টাইটানিকৰ স্মৃতি বিজড়িত ৰূপৰ পানীয় আধাৰৰ মূল্য ১ লাখ মাৰ্কিন ডলাৰ

মহাবাহু

লণ্ডন : ১০৭ বছৰ অতিক্ৰম হ’লেও টাইটানিকৰ স্মৃতিযুক্ত যিকোনো সামগ্ৰী আজিও অমূল্য। যোৱা ২ বছৰ পূৰ্বে টাইটানিকৰপৰা উদ্ধাৰ হোৱা এটা কাপ বিক্ৰী হৈছিল ২ লাখ ডলাৰত। সম্প্ৰতি এটি ৰূপৰ পানীয় আধাৰ বিক্ৰী হ’ল ১ লাখ মাৰ্কিন ডলাৰত, অৰ্থাৎ ভাৰতীয় মুদ্ৰাৰে প্ৰায় ৭৫ লাখ টকাত।

এই ৰূপৰ পানীয় আধাৰটোৰ সৈতে জড়িত হৈ আছে দীঘলীয়া ইতিহাস। পানীয় পাত্ৰটোত সম্ভৱতঃ ব্ৰেণ্ডি ৰখা হৈছিল। পাত্ৰটোৰ মালিক আছিল হেলেন চাৰ্চিল কেণ্ডি। বিশেষজ্ঞসকলে জনোৱা অনুসৰি টাইটানিকত বিভিন্ন শ্ৰেণীৰ যাত্ৰীসকলৰ বাবে সুকীয়া কোঠা, সুকীয়া ক্ষেত্ৰ, সুকীয়া বিলাসিতাৰ ব্যৱস্থা আছিল। হেলেন আছিল প্ৰথম শ্ৰেণীৰ যাত্ৰী। হেলেন চাৰ্চিল কেণ্ডি আছিল ইংলেণ্ডৰ ‍‘চাৰ্চিল ব্ৰাদার্ছ’ নামৰ তৎকালীন বস্ত্ৰ উৎপাদনকাৰী প্ৰতিষ্ঠানৰ মালিক। আৰ্থিক স্বচ্ছলতাৰ লগতে বিলাসিতাৰ বাবেও ‍‘চাৰ্চিল ব্ৰাদাৰ্ছ’ৰ সৈতে যুক্ত পৰিয়ালটো আছিল বিশ্ববন্দিত। গতিকে এনে এক পৰিয়ালৰ সৈতে ৰূপৰ পানীয় আধাৰ থকাটো স্বাভাৱিক।

কিন্তু সেই পানীয় আধাৰটো আছিল অভিশপ্ত। ছাউদাম্পটনৰপৰা নিউ ইয়ৰ্কৰ উদ্দেশ্যে টাইটানিকে যাত্ৰা আৰম্ভ কৰিছিল ১৯১২ চনৰ ১০ এপ্ৰিল তাৰিখে। ১৫ এপ্ৰিলত এই বিশাল জাহাজখনে গন্তব্যস্থানত উপনীত হোৱাৰ দিন আছিল। কিন্তু ১৪ এপ্ৰিল, ১৯১২ চনৰ নিশা ১১ বাজি ৪০ মিনিটত টাইটানিকে বৰফখণ্ডত যেতিয়া খুন্দা মাৰে, তেতিয়া হেলেনে ব্ৰেণ্ডিৰ পিয়লাত চুমা দি আছিল। মৃত্যু একেবাৰে দুৱাৰডলিত উপস্থিত হোৱা বুলি গম পাই তেওঁ প্ৰিয় সম্পদ ৰূপৰ আধাৰটো উপহাৰ দিছিল সাধাৰণ শ্ৰেণীৰ যাত্ৰী মেকি বেনেটক। তেওঁৰ উদ্দেশ্য আছিল এয়ে যে নিজৰ মৃত্যু হ’লেও যাতে ৰূপৰ আধাৰটো অক্ষত হৈ থাকে!

অথচ ভাগ্যৰ কি নিৰ্মম পৰিহাস, ১৫ এপ্ৰিল তাৰিখে যেতিয়া ডুবন্ত টাইটানিকৰ ধ্বংসাৱশেষৰপৰা উদ্ধাৰ কাম আৰম্ভ হয়, তেতিয়া বেনেটৰ নিথৰ শৰীৰ উদ্ধাৰ হৈছিল ডুবন্ত জাহাজৰ ওপৰতেই। অথচ সেই সময়ৰ ৫৩ বছৰৰ হেলেনে ‍‘লাইফ জেকেট’ পিন্ধি জাপ দি প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হয় (যদিও তেওঁৰ ভৰিৰ গোৰোহা ভাঙিছিল)।

১৯১৩ চনত, অর্থাৎ টাইটানিকৰ সলিল সমাধিৰ আঠমাহ পিছত ব্ৰিটেইনৰ প্ৰশাসনে সেই ৰূপৰ পানীয় আধাৰটোৰ মালিক বেনেট বুলি ভাবিয়েই তেওঁৰ ঘৰত সামগ্ৰীবিধ দি থৈ আহিছিল। কাৰণ বেনেটৰ মৃতদেহৰ কাষতেই সামগ্ৰীবিধ উদ্ধাৰ হৈছিল। টাইটানিকৰ সলিল সমাধিৰ ১ বছৰ পিছত ব্ৰিটেইনৰ বাতৰি-কাকতবোৰত অভিশপ্ত ১৪ এপ্ৰিলৰ স্মৃতিচাৰণ হৈছিল আৰু অইন বহুতৰ সৈতে হেলেনেও স্মৃতিচাৰণ কৰিছিল। হেলেনে বেনেট সম্পৰ্কে বেছি শব্দ খৰচ নকৰি ৰূপৰ সামগ্ৰীবিধৰ বিষয়েই বেছিকৈ লিখিছিল।

হেলেনৰ সেই লেখা পঢ়িয়েই বেনেটৰ পত্নীয়ে ৰূপৰ আধাৰটো ওভতাই দিবলৈ ব্যগ্ৰ হৈ পৰে। অৱশেষত ৰূপৰ সামগ্ৰীবিধ হেলেনৰ হাতলৈ আহে। প্ৰথম বিশ্বযুদ্ধৰ সময়ত ইউৰোপৰ সৈন্যসকলক বিভিন্ন প্ৰকাৰে হেলেনে সহায় কৰিছিল। প্ৰথম বিশ্বযুদ্ধৰ শতবৰ্ষ উপলক্ষে হেলেনৰ জিম্মাত থকা কেইপদমান দুষ্প্ৰাপ্য সামগ্ৰীৰ ছবিও প্ৰকাশ কৰা হৈছিল। আৰু তেতিয়াই ৰূপৰ পানীয় আধাৰৰ ছবিও ৰাজহুৱা হৈছিল। হেলেনৰ ৯০ বছৰ বয়সত, ১৯৪৯ চনত মৃত্যু হয়। তেওঁৰ মৃত্যুৰ পিছত পৰিয়ালৰ অন্যান্য সদস্যসকলৰ বাবে ৰূপৰ সেই আধাৰটোৰ গুৰুত্ব ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰে আৰু অৱশেষত পৰিয়ালে ২৩.০৮.২০১৫ তাৰিখে নিলাম কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। লণ্ডনৰ বিলাসবহুল মিউজিয়াম ‍‘এছ-এছ-চিটি’ত সেই অভিশপ্ত ৰূপৰ পাত্ৰটো ১ লাখ মাৰ্কিন ডলাৰত বিক্ৰী হয় ২৫.০৪.২০১৯ তাৰিখে।

Related Articles

Check Also

Close
error: Content is copy right protected !!
Close