ডাটা, ডাটা ইমান ডাটা, থবলৈ নাই জেগা !

অংশুমান হাজৰিকা

-মা, মোবাইলত জেগা খালি নোহোৱা হৈছে অ’!

-বেলেগ কৈ 2 GB  এটা মেমৰী কাৰ্ডত ভৰাই ল’ আকৌ !

জীয়েকে হাহিছিল মাকৰ সৰলতা দেখি, মাকেও ভাবি পোৱা নাছিল ক’ত নো ভূল কৈছিল!

হয়ও, আজিৰ পৰা বেছি নালাগে 7-8 বছৰ আগতেই মোবাইলৰ মেমৰী কাৰ্ডত বেলেগ গৈ 2 GB এটা ভৰাই লোৱা মানেই বহুত জেগা মোবাইলত। কিন্তু এতিয়া ? মোবাইলৰ কেমেৰা দি তোলা ফটো এখন এতিয়া 3-4 MB  হয়গৈ । তেনে স্থলত মোবাইলত 32 GB জেগাই নো কি কন কৰিব পাৰে ? আমাৰেই কম্পিউটাৰৰ হাৰ্ড ডিস্কৰ 1 TB শেষ হোৱা পিছত বেলেগ কৈ 2 TB কিনিও সেইখন হাৰ্ড ডিস্কৰো প্ৰায় দুই তৃতীয়াংশ শেষ হলগৈ ।  বৰ্তমান দিনত ইমান কৈ আমাৰ চাৰিও দিশে ডাটা বাঢ়িবলৈ লৈছে যে ই এক ডাঙৰ সমস্যা হৈ পৰিছে গৈ । দিনটোৰ প্ৰায় কিমান খিনি ঘটনা, দুৰ্ঘটনা আমি ডিজিটেল কৰি থও সেইয়া অভ্যাস হৈ পৰা বাবে আমি গমি চোৱা নাই। আমি সাধাৰণ ৰাইজে বুজি নাপাও ইমান খিনি , কিন্তু তথ্য প্ৰযুক্তিৰ টাইকুন সকলৰ বাবে ই এক মূৰৰ কামোৰণি হৈ পৰিছে লাহে লাহে ।

    এতিয়া হয়তো আপুনি – মই কম “মোবাইল, লেপটপত জেগা শেষ হল নেকি ? cloud ত থ আকৌ, গুগলে, ফেচবুকে ইমান জেগা দিছে ফ্ৰী তে cloud বনাই, তাতে থলেই হ’ল দেখোন”। হয়, কথাটো, আমি টো থৈছোৱেই কিমান ইউটিউব, ফেচবুকৰ ভিদিও, অন্য ফটো  আৰু আন তথ্য পাতি আমি নিতৌ cloud ত আপলোড কৰি আহিছো । কিন্তু পিছ ফালে জানো কি হৈছে ভাবি চাইছো ? ডাৱৰত বা আকাশত টো থৈ দিয়া নাই সেই খিনি ডাটা! cloud বুলি কৈছো হয়, কিন্তু সেইয়াও টো আচলতে মেছিনেই হয়। সেই বাবেই গুগল, ফেচবুকে ইমান ইমান পইছা দি তেওঁলোকৰ চাৰ্ভাৰ আৰু ডাটা ষ্ট’ৰেজৰ ক্ষমতা বঢ়াবলৈ বাৰে বাৰে নতুন নতুন হাৰ্ডৱেৰ কিনিব লগা হয় । অনুমানিক ভাবে ফেচবুকত সক্ষম ভাবে 300 PT ডাটা মজুত আছে । গুগলৰ কথা শুনিলে আৰু চিন্তা লাগিব। অনুমানিক ভাবে গুগলত সকলো খিনি মিলাই (সক্ষম ডাটা – সকলোৱে পাব পৰা ডাটা আৰু ভাণ্ডাৰ অৰ্থাত archive ত থকা ডাটা) প্ৰায় 15 EB ডাটা আছে । আন কোম্পেনী আৰু আমাৰ নিজা ববীয়াকৈ থকা তথ্য সমূহৰ কথা নকলোৱেই যেনিবা । যোৱা 100 বছৰত যিমান তথ্য আমি মানুহে জমা কৰিছিলো, শেষৰ 10 টা বছৰত সেই গ্ৰাফ ভাবিব পৰাতকৈও বেছি কৈ বাঢ়ি গৈছে ।

এতিয়া কথা হ’ল সেই ডাটা থোৱা সমস্যাৰ সমাধান কি ? যিমান য’ত যেনেকৈ থলেও শেষত গৈ আমি সেই মেগনেটিক টেপেৰে বনোৱা কোনোবা কাৰোবাৰ ডিস্কত হে থোৱা হয় গৈ । অথচ আমি যদি আমাৰ চাৰিওফালে, আমাৰ নিজলৈকেও চাও, আমাৰ দেহাৰ ভিতৰতে হাজাৰ হাজাৰ বছৰ ধৰি ডাটা থোৱা  আছে আৰু তাতোতকৈ ভাল কথা, ই অক্ষত অৱস্থাত আৰু বহু কম ঠাই লৈ আছে । হয়, ঠিকেই ভাবিছে, ডি এন এ ই একমাত্ৰ তথ্য থব পৰা ভাণ্ডাৰ য’ত কম ঠাইত বহু তথ্য থব পাৰি, বহু বছৰ ধৰি অক্ষত অৱস্থাত থাকে আৰু মানৱ প্ৰজন্ম থকা লৈকে আমি সেই ডি এন এ ত থকা ডাটা খিনি সংৰক্ষিত অৱস্থাত ৰাখি তাৰ পৰা তথ্য আকৌ ঘূৰাই পাব পাৰো ।

আচৰিত নহয় নে ?

অথচ সচাঁ কৈয়ে । আমি আজিৰ দিনত ডি এন এ ক পঢ়িবলৈ সক্ষম হৈছো আৰু এই দৰে এতিয়া লৈকে 8 জন ব্যক্তিয়ে ব্যৱসায়িক ভাবে তথ্য জমা কৰিছে । এই পক্ৰিয়াই কি দৰে কাম কৰে চাও আহক চোন – বৰ্তমান সময়ত  আমি সকলোখিনি তথ্য ডিজিটেল ৰূপত অৰ্থাৎ 0 আৰু 1 ৰ সংজ্ঞাত থব পৰা হৈছো । ফটোৰ পৰা ধৰি ভিদিও, আমাৰ ফোনৰ নাম্বাৰ সমূহ, সকলোখিনি তথ্য এই 0 আৰু 1 ৰ সমষ্টি হিচাপে আছে । আনহাতে আমাৰ ডি এন এ সমূহক আমি A,G,C,T ৰূপত পঢ়ো । ইহতক একেলগে ক’ডন বুলি কোৱা হয় । 1999 চনতে নিউয়ৰ্কৰ এডল বিজ্ঞানীয়ে এনে 64 টা সাম্ভাব্য ক’ডনৰ অৱস্থিতি গঠন কৰে আৰু কি দৰে তাক আমি আমাৰ তথ্য থবলৈ ব্যৱহাৰ কৰিব পাৰো তাৰ ওপৰত পোহৰ পেলায় । উদাহৰণ স্বৰূপে আমাৰ হাতত এখন ফটো আছে, আমি সেই ফটো খন ফটো হিচাপেই দেখিম , কিন্তু আচলতে ডিজিটেল ৰূপত ই মাত্ৰ কেইটিমান 0 আৰু 1ৰ সমষ্টি । এতিয়া

                                                  ধৰা হ’ল ফটো খন – 00 01 10 11

                                           তেন্তে ইয়াৰ ডি এন এ ৰূপ হব –     A C G T

এনেদৰে তথ্য খিনিক ৰূপান্তৰ কৰি সংশ্লেষণ কৰা (synthesize company) ব্যৱষায় প্ৰতিস্থানলৈ পঠিয়াই দিয়া হয়। তাৰ পিছত তেওঁলোকে ইয়াক sequencing (শৃংখলা বদ্ধ ভাবে সজোৱা ) কৰি আমাক সেই কৃত্ৰিম ভাবে তৈয়াৰী ডি এন এ খিনি পঠিয়াই দিব । সেই ডি এন এ খিনিয়ে নিজৰ মিলিয়ন সংখ্যাত প্ৰতিলিপি বনাব পাৰে তথ্য নষ্ট নোহোৱাকৈ, যাৰ পৰা আমি সম্পূৰ্ণ তথ্য খিনি ইচ্ছামতে ঘূৰাই পাব পাৰো । কিমান জেগাত এই তথ্য ৰাখিব পৰা যায় তাক সাধাৰণ কৈ বুজিবলৈ এক সৰু উদাহৰণ দিয়া হল –

আমি জানো

  • 1 bit = 1/8 byte (0 অথবা 1)

  • 1 byte = 1 byte

  • 1 kilobyte (KB) = 1024 bytes ( মাইক্ৰচ’ফ্ট ৰ এটি  সাধাৰন ফটো নোহোৱা ৱৰ্ড ফাইল 25-30 KB হয় )

  • 1 megabyte (MB) = 1024 KB অথবা  1,000,000 bytes ( এখন মোবাইলেৰে ওঠোৱা ফটো 4-5 MB হয়)

  • 1 gigabyte  (GB) = 1024 MB অথবা 1,000,000,000, bytes ( এখন লেপটপত চোৱা HD চিনেমা 1-2 GB হয়)

  • 1 terabyte ( TB) = 1024 GB অথবা 1,000,000,000,000 bytes ( বৰ্তমানৰ এটি সাধাৰণ লেপটপৰ হাৰ্ড ডিস্কৰ ক্ষমতা 1 TB  থাকে )

  • 1 petabyte (PB) = 1024 TB অথবা 1,000,000,000,000,000 bytes (ফেচবুকত থকা সকলো তথ্য মিলাই প্ৰায় 300 PB হব)

  • 1 exabyte ( EB ) = 1024 PB অথবা 1,000,000,000,000,000,000 bytes (গুগলৰ সমষ্ট তথ্য ভাণ্ডাৰ প্ৰায়  15 EB ৰ সমান)

                          (সকলোখিনি তথ্য শূণ্যৰ ওচৰত ৰখা কৈ দেখুৱা হৈছে যাতে পাঠকৰ সুবিধা হয় )

       Zetta Byte  আৰু Yotta Byte ৰ এতিয়ালৈ কে কেৱল আক্ষৰিক অৰ্থ হে আছে বাবে ওপৰত ওল্লেখ কৰা হোৱা নাই ।

ওজনৰ ফালৰ এতিয়া সকলোৱে নিশ্চয় কৈ সম্যক ধাৰণা এটা কৰিব পাৰিছে ! কিমান টকা পইচা, ঠাই আৰু ওজন পৃথিৱীত থকা আটাইবোৰ হাৰ্ড ড্ৰাইভে আগুৰি আছে সেইয়া কল্পনাৰো অগোচৰ। এতিয়া কথা হ’ল ডি এন এ ত কিমান তথ্য জমা ৰাখিব পৰা যাব ? তাত্ত্বিক ভাবে প্ৰায় 3 গ্ৰাম ওজনৰ ডি এন এত 6,000,000,000 GB ৰ ডাটা ৰাখিব পৰা যাব । আন এটি গুৰুত্ব পূৰ্ণ কথা এখন বৰ্তমানৰ হাৰ্ড ডিস্ক খুব বেছি 10-12 বছৰ অক্ষত অৱস্থাত থাকিব পাৰে । আনহাতে সাধাৰণ অৱস্থাত ডি এন এ ৰ জীৱন কাল 1000 বছৰ । যদি ঠাণ্ডা আৰু শুকান অৱস্থাত ৰাখিব পৰা যায় তেন্তে ই আৰু বেছি হৈ পৰে ।

কবলৈ সহজ যদিও হাতে কামে কৰা ক্ষেত্ৰত বৰ্তমান সময়ত আমাৰ বাবে কেইটিমান সৰু সমস্যা আছে –

  • এই পক্ৰিয়া টি বৰ্তমান অলপ খৰচী । এবাৰত প্ৰায় 1000 ডলাৰ ব্যয় হয় এই পক্ৰিয়াত ।

  • ই এক সময় লোৱা কাম । এনেদৰে তথ্য ৰাখি থোৱাৰ পৰা আমি বুজি পোৱাকৈ পাবলৈ এদিন – দুদিন লাগি যায় ।

এই পক্ৰিয়াৰে বৰ্তমান লৈকে পৰীক্ষা মূলক ভাবে বহু খিনি তথ্য হোৱা হৈছে আৰু ওপৰত ওল্লেখিত ধৰণেই ব্যৱসায়িক ভাবে এতিয়া লৈকে 8 জন ব্যক্তিয়ে তেওঁলোকৰ বিভিন্ন তথ্য  এই দৰে সংৰক্ষিত কৰি ৰাখিছে একেবাৰে শেষ ভৰষাৰ স্থল হিচাপে ।

এবাৰ ভাবি চাওক চোন কেনেকুৱা সাংঘাটিক কথা এইটো ! যি হাৰত তথ্য প্ৰযুক্তিৰ বিকাশ হৈছে সেই হিচাপত ওপৰোক্ত সমস্যা কেইটি অতিক্ৰম কৰিবলৈ কেইবছৰ নো লাগিব সেইয়া সহজেই অনুমেয় । আক্ষৰিক অৰ্থত কৈ থকা থাম্ব ড্ৰাইভ যে সঁচাকৈ থাম্ব ড্ৰাইভ হৈ নপৰিব সেইয়া কোনে নুই কৰিব!

এই গতিৰে আমাৰ ভৱিষ্যত কেনে হব, সেইয়া ভাবি শৰীৰেদি সঁচাই ভাল আৰু ভয় লগা শিহৰণ এটা পাৰ হৈ যায় ।

Show More

Related Articles

Back to top button
error: Content is copy right protected !!
Close
Close