জাপানৰ পৰা মহাবাহুলৈ ২

ডা° সুকৃতি চৌধুৰী

ব্যক্তিত্ব/আচৰণগত সমস্যাবোৰ (Personality  Disorders), জাপানী পুতলাৰ নাচ, ইত্যাদি
আলোচ্য বিষয়লৈ যোৱাৰ আগতে প্ৰথমে এটা মজাৰ তথ্য দি লওঁ দেই—মহিলাৰ গোপনীয়তাৰ বিষয়ে এটা চাৰ্ভে কৰোতে ওলাইছে যে প্ৰায় ৬৮% মহিলাক যদি “কাকো নক’বা দেই” বুলি কিবা এটা কোৱা হয়, তেনেহ’লে ৪৮ ঘন্টা সময়ৰ চাৰ্ভেত ১৫ ঘন্টা উকলি যাওঁতেই আনক বিশ্বাস কৰি কৈ দিয়ে৷ কিন্ত কোনো মহিলাই যদি কাকো নকওঁ বুলি  এবাৰ ভাবি লয়, তেনেহ’লে স্বয়ং ঈশ্বৰেও পেটৰ কথা বাহিৰ কৰিব নোৱাৰে৷ আনহাতে ৮২% পুৰুষে মুঠেই গোপনীয়তা ৰাখিব নাজানে বুলি কোৱা হৈছে৷ যিমানেই শপত খালেও অলপতে গলি গৈ কৈ দিহে এৰিব৷ ১০০% মহিলাইতো অন্ততঃ ১৫ ঘন্টালৈকে নকয় বুলি কনফাৰ্ম থাকক৷ কিন্তু ৮২% পুৰুষে মনে মিলা বন্ধু পালে ১৫ মিনিটতে কৈ পেলায়৷ অথচ মহিলাকেই পেটত কথা ৰাখিব নাজানে বুলি ভুলকৈ কয়৷
পুৰুষৰ গোপনীয়তা ৰাখিব নোৱাৰা সম্বন্ধে মোৰ এটা অভিজ্ঞতা কওঁ দেই—তেতিয়া ভাৰতৰ গোৰখপুৰত থাকো৷  আমাৰ চিকিৎসালয়ৰে এজন পুৰুষ চিকিৎসকৰ নৱপৰিণীতা পত্নীয়ে শৰীৰৰ বিশেষ ঠাইত থকা তুলসীৰ দাগ এটাৰ কথা স্বামীক কাকো নক’বা দেই বুলি ক’লে৷ কিন্ত স্বামীয়ে লগৰ আন এজন চিকিৎসকক পিছদিনা পুৱাই ক’লেগৈ–“জাননে তাইৰ আমুকত থকা ধুনীয়া তুলসীৰ দাগটোৰ সৈতে ধুনীয়াহে লাগে৷ কিন্ত তই কাকো নকবিগৈ”৷ লগৰ চিকিৎসকজনে সেই ৰাতিয়েই নিজৰ পত্নীক ক’লেগৈ–“ জানানে আমুকাৰ পত্নীৰ তামুকত এটা তুলসীৰ দাগ আছে বুলি কৈছে৷” পিছে বন্ধুজনৰ পত্নীয়ে কি নোকোৱাকৈ ৰৈ থাকিব পাৰিবনে? পিছদিনাই গিৰিয়েকহঁত কামলৈ ওলাই যোৱাৰ পিছত দুয়োজনী লগ হওঁতে সুধিয়েই দিলে–“হয়নে তোমাৰ বোলে আমুকত তুলসীৰ দাগ আছে”🤣
বাৰু, এতিয়া মূল বিষয়লৈ আহো—
Personality disorder ক সাধাৰণভাৱে মানুহৰ ব্যক্তিত্ব/আচৰণগত সমস্যা বুলিয়েই কৈ থ’লো৷ এই সমস্যাটো এক এনে ধৰনৰ সমস্যা য’ত মানুহজনৰ বা মানুহগৰাকীৰ মনৰ ভিতৰৰ কিছুমান খেলি-মেলিৰ বাবে তেওঁ নিৰ্দিষ্ট ধৰনৰ আচৰন কৰে যিবোৰ সৰ্বজনগ্ৰাহ্য নহ’ব পাৰে৷  শৈশৱ আৰু কৈশোৰৰ সময়ছোৱাত হোৱা বিভিন্ন যন্ত্ৰণাদায়ক অভিজ্ঞতা আৰু আন কেতবোৰ পাৰিপাৰ্শ্বিক কাৰণত একোজন মানুহৰ পিছলৈ ব্যক্তিত্ব আৰু আচৰণগত সমস্যা হ’ব পাৰে৷
আমাৰ কথা-বতৰাৰ মাজত ব্যক্তিত্ব/আচৰণগত সমস্যাবোৰৰ সম্পূৰ্ণ আলোচনা সম্ভৱ নহ’ব৷
 মই মাত্ৰ কোনটো সমস্যাত মানুহ জনে/গৰাকীয়ে কি ধৰনৰ ব্যৱহাৰ কৰিব পাৰে, তাৰ এটা আভাসহে দিব খুজিছো৷
এইটোও কৈ থওঁ যে এনে আচৰণ কৰা মানেই এটা নিৰ্দিষ্ট ব্যক্তিত্ব/আচৰণগত সমস্যাত ভুগিছে বুলি কোৱাটো উচিত নহয়৷ এজন মানুহৰ সেই সমস্যাটো হৈছে নে কি, সেই কথা চিকিৎসকে মানুহজনক প্ৰেক্টিকেলি পৰীক্ষা কৰাৰ পিছতহে ক’ব পাৰিব৷
(1)PARANOID PERSONALITY DISORDER
এই সমস্যাত ভোগা সকলে আনক মুঠেই বিশ্বাস নকৰে৷ কথাই কথাই সকলোকে সন্দেহ কৰে৷ তেওঁৰ ভালৰ বাবে বা মংগলৰ বাবে কিবা ক’লেও কথাবোৰ ভুলকৈহে বুজি লয় আৰু কওতা মানুহজনৰ মতলব বেয়া বুলি বিশ্বাস কৰে৷
(2)SCHIZOID
এই ধৰনৰ সমস্যাত ভোগা সকলে কোনো ধৰনৰ সামাজিক সম্পৰ্ক ভাল নাপায়৷ কাৰো সৈতে আৱেগযুক্ত সম্পৰ্ক কৰিবলৈ কোনোপধ্যেই মান্তি নহয়৷
(3)SCHIZOTYPAL
এই লোক সকলে ওচৰ সম্পৰ্কবোৰ লৈ ভীষণ আমনি পায় আৰু অসহজ অনুভৱ কৰে৷ বোধশক্তি আৰু ইন্দ্ৰিয়ানুভূতিবোৰত বিকৃতি থাকে৷ বহুতো সময়ত উদ্ভট আচৰণ কৰে৷
(4) ANTISOCIAL
আনৰ অধিকাৰ আৰু সুখ-দুখৰ প্ৰতি তেনেই অনুভূতিহীন হয় আৰু নিজৰ সুখ-ভোগৰ বাব হেলাৰঙে আনক দুখ-যন্ত্ৰণালৈ থেলি দিব পাৰে৷
(5) BORDERLINE
এই ধৰনৰ লোক সকল কোনো ৰিলেশ্বনতেই স্থিৰে থাকিব নোৱাৰে৷ তেওঁলোকে নিজৰ ইমেজ লৈ সদায় সন্দেবাদী হয়৷ বৰ আৱেগপ্ৰৱণ হয় তেওঁলোক ৷ যি সময়ত যাৰ প্ৰতি আৱেগ উতলি আহে তাৰ প্ৰতিয়েই ঢাল খায় আৰু আৱেগৰ পাত্ৰ সলনি হৈ থাকে৷
(6) HISTRIONIC
এই শ্ৰেণীৰ লোক অত্যন্ত আৱেগ প্ৰৱণ আৰু তেওঁৰ প্ৰতি আনৰ মনোযোগ অকনমাণ কম হোৱা যেন পালেই দুখতে ভাঙি পৰে৷
(7) NARCISSISTIC
এই শ্ৰেণীৰ লোক বৰ আড়ম্বৰপূৰ্ণ হয় আৰু আনৰ প্ৰতি সন্মান বা সহানুভূতি কম থাকে৷
(8) AVOIDANT
এই শ্ৰেণীৰ লোকে জোৰ কৰি মনৰ ভাৱ-অনুভূতিবোৰ দমন কৰি থয়৷ অত্যন্ত সংবেদনশীল হয়৷ প্ৰতিটো কথা ঋণাত্মক দৃষ্টিভংগীৰে চায়৷
(9) DEPENDENT
আনৰ প্ৰতি অত্যন্ত লেতুসেতু হৈ পৰে৷ সহজে বশ মানে৷ নিজে কোনো সিদ্ধান্ত কৰিব নোৱাৰে৷ আনক জোখতকৈ অধিক আদৰ-সাদৰ কৰে৷
(10) OBSESSIVE COMPULSIVE
এই শ্ৰেণীৰ লোকে আনক আদেশ দি নিয়ন্ত্ৰণ কৰি চলাব খোজে৷ বৰ চিক-চাক ধৰনৰ আৰু Perfectionist হয়৷
আমি এই কথা মনত ৰাখিবই লাগিব যে কিছুমান ৰোগ-ব্যাধিৰ বাবেও মানুহৰ ব্যক্তিত্ব আৰু আচৰণ সলনি হৈ যাব পাৰে৷
উপসংহাৰঃ
—————-
আজিকালি Hatsune Miku ৰ অনুৰক্তা হৈ উঠিছো৷ তাই আচলতে জাপানৰ য়ামাহা কৰ্প’ৰেচনে বনোৱা Vocaloid নামৰ সংগীতৰ বিশেষ যান্ত্ৰিক ডিজিটেল প্ৰগ্ৰেমিং৷ জাপানত 3D Hologram Technology ৰ দ্বাৰা হাতচুনে মিকুৰ লাইভ প্ৰগ্ৰেম হয়৷ তাইৰ গানবোৰ বহুত বেছি পপুলাৰ৷ হাতচুনে মিকু জাপানৰ বিলবোৰ্ডবোৰেই হওক বা টিভিয়েই হওক সৰ্বত্ৰতে বিদ্যমান৷ তাইৰ এখন ছবি আৰু মোৰ ভাল লগা লাইভ অনুষ্ঠান এটাৰ ভিডিও আপোনাৰ সৈতে শ্বেয়াৰ কৰিলো দেই৷ (ভিডিওটো ইমান ভাল হোৱা নাই)৷
এই লেখা নিশা হঠাতে টোপনিৰ পৰা সাৰ পাই লিখা৷ লিখো লিখো লাগি থকাত নিলিখাকৈ থাকিব নোৱাৰিলো৷ চকুৰ পতাত অযুত টোপনি আছিল৷ ভুল বানানবোৰ নিদ্ৰাদেৱীৰ দোষ৷
••••••••••মহাবাহু•••••••••
Show More

Related Articles

Check Also
Close
Back to top button
error: Content is copy right protected !!