টোপোলা   এক মিনিটৰ গল্প

পূৰবী বৰা

ললিতাই চৰকাৰে দিয়া নিৰ্দেশনা অনুসৰি মিঠাতেল, মচুৰ দাইল, আলু, পিয়াঁজ, বিস্কুট ৰ লগতে দুই কেজিকৈ চাউলৰ টোপোলা কেইটা লৈ গাড়ীত উঠি ড্ৰাইভাৰ ৰমেনক নিৰ্দেশ দিলে —-
:” ৰমেন , যোৰহটীয়া গাঁৱলৈ ব’ল ।” ।
যথা সময়ত গাড়ী গৈ নিৰ্দিষ্ট গাওঁখন পালেগৈ । ললিতাই খৰধৰকৈ ছেনিটাইজাৰ টো উলিয়াই হাতত সানি, মুখৰ মাস্ক খন তললৈ কোচাই ডিঙিত ৰাখি মুখখন উলিয়াই ল’লে । তাৰ পিছত হাতৰ ম’বাইল ফোন টোৰ কেমেৰাটো অন্ কৰি ৰমেনক দি ক’লে—–
:” একদম টোপোলা টো দিও‍ঁতেই ফটো কেইখন তুলিবি , খেলি মেলি নকৰিবি কিন্তু ।”
:” হব বাৰু মেডাম্ ।”
—— কথা মতেই কাম, টোপোলা দিয়াৰ লগে লগে ফটো তোলা হ’ল । ক্লিক্—- ক্লিক্ —
টোপোলা বিতৰন পৰ্ব শেষ কৰি ললিতাই পুনৰ মাস্ক খন পিন্ধি গাড়ীত উঠিবলৈ লওঁতেই মহিলা সকলৰ মাজৰ এগৰাকীয়ে ডাঙৰ টোপোলা এটা আথেবেথে আনি ললিতাৰ হাতত দিলেহি ।
:” কি দিছা এইটো ?
:” বাইদেউ আমাৰ  তেল নিমখৰহে অভাৱ হৈছে, বাৰীত লাউ- জিকা বুঢ়া হৈ গৈছেগৈ । ভাবিলো আপোনালৈ অলপ দি দিওঁ ।
অ’ ড্ৰাইভৰ দাদা টোপোলা টো দিওঁতেই মোকো ফটো এখন তোলা । বাইদেউ মাস্ক খন এৰুৱাই লওক ।
বাইদেউ, বাকীবোৰ ফটো য’ত য’ত দিব তাৰ লগতে এইখনো দিব দেই । “
—–কথা কেইষাৰ শুনি ললিতাৰ মুখৰ মাতেই হ’ৰি গ’ল । তাই সেমেনা সেমেনি কৈ ফটো খন উঠিলে যদিও মুৰটো আগৰ কেইখনৰ দৰে চিধা কৰি ৰাখিব নোৱাৰিলে ।
“সঁচাই মানুহ সকলোৰে আত্মসন্মান একেই,”
 তেতিয়াহে অনুভৱ হ’ল ললিতাৰ । এটা ভুল কৰাৰ পৰা ৰক্ষা পৰিল তাই । ঘৰলৈ ঘুৰা পথতে গোটেই ফটো কেইখন ডিলিট কৰি সন্তোষৰ হাঁহি মাৰি ঘৰমুৱা হ’ল ললিতা ।
পূৰবী বৰা, নৰ্থ লখিমপুৰ
Show More

Related Articles

Back to top button
error: Content is copy right protected !!