ডিমা হাচাওবাসীলৈ ক্ষমা প্ৰাৰ্থনা

Staff Reporter

এক জটিল সন্ধিক্ষণত আন বহুজনৰ লগতে ময়ো বহি আছিলোঁ সাহিত্য সভাৰ সেই বিশেষ অনুষ্ঠানত-নিৰ্ণিত হ’ৱ অসমীয়াৰ সংজ্ঞা। সাহিত্য সভাৰ ওপৰত পৰিছিল সেই গধুৰ দায়িত্ব। অসমীয়াৰ সংজ্ঞা দিব লাগে কেন্দ্ৰীয় চৰকাৰক।
সাহিত্য সভাৰ আমন্ত্ৰণক্ৰমে এটা এটাকে জাতীয় সংগঠন সমূহ আহিল- আৰু কৈ গ’ল সেই নিদাৰুণ সিদ্ধান্ত। সেই দিনাই অসম নামৰ এই ভূখণ্ডৰ ৰাজনৈতিক ভৱিষ্যত প্ৰায় নিৰ্দ্ধাৰিত আৰু স্পষ্ট হৈ পৰিছিল। সেয়া আন এক অধ্যায়। কালান্তৰত কেতিয়াবা সেই কথাও লিখিম, যি কথা আজিৰ জাত্যাভিমানী অসমীয়াই পাহৰাৰ ভাও ধৰে।
আজি সেই দিনতোৰ কথা মনত পেলোৱাৰ উদ্দেশ্য বেলেগ।
দুপৰীয়া হ’ৱৰ হৈছে-হঠাৎ গোমা হৈ পৰা পৰিবেশ শৰতৰ দুপৰীয়াৰ দৰে ৰদ্ৰোজ্জল হৈ পৰিল। অসমীয়া জাতিৰ ওপৰত দেখা দিয়া কলীয়া ড়াৱৰ যেন আতৰি গৈছে।
কাৰণ ডিমাছা প্ৰতিনিধি সকল আহিছে-কাৰণ এই ভূখণ্ডৰ প্ৰাচীনতম জনগোষ্ঠীৰ বীৰ যোদ্ধা সকলৰ উত্তৰপুৰুষ আহিছে-কাৰণ এই ভূখণ্ডত দ্বাদশ শতিকাৰ পৰা শত্ৰুৰ আগ্ৰাসন ৰোধ কৰি আঞ্চলিক সাৰ্বভৌমত্ব অক্ষুন্ন ৰখা ৰাজতন্ত্ৰৰ প্ৰতিনিধি সকল আহিছে। তেওঁলোক আহিয়েই বাহিৰত ৰৈ থকা সকলক কৈ গ’ল সেই অনিৰ্বান জ্যোতি প্ৰসাৰিত আমোঘ বাণী- আমি অসমীয়া। সৰু ভাই। একে মাতৃৰ সন্তান।
যিসকল এই শ্যামল ভূমিত অনাদি কালৰে পৰা আছে, যিসকলৰ পৰাক্ৰমক স্বীকৃতি দি সূৰ্য-চন্দ্ৰ থকালৈকে বন্ধুত্বৰ অংগীকাৰ কৰি থৈ গৈছে স্বৰ্গদেউ চাওলুং চুকাফাই; ১৭ বাৰ মোগলৰ আক্ৰমনত যি নিঃস্বাৰ্থভাবে যুজঁ দিছিল কেৱল এই বন্ধুত্ব ৰক্ষাৰ বাবে, যদিওবা ডিমা সাম্ৰাজ্য কেতিয়াও মোগলৰ লক্ষ নাছিল; সেই সকল বীৰ যি পূৱৰ বন্ধু আহোম আৰু পশ্চিমৰ বন্ধু কমতাৰ সাৰ্বভৌমত্ব ৰক্ষাৰ যুজঁত অৱতীৰ্ণ হৈ বহুবাৰ কপিলী-কলং-ব্ৰহ্মপুত্ৰ-মানাহ-কৰতোৱাৰ পানী ৰাঙলী কৰিছে;—তেওঁলোক কি কেতিয়াৱা ইমান ঠেক মনৰ হ’ৱ পাৰে???
কেতিয়াও নোৱাৰে!!
এই সকল ডিমাছা প্ৰতিনিধিয়ে সাহস দি গ’ল-আমি আছোঁ। আগতেও আছিলোঁ।। ভবিষ্যতেও থাকিম।।।
অভয়বানী। সাহস।। এক বলিষ্ঠ জাতি গঢ়াৰ সোপান।।।
কিন্তু কি পালে ডিমাছাই?
সাহিত্য সভাই আয়োজন কৰা সভাখনৰ কিছুদিনৰ পিছৰে পৰা এক ভয়ানক ৰক্তক্ষয়ী সংঘাতত জুৰুলা হৈছিল ডিমাৰাজি।
গ’ল নে কোনোবা সৰু ভাইৰ খবৰ ল’বলৈ? তুমৰলী ডিমাভূমি দেখি ডাঙৰ ভাইৰ বুকু কঁপিছিলনে?? এহেজাৰ বছৰ সগৌৰবেৰে বৰাইলৰ শিখৰ জিলিকাই ৰখা ডিমাছা সকলে আঘাত পালে আমি দুখ পাওঁনে???
নাপাওঁ। আমি অনুভৱেই নকৰোঁ।। আমি আমাক লৈয়েই ব্যস্ত, যি আমিৰ সংজ্ঞা তেনেই ঠেক। অজিৰ তাৰিখত অসমীয়াৰ সংজ্ঞা যিমান ঠেক, তাতোতকৈ বেছি ঠেক আমাৰ ”আমি”ৰ সংজ্ঞা।
আমি এই কথা জানো, কিন্তু নজনাৰ ভাও ধৰো। আমি ভাবো তেওঁলোকেও “আমি” বুলি কওঁক, কিন্তু আমাৰ “আমি”ত তেওঁলোক নাথাকে।
এই যে এদিন সকলো আতৰি যাবলৈ লওতেও ডিমাছা সকলে আমি অসমীয়া বুলি কৈছিল, সেয়া প্ৰথম নহয়। লুইত-কপিলী সাক্ষী আছে- পূৰ্বেও শত সহস্ৰবাৰ ডিমাছাই নিজৰ তেজেৰে এই অংগীকাৰ আওৰাইছে।
সেই যুজঁ খন মনত আছেনে? মোগল এবাৰেই ৰাজধানী পাইছিলগৈ। স্বৰ্গদেউৱে ৰাজধানী এৰি যোৱাৰ বাবে ভগাৰজাৰ অপযশ পাইছিল!
সেই এবাৰেই- – -!!! থাকক দিয়ক! আমি কিয় জানিব লাগে? আমি মোগল খেদালো। সেয়াই বহুত।
কিন্তু খাছপুৰৰ পৰা খেদাতো কোনে মাৰিছিল?
ক’তো লিখা নাই। নথাকেও। কাৰন বুৰঞ্জীখন আমাৰ সুবিধামতে লিখি লৈছোঁ। এবাৰ নহয়, কেইবাবাৰো। বিশ্বাস নহয়-জলম বটাৰ পৰা ইয়াণ্ডাবুলৈকে অলেখ উদাহৰন আছে।
সেই বিখ্যাত উক্তিতো- পুখুৰী সিঁছিলেও দহ বাৰতা মানুহ শিঙিয়ে বিন্ধে? আলাবৈৰ ৰণ। দহ হাজাৰ যোদ্ধা ৰণত পৰিছিল। মোগল কপিলী পাৰ হৈ কছুৱাত উঠিছিলহি। ঠিকেই কছুৱা। নামতো পাছৰ। যুদ্ধৰ পাছৰ।
কছুৱা। পাৰ হৈ উমৰাংছু। পাৰ হৈ হাফলং।
কছু কটা দিয়াৰ বাবে নাম কছুৱা হৈছিল। আহোম সকল আছিল, ভূঞা দুজনো আছিল! আৰু- – -?
নাজানো। ক’তো একো লিখা নাই।।। নথকাৰে কথা।।।
তুৰ্বকৰ নাম শুনিছে নে কি? পাহৰিবও পাৰে? স্বাভাৱিক।
কলিয়াবৰত স্বামীৰ মৃত্যুৰ পিছত লাংজি নামৰ হাতীতোত উঠি মূলা আইদেৱে যুজিঁছিল।
মূলাগাভৰুক হত্যা কৰাৰ পিছৰ যুজঁখন?
ত্ৰাণকৰ্তাক পাহৰাতো আমাৰ স্বভাৱ। আমেৰিকাত কিবা এটা হ’লে আমি শান্তি সমদল বহুবাৰ উলিয়াইছো। কিন্ত পঞ্জাৱৰ গণহত্যাত আমি মৌন!!!
কিয়? পঞ্জাৱৰ কথা ভাবিবলৈ আকৌ কি হ’ল?
কিয়? পাহৰে কিয়??
পূৱৰ মিতিৰে আক্ৰমণ কৰোঁতে মহাৰাজা ৰঞ্জিত সিংহই যে অশ্বাৰোহী সকলক পঠিয়াইছিল? পাহৰিলে? তেওঁলোকো আছিল-যাক কেতিয়াও সুধিব নালাগে আপুনি কোন?
এদিন কমতাই বিশ্বাসঘাতকতা কৰিছিল, তিনিবাৰ নৰাই উন্মাদ আচৰন কৰিছিল। সদলবলে পলাইছিল যে???
হয়। অনুমান সত্য।। পাহাৰতে আশ্ৰয় পাইছিল।
এই যে বিদেশী খেদাৰ আন্দোলনতো? আমাৰ আন্দোলন বুলি জপিয়াই পৰিছিল। অথচ পাহাৰত বিদেশী নাছিলেই। আন্দোলনত অংশলোৱা নেতাৰ নাম ক’লেও ছাগৈ চিনি নেপাব!
ঠিকেই। কপিলী সাক্ষী আছে। আমি অকৃতজ্ঞ।
আজি আমি কোন অসমীয়া বুলি হাবাথুৰি খাইছো, অসমত কোনো নাথাকে! সকলো আতৰিছে।
কিন্তু অসমৰ লগত, অসমীয়াৰ লগতে থাকিবৰ বাবে ডিমা হাচাওত তেজাল যুৱকে গুলি খাইছে। ৰাজপথ ৰাঙলী হৈছে- আমাক ডাঙৰ ককাই বুলি কোৱা ল’ৰা কেইতাৰ তেজেৰে।
আমাৰ কিন্তু ভাবিবলৈ সময় নাই! মাত এষাৰ লগাবলৈ আহৰি নাই। খবৰ লোৱাতো দূৰৈৰে কথা।
কাৰন।আমি আমিয়েই। আমাৰ “আমি”ত তেওঁলোক নাই।
সঁচাকৈয়ে চেলিউকছ!!! কি অকৃতজ্ঞ জাতি
Parag moni Aditya
Megha Kashyap,  Uttam Bathari, Kulendra Daulagupu

Related Articles

Check Also

Close
error: Content is copy right protected !!
Close