ডিঙিৰ বিষ মানেই কেন্সাৰ নহয়

ডাঃ মেদিনী বৰ্মন

দুমাহমান আগতে ইমাৰজেন্সী ডিউটিৰ সময়ত এগৰাকী ২৫ বছৰীয়া মহিলা স্বামীৰ সৈতে আহিছিল ; অসুবিধা ডিঙিৰ বিষ | লক্ষ্য কৰিলো মহিলাগৰাকী যথেষ্ট মানসিক চাপত আছে | সুধি পুচি গ’ম পালো যোৱা দুমাহত ইতিমধ্য কোচবিহাৰৰ বহুকেইজন প্ৰখ্যাত চিকিত্সক (ENT specialist) ৰ ওচৰত চিকিত্সা কৰি আহিছে | কিন্তু ৰোগ সম্পূৰ্ণ নিৰাময় হোৱা নাই ,মাথো ইটোৰ পিছত সিটো সলাই2 ঔষধ দিছে | বুকুৰ X-ray, CT scan, কফ পৰীক্ষা ইত্যাদি প্ৰায়বোৰ পৰীক্ষাই কৰিছে | কোনোটো পৰীক্ষাতে একো অসুবিধা ধৰা পৰা নাই | ৰোগী হতাশ,মনে মনে ভাৱ কেন্সাৰেই হৈছে | এইবোৰ চাই মেলি মই নিজেও চিন্তিত হ’লো | কিন্তু মোৰ মনলৈ আহিল ছাত্ৰাৱস্হাত কেছ হিষ্ট’ৰি লোৱাৰ সময়ত ডাঃ অৰুপ কু. কুণ্ডুৰ Bed side Clinics কিতাপখনৰ এষাৰ কথা “Never think anything uncommon ; if you think uncommon then it becomes uncommonly common” মই মোৰ ধৰণে চিকিত্সা আৰম্ভ কৰিলো | প্ৰায় ১০ মিনিটমান সময় ছবি আকি বুজালো,ডিঙিৰ ভিতৰৰ অৱয়ববোৰ আঁকি দেখুৱালো,কেন্সাৰৰ বাহিৰেও Tonsillitis, pharyngitis ইত্যাদি আৰু হাজাৰটা বেমাৰ যে হ’ব পাৰে বুজালোঁ | লক্ষ্য কৰিলো ৰোগীৰ মনত কিছু আশাৰ সঞ্চাৰ হৈছে,যিটো চিকিত্সাৰ আশানুৰুপ ফলাফলৰ বাবে খুবেই প্ৰয়োজনীয় |
  অইন চিকিত্সকে দিয়া নাছিল,দুটামান ঔষধ লিখি মই দিলো Throat swab culture and sensitivity test কৰিবলৈ , লগতে ৰোগীক মৃদু ধমকি দিলো ৰিপ’ৰ্ট অনাৰ দিনাখন মন মাৰি আহিলে মেডিকেল কলেজ ৰেফাৰ কৰিম | “হ’ব দিয়ক চাৰ” মৃদু হাঁহি মাৰি ৰোগীয়ে বিদায় ল’লে |
  তিনিদিনমান পিছত ৰিপ’ৰ্ট চালো, বেক্টেৰিয়া সংক্ৰমণ আছিল, চাই মেলি ঔষধ দিলো আৰু দুসপ্তাহ পিছত আহিব দিলো | ঠিক দুসপ্তাহ পিছতে ৰোগীগৰাকী আহিছিল,এক চিন্তামুক্ত মন লৈ | ৰোগৰ কথা সুধিলো,ক’লে চাৰ কোনো অসুবিধা নাই | সেইদিনাখন আটাইতকৈ বেছি সুখী হৈছিলো মই |
 ওপৰোক্ত ৰোগী গৰাকীৰ দৰে বহুতে হয়তো এইধৰণৰ সমস্যাত ভুগি আহিছে আৰু বহুতেই কেন্সাৰৰ ভয়ত খাৱন~শোৱণ বাদ দিয়াও দেখা যায় | কিন্তু হতাশ নহৈ উপযুক্ত পৰীক্ষা আৰু চিকিত্সা কৰিলে ৰোগৰ উপশম নিশ্চয় হ’ব |

Related Articles

Check Also

Close
Close