জাপানৰ পৰা মহাবাহুলৈ-১৬

ডা° সুকৃতি চৌধুৰী

এজাক বৰষুণৰ বন্দনাত
=================
সুপ্ৰভাত
এজাক বৰষুণ নাহিলে এই পৃথিৱীৰ বুকুলৈ উৰ্বৰতা নাহিব আৰু একোৱেই নগজিব৷ সেইদৰে জীৱনত যদি দুখ-বেজাৰ-যন্ত্ৰণা-সংঘাত-সংগ্ৰামৰ বৰষুণজাক নাহে, মানুহে উন্নতি বা উৎকৰ্ষতা সাধন কৰিব নোৱাৰিলে হয়৷ জীৱনলৈ অহা সংঘাতৰ অৰ্থই হ’ল আপোনাৰ আগুৱাই যোৱাৰ পথ খুলি গৈছে৷ মাথো আগুৱাই যাওঁক———————
কিছুমান মানুহ সময়ৰ লগে লগে জীৱনৰ পৰা আঁতৰি যায়৷ কিয় জানে? তেওঁ আপোনাৰ বিষয়ে কি কৈছে আৰু কি ভাবিছে আপুনি নাজানে৷ কিন্ত পৰম পিতাই সকলো শুনি থাকে আৰু সকলো গম পায়৷ সেয়ে তেওঁক আপোনাৰ পৰা দুৰ কৰি লৈ যায়৷ আপুনি হয়তো বহুত পিছত গম পাই উচপ খাই উঠিব যে ইমান বিশ্বাস কৰা আৰু মৰম কৰা বুলি ভাবি থকা কোনোবাই আপোনাৰ বিষয়ে ইমান নিগেটিভ ভাৱিছিল আৰু আপোনাক ধ্বংস কৰাৰ ষড়যন্ত্ৰত লিপ্ত আছিল—————
আপুনি মানুহক বহুত ভাল পায়৷ আপুনি আনৰ বাবে বহুত চিন্তা কৰে৷ আনৰ মংগলৰ বাবে সদায় কিবা এটা কৰিবলৈ যত্নপৰ হয়৷ তাৰ পিছতো আনে আপোনাক বুজি নাপায়৷ কষ্ট দিয়ে৷ হয়নে?
বহুতো সময়ত এনেকুৱা হয়৷
কিন্ত ভাবি চাওকচোন :
 যিশু খ্ৰীষ্ট ক ক্ৰুচবিদ্ধ কৰিছিল৷
 মহাত্মা গান্ধীক গুলীয়াই হত্যা কৰিছিল৷
হজৰত মহম্মদ, বুদ্ধদেৱ আৰু গুৰু নানকৰ বিৰূদ্ধে ডাঙৰ ডাঙৰ ষড়যন্ত্ৰ হৈছিল আৰু নানা ধৰনে অপকাৰ কৰাৰ অবিৰাম চেষ্টা চলি থাকিছিল৷——
কিন্তু এটা কথা কওকচোন, এই পৃথিৱীত তৰোৱালৰ জোৰত বিৰাট বিৰাট সাম্ৰাজ্য স্থাপন কৰা বিৰাট বিৰাট ৰজা-মহাৰজা আহিল আৰু গ’ল৷ সময়ে তেওঁলোকৰ সাম্ৰাজ্য ধুলিৰ সৈতে মিলাই দিয়াৰ লগতে তেওঁলোকক ইতিহাসৰ ডাষ্টবিনত নিক্ষেপ কৰিলে৷ অথচ যীশুখ্ৰীষ্টৰ, হজৰত মহম্মদৰ, বুদ্ধদেৱৰ বা গুৰু নানকৰ মানৱতা, ন্যায় আৰু পবিত্ৰ প্ৰেমৰ সাম্ৰাজ্যখন দিনে দিনে বাঢ়ি গৈয়েই থাকিল৷ —
আপোনাক কোনোবাই আজি যাতনা দিব পাৰে৷ নিঃশেষ কৰি দিয়াৰ বিৰাট ষড়যন্ত্ৰ কৰিব পাৰে৷ কিন্ত আপুনি যদি প্ৰকৃততে মানৱতা আৰু প্ৰেমৰ ধ্বজাবাহক হয়, ইয়াক ধ্বংস কৰাটো অসম্ভৱ৷
চক্ৰেটিছক হেমলক পান কৰি মৰিবলৈ দিয়া হৈছিল৷ কিন্ত তেওঁৰ ভাৱধাৰা মৰিল জানো?
ইতিহাস সাক্ষী আছে: এজন মানুহক জেলৰ কাল কুঠৰীলৈ নিক্ষেপ কৰিব পাৰে৷ গুলীয়াই হত্যা কৰিব পাৰে৷ কিন্ত তেওঁৰ মানৱতাৰ আদৰ্শক কোনেও হত্যা কৰিব নোৱাৰে৷ ই দিনে দিনে বাঢ়িয়েই গৈ থাকিব—————
এই উদাহৰণটো কিজানি আপুনি আগতে শুনিছে________
দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছত নেলচন মেণ্ডেলাই এবাৰ তেওঁৰ অফিচ ষ্টাফৰ সকলোকে লৈ এখন ৰেষ্টুৰেণ্টত খাবলৈ গ’ল৷ সেই ৰেষ্টুৰেণ্টৰ এখন টেবুলত বহি এজন বৃদ্ধই কিবা খাই আছিল৷ মেণ্ডেলাক দেখিয়েই বৃদ্ধ ভয়তে কঁপিবলৈ ধৰিলে আৰু খোৱা আধাতে এৰি লৰালৰিকৈ যাবলৈ ওলাল৷ মেণ্ডেলাই সেই বৃদ্ধক মৰমেৰে মাতি আনি আথেবেথে নিজৰ লগত বহুৱালে আৰু তেওঁৰ প্লেটখনত খাদ্য আদিও খাবলৈ সজাই দিলে৷ বৃদ্ধৰ দুচকুৰে হৰহৰাই পানী বাগৰিল আৰু মুখেৰে বিৰবিৰাই মেণ্ডেলাক ক্ষমা খুজি কিবা ক’ব ধৰিলে৷ এটা সময়ত বৃদ্ধ গ’লগৈ৷_______মেণ্ডেলাৰ লগত যোৱা আন সকলে পৰম উৎসুকতাৰে সুধিলে এই বৃদ্ধনো কোন? মেণ্ডেলাই উত্তৰ দিলে: “মই যেতিয়া 27 বছৰ জেলত আছিলো, এই বৃদ্ধ আছিল মোৰ জেইলাৰ৷ তেওঁ মোক ইমান মাৰ-ধৰ কৰি অত্যাচাৰ কৰিছিল যে সেয়া বৰ্ণনা কৰা অসম্ভৱ৷ অত্যাচাৰৰ কোবত মই যেতিয়া মূৰ্চ্ছিত হৈ পৰিছিলো, তেতিয়া এই বৃদ্ধই মোক অলপ পানী খাবলৈ দিয়াৰ সলনি মোৰ মুখত প্ৰস্ৰাৱ কৰিছিল”______এতিয়া আপুনিয়েই কওকচোন, নেলচন মেণ্ডেলাক অত্যাচাৰ কৰা সেই জেইলাৰজনৰ নাম কি? আপুনি নাজানে৷ মইয়ো নাজানো৷ আৰু নাজানে কোনেও৷ অত্যন্ত আগ্ৰহী কোনোবাই হয়তো বহুত কষ্টৰে তেওঁৰ নামটো ক’ৰবাৰ পৰা সংগ্ৰহ কৰিব পাৰে৷ তথাপিও নিগেটিভকৈহে মনত ৰাখিব৷ সেই জেইলাৰজনক ইতিহাসে ডাষ্টবিনলৈ নিক্ষেপ কৰিলে৷ কিন্ত নেলচন মেণ্ডেলাৰ নাম আপুনি মই কোনেনো নাজানো? _____ঈৰ্ষা, শত্ৰুতা, ষড়যন্ত্ৰ আৰু অত্যাচাৰৰ সাম্ৰাজ্যখনৰ পতন অনিবাৰ্য্য৷ এই পৃথিৱীত যদি কিবা ৰৈ যাব সেয়া হ’ল আপোনাৰ আনৰ প্ৰতি থকা মৰম আৰু মানৱতাৰ ব্যৱহাৰ৷
শচীন তেণ্ডুলকাৰে কি কৈছিল জানে: জীৱনৰ পথে পথে মোৰ গালৈ বহুতেই শিলগুটি দলিয়াইছে৷ মই কাকো একো নকৈ মোলৈ দলিওৱা শিলবোৰ গোটাই গৈছিলো৷ এসময়ত এই শিলবোৰ গোট খাই খাই যেতিয়া এদম হৈছিলগৈ,মই এই শিলবোৰকে কামত লগাই মোৰ আগবাঢ়ি যোৱাৰ ৰাষ্টাটো বন্ধাই লৈছিলো৷
এষাৰ কথা আছে: “আপুনি বৰফৰ দৰে শুভ্ৰ হ’লেও আপোনাৰ গাত লেতেৰা লাগিবই৷” মই দৈনিক বহুতো মানুহৰ সৈতে কথা পাতো৷ সকলোকেই কোনোবাই নহয় কোনোবাই বা নিষ্ঠুৰ সময়ে জীৱনৰ কোনো এক বিন্দুত কষ্ট দিছে৷ বহুত কষ্ট দিছে৷ বিশ্বাস কৰক, মই জানো কালিলৈকে হাঁহি-মাতি থকা এজন সুদৰ্শন পুৰুষ বা এগৰাকী ধুনীয়া মহিলা কিয় মানসিকভাৱে অস্থিৰ হৈ উঠে৷
এই যে জীৱনে দিয়া যন্ত্ৰণাবোৰ, আমি যদি ইয়াক আমাৰ আগবাঢ়ি যোৱাৰ শক্তি হিচাপে ব্যৱহাৰ কৰিব পাৰো ই আমাক বহুদুৰ আগুৱাই লৈ যাব৷ এই পৃথিৱীখন বহুত ধুনীয়া৷ আমি দুখ-কষ্টৰ যি এটা কোণত সোমাই আছো সেয়া বিশাল পৃথিৱীখনৰ এটা বহুত সৰু বিন্দুহে৷ আপোনাৰ দুখৰ সেই বিন্দুৰ পৰা ওলাই আহক৷ আপোনাৰ বাবে এই পৃথিৱীৰ কোনো limit নাই৷ বহুত বিশাল আৰু বহুত ধুনীয়া এই পৃথিৱীখন_______________
কুশলে থাকক
•••••••••মহাবাহু••••••••
Show More

Related Articles

Back to top button
error: Content is copy right protected !!