ট্ৰেইন ভাল পোৱা মানুহ…

কাবেৰী গোস্বামী

উজনি অথবা ভটিয়নি

স্মৃতি অথবা বিস্মৃতি/

এই যে আড্ডাত  মছগুল মানুহবোৰ…

অচিনাকীৰ মাজতো চিনাকী/

খিৰিকী কাষত বহি নিজকে হেৰুৱাই

হঠাৎ ভাবুক হ’ব পাৰি

অন্তহীন হোৱা হ’লে যাত্ৰা..!

এৰি অহা বাট অথবা দুলি থকা সময়

মই ক’ত মই ক’ত প্ৰশ্নত ককবকনি

এৰা চাহ কাপ আহিলেইচোন লগত ঝালমুড়ি

তোক ভালপোৱাৰ চোকটো কোনখিনিত বেছি?

পাহৰো পাহৰো ভাবিও বেচিকৈ মনত পৰা কথাবোৰ পৰা হ’লে এৰি আহিব কোনোবা ষ্টেচনত

চাহকাপত মিঠা বেছি,

জীৱনত ৰং কম

অলপ ৰং ধাৰে পোৱা হ’লেই আকিলোঁ হয় ভেনগঁঘৰ দৰে হালধীয়া ঘৰ অথবা

কোনোবা মনালিছাৰ হাঁহি/

অচিন প্লেটফৰ্মত বনজাৰাৰ গীত

সুৰবোৰক বুকুত লৈ ট্ৰেইন আগবাঢ়ে

চলমান জীৱন…

প্ৰতিটো ষ্টেচনত কোনোবা উঠে কোনোবা নামে

দবাটোৱে বুকুত অনেক কাহিনী কঢ়িয়াই

কাৰোবাক মিলন অথবা কাৰোবাৰ বিচ্ছেদৰ

চকুলোৰে তিয়াই…

হাত জোকাৰি বিদায় জনাবলৈ

সকলোৰেতো আপোনজন নাই../

Related Articles

Check Also

Close
Close