জয় স্বৰ্গদেউৰ জয়

অঞ্জন শৰ্মা

ডেটল আৰু ফেনাইলৰ গোন্ধত হতবাক হৈ পৰিছে বীজাণুবোৰ।আটাইবোৰ টিউবলাইট সক্ৰিয় হৈছে। চৌদিশে এক উলাহৰ পৰিৱেশ। নিশাটোৰ ভিতৰতেই চূণ-কাম সমাপ্ত কৰা বেৰবোৰে চকুত ছাট মাৰি ধৰিছে। ‘কৰিডৰ’টোত ইমূৰৰ পৰা সিমূৰলৈ পাৰি দিয়া হৈছে ৰঙা কাৰ্পেট।কাৰ্পেটখনৰ দুয়োকাষে ডালিয়া, হাচনাহানা, গোলাপ ফুলেৰে জাতিষ্কাৰ ‘টাব’। দৌৰাদৌৰি, লৰা-ধপৰা, নিউজ চেনেলবোৰৰ ঈৰ্ষণীয় ব‍্যস্ততা, অধীক্ষকৰ তীক্ষ্ণ পৰিদৰ্শন, কণী-পেষ্ট্ৰি-কল-আপেলৰ সমন্বয়ৰে প্ৰস্তুত কৰা পেকেট লান্সৰ গণনা, নাই আজি চাধাৰুৱে চূণ মচা খুঁটা, ধূলি-পিক-থুই-চিগাৰেটৰ টুকুৰা-ৰজনীগন্ধা-তুলসীৰ খালী পেকেট, নাই কদাকাৰ লেতেৰা-পেতেৰা পৰিৱেশ; কোনে আজি ক’ব পাৰিব এই কথা যে এইখন এনে এখন চিকিৎসালয়-য’ত নাথাকে মাহৰ পিছত মাহ ধৰি কপাহ, বেন্ডেজ,ঔষধ, ফেনাইল, ৰবৰৰ হাতমোজা, ৰোগীৰ পথ‍্য, ব্লেড্! কোনে আজি ক’ব পাৰিব এই কথা যে শৌচাগাৰত পানীৰ অভাৱত চিকিৎসালয়ৰ বাহিৰে ভিতৰে অনবৰতে পোৱা যায় বীভৎস দুৰ্গন্ধ! কোনোৱেই ক’ব নোৱাৰিব এই কথা যে জেনেৰেটৰত ডিজেল নথকা হেতুকে ম’বাইলৰ পোহৰতো অস্ত্ৰোপচাৰ কৰিবলগীয়া হয় এইখন চিকিৎসালয়ত! কিন্তু এনেহেন চিকিৎসালয়ত নিশাটোৰ ভিতৰতেই কাৰ যাদুদন্ডৰ পৰশত সম্ভৱ হৈ উঠিল এই আশ্বৰ্যকৰ চমৎকাৰ?
আজি স্বৰ্গদেউৰ জন্মদিন। আজিৰ এই শুভ দিনটোতেই চিকিৎসালয়ত থকা সকলো ৰোগীক জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে স্বৰ্গদেউৱে পেকেট লান্স বিতৰণ কৰিব। সেয়ে কাৰো গাত তত্ নাই। খোপাত তগৰ-মালতী-ৰজনীগন্ধা নুগুজিলেও নাৰ্চকেইগৰাকীও হৈ পৰিছে ৰচকী ৰাংঢালী পখিলী। কোনোবাই ফ্লেক্স এখনো আঁৰি দিছে-‘স্বৰ্গদেউৰ জন্মদিন উপলক্ষে আমাৰ শুভেচ্ছা জনালো।’ ফ্লেক্সত থকা ছৱিখনত স্বৰ্গদেউৱে জিয়াজী ছ‍্যুটিঙৰ মডেলৰ দৰে প’জ দি হাঁহি আছে, সুন্দৰ চেহেৰা, যেন এইমাত্ৰ বাকলি গুচোৱা এটি হাঁহৰ সম্পূৰ্ণ সিদ্ধ কণী-ছৱিখনলৈ ৰ’ লাগি চাই আছে কেইবাগৰাকীও বয়স ভাটি দিয়া নাৰ্চকে ধৰি নতুনকৈ চাকৰি পোৱা দুজনীমানেও। তেওঁলোকৰো হাতে হাতে ফুলৰ থোপা। অপেক্ষা কৰিছে সেই সোণোৱালী ক্ষণলৈ…….
নিৰ্দিষ্ট সময়তেই গা-ৰক্ষী, ক’লা মেকুৰী, মুখ্য সচিব, আধা ডজন অ’-এছ-ডি, ব‍্যক্তিগত সচিব, স্বৰ্গদেউৰ সোণ-ৰূপৰ মুখেৰে নিৰ্গত হোৱা বাণী বাণীৱদ্ধ কৰিবলৈ সদা তৎপৰ হৈ থকা এজন বিশেষ অমাত‍্য, এজনী ৰাংঢালী সুন্দৰী অপ্সৰাসদৃশ বিধায়িকা, ইত‍্যাদিৰে পৰিৱেষ্টিত হৈ স্বৰ্গদেউৱে চিকিৎসালয়ৰ চৌহদত প্ৰৱেশ কৰি মুখত অনবৰতে বিৰাজি থকা হাঁহিৰে হাত জোকাৰি জোকাৰি তেওঁক আদৰণি জনোৱাসকলৰ পৰা আগবঢ়োৱা ফুলৰ থোপাবোৰ গ্ৰহণ কৰিলে আৰু চিকিৎসালয়ৰ অধীক্ষকৰ মুখৰপৰা ভক্তি সহকাৰে নিৰ্গত হোৱা কথাবোৰ শুনি শুনি মূৰ দুপিয়াই দুপিয়াই স্বৰ্গদেউৰ সমদল আগবাঢ়িল চিকিৎসালয়ৰ ভিতৰলৈ। ৰঙা কাৰ্পেটত খোজ দি দি ফুলৰ টাব, চিকুণ বেৰবোৰ চাই চাই স্বৰ্গদেউ গৈ আছে, গৈ আছে….আচম্বিতে ঘটনাটো ঘটিল! কোনেও তৰ্কিবকে নোৱাৰিলে। ৰৈ গ’ল সমদল। লগে লগে ক’লামেকুৰীবোৰে আৰু গা-ৰক্ষীসকলে আক্ৰমণ কৰিবলৈ উদ‍্যত হোৱাৰ লগে লগে কোমল অন্তৰৰ বিধায়িকা বাইদেৱে তেওঁলোকক হাত ডাঙি নিৰস্ত কৰিলে, আৰু স্বয়ং স্বৰ্গদেউৱেও মূৰ দুপিয়াই পাটগাভৰুসদৃশ বিধায়িকাক সমৰ্থন কৰিলে।
ঘটনাৰ বিৱৰণ এনেদৰে দিব লাগিব: গা-ৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ সকলো বাধা আওকাণ কৰি চিকিৎসালয়ৰ ভিতৰৰ কোনোবা এটা কোঠাৰ পৰা দৌৰি আহি এগৰাকী আউলি-বাউলি অৱস্থাৰ মহিলাই স্বৰ্গদেউৰ পদযুগলত খামোচ মাৰি ঢলি পৰিল আৰু বিনাবলৈ ধৰিলে। স্বৰ্গদেউ আৰু বিধায়িকা হতবুদ্ধি, বিস্মিত, কিংকৰ্তব‍্যবিমূঢ়। একমাত্ৰ পুত্ৰৰ মৃত্যুৰ পিছত এগৰাকী দুৰ্ভগীয়া মহিলাই পুত্ৰৰ জীৱনদানৰ বাবে গৌতম বুদ্ধৰ চৰণত দীঘল দি যিদৰে ইনাই-বিনাই গছৰ পাত সৰুৱাইছিল বুলি আমি সৰুতে পুথিত পঢ়িছিলো, ঠিক তেনেদৰেই (এই ঘটনাটোৰ ‘এক্সক্লুছিভ’ সম্প্ৰচাৰ নিউজ চেনেলত প্ৰচাৰ হৈ আছে দেই…) বিনাই বিনাই মহিলাগৰাকীয়েও কৈ গ’ল……
“হে অনাথৰ নাথ, হে অন্নহীনৰ অন্নদাতা, হে ভাগ‍্যবিধাতা, হে নায়ক, হে পূৰ্বদেশৰ গৌৰৱৰবি, হে ধীমান, হে কালজয়ী, হে পাহাৰ-ভৈয়ামৰ সেতু, হে নমামী, আজি আপুনি এই অভাগিনীক দয়া কৰক, অন‍্যথাই মই আজি এই পৱিত্ৰ তথা মহান দিনটোতেই প্ৰাণত‍্যাগ কৰিম-পেকেট লান্স মুখত নিদিয়াকৈয়েই।”
মহিলাগৰাকীৰ চকুৰ পানীৰে কাৰ্পেট সিক্ত হোৱা দেখি বিধায়িকাৰ অন্তৰ কুমলিল।তেওঁ মহিলাগৰাকীক নিজহাতেৰে সাৱট মাৰি থিয় কৰাম বুলি ভাবিছিল যদিও সেয়া নকৰি নাৰ্ছৰ হতুৱাই থিয় কৰালে আৰু ক’লে-“বিতত নহ’ব। আমাৰ সকলোৰে চেনেহৰ স্বৰ্গদেউৰ জন্মদিনৰ দৰে পৰম শুভ দিনত আজি আপোনাক মই কথা দিছো বাইদেউ, স্বৰ্গদেউৰ সাধ‍্যৰ ভিতৰুৱা কাম হ’লে আপোনাৰ কাম কৰি দিবলৈ কাৰ্পণ‍্য কৰা নহ’ব, নে কি কয় ছাৰ?” এনেদৰে কৈ বিধায়িকাই স্বৰ্গদেউৰ পিনে চোৱাৰ লগে লগেই স্বৰ্গদেৱে হাঁহি হাঁহি মূৰ দুপিয়ালে। লগে লগে প্ৰচন্ড গৰমত এছাটি জুৰ মলয়া বোৱাৰ দৰেই মুখ্য সচিবকে ধৰি সকলো বিষয়াবৰ্গ, গুণমুগ্ধ, মুক্ত চিন্তাবিদ, নিৰাপত্তাৰক্ষী (ক’লা মেকুৰীবোৰে নাহাঁহে দেই), চিকিৎসক, নাৰ্ছ-সকলোৰে গোমোঠা মুখবোৰতো বিৰিঙি উঠিল হাঁহি আৰু হাঁহি-শব্দহীন; আৰু সেই হাঁহিৰেই সকলোটিয়ে যেন স্বৰ্গদেউ আৰু বিধায়িকাৰ শলাগ ল’লে।…….
এতিয়া বিধায়িকাৰ অনুৰোধমৰ্মে মহিলাগৰাকীৰ যিটো কাম স্বৰ্গদেৱে কৰি দিব লাগিব, সেই কামটো এনেধৰণৰ-আজি ১০ দিনমানৰ আগতে মহিলাগৰাকীয়ে এহাল যঁজা সন্তান জন্ম দিছিল। স্বাভাৱিক প্ৰসৱ। কিন্তু দুখ:দায়ক ঘটনা এয়েই যে সন্তানহাল পেটে পেটে জোৰা লাগি আছে। সন্তানহাল একেবাৰেই স্বাভাৱিক, নিপোটল, কিন্তু পেটে পেটে জোৰা লাগি থকা হেতুকে এটাক অকলে কোলাত ল’ব নোৱাৰি, স্তনপান কৰাবলৈও অসুবিধা। কান্দোনত ভাঙি পৰিল মহিলাগৰাকী। কপালত চপৰিয়াই চপৰিয়াই মহিলাগৰাকীয়ে চিকিৎসকসকলক শাও দিবলৈ আৰম্ভ কৰিলে। মহিলাগৰাকীৰ বিশ্বাস-সন্তান জন্ম দিয়াৰ পূৰ্বে, আঠমাহ ধৰি চিকিৎসকে গৰ্ভৱতী মহিলাগৰাকীক যিবোৰ লিকটা ঔষধ খাবলৈ দিছিল, সেইবোৰে পেটৰ ভিতৰত ‘ফেবিকল’ জাতীয় আঠাৰ কাম কৰা বাবেই সন্তানহাল জোৰা লাগি গ’ল। সকলো দোষ চিকিৎসকৰ। গতিকে চিকিৎসকে ভালে ভালে সন্তানহালৰ জোৰা খুলি দিবই
লাগিব। মহিলাগৰাকীৰ এনেবোৰ কথাই চিকিৎসকসকলক স্বাভাৱিকতে ক্ষুণ্ণ কৰিলেও তেওঁলোকে যোৱা ১০ দিনে বুজাবলৈ চেষ্টা কৰিলে যে বৰ্তমান একো কৰা সম্ভৱ নহয় আৰু সকলো পৰমপিতা ভগৱানৰ হাতত, চিকিৎসকে কৰিবলগীয়া একো নাই। কিন্তু মহিলাগৰাকী কাৰো যুক্তিত পতিয়ন যোৱা ভকতনী নহয়। হুলস্থূলীয়া পৰিৱেশ, বিকট বিননি, শাওপাত…..যোৱা ১০ দিনে মহিলাগৰাকী সকলোৰে বাবে হৈ পৰিছে মূৰৰ বিষৰ কাৰণ। সেইগৰাকী মহিলাই আজি স্বৰ্গদেউৰ পদযুগলত ঢলি পৰি ভিক্ষা মাগিছে। মহিলাগৰাকীৰ দৃঢ় বিশ্বাস, স্বৰ্গদেউ আৰু বিধায়িকাই কিবা নহয় কিবা কৰি হ’লেও তেওঁৰ সন্তানহালৰ উপকাৰ সাধন কৰিব।
বিধাতাৰ লীলা কোনেও বুজিকে নাপায়। স্বৰ্গদেৱে সকলো কথা ধৈৰ্যসহকাৰে শুনিলে আৰু মহিলাগৰাকীৰ কোঠালৈ আগুৱাই গ’ল। তালৈ গৈ স্বৰ্গদেৱে দেখিলে যে মন মুহি নিয়া দুটি দেৱশিশু বিছনাত শুই আছে, দুয়োৰে পেটে পেটে জোৰা।স্বৰ্গদেৱে মহিলাগৰাকীৰ ফালে চাই মিচিকিয়াই হাঁহিলে আৰু ক’লে-” ভনী, মোৰ জন্মদিনৰ দিনা এনে এক শুভ কাম কৰিবলৈ পাই মই পৰম সুখী। কাৰণ ইতিমধ্যে বহুতৰে জোৰা সোলোকাই সোলোকাই ক্ষমতাত থাকিবলৈ সমৰ্থ হোৱাসকলৰ সান্নিধ্যৰ ফলত গুপুত মন্ত্ৰৰে মইও বহুতৰে জোৰা সোলোকাই দিব পৰা হৈছো যদিও জোৰা লাগি থকা সন্তান এহালৰ জোৰা সোলোকাই পোৱা নাছিলো। আজি এনে এক ঐতিহাসিক কাম কৰিবলৈ পাই মই পৰম সুখ অনুভৱ কৰিছো। ধৈৰ্য ধৰা ভনী, মই কামটো কৰি দিম।”
স্বৰ্গদেউ সন্তানহালৰ ফালে আগবাঢ়িল আৰু সকলোকে বিস্ময়াভিভূত কৰি সন্তানহাল বিধায়িকাৰ কোলাত তুলি দিলে। কোঠাটোত তেতিয়া কাঁহ পৰি জীণ যোৱা অৱস্থা। এইবাৰ স্বৰ্গদেৱে এটি কেচুঁৱাৰ কাণত ফুচ্ফুচাই কিবা ক’লে (গুপুত মন্ত্ৰ), তাৰপিছত অইনটো কেচুঁৱাৰ কাণতো ফুচ্ফুচাই কিবা ক’লে।
সময় যেন স্তব্ধ হৈ গ’ল।
চিকিৎসা বিজ্ঞানৰ সমস্ত জ্ঞান-তত্ত্ব-তথ‍্য–সকলোকে বুঢ়া আঙুলি দেখুৱাই পেটে পেটে জোৰা লাগি থকা সন্তানহালৰ জোৰাটো নিমিষতে খুলি গ’ল। সকলোকে স্তম্ভিত কৰি দুয়োটা সন্তান পৃথক হৈ পৰিল। অভাৱনীয় আনন্দত হিয়া মথি ওলাই অহা চকুলো মচি হাঁহি হাঁহি, কান্দি কান্দি মহিলাগৰাকী পুনৰ স্বৰ্গদেউৰ চৰণত ঢলি পৰিল।
সকলোৱে সমস্বৰে কৈ উঠিল-
জয় স্বৰ্গদেউৰ জয়।
জয় স্বৰ্গদেউৰ জয়।।
বিধায়িকা স্বৰ্গদেউৰ ফালে আগবাঢ়ি গ’ল, আৰু…….
(ছে:, এনে সময়তে মিশ্ৰৰ পৰা ফোনটো আহিব লাগেনে….সাৰ পাই গ’লো নহয়!)

Related Articles

error: Content is copy right protected !!
Close