টোকাবহীৰ পৰা—-ট্ৰাম্প ইমপিচৰো যোগ্য নহয়ঃ পেলোছি

পেলোছি

আমেৰিকাৰ ৱাশ্বিংটনত ১৩ মাৰ্চ তাৰিখে (২০১৯) ‍‘হাউছ স্পিকাৰ’ নেন্সি পেলোছিয়ে কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প ‍‘ইমপিচ মেণ্ট’ৰো যোগ্য নহয়। এখন মাৰ্কিন দৈনিক কাকতত সাক্ষাৎকাৰ দি ট্ৰাম্প সম্পৰ্কে তেনেদৰে কৈছে পেলোছিয়ে। তেওঁৰ মতে, ‍‘‍‘ট্ৰাম্পে দেশ চলোৱাৰ বাবে একেবাৰেই উপযুক্ত নহয়। কিন্তু তাৰবাবে তেওঁক ‍‘ইমপিচ’ কৰিবও নোৱাৰি, কাৰণ তেওঁ তাৰবাবেও যোগ্য নহয়।’’

ইয়াৰে ব্যাখ্যা দি পেলোছিয়ে কৈছে যে ‍‘‍‘মই ইমপিচমেণ্টৰ পক্ষত নাই। ইও এক সংবাদ। ইমানদিনে কোনো বাতৰিকাকতক মই এই কথা কোৱা নাছিলো। আপোনালোকে সুধিছে বাবে ক’লো। ময়ো এইসম্পৰ্কে ভাবিছিলো। ইমপিচমেণ্ট এনে এক ঘটনা—যাক কেন্দ্ৰ কৰি দেশখন দুভাগ হৈ পৰিব পাৰে। এনে এটা পদক্ষেপ তেতিয়াহে গ্ৰহণ কৰাৰ কথা ভাবিব পাৰি যেতিয়া কোনো গুৰুত্বপূৰ্ণ বিষয় বিবেচনালৈ আহে। ট্ৰাম্পৰ বাবে দেশখনক দুভাগ কৰাৰ কথা কোনোমতেই ভাবিব নোৱাৰি। তেওঁ মুঠেও যোগ্য নহয়।’’ পেলোছিয়ে পুনৰ কয় যে, ‍‘‍‘নৈতিকভাৱেও, বৌদ্ধিক দিশৰপৰাও আৰু আগ্ৰহৰ বিষয় হৈ উঠাৰ ক্ষেত্ৰতো ট্ৰাম্প একেবাৰেই অযোগ্য। আমেৰিকাৰ ৰাষ্ট্ৰপতি পদটোত তেওঁক একেবাৰেই খাপ নাখায়।’’

#            #              #

পোছাকবিধি ভংগ, ৩৮ বছৰৰ কাৰাদণ্ড আৰু বেত্ৰাঘাতৰ নিৰ্দেশ

ইৰাণৰ মহিলা মানবাধিকাৰ আইনজীৱি নাচৰিণ চোতৌদক ৩৮ বছৰৰ কাৰাদণ্ডাদেশ আৰু ১৪৮ টা বেত্ৰাঘাতৰ নিৰ্দেশ দিছে তেহৰাণস্থিত ৰিভলিউশ্যনাৰি আদালতে। হিজাব তথা শিৰ ঢাকি ৰখা কাপোৰ পিন্ধাৰ যি নিৰ্দেশমূলক বিধি ইৰাণৰ চৰকাৰে জাৰী কৰি থৈছে, তাৰেই প্ৰতিবাদ কৰিছিল মহিলাসকলে—শিৰত বস্ত্ৰ নোলোৱাকৈ। নাচৰিন চোতৌদে (৫৫ বছৰ বয়স) সেই মহিলাসকলৰ কাষলৈ গৈ তেওঁলোকৰ সমৰ্থন জনাইছিল। তাৰপিছতেই তেওঁক গ্ৰেপ্তাৰ কৰা হয়। যোৱা বছৰৰ জুন মাহৰ ঘটনা আছিল সেই গ্ৰেপ্তাৰকার্য। পোছাকবিধি লংঘনৰ বাবে তেওঁ উৎসাহ দিছে—এই অভিযোগ ৰাষ্ট্ৰই তেওঁৰ বিৰুদ্ধে আনে। কোৱা হয় যে চোতৌদে হেনো ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতোল্লা আলি খোমেইনিৰ সন্মানত আঘাত দিছে। এনে কাল্পনিক অভিযোগেৰে তেওঁৰ বিৰুদ্ধে বিচাৰ আৰম্ভ হয়। এইকথা ব্যক্ত কৰি চোতৌদৰ স্বামী ৰেজা খানদানে কয় যে ৰাষ্ট্ৰই অভিযোগ খণ্ডনৰ সুবিধাকণো নিদিলে অভিযুক্তক। নাচৰিন চোতৌদক ৭ বছৰ পূৰ্বে ইউৰোপীয়ান পাৰ্লিয়ামেণ্টে গুৰুত্বপূৰ্ণ শ্বাখাৰভ বঁটা প্ৰদান কৰে। ২০০৯ চনত উগ্ৰ-ৰক্ষণশীল ৰাষ্ট্ৰপতি মাহমুদ আহমেদিনেজাদ বিতৰ্কিত নিৰ্বাচনত পুনৰ জয়ী হোৱাত যি প্ৰতিবাদী আন্দোলন হৈছিল, তাতেও অংশ লৈছিল নাচৰিনে। ফলস্বৰূপে তেওঁ ৩ বছৰ কাৰাগাৰত থাকিবলগীয়া হৈছিল। এইবাৰ তেওঁক ৩৮ বছৰৰ কাৰাদণ্ড আৰু ১৪৮ টা বেত্ৰাঘাতৰ নিৰ্দেশ দিছে আদালতে। (১৫ মাৰ্চ, ২০১৯)

#            #              #

গৃহযুদ্ধৰ পিনে আগবাঢ়িছে ভেনিজুৱেলা

বহুদিন পূৰ্বেই জনসমৰ্থন হেৰুৱাই ভেনিজুৱেলাৰ সমাজতান্ত্ৰিক স্বৈৰাচাৰী শাসকে ক্ষমতাত বৰ্তি থাকিবলৈ ৫ দিন সমগ্ৰ দেশখনক প্ৰায় বিদ্যুৎশূন্য কৰি ৰাখিছে। ফলত দুৰ্বিসহ হৈ পৰিছে মানুহৰ জীৱন। দেশত্যাগ কৰাৰ প্ৰৱণতাও বহু পৰিমাণে বৃদ্ধি হৈছে। চোছিয়েলিষ্ট ডিক্টেটৰ নিকোলাচ মাদুৰোই জনসাধাৰণক কেৱল ভাতেৰেই নহয় প্ৰাণেৰেও মাৰিবলৈ বিচাৰিছে। বিদ্যুৎ নথকা বাবে চিকিৎসালয়সমূহত এই পৰ্যন্ত ১৭ জন ৰোগীৰ মৃত্যু হৈছে। মানৱাধিকাৰ কৰ্মীসকলে কৈছে যে যাদুৰোই বিদুৎ সৰবৰাহ বন্ধ কৰি ৰোগীসকলক হত্যা কৰিছে। সামৰিক বাহগিনী আৰু বিচাৰালয়বোৰ এইপৰ্যন্ত মাদুৰোৰ অনুগত হৈ আছে যদিও সামৰিক বাহিনীৰ আস্থা হেৰুৱাব পাৰে মাদুৰোই। অৱসৰপ্ৰাপ্ত কৰ্ণেল জোছ মাছিলান্দাই কৈছে যে ভেনিজুৱেলাই হয়তো গৃহযুদ্ধৰ পিনে আগবাঢ়ি গৈছে। যদি আমেৰিকাৰ সামৰিক হস্তক্ষেপ ঘটে, তেনেহ’লে মাত্ৰ ৩ দিনতে ক্ষমতাচ্যুত হ’ব ডিক্টেটৰ গৰাকী। সমীপৰ দেশ কলম্বিয়া মাদুৰোৰ বাবে অতিষ্ট। কলম্বিয়াৰ সেনা ভেনিজুৱেলাত প্ৰৱেশ কৰিলে মাদুৰোই ৭ দিনত ক্ষমতাচ্যুত হ’ব। সমগ্ৰ দেশখনত বিদ্যুৎ সংকট চলিছে। মাদুৰো একেবাৰেই নিৰ্বিকাৰ। বিদ্যুৎ সংকট তেৱেঁই সৃষ্টি কৰিছে। মাৰ্চ মাহৰ ১২ তাৰিখে (২০১৯) মাৰ্কিন বিদেশ দপ্তৰে জনাইছে যে ৰাজনৈতিক সংকটৰ কাৰণে আমেৰিকাৰ কূটনীতিবিদসকল ভেনিজুৱেলাৰপৰা উভতি আহিছে। মাৰ্কিন জাতীয় নিৰাপত্তা উপদেষ্টাই ১১ মাৰ্চত কৈছে যে ভেনিজুৱেলাৰ সৈন্যবাহিনীৰ বহুতেই নিৰ্বাচিত গণতন্ত্ৰপন্থী সাংসদসকলৰ সৈতে কথা পাতিছে আৰু বিদ্ৰোহৰ বাবে সেনাসকলৰ একাংশই সাজু হৈছে। ভেনিজুৱেলা ক্ৰমে গৃহযুদ্ধৰ মুখে আগবাঢ়ি গৈছে। (১৫ মাৰ্চ, ২০১৯)

Related Articles

Close