জীৱনবোধৰে আত্মমন্থন

পুষ্পাঞ্জলী শিৱম শৰ্মা

আত্মপ্ৰত্যয়েৰে যদি আমি আমাৰ জীৱনটোক অন্বেষণ কৰিব খোজো তেতিয়া আমি  আধ্যাত্মিকতাৰ আলমত আন্তৰিক পৰিপূৰ্ণতা ,চেতনাৰ সম্প্ৰসাৰন তথা আত্মাৰ স্ৱউপলব্ধিৰে স্ৱমন্থন কৰিব পাৰিব লাগিব,  আত্মাৰ আত্ম উপলব্ধিৰে জ্ঞান আহৰণত মনোনিবেশ কৰিবৰ বাবে ,নিশ্চয়কৈ প্ৰকৃতিৰ  প্ৰকৃত স্বৰূপ অন্তঃকৰণৰে বোধ কৰিব পাৰিলেহে পৃথিৱীত নতুন যুগৰ সূচনা হব পাৰে বুলি আশা কৰিব পাৰি ৷
ঈশ্বৰৰ দেশলৈ পাৰ্থিবতাৰ মোহভৰা এই সমষ্ট জগত নেওচি বাট বুলিবলৈ ৰাজি কিমানজন আজিৰ সময়ত? এজন ব্যক্তিৰ সমাজৰ প্ৰতি তথা আত্মবিকাশ আৰু উন্নতিৰ দিশত যিবোৰ কৰনীয় থাকে তাক উপলব্ধি কৰিবলৈ মানবীয় গুনেৰে পৰিপুষ্ট হোৱাটো নিতান্তই প্ৰয়োজনীয় ৷
নিজৰ প্ৰতি ,আনৰ প্ৰতি দেশ তথা দহৰ বাবে কাম কৰি নিঃস্বাৰ্থভাবে আগবাঢ়ি যোৱাটো কেৱল মুখৰ কথা হ’ব নোৱাৰে ৷ব্যক্তিবিশেষৰ যদি শৌয্যবীৰ্য, কায্যকুশলতা আৰু নিঃস্ব সেৱাৰ অনুভৱ নাথাকে তেতিয়া যিমান গুন জ্ঞানৰে পুষ্ট হ’লেও সেই জ্ঞান তামসিক হ’য় ৷যি বীৰ্য্যত সুসংহত জ্ঞান, কৰ্মকুশলতা আৰু সেৱা নাথাকে তেনে বীৰ্যত আসুৰিক তা নিহিত থকাটো স্ৱাভাৱিক ৷ তেনে শৌয্য হিতকাৰী  আৰু জন কল্যাণকামী হোৱা দেখা নাযায় ৷ শক্তি,জ্ঞান আৰু কুশলতা অবিহনে সেৱা দাসত্বলৈ ৰূপান্তৰিত হ’য় আৰু সৰ্বাধিক জ্ঞান,বীৰ্য আৰু সেৱা অবিহনে কুশলতা স্বাৰ্থপৰ-লোভী বুলি পৰিগণিতহে হ’য় ৷
   এইখিনিতে মানুহৰ মানসিক জগতখন তথা মানসিক সুস্বাস্থ্যৰ প্ৰসংগটো অৱতাৰণা কৰাৰ প্ৰয়োজন আহি পৰে ৷
    এটা সুন্দৰ মানসিক স্বাস্থ্য বৰ্তাই ৰাখিবলৈ হ’লে আমাক লাগিব এক  সুস্থ দেহৰ লগতে সুস্থ চিন্তাধাৰাৰে পৰিপুষ্ট মনৰো। আৰু এয়া তেতিয়াই সম্ভৱ যেতিয়া  আমি পবিত্ৰতা, শান্তি, প্ৰেম, দয়া, ক্ষমা, পৰোপকাৰ, শক্তি, জ্ঞান আদি গুণৰ প্ৰকৃত চয়ন আৰু এইবোৰৰ বহনকাৰী হিচাপে নিজকে পৰিপুষ্ট কৰিব লাগিব।কিন্ত দূৰ্ভাগ্যজনক ভাবে সাম্প্ৰতিক সময়ত  মানুহৰ মনত  ইয়াৰ পৰিৱৰ্তে হিংসা-বিদ্বেষ, কলুষতা, অশান্তি, ঘৃণা, দুৰ্বলতা, অজ্ঞান, অন্ধকাৰ, অসততা, দুৰ্নীতি ভ্ৰষ্টাচাৰ, অৰ্থনৈতিক অনিয়ম আদিয়ে ঘৰ কৰিছেহি আৰুপ্ৰতিপলে তিলতিলকৈ মানসিক স্বাস্থ্যৰ ওপৰত যথেষ্ট বিৰূপ প্ৰভাব পেলাইছে ৷
দুঃখ তথা অশান্তিৰ ক্ৰমবৰ্ধমান হাৰৰ মূল কাৰণ হিচাপেও  ধৰা দিব ধৰিছে ৷ দ্ৰুতগতিত মানুহবোৰ ক্ৰমান্বয়ে বিকাৰগ্ৰস্ততাত লুতুৰিপুতুৰি হ’ব ধৰিছে আৰু এক অনাকাঙ্ক্ষিত ভৱিষ্যতৰ পিনেহে যেন ধাৱিত হ’ব আৰম্ভ কৰিছে ,এয়া এক অশুভ ইংগিত সমাজৰ বাবে মানবতাৰ বাবে৷
কৰনীয় এই সময়ত যে ব্যক্তিমনৰ পৰা  মই বৰ ভাবৰ অতিমাত্ৰা অহংকাৰক আঁতৰ কৰি সত্য-সুন্দৰ আৰু শিৱৰ অৰ্থাৎ  “সত্যম শিৱম সুন্দৰম “ৰ সাধনাত গুৰুত্ব প্ৰদান কৰিব  লাগে। যেতিয়াই ব্যক্তি মনত ময়েই সৰ্বস্ব আৰু  গৰ্ব-অহংকাৰ ভাবে বাহ লয়, তেতিয়া মানুহৰ দেহ-মন  ক্ৰমাৎ অসুস্থ হৈ পৰিব আৰম্ভ কৰে৷
আত্ম অহংকাৰ আৰু মই সৰ্বস্ব ভাবে আত্মাৰ পূণ্যধৰ্ম পাহৰাই মানুহক অপকৰ্মত লিপ্ত কৰোৱায় ৷  গৰ্ব-অহংকাৰ হৈছে মানুহৰ মন বিবেক তথা আত্মাৰ পৰম শত্ৰু, আৰু  এনে ভাবনাই সৰ্বনাশৰ পিনেহে লৈ গৈ থাকে ৷
 মন আৰু আত্মাৰ উত্তৰণত  আধ্যাত্মিক জ্ঞান আৰু দৰ্শনে এক উল্লেখনীয় ভূমিকা পালন কৰে ৷ ইয়াৰ চৰ্চাই মানসিক স্বাস্থ্যৰ এক সু উন্নতিত অৰিহণা যোগায় আৰু দেহ-মন সুস্থ কৰে। সৎ চিন্তা ভাবনা আৰু অনুভৱৰ পৰা সৎ কৰ্মস্পৃহাৰ উৎপত্তি হ’য় আৰু এক সুস্থ জীৱন ধাৰণৰ প্ৰতি মানুহৰ অনুৰাগ বৃদ্ধি পায়।
মানুহে সৰ্বপ্ৰথমে নিজৰ সুখৰ কথাকেই অতিমাত্ৰা চিন্তা কৰাৰ পৰিৱৰ্তে সৰ্বাত্মক মানবপ্ৰেমৰ প্ৰতি ধাৱিত হোৱাটো দৰকাৰ ৷ ইয়াৰ প্ৰথম স্তৰ হৈছে সৰ্বমংগল কামনাৰে সকলোৰে হিত চিন্তা কৰা ৷এতিয়াৰ সময়ত সকলোৰে  জীৱনযাপন প্ৰবাহত ব্যক্তিবিশেষৰ  সুখ আৰু আনন্দ যেন কেৱল নিজ নিজ -মানসিক শাৰীৰিক আৰু ইতৰ বস্তুলাভ আৰু সেইবোৰৰ প্ৰাপ্তিৰ তৃপ্তিতে সীমাবদ্ধ।  কিন্ত মানুহ বুদ্ধিবৃত্তি সম্পন্ন জীৱ লগতে শিক্ষাৰ দ্বাৰাও পুষ্ট সেয়ে মানুহৰ বৌদ্ধিক চেতনাই ব্যক্তিবিশেষক লৈ যাব পাৰে পৰম শ্ৰেয় (highest good)-লৈ, য’ত চৰম মানসিক তৃপ্তিৰ ধাৰনাৰ অনুভব সঞ্জীৱীত হৈ থাকে ৷মানুহ সামাজিক প্ৰানী আৰু মানুহ মাত্ৰেই জীয়াই থকা যায় এক সামাজিক সত্তা হিচাপে সমাজৰ লগত সমাজত সমযোজন কৰি আৰু সেয়ে আমাৰ মাজত প্ৰয়োজন এক সংমিশ্ৰণৰ মাজেৰে অনৈক্যৰ মাজত ঐক্য ৰ ভাৰসাম্যতাৰ।
 প্ৰশ্ন এটা স্ৱাভাবিকতে উদয় হোৱাৰ থল আছে যে মানুহে মাত্ৰ কেৱল প্ৰতিপত্তি লাভ, খোৱা, পিন্ধা আৰু মৈথুন আদিৰ দৰে দৈহিক-মানসিক সুখতে জীৱনৰ অস্তিত্ব আৰু লক্ষ্যক সমাপ্তি হোৱা বুলি ধৰি লব নেকি?জীৱনৰ পৰম প্ৰাপ্তিএয়াই নেকি?
দাৰ্শনিক  জেৰেমি বেন্থাম (Jeremy Bentham)ৰ মতে, সেই পৰিমাণগত সুখ আমাৰ কাম্য হোৱা উচিত, যিয়ে নিজৰ আৰু আনৰ উভয় দিশত অতি কল্যাণকৰ হয়। তেওঁ সুখকে জীৱনৰ আদৰ্শ আখ্যা দিছে। সুখ পৰিমাপ কৰিব বাবে তেওঁ ৭টি মাপকৰ কথা উল্লেখ কৰিছিল ৷  (১৭৪৮-১৮৩২)সেইবোৰ হৈছে
 ১/ তীব্ৰতা: যি সুখ আপেক্ষিকভাৱে বেছি তীব্ৰ, তাকেই কামনা কৰা উচিত। দৈহিক সুখ মানসিক সুখতকৈ বেছি তীব্ৰ। কিন্তু ই হ’ব লাগিব সদৰ্থক আৰু মাৰ্জিত।
 ২/ স্থায়ীত্ব: খন্তেকৰ সুখতকৈ দীৰ্ঘস্থায়ী সুখ বেছি কাম্য। এনে ক্ষেত্ৰত দীৰ্ঘস্থায়ী মানসিক সুখ আমি কামনা কৰোঁ।
৩/ নৈকট্য: ভৱিষ্যতৰ সুখতকৈ বৰ্তমানৰ সুখ বেছি কাম্য। প্ৰতিটো মুহূৰ্ততে সুখী হৈ থকাটো আমাৰ কাম্য হোৱা উচিত।
৪/ নিশ্চয়তা: অনিশ্চিত সুখতকৈ নিশ্চিত সুখ কামনা কৰা উচিত। সুখী হমগৈ বুলি ভাবি থকা মানে বৰ্তমান আপুনি দুখত আছে।
৫/ বিশুদ্ধতা: সকলো সুখৰ সৈতে কম-বেছি পৰিমাণে দুখ জড়িত হৈ আছে। যেনে, মাতৃত্বৰ সুখ। যি সুখ কম দুখযুক্ত, তাকেই ‘বিশুদ্ধ সুখ’ বোলা হয় ৷
। ৬/ উৰ্বৰতা: যি সুখৰ সৈতে অন্য অনেক সুখ পোৱা যায় সেয়া হৈছে ‘উৰ্বৰ সুখ’। এনে সুখ আমাৰ চিৰকাম্য।
 ৭/ বিস্তৃতি: যি সুখ অনেক লোকে ভোগ কৰিব পাৰে, তেনে সুখ হৈছে ‘বিস্তৃত সুখ’। ই শ্ৰেয় আৰু কল্যাণকামী ৷
 তেওঁ আৰু  মতামত আবঢ়াইছিল যে ” আনক দুখ দি নিজে সুখী হ’ব বিচৰাজন এজন আদৰ্শ ব্যক্তি কেতিয়াও হ’ব নোৱাৰে। এয়া কেৱল জানৱত্বৰ পৰিচায়ক। নিজস্ব জৈৱিক সুখ অন্বেষী এখন সমাজত থাকিব পাপাচাৰ, ব্যভিচাৰ, অসমতা অৰু অন্যায়। গতিকে তেনে সুখ আমাৰ কাম্য হোৱা অনুচিত। য’ত আনৰো দুখ নাথাকক, বৰঞ্চ থাকক সকলোৰে সুখ— এয়াই হোৱা উচিত আমাৰ কাম্য। ইয়াত আছে পৰম মানসিক প্ৰশান্তি, দৈহিক প্ৰফুল্লতা আৰু দেৱত্ব! এয়াই হৈছে প্ৰকৃত সুখ। এয়াই প্ৰকৃত সুখৰ সংজ্ঞা। “
জীৱনত পোৱা এটি এটি মুহূৰ্তক উপভোগ কৰিব লাগে ,জীৱন এবাৰেই পায় ৷ জীৱনত জীয়াই থাকিবলৈ বহুতো উপাদান লাগে আৰু সকলোতকৈ গুৰুত্বপুৰ্ণ উপাদান হৈছে এখন প্ৰকৃত আৰু সচা অন্তৰ ৷য’ত নিহিত থাকিব লাগে মানৱতাৰ প্ৰতি সেৱা আৰু মৰম তথা ত্যাগৰ স্ৱাক্ষৰ ৷এক সুস্থ সৱল আৰু আনন্দময় জীৱনৰো ৰহস্য যেন ইয়াতেই জড়িত হৈ থাকে ,কথা হ’ল মাথো তাক উপলব্ধি কৰাৰহে ৷
Show More

Related Articles

Back to top button
error: Content is copy right protected !!