ঢৌ

সঙ্গীতা দাস

হাতৰপৰা ছিটিকি পৰা চাহকাপ আৰু খুন্দা মৰা ল’ৰাটোলৈ পোন্ধোৱাকৈ চাই শেৱালিয়ে মাক থকা কোঠাটোলৈ সোমাই গ’ল। চৰকাৰী হাস্পতালৰ মজিয়াত লেতু-সেতু খাই পৰি আছে মানুহজনী। সেমেনা-সেমেনিকৈ সোমাই মাকৰ মূৰত তাই হাতখন দি চালে। প্ৰচণ্ড জ্বৰত ৰঙা পৰি মানুহজনীয়ে বিৰবিৰাই আছে। ভিতৰলৈ সোমাই অহা হটঙা নার্ছজনীয়ে তাইলৈ চাই চিঞৰি উঠিল—‍‘‍‘অই ১৭ নম্বৰ, এতিয়ালৈ ঔষধ আনি নাই দিয়া, কাৰ মূৰটো খুৱাম। এতিয়া ৰোগী চোৱা সময় নহয়, ওলা এতিয়াই।’’ ৰুমালৰ খোঁচত থকা খুচুৰা পইচাকেইটা জোৰকৈ মুঠি মাৰি ধৰি তাই ওলাই আহিল। বাহিৰৰ বাৰাণ্ডাৰ চুকত পাৰি থোৱা কম্বলখনত অসহায় হৈ বহি পৰিল তাই। দুটোপাল চকুলোৰ স’তে জিলিকি উঠিল কিছুমান ডুখৰীয়া ছবি। নৈপৰীয়া গাঁওখনত বছৰজোৰা খেতিৰ ধান, দুখন কাপোৰেৰে তাহাঁত সচ্ছলেই আছিল বুলিব পাৰি। শেৱালি আৰু তিনিজন ককায়েকেৰে ভৰা এখন ঘৰ, তাই একমাত্ৰ আলাসৰ লাড়ু ছোৱালী। সৌ সিদিনালৈ দাদাকে বনাই দিয়া বাঁহৰ চৰাইৰে ‍‘চৰে বৰাত’ উৎসৱত নাচি ফুৰা তাইৰ মনত আছে। পৃথিৱীৰ খবৰ নৰখা তাইৰ জীৱনৰ লাহে লাহে ছন্দপতন আৰম্ভ হ’ল। বানপানীৰ পাছৰ জহনীত পৰি অগা-পিছাকৈ তাইৰ ককায়েককেইজন ঢুকাল। তিনিজনকৈ পুত্ৰৰ মৃতদেহ সৎকাৰ কৰি আহিয়েই বাপেক যি শয্যাশায়ী হ’ল আৰু নুঠিলেই। বুকুত পানীপোতাৰ শিলটো উঠাই আত্মহত্যাৰ চেষ্টা চলোৱা মাকক দেখি কে’বাদিনো তাই চিৰিংকৈ চিঞৰ মাৰি কান্দি উঠিছিল। তাৰ পিছৰপৰাই জীৱন আৰু কঠোৰ হ’বলৈ আৰম্ভ কৰিছিল তাইৰ বাবে। চুবুৰিৰ ল’ৰা-ছোৱালীজাকে ইতিমধ্যে মাকক পাগলী বুলি জোকাবলৈ আৰম্ভ কৰিছিল। ঘৰৰ সমস্ত কাম আৰু ছেগাচোৰোকা স্কুলৰ মাজেদি লেহেম গতিত পাৰ হ’ব ধৰিছিল সময়। তাইৰ অসহায় অৱস্থাটোৰ প্ৰতি পুতৌ জনাই ককায়েকৰ লগৰজনে তাইক কৰা নিবিড় আদৰবোৰ আৰু এদিন হঠাতে তাইৰ লগৰ অৱস্থাপন্ন ছোৱালী এজনীৰ লগত বিয়াৰ চিঠিখন পায়ো তাইৰ প্ৰাপ্য বুলিয়ে মানি লৈছিল। সেইদিনাও আগৰ দৰেই বাপেকক দৰব খুৱাই মাকৰ ওচৰত শুই পৰিছিল তাই। হঠাৎ মাজৰাতি টুং-টাং শব্দত সাৰ পাই বিকট চিঞৰ এটা মাৰি শেৱালি বহি পৰিল। পাকঘৰটোৰ চৰু বাচনখিনি মজিয়ালৈ ভাহি আহিছে। চাৰিওফালে কেৱল পানীৰ হো হো শব্দ। হাঁহি এটাৰে ভেলভেলকৈ চাই থকা মাকক হেঁচুকি তাই শয্যাশায়ী বাপেকক ধৰি কেঁকো-জেঁকোকৈ উঠাব আপ্ৰাণ চেষ্টা কৰিলে। গোহালিত হেম্বেলিয়াই তাল-আফাল লগোৱা গৰুকেইজনী ক্ৰমাৎ নিশ্চুপ হৈ পৰিল। এবুকু পানীত দেউতাকক কোনোপধ্যেই উঠাব নোৱাৰি মাকক সাবটি তাই চাই থাকিল কেনেকৈ তেওঁৰ বগা ধুতিখনৰ আগটো পানীত অদৃশ্য হৈ পৰিল। চকুহাল মেলি যেতিয়া তাই কোলাহলটোৰ ফালে চালে দেখিলে তাইৰ দৰেই অগণন শৰণাৰ্থী। প্ৰচণ্ড ভোকত হাইৰাণ হৈ প্লাষ্টিকৰ কাঁহীখনত লৈ খোৱাবস্তু বিলোৱা ঠাইডোখৰত সোমাই ঠেলা-হেঁচাত উফৰি ওলাই আহিল তাই। ইফালে-সিফালে খেপিয়াই ওচৰৰ মানুহজনীৰ কেঁথাখনৰ তলত কেইটামান লুকাই থোৱা চাউল পাই তাই এমুঠি মুখত সুমুৱালে। হঠাৎ সম্বিৎ অহাত তাই মাকক বিচাৰি গ’ল। দিনটো প্ৰতিটো তম্বুৱে তম্বুৱে বিচাৰি অৱশেষত গৰু গাড়ী এখনৰ পিছফালে তাই মাকক বিচাৰি পালে। বমি আৰু শৌচেৰে লেতেৰা খেৰ এখিনিৰে এজাক ৰোগীৰ লগত মাকক হাস্পতালৈ অনাৰ যো-জা কৰা হৈছিল। গৰু গাড়ীখনৰ পিছে পিছে লেবেজান খোজেৰে তাই গৈ থাকিল। হঠাৎ হুলস্থূল শুনি তাইৰ সম্বিৎ ঘূৰি আহিল। মাক থকা কোঠাটোৰ ভিৰ ঠেলি তাই ঠিকেই দেখা পালে এখন বগা চাদৰে লাহে লাহে গিলি আছে মাকক। যেন এজাক বগা ঢৌ। কোঠাটোৰপৰা ওলাই শেৱালি দৌৰিব ধৰিলে, যেন ঢৌজাকে তাইক খেদি আহিছে। পিছফালে নোচোৱাকৈ তাই দৌৰিছে কেৱল দৌৰিছে, কাৰণ নিজৰ বিশালতাৰ গৰ্ব জহোৱা নৈখনে তাইক আজি অলেখ প্ৰশ্নৰ উত্তৰ দিব লাগিব।

Related Articles

Close