু ৰাইজৰ অৰিহণাৰ বাবে ৰূপ পাঁচ টকা লৈ হেঙাৰ এৰি দিলে। এই হেঙাৰতে দুয়োপক্ষৰ অলপ মনোবাদো হৈছিল। জিকেৰীয়াই বুজাইছিল যে তেওঁবিলাকেহে বলী আৰু মাতৰ্বৰ। ধনৰীয়াইও বুজাইছিল যে তেওঁলোকো সিমান মিঃকিন নহয়।

বাটচ’ৰাত দৰা আদৰোতেও সেইদৰে এফেৰা গোলমাল হৈছিল। চাউল ছটিওৱা বাবে মাইকীয়ে মাইকীয়ে এফেৰা কাজিয়াও হৈছিল। দৰা থিয় দিয়া পীৰাখনৰ বাবেও এফেৰা টনা-আজোৰা হৈছিল। যি কি নহওক, এইবিলাক সচৰাচৰ হৈ থকা ঘটনাৰ পিছত দৰা হৈ হোমৰ থলিত বহিল। ইফালে প্ৰকাণ্ড ৰভাৰ তলত এফালে গায়ন-বায়নৰ নটুৱাৰ নাচ হ’ল। আনফালে বৰ্ণিবৰীয়া ঢুলীয়াহঁতে ভাও উলিয়াইছিল। সেই ঢুলীয়াৰ ভাওত ঢুলীয়াহঁতে গাইছিল—

ই বোলে মাইছানা            সি বোলে মাইছানা

মাইছানা তিয়ঁহৰ জালি

আজি কালি কৰি            মাইছানা ডাঙৰ হ’ল

দুৱাৰে নোসোমায় গাৰি।

যথাসময়ত হোম, সম্প্ৰদান আদি হৈ বিয়া সমাপ্ত হ’ল। ভালেমান দিনৰ পিছত পৰস্পৰে পৰস্পৰক চিৰজীৱনলৈ লভি পদ্ম আৰু মহীৰাম পৰম সুখী হ’ল। বৰযাত্ৰীসকলে হেনো এই বিবাহত এফেৰা অপমান পাইছিল। হৰদত্ত বৰুৱাৰ ফালৰসকলে হেনো অহংকাৰতে তেওঁবিলাকক ভালকৈ সোধ-পোচ কৰা নাছিল।

বিয়া ভঙাৰ পিছত কইনা ঘৰে বৰ কন্যাক লৈ দেশ দস্তুৰ মতে স্ত্ৰী আচাৰাদি কৰা হ’লত বৰ পক্ষৰ কৰ্তা মহীৰামৰ বৰ বাপেক আৰু ধনৰীয়া প্ৰজাসকলে কন্যাক দৰাৰ ঘৰ গছকাবলৈ নিব লাগে বুলি জনালে। হৰদত্তৰ গৃহিণীয়ে ভিতৰৰেপৰা সমিধান দি পঠিয়ালে যে তেওঁ জীয়েকক ধনৰালৈ নপঠিয়ায়। জী-জোঁৱাই হালকে ঘৰতে ৰাখিব আৰু ধনৰাত যিস্থলত মহীৰামৰ নিজৰ ঘৰ নাই তেনেস্থলত কাৰ ঘৰলৈ নো জীয়েকক পঠাব? তেওঁৰ এই কথাত ধনৰীয়া চৌধাৰীয়ে জনাই পঠিয়ালে যে কিয়, তেওঁৰ ঘৰেই জানো মহীৰামৰ ঘৰ নহয়? বৰুৱানীয়ে কৈ পঠিয়ালে যে তেওঁৰ ঘৰেই মহীৰামৰ ঘৰ হোৱা হ’লে মহীৰাম সৰুৰেপৰা তাতহে ডাঙৰ-দীঘল হ’ব লাগিছিল। তাৰ শৈশৱ কালত কেৱে যেতিয়া তাৰ গৰাকী নোলাল, এতিয়া কিশোৰতনো তাৰ কোন গৰাকী ওলাল? এতেকে ধনৰীয়াসকলে মহীৰামক এৰিয়েই বিদায় হই যাওক! বৰুৱানীৰ এনেকুৱা স্পষ্ট জবাবত ধনৰীয়া চৌধাৰীয়ে মৰণান্তিক বেজাৰ পালে। মহীৰামক হৰদত্তৰ ঘৰতে এৰি সুদা দোলা দুখান লৈ ধনৰীয়াসকলে উলটি গ’ল। ধনৰীয়া চৌধাৰীৰ মনত হৰদত্ত বৰুৱা এক প্ৰকাৰ বৈৰী হ’ল।

আৰু পাঠক, বিয়াৰ পিছত মহীৰাম আৰু পদুমক লই গাঁৱৰ মাইকীবিলাকে স্ত্ৰী-আচাৰৰ যিবিলাক ৰঙ ধেমালি কৰিছিল আৰু মহীৰাম পদুমে বিবাহৰ পিছত কি কথা-বতৰা হইছিল, সেইবিলাক আমি ক’ব নোৱাৰোঁ, যেহেতু সেইবিলাক ঠাইলৈ আমাৰ প্ৰবেশ নিষেধ আছিল। আপোনাসকলেই অনুমান কৰি লওক। আমি উপন্যাসকাৰকে মাথোন ইয়াকে ক’ব পাৰোঁ যে যি ক্ষেত্ৰত বৰ কন্যাৰ আগৰেপৰা প্ৰীতি থাকে, সেই ক্ষেত্ৰত উভয়ে উভয়ক বিবাহসূত্ৰত আৱদ্ধ হৈ চিৰলগৰীয়া পালে যে কি স্বৰ্গীয় সুখ হয়, তাক জানোতাইহে জানে।

########

দ্বাত্ৰিংশ অধ্যায়

১৭১৪ শক

    বহাগত মহীৰাম আৰু পদুমৰ বিবাহ হ’ল। ডেকা গাভৰু উভয়ে সুখী হ’ল। কামৰূপীয়া প্ৰজাসকল জেঠ মাহৰেপৰা খেতি খামাৰত লাগিল। হৰদত্ত বৰুৱাই শিখবিলাকক বহুৱাই বহুৱাই ৰছদ্ খুৱাই আৰু দৰমহা দি থাকিব লগা হোৱাত বৰ হাইৰাণ হ’ব ধৰিলে। তেওঁৰ হাতৰ কোছৰ সমস্ত ধন-বিত গ’ল; তেওঁ অলপ কড়া ভাবেই কামৰূপৰ বৰুৱা চৌধাৰীসকলৰপৰা ধন তুলিব লগাত পৰিল। এই কথাতে কামৰূপীয়া বৰুৱা আৰু চৌধাৰীসকলৰ অনেকে তেওঁৰ ওপৰত অলপ অলপকৈ অসন্তুষ্ট হ’ব ধৰিলে; কিন্তু তেতিয়াও হৰদত্ত বৰুৱাৰ পয়োভৰ থকা দেখি কেৱে মুখ ফুটাই একো ক’ব নোৱাৰিলে। চাওঁতে চাওঁতে বাৰিষা গ’ল, খৰালি গ’ল। হৰদত্তই অনেক পৰিশ্ৰম কৰি তিনি চাৰি হেজাৰ কামৰূপীয়া ৰণুৱা গোটালে। সেই ৰণুৱা আৰু তিনিশ শিখেৰে সৈতেই এই বছৰৰ খৰালিৰ ৰণত কোনোৰকমে আহোম সৈন্য তিনি জাকৰ ভিতৰত কামৰূপলৈ সোমোৱা গতিৰোধ কৰি দৰ্জা তিনিখন ৰক্ষা কৰিলে।

ত্ৰয়োত্ৰিংশ অধ্যায়

১৭১৫ শক

    এই শকৰ বহাগ মাহৰেপৰা হেনো হৰদত্ত বৰুৱাৰ সুদিন গৈ দুৰ্দিন আহিল। দৈবজ্ঞসকলে তেওঁৰ সোঁৱৰণীৰ ফলাফল চাই কোৱা মতে তেওঁক অশুভ গ্ৰহসকলে বেঢ়ি ধৰিলে। যুজৰ পিছৰপৰা শিখসকলক আকৌ মাহে ৰছদ আৰু দৰমহা দি থাকিব লগীয়া হোৱাত হৰদত্ত বৰুৱা আৰু বিম সমস্যাত পৰিল। যদিও কামৰূপীয়া বৰুৱা চৌধাৰীসকলেই পৰামৰ্শ দি পাঞ্জাবৰপৰা শিখ ৰণুৱা অনাইছিল, তথাপি এতিয়া এই শিখসকলক মাহে মাহে দৰমহা দিয়া আৰু ৰছদ দিয়া সমস্ত বোজা অকল হৰদত্তৰ মূৰতে পৰিল। হৰদত্তে পোন প্ৰথমে বৰুৱা চৌধাৰীসকলক অনেক কাবৌ-মিনতি কৰি কিছু কিছু ৰছদ আৰু ধন আনি তাৰেই পাল মাৰিছিল। কিন্তু পিছত বৰুৱা-চৌধাৰীসকলেও মাহে মাহে গুদ্-গুদাব ধৰিলে। এনেয়ে আজি এই গত পাঁচ বছৰে আহোমৰ সৈতে বছৰি ৰণ কৰাত ঢেৰ কামৰূপীয়া প্ৰজা মৰিছে, খেতি খোলা নষ্ট হৈছে আৰু গত দুবছৰ শিখক মাহে মাহে দৰমহা দিয়াত হাতৰ কোঁচৰ ধনো গৈছে; এতিয়া আকৌ মাহে মাহে শিখক খুৱাবলৈ আৰু দৰমহা দিবলৈ কামৰূপৰ বৰুৱা-চৌধাৰীসকলে টান পাব ধৰিলে। হৰদত্তে এই শঁকৰ বহাগৰ সাত বিহুৰ দিনাই আলচ যুক্তি হ’বলৈ বৰুৱা চৌধাৰীসকলক নিমন্ত্ৰণ কৰিলে। প্ৰায় দুভাগেই সেই নিমন্ত্ৰণলৈ নাহিল। যি এভাগ আহিছিল, সেই সকলেও জনালে যে তেওঁবিলাকে আৰু ধনেৰে সহায় কৰিবলৈ অক্ষম। বৰুৱা চৌধাৰীসকলে এই কথা কৈয়েই নিজ নিজ ঘৰলৈ উলটিল। হৰদত্ত বৰুৱা কিংকৰ্তব্যবিমূঢ় হ’ল। তেওঁবিলাক গুচি যোৱাৰ পিছত হৰদত্তই ভায়েক বীৰদত্তৰ সৈতে পৰামৰ্শ কৰিলে। তেওঁ বীৰদত্তক ক’লে, যে যেতিয়া কামৰূপীয়া বৰুৱা চৌধাৰীসকলে তেওঁক সহায় নকৰাত পৰিল আৰু ধনৰীয়া চৌধাৰীকে প্ৰমুখ্য কৰি দুই-চাৰিজন তেওঁৰ বৈৰীও হই উঠিল, এনেস্থলত তেওঁলোকৰ উচিত হ’ল যে তেওঁলোকে শিখসকলক বিদায় দি বৰফুকনত আত্ম-সমৰ্পণ কৰিব লাগে, নতুবা কামৰূপ ৰাজ্য এৰি বিজনি বা বেহাৰ বা ৰংপুৰ, এনেকুৱা ঠাইত গৈ আশ্ৰয় ল’ব লাগে। হৰদত্তৰ এই পৰামৰ্শত বীৰদত্তে মান্তি নহৈ ক’লে যে তেনেকুৱাটো সদ্যহতে কৰিব নোৱাৰি। বৰুৱা চৌধাৰীসকলেই মত দি এই শিখ অনাইছে যেতিয়া, তেতিয়া তেওঁবিলাকেই আৰু এবছৰ দুবছৰলৈ শিখক পোহ-পাল দি ৰাখিবই লাগিব। ব্ৰহ্মপুত্ৰ নৈ পাৰ হৈ গুৱাহাটীতে গৈ পাষণ্ড বৰফুকনটোক ধৰিবই লাগিব। যদি তেওঁ তাকে কৰিব নোৱাৰে, তেন্তে তেওঁ নিজেই আত্মহত্যা কৰিব। যুঁজ এৰি কাপুৰুষালী কৰিবলৈ বীৰদত্ত জীয়াই নাথাকে। তেওঁৰ এই কথাত হৰদত্তই আকৌ ক’লে যে ‍‘‍‘যি স্থলত কামৰূপীয়া বৰুৱা চৌধাৰীসকলেও তেওঁবিলাকৰ ধনেৰে আৰু ৰছদেৰেও সহায় কৰিবলৈ আগ নবঢ়াত পৰিল আৰু সেই সকলৰ পৰামৰ্শমতেই কামৰূপীয়াৰ প্ৰজাও যুজলৈ নোলোৱাত পৰিল, তেনেস্থলত নো তেওঁলোকে আৰু কেনেকৈ বৰফুকনেৰে সৈতে যুজিব। ইয়াৰ উত্তৰত বীৰদত্তই ক’লে যে—‍‘‍‘যদি তেওঁ (হৰদত্তে) নিজৰ প্ৰাণলৈ ভয় কৰিছে, তেন্তে তেওঁ উঠি বিজনী বা বেহাৰ বা ৰংপুৰলৈ সপৰিবাৰে যাব পাৰে; কিন্তু তেওঁ হ’লে নাযায়। তেওঁ সেই দুশ শিখ, আৰু যি পায় কামৰূপীয়া প্ৰজা, তাকে লইয়েই যুজি থাকিব। যুঁজত জিকিব পাৰে যদি ভালেই, নোৱাৰে যদিও তেওঁ সেই যুঁজতেই প্ৰাণ ত্যাগ কৰিব।’’ ভায়েকৰ এনেকুৱা তেজোপূৰ্ণ বাক্য শুনি হৰদত্তই ক’লে—‍‘‍‘যদি বীৰদত্তই তেওঁৰ লগত কামৰূপ এৰি যাবলৈ সন্মত নহয়, তেন্তে তেৱোঁ, এনেকুৱা কাপুৰুষ নহয় যে তেওঁ ভায়েকক এৰি নিজৰ প্ৰাণ বচাবলৈ বিদেশলৈ যাব। তেওঁৰ এই কথাত বীৰদত্তই ক’লে যে—বাৰু, তেনেহ’লে তেওঁ (হৰদত্তে) একো চিন্তা নকৰিব। শিখক ৰছদ দিয়া, দৰ্মহা দিয়া, যুঁজ চলোৱা সমস্ত ভাৰ তেওঁ (বীৰদত্তে) ল’লে। ককায়েকে মনে মনে ঘৰৰ কাম যি হয় কৰক, আৰু নিজৰ ইষ্ট দেৱীক ধ্যান কৰক।

    হৰদত্তই ভায়েকৰ এই কথা শুনি শুনি মনে মনে ৰ’ল। বীৰদত্তই শিখ সেনাপতি কুমেদানক তেওঁলোকৰ ভিতৰুৱা অৱস্থা সমস্তকে জনাই ক’লে যে তেওঁলোকে দৰ্মহা আৰু ৰছদ নিজে নিজে এমাহত দুঘৰ বৰুৱা চৌধাৰী, আন মাহত আন দুঘৰ বৰুৱা চৌধাৰীৰপৰা আদায় কৰি ল’ব। বীৰদ্তৰ এই আদেশ পাই কুমেদানৰ শিখসকলে ইমাহত চাৰি ঘৰ, সিমাহত চাবি ঘৰ বৰুৱা চৌধাৰী আৰু তেওঁলোকৰ প্ৰজাসকলৰপৰা জোৰ-জবৰদস্তি কৰি ৰছদ আৰু দৰমহা আদায় কৰিব ধৰিলে। যেতিয়াৰেপৰা শিখসকলে এইদৰে জোৰ-জবৰদস্তি কৰি ৰছদ আৰু ধন তুলিব ধৰিলে, তেতিয়াৰেপৰা কামৰূপীয়া বৰুৱা চৌধাৰী প্ৰজা হৰদত্তৰ ওপৰত নাৰাজ হই উঠিল। তেওঁবিলাকে হৰদত্তক দেশৰ বৈৰী বুলি ভাবিব ধৰিলে। জাকে জাকে প্ৰজাই আহি হৰদত্তৰ ওচৰত আপত্তি কৰিব ধৰিলে। হৰদত্তই যথাসাধ্যে প্ৰজাসকলক বুজালে। কিন্তু এতিয়া তেওঁৰ বুজনি মানে কোনে? ঠায়ে ঠায়ে শিখে আৰু প্ৰজাই হতাহতি হ’ব ধৰিলে। হৰদত্ত কিংকৰ্তব্য-বিমূঢ় হ’ল। শিখক ৰাখিলেও মৰণ, এৰি দিলেও মৰণ। তেওঁ নিজৰ কপালকে গুণি-গাথি এনিশা শুই আছে; এনেতে সপোন দেখিলে যেন দুৰ্গা দেৱীয়ে আহি তেওঁক দেখা দি কৈছে, ‍‘‍‘বাছা হৰদত্ত! তই বহুত দুখ পাইছ। তোৰ কৰ্মও শেষ হ’ল। এই আসম ৰাজ্যত আৰু দহ-বাৰ বছৰৰ পিছতে ভয়ংকৰ বিপ্লৱ হ’ব। আহোমৰ ৰাজ্য নাথাকিব। তই মোৰ গুৰিলৈ সপৰিবাৰে আহিবি।’’ এই কথা কয়েই দেৱী অন্তৰ্ধান হ’ল। হৰদত্তে ‍‘‍‘দুৰ্গে দুৰ্গে দুৰ্গতি নাশিনী, ভবভয় হাবিণী, তাৰিণী’’ বুলি সাৰ পালে। সাৰ পাই তেওঁ ভাবিব ধৰিলে। ভাবি ভাবি পালে যে, তেওঁৰ কি, তেওঁৰ ভায়েকৰো কোনো পুত্ৰ সন্তান নাই। আনকি, দুয়ো ভায়েকৰ ভিতৰতে অকল পদ্মকুমাৰীৰ বাদে আন কোনো সতি-সন্তানেই নাই। সেই পদ্মকুমাৰীকে যেতিয়াই পাত্ৰস্থা কৰিছে, তেতিয়াই তেওঁৰ সংসাৰ-বন্ধনতো একপ্ৰকাৰ ছিগিছেই। দেশৰ হ’কে তেওঁ যথেষ্ট যুঁজ কৰিলে। এই পৰিমিত তেওঁ কামৰূপীয়াৰ গৌৰৱ ৰক্ষা কৰিছে। এতিয়া এই কামৰূপৰ বিষয়া আৰু প্ৰজাসকলেই যি স্থলত তেওঁক ভাল নোপোৱাত পৰিছে আৰু আহোমৰ সৈতে ৰণ কৰিবলৈ মান্তি নোহোৱাত পৰিছে, তেনেস্থলত তেওঁৰ আৰু দেশৰ হ’কে আহোমৰ সৈতেও ৰণ কৰাৰ ওৰ পৰিছে। এই ৰকমে ভাবি, এই কথাকে সাৰোগত কৰি তেওঁ সেই নিশাৰেপৰা ৰণ, বিগ্ৰহ, বিষয় ইত্যাদি সমস্তৰে ধান্দা এৰি দিলে। মাথোন বীৰদত্তকে তেওঁ মাজে মাজে ক’ব ধৰিলে,‍ ‍‘‍‘বাপা বীৰদত্ত! আহোমৰ সৈতে আমাৰ ৰণ এৰাই ভাল। কামৰূপীয়া বৰুৱা, চৌধাৰী, প্ৰজা, সকলো আমাৰ ওপৰত অসন্তুষ্ট হৈছে; শিখসকলে প্ৰজাক পীড়ণ কৰিছে।’ বীৰদত্তই ক’লে, ‍‘‍‘নহয় দাদা ! এইবাৰ খৰালিৰ ৰণটো কৰি লওঁ। বাৰু, তাৰ পিছত যি হয় কৰা যাব।’’ হৰদত্তই ঘৈণীয়েকক এদিন ক’লে, ‍‘‍‘মাইছানাৰ মাক ! আমি মাইছানা আৰু জোঁৱাই উভয়কে ধনৰালৈ পঠিয়াই দি ৰণ-বিগ্ৰহ এৰি তীৰ্থলৈকে যাওঁ বলা।’’ ঘৈণীয়েকে ক’লে, ‍‘‍‘আপুনি কি কথা কয়? মোৰ প্ৰাণটো গ’লেও জী-জোঁৱাইক ধনৰালৈ পঠিয়াব নোৱাৰো। মোৰ অংগীকাৰ এৰিব নোৱাৰোঁ।’’ ঘৈণীয়েকৰপৰাও এনেকুৱা সমিধান পাই তেওঁ মনে মনে ৰল। যুঁজৰ ভাৰ বীৰদত্তত, সংসাৰৰ ভাৰ ঘৈণীয়েকত অৰ্পি তেওঁ দিবা-ৰাত্ৰি দুৰ্গা নাম জপিব ধৰিলে।

চতুত্ৰিংশ অধ্যায়

    ইফালে এই ১৭৯৫ শকৰ আৰম্ভতে আমাৰ ৰজা ৺ গৌৰীনাথ সিংহ স্বৰ্গী হ’ল। অসমৰ ৰাজপাটত কমলেশ্বৰ সিংহ ৰজা হ’ল। বুঢ়াগোহাঁই ৺ঘনশ্যাম পৰলোক হোৱাত তেওঁৰ পুত্ৰ মহামতি ৺পূৰ্ণানন্দ বুঢ়াগোহাঁই হ’ল। ৺কমলেশ্বৰ সিংহে ৰাজপাটত উঠি ৺পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ সৈতে আলচ যুক্তি কৰি বেছকৈ জানিলে যে ভাটীৰ দন্দুৱাদ্ৰোহটোৰ গুৰিত বদনচন্দ্ৰ বৰফুকনৰ কামৰূপীয়া প্ৰজাৰ ওপৰত অত্যাচাৰ; আৰু ৰজা আৰু বুঢ়াগোহাঁই উভয়ে এইটোও জাইনলে যে বদনৰ নিচিনা বৰফুকনে দ্ৰোহটো নিবাৰণ কৰিবলৈ অক্ষম। ইত্যাদি কাৰণে ৺কমলেশ্বৰ সিংহ স্বৰ্গদেৱে বদন বৰফুকনক উজনিলৈ মাতি পঠিয়ালে আৰু তেওঁৰ ঠাইত ৺কলীয়া ভোমাৰাক বৰফুকন পাতি তেওঁৰ লগত ইউৰোপীয় ধৰণে শিক্ষিত পাঁচশ আহোম ৰণুৱা দি কামৰূপলৈ পঠিয়ালে। স্বৰ্গদেৱে ৺কলীয়া ভোমোৰা বৰফুকনক দঢ়াই ক’লে, যে তেওঁ গৈ অতি শীঘ্ৰে দ্ৰোহটো নিবাৰণ কৰিব লাগিব আৰু যদি যুঁজত নমৰি হৰদত্ত বীৰদত্ত ধৰা পৰে, তেন্তে সিহঁতক শূলত দিব। ৺কলীয়া ভোমোৰা বৰফুকনে ৰজাৰ এই আদেশ লৈ কামৰূপলৈ আহিল আৰু বহাগৰ মাহৰ ভিতৰতে গুৱাহাটী পাই ৺বদন বৰফুকনৰপৰা যিমান দূৰ পাৰিলে কামৰূপৰ ভিতৰুৱা অৱস্থা সুধি-পুছি ল’লে।

    বুৰঞ্জীত আছে যে, কলীয়া ভোমোৰা বৰ বিচক্ষণ ৰাজনীতিজ্ঞ আৰু তাৰ লগে লগে প্ৰায় লাচিত ফুকনৰে নিচিনা বাহুবলী বীৰ আছিল। প্ৰবাদ আছিল যে, তেওঁৰ গতি-বিধি এনেকুৱা আছিল যে, তেওঁ কোন সময়ত কিদৰে কাম কৰে তাক কেৱে আগতে হঠাতে জানিব নোৱাৰিছিল। তেওঁ কামৰূপত ভৰি দিয়েই পোন প্ৰথমেই চোৰাংচোৱা লগাই হৰদত্ত বীৰদত্তৰ গতিবিধি লক্ষ্য কৰিবলৈ ধৰিলে। ঠায়ে ঠায়ে কামৰূপীয়া দুই একজন বৰুৱা চৌধাৰী আৰু প্ৰজাৰো মনৰ ভাব ল’বলৈ ধৰিলে। শিখে জোৰ-জবৰদস্তি কৰি ৰছদ আৰু ধন উঠুৱাৰ বাবে যে কামৰূপীয়া বৰুৱা চৌধাৰীৰ দুই চাৰিজন হৰদত্তৰ ওপৰত বিৰক্ত হৈছিল ইয়াকো জানি ল’লে। তাৰ পিছত তলে তলে কেবাজনো বৰুৱা চৌধাৰীক হাত কৰিলৈ তেওঁ হৰদত্তৰ বিৰুদ্ধে যুজিবলৈ বল বান্ধি ৰল।

    ইফালে আকৌ বৰুৱা চৌধাৰীসকলৰপৰা সহায় নাপাই বৰং ঠায়ে ঠায়ে বৈৰীতা আৰু বিৰুদ্ধ ভাব পাই বীৰদত্তেও মাহে মাহে কামৰূপীয়া বিষয়াসকলক শিখ লগোৱাই আৰু বেছিকৈ উৎপীড়ণ কৰিবলৈ ধৰিলে। ইয়াতে কামৰূপীয়া অনেক বৰুৱা চৌধাৰীয়ে, বিশেষকৈ বিয়াত অপমান পাই থকা ধনৰীয়া চৌধাৰীকে প্ৰমুখ্য অনেকেই তলে তলে বৰফুকনৰ শৰণাপন্ন হ’বলৈ ধৰিলে। ৺ কলীয়া ভোমোৰা বৰফুকনে বঢ়িয়াকৈ জানিলে যে হৰদত্ত-বীৰদত্তৰ পতন অনিবাৰ্য্য। তেওঁ খৰালিৰ ৰণলৈ বিপুল আয়োজন কৰি ৰ’ল।

#######

পঞ্চত্ৰিংশ অধ্যায়

    ভাদ মাহ গৈ আহিন পৰিল। বহাগৰেপৰা এই আহিন মাহলৈকে শিখসকলে যিমানদূৰ পাৰিলে কামৰূপীয়া প্ৰজাক লুটিলে। কামৰূপীয়া প্ৰজাইও ঠায়ে ঠায়ে দলবদ্ধ হৈ মাজে মাজে শিখসকলক একো থেকেচা দিলে। শিখৰ চৰ্দাৰ কুমেদানে দেখিলে যে সদায় প্ৰজাৰ ওপৰত অত্যাচাৰ কৰি দৰমহা আৰু ৰছদ লৈ থকাটো সহজ আৰু সুবিধাৰ কাম নহয়; সেইদেখি তেওঁ এইবাৰ আহিন মাহ পৰোতেই বীৰদত্তক কৈ তেওঁৰ শিখ ৰণুৱাসকলক লগত লৈ পঞ্জাবলৈ উলটিবৰ মন কৰি জিকেৰি এৰি পশ্চিম মুখে খোজ ল’লে। শিখসকলক যাব বুলি খবৰ শুনি উদ্যোগী কলীয়া ভোমোৰা বৰফুকনে চোৰাংচোৱা পঠিয়াই, নলবাৰীতে শিখসকলক চোৰাংচোৱা আৰু চাঁদকুচীয়া বুজৰ বৰুৱাক লগোৱাই, হাজোৰ বাটেৰে পচৰীয়া দলবাৰী আৰু বংশৰলৈ আনি ব্ৰহ্মপুত্ৰ পাৰ কৰাই গুৱাহাটীলৈ আনিলে, আৰু পঞ্জাবলৈ উলটি যাবলৈ নিদি নিজৰ ইউৰোপীয় ধৰণে শিক্ষিত পাঁচশ আহোম ৰণুৱাৰ লগত ভুক্ত কৰি ল’লে। বেলতলা, লুকী, ডুমুৰীয়া ইত্যাদি ৰজাসকলৰপৰাও চাৰি পাঁচশকৈ ৰণুৱা আনি মুঠতে পোন্ধৰ শ ৰণুৱা, গোটাই লৈ খৰালিৰ আৰম্ভতে হৰদত্তৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে। তেওঁ তেওঁৰ সেই পোন্ধৰ ষোল্ল শ সৈন্য তিনিভাগ কৰি তিনিফাললৈ পঠিয়ালে। চেঁচামুখলৈ যোৱা ভাগৰ লগত তেওঁ আৰু কুমেদান উভয়ে গ’ল। আন দুভাগৰ লগত দুজন আহোম সেনাপতি পঠিয়ালে। তেওঁ আৰু কুমেদান উভয়ে যে চেঁচামুখৰ ভাগলৈ গৈছিল ইয়াৰ কাৰণ এই, তেওঁ জানিছিল এইখন দুৱাৰলৈ বীৰদত্ত আহিব।

    যদিও হৰদত্তৰ প্ৰতিভা কামৰূপীয়া বৰুৱা চৌধাৰীসকলৰ মাজত হ্ৰাস হৈছিল; তথাপি চাৰি পাঁচঘৰ বৰুৱা আৰু চৌধাৰীয়ে তেওঁবিলাকক একেবাৰে এৰা দিয়া নাছিল। সেই কেইঘৰৰ সহায়ত আৰু নিজৰো গুণত বীৰদত্তই দুহেজাৰ ৰণুৱা গোটাইছিল। চিলালৈ মহীৰাম আৰু কমাৰকুচীয়া বৰুৱাক পাঁচশ ৰণুৱা দি পঠিয়াইছিল। দীৰ্ঘেশ্বৰীলৈ মদাৰতলীয়া চৌধাৰীক পাঁচশ ৰণুৱা দি পঠিয়াইছিল; আৰু নিজে এহেজাৰ ৰণুৱা লৈ চেঁচামুখলৈ আহিছিল।

    তিনিও ঠাইতে তয়াময়া ৰণ হ’ল। যদিও কামৰূপীয়াই ধেনু কাঁড়েৰে আৰু তৰোৱালেৰে অসীম শৌৰ্য্য-বীৰ্য্য দেখুৱাই তিনিও ঠাইতে যথেষ্ট ৰণ কৰিছিল; তথাপি শিক্ষিত আহোম আৰু শিখৰ আগত তিষ্ঠিব নোৱাৰিলে। পাহাৰ আশ্ৰয় কৰিও তাত নাপালে। পাহাৰৰ আশ্ৰয় কৰিও তত নাপালে। বৰফুকনৰ হিলৈয়ে পাহাৰো খহাব ধৰিলে। কামৰূপীয়া ৰণুৱা প্ৰত্যেক ঠাইতে শই শই মৰিল। তিনিও ঠাইতে মাথোন দুকুৰি আঢ়ৈকুৰি মানকৈহে মানুহ ৰ’ল। মহীৰাম, কমাৰকুচীয়া আৰু মদাৰতলীয়া এই তিনিওজনে কোনো ৰকমে প্ৰাণে নমৰি ঘৰলৈ উলটিল। কিন্তু চেঁচামুখৰ ৰণত, সিংহ বিক্ৰমেৰে যুজি তৰোৱালৰ কোবত আঠোটা দহোটাকৈ আহোম ৰণুৱা কাটিও শেষত আহোম ৰণুৱাৰ বন্দুকৰ গুলিত পৰি কামৰূপৰ বাহুবলী বীৰ বীৰদত্ত বৰুৱাই জননী জন্মভূমি কামৰূপ মাতৃৰপৰা বিদায় লৈ অনন্ত ধামলৈ যাত্ৰা কৰিলে। আহোম ৰণুৱাসকলে চেঁচামুখৰ বাটেদি উত্তৰ কামৰূপৰ ভিতৰলৈ, বিশেষ জিকেৰি গাঁৱৰ ফাললৈ খোজ ল’লে। উদ্দেশ্য হৰদত্তক গৈ ধৰি অনাটো।

#######

ছয়ত্ৰিংশ অধ্যায়

    এইবাৰ কামৰূপত, বিশেষকৈ জিকেৰিত, আৰু হৰদত্তৰ ফলীয়া যিসকল বৰুৱা, চৌধাৰী আৰু প্ৰজা আছিল, সেইসকলৰ ভিতৰত হাহাকাৰ মিলিল। হৰদত্ত বৰুৱাৰ ঘৰত বীৰদত্তৰ মৃত্যুৰ বাতৰি পাই কান্দোনৰ ৰোল উঠিল। বীৰদত্তৰ পতিপ্ৰাণা সতী সহধৰ্মিনীয়ে গিৰিয়েকৰ মৃত্যুৰ বাতৰি পায়েই ধাচ্ কৰে পৰি মুচ্ কচ্ গ’ল, তাৰপৰা আৰু দুনাই সাৰ নাপালে। তেওঁ সেইপিনেই নশ্বৰ দেহা এৰি বৈকুণ্ঠী হ’ল। হৰদত্তই কান্দোন-কাটোনৰ মাজতো মহীৰাম, পদুমকুঁৱৰী আৰু ঘৈণীয়েকক ক’ল, ‍‘‍‘তোমালোকে ধনৰাত গৈ আশ্ৰয় লোৱা। ধনৰীয়া চৌধাৰী যেতিয়া এই বৰফুকনৰ সৈতে ভাল, তোমালোকক ৰক্ষা কৰিব পাৰিব। মই আত্ম-সমৰ্পণ কৰোঁ।’’ ঘৈণীয়েকে কান্দি কান্দি ক’লে, ‍‘‍‘আপুনি কয় কি? আমি নিজৰ প্ৰাণ বচাবলৈ ধনৰীয়াৰ ঘৰত চাপিম গৈ আৰু আপুনি আহোমৰ শূলত প্ৰাণত্যাগ কৰিব, এইটো হ’ব নোৱাৰে। যদি আত্মসমৰ্পণেই কৰিব লাগে, তেন্তে বলক, আপুনি মই উভয়ে আত্মসমৰ্পণ কৰোঁ গৈ। জী-জোঁৱাই ধনৰালৈ যাওঁক।’’ শহুৰ শাহুৰ এই কথা শুনি মহীৰামে আঁঠু লৈ জনালে—‍‘‍‘মাতৃ! পিতৃ! আমিও আপোনালোকক এই বিপদত এৰি কাপুৰুষৰ দৰে নিজে বাচিবলৈ ক’লৈকো নাযাওঁ। এপৰৰ মূৰতে আহোম আহি এইখিনি পাব। বলক, আমি সৌ দূৰত যে সন্ধ্যাৰ ঝাৰখন দেখিছে তাৰে ভিতৰত আশ্ৰয় লওঁগৈ। যেতিয়া আহোম সৈন্য উলটি যাব তেতিয়া আমি তাৰপৰা ওলাই দেশ এৰি বিজনি বা গৌৰীপুৰলৈ যামগৈ।’’

    মহীৰামৰ এই কথাকে যুক্তিসংগত যেন দেখি বৰুৱানীয়ে লৰৰ বেগতে যি দুডোখৰ কানি-কাপোৰ ল’ব পাৰিলে ল’লে, আৰু অলংকাৰ পাতি হাতত লুকুৱা অলপ ধনবিত যি আছিল তাকো লৈ বেগাবেগিকৈ চাৰিটি প্ৰাণী আৰু লগতে পদুমকুঁৱৰীৰ হাত-ধৰি লিগিৰীজনীক লৈ সন্ধ্যাৰ ঝাৰৰ ভিতৰত সোমালগৈ। ওচৰৰ গোত-জ্ঞাতিয়ে বীৰদত্তৰ পৰিয়ালৰ দাহন কাৰ্য্যাদি কৰিলে।

    সন্ধ্যাৰ ঝাৰৰ ভিতৰত মহীৰামে লগত নিয়া সৰু দা আৰু তৰোৱালখনেৰে হাবিৰ মাজতে সৰু সৰু গছ কাটি অলপ-অচৰপ খেৰ কাটি জুপুৰি এটা সাজি পাঁচোজন তাতে পৰি ৰল। ইফালে আহোম সৈন্যই হৰদত্ত বৰুৱাৰ হাউলি সোমাই গৰু-ম’হ, ধান-ধন বয়-বস্তু যি পালে সোপাকে লুটিপুটি লৈ হৰদত্তৰ ঘৰ আৰু হাউলিবিলাকত জুই লগাই দিলে। হৰদত্তৰ বেটী বান্দী যি আছিল সেই সকলে আগেয়ে যেয়ে যিপিনে পালে সেইপিনে পলাইছিল। বৰফুকনে হৰদত্তক বিচাৰি ধৰিবলৈ এশ আহোম ৰণুৱা আৰু চোৰাংচোৱা আৰু কুমেদানৰ সৈতে দহজন শিখক এমাহকৈ উত্তৰ কামৰূপৰ ভিতৰত থাকিবলৈ হুকুম দি, আৰু যেয়ে হৰদত্তক ধৰি দিব পাৰে তাকে শিকা ৰূপ এশ দিম বুলি ঢোল পিটি শুনাই দি গুৱাহাটীলৈ উলটিল।

সাতত্ৰিংশ অধ্যায়

নিয়তিৰ চক্ৰ

    যি হৰদত্ত বৰুৱাই উত্তৰ কামৰূপত বৰফুকনৰ শাসন উচ্চেদ কৰি আজি সাত বছৰে নিজৰ হাউলিত বেটী-বান্দীয়ে পৰিবৃত হৈ উত্তৰ কামৰূপত ৰাজত্ব কৰিছিল, যি হৰদত্ত একালত কামৰূপীয়া প্ৰজাৰ ৰঞ্জিত বীৰ আছিল, নিয়তিৰ চকৰিত, গ্ৰহ বৈগুণ্যত সেই হৰদত্ত আজি অটব্য অৰণ্যবাসী। যি হৰদত্তে আজি সাত বছৰে বৰফুকনক বাৰে বাৰে যুজত ঘটুৱাই কামৰূপীয়াৰ গৌৰব ৰক্ষা কৰি আছিল, সেই হৰদত্তই আজি বৰফুকনে দিয়া নাম মতে এজন সামান্য ‍‘‍‘বিদ্ৰোহী দন্দুৱা’’ অৰ্থাৎ বীৰ নহয়, এজন দন্দ কৰা ঢেকেৰী মাথোন। যি হৰদত্ত এদিন কামৰূপীয়া প্ৰজাৰ মনত দেৱতা স্বৰূপ আছিল, আজি সেই হৰদত্ত অনেক কামৰূপীয়া প্ৰজা আৰু বিষয়াৰ মনত অত্যাচাৰী, দেশদ্ৰোহী, নিজে গজি উঠা বুজৰবৰুৱা। আজি সেই স্বদেশবৎসল হৰদত্তৰ মূৰটোৰ ওপৰত তেওঁক ধৰি দিয়া জনৰ নিমিত্তে এশ চিকা ৰূপৰ বটাৰ জাননী! যি হৰদত্তে ৰূপৰ বাসনতহে আহাৰ কৰিছিল আজি সেই হৰদত্তৰ আহাৰ বনৰীয়া কৌ পাতত। সেই আহাৰো আকৌ পূব কছাৰী মহলৰ কছাৰীহঁতৰ বস্তিৰপৰা মনে মনে খুজি অনা ৰঙা আহু চাউল আৰু বনৰীয়া শাকৰ। তাকো আকৌ সদায় নিমিলা। যি হৰদত্তে দিনটোত তিনি চাৰি সাজ চৰ্ব চুয্য লেহ্য-পেয় খাইছিল, সেই হৰদত্তে আজিকালি মাজে মাজে লগোনেও থাকিব লগা হৈছিল। যি হৰদত্তৰ অসংখ্য ঘৰ-দুৱাৰ মঠ মন্দিৰ আছিল আজি সেই হৰদত্তৰ কপালত জোঁৱায়েক আৰু পদ্মকুমাৰীৰ হাতধৰী লিগিৰীজনীয়ে সজা পজা এডোখৰ। হায় গ্ৰহফল! হায় নিয়তিৰ চকৰি। হায় কৰ্মফল! তোমালোকক বুজা টান। প্ৰভু ভগৱন্ত! তোমাৰ মহিমা দুৰ্জ্ঞেয়।

    হৰদত্তে এইদৰে সন্ধ্যাৰ ঝাৰৰ কাঠনি হাবিৰ মাজত ৰ’ল। বেটীজনীয়ে আৰু মহীৰামে মাজে মাজে অতি সতৰ্কৰে ওলাই অচিনাকি বেশ লৈ স্বভাৱৰ অজলা সেই পূব কছাৰি মহলৰ কছাৰিসকলৰপৰা চাউল খুজি খুজি নিয়ে। বাঁহৰ চুঙাত, পদ্মকুমাৰী, বেটীজনী, বৰুৱানী সকলোৱে ওচৰৰ বিলৰপৰা পানী আনে। বাঁহৰ চুঙাত ঙা আহু চাউল সিজায়। হাবিত গজা শাক-পাচলিৰে তৰকাৰি কৰে। মহীৰামে দিনৰ ভাগতেই শুকান গছৰ ঠানি কাটিকুটি আনি নিশা কাপোৰৰ অভাৱত জুই ধৰি ধুনি জ্বালে। সেই ধুনিৰ চাৰিউকাষে কাটি অনা বিৰিণাৰ পাতৰ ওপৰত সকলোটি পৰি থাকে। হৰদত্তে দিনে-ৰাতিয়ে কেৱল নাম জপ কৰোতেই কাল নিয়াইছিল। ঘৈণীয়েক, জীয়েক, জোঁৱায়েক এইসকলে ‍‘‍‘খা’’ বুলিলে খাইছিল, খাবলৈ নিদিলেও নুখুজিছিল।

    এই হাবিৰ মাজতো বিপদ আৰু অভাৱৰ মাজতো মহীৰাম আৰু পদ্মকুমাৰী সুখী আছিল। অনেক সময়ত পদুমীয়ে মহীৰামৰ লগত খৰি কাঠ গোটাই আনিছিল। মাকৰ লগত গৈ পানীও আনিছিল। এইদৰে এই পৰিয়ালটোৰ হাবিৰ মাজতে দুমাহ গ’ল। মহীৰাম আৰু বেটীজনীয়েই সকলো কাৰবাৰ কৰি বৰুৱা বৰুৱানীক খুৱাইছিল আৰু সুবিধা পালেই সেই হাবিৰপৰা ওলাই গৌৰীপুৰৰ ফাললৈ বৰুৱা-বৰুৱানী আৰু পদ্মকুমাৰীক লৈ যাবলৈ চেষ্টাত আছিল। কিন্তু উত্তৰ কামৰূপৰ চাৰিওফালে আহোম সৈন্য আৰু চোৰাংচোৱাই তেওঁলোকক ধৰিবলৈ ঘূৰি ফুৰিছে বুলি জানি হঠাতে সেই হাবিৰ পৰা ওলাবলৈ সাহ কৰা নাছিল।

    এইদৰে ফাগুন গ’ল, চ’ত গ’ল, বহাগ পৰিল, ১৭৯৬ শক হ’ল। বহাগ সোমাবৰেপৰা হৰদত্ত বৰুৱাৰ মন আৰু বেয়া হ’ল। তেওঁ এক প্ৰকাৰ মৌন-ব্ৰত লোৱাৰ দৰে ল’লে। খাবলৈ খুজি মাগি অনা চাউলৰ ভাত দিলেও নোখোৱাত পৰিল। ইয়াৰ কাৰণ হৈছিল যে হৰদত্তক ভাতৃ শোকে বৰকৈ পীড়িছিল; আৰু তাৰ লগতে তেওঁ জানিছিল যে তেওঁৰ আয়ুস শেষ হৈছে। তেওঁ সপোনত সঠিকত মৃত্যু হ’বলগীয়া হ’লে যিবিলাক অমংগল দেখা যায়, সেই সমস্তকে দেখিছিল। তেওঁ অহৰ্নিশে দুৰ্গাৰ নাম জপাত মগ্ন আছিল। তেওঁৰ আচৰণত ঘৈণীয়েক, জীয়েক, জোঁৱায়েক বৰ বিষণ্ণ হৈ পৰিছিল। তেওঁলোকে ভাবিছিল যে যিমান সোনকালে পাৰে বৰুৱাক লৈ তাৰ পৰা গৌৰীপুৰৰ ফালে পলাব পাৰিলেই তেওঁলোকৰ দুৰ্দিন গৈ সুদিন আহিব। হৰদত্তে কিন্তু জানিছিল যে ঘটনা চকৰিয়ে তেওঁক মৃত্যুৰ ফাললৈ টানিছে।

#######

অষ্টাত্ৰিংশ অধ্যায়

    এইদৰে হাবিৰ মাজত কাল কটাওঁতে জেঠ মাহ পৰিল। এদিন বৰুৱানীয়ে জীয়েক আৰু বেটীজনীৰ সৈতে ওচৰৰ বিললৈ পানী আনিবলৈ গ’ল। পানী লৈ উলটি ঘৰ পাওঁ পাওঁ হওঁতেই কৰ পৰানো ওলাই এটা চকৰি-ফেঁটী সাপে তেওঁৰ ভৰিতে খোট মাৰি দিলে। তেওঁ উহ্ উহ্ কৰি লৰি জুপুৰীৰ ভিতৰত সোমায়ে ঢাল খাই পৰিল। কি হ’ল কি হ’ল বুলি জীয়েক জোঁৱায়েক বৰুৱাই সাৱটি ধৰিলে। বৰুৱানীয়ে সেহাই সেহাই ক’লে—মোক ফেঁটী সাপে খুটিলে—মই নাবাচোঁ। এই কথা শুনা মাত্ৰকে পদ্মকুমাৰীয়ে ‍‘‍‘আই ঔ! মোৰ মাইৰ কি হ’ল ঔ!’’ বুলি মুচকচ্ হৈ পৰিল। মহীৰামে আৰু বেটীজনীয়ে ‍‘‍‘আমি সাপৰ বিষ জাৰিব পৰা বেজ লৈ আহোঁগৈ’’ বুলি গাঁৱলৈ গ’ল। গাঁৱত গৈ বেজ বিচাৰে মানে ইফালে বৰুৱানীৰ মৃত্যু হ’ল।

    বিপদ হেনো অকলৈ নাহে। এই কথাটো ধ্ৰুব সত্য। বেজ বিচাৰিবলৈ যোৱা গাঁওখনতে তিনি চাৰিটা শিখ আৰু দহ বাৰটা আহোম ৰণুৱাৰে সৈতে কুমেদান চৰ্দাৰে হৰদত্তক ধৰিবলৈ চুপি আছিল। সিহঁতে এইটো খবৰ পাইছিল যে হৰদত্ত বৰুৱা সন্ধ্যাৰ ঝাৰত লুকাই আছে। আন কলৈকো যাব পৰা নাই। কিন্তু সন্ধ্যাৰ ঝাৰ বোলা ঝাৰনিখন প্ৰকাণ্ড কাঠনি হাবিৰে ভৰা। কিন্তু সন্ধ্যাৰ ঝাৰ বোলা ঝাৰনিখন প্ৰকাণ্ড কাঠনি হাবিৰে ভৰা। সেই কাঠনিৰ কোনখিনিত বৰুৱা লুকাই আছে তাৰ উৱাদিহ নাপাই কুমেদানে ধৈৰ্য্য কৰি চোৰাংচোৱাৰ হতুৱাই সুৰাগ লৈ আছিল। এতিয়া যি মুহূৰ্তেই মহীৰাম আৰু বেটীজনী গাঁৱলৈ আহিল, সেই মুহূৰ্তেই কুমেদানে তেওঁলোক অহা বাটটো চিনি পাঁচ ছটা ৰণুৱাৰে সৈতে হাবি সোমাল। পাঁচ ছটা ৰণুৱাক গাঁৱতে মহীৰাম আৰু বেটীজনীক ধৰিবলৈ আদেশ দিলে। গাঁৱৰ কেইটাই তৎক্ষণাৎ বেটীজনীক ধৰিলে, কিন্তু মহীৰামক ধৰিব নোৱাৰিলে। মহীৰাম সশস্ত্ৰে পলাই আকৌ ঝাৰণি সোমালগৈ।

    ইফালে কুমেদানে পহে পহে গৈ হৰদত্তৰ পজাটো পালে। হৰদত্তে আত্ম-ৰক্ষা কৰো বোলা হ’লে সহজেই আত্ম-ৰক্ষা কৰিব পাৰিলেহেঁতেন। তেওঁ তৰোৱালেৰে নিজক আৰু জীয়েকক আগুৰি কুমেদানক এৰাই আকৌ হাবিত সোমাই ৰক্ষা পাব পাৰিলেহেঁতেন। কিন্তু তেওঁৰ ওচৰত পৰি থকা মৃত পত্নীৰ আৰু মুচকচ্ গৈ পৰি থকা জীয়েকক এৰি পলাবলৈ ইচ্ছা নকৰিলে। তেওঁ জানিলে তেওঁৰ কাল পূৰ্ণ হ’ল। কুমেদানৰ লগত যোৱা আহোম ৰণুৱাহঁতে হৰদত্ত বৰুৱাক তৎক্ষণাত হাতে ভৰিয়ে বান্ধি টানি লৈ চেঁচামুখৰ বাটেদি গ’ল। কুমেদানে ঘৰৰ ভিতৰত সোমাই দেখিলে যে বৰুৱানী মৃত, পদ্মকুমাৰী মূৰ্ছিতা। কুমেদানে বাঁহৰ চুঙাত থকা পানী পদ্মকুমাৰীৰ মূৰত আৰু চকুত ছটিয়াই পদ্মকুমাৰীৰ চৈতন্য আনিলে। পদ্মকুমাৰীয়ে চেতন লভিয়েই বিমান—‍‘‍‘মাই! তইনো মোক এৰি ক’লৈ গলি ঔ? পিতি! তইনো ক’ত ঔ? প্ৰাণনাথ! তুমিনো ক’ত?’’ চেতনা পাই দেখে যে কুমেদানে অতি আস্তে ব্যস্তে সেৱা শুশ্ৰূষা কৰিছে। তেওঁ কুমেদানক চিনি পাই ক’লে, ‍‘‍‘কুমেদান চৰ্দাৰ! তুমি ক’ৰপৰা আহিলা? মোৰ মা আৰু পিতিক ৰক্ষা কৰিব আহিছা নে?’’

    কুমেদানে চকু চলচলীয়া কৰি ক’লে, ‍‘‍‘হয়, কিন্তু তোমাৰ পিতি ইয়াৰপৰা উঠি গৈছে।’’

    পদ্মকুমাৰী—পিতি নো ক’লৈ গ’ল? মাইক ইয়াতে পেলাই থৈ নো কিয় গ’ল? চৰ্দাৰ কাকা! তুমি ক’ব পাৰানে পিতি ক’লৈ গ’ল? তুমি মোক পিতিৰ ওচৰলৈ লৈ যাব পাৰা নে? পিতিয়ে যদি মাইৰ ওপৰত খং কৰিহে গৈছে তেন্তে মাই ইয়াতে শুই থাকক; মই পিতিক হাতে ভৰিয়ে ধৰি লৈ আহোঁগৈ। চৰ্দাৰ। মোক লৈ বলা।’’

    কুমেদান—বাৰু! চলিয়ে। কুমেদানৰ এই কথাত পদ্মকুমাৰী গিৰিস কৰি উঠি বহিল। ওচৰতে মাকক দেখি ক’ল, ‍‘‍‘অ! মাই দেখোন শুয়ে আছে। বাৰু! মাইক নজগাওঁ। পিতাক লৈ আহি মাইক জগাম। অ, মোৰ স্বামী খৰি কাটিবলৈ গৈছে নহয়? বাৰু তেৱোঁ আহক। মই পিতাক আনোগৈ। পিছত আটাইবিলাক লগ লাগি বিলৰপৰা পানী আনিম। অ’ বিলত আকৌ ফেঁটী সাপ! বাৰু থাকক ফেঁটী সাপ। পানী আনি বাঁহৰ চুঙাত মই ভাত ৰান্ধিম। আটাইবিলাকে দেখাদেখিকৈ খাম। চৰ্দাৰ! বলা, বলা, দেৰি হ’ল পিতাক ফিৰাই আনোগৈ। এই বুলি কৈয়েই পদ্মকুমাৰী একে কোবে থিয় হ’ল। থিয় হৈয়ে আকৌ ঢলি পৰিল। কুমেদানে আকৌ থাপ মাৰি ধৰিলে। পদ্মকুমাৰীয়ে ক’লে, ‍‘‍‘বৰ পিয়াহ লাগিছে।’’ কুমেদানে তেতিয়া পানী থকা বাঁহৰ চুঙা এটা দিলে। তেওঁ সেই চুঙা পানী তেনেই খাই ক’লে, ‍‘‍‘অ, চৰ্দাৰ। তুমি দিয়া পানী খাই মোৰ জাত নগ’ল নে?

    কুমেদান—কাঁহে তোৰ জাত যাব। তই কলিতা, মইভি আচল ছেত্ৰী।

    পদ্মকুমাৰী—তেন্তে চৰ্দাৰ বলা। এইবুলি কৈয়ে পদ্মকুমাৰীয়ে চুলি-টুলি মেলি লৰ ধৰিলে। কুমেদানো পিছে পিছে লৰি গ’ল। কিন্তু পদ্মকুমাৰীক কুমেদানে ধৰিব নোৱাৰিলে। পদ্মকুমাৰী উন্মত্তা। তেওঁৰ ভৰি আৰু গাত এটা শক্তি প্ৰৱেশ কৰিছে। আগে আগে লৰি লৰি পদ্মকুমাৰীয়ে চেঁচামুখৰ বাটেদি গৈ শগুণঠুটিৰ বালি পালে। কুমেদানো তেওঁৰ পিছে পিছে লৰি গৈ শগুণঠুটিৰ বালিত ওলাল।

########

ঊনচল্লিশ অধ্যায়

আজি শগুণঠুটিৰ বালি লোকে লোকাৰণ্য। বৰফুকন তাত নিজেই উপস্থিত। হৰদত্তক আহোম সেনাই ধৰি-বান্ধি আনি হাজিৰ কৰিছে।

    বৰফুকনে ক’লে, ‍‘‍‘হেৰ হৰদত্ত! উঁইৰ দৰে মৰিবৰ কালত তোৰ পাখি গজিছিল। আজি সাত বছৰে তই ৰাজদ্ৰোহ কৰিলি।’’

    হৰদত্ত—শুনা বৰফুকন। মই ৰজাৰ দ্ৰোহ কৰা নাছিলো; কিন্তু তোমাৰ উপৰি জনাৰ, অৰ্থাৎ বদনৰ নিচিনা পাষণ্ড অত্যাচাৰী বৰফুকনৰ বিৰুদ্ধেহে মই অস্ত্ৰ ধৰিছিলো। সি থাকিব লাগিছিল, তেহে সি বুজিলেহেঁতেন কামৰূপীয়া ভীৰু কাপুৰুষ নহয়। সি বুজিছিলেই।

    কলীয়া ভোমোৰা বৰফুকন—অৱশ্যে মই বদনে কি কৰিছিল ক’ব নোৱাৰো, কিন্তু তই আহোম সৈন্যেৰে সৈতে ৰণ কৰাটোৱেই ৰাজদ্ৰোহ হৈছিল। তই জাননে যে ৰজাৰ আআত মই তোক শূলত দিবলৈ বাধ্য হৈছো। তই যদি এতিয়াও শৰণাপন্ন হৱ, তেন্তে তোক সদ্যহতে পোতাশালত বন্দী কৰি থৈ মই ৰজালৈ জনাব পাৰো।

    হৰদত্ত—মোৰ বীৰ ভ্ৰাতৃ গ’ল। মৰমৰ পত্নী গ’ল। মোৰ বাচিবৰ ইচ্ছা নাই; মই শৰণাপন্ন নহওঁ। তুমি মোক শূলত বা বৰশীত যিহতে ইচ্ছা হয় দিব পাৰা।

    কলীয়া ভোমোৰা—তেন্তে মোৰ গাত পাপ আৰু দোষ নাই। চাওডাঙ! ইয়াক সৌখিনিতে শূলত দে। ৰাইজে দেখক ৰাজদ্ৰোহীৰ কি পৰিণাম হয়।

    হৰদত্ত—দে মোক শূলত। কিন্তু বৰফুকন! মই মৰণ কালত তোমাক কেইআষাৰমান কথা কওঁ—ৰজালৈ জনাই পঠিয়াবা। প্ৰথমতঃ সি বদন বৰফুকনে আমাৰ কামৰূপীয়াক ইমান দুখ দিলে, ইমান অত্যাচাৰ কৰিলে, সেই বৰফুকনৰ আওমৰণে মৰণ হ’ব। সিয়েই তহঁতৰ আহোম ৰাজ্য খাব। দ্বিতীয়তঃ ৰজাই কাৰ দোষ কাৰ গুণ বিচাৰ নকৰিলে। মাত্ৰ বৰফুকনক ইয়াৰপৰা লৈ গৈ তেওঁৰ ঠাইত তোমাক পঠালে। এনেকুৱাবিলাক অন্যায় অত্যাচাৰৰ ফলত এই আহোম ৰাজ্য অচিৰতে ধ্বংস পাব। মই মা ভগৱতীৰ আদেশত ক’লো।’’ হৰদত্তৰ এনেকুৱা তেজঃপূৰ্ণ অভিশাপ শুনি বৰফুকনে খঙতে একো নাইকিয়া হৈ ক’লে, ‍চাওডাঙহঁত! কি চাই আছ। ইয়াক লৈ যা। শূলত দে গৈ।’’

    বৰফুকনৰ এই আদেশত আঠোটা চাওডাঙে হৰদত্তক টানি লৈ গ’ল। হৰদত্তে আৰু কোনো মাত নামাতি চকু মুদি ইষ্টদেৱীৰ ধ্যানত মগ্ন হ’ল। চাওডাঙে তেওঁক জীয়াই জীয়াই শূলৰ ওপৰত তুলি দি সেই শূল গুহ্যদ্বাৰৰপৰা একেবাৰে মূৰলৈকে ফুটাই দিলে। হৰদত্তে কোনো চিঞৰ বাখৰ নকৰাকৈ অকাতৰে শূলত প্ৰাণত্যাগ কৰিলে।

    শূলত তেওঁৰ প্ৰাণত্যাগ হৈছে মাথোন, এনেতে সিফালৰপৰা উন্মত্তা পদ্মকুমাৰী লৰি পালেহি। তেওঁ মুক্তকেশী, প্ৰায় বিবস্ত্ৰা, বৰণ সোণৰ। লৰি আহি শূলত বাপেকৰ মৃত শৱটোক সাৱটি ধৰিলে। কেৱে এৰাব বা বাধা দিব নোৱাৰিলে। সমস্ত প্ৰজা স্তম্ভিত! আনকি, তেওঁৰ ৰূপ লাৱণ্য আৰু অৱস্থা দেখি বৰফুকনো স্তমিভত। এনেতে পিছতে কুমেদানে খেদি আহি চিঞৰি ক’লে, ‍‘‍‘মা! মা! সেইটো কৰবাৰ মৰা মানুহ। এৰি দে’’ এইবুলি কুমেদানে তেওঁক ধৰিবলৈ আগুৱাই গ’ল। কুমেদানক খেদি অহা দেখি পদ্মকুমাৰীয়ে জলদ গম্ভীৰ স্বৰে ক’লে, ‍‘‍‘বঙাল! বিশ্বাসঘাতক! তই মোক নুছুবি। মোক ছুলেই তই এইখিনিতেই সবংশে নিধন হবি।’’ পদ্মকুমাৰীৰ এই বাক্যত কুমেদান হঠাতে থামিল। এনেতে সিফালৰপৰা মহীৰামে মুকলি তৰোৱালে সৈতে আহি কুমেদানৰ আগত পদুমীক পিছত ৰাখি থিয় হৈ ক’লে, ‍‘‍‘কি বঙাল! নিমখ হাৰাম! তোৰ এক কালৰ প্ৰভুক যে টকাৰ লোভত ধৰাই দিলিয়েই, এতিয়া সেই প্ৰভু কন্যাকো তই ধৰিব যাৱ। খোল তোৰ তৰোৱাল পাষণ্ড! দে মোৰে সৈতে যুজ।’’ এইবুলি কৈয়েই মহীৰামে তৰোৱাল তুলিলে। কুমেদানে আত্মৰক্ষাৰ্থে তৎক্ষণাৎ ফাকৰপৰা তৰোৱাল খুলিলে। কুমেদানে কোনো কথা ক’বলৈ বা জবাব দিবলৈ নৌ পাওঁতেই মহীৰামে অস্ত্ৰ চলালে। শিক্ষিত কুমেদান সিঙে সেই ঘাত নিজৰ তৰোৱাল পাতি আগুৰিলে। উভয়ৰে তৰোৱালে তৰোৱালে যুঁজ হ’ল। পদ্মকুমাৰীয়েও খন্তেক পৰ শৱটো এৰি গৰাৰ কাষলৈ পিছুৱাই পুছুৱাই গৈ সেই যুঁজ চাব ধৰিলে। ৰাইজেও আৰু বৰফুকনেও তধা লাগি চাই ৰ’ল। কুমেদানো শিখ বীৰ—অস্ত্ৰ চলোৱাত, বিশেষ, তৰোৱালৰ যুদ্ধত অতি নিপুণ। মহীৰাম যদিও কোমল বয়সীয়া কামৰূপীয়া কলিতাৰ ল’ৰা; তথাপি তেওঁৰো অস্ত্ৰ শিক্ষা কম নাছিল। কুমেদান ধীৰ আৰু অটল, কিন্তু মহীৰাম দুখে সোকে একপ্ৰকাৰ উন্মত্ত আছিল। অলপ বেলিৰ মূৰতে কুমেদানৰ তৰোৱালৰ কোবত মহীৰাম আহত হৈ অৱশ হ’ল। কুমেদানো মহীৰামৰ তৰোৱালৰ কোব এটা হাতত লাগি তৰোৱাল এৰি দি ধাচ্ কৰে পৰিল। কুমেদানৰ সোঁহাতখন হাড়লৈকে কাটিলে। কিন্তু মহীৰামে কুমেদানৰ তৰোৱালৰপৰা যি আঘাত পাইছিল সি সাংঘাতিক। এটা গলত, এটা কলিজাৰ ওপৰত। মহীৰাম মাটিত পৰি অৱশ হ’ল। মহীৰামৰ মৃত্যু ওচৰ চাপিল। কাতৰ কণ্ঠে পদুমীলৈ চাই ক’ল—‍‘‍‘পদুম মই আহিলো। জননী জন্মভূমি কামৰূপ! তোমাত বিদায় মাগিলো। হাঁ কামৰূপ সূৰ্য্য পিতৃ হৰদত্ত! তুমিও গ’লা!’’ এইবুলি কৈয়েই মহীৰামে অনন্ত কাললৈ চকু মুদিলে।

    পদ্মকুমাৰীৰ সেই সময়ত সুন্দৰ জ্ঞান উপস্থিত হ’ল। তেওঁ ক’লে—‍‘‍‘মহীৰাম! তুমিও গ’লা। তোমাৰ অবিহনে পদ্ম ৰয় কেনেকৈ? বাৰু যোৱা।’’ এইবুলি কৈয়েই বৰফুকনৰ ফালে চাই ক’লে—‍‘‍‘ঐ বৰফুকন! তহঁতৰ অতাচাৰতে মই আজি কামৰূপ এৰিলো, আন কি, মই অসম ৰজাকো এৰিলো। জাননে, আহোম ৰজাৰ বংশ আৰু কুৰি বছৰৰ মূৰতে ধ্বংস হ’ব। আহোম ৰজাৰ নাম নুমাব।’’ এইবুলি কৈয়েই পদ্মকুমাৰীয়ে সৰুকালৰ সেই অতি মৰমৰ গীতটো গালে, ‍‘‍‘সইতে, কৃষ্ণ দেৱ গোপিনীক নেৰিবা।’’

    তাৰ পিছতে ক’লে—বাবা ব্ৰহ্মপুত্ৰ! তোৰ কোলাত মোক ঠাই দে। মাই ঔ! ৰবি, মইও যাব লাগিছো। পিছতে আকৌ গালে—‍‘‍‘অক্ৰুৰে লৈয়া গ’ল ৰথতে তুলি—গোপিনী কান্দে মোৰ হা কৃষ্ণ বুলি।’’ জেঠমহীয়া অলপ অলপ পানীৰ বেগত গৰা খহিব ধৰিছিল। গীত গাই গাই পিছুৱাই পিছুৱাই গৈ পদ্মকুমাৰী গৰাৰ পাৰ পালে। এনেতে পানীৰ সোঁতত তেওঁ থিয় হোৱা গৰাটো হুৰুম কৰে খহি পৰিল। তেওঁ আৰু তেওঁৰ পিতাকৰ শৱও শূলে সমণ্বিতে পানীত পৰিল। প্ৰজাই হাঁয়! হাঁয়! কৰিব ধৰিলে। পানীৰ সোঁতত গৰা, মানুহ, শূল, পদ্মকুমাৰী সোপায়ে ডুবিল। এবাৰ নৈৰ পাকত প্ৰায় দহ নলমান আঁতৰত পদ্মকুমাৰী পানীৰ তলৰপৰা উপঙি উঠিছিল। তেতিয়াও তেওঁ গাইছিল।

    ‍‘‍‘সইতে কৃষ্ণ দেৱ গোপিনীক নেৰিবা।’’ আকৌ পদ্মকুমাৰী ডুবিল। এইবাৰ আৰু তেওঁৰ দেহ ক’লৈ গ’ল কেৱে নেদেখিলে। আনকি, তেওঁৰ দেহ বা শৱ আৰু কেৱে দেখা নাছিল।

    ######

সামৰণি

এইদৰে ১৭৯৫ শকত দন্দুৱা-দ্ৰোহৰ ওৰ পৰিল। এই দ্ৰোহ দমন কৰাৰ বাবে বৰফুকনে ৰজাৰপৰা শলাগনি পালে। বৰফুকনে হৰদত্তক বেয়া বুজাবলৈ তেওঁৰ শত্ৰুপক্ষৰ হতুৱাই এনেবিলাক গীত ৰচাই গোৱাইছিল।

(১)

হৰদত্তৰ বাৰীতে বৰ বৰ বাঁহ

ঠনৰাই পৰি ৰল হৰদত্তৰ হাঁহ

বাছা ! কিয়লৈ বৰুৱা হলি।

(২)

হৰদত্তৰ বাৰীতে বৰ বৰ ইৰি

ঠনৰাই পৰি ৰল হৰদত্তৰ তিৰী

বাছা ! কিয়লৈ বৰুৱা হলি।

(৩)

হৰদত্তৰ জীয়াৰী পদ্মকুমাৰী

ধনৰাত নাখালে ভাত

হাতত ধৰি নি      উমাদত বঙালে

পদ্ম বিচাৰে গাত।

    পাঠক ! কুমেদান চৰ্দাৰ বৰফুকনৰ বেজবৰুৱাৰদ্বাৰাই চিকিৎসিত হৈ সৰ্ঠি সৰ্ঠি বাচিল। এওঁ এমাহমানৰ মূৰত ভাল হৈ বৰফুকনৰপৰা প্ৰতিশ্ৰুত ৰূপ শ বটা লৈ তেওঁৰ শিখসকলক বৰফুকনৰ চাকৰিতে এৰি ভটিয়াই গ’ল। কেৱে কয়, পদ্মকুমাৰী আৰু বৰুৱাৰ মৃত্যুতে তেওঁৰ অনুতাপ উপস্থিত হৈ পাপৰ পৰাচিত কৰিবলৈ বীৰ বেশ ত্যাগ কৰি হেনো উদাসী হৈ তীৰ্থে তীৰ্থে ভ্ৰমি ফুৰিছিল। কেৱে কয়, তেওঁ পঞ্জাবলৈ গৈ তাতে ৰলগৈ আৰু উলটি নাহিল। কেৱে কয়, তেওঁ হেনো তেওঁৰ ১৫০ শিখে সৈতে বৰফুকনৰপৰা নিষ্কৰকৈ মাটি-বৃত্তি লৈ অসমীয়া ছোৱালী বিয়া কৰাই অসমতে ৰল। আমি হ’লে কোনটো সঠিক ক’ব নোৱাৰো; কিন্তু কুমেদানৰ নামটো উমাদত কৰি এতিয়াও কামৰূপৰ ঠায়ে ঠায়ে ঢুলীয়াহঁতে কেতিয়াবা কেতিয়াবা ওপৰত দিয়া তিনটা গীতত বাজেও আন গীত গায়। পদ্মকুমাৰীৰ সম্পৰ্কেও মানুহে কয় যে কুমেদানে পদ্মকুমাৰীৰ ৰূপত মুগ্ধ হৈ তেওঁক অংকলক্ষ্মী কৰিব খুজিহে ধৰিব গৈছিল। আৰু মহীৰামেও হেনো সেইটো ভাবকে মনত লৈহে কুমেদানে সৈতে যুঁজ কৰি প্ৰাণ হেৰুৱাইছিল। নহ’লে কিজানি মহীৰামৰ প্ৰাণ নগলহেঁতেন আৰু পদ্মকুমাৰীও ৰক্ষা পৰিলহেঁতেন। কিন্তু আমি উপন্যাসকাৰকে জানো যে বীৰ কুমেদানে পদ্মকুমাৰীক সাক্ষাৎ দেৱী ভগৱতীৰ প্ৰতিমূৰ্তি যেন দেখিহে তেওঁক মা বুলি মৃত্যুৰপৰা ৰক্ষা কৰিবলৈ ধৰিব গৈছিল। কুমেদানৰ দোষৰ ভিতৰত তেওঁ টকাৰ লোভী হৈ হৰদত্তক ধৰি দিব নলাগিছিল। কলীয়া ভোমোৰা বৰফুকনৰ দোষ নাই। য’ত দোষ সেই দেশদ্ৰোহী বদন বৰফুকনৰেই। বিদ্ৰোহৰ গুৰিত বদনেই; অৱশ্যে বদনে সেই বিদ্ৰোহ দমন কৰিব নোৱাৰাতহে ৰজাই কলীয়া ভোমোৰাক বদনৰ ঠাইত পঠিয়ায় আৰু বিচক্ষণ কলীয়া ভোমোৰা বৰফুকনে ছলে-বলে, কৌশলে, বীৰত্বে, হৰদত্তক পৰাস্ত কৰি ধৰিছিল আৰু ৰাজ আজ্ঞাত তেওঁক শূলত দিছিল। আমি জানো যে বীৰ প্ৰবৰ কলীয়া ভোমোৰা বৰফুকনো দেৱী উপাসক শাক্ত আছিল। তেওঁ পদ্মকুমাৰীৰ সেই সোণৰ বৰণ, ৰূপ, মুক্তকেশ দেখি ইমান স্তম্ভিত হৈছিল যে তেওঁ যেন সাক্ষাৎ দেৱীকেহে দেখিছিল। সেই কাৰণেহে তেওঁ কুমেদানৰ আৰু মহীৰামৰ হঠাতে হোৱা যুজখন থমাব নোৱাৰিলে। কামৰূপীয়া মানুহে জানিছিল যে হৰদত্ত বৰুৱা ঘোৰ শাক্ত আছিল। তেওঁলোকে জানিছিল যে হৰদত্তৰ এনেকুৱা পৰিণাম হ’ব। তেওঁলোকে জানিছিল যে হৰদত্তক মা দুৰ্গাই চিৰকালেই ৰক্ষা কৰি থাকিব। কিন্তু যেতিয়া দেখিলে যে মা দুৰ্গাই তেওঁক এনেকুৱা পৰিণামৰ পৰ। ৰক্ষা কৰিব নোৱাৰিলে, তেতিয়াৰেপৰা কামৰূপীয়া প্ৰজাৰ মাজত দেৱী পূজাৰ কথা ওলালেই ফকৰা ওলায় ‍‘‍‘এঃ! দেৱীক পূজিলেনো হ’ব কি? দেখা নাইনে, মাক বলি দিলে মায়ে সেই বলিও খায় অথচ ছলিও (সন্তান) মাৰে’’। পাঠক! আমি হৰদত্ত বৰুৱাৰ শোকলগা আচল বুৰঞ্জীমূলক কাহিনী শেষ কৰিলোঁ। আমাৰ বঢ়া-টুটা সমস্ত দোষ যেন ক্ষমা কৰে।

(সমাপ্ত)

  • •••••মহাবাহু•••••••