জিয়াভৰলী পাৰৰ নৈসৰ্গিকতা…

গৌতম শৰ্মা

হিমালয়ৰ পূব প্ৰান্তত অৱস্থিত অসমৰ শোণিতপুৰ জিলাৰ সদৰৰ পৰা মাত্ৰ ৩৫ কিলোমিটাৰ দূৰত্বত অসম-অৰুণাচল সীমান্তত থকা সুবৃহৎ অৰণ্যখনেই হৈছে নামেৰী ৰাষ্ট্ৰীয় উদ্যান। ৰাজ্যখনৰ ৰাজধানী চহৰ গুৱাহাটীৰ পৰা ১৯২ কিলোমিটাৰ দূৰত্বত থকা নামেৰীলৈ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰপৰা দূৰত্ব মাত্ৰ ৯ কিলোমিটাৰ। ভৌগোলিক অৱস্থিতিৰ দিশৰপৰা এই ৰাষ্ট্ৰীয় উদ্যানখনিৰ গুৰুত্ব অতি মনকৰিবলগীয়া। এফালে চিৰসেউজ পাহাৰ আনফালে চিৰসেউজ অৰণ্য, ইয়াৰ মাজেদিয়েই গহীন-গম্ভীৰভাবে বৈ গৈছে খৰস্ৰোতা জিয়াভৰলী। এই জিয়াভৰলীৰ পাৰৰ বিস্তীৰ্ণ অঞ্চল কেৱল সেউজীয়া আৰু সেউজীয়া। প্ৰকৃতিৰ ৰাণী অৰুণাচল প্ৰদেশৰ ১০০০ বৰ্গকিলোমিটাৰেৰে আগুৰা পাখুই অভয়াৰণ্যৰ উত্তৰ দিশৰ সৈতে সংলগ্ন হৈ থকা নামেৰী ৰাষ্ট্ৰীয় উদ্যানখনি মুঠ ২০০ বৰ্গকিলমিটাৰ মাটিকালিৰে গঠিত অসমৰ তৃতীয়খন ৰাষ্ট্ৰীয় উদ্যান। এই নামেৰী নামটো সম্ভৱত দফলা বা নিছি সম্প্ৰদায়ৰ পৰা অহা। সি যি কি নহওক, নামেৰীক ১৯৭৮ চনৰ ১৭ অক্টোবৰত সংৰক্ষিত বনাঞ্চল আৰু ১৯৮৫ চনৰ ১৮ ছেপ্টেম্বৰত ২১২ বৰ্গকিলোমিটাৰ এলেকাৰ বনভূমিক লৈ অভয়াৰণ্য ৰূপে ঘোষণা কৰা হয়।  পৰৱৰ্তী সময়ত ১৯৯৭ চনৰ ২৭ ফেব্ৰুৱাৰীত অৰণ্যখনৰ বনভূমিৰ পৰিমাণ ২০০ বৰ্গকিলোমিটাৰলৈ হ্ৰাস কৰি নামেৰীক ৰাষ্ট্ৰীয় উদ্যানৰ অস্থায়ী ঘোষণা কৰি শেষত ইয়াৰ পিছৰ বছৰত অৰ্থাৎ ১৯৯৮ চনৰ ৯ ছেপ্টেম্বৰত নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ চূড়ান্ত জাননীখন বলবৎ কৰা হয়। ইয়াৰ সমান্তৰালকৈ ১৯৯৯ চনৰ ৮ জুলাইত নামেৰীক অসমৰ দ্বিতীয়টো তথা ভাৰতবৰ্ষৰ ২৬ সংখ্যক বাঘ্ৰ‍্য প্ৰকল্পৰ স্থান ৰূপেও অন্তৰ্ভুক্ত কৰা হৈছে‌।
      ভৌগোলিক অবস্থিতিয়ে নামেৰী ৰাষ্ট্ৰীয় উদ্যানখনিক বহু প্ৰাচুৰ্য প্ৰদান কৰিছে। উদ্যানখনৰ মাজেদি বৈ যোৱা জিয়াভৰলী আৰু অন্যান্য উপনৈসমূহ যেনে- দৈগোং, দিজি, দিকৰাই, দিনাই, নামেৰী, খাৰী আদিয়ে অৰণ্যখনিক অনন্য মাত্ৰা প্ৰদান কৰিছে। এই নদীসমূহে দুই বা তিনিটা সুঁতিত এনেভাৱে পৰিণত হৈছে যে এইসমূহৰ গতিক বাধা দিয়াৰ শকতি কাৰোৱে নাই। বাৰিষা কালত সৃষ্টি হোৱা কেতবোৰ বিলেও নামেৰীক সমৃদ্ধ কৰি গঢ়িছে। সম্প্ৰতি নামেৰীখন বাঁহ, বেত, ঘাঁহ লগতে নদীৰে গঢ়া পূৰ্ণ চিৰসেউজ, অৰ্ধ চিৰসেউজ আৰু সেমেকা অৰণ্য বুলিয়েই সৰ্বসমাদৃত। মূল ৰাষ্ট্ৰীয় উদ্যানখনি প্ৰায় দহ শতাংশ ঘাঁহ-বনেৰে আৱৰি থকাৰ বিপৰীতে উদ্যানখনৰ সৰহভাগ অঞ্চল অৰ্ধ সেউজীয়া আৰু সেমেকা। নামেৰীখন বিভিন্ন দুষ্পাপ্য তথা আপুৰুগীয়া বনসম্পদেৰে ভৰা। অৰ্ধ চিৰসেউজ, আদ্র-পৰ্ণপাতী আদি বিভিন্ন প্ৰজাতিৰ উদ্ভিদৰ ভিতৰত গমাৰী, তিতাচপা, আজাৰ, পমা, অগৰু, ৰুদ্ৰাক্ষ, খকন, হলখ, নাহৰ, শিমলু, বনচোম, শিলিখা, কৰৈ, উৰিয়াম, শাল, বনজালুক আদিয়েই প্ৰধান। এই উদ্ভিদসমূহৰ ঠিক তলতেই বাঘঢকা, ফুটকলা, দীঘলতী, মাখিয়তী, হাতীখুতৰা, পানীলতা, বাঘআঁচোৰা আদি সৰু সৰু উদ্ভিদবোৰো পোৱা যায়। ঘাঁহজাতীয় উদ্ভিদৰ ভিতৰত ইকৰা, খাগৰী, নল, বিৰিণা, বিভিন্ন প্ৰকাৰৰ বেত, তৰা, পাটী দৈ আদিৰ লগতে বিভিন্ন ধৰণৰ বনৰীয়া ফুলেৰে সমৃদ্ধ নামেৰী।
      নামেৰী ৰাষ্ট্ৰীয় উদ্যানখন বৰ্তমান বহু লুপ্তপ্ৰায় বন্যপ্ৰাণীৰ আবাসথলীৰূপে পৰিগণিত হৈছে। ইয়াত পোৱা বন্যপ্ৰাণীসমূহৰ ভিতৰত হাতী, ঢেকীয়াপটিয়া, নাহৰফুটুকী, গোধাফুটুকী, লতামেকুৰী, সুগৰী পহু, শৰ পহু, খটীয়া পহু ভিন্ন প্ৰজাতিৰ কাছ, মেঠোন, বনগৰু, হিমালয়ৰ ক’লাভালুক, বনকুকুৰ, নল গাহৰি, হলৌ আৰু মলুৱা বান্দৰ, দল হৰিণ, অজগৰ, চম্বৰ আদি বিশেষভাৱে উল্লেখযোগ্য। ১৯৯৯ চনত নামেৰীক বাঘ্ৰ‍্য প্ৰকল্পৰ শাৰীলৈ উন্নীত কৰাত সম্প্ৰতি অৰণ্যখন বাঘ সুৰক্ষা, সংৰক্ষণৰ আকৰ্ষণীয় কেন্দ্রবিন্দু হোৱাৰ লগতে বাঘৰ আদৰ্শ বাসস্থান হিচাপেও চিহ্নিত হৈছে।  ১৯৯৭ চনৰ গণনাত উদ্যানখনত ২৯ টা বাঘৰ সম্ভেদ পোৱা গৈছে। দুটা পোৱালিসহ  ১৩ টা মতা আৰু ১৪ টা মাইকী বাঘ বুলিও এই গণনাই প্ৰকাশ কৰিছিল। ইয়াৰ পূৰ্বে ১৯৯৩ চনত হোৱা গণনাত উদ্যানখনত ২১ টা বাঘৰ সম্ভেদ পোৱা গৈছিল। ৯৭’ৰ বাঘ্ৰ‍্য পিয়লত নামেৰীৰ দাঁতিকাষৰীয়া জামুগুৰিহাটৰ নদুৱাৰ সংৰক্ষিত বনাঞ্চলত ৫ টা, বালিপাৰা সংৰক্ষিত বনাঞ্চলত ৯ টা বাঘৰ সম্ভেদ পোৱা গৈছিল। বন বিভাগৰ পৰা পোৱা তথ্য অনুসৰি, নামেৰী বাঘ্ৰ‍্য প্ৰকল্পৰ মূল এলেকা ২০০ বৰ্গকিলোমিটাৰ হ’ব যদিও এই প্ৰকল্পৰ অধীনত ৮০ বৰ্গকিলোমিটাৰজুৰি বিস্তৃত নদুৱাৰ সংৰক্ষিত বনাঞ্চল আৰু ৬৪ বৰ্গকিলোমিটাৰ আয়তনৰ বালিপাৰা সংৰক্ষিত বনাঞ্চলটো ‘বাফাৰ’ এলেকাৰূপে সামৰি লোৱাত এই  বাঘ্ৰ‍্য প্ৰকল্পৰ মুঠ এলেকা ৩৪৪ বৰ্গকিলোমিটাৰলৈ সম্প্ৰসাৰণ হৈছে বুলি ক’ব পৰা যায়। বৰ্তমান বাঘৰ উপস্থিতি তথা সংখ্যাগত দিশৰপৰা মানাহ আৰু কাজিৰঙাৰ পিছতেই নামেৰীৰ স্থান তৃতীয়।
       পক্ষী বিচৰণ আৰু সুৰক্ষাৰ ক্ষেত্ৰতো নামেৰীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। উদ্যানখনত পোৱা আটাইতকৈ আপুৰুগীয়া পক্ষীবিধ হৈছে দেওহাঁহ। ১৯৯৫ চনৰ গণনাত সমগ্ৰ বিশ্বৰ ভিতৰতে নামেৰীতেই যথেষ্ট পৰিমাণে দেওহাঁহ পোৱাৰ সম্ভেদ পোৱা গৈছে। তদুপৰি অৰণ্যখন ৩১৫ বিধমান অন্যান্য ভিন্ন প্ৰজাতিৰ চৰাইৰ আবাসস্থল হিচাপে চিহ্নিত হৈছে। এইসমূহৰ ভিতৰত পাহাৰীয়া মইনা, নীল চৰাই, মাছৰোকা, মৌপিয়া, কুলি, বনৰীয়া পাৰ, ভিন্ন প্ৰজাতিৰ ঈগল, বুলবুল, ধনেশ, ৰজা শগুণ, বৰটোকোলা, তেলীয়া সাৰেং, বৰবগ, হাইঠা, পৰঘূমা, সখিয়তী, হুদু, হেটুলুকা, বাঢ়ৈটোকা, ভাটৌ, ফেঁচা, কুকুহা, পানী কাউৰী, দিনকণা, কণামুচৰি, কিকিহাঁহ, ইত্যাদিয়েই প্ৰধান। ইয়াৰোপৰি নামেৰীৰ মাজেদি বৈ যোৱা নদীসমূহৰ লগতে এইসমূহে সৃষ্টি কৰা বিলসমূহত জোঙাপিঠিয়া, সোণালীপিঠিয়া, শিলঘৰীয়া, বোকাঘৰীয়া আদি দুষ্পাপ্য মাছসমূহ পোৱাৰ লগতে নদীৰ মোহনা অংশত শিহুও পোৱা যায়। নানা প্ৰজাতিৰ ৰং বিৰঙৰ বনৰীয়া পখিলাৰ সমাহাৰেও নামেৰীৰ শোভাবৰ্দ্ধন কৰি আছে। পৃথিৱী বিখ্যাত দহ ইঞ্চি বহল পাখি থকা পখিলাৰ বাবে নামেৰী আজি বিশ্ববিখ্যাত।
       অতবোৰ সম্পদেৰে ভৰপূৰ লগতে নিতৌ স্থানীয়, দেশী আৰু বিদেশী পৰ্যটক আৰু প্ৰকৃতিপ্ৰেমীসকলক আকৰ্ষিত কৰি অহা নামেৰী ৰাষ্ট্ৰীয় উদ্যানখন প্ৰচুৰ সম্ভাৱনাময় ক্ষেত্ৰৰূপে গঢ়ি তোলাৰ বহু প্ৰয়োজন আছে। পূব হিমালয়ৰ মধ্য প্ৰান্তৰপৰা উৎপত্তি হোৱা চিৰপ্ৰবাহিত খৰস্ৰোতা জিয়াভৰলীয়ে উদ্যানখনৰ মাজেদি বৈ যোৱাৰ পৰিপ্ৰেক্ষিতত নামেৰীখন বহু সম্ভাৱনাই জিলিকি উঠিছে। বৃটিছ শাসন কালৰেপৰা বছৰৰ ভিন্ন সময়ত এই নদীখন বৰশীবোৱা, ৰাফটিং কৰাৰ সুন্দৰ স্থান হৈ আহিছে। উদ্যানখনৰ মাজেদি ট্ৰেকিং কৰাৰো এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশ আছে। নৱেম্বৰৰপৰা এপ্ৰিললৈ নামেৰী ভ্ৰমণৰ উৎকৃষ্ট সময়। শেহতীয়াকৈ পোৱা তথ্যমতে,  ‘Assistance and Development of Sanctuaries and National Parks’, ‘Eco-Development Scheme’, ‘The World wide fund for Nature’ আদি সংস্থাবোৰে নামেৰীৰ উন্নতিৰ বাবে অনুদান আগবঢ়াইছে। তথাপিও যেন অদ্যাপী কম পৰিমাণৰ বনকৰ্মী তথা নিৰাপত্তাৰক্ষীৰ বাবে চোৰাং চিকাৰ, লুতপাত আদিৰ দৰে সমস্যাবোৰে নামেৰীক জুৰুলা কৰি ৰাখিছে। নামেৰী সুৰক্ষিত হওক লগতে এখন পূৰ্ণ সম্ভাৱনাময় প্ৰকৃতিপ্ৰেমী আৰু পৰ্যটকৰ আকৰ্ষণীয় ক্ষেত্ৰৰূপে সুন্দৰৰূপত গঢ়ি উঠক।

Related Articles

error: Content is copy right protected !!
Close