জ্ঞানবাপী মছজিদ , ন্যায়পালিকা, ধৰ্মনিৰপেক্ষ ভাৰতবৰ্ষ

মনোজ বৰুৱা

১৯৯২চন। তেতিয়া বাবৰী মছজিদ ধ্বংস কৰাৰ আন্দোলন তুংগত উঠিছিল।ভাৰতৰ বিভিন্ন ৰাজ্যৰ চাৰিওফালে এক হিংসাত্মক, সাম্প্ৰদায়িক পৰিস্থিতি। তেনে সময়তেই উগ্ৰ হিন্দুত্ববাদী আন্দোলনকাৰী সকলে শ্লোগান দিছিল এনেদৰে ,”য়ে তৌ কেৱল ঝাকী হে,কাশী মথুৰা বাকী হে”। তেনেধৰণৰ এক সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰিস্থিতি পুনৰ এইখন ভাৰতবৰ্ষত আমি কল্পনা কৰিব নোৱাৰো যদিও সেই শ্লোগানৰ প্ৰতিধ্বনি আজিও যেন গুঞ্জৰিত হৈ আছে।২০১৯ চনত বিজয় চন্দ্ৰ ৰাস্ত’গীৰ নেতৃত্বত এখন পেটিশ্বন ফাইল কৰা হ’ল।গোচৰ দিয়া হ’ল যে, হিন্দুৰ বাবে এখন পবিত্ৰ ধাম কাশীত থকা যি জ্ঞানবাপী মছজিদ,সেই মছজিদ দৰাচলতে সম্ৰাট ঔৰংগজেৱে এটা শিৱ উপাসনা কৰা মন্দিৰ ভাঙি নিৰ্মাণ কৰাইছে। এই বিষয়ে বাৰাণসীৰ জিলা সত্ৰ ন্যায়াধীশৰ বিচাৰপতি আশুতোষ তিৱাৰীয়ে ২০২১ চনৰ ৮ এপ্ৰিল তাৰিখে বিচাৰত কয় যে ,ভাৰতৰ প্ৰত্নতত্ব বিভাগৰ এখন ৫জনীয়া কমিটীয়ে এই মছজিদৰ ওপৰত গৱেষণা কৰক আৰু অহা ৩১ মে’ তাৰিখে আদালতক জনাওক যে প্ৰকৃততে এটা শিৱ মন্দিৰ ভাঙি এই মছজিদ প্ৰতিষ্ঠা কৰা হৈছিলনে? অৱশ্যে বিচাৰত এই কথাও উল্লেখ কৰা হয় যে এই ৫জনীয়া কমিটী খনত অতি কমেও দুজন সংখ্যালঘু সম্প্ৰদায়ৰ মানুহ থকা উচিত। কেৱল সংখ্যালঘু সম্প্ৰদায়ৰ হ’লেই সমস্যা সমাধান হ’বনে? নে ইয়াৰ ক্ষেত্ৰত প্ৰত্নতাত্বিক জনৰ দক্ষতাইহে অধিক ফলপ্ৰসূ হ’ব সেয়াও বৰ্তমান সুধী সমাজৰ আলোচনীয় বিষয়।
ভাৰতবৰ্ষৰ ধৰ্মনিৰপেক্ষ সমাজ ব্যৱস্থাৰ সুবৃহৎ আলোচনা কৰাৰ আগতেই আমি বাৰাণসী জিলা ও সত্ৰ ন্যায়াধীশে প্ৰদান কৰা বিচাৰৰ যুক্তিযুক্ততা আৰু প্ৰাসংগিকতাৰ বিষয়ে আলোচনা কৰাৰ প্ৰয়োজন আছে। নৰসিংহ ৰাৱৰ প্ৰধানমন্ত্ৰীত্বৰ কালত ভাৰতীয় সংসদত Places of Worship Act, 1991 গৃহীত কৰা হয়। এই আইনৰ চতুৰ্থ অনুচ্ছেদৰ মতে, ১৯৪৭ চনৰ ১৫ আগষ্ট তৰিখে ভাৰতৰ উপাসনাথলীসমূহ যেনেদৰে আছিল তাৰ কোনো পৰিৱৰ্তন নহ’ব। ইয়াৰ ক্ষেত্ৰত অযোধ্যা বাবৰী মছজিদৰ গোচৰ ব্যতিক্ৰম আছিল কিয়নো এই গোচৰ ১৯৮৬ চনতেই উত্থাপন কৰা হৈছিল। ভাৰতীয় সংবিধানৰ প্ৰাথমিক অধিকাৰৰ অন্তৰ্গত অনুচ্ছেদ ২০ ৰ মতে এটা গোচৰৰ বিচাৰ সেই নিয়মমতেহে কৰা হ’ব যি নিয়ম তাৰ উত্থাপন কৰাৰ সময়তে লাগু আছিল। গতিকে ১৯৯১ ৰ আইনখনে বাবৰী মছজিদৰ বিচাৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে। কিন্তু এই আইন অনুসৰি বাৰাণসীৰ আদালতে দিয়া ৰায়দান যুক্তিসঙ্গত হ’ব নোৱাৰে।
বৰ্তমান সময়ত হিন্দুত্ববাদী বিশ্বাসেৰে বলীয়ান হৈ একাংশই বাবৰী মছজিদৰ ৰায়দানক সাৰোগত কৰি যেনেদৰে জ্ঞানবাপী মছজিদৰযুক্তি দিছে, ইয়াৰ পৰা এটা কথা স্পষ্ট যে সেই একাংশই বাবৰী মছজিদৰ ৰায়দানৰ ওপৰত ভালদৰে অধ্যয়ন কৰা নাই। সুদীৰ্ঘ ৰায়দানত এটা কথা স্পষ্ট যে, প্ৰত্নতাত্ত্বিক বিভাগৰ প্ৰতিবেদনৰ সলনি সেই বিচাৰ প্ৰদান কৰা হৈছিল মূলতঃ ভূমি সমস্যা সমাধানৰ ওপৰতহে।স্পষ্টকৈ প্ৰকাশ কৰা হৈছিল যে প্ৰত্নতাত্ত্বিক বিভাগে সঁচাকৈ মন্দিৰ ভাঙি তাত মছজিদ নিৰ্মাণ কৰা হৈছিল নে নাই সেই বিষয়ে প্ৰমাণ দিবলৈ অসমৰ্থ। সেইবাবেই অন্য ৫ একৰ মাটিও মছজিদৰ বাবে প্ৰদান কৰা হৈছিল। মূলতঃ সাম্প্ৰদায়িক সম্প্ৰীতি আৰু ৰাজনৈতিক পৰিস্থিতি উত্তাল নকৰাৰ স্বাৰ্থতেই এই বিচাৰৰ ৰায়দান দিয়া হৈছিল যদিও ৰায়দানৰ বহুকেইটা গুনগত বৈশিষ্ট্য আছিল। প্ৰথমতেই ইয়াৰ জৰিয়তে মধ্যযুগীয় আক্ৰমণৰ ওপৰত আলোকপাত কৰা হৈছিল। মধ্যযুগীয় ৰজাসকলে ধৰ্মভেদে বিপৰীত পক্ষৰ ৰজাৰ কুলদেৱতাক অপমান কৰা বা তেওঁলোকৰ উপাসনাথলী ধংস কৰাৰ অলেখ কাহিনী বিদ্যমান। ৰায়দানত স্পষ্ট কৰি দিয়া হৈছিল যে , ইতিহাসৰ কোনো কথা বা কাহিনীৰ ভিত্তিত বৰ্তমান সময়ত কোনো ন্যায়ালয়ে ৰায়দান কৰিব নোৱাৰে। আনহে নালাগে, বাবৰী মছজিদৰ ৰায়দানৰ স্পষ্টকৈ কোৱা হৈছিল যে, Places of Worship Act, 1991 খন ভাৰতৰ সংবিধানৰ মূলগাথঁনি ধৰ্মনিৰপেক্ষতাৰ ৰক্ষাৰ বাবে অপৰিহাৰ্য। আওপকীয়াকৈ এই আইনখনো সংবিধানৰ মূলগাঁথনিৰ সুঁতিৰ আওঁতাৰ ভিতৰলৈ অনা হ’ল।
এতিয়া জ্ঞানবাপী মছজিদৰ গোচৰত জিলা ও সত্ৰ ন্যায়াধীশৰ বিচাৰে সংসদ আৰু উচ্চতম ন্যায়ালয় উভয়ৰে সিদ্ধান্তৰ বিৰোধিতা কৰি অনুচ্ছেদ ১৪১ অমান্য কৰিছে। গোচৰৰ উচিত তদন্তৰ বাবে ই উচ্চতম ন্যায়ালয় পৰ্যন্ত পোৱাটো প্ৰায় নিশ্চিত যদিও এনেসমূহ কাৰ্যকলাপে ভাৰতৰ আত্মাক আঘাত দিয়াৰ যত্ন কৰে। গোচৰ দিওঁতা শ্ৰীমান ৰস্ত’গীয়ে ইণ্ডিয়া টুডে’ক দিয়া এটা মন্তব্যত নিজেই উল্লেখ কৰিছে যে, যদিও আগৰ শিৱমন্দিৰটো ভঙাৰ ক্ষেত্ৰত যুক্তি আছে তথাপি ঔৰংগজেৱে নতুনকৈ জ্ঞানবাপী মছজিদ নিৰ্মাণ কৰাইছে বুলি একো প্ৰমাণ নাই। তেনেক্ষেত্ৰত ভাৰতীয় ন্যায়পালিকাৰ ওপৰত সম্পূৰ্ণ বিশ্বাসী এজন ভাৰতীয় নাগৰিকৰূপে আমি আশা কৰিম বিংশ শতাব্দীৰ প্ৰাৰম্ভতে নৱ উত্থান ঘটা হিন্দুত্ববাদী ভাৱধাৰাৰ হেঁচা যেন বিচাৰ বা ৰায়দানত ফুটি নুঠে।
প্ৰকৃততে চাবলৈ গ’লে আমাৰ মধ্যযুগীয় ইতিহাস অতি ৰক্তাক্ত। তেনেক্ষেত্ৰত ধৰ্ম এটা গৌণ উপাদান মাত্ৰ। মোগলসকলে ভাৰতক আক্ৰমণ কৰাৰ সময়ত মোগলৰ লগত যুদ্ধ কৰা ৰজাজন যেনেদৰে মুছলমান আছিল, তেনেদৰেই পাছৰ সময়ত মোগল সেনাতো বহু হিন্দু বা শিখ, সৈন্য অথবা সেনাপতি হিচাপে অন্তৰ্ভুক্ত হৈছিল। সেই ৰক্তাক্ত ইতিহাসক যদি আমি বৰ্তমানৰ ৰাজনীতি আৰু সমাজনীতিৰ দিকনিৰ্ণায়ক হিচাপে গণ্য কৰোঁ তেন্তে সি বৰ্তমানৰ ভাৰতবৰ্ষৰ সুখ আৰু সমৃদ্ধিৰ বাবে কোনোপ্ৰকাৰে শুভলক্ষণ নহ’ব। ১৯৯২ ত অযোধ্যা আন্দোলনত শ্লোগান দিয়া হৈছিল , ’তিন নহী, তিন হাজাৰ’। অৰ্থাৎ অযোধ্যা, কাশী বিশ্বনাথ বা মথুৰাই নহয়, আন তিনিহাজাৰ অন্য ক্ষেত্ৰতো একেদৰেই কাৰ্যপন্থা লোৱা হ’ব। এনেধৰণৰ আগ্ৰাসী মনোভাৱে ভৱিষ্যত সময়ত ভাৰতৰ বাবেই এক অশনি সংকেত কঢ়িয়াই আনিব।
অসমৰ ক্ষেত্ৰতো আমি বিভিন্ন স্থাপত্যৰ ক্ষেত্ৰত প্ৰাচ্যৰ ভাস্কৰ্যৰ নিদৰ্শন পাওঁ। সংস্কৃতি এক বোৱতী সুঁতি। সংস্কৃতিৰ সংবৰ্ধনৰ স্বাৰ্থত এই বোৱতী সুঁতি প্ৰৱাহমান হৈ থকাটো দৰকাৰ। উজনি অসমৰ আহোম যুগৰ স্থাপত্য সমূহৰ নিৰ্মাতা ঘনশ্যাম কাৰিকৰো এজন মোগল আছিল বুলি বুৰঞ্জীয়ে কয়। তেনেক্ষেত্ৰত যিকোনো ধৰ্মৰ মানুহে আহি এতিয়া যদিহে সেই বিশেষ স্থাপত্য ‛আমাৰ’ বুলি কৰ্তৃত্ব স্থাপন কৰিবলৈ যায়, তেতিয়া সি অসমীয়া জাতীয়তাবাদৰ সংবৰ্ধনৰ ক্ষেত্ৰত প্ৰতিৱন্ধক হিচাপেহে থিয় দিব।
বিচাৰপতি ৰঞ্জন গগৈৰ নেতৃত্বত প্ৰদান কৰা অযোধ্যা কাণ্ডৰ ৰায়দান, তাৰপিছত বিচাৰপতি গৰাকীৰ ৰজ্যসভালৈ গমন আদিৰ দৰে কথাবোৰ বিতৰ্কৰ আৱৰ্তত যদিও প্ৰদান কৰা ৰায়দানে সাম্প্ৰদায়িক সম্প্ৰীতি স্থাপন কৰাৰ আপ্ৰাণ চেষ্টা কৰিছিল তাত কোনো সন্দেহ নাই। কিন্তু বৰ্তমান সময়ত এই ৰায়দানকো প্ৰত্যাহ্বান জনোৱা কাৰ্য অতি নিন্দিত। পৰৱৰ্তী সময়ত জ্ঞানবাপী মন্দিৰৰ ক্ষেত্ৰত উপযুক্ত কাৰ্যপন্থা গ্ৰহণ কৰা হ’ব বুলি আমি আশাবাদী।
Show More

Related Articles

Back to top button
error: Content is copy right protected !!