জাফনা ! জাফনা !

ড০ গীতাঞ্জলি গোস্বামী, কলম্বো

সৰুৰেপৰা জাফনাৰ বিষয়ে পঢ়ি পঢ়ি জাফনা চোৱাৰ হেঁপাহ মনতে পুহি ৰাখিছিলো। আমি সকলোৱে জানো জাফনা শ্ৰীলংকাৰ এখন সৰু চহৰ। জাফনা চাবলৈ বুলি গাড়ীত বহিয়েই মনটো যেন জাফনালৈ উৰা মাৰিলে। জাফনা শ্ৰীলংকাৰ উত্তৰ অংশত অৱস্থিত হোৱাৰ বাবে মনতে ভাবিলো, ‍‘‍‘কেতিয়া যে জাফনা পামগৈ! তাৰপৰা আমাৰ দেশখন চাগৈ ইমান ধুনীয়া লাগিব,’’ ‍‍আৱেগ-অনুভূতিৰ টোপোলাটো লৈ আমাৰ যাত্ৰা আৰম্ভ হ’ল জাফনালৈ বুলি। যাত্ৰাপথত আমাৰ প্ৰথম চহৰ চিলাও কলম্বোৰপৰা জাফনাৰ দূৰত্ব ৫৫৪ কি.মি.। তাৰ পিছত চেড্ডি কুলাম হৈ আমাৰ যাত্ৰা অব্যাহত আছে। সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্যেৰে ভৰপূৰ শ্ৰীলংকাত সেউজীয়াৰ মাজেৰে আমাৰ যাত্ৰা। চেড্ডি কুলাম পাৰ হৈ কিছু দূৰ বাট গৈছোহে আমি অনুভৱ কৰিছিলো যে, আমাৰ গাড়ীখনেই একমাত্ৰ গাড়ী যাত্ৰাপথত। বহুত দূৰ যোৱাৰ পিছত মাজে মাজে দুই-এখন গাড়ী আৰু কিছুসংখ্যক মানুহ। যাত্ৰাপথ জনশূন্য বুলিলেও ভুল কোৱা নহ’ব। মাজে মাজে গাড়ীৰ কাষৰ ছাইড গ্লাছখন চাই আতংকিত নোহোৱা নহয়। কিছুদূৰ এইদৰে যাত্ৰা কৰাৰ পিছত আমি অতি মনোৰম এটি স্থানত উপস্থিত হৈছিলোগৈ। দুইফালে সাগৰ, মাজত এটি সুন্দৰ যাত্ৰাপথ নেদেখিলে যে অনুভৱ কৰাই সম্ভৱ নহয়। পানীবোৰৰ মাজে মাজে ৰাস্তা আৰু আমাৰ গাড়ীৰ চকাই পানী চুই গৈছে। মাজতে নামি অলপ সময় জিৰণি ল’লো যদিও আগতে কোৱাৰ দৰে আমাৰ গাড়ীৰ আগলৈ আৰু পিছলৈ নেদেখা ঠাইলৈ কোনো গাড়ী দেখা নোপোৱাত, মাজে মাজে অলপ ভয়ো লাগিছিল। যাত্ৰাপথৰ বহুত ঠাইত আকৌ জোপোহা গছবোৰ আৰু ডাঠ বননি। ইয়াৰ পিছত আমি ৰামসেতু চোৱাৰ মানসেৰে মান্নাৰ হৈ জালাইমান্নাৰ পালোগৈ। মনটো হেঁপাহ আৰু আনন্দেৰে আলোড়িত হৈ পৰিল। কিন্তু ডিঙি মেলি মেলি চালোহে চালো, তাৰপৰা আমাৰ দেশ আৰু ৰামসেতু নেদেখি, মনটো বেজাৰেৰে ভৰি পৰিল। মোৰ বেয়া লগা দেখি নৌসেনাৰ এজন বিষয়াই হয়তো অনুভৱ কৰিব পাৰিলে, মোক মাতি আনি অলপ ওখ ঠাইৰপৰা দূৰলৈ দেখুৱাই মোক ক’লে আপোনাৰ দেশ সেইখন। সেয়া ভাৰতৰ সীমা, মাতৃভূমিক জানো কোনোবাই বেয়া পাব পাৰে? তেওঁৰ কথা শুনি দুধাৰি চকুলো বাগৰি আহিল। নৌসেনা বিষয়াজনে মোৰ আৱেগক আদৰণি জনাই ক’লে আকাশমাৰ্গেৰে সুন্দৰভাৱে দেখা যায় ৰামসেতু। মানুহজনৰ শ্ৰদ্ধা আৰু মৰমৰ বাবে ধন্যবাদ দি আঁতৰি আহিছোহে, মোৰ ছোৱালীজনীয়ে এখন মেজলৈ আঙুলিয়াই দেখুৱালে—চোৱা মা, ইয়াত সুন্দৰকৈ আঁকি থৈছে, হয়তো সুন্দৰভাৱে ৰামসেতুৰ বৰ্ণনা আছে। সেইখিনি সামৰি আমি আকৌ জাফনা চহৰৰ ফাললৈ যাত্ৰা কৰিলো। ২০১১ চনৰ জনগণনাত ইয়াৰ জনসংখ্যা ৮৮,১৩৮। ইয়াত তামিল মানুহৰ জনসংখ্যাই বেছি। ইয়াৰ আশে-পাশে থকা তামিল মানুহৰ জৰিয়তে স্বাধীন জাফনাৰ গঠনৰ চেষ্টা আৰম্ভ হৈছিল ১৯৮০ চনত। ২০০৯ চনত দেশৰ সেনাবাহিনীৰদ্বাৰা ইয়াৰ সমাপন হয়। এতিয়া সম্পূৰ্ণৰূপে শ্ৰীলংকাৰ সেনাবাহিনীৰ নিয়ন্ত্ৰণত আছে। ইয়াত বৰ্তমান স্বাভাৱিক জীৱন-যাত্ৰা অক্ষুণ্ণ আছে।

জাফনা এটা সময়ত কানদাৰোদাহ বা ভাল্লিপুৰাম ৰাজ্যৰ ৰাজধানী আছিল। ইয়াৰ পিছত এই চহৰখন ব্ৰিটিছ শাসনৰ অধীন হয়। ব্ৰিটিছ শাসন কালত এই চহৰখন নৌবাণিজ্যৰ কেন্দ্ৰ হিচাপে গঢ়ি উঠে। ব্ৰিটিছ শাসনৰ সময়ত ব্ৰিটিছ কলনিত পৰিণত হয়। সেই সময়ত ইয়াত তামিল মানুহৰ সংখ্যা বৃদ্ধি পাবলৈ লয়। দেশ স্বাধীন হোৱাত ১৯৪৮ তামিল মানুহে স্বাধীন জাফনাৰ বাবে চেষ্টা চলায়। আগতে উল্লেখ কৰিছোৱেই এতিয়া সম্পূৰ্ণৰূপে সেনাবাহিনীৰ অধীনত। এতিয়া ইয়াত সিংহলী মানুহেও বসবাস কৰিবলৈ লৈছে। ১৯৯১ চনত এই চহৰখন শ্ৰীলংকাৰ দ্বিতীয় বৃহত্তম চহৰ আছিল, এতিয়া ১২তম বৃহত্তম চহৰ। ইয়াৰ মাটিকালি ২০.২ কিমি (৭.৮ বৰ্গমাইল)।

জাফনা চহৰখনে বহুতো অসুবিধা আৰু বহুতৰ অধীনলৈ গৈছিল। ১৬১৯ চনত পৰ্টুগীজ শাসনৰ অধীন হোৱা জাফনাখনে ১৯৫৮ চনত আকৌ Dutch অধীন হয়। ইয়াৰ পিছত ব্ৰিটিছ আহে। জাফনা শব্দটো তামিল অৰ্থত “Port of the Iyre”।

আমি জাফনাত উপস্থিত হৈছোহে এনেতে মোৰ বান্ধৱী প্ৰিয়াই ফোন কৰিলে, তাইৰ সহকৰ্মী এজন আমালৈ ৰৈ আছিল। প্ৰিয়া তামিল ছোৱালী। তাই জাফনা ফ’ৰ্টত কৰ্মৰত। তাইৰ সহকৰ্মীজনে আমাক হোটেলৰ সকলো ঠিক কৰি দিলেহি। আমিও ১১ ঘণ্টা জোৰা যাত্ৰাত এক প্ৰকাৰে ভাগৰি পৰিছিলো।

পিছৰ দিনা দোকমোকালিতে প্ৰিয়া আহি আমাৰ হোটেল পালেহি। আমি সকলোৱে ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰি যাত্ৰা আৰম্ভ কৰিলো। অলপ দূৰ গাড়ীৰে গৈ এইবাৰ আমাৰ যাত্ৰা নাইনাটিভু বুলি এটি দ্বীপলৈ, এই দ্বীপটোলৈ ফেৰী সেৱা আছে। ইয়াত হিন্দু আৰু বৌদ্ধ ধৰ্মৰ মন্দিৰ আছে। য’ত নাগদেৱতাৰ পূজা-অৰ্চনা কৰা হয়। ভাষাৰ অলপ সমস্যা হৈছিল। তেওঁলোকে তামিলহে বুজি পায়, প্ৰিয়াই সকলোতে আগভাগ লোৱাত সকলো সহজ হৈ পৰিল। নাগদ্বীপৰপাৰা আহি আমি জাফনাৰ প্ৰত্নতাত্ত্বিক সংগ্ৰহালয়টোলৈ গ’লো, তাত প্ৰিয়াই তাইৰ বন্ধু সন্তোৰণক চিনাকি কৰি দিলে। ইয়াত বহুত পুৰণি (ধ্বংসাৱশেষকে ধৰি, সুন্দৰ বহুত সামগ্ৰী সংগ্ৰহ কৰি থৈছে। সন্তোৰণে এটা এটাকৈ সকেলা বৰ্ণনা কৰি গৈছে। অৰ্ঘ্যা (আমাৰ কণমানিজনীক) কি দিওঁ কি নিদিওঁ বুলি সি গছৰপৰা আম পাৰি দিলে, অচিন ঠাইৰ অচিন লোকৰ মৰমে আমাক আপ্লুত কৰিলে। তাৰপৰা বিদায় লৈ তেওঁলোকক ধন্যবাদ দি আমি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিলো। ইয়াৰ পিছত আমি জাফনা চহৰৰ চুন্নাকামত থকা মাৰুথানামাডাম অঞ্জানেয়াৰ মন্দিৰ পালোগৈ। ইয়াত মানুহে বিশ্বাস কৰে কাগজৰ টুকুৰাত কিবা লিখি হনুমানজীৰ হাতত বান্ধি দিলে হেনো মনৰ ইচ্ছা পূৰণ হয়। ভক্তিভাৱে সেৱা-অৰ্চনা কৰি আমি গৈ পালোগৈ কাণ্টাৰোডাই প্ৰত্নতাত্ত্বিক স্থান।

সেই স্থানত সকলো দৰকাৰী কথা সুধি আমি পালোগৈ নাগালেশ্বৰম মন্দিৰ। এইটো জাফনাৰ প্ৰসিদ্ধ মন্দিৰ। আমাৰ সময় সঠিক নোহোৱাৰ বাবে মন্দিৰৰ দুৱাৰ বন্ধ আছিল। প্ৰিয়াই পুৰোহিতজনক কিবা ক’লে তামিল ভাষাতে। তেখেতে আমাক সোমাবলৈ অনুমতি দিলে। অতি সুন্দৰ মন্দিৰ, মন্দিৰৰ বেৰৰ কাৰুকাৰ্য চালে-চকুৰোৱা, তাৰ পিছত তাৰপৰা কিছু নিলগত থকা কে. কে. এছ. বীচ্চ পালোগৈ।

এই স্থান অতি পৱিত্ৰ। তেওঁলোকে মৃতকৰ কাম, পূজা-অৰ্চনা ইয়াতেই সমাপন কৰে। ইয়াত যাচিলে হেনো আত্মাই সদগতি লাভ কৰে বুলি জনবিশ্বাস প্ৰচলিত।

তাৰ পিছত আমি আহি পালোহি অতি অৰ্থপূৰ্ণ এটি স্থান।

‍‘সংঘমিত্ৰা বিহাৰ’ এই বাটেৰে হেনো ৰাজকুমাৰী সংঘমিত্ৰা ভাৰতৰপৰা শ্ৰীলংকা আহিছিল, বৌদ্ধ ধৰ্ম প্ৰচাৰৰ বাবে।

ইয়াৰ পিছত আমি নীলাভৰাই জলাশয় চাই জফনাৰ বিখ্যাত নেল্লুৰ মন্দিৰ পালোগৈ।

948 AD প্ৰতিষ্ঠিত এই মন্দিৰটো পুনৰ সুন্দৰভাবে সাজি উলিয়ায় 1734-ত।

সেইটো অতি প্ৰসিদ্ধ মুৰুগান মন্দিৰ মানে আমাৰ কাৰ্তিক মন্দিৰ, তামিলসকলে মুৰুগান নামেৰে পূজা-অৰ্চনা কৰে।

নেল্লুৰ মন্দিৰৰপৰা প্ৰিয়াই তাইৰ কৰ্মস্থান জাফনা ফ’র্টলৈ লৈ গ’ল। ইমান সুন্দৰভাৱে তাই বৰ্ণনা কৰিলে সকলো বৰ ভাল লাগিল, সহকৰ্মীসকলেও সহযোগ কৰিলে। জাফনা যুদ্ধৰ ধ্বংসাৱশেষ তাতো দেখিলো, বৰ দুখ লাগিল। তাৰপৰা জাফনা পাব্লিক লাইব্ৰেৰি ৯৭,০০০ কিতাপৰ সৈতে এইটো এটা প্ৰকাণ্ড পুথিভঁৰাল।

১৯৩৩ চনত নিৰ্মাণ কৰা এই পুথিভঁৰাল এতিয়া এটা বিখ্যাত পুথিভঁৰাল।

১৮৪৭ চনত নিৰ্মাণ কৰা ছেণ্ট জেম চাৰ্চ চাবলৈ আহিলো, পুথিভঁৰালত আমাৰ কিছু দেৰি হোৱাত তাৰ গে’ট বন্ধ হৈ গ’ল, আমি বাহিৰৰপৰাই চাৰ্চটো সৌন্দৰ্য উপভোগ কৰিলো। এইটো এতিয়া প্ৰত্নতত্ত্বৰ অধীনত।

এইবাৰ আহিলো জাফনাৰ আইচক্ৰিম উপভোগ কৰিবলৈ। জাফনাৰ ভ্ৰমণ অসম্পূৰ্ণ, যদি ৰিঅ’ আইচক্ৰিম খোৱা নহয়। ১৯৭০ চনত এখন সৰু আইচক্ৰিম দোকান আৰম্ভ হোৱা আইচক্ৰিময়ে এতিয়া বৃহৎ ৰূপ ল’লে। Rio (Rathinan Industrial Organization) যুদ্ধৰ সময়ত বহুত সদস্যৰ মাজেৰে গঠিত হোৱা RSO এতিয়া পৃথিৱীবিখ্যাত।

আমিবোৰ এক প্ৰকাৰে ভাগৰি পৰিছিলো। ৰিঅ’ আইচক্ৰিমে যেন আমাৰ শৰীৰলৈ সজীৱতা আনিলে। প্ৰিয়াও আমাৰ লগত হোটেললৈ গ’ল। অলপ সময় কটাই ৰাতি হোৱাৰ বাবে তাই বিদায় মাগিলে। তাইৰ সহায় আৰু মৰম আমি কেতিয়াও পাহৰিব নোৱাৰিম। অফিচ ছুটী লৈ গোটেই দিনটো আমাৰ লগত কটোৱাৰ বাবেই আমি জাফনাখন ভালকৈ দেখা পালো। নুবুজা কথাবোৰ যেন তাই সুন্দৰকৈ বুজাই দিলে। পিছৰ দিনা আমি আকৌ জাফনাৰপৰা কলম্বোলৈ ঘূৰি আহিলো। অহাৰ বাটত মোৰ বহুতো প্ৰশ্নই মনটো গধুৰ কৰি ৰাখিছিল। যুদ্ধৰ কথা আমি সকলোৱে জানো। এই যুদ্ধত বিপুলসংখ্যক লোকে তেওঁলোকৰ ঘৰ-বাৰী এৰি নিৰাপদ আশ্ৰয় বিচাৰি গৈছিল। তেওঁলোক এতিয়া ক’ত কোনেও নাজানে। ২৫ বছৰ ধৰি তামিল টাইগাৰ বিদ্ৰোহীৰদ্বাৰা যুদ্ধ। এল টি টি একোটা পৃথক আৱাস ভূমিৰ দাবীত তামিল টাইগাৰ ৯০ হাজাৰ মানুহৰ প্ৰাণ লৈছিল।

ঘৰবোৰ দেখিলে আপোনালোকৰো বেয়া লাগিব, এটা সময়ত একো একোটা পৰিয়াল থকা এই ঘৰবোৰ এতিয়া উকা, যুদ্ধই জানো কেতিয়াবা শান্তি কঢ়িয়াই আনিব পাৰে? কাৰ বা ঘৰ কিমান আশাৰে বনাইছিল? কেতিয়াও যেন ক’তো যুদ্ধ নহওক। জাফনাৰপৰা আহি থাকোতে এটা কথাই মনলৈ আহি থাকিল মানুহখিনি ক’ত আছে? এতিয়া জাফনা শান্ত, যুদ্ধৰ বহুতো ধ্বংসাৱশেষ ৰাস্তাত দেখিবলৈ পালো, ঘূৰি অহাৰ বাটত আমি অনুৰাধাহক হৈ অহাত বাটত সুন্দৰ শ্ৰীলংকান খাদ্যৰ সোৱাদো ল’লো। কলম্বো পাই সঁচাই আচৰিত লাগিল এই যাত্ৰা। দুটা দিন জাফনাৰ বাবে কমেই হ’ল। বহুতো দ্বীপত আমাৰ যোৱাই নহ’ল। আকৌ এবাৰ যাব পৰা হ’লে…।

Related Articles

Close