|| টিকা উৎসৱঃ বহ্বাৰম্ভে লঘু ক্ৰিয়া ||

অঞ্জন শৰ্মা

আমন্ত্ৰণক্ৰমে বিবাহ অনুষ্ঠান বা ভোজলৈ গৈ চম্ভালিব নোৱৰা ভিৰৰ মাজত পৰা তথা আমন্ত্ৰণ কৰা অতিথিৰ তুলনাত খাদ্য-সামগ্ৰীৰ পৰিমাণ প্ৰায় এক-তৃতীয়াংশ বা এক-চতুৰ্থাংশ হোৱা হেতুকে ঠোট- মোট চেলেকি ঘামি-জামি ঘৰলৈ উভতি অহা — জীৱনৰ যাত্ৰাপথত আমাৰ বহুতৰে এনে অভিজ্ঞতা নিশ্চয় হৈছে! মোডী ডাঙৰীয়াৰ ‘টিকা- উৎসৱ’টোও বা টিকাকৰণ পৰ্বটোও সাম্প্ৰতিক কালত বহুতৰে বাবে তেনে প্ৰকাৰৰ এক তিক্ত অভিজ্ঞতাত পৰিণত হৈছে, বহ্বাৰম্ভে লঘু ক্ৰিয়া হৈছে! কিন্তু ‘টিকা’ৰ সেই ক্ষেত্ৰখনত বিচৰণ কৰাৰ আগতে আমি অলপ বেলেগ কথা আলোচনা কৰোহক।

১৯৯৪ চনত গুজৰাটত আৰু মহাৰাষ্ট্ৰত হাহাকাৰ লাগিছিল, কাৰণ প্লেগ আৰম্ভ হৈছিল। দক্ষিণ দিল্লী আৰু দক্ষিণ মুম্বাইৰ অভিজাত সকল সন্ত্ৰস্ত হৈ পৰিছিল বাবে মেডিয়াও ‘সজাগ’ হৈ পৰিছিল। কাৰণ পূৰ্বৱৰ্তী সময়ত প্লেগে ইউৰোপ, ভাৰত, বিভিন্ন প্ৰান্তত নৰ-সংহাৰ কৰিছিল, লাখ লাখ মানুহৰ মৃত্যু হৈছিল। গতিকে শংকা হৈছিল। লগতে এনে চিন্তাও হৈছিল যে পাশ্চাত্যৰ মানুহে আমাৰ দৰে অভিজাত সকলকো ‘প্লেগৰ দেশৰ মানুহ’ বুলি বেয়া চকুৰে নাচাবনে! প্লেগৰ বাবে ভাৰতৰ পৰা আমেৰিকা, লন্ডনলৈ যোৱা বিমান সেৱা বাতিল হ’ব পাৰে নেকি — এনেবোৰ চিন্তাই বিত্তবান সকলক খুলি খুলি খাইছিল। ব্যক্তিগত বাহনখনৰ চালকজনৰ বা ৰান্ধনীশালৰ ৰান্ধনী বাইজনীৰ বা ঘৰ পৰিষ্কাৰ কৰা দিদিজনীৰ যদি প্লেগ হয়, আমি কেনেকৈ চলিম– এইবোৰ চিন্তাইও বিত্তবান সকলক গভীৰ চিন্তাত পেলাইছিল। বিত্তবানসকল চিন্তান্বিত হৈ পৰিলে মেডিয়াৰ জগতখনতো চিন্তা আৰম্ভ হয়। গতিকে প্লেগক লৈ দু:শ্চিন্তাৰ অন্ত নাই!

সেই সময়তেই লন্ডনৰ পৰা প্ৰকাশিত এখন বাতৰিকাকতত প্ৰকাশ পাইছিল যে ভাৰতৰ প্ৰথম পূজনীয় ভগৱান শ্ৰীগণেশৰ বাহন এন্দুৰ হোৱা হেতুকে এন্দুৰৰ ওপৰত কোনো বিহিত ব্যৱস্থা লোৱা নহয়, এন্দুৰ অবধ্য আৰু সেই হেতুকে ভাৰতত এন্দুৰে মুক্তভাৱে প্লেগ বিস্তাৰ কৰি আছে তথা ই অৱিলম্বে এক ভয়াবহ ৰূপ ধাৰণ কৰিব। এইখিনিতে প্ৰণিধানযোগ্য যে সেইসময়তে এনে প্ৰশ্নও উত্থাপন হৈছিল – ইউৰোপত শ্ৰীগণেশ ভগৱান নাই, গতিকে বাহন হিচাপে ইউৰোপত এন্দুৰক বিশেষ ৰেহাই দিয়াৰ প্ৰশ্নও নাই; তেনেস্থলত ১৩ শতিকাত অকল্পনীয় প্লেগ ইউৰোপত কিদৰে হ’বলৈ পালে? এতিয়াও পিচে মাজে সময়ে ইউৰোপত কিছুমান লোক প্লেগৰ চিকাৰ হয় আৰু সেইবিষয়ে ‘বিশ্ব স্বাস্থ্য সংস্থা’ই কৈছে যে ইউৰোপৰ কিছুমান স্থানত পৰ্বতাৰোহণকাৰী সকলৰ তম্বুত বনৰীয়া এন্দুৰ ( wild rodent) সোমাই প্লেগৰ বিস্তাৰ সাধন কৰে।

যি কি নহওঁক, সেই সময়ছোৱাত ভাৰতত প্লেগক লৈ যিমান হুলস্থূল হৈছিল, ৰাজনৈতিক মহলত, বিত্তবান সকলৰ বৈঠকখানাত, মেডিয়া মোগলসকলৰ মাজত; অইন কিছুমান পূৰণি তথা গুৰুত্বপূৰ্ণ ৰোগে সেই মহলত কোনোদিনে কিন্তু একেবাৰেই প্ৰাধান্য পোৱা নাছিল। ১৯৯৪ চনৰ ২৬ আগষ্টৰ পৰা ১৮ অক্টোবৰ তাৰিখলৈকে ভাৰতত প্লেগৰ ফলত মাত্ৰ ৬৫ জন মানুহৰ মৃত্যু হৈছিল; কিন্তু ‘ডায়েৰিয়া’ বা হাগনিয়ে ভাৰতত বছৰি যে ১৫ লাখৰ প্ৰাণ কাঢ়ি লৈ যায় – সেইবোৰক লৈ কাৰো মূৰৰ কামোৰণি নাছিল! হাগনিয়ে প্ৰতি ৩ মিনিটত এজনৰ প্ৰাণবায়ু কাঢ়ে, অৰ্থাৎ এই সংখ্যা প্লেগতকৈ ৩০০০ গুণ অধিক আছিল! পিছে গুৰুত্ব নাছিল। পিছলৈ ‘ইউনিচেফ’-এ ‘State of the World’s Children Report’ প্ৰকাশ কৰি উলিওৱাৰ পিছতহে মেডিয়াৰ গা লৰিছিল আৰু সামান্য সচেতনতা প্ৰদৰ্শন কৰিছিল। এতিয়াও ভাৰতত ২৩ লাখ শিশুৰ বছৰি মৃত্যু হয় আৰু তাৰে ৩৩৪০০০ জন শিশুৰ হাগনি বা ‘ডায়েৰিয়া’ হৈ মৃত্যু হয়। এতিয়াও প্ৰতি ১৪ দিনৰ মূৰে মূৰে ভাৰতৰ ৭৫ লাখ শিশু (৫ বছৰৰ তলৰ)ক হাগনিয়ে আক্ৰমণ কৰি জৰ্জৰিত কৰে। দুষিত পানী খাই হোৱা বেমাৰ- আজাৰ হ’ল ভাৰতত বছৰি হোৱা জনস্বাস্থ্য সম্পৰ্কীয় ৰোগৰ ৮০%, লগতে লাখ লাখ মানুহৰ মৃত্যুৰো কাৰণ। এইবোৰৰ ভিতৰত হাগনি, টাইফয়েদ, কলেৰা, হেপাটাইটিছ, গ্ৰহণী আদিও সোমাই আছে। দুষিত পানী তথা পানী সংক্ৰান্তীয় ৰোগৰ কৱলত পৰি মৃত্যুমুখত পৰা প্ৰতি ৪ জন বিশ্ববাসীৰ ১ জন‌ হ’ল ভাৰতৰ। বিশুদ্ধ আৰু অপৰ্যাপ্ত পৰিমাণৰ পানীৰ সুবিধা নথকা সমূহ বিশ্ববাসীৰ প্ৰতি তিনিজনৰ এজনেই হ’ল ভাৰতৰ! পৃথিৱীৰ মুঠ ১৬০ লাখ কুষ্ঠৰোগীৰ ১২৭ লাখ হ’ল ভাৰতৰ, অৰ্থাৎ পৃথিৱীৰ প্ৰতি ৪ জন কুষ্ঠৰোগীৰ এজন হ’ল ভাৰতৰ। ২০১৬ চনত ভাৰতৰ ২৬১০০ শিশুৱে নিজৰ পঞ্চম জন্মদিনৰ পূৰ্বেই হাগনি তথা নিম’নিয়াত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছিল, আৰু এই হিচাব হ’ল বিশ্বৰ ভিতৰতে সৰ্বাধিক। ২০১৮ চনৰ ১২ নৱেম্বৰ তাৰিখে ‘বিশ্ব নিম’নিয়া দিৱস’ উপলক্ষে প্ৰকাশ কৰা ‘2018 Pneumonia and Diarrhoea Progress Report’ অনুসৰি ভাৰতত প্ৰতিদিনে ৭৩৫ জন শিশুৰ মৃত্যু হয়, অৰ্থাৎ প্ৰতি ২ মিনিটত এজনৰ মৃত্যু! ২০১৯ চনৰ ২৯ জুন তাৰিখে ‘The Times of India’ কাকতত প্ৰকাশিত  ‘Polluted Water Killed 7 Every Day in 2018’ শীৰ্ষক বাতৰিটোত কোৱা হৈছিল যে ২০১৮ চনত পানী সংক্ৰান্তীয় ৰোগত আক্ৰান্ত হৈ ভাৰতত ২৪৩৯ জনৰ মৃত্যু হৈছিল; আৰু এওঁলোকে দুষিত পানী সংক্ৰান্তীয় চাৰিটাকৈ প্ৰধান ৰোগ – কলেৰা, হাগনি বা ‘ডায়েৰিয়া'( ADD – Acute Diarrhoeal Diseases), টাইফয়েড আৰু ভাইৰেল হেপাটাইটিছ-অৰ চিকাৰ হৈছিল। ২০১৮ চনৰ আগৰ ৫ বছৰত দুষিত পানী সংক্ৰান্তীয় ৰোগৰ বাবে ভাৰতত ১১৭৬৪ জন মানুহৰ মৃত্যু হৈছিল। ২০২০ চনত প্ৰকাশিত বিশ্ব স্বাস্থ্য সংস্থাৰ এক সমীক্ষামতে হাগনি আৰু নিম’নিয়াৰ ফলত ৫ বছৰতকৈ সৰু শিশু বলি হোৱা ৭ খন‌ দেশৰ ( PDRR Focus Countries) তথ্য এনেধৰণৰঃ ভাৰতত ২৩৩২৪০, নাইজেৰিয়াত ২০৮৪৩৯, পাকিস্তানত ৯০৩৯৮, ডেম’ক্ৰেটিক ৰিপাব্লিক অব কঙ্গোত ৬৪১৭০, ইথিঅ’পিয়াত ৪৪৬৯২, চাদত ২৭৪৯৬, আৰু ইন্ডোনেছিয়াত ২৭৪২২; অৰ্থাৎ, ভাৰত শীৰ্ষস্থানত!

পৃথিৱীৰ সবাতোকৈ ডাঙৰ আচঁনি ‘কুষ্ঠৰোগ দূৰীকৰণ আচঁনি’ ভাৰতত, কিন্তু প্ৰতিবছৰে ১২০০০০ জনৰ পৰা ১৩০০০০ কুষ্ঠৰোগীৰ সৃষ্টিও ভাৰতত! ২০১১ চনত পৃথিৱীৰ ৮৬ লাখ যক্ষ্মাৰোগীৰ ভিতৰত ২২ লাখ আছিল ভাৰতত ( WHO, 2011); আৰু ২০১৯ চনত ভাৰতত ১৪ লাখ মানুহ যক্ষ্মাৰোগৰ ( ইয়াৰে ভিতৰত ২০৮০০০ জন ‘এইচ-আই-ভি’তো আক্ৰান্ত হৈ আছিল) বলি হয়। উল্লেখযোগ্য যে পৃথিৱীত যি যি ৰোগত মানুহৰ অকালতে মৃত্যু হয়, তেনে ১০ টা ৰোগৰ অন্যতম এটা ৰোগ হ’ল যক্ষ্মাৰোগ! ২০১৯ চনত যক্ষ্মাৰোগীৰ মুখ্য তালিকাত নাম লিপিবদ্ধ হোৱা প্ৰধান ৩০ খন দেশত সৰ্বমুঠ ৮৭% হ’ল নতুনকৈ হোৱা যক্ষ্মাৰোগ আৰু তাৰে ৮ খন দেশে মুঠ যক্ষ্মাৰোগীৰ ৩ ভাগৰ ২ ভাগ বহন কৰে, আৰু তাৰেই সৰ্বপ্ৰথম স্থানত আছে ভাৰত! বাকী কেইখন হ’ল ইন্দোনেছিয়া, চীন, ফিলিপাইন, পাকিস্তান, নাইজেৰিয়া, বাংলাদেশ আৰু দক্ষিণ আফ্ৰিকা। ২০০৯ চনত ভাৰতৰ কুষ্ঠৰোগীৰ সংখ্যা আছিল ২৪৪৭৯৬ জন আৰু২০১৮ চনত ভাৰতৰ কুষ্ঠৰোগীৰ সংখ্যা আছিল ২০৮৬১৯ জন! ২০১৯ চনত ভাৰতত যক্ষ্মাৰোগী চিনাক্ত হৈছিল ৰাজহুৱা খণ্ডত ১৭২৫৯২০ আৰু ব্যক্তিগত খণ্ডত ৬৭৮৮৯৫ জন, সৰ্বমুঠ ২৪০৪৮১৫ জন ( সূত্ৰঃ tbfacts.org)!

‘গ্লোবেল নিউট্ৰিশ্যন ৰিপোৰ্ট-২০১৮’ অনুসৰি সমগ্ৰ বিশ্বৰ এক-তৃতীয়াংশ অবিকশিত শিশু, অৰ্থাৎ পুষ্টিকৰ খাদ্যৰ অভাৱত অবিকশিত হোৱা ৪৬৬ লাখ শিশুৰ জন্মস্থান হ’ল ভাৰত! ভাৰতত ৫ বছৰতকৈ তলৰ যিমান শিশুৰ মৃত্যু হয়, তাৰে আধা সংখ্যক শিশুৰ মৃত্যু হয় পুষ্টিকৰ খাদ্য আদিৰ অভাৱৰ বাবে। ইউনিচেফ-অৰ মতে পৃথিৱীৰ এক-তৃতীয়াংশ অবিকশিত শিশু ভাৰতৰ! এইখিনিতে উল্লেখযোগ্য যে ২০১২ চনত ‘HUNGaMA ( Hunger and Malnutrition) Report-2011’ উন্মোচন কৰি সেই প্ৰতিবেদনত চকু ফুৰাই সেইসময়ৰ প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙে কৈছিল যে ভাৰতৰ জি-ডি-পি বৃদ্ধি পোৱাৰ পিছতো অভাৱ তথা পুষ্টিকৰ খাদ্যৰ অভাৱৰ বাবে হোৱা সমস্যাৰ পটভূমিত আহৰিত এনে ভয়াবহ তথ্য হ’ল ‘ৰাষ্ট্ৰীয় লজ্জাৰ বিষয়’ ( Dr Manmohan Singh, expressed dismay at the ‘unacceptably high’ levels of malnutrition despite high and impressive GDP growth and said it was a matter of ‘national shame’. He being renowned economist, also expressed that ‘the health of our economy and society lies in the health of this generation. We cannot hope for a healthy future for our country with a large number of malnourished children.)! কিন্তু বৰ্তমানেও ‘গ্লোবেল হাংগাৰ ইন্ডেক্স’ (GHI) অনুসৰি পৃথিৱীৰ ১১৮ খন দেশৰ তালিকাত ভাৰতৰ নাম ৯৭ নং হৈ আছে। এইবিষয়ে টিপ্পনি দিয়া হৈছে যে – ‘ভাৰতৰ মানুহ পৰ্যাপ্ত পৰিমাণে পুষ্টিকৰ খাদ্যৰ পৰা বঞ্চিত’ ( It concludes that Indian Population does not have access to sufficient and nutritious food)! ২০১৮ চনত ৫ বছৰৰ তলৰ শিশুৰ মৃত্যুৰ সংখ্যা ভাৰতত সৰ্বাধিক আছিল, ৮৮২০০০ জন! দ্বিতীয় স্থানত আছিল নাইজেৰিয়া, ৮৬৬০০০ জন। ইউনিচেফ-অৰ ‘The State of the World’s Children'(SOWC) শীৰ্ষক ২০১৮ চনৰ প্ৰতিবেদনত কোৱা হৈছে – ‘Around 38% Indian Children under the age of five years suffer from stunning.’

যি কি নহওঁক, কুষ্ঠৰোগ, যক্ষ্মাৰোগ, হাগনি, কলেৰা, মেলেৰিয়া, ডেঙ্গু, জাপানিজ এনকেফেলাইটিচ, এইডচ্, কেন্সাৰ, হৃদযন্ত্ৰৰ ৰোগ, হাওঁফাওঁৰ ৰোগ, বৃক্কৰ ৰোগ, মধুমেহ বা ডায়েবেটিচ, হাপানি, মানসিক ৰোগ, এলঝাইমাৰ, চকুৰ ৰোগ, দাঁতৰ ৰোগ, ইত্যাদি বিভিন্ন ৰোগৰ মাজত লাটুম ঘুৰাৰ দৰে ঘূৰি থকাৰ পিছত এতিয়া সেই সকলোবোৰক নিষ্প্ৰভ কৰি (যেন সেইবোৰ এতিয়া চাইগলৰ কন্ঠৰ ‘মধুবন মে ৰাধিকা…নাচে..ৰে….মধুবন মে’…জাতীয় গান হে) কোভিড-১৯ নামৰ ভাইৰাছে ‘গ্লেমাৰাছ’ ৰোগৰ সিংহাসনত আৰোহণ কৰিছে আৰু সাম্প্ৰতিক কালত সকলোবোৰ কথাই কোভিড কেন্দ্ৰিক হৈ পৰিছে। হয়, ই এক বিশ্বজোৰা সমস্যা হৈ পৰিছে।  কিন্তু এসময়ত প্লেগক যিদৰে বৰপীৰা পাৰি দি অইন সকলোবোৰ ৰোগক ঢাকি ৰখা হৈছিল; কোভিড-১৯ বা কৰ’নাৰ মহানৰমেধ যজ্ঞৰ আৰম্ভণিৰ আগলৈকে ভাৰত চৰকাৰে, বিত্তবান সকলে, সচেতন সকলে, মেডিয়াই, এতিয়া উদ্বিগ্ন হৈ পৰা সকলোৱে, আমিও, কোনোবা দিনা দশক দশক ধৰি লাখ লাখ মানুহৰ প্ৰাণ কাঢ়ি নিয়া উল্লিখিত ৰোগবোৰৰ প্ৰতি কোনোবা দিনা সচাকৈয়ে উদ্বিগ্ন হৈছিল/হৈছিলো নে? এই প্ৰশ্নৰ উদ্ৰেক হৈছে এইবাবেই যে আজি ইমান বছৰে স্বাস্থ্যৰ শিতানত ভাৰতে মুঠ ‘জি-ডি-পি’ৰ মাত্ৰ ১.২৬% বা তাতোকৈ কম ধন ব্যয় কৰি আহিছে আৰু আমি কোনোদিনে উদ্বিগ্ন হোৱা নাই! গ্ৰেট ব্ৰিটেইনে, নেদাৰলেন্ডে, নিউজিলেন্ডে, ফিনলেন্ডে, অষ্ট্ৰেলিয়াই মুঠ জি-ডি-পিৰ ৯% স্বাস্থ্য শিতানত ব্যয় কৰে; আমেৰিকাই জি-ডি-পিৰ ১৬% স্বাস্থ্য শিতানত ব্যয় কৰে; জাপানে, কানাডাই, ফ্ৰান্সে, জাৰ্মানীয়ে, চুইজাৰলেণ্ডে জি-ডি-পিৰ ১০% স্বাস্থ্য শিতানত ব্যয় কৰে; কিন্তু ভাৰতত প্ৰকৃততে স্বাস্থ্য শিতানত কৰা ব্যয়ক লৈ কোনেও তালফাল লগোৱা আমি নেদেখিলো আৰু আমিও উদ্বিগ্ন নহলো। ‘The National Policy of 2017’ অনুসৰি ভাৰত চৰকাৰক পৰামৰ্শ দিয়া হৈছিল যে ২০২৫ চনৰ ভিতৰত ভাৰতত স্বাস্থ্য শিতানত কমেও জি-ডি-পিৰ ২.৫% ধন বৰাদ্দ কৰিব লাগে। কিন্তু সেয়াও এক অলীক সপোন! কাৰণ বিশেষজ্ঞসকলে কৈছে যে ২০২৫ চনৰ সেই লক্ষ্য পূৰ্ণ হ’বলৈ হ’লে বছৰি কমেও জি-ডি-পিৰ ধন ০.৩৫% বৃদ্ধি কৰি গৈ থাকিব লাগিব আৰু ২০১৭ চনৰ পৰাই কৰি যাব লাগিব; কিন্তু দেখা গৈছে যে ০.৩৫% কৈ বৃদ্ধি কৰাৰ সলনি ০.০২% হে বৃদ্ধি কৰা হৈছে! গতিকে জি-ডি-পিৰ ২.৫% স্বাস্থ্য শিতানত বৰাদ্দ কৰাৰ সপোনো অলীক নহয় নে?

কিন্তু এই ভাৰততে পেটেলৰ এটা মূৰ্তিৰ নামত ৩০০০ কোটি খৰচ কৰা হয় ( বিজ্ঞাপনৰ বাবদ ২.৬৪ কোটি অন্তৰ্ভুক্ত হোৱা নাই), ফকীৰ চাহেব আৰু অইন কিছুমান ৰাজনৈতিক নেতাৰ বাবে ‘এছ-পি-জি’ৰ নিৰাপত্তাৰ নামত ২০২০ চনৰ বাজেটত ৫৯২.৫ কোটি টকা বৰাদ্দ কৰা হয় ( মোডীৰ নিৰাপত্তাৰ বাবে প্ৰতিদিনে ১.৬২ কোটি‌ টকা), প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিৰ বিলাসবহুল বিমানৰ বাবে ৮৬০০ কোটি টকা ব্যয় কৰা হয়, এনে এক ভয়াবহ দিনত সংসদ ভৱন- প্ৰধানমন্ত্ৰীৰ নতুন বাসভৱন নিৰ্মাণ আদিক সামৰা ‘চেন্ট্ৰেল ভিস্টা’ প্ৰকল্পক ‘জৰুৰীকালীন বিষয়’ৰ অন্তৰ্ভুক্ত কৰি ২০০০০ কোটি টকা বৰাদ্দ কৰা হয়, কৰ’নাকালত কুম্ভমেলাৰ জনসমাগম সফল কৰিবলৈ বাজেটত ৩২৫ কোটি টকা ধাৰ্য কৰা হয়, ১০০০+ কোটি টকা খৰচ কৰিবলৈ ৰাম মন্দিৰৰ শিলান্যাস কৰা হয়….!

                                                (ক্ৰমশঃ)

                                         ••••••••মহাবাহু•••••••

Show More

Related Articles

Back to top button
error: Content is copy right protected !!