জাপানৰ পৰা মহাবাহুলৈ ৭

ডা° সুকৃতি চৌধুৰী

  || জীৱনৰ বাস্তৱতা ||
এনেকুৱা লাগে, প্ৰকৃতিয়ে যেন আমাক কেতবোৰ নিৰ্দিষ্ট নিয়মৰ মাজেৰে পালন কৰে৷
বিজ্ঞানৰ গহন অধ্যয়নতো প্ৰকৃতি আৰু বিশ্বচৰাচৰৰ বহুতো নিয়ম প্ৰমাণ হৈছে৷
বিভিন্ন প্ৰসংগত পঢ়িবলৈ পোৱা এনে দুটামান সত্য আপোনাক  কৈ শুনাব খোজো৷
কথাকেইটা যেন মোৰ উপদেশ বুলি ভবা নহয়৷ তেনে কোনো যোগ্যতাই মোৰ নাই৷
এই কথাবোৰ মই বিভিন্ন প্ৰসংগত পঢ়োতে নোট কৰি থৈছিলো আৰু বাৰে বাৰে সত্য বুলি প্ৰমাণ হৈ থকা দেখা পাই শ্বেয়াৰ কৰিবলৈ মন গ’ল:-
(১) আপুনি নিজকে যি বুলি বিশ্বাস কৰে লাহে লাহে তেনেকুৱাই হৈ উঠে৷
(২) প্ৰতিটো ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে৷
আপুনি আনক যি দিয়ে, এদিন নহয় এদিন, সেয়া আপোনালৈ ঘুৰি আহিবই আহিব৷ হয়তো সময় আৰু মাধ্যম বেলেগ হ’ব৷
(৩) জিকিব খোজে নে কি? তেনেহ’লে আগতে পৰাজয় স্বীকাৰ কৰিবলৈ শিকিব লাগিব৷
(৪) সন্মানিত হ’বলৈ অপমান সহ্য কৰিব লাগিব৷
(৫) আপুনি যিমানেই চেষ্টা নকৰক কিয় বা উপায় নাই বুলি নকওক কিয়; সত্য এইটোয়েই যে–আপুনি একেলগে  একেসময়তে দুটা বিষয়ত কোনো পধ্যেই মনোযোগ দিব নোৱাৰে৷ সেয়ে সমগ্ৰ মনোযোগ দি এটা বিষয় সম্পূৰ্ণ কৰি তাৰ পিছতহে আনটো বিষয়লৈ আগবঢ়া ভাল৷
(৬) আমাৰ ব্যৱহাৰ আচলতে আমি মনতে ভাবি-গুণি থকা কথা বিলাকৰেই প্ৰতিফলন
(৭) বিপদৰ পৰা উদ্ধাৰ পোৱাৰ একমাত্ৰ পথ হ’ল সৰ্বশক্তিৰে বিপদৰ লগত যুঁজ দিয়া
(৮) মানুহে আপোনাৰ যিটো আইডিয়া শুনি আপোনাক মূৰ্খ বুলি হাঁহি উৰাই দিয়ে, মনত ৰাখিব, সেই আইডিয়াটোয়েই আপোনাক এই পৃথিৱীত অমৰ কৰিব৷
(৯) আপোনাৰ বয়স যিমানেই নহওক কিয় আৰু শাৰীৰিক অৱস্থা যিয়েই নহওক কিয়, মন কৰিলেই আপুনি পাহাৰ বগাব পাৰিব, স্কাইডাইভিং কৰি আকাশত উৰিব পাৰিব, সাগৰৰ তলিলৈ যাব পাৰিব আৰু বহুত কিবাই কৰিব পাৰিব যিটো আপুনি ভুলকৈ ভাবি আছে যে আপোনাৰ বাবে অসম্ভৱ৷ সকলো পাৰিব আপুনি৷ একমাত্ৰ দৰকাৰ প্ৰবল ইচ্ছাশক্তিৰ আৰু একো নহয়৷
(১০) পৰীক্ষাত ফাৰ্ষ্ট ডিবিজন পোৱা মানেই চোকা মানুহ আৰু থাৰ্ড ডিভিজন পোৱা মানেই মূৰ্খ নুবুজায়৷ পৰীক্ষাত ভাল ৰিজাল্ট কৰা মানুহজনে সেই নিৰ্দিষ্ট চিলেবাচত থকাবোৰ examination technique ৰ দ্বাৰা পৰীক্ষাৰ বহীত লিখিব জানিলে আৰু থাৰ্ড ডিভিজন পোৱাজনে একেটা কামকে কৰিব নাজানিলে৷কথাটো সিমানেই৷
জ্ঞান-বিজ্ঞানৰ সাধনাৰে মানৱ জাতিক নতুন আয়তন দিয়া মনীষীসকলৰ বহুতেই স্কুল-কলেজৰ পৰীক্ষাত তেনেই বেয়া ৰিজাল্টহে কৰিছিল৷  এনেকুৱাও হয় যে হাইস্কুলৰ দেওনাখন পাৰ হ’ব নোৱাৰাজনৰ বিজ্ঞানৰ ফৰ্মূলা পৃথিৱীৰ প্ৰসিদ্ধ গৱেষণাগাৰত উচ্চস্তৰৰ পঢ়াশুনা কৰা সকলে পঢ়িছে৷
 এই কথাটো প্ৰমাণ কৰিবলৈ এটা উদাহৰণ দিওঁ—-যোৱা ৪০ বছৰত বিজ্ঞানৰ বহুত উন্নতি ঘটিল৷ কিন্তু এই উন্নতিৰ আঁৰত থকা বিজ্ঞানৰ সাধক সকলৰ কিমানজনে মেট্ৰিক আৰু হায়াৰ চেকেণ্ডেৰীত ষ্টেণ্ড কৰিছিল? কিমানজন স্কুল আৰু কলেজৰ বেয়া ছাত্ৰ আছিল যাক আনে মানুহে আধা পাগল বুলি হাঁহিছিল? যদি তথ্য খুচৰি চায়, প্ৰমাণ পাই যাব৷
এই কথাৰ লগতে, মই জোৰ দি ক’ব খোজো যে আজিৰ প্ৰতিযোগিতাৰ যুগত ভাল এটা কোৰ্চত ভাল এখন প্ৰতিষ্ঠানত নাম ভৰ্তি কৰাবৰ বাবে পৰীক্ষাত ভাল নম্বৰলৈ উত্তীৰ্ণ হ’বই লাগিব৷ তাৰ বাবে examination technique শিকি প্ৰয়োজনীয় পৰিশ্ৰম কৰিবই লাগিব৷
কিন্তু এই সময়ৰ বালিত পদচিহ্ন থৈ যাব খুজিলে পঢ়িব লাগিব বহলাই৷ এই পঢ়াৰ লগত পৰীক্ষাৰ সম্পৰ্ক নাই৷এই ক্ষেত্ৰত জীৱনটোয়েই এটা পৰীক্ষা আৰু পৃথিৱীখনেই গৱেষণাগাৰ৷
(১১) এই পৃথিৱীত এনে মানুহ এজনো নাই যাৰ কোনো নহয় কোনো বিষয়ত প্ৰতিভা নাই৷ নিজৰ প্ৰতিভা যিজনে চিনি পাব জানে তেওক চৰম উৎকৰ্ষ সাধন কৰাৰ পৰা কোনেও বান্ধি ৰাখিব নোৱাৰে৷
(১২) কোনো সৃষ্টি বা কোনো ধ্বংস কাৰ্য্য নিজে নিজেই নহয়৷ ইয়াৰ পিছফালে কাৰোবাৰ নহয় কাৰোবাৰ হাত থাকে৷
(১৩) ধৰি লওক পথেৰে গৈ থাকোতে বা ফেচবুকত আমি কাৰোবাৰ দুখ-বেজাৰ দেখি তেওঁৰ বাবে প্ৰাৰ্থনা কৰিম বুলি কলো৷ কিন্ত ৯৯% মানুহেই বাৰু ঘৰলৈ ঘুৰি গৈ প্ৰতিশ্ৰুতি অনুসৰি হাত-ভৰি ধুই নীৰলে বহি দুহাত জোৰ কৰি ঈশ্বৰ, আল্লা, গডৰ ওচৰত সেই মানুহজনৰ বাবে প্ৰাৰ্থনা কৰোনে??
নকৰো৷ পাহৰি যাওঁ৷ এয়াই বাস্তৱ৷
কিন্ত যিদিনা আমি আমাৰ প্ৰতিশ্ৰুতি অনুসৰি সঁচাকৈয়ে আনৰ বাবে (পৰিচিত হওক বা নহওক) প্ৰাৰ্থনা কৰিবলৈ শিকিম সেইদিনা সুখী হোৱাৰ পৰা আমাক কোনেও ধৰি ৰাখিব নোৱাৰে৷
(১৪) প্ৰতিজন মানুহৰ দুটা ৰূপ থাকে৷ এটা তেওঁ নিজেহে দেখে আৰু আনটো দেখে অন্য মানুহে৷
(১৫) জোৰ কৰি কোনেও কাৰো মৰম ভালপোৱা পাব নোৱাৰে৷ যি সম্পৰ্কৰেই নহওক কিয়৷ বাধ্যত পৰি ভালপোৱা জনে দুদিন পিছত ঘৃণা কৰিবলৈ আৰম্ভ কৰে৷
(১৬)আপুনি ঈশ্বৰ বিশ্বাস কৰক বা নকৰক সেয়া আন প্ৰসংগ৷ এইটোও হয় যে স্বৰ্গ আৰু নৰক মানুহৰ কল্পনাহে৷ কিন্ত আপুনি যদি সদায়েই অকমান সময় অকলে বহি নিজৰ ভয়-শংকা, উদ্বেগ-উত্তেজনা, পাপবোধ মনৰ মাজত উচ্চাৰণ কৰি প্ৰকৃতিৰ সহায় ভিক্ষা কৰে আৰু আনৰ ভাল কামনা কৰি কিবা কয়, মই গ্যাৰেণ্টি দিব পাৰো যে আপোনাৰ হৃদয়ৰ অন্ধকাৰ দুৰ হ’বই হ’ব৷ বিশ্বব্ৰহ্মাণ্ডব্যাপ্ত প্ৰকৃতিৰ শক্তিয়ে আপোনাক ইমান শক্তি দিব যে আপুনি ভাবিব নোৱাৰাকৈ বলশালী হৈ উঠিব৷
(১৭) ধৰি লওক যে প্ৰেম বা বন্ধুত্বৰ এটা আন্তৰিক সম্পৰ্ক ভাঙি গ’ল৷ পুনৰ আশা নকৰিব যে সম্পৰ্কটো আকৌ আগৰ দৰে হৈ উঠিব৷ খগেন মহন্তই গোৱা গান এটা আছে—–“বনত জুই লাগিলে থাকে দুদিনলৈ; মনত জুই লাগিলে লাগে”—-৷ সম্পৰ্কটো পুনৰ গঢ়ি উঠিবই পাৰে৷ কিন্ত আগৰ দৰে কেতিয়াও হৈ নুঠে৷ শুনাত বেয়া লাগিলেও বাস্তৱ এয়াই৷ মানি লওক৷ এনেদৰেই মানি লৈ সেই সম্পৰ্কটো ধুনীয়াকৈ ৰাখক যদিহে পুনৰ গঢ়ি উঠে৷ কিন্তু আশা নকৰিব৷
(১৮) কোনোবা মানুহে আপোনাৰ আগত আনৰ বদনাম কৈছেহি নে কি? নিশ্চিত থাকক তেওঁ আপোনাৰ বদনামো আনৰ আগত ক’বগৈ৷
(১৯) ঈৰ্ষা কৰাৰ কোনো কাৰণ নাথাকে৷ “মইতো একো ক্ষতি কৰা নাই, মোকনো কিয় ঈৰ্ষা কৰিছে” বুলি প্ৰশ্ন কৰিলে একো উত্তৰ নাপাব৷ কৈছোয়েই নহয়, ঈৰ্ষা কৰাৰ কোনো কাৰণ নাথাকে৷
(২০)মোৰ লগতেই কিয় এনে হয় বুলি নুসুধিব৷ কাৰণ আপুনি নাজানে যে আনৰ লগত কিমান কি দুখ লগা কথা হৈ গৈছিল___  মানুহে সৰহভাগ ক্ষেত্ৰতেই দুখবোৰ নকয়৷ ক’লেও অ’তি বিশ্বাসী দুই এজনক বিশেষ পৰিস্থিতিত কয়৷ এটা কথাই জানি থওক যে আপুনি অকলে নহয়৷
এগৰাকী মনোৰোগৰ চিকিৎসক হিচাপে মই হাজাৰ মানুহৰ অন্তৰৰ কথা শুনি, বুজি আপোনাক এই কথা জোৰ দি ক’ব পাৰো যে আপুনিয়েই অকলে দুখ-বেজাৰ পোৱা নাই৷ আপোনাৰ দৰে বা আপোনাতকৈ বহুত দুখ-কষ্ট পোৱা মানুহ এই পৃথিৱীত অলেখ আছে যি সকলক বাহিৰৰ পৰা দেখি আপুনি বক সুখী বুলি ভাবি লৈছে৷ হয়তো এয়া আপোনাৰ ভুল ধাৰণাহে৷
(২১) হাজাৰ কান্দি মৰি গ’লেও মৃত্যুৰ পিছত কোনো ঘুৰি নাহে৷ কেতিয়াও নাহে৷ এয়াই জীৱনৰ কৰ্কশ সত্য৷ কষ্ট হ’ব৷ কিন্ত এই সত্যৰ সৈতেই আমি জীয়াই থাকিব লাগিব৷
আমি মাথো মৃত্যু হোৱা সকলৰ আধৰুৱা কামবোৰ পুৰা কৰিব পাৰো৷ যাতে সময়ৰ বুকুত তেওঁ গুচি যোৱাৰ পিছত আধৰুৱা কামবোৰ হৈ উঠে৷ যি সকল আমাৰ চাৰিওপিনে জীৱন্ত হৈ আছে আমি তেওঁলোকক লৈয়েই সুখী হ’বলৈ নিশ্চয় চেষ্টা কৰিব পাৰো৷
(২২) সুখেই হওক বা দুখ, সকলোবোৰ মাথো কিছু মুহূৰ্তৰ বাবেহে৷ আমি সুখ-দুখ যিয়েই পাওঁ, সেয়া আমি পাওঁ মাথো হেৰুৱাবৰ বাবেই৷ এনেদৰে হেৰুৱাই হেৰুৱাই আমিও এদিন হেৰাই যাম৷ জীৱনৰ বাস্তৱতা এয়াই৷
(২৩) মৃত্যুৰ লগে লগেই জীৱনৰ শেষ নহয়৷ জন্মৰ লগে লগেই জীৱনৰ আৰম্ভ নহয়৷ আমি শৰীৰটো পাওঁ আৰু এদিন হেৰুৱাই পেলাওঁ৷ কিন্ত জীৱন অনন্ত৷ সৰুতেই দাদাই মোক সন্ত ৰাজনীশৰ একাষাৰ কথা শিকাইছিল: HE never comes. HE never goes. HE only travel through this world. ____জীৱনৰ পদে পদে এই কথাষাৰ প্ৰমাণ পাই আহিছো৷
(২৪) ভিক্টৰ গ্ৰেইচনে এষাৰ কথা কৈছিল:
কোনোবা যদি আপোনাৰ বহুত ভাল বন্ধু হৈ পৰিছে, তেওঁক আপুনি কোনটো কাম কিয় কৰিছে  সেয়া বুজাই থকাৰ দৰকাৰেই নপৰে৷ আপোনাক তেওঁ বুজি পায়৷ সেয়ে ব্যাখ্যা কৰি কৰি বুজাই থকাৰ দৰকাৰ নপৰে৷
আনহাতে কোনোবা যদি আপোনাৰ শত্ৰু, তেওঁকো নুবুজাব ৷ কাৰণ হাজাৰ বুজালেও শত্ৰুয়ে আপোনাক বিশ্বাস নকৰে৷
আপুনি মাথো নিজৰ কৰ্তব্যৰ মাজেৰে আগবাঢ়ক_____৷
(২৫) মহাপুৰুষজনাৰ এষাৰ বানী মনলৈ আহিছে:-
আপুনি আপোন বন্ধু৷
আপুনি আপোন শত্ৰু৷
আপুনি আপোন কাটে-মাৰে৷
আপুনিহে আপোনাক সুখী বা দুখী কৰে৷ আপোনাক আপুনিহে ডিপ্ৰেছনৰ পৰা বাহিৰ কৰিব পাৰে৷
(২৬) আপুনি কৰা যিকোনো কামৰ বাবে অথবা আপোনাৰ সৈতে হৈ যোৱা যিকোনো অপঘটনাৰ বাবে আপোনাৰ শৰীৰটো “চুৱা হৈ গ’ল” /”পাপ হৈ গ’ল”_____এইবোৰ নাভাবিব প্লিজ৷ এই পেৰাগ্ৰাফটো বিশেষকৈ নাৰী সকলৰ বাবেই লিখিছো৷
এদিন এই শৰীৰটো জ্বলাই দিব বা পুতি পেলাব৷ শৰীৰটো কেৱল অনুভৱ কৰিব পৰা সাধনহে৷ আপোনাৰ শৰীৰৰ মাজত যে অনুভৱ কৰে “মই মই মই মই মই——” সেই “মইজনীক” পাপবোধেৰে কলুষিত হ’বলৈ নিদিব৷
আপোনাৰ বিনা অনুমতিত /বল প্ৰয়োগ কৰি বা আপোনাৰ সৈতে ঠগবাজি কৰি কোনোবাই আপোনাৰ শৰীৰটোহে স্পৰ্শ কৰিব পাৰে যিটো এদিন এনেয়ো নাথাকে৷ কিন্তু আপোনাৰ ভিতৰৰ “মইজনীক” আনে তেতিয়াহে স্পৰ্শ কৰিব পাৰিব যেতিয়া আপুনি অনুমতি দিব৷ শৰীৰটো নাথাকিলেও “মইজনী” থাকি যায়——————-
(২৭) আপোনাৰ পঢ়া আৰু শিকা কথাবোৰ অথলে নাযায় অথবা মৃত্যুৰ লগতে শেষ নহয়৷ মই বিশ্বাস কৰো যে মানুহে শিক্ষা আৰু অভিজ্ঞতাবোৰ এটা জন্মৰ পৰা আন এটা জন্মলৈ বহন কৰে৷ এয়া মোৰহে দৃষ্টিভংগী দেই৷ আপুনি যেনেদৰেই ভাবে মই সন্মান কৰিম৷
বহুত দীঘল হ’ল ন৷ আকৌ এইবোৰ লৈ আন এদিন কথা পাতিম দিয়ক৷ …
••••••••মহাবাহু••••••••
Show More

Related Articles

Back to top button
error: Content is copy right protected !!