জাপানৰ পৰা মহাবাহুলৈ-২৭

ডা° সুকৃতি চৌধুৰী

জাপানৰ পৰা মহাবাহুলৈ-২৭

ঔষধৰ বিষয়ে কথা পাতো আহক
মানৱ জাতিৰ জীৱন যাত্ৰাত ঔষধ এৰাব নোৱাৰা সংগী ৷ অসুখ হ’লে মানুহে অ’তি দামী ঔষধেই হওঁক বা খাবলৈ তিতা সোৱাদৰ ঔষধেই হওঁক, সেয়া সেৱন কৰিবলৈ বাধ্য যাতে সোনকালে আৰোগ্য হ’ব পাৰে ৷
অসুখৰ পৰা মুক্তি পোৱাৰ বাদেও সমাজৰ প্ৰভাৱশালী /ধনী লোকসকলে প্ৰাচীন কালত চিৰযৌৱন আৰু অমৰত্বৰ সন্ধানত ঔষধৰ অনুসন্ধান কৰোৱাইছিল ৷
আনহাতে সাধাৰণ শ্ৰেনীৰ মানুহবোৰৰ অসুখ হ’লে বেজ কবিৰাজ আদিৰ কাষ চপাৰ বাদে আন উপায় নাছিল ৷
মধ্য যুগত ব্যাপক হাৰত হোৱা মহামাৰীৰ পৰা নিদান পাবলৈ ইউৰোপৰ নগৰ অঞ্চলত ঔষধালয় (Drug Houses) গঢ় লৈ উঠে ৷ সেই সময়বোৰতেই পেৰাচেলছৰ দৰে বিজ্ঞ লোকৰ উদ্যোগত ৰসায়ন বিজ্ঞানৰ সহায়ত ঔষধ বনোৱাৰ ব্যাপক প্ৰক্ৰিয়া আৰম্ভ হয় ৷ এইদৰে ঔষধি-ৰসায়ন (Pharmaceutical Chemestry) ৰ জন্ম হয় ৷
কিন্ত এই সকলোবোৰ সামৰি ঔষধৰ ইতিহাস বহুত বিশাল ৷ পিছে-পৰে আমি কেইবাটাও খণ্ডত বহলাই ঔষধৰ ইতিহাসৰ বিষয়ে কথা পাতিম ৷
আজি আমি খুবেই সাধাৰণভাৱে ঔষধৰ বিষয়ে দুটামান কথা আলোচনা কৰো আহকচোন…
জানেনে বৰ্তমানলৈকে প্ৰায় দুহেজাৰ প্ৰকাৰৰ ঔষধ উদ্ভাৱন কৰা হৈছে ৷
বাৰু এতিয়ালৈ মানৱ জাতিয়ে গম পোৱা অসুখৰ সংখ্যা কিমান কওকচোন ?
উত্তৰ:- প্ৰায় ত্ৰিছ হাজাৰ ৷
মানে ৰোগৰ সংখ্যা প্ৰায় ৩০ হাজাৰ আৰু আমাৰ হাতত থকা ঔষধ প্ৰায় দুহেজাৰ ৷
ঔষধৰ ব্যাপক আৱিষ্কাৰ আৰু প্ৰয়োগৰ বাবেই মানুহৰ গড় আয়ুস যোৱা এশ বছৰত ৪৬ বছৰৰ পৰা বাঢ়ি ৭০ বছৰ হৈছেগৈ ৷ ঠাই আৰু দেশভেদে এই গড় আয়ুস বেলেগ দেই ৷ ইয়াত এটা সাধাৰণ গড় আয়ুসৰ কথাহে কোৱা হ’ল ৷ কোনে জানে যে নিকট ভৱিষ্যতে মানুহ এশ-ডেৰশ বছৰলৈকে সম্পুৰ্ণ সুস্থ আৰু সক্ষম হৈ জীয়াই নাথাকিব ? ইয়াৰ পুৰাপুৰি সম্ভাৱনা আছে ৷
ঔষধ আৰু জেনেটিক ইঞ্জিনিয়াৰিঙৰ ব্যাপক প্ৰগতিয়ে সোণকালেই এনে এটা ভৱিষ্যত মানৱ জাতিলৈ আনি আছে যে ধৰি লওঁক এজন ৭০ বছৰীয়া বৃদ্ধই তিনি-চাৰি দিনৰ ভিতৰতেই ২০ বছৰীয়া ডেকা হৈ উঠিব ৷
সোতোৰা পৰা ছাল বা ক্ৰমশঃ দুৰ্বল হৈ পৰা তেওঁৰ সকলো অংগ-প্ৰত্যংগ বিছ বছৰীয়া ল’ৰাজনৰ দৰে হৈ উঠিব ৷ শুনাত সাধু যেন লগা এইবোৰ মানুহৰ আহি থকা বাস্তৱ ৷
 আপুনি হয়তো Botox injection ৰ কথা শুনিবই পাৰে যাৰ সহায়ত সোতোৰা পৰা চাল নোহোৱা কৰি ডেকা /গাভৰুৰ দৰে হৈ পৰিব পাৰে ৷ Botox injection ৰ দাম ভাৰতত বিশ হাজাৰমান পৰে ৷ পিছে বাইদেউ সকলে Botox injection ৰ কথা নুশুনাকৈ থাকক দেই ৷ নহ’লে দাদা / ভিনদেউ সকলে ইয়াৰ কথা আপোনাক কোৱাৰ বাবে সুকৃতিক সুদাই নেৰিব ৷
চিকিৎসা বিজ্ঞানৰ সহায় লৈ বডি বনোৱা বা শকত খীন হোৱা আদিবোৰৰ কথা আপুনি শুনিছেই ……………যি কি নহওঁক মানৱৰ অমৰত্ব সপোন বাস্তৱ হোৱাৰ দিন আহি আছে নে কি এয়া ভাবি চাব লগা কথা ৷
এই যে ওপৰত কৈ আহিলো দুহেজাৰ প্ৰকাৰৰ ঔষধ আছে, এই সকলো বিলাকক সাধাৰণভাৱে ৭ টা মান ভাগত ভগাব পাৰি ৷ যেনে —-
(১) মুৰ আৰু শৰীৰৰ অন্য অংগৰ বিষ নিবাৰক ঔষধ
(২)জুই বা গৰম বস্তুৰ দ্বাৰা পুৰিলে দিয়া ঔষধ
(৩) পানীলগা, কাঁহ আদিৰ ঔষধ
(৪) বিজানু নাশক ঔষধ
(৫)মৃদুবিৰেচক (Laxatives)
(৬) চেতনা নাশক ঔষধ
(৭) উত্তেজক ঔষধ (Stimulants)
এই সাত প্ৰকাৰৰ ঔষধৰ প্ৰত্যেক প্ৰকাৰৰ বিষয়ে বেলেগাই আলোচনা কৰিম বুলি পিছুৱাই থ’লো ৷
এতিয়া আন দুটামান কথাহে ক’ব খুজিলো :-
(১) আপোনাক ঔষধৰ যি কোৰ্চ দিছে সেয়া পুৰা কৰক ৷ গাটো ভাল লগাৰ লগে লগেই আধাতে এৰি নিদিব ৷
(২) যদি ঔষধ খাই যিকোনো ধৰনৰ অসুবিধা পাইছে সেয়া তৎক্ষণাত চিকিৎসক জনক কৈ কি কৰিব কি নকৰিব পৰামৰ্শ লওঁক। নিজৰ মৰ্জিত এৰি নিদিব বা জোৰ কৰিও নাখাব ৷ সুধি লওঁক ৷
(৩) কোনটো ঔষধ কেনেকৈ খাব, কিমান পৰিমাণে খাব আৰু কিহৰ লগত খাব সেয়া স্পষ্ট কৰি সুধিব ৷ নুবুজালৈকে বাৰে বাৰে সোধক ৷ মইতো ক’ম যে পকেটতে লৈ ফুৰিব পৰা সৰু নোট বুক আৰু কলম এটা লৈ যাওঁক ৷ লিখি আনক ৷ ঘৰলৈ আহি পাহৰি গৈ ঔষধ খাওঁতে খেলি-মেলি খন নকৰিবছোন ৷ ক্ষতি আপোনাৰেই ৷ আপুনি ফিজ দি চিকিৎসকক দেখুৱাইছে আৰু টকা ভৰি ঔষধ কিনিছে ৷ সেয়ে আপুনি নুবুজালৈকে সুধি থাকিবই পাৰে ৷ তেখেতে নিশ্চয় বুজাই দিব বা ফাৰ্মাচিষ্ট জনকো সুধিব পাৰে৷ সংকোচ নকৰিব ৷ ভালকৈ জানি-বুজি আহক ৷
(৪) বহুলোকে সংকোচ কৰি চিকিৎসকৰ ওচৰত কথা লুকুৱায় ৷ চিকিৎসকো আপোনাৰ দৰেই মানুহ ৷ তেওঁ সৰৱজান নহয় যে আপুনি কি অসুবিধা পাই আছে সেয়া সকলো ভাঙি-পাতি নক’লে গম পাব ৷ লাজ-সংকোচ এৰক আৰু চিকিৎসকক সকলোবোৰ খুলি কওঁক ৷
(৫) আপুনি যদি আন ক’ৰ’বাত চিকিৎসা লৈ আছে সেয়া চিকিৎসকৰ পৰা নুলুকাব ৷ চিকিৎসা লোৱা দুয়ো ঠাইৰ ঔষধ খাব পাৰিব নে নাই জানি লওঁক ৷ লাগে সেয়া যি চিকিৎসা পদ্ধতিৰেই ঔষধ নহওঁক ৷
(৬) চিকিৎসকে আপোনাৰ বাবে বিধান দিয়া ঔষধ হে খাব ৷ গুগল, ইউটিউব, ফাৰ্মাচীৰ চেলছবয়, বা অ’ৰ ত’ৰ পৰা শুনি ঔষধ নাখাব ৷ আপুনি অ’ৰ ত’ৰ পৰা শুনি খোৱা মুৰৰ বিষ বা পেটৰ অসুখৰ টেবলেটতোও আপোনাৰ বাবে এতিয়াই নহ’লেও এটা সময়ত গৈ বিৰাট ক্ষতিকৰ হ’ব পাৰে ৷ কিডনী বিকল হৈ মৃত্যু হোৱা বা ডায়েলাইছিচ কৰি কৰি জীয়াই থকা ৰোগী সকলৰ মাজৰ একাংশৰ এই অৱস্থাৰ আচল কাৰণ নিজৰ মৰ্জিত ভুল ঔষধ খোৱা ৷ সেয়ে সাৱধান ৷ চিকিৎসকে কোনবিধ ঔষধ কিমান পৰিমাণে “আপোনাক” (prescribed for YOU only) খাবলৈ দিছে, ইয়াৰ লগত আপুনি ইতিমধ্যে খাই থকা আন ঔষধ খাব পাৰিব নে নাই আৰু খাদ্যৰ ক্ষেত্ৰত কিবা হকাবধা আছে নে কি সকলো কথা ৰোগ দেখুৱাবলৈ যাওঁতে জানি আহক ৷
সেই যে কোনো এবিধ বল পইন্ট কলমটোৰ এডভাৰ্টাইজমেণ্টত কৈছিল –“লিখতে লিখতে প্যাৰ হো গেয়া ” মোৰো পিছে লিখোতে লিখোতে লেখাটো দীঘল হৈ গ’ল ৷ সেয়ে আজিলৈ নমস্কাৰ
••••••••মহাবাহু•••••••
Show More

Related Articles

Back to top button
error: Content is copy right protected !!