‘ট্ৰেজেদী’ আৰু ‘অসমীয়া’ৰ সংজ্ঞা

অঞ্জন শৰ্মা

শ্ৰেণীত শিক্ষক মহোদয়ে ছাত্ৰসকলক প্ৰশ্ন কৰিলে – ‘ট্ৰেজেদী’ৰ সংজ্ঞা কি? ছাত্ৰসকলৰ বহুতেই নানান উত্তৰ দিলে যদিও শিক্ষক মহোদয় সন্তুষ্ট নহ’ল। তেনেতে এজন ছাত্ৰই কৈ উঠিল – ‘ছাৰ, মানুহ এজন যদি কণা হয়, মানুহজনৰ ভালে থকা চকুটোও যদি কেঁৰা হয়, আৰু সেই চকুটোতেই যদি এটা বিহফোঁহা উঠে- তাকেই ট্ৰেজেদী বুলিব পাৰি বুলি মোৰ ভাব হয়।’
অসমখনৰো আজি সেই একেই অৱস্থা! ট্ৰেজেদী! সকলোৱে অসমক ভাল পায়। অগপই অসমক ভাল পায়, বিজেপিয়ে অসমক ভাল পায়, কংগ্ৰেছে অসমক ভাল পায়, আলফাই অসমক ভাল পায়, আছুই অসমক ভাল পায়, কৃষক মুক্তিয়ে অসমক ভাল পায়, অসম সাহিত্য সভাই অসমক ভাল পায়, মোডী-শ্বাহ-গান্ধী সকলোৱে অসমক ভাল পায়। সকলোৰে বক্তৃতা-বিবৃতি-ঘোষণাপত্ৰ- সংবাদমেল আদিত অসমপ্ৰেমৰেই জয় জয়কাৰ।প্ৰেমৰ ৰাগীত মতলীয়া হৈ কোনোবাই যদি অসমৰ এখন কাণ ছিঙি নিছে, কোনোবাই ছিঙি নিছে চুলি ; কোনোবাই যদি গালখন ছিঙি নিছে, কোনোবাই ছিঙি নিছে নাক। তাৰে মাজে মাজে অসম চুক্তি, নাগৰিক পঞ্জী, ১৯৫১ চন শিলৰ ৰেখা, সমগ্ৰ ভাৰতত বিদেশীৰ বাবে বেলেগ আইন আৰু অসমত বেলেগ আইন, হিন্দু বিদেশীক ‘স্বদেশীকৰণ’, ভাৰতীয়ৰ প্ৰব্ৰজন, বহিৰাগত তেজপিয়া বণিয়াৰ অনৰ্গল তেজশোহা কাৰ্য, নিবনুৱাৰ হো-হোৱাই সংখ্যাবৃদ্ধি, চাৰ্টাৰ্ড বিমানেৰে গৈ ভিয়েটনামৰ পৰা কৃষিকাৰ্যৰ গোপন সূত্ৰ আহৰণ, কোটি কোটি টকাৰ শ্ৰাদ্ধ কৰি হেলিকপ্তাৰবিলাস, দিল্লীক কৰতলীয়া ৰজা হিচাপে হোৱাই নোহোৱাই ৰাজহাড় বেকা কৰি – কৰি থকা দৃষ্টিকটু প্ৰণিপাত আৰু নাগপুৰক তৈলমৰ্দন, Long Term Memory Loss হোৱা হেতুকে ছাত্ৰ সন্হাৰ বহুবছৰীয়া সভাপতি হিচাপে তথা অগপৰ সদস্য হিচাপে কৰা আস্ফালনবোৰ সোণোৱালে পাহৰি যোৱা কাৰ্যক লৈ ৰাইজৰ শোকবিহ্বলতা, যুটীয়া সংসদীয় কমিটিক লৈ ৰচনা হোৱা ‘শেষ শৰাইঘাট’ নামৰ কোনোদিনে ৰচনা নহবলগীয়া অথচ সময়ে সময়ে ‘শেষ সকীয়নী’ দিয়াৰ দৰে কৰি থকা একঘেয়ামি বাগাড়ম্বৰ, ইত্যাদি ইত্যাদি অন্তহীন কৰ্মকান্ডৰ মাজত ডুবি ডুবি জীয়াই থকা অসম !! শগুণেও পাখিৰে ঢাকি মঙহ খায়, কিন্তু অসমৰ ক্ষেত্ৰত কোনো আবুৰ নাই, প্ৰয়োজনেই নাই। তাৰে মাজে মাজে বহাগী বিদায়, জুবিনৰ হিন্দীগান, মাদানীৰ তপত জ্বলা পকোৰী, মাৰোৱাৰীৰ দান্ডিয়া নৃত্য,….! অসমৰ পৰা অবৈধ বিদেশী বহিষ্কাৰ হ’বই লাগিব বুলি  যিসকলে এসময়ৰ ‘শেষ শৰাইঘাট’ত চিঞৰিছিল, সেইসকলেই এতিয়া ‘ন হিন্দু বিদেশী ভৱেৎ’ বুলি চিঞৰিবলৈ আৰম্ভ কৰিছে।
ৰাজনীতিৰ প্ৰসংগ টানি নানো। ট্ৰেজেদীলৈকে উভতি আহো। কিছুদিন আগতে মোৰ বন্ধু এজনে তেখেতৰ ‘ট্ৰেজেদী’ মোৰ আগত দাঙি ধৰিছিল। তেখেত পেছাত চিকিৎসক, অধ‍্যাপনাও কৰে। তেওঁ থাকে গুৱাহাটীৰ শান্তিপুৰত। তেওঁ মোক কৈ গৈছিল -‘ মই যে লুধিয়ানালৈ প্ৰশিক্ষণ লবলৈ গৈছিলো, আপুনিতো জানেই। কিন্তু এইবাৰৰ নিচিনা ট্ৰেজেদী মোৰ কেতিয়াও হোৱা নাই। নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ লাজলগা হৈছে। প্ৰশিক্ষণ শেষ কৰি মই বৈষ্ণোদেৱীৰ মন্দিৰ দৰ্শন কৰিবলৈ গৈছিলো। মন্দিৰ দৰ্শন কৰি আহি কাট্ৰাৰ বাছ আস্থানত টিকত কাটি বাছখনৰ ভিতৰত বেগটো থৈ বাছখনৰ ওচৰে পাজৰে ঘূৰা-পকা কৰি থাকোতে হঠাৎ বাছখনৰ চালকজন মোৰ কাষ চাপি মোৰ কান্ধত থকা গামোচাখনলৈ লক্ষ‍্য কৰি সুধিলে-‘আপ আছামচে আয়া ক‍্যা?’ মই হয় বুলি কোৱাত চালকজনে পুনৰ সুধিলে-‘আপ অছমীয়া হো?’ মই হয় বুলি কবলৈহে পালো, চালকজনে প্ৰচন্ড ঘৃণাৰে উচ্চস্বৰে কৈ উঠিল – ‘তু গন্ডা জগহ্-কা গন্ডা আদমী হো, ছি: ছি: ছি:!!’ মই হতবাক হৈ তেওঁক সুধিলো – কি হ’ল, কি ‘গন্ডা’ ঠাই, ময়েইবা কি গন্ডা?
মোৰ উত্তৰ শুনিবলৈ চালকজনৰ সময় নাই। তেওঁ ওচৰ-পাজৰৰ মানুহ গোটাই লৈ পুনৰ একেখন ৰেকৰ্ড বজাবলৈ ধৰিলে। মই একো কাৰণ গমেই পোৱা নাই, কিন্তু লাজতে মুছ-কঁছ যোৱা অৱস্থা, কাণ মূৰ গৰম হৈ গৈছে। অৱশেষত পৰিস্থিতি কিছু নিয়ন্ত্ৰণ হোৱাতহে মই গম পালো যে চালকজনে আগতে ট্ৰাক চলাইছিল আৰু অসমলৈ ট্ৰাক লে যাওতে অসমীয়া ডেকাশক্তিয়ে চান্দা বিচাৰি তেওঁক অত‍্যাচাৰ কৰি এখন হাত ঘূণীয়া কৰি সকলো টকা-পইচা কাঢ়ি লৈ গৈছিল। সেইবাবেই তেওঁ চিৰদিনলৈ ট্ৰাক চলোৱা বাদ দি বৰ্তমান স্থানীয় বাছৰ চালক হৈছে। মই তেওঁক বুজাই ক’লৈ – সকলো মানুহ একে নহয়, মোক জগৰীয়া কৰি একো লাভ নাই, মই অধ‍্যাপক। চালকজনে কৈ উঠিল – ‘তু নেহীতো ক‍্যা হুৱা, তেৰা ভাই হে ও লোগ। তুঝকো ভী হিচ্চা মিলতা হে!’
দ্বিতীয় ঘটনা এখন ধাবাৰ। এইবাৰো গামোচাখন দেখিয়েই আন এজন ব‍্যক্তি আগবাঢ়ি আহি মোৰ পৰিচয় সুধিলত ক’লো – ‘হয়, মই অসমীয়া আৰু মই গুৱাহাটী নগৰত থাকো।’ তেতিয়া সেই ব‍্যক্তিজনে, ছিমলাত তেওঁৰ ঘৰ, ভদ্ৰভাৱে মোক যিখিনি ক’লে, মোৰ এনে লাগিল যেন মই ধাবাত চাহৰ সলনি ফেনাইলহে খাই আছো! তেখেতে ছিমলাৰ পৰা আপেল মণিপুৰলৈ সৰবৰাহ কৰি উভতি আহোতে গুৱাহাটীৰ সমীপত তেওঁক আগচি ধৰি সমস্ত ধন লুটি লৈ গৈছিল। মাৰ-ধৰ কৰি তেওঁৰ দাঁত ভাঙি দিয়া হৈছিল। মই ক’লো – চুৰি -ডকাইতি বিভিন্ন ৰাজ‍্যত হৈয়েই থাকে, পুলিচক গোচৰ দিব লাগিছিল। মিছাতে অসমীয়াক দোষ দি কি লাভ? তেতিয়া তেখেতে কৈছিল – ‘যিসকলে নাকে-মুখে গামোচা বান্ধি মোৰ সমস্ত ধন লুটি লৈ গৈছিল, তেওঁলোকৰ লগত ইউনিফৰ্ম পিন্ধা পুলিচো আছিল।’
‘শৰ্মা, তৃতীয় ঘটনা ট্ৰেইনত। হাতৰ গামৈচা বেগত ভৰাই বহি আছো। এনেতে এজন চেমনীয়া ল’ৰাক বয়সস্থ ভদ্ৰলোক এজনে দবাটোত উঠাই নিৰ্দিষ্ট আসন (মোৰ কাষতে)ত বহুৱাই অসমীয়া ভাষাতে দুই-চাৰি আষাৰ কথা কৈ তললৈ নামি গৈ প্লেটফৰ্মত থিয় হৈ পুনৰ মাজে মাজে অসমীয়া ভাষাতে ৰেলখন নচলা পৰ্যন্ত চেমনীয়াজনক বিভিন্ন দিহা-পৰামৰ্শ দি থাকিল যদিও আশ্চৰ্যজনকভাৱে মোক এবাৰো অনুৰোধ নকৰিলে যে আপুনিও গুৱাহাটীলৈ যাবই যিহেতু ল’ৰাটোক চাব, অকলে আছে! ৰে’ল চলিল। মই কৌতুহলৰ বশৱৰ্তী হৈ চেমনীয়াজনৰ লগত পিছত কথা-বতৰা পাতি গম পালোঁ যে ‘অনা-অসমীয়া’ হ’লেও তেওঁলোকৰ অসমতে জন্ম আৰু অসমীয়া ভাষাতেই শিক্ষা-দীক্ষা সম্পন্ন কৰি সৰু-সুৰা ব‍্যৱসায় কৰি পেট প্ৰৱৰ্তাই থকা তেওঁলোকৰ যৌথ পৰিয়ালৰ এটা পৰিয়ালক বাদ দি বাকী তিনিটা পৰিয়াল অসমৰ পৰা পলায়ন কৰি বৰ্তমান দিল্লীতেই থাকে। কাৰণ তেওঁলোকৰ পৰিয়ালৰ তিনিজনক উগ্ৰপন্হীয়ে গুলীয়াই হত্যা কৰিছে – দাবী কৰা মতে ধন নাপাই। ঘৰত তেওঁলোকে অসমীয়াতে কথা- বতৰা পাতে – দিল্লীত থাকিলেও। বিদায় দিবলৈ অহাজন চেমনীয়াজনৰ খুড়াক।’
বন্ধুৱে ক’লে – ‘অসমৰ ভিতৰতো আজি আমাৰ শান্তি নাই, অসমৰ বাহিৰতো আজি আমাৰ শান্তি নাই। গামোচা দেখিলেই অসমৰ বাহিৰত উপলুঙা কৰে, অসমীয়া বুলি ক’লে বিদ্ৰুপ কৰে ; আৰু অসমৰ ভিতৰত অসমক ভাল পোৱা দল- সংগঠনবোৰৰ কথা নকলোৱেই যেনিবা, অসম চৰকাৰৰ কথা নকলোৱেই যেনিবা, অসম সাহিত্য সভাইও ‘অসমীয়া’ৰ সংজ্ঞা বিচাৰি পৰুৱাই পোৱাসদৃশ হৈ পৰিছে – সংজ্ঞাহীন অসমীয়াৰ ইয়াতকৈও ডাঙৰ ট্ৰেজেদী কিবা আছেনে? ‘

Related Articles

Close