ড০ কালামৰ কাব্যপ্ৰীতি – সুৰেশ শৰ্মা

“Music is born out of poems
Poems are born out of thoughts
Thoughts spring from creative minds.”

– APJ Abdul Kalam

মহান ৰাষ্ট্ৰনায়ক, প্ৰসিদ্ধ পাৰমাণৱিক বিজ্ঞানী, মিছাইল মেন, ভাৰতৰত্ন, ভাৰত উপমহাদেশৰ একাদশ গৰাকী ৰাষ্ট্ৰপতিৰ আসন অলংকৃত কৰি জনগণৰ ৰাষ্ট্ৰপতি (Peoples’ President) হিচাপে জনমানসত যুগমীয়া স্থান অধিকাৰ কৰা প্ৰয়াত ডএ পি জে আব্দুল কালাম আছিল এজন তীব্ৰ অনুভূতিসম্পন্ন সুকুমাৰ মনৰ ব্যক্তি। সুন্দৰৰ পূজাৰী-মানৱতাৰ পূজাৰী কালাম। প্ৰাত্যহিক তুচ্ছতাৰ মাজতো তেওঁৰ কবিসত্তা আৰু অনুসন্ধিৎসু মনে অসাধাৰণ বিষয়ৰ অনুসন্ধান কৰিছিল। তেওঁৰ অন্তৰত আছিল ভূমিৰপৰা ভূমাৰ স্পৃহা। কিছুমান সাধাৰণ কথাই, আপাতদৃষ্টিত তুচ্ছ যেন লগা কথাই তেওঁক প্ৰচণ্ডভাৱে আলোড়িত কৰিছিল আৰু সেইবোৰ মুহূৰ্ততে তেওঁৰ কাপৰ পৰা নিগৰি ওলাইছিল একো একোটা অনুপম কবিতা। সেইবোৰ আছিল তেওঁৰ অন্তৰৰ নিগূঢ় চিৰসুন্দৰ স্বৰ্গীয় অনুভূতি। তেওঁক স্বভাৱকবি বুলি ক’ব পাৰি। কাৰণ যেতিয়াই তেওঁ ব্যথিত হয় তেতিয়াই সেই কাতৰতাক তেওঁ কাব্যৰূপ দিয়ে।

তেওঁৰ বহুল পঠিত আত্মজীৱনীমূলক গ্ৰন্থ ‍‘অগ্নিৰ ডেউকা’খনো আৰম্ভ হৈছে ‍‘মা’ নামৰ এটি অনবদ্য কবিতাৰে। শাশ্বত মূল্যবোধেৰে সিক্ত কবিতাটোৰে তেওঁ নিজ মাতৃৰ কথা ক’বলৈ গৈ সমগ্ৰ মাতৃজাতিৰ বন্দনা কৰিছে। পৃথিৱীৰ মধুৰতম শব্দটোৱেই হৈছে ‍‘মা’।

।। মা।।

সমুদ্ৰৰ উৰ্মিমালা
স্বৰ্ণাভ বালুকাৰাশি
তীৰ্থযাত্ৰীৰ প্ৰত্যয়
ৰামেশ্বৰম মছজিদ পথ
সকলো ৰাস্তাতেই বিলীন হয়
মোৰ মা!
আলফুলে মৰম কৰা
দুখনি স্বৰ্গীয় হাত লৈ
তুমি আহা মোৰ কাষলৈ!
যুদ্ধৰ দিনবোৰলৈ মোৰ মনত পৰে!
তেতিয়া জীৱন আছিল এক প্ৰত্যাহ্বান
আৰু কায়িক শ্ৰম!
সূৰ্যোদয়ৰ বহু আগতেই
দীৰ্ঘ পথ পৰিক্ৰমা!

উক্ত কবিতাটোৰ মাজেদি বাঙ্ময় হৈ উঠিছে কালামৰ জীৱনবোধ, জীৱনৰ কাৰুণ্য, দুঃখ-কষ্ট আৰু নিঃস্ব অৱস্থা। প্ৰসংগানুসাৰে গ্ৰন্থখনৰ ঠায়ে ঠায়ে তেওঁ কেবাটাও কবিতা সন্নিবিষ্ট কৰিছে।

ভগৱদ্ভক্তিৰ ফল্গুও বৈ আছিল তেওঁৰ হৃদয়ৰ মাজেদি। সৰ্বশক্তিমান ভগবান, প্ৰকৃতি আৰু মানুহৰ বন্দনা কৰি তেওঁ লিখা এটি অমৰ কবিতা এনেকুৱাঃ

প্ৰকৃতিক ভাল পাবা
আমাক দিয়া আশীৰ্বাদৰ বাবে
তেওঁৰ সেৱা কৰিবা
তেতিয়াহে দেখিবা কেউফালে
ভগবানৰ মহিমা!

আনহাতে এবাৰ সংসদৰ সদনত ভাষণ দিয়াৰ সময়ত আগদিনা ৰাতি ৰচনা কৰা এটা তামিল কবিতা ‍‘ক’ত আছো আমি’ আবৃত্তি কৰি অভিভাষণ পাঠ কৰা আৰম্ভ কৰিছিল। কবিতাটোৰে তেওঁ দেশৰ প্ৰতিনিধি সাংসদসকলক আহ্বান জনাইছিল—তেওঁলোকে যাতে সদন ত্যাগ নকৰে, কঠোৰ শ্ৰম কৰে, আৰু নিজৰ কৰ্ম কৰি যায় নীৰৱে। ৰাষ্ট্ৰপতিজনাই যিহেতু সংসদৰ উভয় সদনত দিবলগীয়া ভাষণটোৰ পাঠৰ সালসলনি ঘটাব নোৱাৰে, সেইবাবে চৰকাৰী বক্তব্যৰ বাদে নিজৰ কবলগীয়াখিনি কথাখিনি পদ্যৰ মাজেদি বেকত কৰাৰ অভিনৱ পন্থা উদ্ভাৱন কৰিছিল তেওঁ।

বিদেশতো তেওঁ ভাষণ দিয়াৰ সময়ত স্বৰচিত কবিতা পাঠ কৰি সভাগৃহৰ সকলোকে মন্ত্ৰমুগ্ধ কৰিছিল। ২০০৭ চনৰ ২৫ এপ্ৰিলৰ দিনাখন ইউৰোপীয় সংসদৰ মজিয়াত ‍‘ৰাষ্ট্ৰৰ ঐক্যৰ মূলমন্ত্ৰ’ শীর্ষক ২৫ মিনিট জোৰা ভাষণ সামৰি সমবেত ৰাইজৰ সন্মতি লৈ ‍‘আই ধৰিত্ৰীৰ বাণী’ (message from Mother Earth) নামৰ এটি সুন্দৰ কবিতা পাঠ কৰিছিল। কবিতাটোৰ শেষৰ স্তৱকটো এনেকুৱা আছিলঃ

এনে আনন্দৰ লহৰে
সৰ্বত্ৰ মানুহক মোহিত কৰিলে!
হে ইউৰোপীয় সংঘ!
তোমাৰ মিছন তোমাৰ স্বপ্ন
আমি সেৱন কৰা বায়ুৰ দৰে
বিয়পি পৰক সৰ্বত্ৰ।

এনেকুৱা মনোৰম কবিতা এটি আবৃত্তি কৰি ড কালামে নিৰ্দ্ধাৰিত পঁচিশ মিনিটৰ ঠাইত ৪৫ মিনিটৰ ভাষণ সামৰাত সকলোৱে তেনেকুৱা ভাষণ প্ৰথমবাৰ শুনা বুলি ড কালামৰ ভূয়সী প্ৰশংসা কৰিছিল। সভাগৃহৰ মানুহৰ কৰধ্বনিত কাণতাল মাৰি ধৰা অৱস্থা হৈছিল।

ৰাষ্ট্ৰপতি ভৱনৰ মোগল গাৰ্ডেনত বহি তেওঁ ৰচনা কৰিছিল একো একোটি অনবদ্য কবিতাঃ

“The nature’s citizens inspired
What can I give?
Yes, removing the sorrow of the needy,
Gladdening of the sad hear,
And above all, I realized in giving,
Happiness radiates all around.”
তেওঁৰ আন এটি কবিতাত বাঙ্ময় হৈছে ‘message to humanity’:
“O my fellow citizens,
In giving, you receive happiness,
In Body and Soul,
You have everything to give
If you have knowledge, share it.
If you have resources
Share them with the needy
Use your mind and heart
To remove the point and the suffering.
And cheer the sad hearts.
In giving, you receive happiness
Almighty will bless all your actions.”

২০০৭ চনতে ৰাষ্ট্ৰপতি পদৰ পৰা অব্যাহতি লোৱাৰ সময়ত দেশৰ সাংসদসকলক উদ্দেশি তেওঁ যিটো ভাষণ দিছিল সেইটোও আৰম্ভ কৰিছিল এটি স্বৰচিত কবিতাৰেঃ

‍‘‍‘হে সাংসদগণ !
তোমালোক হ’লা ভাৰত মাতৃৰ খনিকৰ!
আমাক পোহৰৰ সন্ধান দিয়া
আমাৰ জীৱনক ঋদ্ধ কৰা !’’

নীৰৱ-অকলশৰীয়া মুহূৰ্তত ৰূদ্ৰ বীণাৰ তাঁৰত ঝংকাৰ তুলি ভাল পোৱা কালামৰ সৰ্বক্ষণৰ সহচৰ আছিল গীতা আৰু কোৰাণ। আজৰি পৰত তেওঁ কবিতা ৰচনা কৰিছিল। তেওঁৰ আটাইকেইখন গ্ৰন্থত বহু মূল্যৱান, মানৱীয় মূল্যবোধেৰে সম্পৃক্ত কবিতা সন্নিবিষ্ট কৰিছে। তেওঁৰ এখন স্বতন্ত্ৰ কবিতাৰ পুথিও আছে। কবিতাৰ মাজেদি তেওঁ মানৱতাৰ বন্দনা কৰিছে। তেওঁৰ কবিতাৰ ছত্ৰে ছত্ৰে পংক্তিয়ে পংক্তিয়ে কেৱল মানুহ, প্ৰকৃতি, ধৰিত্ৰী, মানুহৰ প্ৰতি ভালপোৱা, জীৱৰ প্ৰতি প্ৰেম আদি দুৰ্লভ বাণী অনুৰণিত হৈছে। কবি হিচাপেও কালাম বন্দিত।

Related Articles

Check Also

Close
error: Content is copy right protected !!
Close