জীৱন জিন্দাবাদ :  বৰণীয়া জীৱন

কাবেৰী গোস্বামী

গুৱাহাটীৰ পৰা বিশ্বনাথ অভিমুখী ট্ৰেভেলাৰখনত ঘৰলৈ আহি থাকোঁতে মাৰ বাওঁহাতে মাজৰ বাটটোৰ সিকাষে বহা মানুহগৰাকীক প্ৰথমে মন কৰা নাছিলো৷ মাৰ লগত মই মাজে মাজে কথা পাতি আহিছো আৰু যেতিয়াই তেওঁলৈ চকু যায় তেওঁ মিচিককৈ হাঁহি এটা মাৰে৷ আমাৰ সমুখতে চালকৰ আসন৷ তেওঁলোকে কিবা খুহুতীয়া কথাত হাঁহিলেও মানুহগৰাকীয়ে মিছিকিয়াই আহিছে৷ তেজপুৰৰ মিছন চাৰিআলি পাবলৈ দহ মিনিটমান থাকোঁতে তেওঁ প্ৰথমবাৰৰ বাবে মাত দি ক’লৈ যাম সোধে৷ সৌজন্যতাৰ বাবেই ময়ো একে কথাই সোধাত তেওঁ আপোনমনে কৈ যায়, তেওঁ মিছন চাৰিআলিতে নামিব আৰু গুৱাহাটীৰ পৰা আহিছে৷ পিছদিনা  তেওঁৰ চৈধ্যবছৰীয়া একমাত্ৰ পুত্ৰৰ এটা জটিল অস্ত্ৰোপচাৰ হ’ব, আৰু তাৰ বাবে স্বামীৰ অনুমতিৰ কাকতত চহী কৰাবলৈ আহিছে, দিনটো বিভিন্ন চিকিৎসা সম্পৰ্কীয় পৰীক্ষাখিনি কৰাই  ল’ৰাক আইতাকৰ ওচৰত থৈ৷ সামৰিক বিভাগত (?) কাম কৰা দেউতাক (মই গাড়ীৰ হৰ্ণৰ বাবে ভালকৈ নুশুনিলো)  ছুটি লৈ পিছত যাব৷ সোধো নোসোধোকৈ (যিহেতু আনৰ ব্যক্তিগত কথা মই কেতিয়াও সুধিব নোখোজো) কি হৈছে সুধিলো৷ তেওঁ কোৱামতে চাৰি বছৰ ধৰি ল’ৰাজনৰ হাৰ্টৰ অসুখ৷ এতিয়া ৰোগটো বাঢ়ি জটিল পৰ্যায়ত৷ অলপতে ডিঙিৰ সিৰ ছিগি মুখেৰে তেজ গৈছে, সেয়ে কাইলৈ অস্ত্ৰোপচাৰ কৰাই তেজ ৰ’লেই বাহিৰলৈ (ৰাজ্যৰ) লৈ যাব৷ লগতে কয় সি অহাবাৰলৈ মেট্ৰিক দিব৷
মই ৰোগৰ বিষয়ে নাজানো, বিশেষ ধাৰণা নাই৷ কিন্তু দিনটো চিকিৎসালয়ত একমাত্ৰ পুত্ৰক প্ৰায় অকলে চিকিৎসা কৰাই গুৰুতৰ অৱস্থাত এৰি আহি ফোনত খবৰ লৈ থাকিও মনৰ অস্থিৰতা ঢাকি আনৰ হাঁহিত হাঁহি মিলাব পৰা এগৰাকী মানুহৰ সেই মানসিক শক্তিয়ে যেন মোক শিকাইছে “জীনা ইছিকা নাম হে’…”৷
আমাৰ পৰিয়ালৰ এগৰাকী সম্পৰ্কীয়া আছে৷ বয়সীয়া মহিলাগৰাকীক যেতিয়াই লগ পাওঁ তেওঁক হুমুনিয়াহ কাঢ়ি থকাতেই দেখো৷ আমাৰ ঘৰত থকাকৈ আহিলেও অহৰহ আনৰ তুলনাত তেওঁ কি অভাৱত  সংসাৰ চলালে, জীৱনত কি নাপালে, কি নহ’ল সেই একেখন কেছেটেই বাৰ বাৰ বজাই৷ পুত্ৰ- কন্যা, নাতিৰে অৱস্থাপন্ন মানুহঘৰৰ সেই মানুহগৰাকী কিন্তু সদায় অসন্তুষ্টিৰ মাজতেই আছে৷
আমাৰ প্ৰতিবেশী আন এটা পৰিয়াল দেখিছো৷ কেইবাটাও সন্তানৰ দেউতাকজনে ঠেলা চলাই আৰু মাকে তাঁত বৈ, ধান ৰুই ঘৰখন চলি থাকে৷ এদিন মানুহঘৰৰ মাজু ছোৱালীজনী আমাৰ ঘৰলৈ বিয়ালৈ মাতিবলৈ আহি অলপ দেৰি বহোঁতে কথা প্ৰসংগত সিহঁতৰ ঘৰখনৰ কথা বৰ আত্মসন্তুষ্টিৰে কৈছিল৷ দিনে আনি দিনে খোৱা ঘৰ এখনৰ অভাৱ থাকিলেও যে অসুখ নাথাকে সেই কথা দেখি বুজিব পাৰি, সুখে মন বিচাৰি লয়, ঘৰ নহয়৷
জীৱন পোৱা নোপোৱাৰ হিচাপবহী নহয়৷ অংকত কেঁছাজনৰো জীৱনৰ শুদ্ধ সমীকৰণে উত্তৰ হিচাপে সুখকে প্ৰতিস্থা কৰিব পাৰে৷ মনটো বেয়া লাগিলেই মই মোৰ ভাল লগা কথা, কাম, মুহূৰ্তলৈ মনত পেলাওঁ৷ সময়ে মোক এটা কথা শিকাইছে যে জীৱনলৈ সুঃসময় আৰু দুঃসময় দুয়োটাই আহে৷ কেতিয়াবা অনুপাতটোহে কম বেছি হয়৷ আৱেগিক মানুহক দুঃসময়ে কেতিয়াবা চনকা কাঁচৰ দৰে ভাঙে৷ কিন্তু দুঃসময়ক ভাঙিবলৈ প্ৰশ্ৰয় দিয়া জানো উচিত! আচলতে নিজক নিজেই নিচুকাব লাগে, “Be your own cheerleader”৷ নিজৰ ক্ষেত্ৰত কেতিয়াবা প্ৰেক্টিকেল হ’বও লাগে আৰু কেতিয়াবা সহানুভূতিশীল৷ পিছে নিজৰ দুখৰ জোলোঙাটো আনৰ আগত মেলি সহানুভূতি লোৱাৰ প্ৰৱণতাৰে নিজকে পুতৌৰ পাত্ৰ কৰাৰ বাহিৰে হয়তো যোগাত্মক দিশ তেনেকৈ নাই৷ পিছে বহুসময়ত মনটো সৰল শিশুৰ দৰে, অথবা বৰফৰ দৰে৷ উম পালেই গলি যায়৷ কিন্তু পৰাপক্ষত  গলিবলৈ নিদিয়াকৈ ৰাখিব পৰাটো নিজৰ বাবেই মংগল৷
  অনেকৰ বাবে জীৱনটো আক্ষেপৰ সমষ্টি৷ ভবা মতে কোনো কাম নহ’লে, যাত্ৰাকালত পছন্দৰ আসনখন নাপালে, একেৰাহে ৰ’দ অথবা বৰষুণ দিলে, কোনোবাই অধিক গুৰুত্ব দিলে অথবা কোনোবাই গুৰুত্বই নিদিলে, বেছিকৈ গৰম অথবা বেছিকৈ শীত পৰিলে, কৰ্ম সংস্থাপন এটা নাপালে অথবা পোৱাৰ পিছতো তাত তিষ্ঠিব নোৱাৰিলে… ইত্যাদি অনেক সৰু- বৰ কথাত আমি অসন্তুষ্টি প্ৰকাশ কৰাৰ সুযোগ বিছাৰি ফুৰোঁ৷ আমি জীৱন নামৰ যাত্ৰাটো উপভোগ কৰাতকৈ উপভোগ কৰিব নোৱাৰাৰ কাৰণ বিছৰাতহে ব্যস্ত হৈ যাত্ৰাৰ সময়খিনি কটায় দিওঁ৷ বিপৰীতে কিন্তু কোনো কোনোৰ জীৱন আৰু জীৱনৰ  দুৰ্যোগক লৈও কোনো আক্ষেপ অভিযোগ নাথাকে৷ যন্ত্ৰণাৰ মাজতো প্ৰশান্তিৰ পোহৰ সিঁচিব পৰাকৈ এনেজন সমৃদ্ধ…

Related Articles

error: Content is copy right protected !!
Close