জুই লৈ নেখেলিবি ৰঙা চকু দেখুৱাই

ড০ ভূপেন হাজৰিকা

 [ ১৯৮০ চনৰ মহাবাহু আলোচনীত প্ৰকাশিত ড০ ভূপেন হাজৰিকাৰ ‍‘‍‘জুই লৈ নেখেলিবি ৰঙা চকু দেখুৱাই’’ শীৰ্ষক লেখাটো ৩৯ বছৰ পিছত পুনৰ ‘মহাবাহু’ত দাঙি ধৰিলো…]
তেতিয়া ১৯৭২ চন, নৱেম্বৰৰ আঠ তাৰিখ। অসমত জীয়াই থকাৰ যুঁজ চলিছে। অসমীয়া জাতিৰ বিপৰ্যয়। বহুতো শ্বহীদ হ’ল। তেতিয়া মই লিখিছিলো—
এই গীত নুবুজিলে শতগীত লিখি যাম জগাই লুইতৰে পাৰ
শংকৰ মাধৱৰ মহা মহা সৃষ্টিৰে উজ্জ্বল লুইতৰে পাৰ,
কতজনে শলাগিলে অসমীয়া লিখনি পদ্মগোহাঞি বৰুৱাৰ।
বড়ো, ৰাভা, মিচিঙৰ ৰূপে-ৰসে ভৰপূৰ জীয়া জীয়া আমাৰ ভাষাৰ,
লিখাবোৰ কি বাৰু পঢ়ি পঢ়ি চোৱা নাই পামেগাম বিষ্ণু ৰাভাৰ?
আনন্দ, চন্দ্ৰ, হেম, ৰজনীকান্ত আৰু অম্বিকাগিৰীৰ ভাষাৰ,
একে ফুলনিতে জানো ফুল ফুলা নাছিলে মফিজ হাজৰিকাৰ?
আজান ফকীৰ আৰু লক্ষ্মীনাথৰ একে ধ্যান-একেটি আশাৰ,
মোজাম্মিল অনিলো হ’ল একে শৰতৰে দুটি ফুল, একেটি ভাষাৰ।
উপাধ্যায়, ত্ৰিপাঠী, আফাজ, তমিজ আৰু কৰ্মকাৰ চাহ বাগিচাৰ,
অসমীক আঁকোৱালি পাতিছে মনৰ কথা, ভাষা-নৱ অসমীয়াৰ!
বহুতো বঙালী ভাই লুইতৰ পাৰ পাই হ’ল বান্ধ অসমীয়াৰ,
বুকুখনি উদঙাই ঢালি দিলে অসমে মৌজোল স্নেহ নিজৰাৰ।
ন-বোৱাৰীৰো দেখো প্ৰাণৰ তৃষ্ণা হয় পতিগৃহ আপোন কৰাৰ,
বহু যুগ অসমতে থকা কিছু মানুহৰ দেখো কিয় চাৱনি ঘৃণাৰ!
দূৰণিৰপৰা আহি যুগ যুগ ধৰিও অসমীক মাতৃ নোবোলাৰ,
কথা শুনি কিনো ক’ব সুন্দৰ আত্মাই—জ্যোতি আগৰৱালাৰ?
কবীন্দ্ৰ ৰবীন্দ্ৰ আৰু আচাৰ্য ৰায় অন্নদাশংকৰ আৰু সুনীতি কুমাৰ,
এওঁলোকে জানে দেখো ঐতিহ্য মহান আমাৰ মাতৃভাষাৰ। (মৃত্যু কথা)
আজি আই অসমী মিঠা দুটি ওঁঠ আৰু জিভা কিয় ৰাঙলী তোমাৰ?
(তাত) শাণিত অস্ত্ৰেৰে ঘপিয়ালে কোনে বোৱাই শোণিত সাতোবাৰ?
সাতোটি তেজৰ ধাৰ চিনিছো চিনিছো যেন জ্বলে তাত মুখ কাৰোবাৰ
এটি যেন ৰঞ্জিত, আনটি সূৰ্য আৰু এটি অনিল বৰাৰ।
গোলাপ কলিটিৰ দৰে সুকোমল মোজাম্মিল ‘ধন’ৰ দেহাৰ
তেজ সানি কোৰাণত তহঁতে চিঞৰ কিয় কি নাম সেইটো ভাষাৰ?
ৰঙা ৰঙা তেজ সনা দেহা দুটি পৰি ৰ’ল বলীন আৰু প্ৰমোদ বৰাৰ
তাৰ প্ৰতিবাদৰূপে শুনিছিলো শৱদ মহন্ত বাগৰি পৰাৰ।
সূৰ্যৰ পিনে চাই সংগ্ৰাম কৰিবলৈ অসমৰো আছে অধিকাৰ
তাৰেই প্ৰকাশক উচ্চাত্মিকা বুলি কৱ লুকুৱাই নিজে ব্যভিচাৰ।
চিন্তাৰ বাহন মোৰ মাতৃভাষা; অস্ত্ৰ নহয় ক্ষমতাৰ
মুখাপিন্ধা নীতিবিদ্ আওপাকে নুবুজাবি, মানে নাই তোৰ বক্তৃতাৰ।
ভাষাৰ সামন্তবাদ পুৰণিকলীয়া হ’ল, কিমান আৰু কৰ হুংকাৰ!
মইবৰ ভাবেৰে কত জাল তৰিবি মিছা মিছা সাংবাদিকতাৰ?
শান্তিপূৰ্ণ এই অসমীয়া জাতিটো ভাল ভাৰতীয় উদাৰ
আভুৱা নাভাঁৰিবি ভুৱা পণ্ডিত সৱ নিজকেই চিকুট এবাৰ।
(যুক্তি কথা)
(হেৰ’!) দেখুৱাই দেচোন এই মহাভাৰতত এচিকুটা মাটি ক’ৰবাৰ
(য’ত) চিন পৰি থকা নাই বহু ভাষা-ভাষীয়ে বহু বহুবাৰ গচকাৰ?
তেন্তে কিয় ভাৰতৰ অঞ্চলে অঞ্চলে সুআসন একোটি ভাষাৰ?
(তাত) দূৰণিৰপৰা অহা সংখ্যালঘুৱে লিখে বুৰঞ্জী জীণ যোৱাৰ।
পুনৰ গঠন বুলি পুনৰ ভাঙন কৰা চক্ৰান্ত আছে যাৰ যাৰ
জুই লৈ নেখেলিবি ৰঙা চকু দেখুৱাই সকীয়ালো এয়ে শেষবাৰ।
বংগ-বন্ধু শ্বেখ মুজিবুৰে যেতিয়া চিঞৰিলে ‘সোণাৰ বাংলাৰ’
তেতিয়া জানো হেৰ অপমান কৰা হয় বিশ্বৰ অন্য ভাষাৰ?
তৰ্ক নকৰো মই, শেষ হ’ল তৰ্ক। এই গীত সতৰ্ক কৰাৰ
নানিবি অসমলৈ ত্ৰাস পৰিৱেশ, ধ্বংসযজ্ঞ জ্বলোৱাৰ।
বহু কাপুৰুষে ঘেৰি শিৰচ্ছেদ কৰিছিলি অহিংস অনিল বৰাৰ!
সৌৱা চা আকাশত জ্বলিছে অনিল
মোজাম্মিল—ৰূপ ধৰি ধ্ৰুৱ তাৰকাৰ। (শেষকথা)
অসমীয়া জাতিটোৱে অসমীয়া ক’বলৈ কাকনো কৰিছে বলাৎকাৰ।
হেৰ’
অসমীয়া ভাষাটিৰ অসমতে নাই জানো যোগ্যতা পোৱাৰ অধিকাৰ?
সমগ্ৰ ভাৰতৰ ভাষা দুৰ্নীতিৱান, কুচক্ৰী য’ত কুলাংগাৰ
(হেৰ’) অসম দেশখন তহঁতৰ জানো পৈতৃক পৰীক্ষাগাৰ?
আৰু যদি কোনোবাই উচ্চাত্মিকা মন লৈ অসমীয়াক জোকায় এবাৰ।
লক্ষ লক্ষ নৱ ডেকা-গাভৰুৱে তেজ দিব ৰঙা কলিজাৰ।
কাৰো প্ৰতি বিদ্বেষ, কাৰো ভাষা অৱহেলা, লক্ষ্য নহয় আমাৰ
এই গীত নুবুজিলে শত গীত লিখি যাম জগাই লুইতৰে পাৰ।
জোনাকী যুগৰপৰা সংগ্ৰাম কৰিও চিন নাই ভাগৰি পৰাৰ
আজিৰ অসমীয়াৰ অগনি চৰিছে গাত দীক্ষাৰে নৱবাৰতাৰ
আজিৰ অসমীয়াই নৱ ৰূপ ধৰি ল’লে
আগ্নেয় মহা জনতাৰ
দুৰ্জেয় নৱ চেতনাৰ
আগ্নেয় মহা জনতাৰ
 আঠ নৱেম্বৰ, ১৯৭২ চনত এই গীতটো লিখি শেষ হ’ল। তাৰ পিছত ঊনাশী-আশী চনত শ্বহীদ হ’ল পূৰ্ণ নিৰ্মলীয়া—নাহৰকটীয়াত; গান্ধীবাৰী তামুলপুৰৰ প্ৰমোদ কলিতা; টংলাৰ মকুন্দ বড়ো; লামডিং—নগাঁৱৰ কমল বৰা; উজান বৰবৰীৰ খৰ্গেশ্বৰ তালুকদাৰ; বাগানপাৰাৰ নলবাৰীৰ শ্বহীদ দিলীপ হুজুৰী; চলাৰকটকী গাঁৱৰ দুলীয়াজানত কুমুদ গগৈ; চাচনিৰ অজিত নেওগ, ভাদৈ পাঁচআলিৰ নৃপেন বৰা, চাচনিৰেই নগেন ডেকা আৰু কোন ক’ত আছে, কোন শ্বহীদ হ’ব, আজি মই নাজানো।
আজি কোন কোন আহিছা আইক পূজিবলে’—আইৰ পূজাৰ বেলি হ’ল। আইৰ পূজাৰ বেলি হ’ল, সমনীয়া। সাজু হ’বৰে হ’ল ডেকা ল’ৰা, সাজু হ’বৰে হ’ল।
আমাৰ ল’ৰা পিছে সাজুতো হ’লেই। আৰু লক্ষ লক্ষ নৱ ডেকা-গাভৰু আগুৱাই গৈছে। পুৰণি পুৰুষে হাত সাবটি কিছুৱে বহি আছে! ই লজ্জাৰ কথা। আজি আঠ নৱেম্বৰ, বাসত্তৰ চন বহুদূৰ গ’ল। মহাবাহু লুইতত বহুতো পানী বাগৰিলে। এতিয়া সিদিনা যোৰহাটত হাজাৰ হাজাৰ জোঁৰ লোৱা শান্তিৰ সেনানী যেতিয়া আগবাঢ়িছিল, মই তৰাজানত বহি আছিলো। তেতিয়া মোৰ হঠাতে শেষ সকীয়নি দিবলৈ মন গ’ল। আৰু লিখিছিলো—
ঊনাশী-আশীত লুইতপৰীয়াৰ দলে
সহস্ৰ কণ্ঠেৰে ক’লে,
অহিংস নীতিৰে কৰিম সংগ্ৰাম
যাওকগৈ জীৱনটো গ’লে।
খৰ্গেশ্বৰৰ কোমল বুকুত
শোষকৰ শাণিত অস্ত্ৰ,
তেজাল ডেকাৰ তেজ বেগেৰে বলে
দেহত শুকুলা বস্ত্ৰ।
এই সংবাদ শুনিয়েই অসমবাসীৰ
কালিকা চৰিল যেন গাত,
অগণন ৰাইজে সমদল সজালে
জীৱনটো কৰিও পাত।
দুলীয়াজানত গ’ল অজিত নেওগ
নগেন ডেকা আৰু কুমুদ গগৈ,
বাগানপাৰাৰ দিলীপ হুজুৰীও
বীৰদৰ্পে গুচি গ’লগৈ।
আৰু কত শতজনে মৰণক নেওচি
নিতে নৱ কৰিছেহি পণ,
পোহৰ সন্ধানী অগ্নিশিখাত
উজলিছে জন অগণন।
মৃত্যুপণেৰেই উলিয়াব লাগিবই
জীয়াই থকাৰ এটি বাট,
এই সংগ্ৰাম—শেষ সংগ্ৰাম
এয়েই শেষ শৰাইঘাট।
(১৯৮০, প্ৰথম সংখ্যা, মহাবাহু)

Related Articles

Check Also

Close
error: Content is copy right protected !!
Close